10/10/2023
*অংগ সংৰোপণঃ নকৈ চিন্তা কৰাৰ প্ৰয়োজন*
*ডাঃ অৰূপ কুমাৰ নাথ*
কঞ্চালটেণ্ট ইউৰ'লোজিষ্ট
ইনষ্টিটিউট অৱ্ ইউৰ'লোজি এণ্ড কিডনী ডিজিজেজ্ (আই ইউ কে ডি, সোণাপুৰ, গুৱাহাটী
ফোনঃ ৮০১১৫০১৮৩৩
অংগ সংৰোপন সম্পৰ্কে আলোচনা কৰিবলৈ উদ্যত হোৱাৰ আগতে আমি দুটা ধাৰণাৰ সৈতে পৰিচিত হ'ব লাগিব। সেয়া হ'ল - অংগদাতা আৰু অংগপ্ৰাপক। যিজনে অংগ দান কৰিব, তেওঁ দাতা; যিজনৰ শৰীৰত অংগটো সংস্থাপন কৰা হ'ব, তেওঁ অংগপ্ৰাপক।
দাতাৰ শৰীৰৰ পৰা কোনো অংগ বা অংশ প্ৰাপক বা গ্ৰহণকৰ্তাৰ শৰীৰত সংস্থাপন কৰা কাৰ্যকে সহজভাৱে অংগ সংৰোপন বুলিব পাৰি। অংগ প্ৰাপকগৰাকী স্বাভাৱিকভাৱেই সদাই জীৱিত হ'বই লাগিব; কিন্তু অংগ দাতাগৰাকী জীৱিতও হ'ব পাৰে বা মৃতও হ'ব পাৰে। অৰ্থাৎ ব্যক্তি এগৰাকীয়ে জীয়াই থাকোতেও তেওঁৰ কোনো অংগ দান কৰিব পাৰে, বা মৃত্যুৰ পিছতো তেওঁ তেওঁৰ কোনো অংগ দান কৰিব পাৰে।
একেজন ব্যক্তিৰ এটা ঠাইৰ পৰা আন এটা ঠাইত যিবোৰ অংগ বা অংশ সংৰোপন কৰা হয়, তাক কোৱা হয় অট'গ্ৰাফ্ট।সংৰোপন যেতিয়া একে প্ৰজাতিৰ দুটা জীৱৰ মাজত সম্পাদিত কৰা হয় তাক এল`গ্ৰাফট্ বুলি কোৱা হয়। এল`গ্ৰাফট্ হয়টো জীৱিত বা মৃত শৰীৰৰ পৰা কৰিব পাৰি।
দেহৰ যিবোৰ অংগ বা অংশ কৃতকাৰ্য্যতাৰে সংৰোপণ কৰা হয় সেই সমূহ হ'ল হৃদযন্ত্ৰ, যকৃত, বৃক্ক, হাওঁফাওঁ, অগ্ন্যাশয়। ইয়াৰোপৰি কৰ্ণিয়া, পেশী-জকা, জোৰা-কলম, সংবহন কলা, মেৰুমজ্জা, অন্ত্ৰ, হাত, ভৰি, কাণ, ছাল, চকুৰ পৰ্দা আদি থায়মাছ
আদি বহুলভাৱে সংৰোপণ কৰা কোষ কলা।
*কোনে অংগদান কৰিব পাৰে ?*
অংগদানৰ বাবে এজন ব্যক্তি সুস্থ হোৱাটো প্ৰয়োজনীয় । এইচ আই ভি, কেন্সাৰ, ডায়েবেটিছ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত ব্যক্তিক অংগদানৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা হয়।
*অংগদান দুটা ধৰণে কৰিব পাৰিঃ*
(১) জীৱিত অৱস্থাত অংগদানঃ- জীৱিত ব্যক্তিয়ে তেওঁৰ অংগ আন কোনো ব্যক্তিক দান কৰিব পাৰে।
(২) মৃত্যুৰ পিছত অংগদানঃ- যেতিয়া এজন ব্যক্তিৰ মগজু মৃত হৈ থাকে, কিন্তু হৃদস্পন্দন বন্ধ হোৱা নাই, তেতিয়া এনেলোকেও নিজৰ অংগদান কৰিব পাৰে। মূৰৰ আঘাত, ষ্ট্ৰক, ব্ৰেইন টিউমাৰ, যিকোনো ৰোগ যিয়ে মগজুৰ ক্ষতি কৰে, আৰু দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সদ্যমৃত লোকসকল এনে দাতা হ’ব পাৰে।
*কোনে অংগদান কৰিব নোৱাৰে ?*
সাধাৰণতে কোনো ৰোগী ব্যক্তিয়ে অংগদান কৰিব নোৱাৰে । এইচ আই ভি, কেন্সাৰ, ডায়েবেটিছ, বৃক্ক বা হৃদৰোগ আৰু আন কোনো গুৰুতৰ ৰোগত ভুগি থকা লোকসকলে অংগদান কৰিব নোৱাৰে ।
দাতাৰ বয়স ১৮ বছৰৰ ওপৰৰ হ'ব লাগিব।
মানৱ অংগ সংৰোপণ আইন, ১৯৯৪- অনুসৰি, নাবালক সকলে অংগ দান কৰাৰ অনুমতি নাই। অৱশ্যে শেহতীয়াকৈ কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে নিজ পিতৃক যকৃত দান কৰি দেশৰ আটাইতকৈ কনিষ্ঠ অংগ দাতা হিচা