27/03/2020
ক'ৰোনা ভাইৰাচ আৰু সাময়িক পৰিস্থিতি
অদ্যপৰিমিত বিশ্বৰ ১৯৬ খন দেশলৈ বিয়পি পৰা ক'ৰোনা ভাইৰাচে কৰা মহামাৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যাই প্ৰায় চাৰে চাৰি লাখৰ সংখ্যা স্পৰ্শ কৰিছে আৰু ঘোষিত মৃতকৰ সংখ্যা হ'ল চাৰে ১৯ হেজাৰৰ অধিক৷ আমাৰ ভাৰতবৰ্ষত এই লেখা যুগুত কৰালৈ ৬০৬ জন আক্ৰান্ত হৈছে আৰু তাৰে ১১ জনৰ প্ৰাণহানি হৈছে৷ ২৪মাৰ্চৰ পৰা আমাৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশখনতে তিনিসপ্তাহ অৰ্থাৎ১৪ এপ্ৰিললৈকে তলাবন্ধ ঘোষণা কৰিছে যাক কোৱা হৈছে সম্পূৰ্ণ 'লক ডাউন'৷ ইয়াৰ আগতে ২২ মাৰ্চৰ দিনাখন দেশজুৰি ১৪ ঘন্টাৰ জনতা সান্ধ্য আইন জাৰী কৰা হৈছিল যাতে দেশখনত ক'ৰোনাৰ অশ্বমেধ ঘোঁৰাৰ গতি কিছু হলেও থমাব পৰা যায়৷
সৌভাগ্যক্ৰমে আমাৰ অসমত এতিয়ালৈকে এজনো ক'ৰোনা ৰোগী চিনাক্ত হোৱা নাই৷ লাহোৱালস্থিত ভাৰতীয় আঞ্চলিক গবেষণা কেন্দ্ৰলৈ (ICMR) প্ৰেৰণ কৰা অসমৰ ২০০ৰো অধিক সন্দেহজনক লোকৰ তেজৰ নমুনা এতিয়ালৈকে নিগেটিভ পোৱা গৈছে৷ পিছে যোৱা দুদিনত উত্তৰ পূৰ্বাঞ্চলৰে ৰাজ্য মণিপুৰত এজন আৰু মিজোৰামত এজনকৈ ক'ৰোনা ৰোগী চিনাক্ত হোৱাটোৱে অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ দুয়োগৰাকী ৰোগীয়েই বিদেশ ভ্ৰমণৰ দ্বাৰা এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হয়৷ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ৪টা, বিহাৰত ২টা,উৰিষ্যাত ২টা কেচ চিনাক্ত হৈছে৷আন কেইখনমান ৰাজ্যৰ ছবি এনেকুৱা- মহাৰাষ্ট্ৰ ১২২, কেৰেলা ১০৫,গুজৰাট ৩৮, দিল্লী ৩৫, টেলেংগানা ৩৯, ৰাজস্থান ৩২,মধ্যপ্ৰদেশ ১৪৷ ভাৰতত প্ৰাণহানি হোৱা সকলৰ অধিকাংশৰে বিদেশ যাত্ৰা আৰু আনুসংগিক ৰোগ (ডায়েবেটিজ, উচ্চ ৰক্তচাপ,বাৰ্ধক্য আদি) দেখা গৈছে৷ ইয়াৰ ওপৰিও দিল্লীত এজন ক'ৰোনা ৰোগীয়ে হস্পিতালৰ ওপৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল৷ চুবুৰীয়া দেশ বাংলাদেশত ৩৯ জন আক্ৰান্তৰ ৬ জনৰ মৃত্যু ঘটিছে৷ পাকিস্তানত ১০২২জন আক্ৰান্তৰ ৯ জনৰ মৃত্যু হৈছে৷
গতিকে আমাৰ দুৱাৰত ক'ৰোনাই টোকৰ মাৰি আছে যিকোনো মুহূৰ্ততে প্ৰবেশৰ সম্ভাৱনা লৈ৷ অসমৰ বহু সংখ্যক লোকে ভাৰতৰ ভিন্ন ভিন্ন চহৰত কৰ্ম সূত্ৰে বসবাস কৰে৷ ৰোগত আক্ৰান্ত হোৱাৰ ভয়তে কেৰেলা,বাংগালোৰ,চেন্নাই, মুম্বাই, দিল্লী, হায়দৰাবাদ, জয়পুৰ আদি ঠাইৰ পৰা তাৰে বহু সংখ্যকে ঘৰলৈ ঢাপলি মেলিছে৷ তেনে লোকসকলে নিজৰ অজ্ঞাতে ভাইৰাচ কঢ়িয়াই আনি গৃহভূমিত মেলি দিবহি পাৰে৷ পুনৰ বিশ্বৰ পৰিসংখ্যালৈ আহোঁ৷ বিশ্বত পোন প্ৰথম চীনদেশত আৰম্ভ হোৱা এই মহামাৰীত মৃতকৰ তালিকাখনত চকু ফুৰাওক : - ইটালিত ৬৮২০ জন, ইৰাণত ২২২০ জন,স্পেইনত ৩৮৭৭ জন, আমেৰিকা যুক্তৰাষ্ট্ৰত ৭৯০ জন, ইংলেণ্ডত ৪৪৪ জন,নেডাৰলেণ্ডত ২৭৬জন,দক্ষিণ কোৰিয়াত ১৩২ জন,জাৰ্মানীত ১৮৯ জন, বেলজিয়ামত ২৩৪ জন,ইণ্ডোনেচিয়াত ৩৮ জন, জাপানত ৪৩ জন, টাৰ্কিত ২১ জন, কানাডাত ২৬ জন, ব্ৰাজিলত ১৮ জন,ইৰাকত ১৭ জন, আলজেৰিয়াত ১৬জন, মালেয়শিয়াত ১০ জন,ইজিপ্তত ১০ জন, পেৰুত ৬ জন, হাংগেৰীত ৪ জন, হাংগেৰিত ৪ জন, আৰ্জেন্টিনাত ৪ জন, হংকংত ৪ জন, বুলগেৰিয়াত ৩ জন,মৰক্কোত ৩ জন, সংযুক্ত আৰব আমীৰাটত ২ জন,চিংগাপুৰত ২ জন,ৰাচিয়াত ১ জন (তালিকাত আৰু আছে)৷ চীনে জনোৱামতে তেওঁলোকৰ দেশত মৃতকৰ সংখ্যা এতিয়ালৈ ৩২৮৫জন৷
এতিয়া আহোঁ ৰোগ আৰু ভাইৰাচ বিধৰ বিষয়ৰ আলোচনালৈ৷
ক'ৰোনা ভাইৰাচনো কি ?
পোনপ্ৰথম ১৯৩৭চনত এই ভাইৰাচ চিনাক্ত হৈছিল এজনী ব্ৰংকাইটিচত আক্ৰান্ত পোহনীয়া চৰাইৰ দেহত,যাৰ দ্বাৰা মূৰ্গী ফাৰ্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ'ল যে ক'ৰোনা ভাইৰাচে আক্ৰান্ত কৰিব পৰা আন আন প্ৰাণীসমূহ হ'ল- এন্দুৰ,নিগনি,কুকুৰ,মেকুৰী,গৰু,গাহৰি,উট, ঘোঁৰা,গাধ, টাৰ্কী,বাদুলি,সৰীসৃপ আদি৷ ক'ৰোনা নামৰ উৎপত্তি হয় লেটিন শব্দ Crownৰ পৰা৷ ইলেকট্ৰন মাইক্ৰস্কোপত ভাইৰাচৰ আকৃতি মুকুটৰ দৰে দেখাৰ বাবেই এই নামাকৰণ৷ গতিকে ক'ৰোনা ভাইৰাচ হ'ল মূলতে এবিধ পশুৰ ৰোগ (Zoonotic disease)৷ পশুৰ পৰা মানৱ দেহলৈ ৰোগ বিয়পে আৰু ৰোগাক্ৰান্ত লোকৰ পৰা আন মানুহলৈ জীৱাণু যায়৷
২০০২চনৰ নভেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং (Guangdong) প্ৰদেশত ক’ৰোনা ভাইৰাচে মহামাৰী সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া (SARS-CoV) বিয়পি পৰে৷ এইবিধ ক'ৰোনা ভাইৰাচে শ্বাসতন্ত্ৰৰ ওপৰিও পাক প্ৰণালী,লিভাৰ,কিডনি, হৃদযন্ত্ৰ আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩চনলৈকে বিশ্বজুৰি চলা এই মহামাৰীত ৮০৯৮জন ৰোগাক্ৰান্তৰ বিপৰীতে ৭৭৪জনৰ প্ৰাণহানি ঘটিছিল৷
আকৌ ২০১৫ চনত মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি অহা এজন যাত্ৰীয়ে কঢ়িয়াই অনা ক’ৰোনা ভাইৰাচৰ সংক্ৰমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্ৰান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷
মানুহক আক্ৰান্ত কৰা ক'ৰোনা ভাইৰাচৰ প্ৰকাৰ : –
৬প্ৰকাৰৰ ক'ৰোনা ভাইৰাচে মানুহক আক্ৰান্ত কৰিব পাৰে৷ সেই কেইবিধৰ নাম হ'ল- 229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV(Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome . এই ভাইৰাচ সমূহৰ বিশেষত্ব হ'ল যে ইহঁতক লেবৰেটৰীত উৎপন্ন কৰিব নোৱাৰি,সঘনে ইহঁতে স্বভাৱ সলনি কৰিব পাৰে (Mutation), এন্টিবডিৰে ভেকচিন বনোৱা নাযায় ৷ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ক'ৰোনা ভাইৰাচৰ নতুন নামাকৰণ কৰিলে COVID-19 বুলি৷
কেনেকৈ ৰোগ মানুহলৈ বিয়পিল ? - চীনদেশত বৰ্তমান আৰম্ভ হোৱা ক’ৰোনা ভাইৰাচৰ মহামাৰী ৱুহান চহৰৰ (Wuhan হ'ল Hubei প্ৰদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰ (Non-veg market পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানী সকলে মত পোষন কৰিছে৷ সেইখন বজাৰত বাদুলি,সাপ,বেং, সাগৰীয় মাছ,কুকুৰ,মেকুৰি,এন্দুৰ,নিগনি, পোক পতংগ সকলো বিক্ৰী হয়৷ ৱুহান বজাৰৰ ৰেষ্টৰেন্টত বাদুলীৰ চুপ,সাপৰ মাংস আদি সহজলব্ধ জনপ্ৰিয় খাদ্য৷ এনে দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই মানৱ দেহলৈ ক;ৰোনা ভাইৰাচৰ আগমন ঘটিল৷ বিগত বছৰৰ ৩১ডিচেম্বৰত ৱুহানত ধৰা পৰে এই অসুখত আক্ৰান্ত প্ৰথমজন ৰোগী৷ বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰে নৱেল কৰোনা ভাইৰাচ (“2019-nCoV.” ) বুলি৷
ইয়াৰ ওপৰিও আৰু মন কৰিবলগীয়া কথা কেইটিমান হ'ল : -
- ড্ৰপলেট ইনফেকচন- অৰ্থাৎ ভাইৰাচৰ কণিকা প্ৰদূষিত বায়ুমণ্ডলৰ মাধ্যমেৰে৷ ৰোগীয়ে কাহ মাৰিলে, হাঁচিয়ালে,হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিবেশ ভাইৰাচেৰে দূষিত হয়৷
- হাতেৰে ৰোগীক স্পৰ্শ কৰিলে,কৰমৰ্দন,চুম্বন, আলিংগন আদিৰ যোগেদি৷
- ৰোগীৰ সংস্পৰ্শত অহা যি কোনো সামগ্ৰী (যেনে টাৱেল,ৰুমাল,অন্যান্য কাপোৰ,চচমা,কলম,বাচন আদি) ৰোগীৰ নাক মুখৰ জুলীয়া পদাৰ্থৰ দ্বাৰা দূষিতহৈ থাকিব পাৰে৷ তেনে সামগ্ৰীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্ৰী স্পৰ্শ কৰি কেতিয়াও নিজৰ চকু,মুখ,নাক নুচুব৷
- ৰোগীৰ মল-মূত্ৰয়ো ৰোগ বিয়পাব পাৰে৷
• ইজৰাইলৰ চৰকাৰী চোৰাংচোৱা সংস্থাই সন্দেহ ব্যক্ত কৰিছে যে ৱুহানত থকা ভাইৰেল লেবৰেটৰীত জৈৱিক মৰণাস্ত্ৰ (Biological weapons) নিৰ্মানৰ প্ৰয়োগ কৰোতে অঘটনহৈ ৱুহানৰ বাদুলি,সাপ আদিৰ শৰীৰলৈ ভাইৰাচ বিধ বিয়পে৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থাই এই মতত সমৰ্থন জনাইছে৷
ৰোগৰ লক্ষণসমূহ কি কি ? - শৰীৰত ৰোগৰ জীৱাণু প্ৰবেশৰ পৰা অসুখৰ লক্ষণ ফুটি উঠালৈকে এই সময় চোৱাক Incubation period বুলে ৷ কৰোনা ভাইৰাচৰ Incubation period ৫ৰ পৰা ১৫দিন বা তাৰ অধিক দিনো হব পাৰে হব পাৰে৷ সেয়ে সন্দেহজনক ৰোগীক ২৷৩সপ্তাহলৈ পৃথকে ৰখাৰ (Quarantine) পৰামৰ্শ দিয়া হয়৷ বিপদজনক কথাটো হ'ল এজন ইনকুবেশ্বন পিৰিয়ডত থকা লোকেও আনৰ দেহলৈ ভাইৰাচৰ সংক্ৰমণ ঘটাব পাৰে ৷
- সাধাৰণ পানীলগা,জ্বৰ-চৰ্দিৰ দৰে নাইবা কাহ,গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা অৰ্থাৎ নিউমোনিয়া সদৃশ ৰোগৰ লক্ষণ সমূহ ৷ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল যেনে ডায়েবেটিজ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷
ৰোগৰ চিনাক্তকৰণ - উপযুক্ত লেবৰটৰীত ভাইৰাচ চিনাক্তকৰণ, পিচিআৰ চেইন ৰিয়েকচন, এন্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ Throat swab বা তেজৰ নমুনা ৰোগৰ চিনাক্তকৰণৰ বাবে উপযুক্ত লেবৰেটৰীলৈ প্ৰেৰণ কৰা হয়৷ ফলাফল ওলাওঁতে ৮/১০ ঘন্টা সময় লাগে৷ ৪সপ্তাহলৈকে তেজত এন্টিবডি দেখা নাপালে ব্যক্তিজন ৰোগমুক্ত বুলি গণ্য কৰা হয়৷ ৰোগ চিনাক্ত কৰিবলৈ লওতে ৰোগীৰ 'ভ্ৰমণৰ হিষ্ট্ৰী' লোৱাটো চিকিৎসকৰ বাবে এক অনিবাৰ্য্য বিষয়৷ ভাৰতৰ আটাইটকৈ বৃহৎ আৰু পুৰণি ভাইৰাচ পৰীক্ষা কৰা লেবৰেটৰী পুণেত অৱস্থিত৷ তদুপৰি আজিকালি দেশৰ প্ৰায়বিলাক মেডিকেল কলেজৰ লেবৰেটৰীতেই এই ভাইৰাচ চিনাক্তকৰণৰ সুবিধা আছে৷
সতৰ্কতামূলক ব্যৱস্থা – চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷ ডেটল, চেভলন,স্পিৰিট বা চেনিটাইজাৰৰে সময়ে সময়ে হাত পৰিষ্কাৰ কৰি থাকিব৷ কাহ, জ্বৰ আদিত ভোগালোকক পৰিচৰ্য্যা কৰোতে বিশেষ সতৰ্কতা লব৷ মুখ ঢকা মাস্ক ব্যৱহাৰ কৰিব৷ এই ভাইৰাচ প্ৰতিৰোধ কৰিবলৈ যি কোনো বস্ত্ৰৰে মুখ আৱৰিলেই হব৷ কেঁচা বা আধা সিজা মাংস,সাগৰীয় খাদ্য সমূলি পৰিহাৰ কৰিব৷ পৰাপক্ষত নিৰামিষ খাদ্য গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ ডিঙি শুকাই থাকিলে ভাইৰাচ সহজে বিয়পিব পাৰে বুলি অনুমান কৰা হৈছে ৷ আইচক্ৰিম আৰু শীতল পানীয় গ্ৰহণ নকৰিব৷ এনে শীতল বাতাবৰণত ভাইৰাচে সহজে আক্ৰমণ কৰিব পাৰে৷ উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি সতৰ্ক হব৷ টেঙা ফল আৰু ভিটামিন-চিয়ে ভাইৰাচৰ পৰা কিছু সুৰক্ষা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ ) বন্ধ নকৰিব৷ ৰোগাক্ৰান্ত অঞ্চললৈ ভ্ৰমণৰ আঁচনি নলব৷ ৰোগাক্ৰান্ত দেশ ভ্ৰমণ কৰি অহা লোকৰ লগত ততালিকে মিলমিচা নকৰিব৷ আনৰ সৈতে হাতমিলাই কৰমৰ্দন কৰাৰ সলনি হাতযোৰ কৰি সম্ভাষণ জনোৱাটো সৰ্বথা নিৰাপদজনক৷ ভীৰ হোৱা ঠাই যেনে চিনেমাহল,বজাৰ পৰাপক্ষত এৰাই চলিব৷ যাত্ৰা কৰোতে বা বজাৰ সমাৰত আন ব্যক্তিৰ পৰা সম্ভৱপৰ দূৰত্ব বজাই ৰাখিব৷ আমাৰ সহজলব্ধ নহৰু,আদা, তুলসী,মহানিম, এলোভেৰা আদিৰ ব্যৱহাৰে শৰীৰৰ ইমিউনিটি বঢ়ায়৷ গতিকে এই সময়ত তাৰ সদোপ্ৰয়োগ বাঞ্চনীয়৷
চিকিৎসা কিদৰে প্ৰদান কৰা হয় ?
ক’ৰোনা ভাইৰচৰ কোনো ভেকচিন নাই আৰু কোনো নিৰ্দিষ্ট দৰব নাই৷ লক্ষণ হিচাবে যতনলৈ চিকিৎসা কৰিলে ৰোগ সময়ত আৰোগ্য হয়৷ তথাপিও প্ৰায় ১.৫ শতাংশ মৃত্যুৰ হাৰ আতংকজনক৷ গুৰুতৰভাবে আক্ৰান্তজনক আইচিইউত জৰুৰীকালীন চিকিৎসা দিবলগীয়া হব পাৰে৷ আটাইতকৈ বিপদজনক কথাটো হ'ল এই ভাইৰাচে অতি ক্ষিপ্ৰতাৰে বহু সংখ্যক লোকক আক্ৰান্ত কৰে৷
ল'পিনাভিৰ,ৰিটনাভিৰ নামৰ এইচআইভিৰ চিকিৎসাত ব্যৱহৃত এন্টিভাইৰেল ড্ৰাগ, চোৱাইন ফ্লুত ব্যৱহৃত টেমিফ্লু আৰু মেলেৰিয়াৰ দৰব ক্লৰ'কুইন একেলগে প্ৰয়োগ কৰি জয়পুৰৰ মেডিকেল কলেজৰ চিকিৎসকে সুফল পোৱা বুলি দাবী কৰিছে৷ এয়া নিশ্চয় আশাৰ বতৰা৷ আনহাতে আমেৰিকা আৰু ইজৰাইলে ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত সাফল্যৰ দাবী কৰিছে৷ সময়ে ইয়াৰ সত্যতা প্ৰমাণ কৰিব৷
ক'ৰোনা ৰোগৰ প্ৰসাৰৰ ক্ষেত্ৰত চাৰিটা খলপ (Stage) এনে ধৰণৰ : -
(১) Sporadic or Imported- ক'ৰোনা পজিটিভ দেশ ভ্ৰমণ কৰি যদি কোনো লোকে ৰোগ আয়ত্ব কৰে৷
(২) Local transmission- স্থানীয় ভাবে ৰোগ বিয়পা অৱস্থা৷ ৰোগী বা আত্মীয়ৰ ৰোগাক্ৰান্ত দেশ ভ্ৰমণৰ কথা জনা যায়৷ আমাৰ দেশ এতিয়া এই পৰ্য্যায়ত আছে৷ অত্যন্ত সতৰ্কতা অৱলম্বন নকৰিলে দেশে তৃতীয় পৰ্য্যায়লৈ গতি কৰিলে ভয়ংকৰ সংকটে দেখা দিব৷
(৩) Community transmission- তৃতীয় পৰ্য্যায়ত সমাজত ক্ষিপ্ৰভাবে ৰোগ বিয়পিব ধৰে৷ নিৰ্দিষ্ট কাৰক চিনি ওলিওৱা কঠিন হৈ পৰে৷ দ্বিতীয় পৰ্য্যায়ত সতৰ্ক নহলে ৰোগে এই অৱস্থা পায়৷ ইটালি আৰু স্পেইন ইয়াৰ উদাহৰণ৷
(৪) Epidemic stage - সমাজ বা দেশখনত যেতিয়া ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰে৷
উপসংহাৰ: আজিৰ জেট যুগত বিশ্ব যিকোনো ঠাইলৈ কম সময়তে যাত্ৰা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ঠাইৰ দূৰত্বসমূহ যেন সংকুচিত হৈ আহিছে৷ এনে সুবিধাৰ বিপৰীতে এঠাইত আৰম্ভ হোৱা মহামাৰী আন এঠাইলৈ অনায়াসে বিয়পিব পাৰে৷ চীন দেশত কেইসপ্তাহমান আগতে আৰম্ভ হৈছিল কৰোনা ভাইৰাচে কৰা ৰোগ৷ সেই ৰোগ আজি বিশ্বব্যাপী বিয়পি মহামাৰীৰ ৰূপ লৈছে৷ কি ধনী,কি দুখীয়া কাকোৱেই ক'ৰোনাই ৰেহাই দিয়া নাই৷ মই দুমাহ আগলৈকে কৰ্মৰত থকা উন্নত আৰু চহকী দেশ কাটাৰত এতিয়ালৈ ৫২৬টা পজিটিভ কেচ চিনাক্ত হৈছে৷ অৱশ্যে কাৰো মৃত্যু এতিয়ালৈ হোৱা নাই৷ অৱশ্যে কাটাৰৰ পৰা স্বদেশলৈ অহা এজন ৩৫বছৰীয়া লোকৰ পাটনাৰ এইমচত অলপতে মৃত্যু হৈছে ৷ দেশখনলৈ সকলো পথেৰে বিদেশীৰ অহা-যোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে ৷ একে সতৰ্কতামূলক ব্যৱস্থা আমাৰ দেশেও গ্ৰহণ কৰিছে৷ এই কভিড-১৯ ৰোগে ধনী দুখীয়া কাকোৱেই ৰেহাই নিদিয়ে৷ শেহতীয়াকৈ আক্ৰান্ত হৈছে ইংলেণ্ডৰ যুৱৰাজ প্ৰিন্স চাৰ্লচ, কানাডাৰ প্ৰধান মন্ত্ৰীৰ পত্নী,কেইবাজনো বিদেশৰ ৰাজনেতা,বিখ্যাত খেলুৱৈ আৰু ছবি জগতৰ লোক৷ শেহতীয়া বাতৰিমতে এই বছৰ অনুষ্ঠিত হবলগীয়া টোকিঅ' অলিম্পিক সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপেক্ষিতত কমেও এবছৰলৈ পিছুৱাই দিয়া হৈছে৷
এই মহামাৰীয়ে উৎপন্ন কৰা পৰিস্থিতিৰ বাবে প্ৰায়বোৰ দেশৰে সকলো ধৰণৰ যোগাযোগ (পথ পৰিবহন, জলপথ, ৰেলপথ,আকাশীপথ) বিচ্ছিন্ন কৰি দিয়া হৈছে৷ সকলো নাগৰিক হৈ পৰিছে গৃহবন্দী৷ বৰ্তমান চহৰ সমূহৰ ব্যৱসায়-বাণিজ্য, চিনেমা-থিয়েটাৰ,মল-পাৰ্ক,স্কুল-কলেজ-অফিচ সকলো বন্ধ,জনশূণ্য৷ এই মহামাৰীৰ ফলত বিশ্বব্যাপী অৰ্থনীতিৰ যি ভীষণ ক্ষতি হব তাৰ আংকলন সময়েহে কৰিব৷ এই মহামাৰীয়ে উৎপন্ন কৰা ভয়ংকৰ পৰিস্থিতিৰ বাবেই এই সময়ত পালন কৰা চীনা নৱবৰ্ষ উৎসৱ বাতিল কৰা হ'ল৷ আমাৰ অসমীয়াৰ ৰঙালী বিহুও মাত্ৰ পতাকা উত্তোলনতে সীমিত থাকিব বুলি জনা গৈছে৷ এই দু:সময় যেন আৰু দীঘলীয়া নহয় সেই কামনাৰে এতিয়ালৈ সামৰিলোঁ৷
কোনোবা অচিনা বন্ধুৰ ভাষাৰে ময়ো কওঁ~
আহিবনে সোনকালে সেই দিনটো যিদিনা ৰাতিপুৱা শুই উঠি শুনিবলৈ পাম ?
ক'ৰোনা আৰু নাই,আমি সুৰক্ষিত,চলা-ফিৰা কৰিব পাৰোঁ মুকলি মনেৰে !!
ডা০ ভূপেন শইকীয়া গুৱাহাটী, ২৫-০৩- ২০২০
ফোন আৰু ৱাটচএপ +৯১ ৯৪৩৫০ ৪৮০৫৫
ইমেইল : drbksaikia@gmail.com