Cotton University Forum for the Specially Abled

  • Home
  • Cotton University Forum for the Specially Abled

Cotton University Forum for the Specially Abled Official page of Cotton University Forum for The Specially Abled
(2)

21/09/2025

জুবীন দা আপুনি জতেই আছে শান্তিত থাকক, কুশলে থাকক সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ 😭😭

"Zubeen Garg – the voice of Assam, the voice of a generation – left us on 19 September 2025. It is heartbreaking to acce...
21/09/2025

"Zubeen Garg – the voice of Assam, the voice of a generation – left us on 19 September 2025. It is heartbreaking to accept this reality. yesterday, on behalf of Cotton University Forum for the Specially Abled, we gave our heartfelt tribute to the legend whose music will live on forever. Though he is no longer with us, his songs will keep echoing in our hearts, reminding us of love, hope, and togetherness. May his soul rest in eternal peace, and may his melodies continue to guide and inspire us like a gentle light in the darkness."

✨ On behalf of the Cotton University Forum for the Specially Abled, we organized a heartfelt farewell meeting on 18th Se...
18/09/2025

✨ On behalf of the Cotton University Forum for the Specially Abled, we organized a heartfelt farewell meeting on 18th September 2025 for our respected DSW Sir, whose tenure will conclude on 6th October 2025. 🌸

Sir has always been approachable, supportive, and deeply committed to the welfare of specially abled students. His efforts have truly made a difference in our lives. 🙏💐

We extend our gratitude to the Hon’ble Vice Chancellor and the respected teachers for their gracious presence, and to our members and volunteers for their tireless support. ❤️

💫 Wishing our beloved DSW Sir success, good health, and happiness in all his future endeavors. May this new journey be filled with achievements and joy! 🌟

১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা...।অসমৰ বুকুত কটন সদায় উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক। প্ৰতিগৰাকী ন-পুৰণি কটনিয়ানক...
27/05/2025

১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা...।

অসমৰ বুকুত কটন সদায় উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক।
প্ৰতিগৰাকী ন-পুৰণি কটনিয়ানক শুভেচ্ছা জনাইছোঁ।

জয়তু কটন বিশ্ববিদ্যালয়
জয়তু কটনিয়ান

কটন জিন্দাবাদ
কটন জিন্দাবাদ
কটন জিন্দাবাদ

Cotton University

কালি অৰ্থাৎ ১৪-০৫-২০২৫ তাৰিখে (বুধবাৰ) আমাৰ ফৰামৰ তৰফৰ পৰা স্নাতক ষষ্ঠ আৰু স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ তথা আমাৰ ফৰামৰ ...
15/05/2025

কালি অৰ্থাৎ ১৪-০৫-২০২৫ তাৰিখে (বুধবাৰ) আমাৰ ফৰামৰ তৰফৰ পৰা স্নাতক ষষ্ঠ আৰু স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ তথা আমাৰ ফৰামৰ জ্যেষ্ঠ দাদা-বাইদেউ সকলক বিদায়ী অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকৰ লগত আলোচনা কৰা হয়। অগ্ৰজ দাদা-বাইদেউ সকলৰ অনাগত দিনবোৰ ভাল হওঁক তাৰেই কামনা কৰিছোঁ।

Cotton University Forum for the Specially Abled ফৰামৰ তৰফৰ পৰা ফৰামৰ জ্যেষ্ঠ তথা স্নাতক ষষ্ঠ আৰু স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ দাদা-বাইদেউ সকলৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

শেষত সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে অনাগত দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল হওঁক সকলোৰে.....।

Cotton University

"Prerona Cotton 87-89" ৰ তৰফৰ পৰা প্ৰতিবৰ্ষ কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ আৰু এজনী ছাত্ৰীক "Prerona Scholarshi...
27/04/2025

"Prerona Cotton 87-89" ৰ তৰফৰ পৰা প্ৰতিবৰ্ষ কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ আৰু এজনী ছাত্ৰীক "Prerona Scholarship" প্ৰদান কৰি আহিছে। 2024-25 বৰ্ষতো কটন বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীক এই Scholarship ৰ বাবে নিৰ্বাচিত কৰিছে। উক্ত Scholarship ৰ বাবে এইবৰ্ষ আমাৰ ফৰামৰ সদস্য তথা কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৰাজনীতি বিজ্ঞান বিভাগৰ দিব্যাংগ ছাত্ৰ জগদীশ দলৈ'ক নিৰ্বাচিত কৰিছে; আনহাতে বড়ো বিভাগৰ ছাত্ৰী পখিলা বড়োক নিৰ্বাচিত কৰিছে। চলিত বৰ্ষৰ অৰ্থাৎ 2025 বৰ্ষৰ 26 এপ্ৰিল তাৰিখে (ৰবিবাৰে) নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী দুগৰাকীক চেক (Cheque) আৰু এখন চাৰ্টিফিকেট প্ৰদান কৰে। উল্লেখযোগ্য যে উক্ত Scholarship মাহেকীয়া হিচাপত একেৰাহে তিনিবছৰ লাভ কৰিব।

কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপিকা আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ (Capacity Building Centre) সঞ্চালিকা তথা "প্ৰেৰণা কটন 87-89" ৰ সদস্য ড৹ ৰুমা তালুকদাৰ বাইদেউ আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ প্ৰশান্ত শৰ্মা ছাৰৰ লগতে "প্ৰেৰণা কটন 87-89"ৰ সকলো বিষয়ববীয়াক আমাৰ ফৰামৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
জগদীশ দলৈ আৰু পখিলা বড়োৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁলোকলৈ অভিনন্দন জনাইছোঁ।

Cotton University

#2024-25

পাৰ হৈ যোৱা পৰীক্ষাত কেইবাবাৰো প্ৰায় প্ৰতিটো ষান্মাসিকৰ পৰীক্ষা একেসময়তে অথবা ওচৰা-ওচৰিকৈ অনুষ্ঠিত কৰাৰ ফলত আমাৰ দিব্য...
17/03/2025

পাৰ হৈ যোৱা পৰীক্ষাত কেইবাবাৰো প্ৰায় প্ৰতিটো ষান্মাসিকৰ পৰীক্ষা একেসময়তে অথবা ওচৰা-ওচৰিকৈ অনুষ্ঠিত কৰাৰ ফলত আমাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ সময়ত Scribe বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল আৰু বিশেষ সমস্যাৰ সন্মুখীন হৈ আহিছিল; পৰীক্ষাৰ সময়ত সন্মুখীন হৈ অহা এই সমস্যাবোৰ আমাৰ ফৰামৰ তৰফৰ পৰা বিশ্লেষণ কৰি সেইবোৰ চিনাক্ত কৰি পৰীক্ষা নিয়ন্ত্ৰক মহোদয় আৰু সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ৰ লগতে ছাত্ৰ কল্যাণৰ ডিন মহোদয়ৰ লগত আলোচনা-বিলোচনা কৰোঁ। সেই সন্দৰ্ভত ফৰামৰ তৰফৰ পৰা পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ক এখন লিখিত আবেদন প্ৰদান কৰোঁ।
আমাৰ আবেদনৰ প্ৰতি সহাঁৰি জনাই কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ে নিৰ্দিষ্ট কিছুমান ষান্মাসিকৰ পৰীক্ষাৰ লগত নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ ব্যৱস্থা কৰিছে যাতে আমাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীয়ে কনিষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীক Scribe হিচাপে ল'ব পাৰে।

কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক মহোদয়, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মহোদয়, ছাত্ৰ কল্যাণৰ ডিন মহোদয়ৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আমাৰ ফৰামৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ে প্ৰতিটো পৰীক্ষাৰ আগত এই সন্দৰ্ভত আগতীয়াকৈ অৱগত কৰিবলৈ আমাক পৰামৰ্শও প্ৰদান কৰে, ছাৰৰ এই ইতিবাচক পৰামৰ্শৰ বাবে আমি ছাৰৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম।

Cotton University
Himanta Biswa Sarma CMO Assam Ranoj Pegu Pijush Hazarika

প্ৰসংগ: কটন বিশ্ববিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰী হোষ্টেলৰ পৰা বিশ্ববিদ্যালয় চৌহদলৈ যাতায়তৰ সমস্যা। কলেজ হোষ্টেল ৰোড আ...
14/03/2025

প্ৰসংগ: কটন বিশ্ববিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰী হোষ্টেলৰ পৰা বিশ্ববিদ্যালয় চৌহদলৈ যাতায়তৰ সমস্যা। কলেজ হোষ্টেল ৰোড আৰু লক্ষ্মীনাথ বেজবৰুৱা ৰোড।

2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা অসম চৰকাৰক বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল পদপথসমূহ যাতায়তৰ উপযোগী কৰি তুলিবলৈ। 2024 বৰ্ষৰ মাৰ্চৰ 20 তাৰিখে লক্ষ্মীনাথ বেজবৰুৱা ৰোড আৰু কলেজ হোষ্টেল ৰোডৰ পদপথৰ দোকান সমূহ সম্পূৰ্ণৰূপে উচ্ছেদ আৰু ফুটপাথ সমূহত ৰেলিঙৰ ব্যৱস্থা কৰিবলৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। অসম চৰকাৰক আবেদন-নিবেদন জনাই আহিছিলোঁ। অৱশেষত 14 মাৰ্চ 2025 তাৰিখে মাজনিশা প্ৰায় 1 বজাত লক্ষ্মীনাথ বেজবৰুৱা ৰোডৰ দোকান সমূহ উচ্ছেদ কৰে। আমাৰ অনুৰোধৰ প্ৰতি সহাঁৰি জনাই অসম চৰকাৰে লক্ষ্মীনাথ বেজবৰুৱা ৰোডৰ দোকানসমূহ উচ্ছেদ কৰি সম্পূৰ্ণ ৰূপে মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। লক্ষ্মীনাথ বেজবৰুৱা ৰোড আৰু কলেজ হোষ্টেল ৰোডৰ ফুটপাথত অতিসোনকালে ৰেলিঙ আৰু Tactile Paving ৰ ব্যৱস্থা কৰিব বুলি আমি আশাবাদী। জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ নিৰ্দেশ মৰ্মে গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগক ধন্যবাদ জনাইছোঁ। গুৱাহাটী পৌৰ নিগমৰ Commissioner, Collector ছাৰৰ লগতে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত মহোদয়কো ধন্যবাদ জনাইছোঁ। অতিসোনকালে আমাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ কথা চিন্তা কৰি প্ৰয়োজনীয় ব্যৱস্থা কৰি দিব বুলি আমি আশাবাদী।

CMO Assam Himanta Biswa Sarma Pijush Hazarika Police Commissionerate Guwahati Guwahati Municipal Corporation
Cotton University

09/03/2025

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

27/02/2025

যোৱা 22-02-2025 তাৰিখে প্ৰকাশ পোৱা UGC NET ৰ ফলাফলত আমাৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা আমাৰ ফৰামৰ প্ৰাক্তন সদস্য Joyprakash Sarmah ডাঙৰীয়াই JRF আৰু Assistant Professor ৰ বাবে উত্তীৰ্ণ (Qualified) হৈছে। আনহাতে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়নৰত তথা আমাৰ ফৰামৰ সহকাৰী সমন্বয়ক Lalbar Ali য়ে PhD ৰ বাবে উত্তীৰ্ণ (Qualified) হয়। প্ৰতিবন্ধকতা যে জীৱন পথত আগুৱাই যাবলৈ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেয়া সময়ে সময়ে প্ৰতিফলিত হৈ আহিছে।

তেওঁলোকলৈ আমাৰ ফৰামৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

Cotton University
CMO Assam Himanta Biswa Sarma Ranoj Pegu

প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষও Cotton University Forum for the Specially Abled ৰ তৰফৰ পৰা আমি পিকনিক খাবলৈ যাওঁ । কালি অৰ্থাৎ ২...
24/02/2025

প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষও Cotton University Forum for the Specially Abled ৰ তৰফৰ পৰা আমি পিকনিক খাবলৈ যাওঁ । কালি অৰ্থাৎ ২৩ ফেব্ৰুৱাৰী ২০২৫ ইং তাৰিখ ৰবিবাৰে মেঘালয়ৰ Orchid Lake Resort, Umiam লৈ যাওঁ। প্ৰকৃতিৰ সোন্দৰ্য্যৰ মাজত আমি সকলোৱে অলপ ধেমালি, আনন্দ-ফুৰ্তি কৰিলোঁ। মেঘালয়ৰ প্ৰকৃতিৰ যি মনোমোহা দৃশ্য সেয়া উপভোগ কৰোঁ।

এই পিকনিকত আমাৰ ফৰামৰ উপদেষ্টা (Advisor) তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ ডিন Eeshan Kalita ছাৰ, ছাত্ৰ কল্যাণ সঞ্চালক Prasanta Sarma ছাৰ, ফৰামৰ শিক্ষয়িত্ৰী উপদেষ্টা তথা গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপিকা Sayanika Dutta বাইদেউ যায়। ছাৰ-বাইদেউ সকলৰ মৰমৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম। ছাৰ-বাইদেউ সকলে আমাৰ কাৰণে যিমানখিনি কৰিলে সচাকৈয়ে সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, প্ৰতিটো ক্ষেত্ৰতে আমাক যিদৰে সহায়-সহযোগ কৰিলে সেয়া কেতিয়াও পাহৰিব নোৱাৰিম। ছাৰ-বাইদেউ সকলৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।

প্ৰতিকূল বতৰকো নেওচি পিকনিকৰ কাৰণে খানা বনোৱা SRB হোষ্টেলৰ ৰাজু দা, প্ৰানজিত দা আৰু NBD হোষ্টেলৰ গকুল দা'ৰ লগতে বাছৰ চালক আৰু হেণ্ডিমেনৰ কষ্টৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম।

আনহাতে আমাৰ ফৰামৰ Volunteer সকলে আমাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীক যিদৰে প্ৰতিটো ক্ষেত্ৰত সহায়-সহযোগ কৰিলে তাৰ বাবে তেওঁলোকৰ ওচৰতো চিৰকৃতজ্ঞ হৈ থাকিম। তেওঁলোকে আমাৰ প্ৰতি দেখুওৱা মৰম আৰু আন্তৰিকতাই আমাক আনন্দিত কৰি তুলিছে।

বিভিন্ন ঘটনা-প্ৰতিঘটনাৰে কালিৰ দিনটো বিশেষ হৈ পৰে। কালিৰ দিনটোত আমি সকলোৱে এক নতুন অভিজ্ঞতাৰ সাক্ষী হলোঁ।

Orchid Lake Resort, Umiam Barapani, Meghalaya.
23 February, 2025, Sunday.

Cotton University

পোনপ্ৰথমবাৰৰ বাবে আমাৰ ফৰামৰ সদস্যসকলে অসম বিধানসভাত উপস্থিত থাকি বিধানসভাৰ বাজেট অধিবেশন উপভোগ কৰে। অধিবেশনৰ শেষত বিধান...
22/02/2025

পোনপ্ৰথমবাৰৰ বাবে আমাৰ ফৰামৰ সদস্যসকলে অসম বিধানসভাত উপস্থিত থাকি বিধানসভাৰ বাজেট অধিবেশন উপভোগ কৰে। অধিবেশনৰ শেষত বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত সন্মানীয় অধ্যক্ষৰ সৈতে এক বিশেষ আলোচনাত মিলিত হয়।

অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ Biswajit Daimary ছাৰৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। তেওঁৰ উপদেশমূলক চমু ভাষণ আৰু বিধানসভাৰ অধিবেশনত চলি থকা বিভিন্ন বিষয় সম্পৰ্কে আমাক যি চমু আভাস দিলে তাৰ বাবে আমি বাৰুকৈয়ে উপকৃত হৈছোঁ।

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মান্তা ছাৰে আমাক বিধানসভা অধিবেশন চোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবেই আজি আমি এই নতুন অভিজ্ঞতাৰ সাক্ষী হলোঁ। সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক মহোদয়ৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিম।

অসম বিধানসভাৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা বিষয়ববীয়াই আমাক যিদৰে সহায়-সহযোগিতা কৰিলে তাৰ বাবে তেওঁলোকৰ ওচৰতো চিৰকৃতজ্ঞ হৈ থাকিম। এক নতুন অভিজ্ঞতাৰ সাক্ষী হলোঁ।

21-02-2025, Friday

Biswajit Daimary Cotton University

#

Address

Cotton University, Panbazar, Guwahati-01

781001

Alerts

Be the first to know and let us send you an email when Cotton University Forum for the Specially Abled posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Cotton University Forum for the Specially Abled:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram