গুৰু প্ৰসাদ ফাউণ্ডেশ্বন (কৰ্কটৰ বিৰুদ্ধে যুঁজ)-
বৰপেটা চহৰৰ কেইজনমান উদ্যমী যুৱকৰ চিন্তাকামী প্ৰচেষ্টাত ২০১৭ চনৰ জুন মাহত জন্মলাভ কৰিছিল গুৰু প্ৰসাদ ফাউণ্ডেশ্বনৰ। উদ্দেশ্য আছিল বৰপেটা চহৰত কালৰূপ ধাৰণ কৰা কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া। কৰ্কট ৰোগত আক্ৰান্ত দুখীয়া ৰোগী তথা পৰিয়ালক সামান্য আৰ্থিক সকাহ প্ৰদান কৰিবলৈ আগ্ৰহী তথা উদ্যমী ব্যক্তিবিশেষৰ উমৈহতীয়া সমৰ্থনেৰে সংগঠিত হৈছিল এই ফাউণ্ডেশ্বনৰ আৰু না
মকৰণ কৰা হৈছিল বৰপেটাৰ সু-সন্তান তথা ৰেলৰ ব্ৰেকৰ উদ্ভাৱক অভিযন্তা গুৰু প্ৰসাদ দাসৰ নামেৰে গুৰু প্ৰসাদ ফাউণ্ডেশ্বন। এই অনুষ্ঠানৰ জন্মৰ আঁৰত প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক ক্ৰমে কবিন মজুমদাৰ (বুবুল দা), মুকুট ৰঞ্জন দাস, খনীন্দ্ৰ নাথ দাস, ধনঞ্জয় দাসকে ধৰি বহুকেইগৰাকী বৰেণ্য ব্যক্তিৰ অৰিহণা আদৰনীয়।
ফাউণ্ডেশ্বনৰ সমূহীয়া সিদ্ধান্তমৰ্মে প্ৰতিগৰাকী সদস্যৰ পৰা মাহিলী ১০০.০০ (এশ) টকাকৈ অৰিহণা সংগ্ৰহ কৰি দুখীয়া কৰ্কট ৰোগীলৈ ৫০০০.০০ (পাঁচ হাজাৰ) টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়। বৰ্তমানলৈ বৰপেটা চহৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহুকেইগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু ফাউণ্ডেশ্বনৰ এই প্ৰচেষ্টা অব্যাহত আছে।
আমাৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ ফাউণ্ডেশ্বনলৈ বিভিন্ন শুভাকাংক্ষী ব্যক্তি তথা অনুষ্ঠান প্ৰতিস্থানেও আৰ্থিক অনুদান আগবঢ়াই আহিছে। ইয়াৰ উপৰিও বিভিন্ন সময়ত ফাউণ্ডেশ্বনৰ উদ্যোগত ৰক্তদান শিৱিৰ, বৃক্ষৰোপন ইত্যাদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অহা হৈছে।