Physiotherapist Bineeta -Paediatrics

Physiotherapist Bineeta -Paediatrics Physiotherapist in North Lakhimpur, Assam. Dr Bineeta Borah (PT)
BPT, MPT- Paediatrics

Behind every tiny movement is a story of Courage, hope and love . In Paediatric physiotherapy , we don't just heal bodie...
14/08/2025

Behind every tiny movement is a story of Courage, hope and love . In Paediatric physiotherapy , we don't just heal bodies --- we nurture dream...

ফিজিঅ'থেৰাপি চিকিৎসা ৰ দ্বাৰা কেনেদৰে উপশম লাভ কৰিব??? Inflammatory Arthritis & Role Of Physiotherapy
08/09/2023

ফিজিঅ'থেৰাপি চিকিৎসা ৰ দ্বাৰা কেনেদৰে উপশম লাভ কৰিব??? Inflammatory Arthritis & Role Of Physiotherapy

06/09/2023

Neck Pain Exercise -Part 2

#ডিঙিবিষ

Please share 🌸

03/09/2023

ডিঙিৰ পিছফালে বিষ হৈ থাকে নেকি ? ডিঙিৰ চাৰিওঁদিশে ভালদৰে ঘূৰাই চাব পাৰিছে নে? এবাৰ কৰি চাওঁক ।

13/12/2022

Achievement Unlocked….. (With Parental consent - video)

কণমানি জনীয়ে খোজ কাঢিব পাৰিছে। মাক-দেউতাকৰ অশেষ ধৈৰ্য , একাগ্ৰতা ,ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাস ৰ ফলত।

Paediatric Physiotherapy +919954246820

Send a message to learn more

আপোনাৰ কণমানিটোৱে ভৰিটো মাটিত পেলাবলৈ টান পাই নেকি ?বিছনাত থিয় হয়, কিন্তু পকা/মাটিত খোজ কাঢিব নিবিচাৰে? চিন্তা নকৰিব । প...
03/11/2022

আপোনাৰ কণমানিটোৱে ভৰিটো মাটিত পেলাবলৈ টান পাই নেকি ?
বিছনাত থিয় হয়, কিন্তু পকা/মাটিত খোজ কাঢিব নিবিচাৰে?

চিন্তা নকৰিব । প্ৰয়োজন মাঁথো অকণমান যত্নৰ ।

- Dr Bineeta Borah (MPT- Paediatric)
Physiotherapist
Lakhimpur Medical College & Hospital
Assam
call/WhatsApp- 099542 46820 ….

গাড়ী চলোৱা সময়ত ল'ব লগা কিছু সাৱধানতা- মন কৰিব লগা দিশটো হ'ল - আপুনি driving seat ত কেনেদৰে বহিছে। এই বহাৰ ধৰণটো সঠিকক...
28/07/2021

গাড়ী চলোৱা সময়ত ল'ব লগা কিছু সাৱধানতা-

মন কৰিব লগা দিশটো হ'ল - আপুনি driving seat ত কেনেদৰে বহিছে। এই বহাৰ ধৰণটো সঠিককৈ হ'লে কঁকাল বিষৰ পৰা অলপ ৰেহাই পাব পাৰি।

✅ আপোনাৰ Buttock seat ত থকাকৈ ১ম বহি লোৱাটো উচিত।
✅ Seat height টো এনেদৰে adjust কৰাটো উচিত, যাতে উৰু (thigh) পৰা আঁঠু (knee joint) সমান্তৰাল কৈ নাথাকি আঁঠু ৰ height টো অলপ তলত থাকে।
✅ Seat forward কৰি ৰখাটো ভাল, তেতিয়া কঁকালটো seat ৰ পৰা আগলৈ ননাকৈয়ে আপুনি foot padel ত press কৰিব পাৰিব।
✅ Stering wheel ত সদায় কিলাকুটি bend কৰি ঘূৰালে ভাল। কিলাকুটি চিধা ৰাখি wheel ঘূৰোৱা অভ্যাস থাকিলে, আপোনাৰ ডিঙি-কান্ধ-হাতৰ মুঠি-কঁকালত বেছি জোৰ পৰিব পাৰে।
✅ আপোনাৰ ভৰি হাল সদায় গেৰোহাত (heel) support দি ভৰিৰ আঙুলিৰ অংশেৰে press দিয়াটো ভাল। যদিহে (manual transmission) আপুনি drive কৰিছে , Clutch ত প্ৰয়োজন নোহোৱা সময়ত ভৰি হাল rest তে ৰখাৰ অভ্যাস কৰিব লাগে।
✅ আপোনাৰ পিঠি অংশ থকা Back Seat আৰু বহি থকা seat ৰ মাজৰ কোণ ১০০°-১১০ ° হোৱাকৈ ৰাখিব লাগে। সম্পূৰ্ণ চিধাকৈ থাকিলে, ৰাজহাঁড়ৰ S curve ত কিছু ব্যাঘাত জন্মে।
✅ ৰাজহাঁড়ৰ তল অংশত যদি lumbar support নাথাকে, এখন সৰু towel roll কৰি কঁকালৰ তল অংশ ত ৰাখি support দিব পাৰে।
✍ ডা: বিনীতা বৰা (পি. টি)
Physiotherapist
Lakhimpur Medical College & Hospital.
Phone no - 9706211074

Our wishes are always there for you. Happy Eid al-Adha!
21/07/2021

Our wishes are always there for you.
Happy Eid al-Adha!

দৈনন্দিন জীৱনত আমি কৰা কাম আৰু কঁকাল বিষৰ আদৰণি -- হয়, আমি বহু ক্ষেত্ৰত কঁকাল বিষক নিজেই আদৰণি জনাওঁ শৰীৰটোলৈ। কিন্তু ক...
01/07/2021

দৈনন্দিন জীৱনত আমি কৰা কাম আৰু কঁকাল বিষৰ আদৰণি --

হয়, আমি বহু ক্ষেত্ৰত কঁকাল বিষক নিজেই আদৰণি জনাওঁ শৰীৰটোলৈ। কিন্তু কেনেকৈ....?

প্ৰকৃতিৰ ওপৰত যেনেদৰে আমাৰ নিয়ন্ত্ৰণ নাথাকে, ঠিক তেনেদৰেই বয়স জনিত কাৰণত হোৱা কঁকাল বিষৰ পৰা আমি হাত সাৰি থাকিব নোৱাৰো।মেৰুদণ্ডৰ এখন x-ray কৰোৱালে , বৰ্তমান সময়ত ৩০ বছৰৰ পৰাই মেৰুদণ্ডত বয়সৰ চাপ পৰা দেখা যায়। আমাৰ ওচৰত কঁকাল বিষৰ অসুবিধা লৈ অহা যুৱ প্ৰজন্মৰ পুৰুষ/ মহিলা উভয়ৰে সন্দেহ বশতঃ কৰা X-ray ত Disc Degenerative changes (মেৰুদণ্ডৰ বয়সৰ চাঁপ) ধৰা পৰা দেখা যায়। এইয়া এক চিন্তনীয় বিষয়। সময়ৰ গতি, বয়সৰ সংখ্যা ক আমি ৰুধিব নোৱাৰো।কিন্তু আমি দৈনন্দিন জীৱনত কিছু কাম কৰোতে সাৱধানতা অৱলম্বন কৰিব পাৰো। যাতে শৰীৰটো ভালে ৰাখিব পাৰো, মেৰুদণ্ডৰ দাল সুষ্ঠ কৰি ৰাখিব পাৰো।

এটি এটি উদাহৰণ দি দেখুৱাই দিয়া হৈছে। পৰাপক্ষত এই কেইটি উদাহৰণ মনত ৰাখি দৈনন্দিন কাম কৰাৰ অভ্যাস গঢ়ি যোৱাত আমি মনোনিবেশ কৰা উচিত।

Life Style risk factor সমূহ ---‐-----

➡️ (Pic -1 & Pic - 2)
> Computer desk ত এনেদৰে বহি কাম কৰাৰ অভ্যাস আপোনাৰ আছে যদি আজিয়েই ত্যাগ কৰিব চেষ্টা কৰক। এনেদৰে বহাৰ ফলত -
🚫পিঠিৰ ওপৰ ভাগ মাংসপেশী কঠিনতা হ'ব ।
🚫মেৰুদণ্ডৰ S curve ৰ normality loss হ'ব।

➡️ (Pic -3 )
এনেদৰে কুঁজা হৈ চকীত বহিলে সোনকালেই কঁকাল বিষ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

➡️ ( Pic -4)
Flat back অৰ্থাৎ মেৰুদণ্ডৰ ওপৰ ভাগ ( cervical & thoracic)আগলৈ ৰাখি, মেৰুদণ্ডৰ তলৰ ভাগ ( lumbar- sacral) বেছি চিধা কৰি থিয় হোৱাৰ মুদ্ৰা ( posture)। এই অভ্যাস টি গঢ়াত বেছিকৈ সহায় কৰে Pic 1 & 2 ত থকাৰ দৰে বহি কাম কৰিলে। যাৰ বাবে মেৰুদণ্ডৰ তলছোৱা থকা normal S curve ত ব্যাঘাত জন্মে আৰু কঁকাল বিষ, পিঠি বিষৰ আৰম্ভণি হয়।

➡️ ( Pic -5)
গাড়ী চলাওঁতে যদি proper ergonomic follow কৰা নহয়। ৩ ঘন্টাত কৈ বেছি সময় গাড়ী চলাব লগা হ'লে - কঁকাল, পিঠি ত বেছিকৈ জোৰ পৰে। যাৰ ফলত কঁকাল বিষৰ আৰম্ভণিৰ হ'ব পাৰে।

➡️(Pic -6)
High heel 👠পিন্ধিলে- ভৰি বিষ, পতা বিষেই নহয়। High heel পিন্ধাৰ লগে লগে শৰীৰৰ center of mass বাঢ়ি যায় যাৰ বাবে শৰীৰটোক আগলৈ ঠেলে। আগলৈ যোৱাৰ সেই ভৰ ক নিয়ন্ত্ৰণ কৰিবৰ বাবে মেৰুদণ্ডৰ তলৰছোৱাৰ S curve বেছিকৈ হেলনীয়া হৈ Lumbar lordsis বাঢ়ি যায়। এনেদৰে মেৰুদণ্ডৰ normal S curve ত ব্যাঘাত জন্মে , কঁকালত বেছি জোৰ পৰে।

➡️(Pic-7)
গধুৰ সামগ্ৰী ডঙাৰ অভ্যাস থাকিলে, সেইয়া কৰোতে যদিহে আপুনি proper ergonomic maintan নাই কৰা। লাহে লাহে বা কেতিয়াবা গধুৰ বস্তু ডাঙোতে কঁকালত জোৰ পৰিব পাৰে। যাৰ বাবে কঁকাল বিষৰ আৰম্ভণি হ'ব পাৰে।

➡️(Pic-8)
বেছিকৈ তলমূৰ কৰি কাম কৰাৰ অভ্যাস গঢ় লৈ উঠিলে , মস্তিষ্কৰ (Head) ভৰ দুগুণ বাঢ়ি যায়। যাৰ বাবে ১মে পাছফালে ডিঙিৰ তলত পিঠিৰ ওপৰ অংশত মাংসপেশী কঠিনতা হয়। লাহে লাহে পিঠি বিষৰ পৰা আৰম্ভ কৰি কঁকাল বিষৰ আৰম্ভণিৰ হয়।

➡️(Pic-9 & 10)
বেছি সময় থিয় হৈ থাকি নিজৰ কৰ্তব্য পালনত নিয়োগ হোৱা ব্যক্তি সকলৰ কঁকাল বিষ ৰ চিকাৰ সোনকালে হোৱা দেখা গৈছে। বহু সময় ধৰি এটা মুদ্ৰা (posture) ধৰি ৰখাৰ ফলত- হাত,ভৰি,পিঠি ৰ মাংসপেশী কঠিনতা হ'বলৈ আৰম্ভ কৰে।যাৰ বাবে শৰীৰৰ বিভিন্ন অংশত বেছিকৈ যি অংশত শৰীৰৰ ভৰ বেছিকৈ পৰে, বিষ অনুভৱ হয়।

➡️(Pic-11)
আমাৰ দিনটোৰ আৰম্ভণি হয় - বিছনা খনৰ পৰা উঠাৰ লগে লগে। ৰাতিটো মেৰুদণ্ডৰ দাল আৰামত থাকে। আৰামত থকা মেৰুদণ্ডৰ দালত ভৰ দি চিধাকৈ বিছনা খনৰ পৰা যদি আমি উঠাৰ অভ্যাস কৰো। প্ৰতিদিনে মেৰুদণ্ডত জোৰ পৰা উপৰিও Disc থকা জেলী খিনি ওলাই যোৱাত সুবিধা হয়। আপুনি চিকাৰ হ'ব - কঁকাল বিষৰ।

কৰ্মই ধৰ্ম। এই সকলো খিনি কাৰ্য্য কৰোতে কেনেধৰণৰ সাৱধানতা লব লাগে। সেই বিষয়ে খুউব সোনকালেই জনাম অহা খণ্ডত। ভালে থাকক, সুষ্ঠ থাকক।

- ডা: বিনীতা বৰা (Physiotherapist)
লখিমপুৰ

1st part https://www.facebook.com/103556244584925/posts/316797293260818/                         ..... #কঁকাল_বিষ.....  ...
17/06/2021

1st part https://www.facebook.com/103556244584925/posts/316797293260818/

..... #কঁকাল_বিষ..... #২য় খণ্ড

১ম খণ্ডত আমি জানিলো কঁকাল বিষৰ diagnosis ৰোগৰ বিষয়ে। পাহৰি গৈছে যদি আকৌ এবাৰ চাই লওঁক চোন - তাত উল্লেখ কৰা ১ম টো - মেকানিকেল (Mechanical back pain) কঁকাল বিষ develop হোৱাত কিছু পৰিমাণে আমি নিজেই অৰিহণা যোগাওঁ। কিন্ত কেনেকৈ? তাৰ আগতে
ৰাজহাঁড় ডাল নো কেনেদৰে গঠন হৈছে চাওঁ চোন আহক। আপোনালোকে হয়তো ভাবিছে - এইবোৰ medical ৰ কথা জানি কি কৰিম?
চাওঁক, যেতিয়া জানিব এই বিষয়ে অকণমান, আমি তেতিয়া ৰাজহাঁড়ত জোৰ নোপোৱাকৈ কাম কৰিবলৈ বা ৰাজহাঁড় ভালে ৰাখিবলৈ নিজে চেষ্টা কৰিম।

●১ম pic - Spinal column

Vertebra - ৩৩ টুকুৰা হাঁড়েৰে গঠিত।
মন কৰক ওপৰৰ পৰা তললৈ ( ডিঙি, পিঠি, কঁকাল) ৰাজহাঁড়ৰৰ টুকুৰা বোৰ ডাঙৰ হৈ হৈ আহি আছে। অৰ্থাৎ ৰাজহাঁড়ৰ পৰিয়ালৰ সকলোতকৈ ডাঙৰ সদস্য - Lumbar vertebra। আৰু এই lumbar vertebra য়ে ৰাজহাঁড়ৰ বোজা বহন কৰে।
lumbar vertebra r তলতে আছে -
Sacrum - (5 টা টুকুৰা একেলগ হৈ এটা ৰ দৰে দেখাত।
Sacrum ৰ তলতে নেজৰ দৰে সৰু সৰু ৪ টা টুকুৰাক কওঁ coccyx।
ৰাজহাঁড় ৰ Cervical ত এটি curve আৰুlumbar ত এটি curve হৈ ইংৰাজী S আখৰৰ দৰে হয় দেখাত।

●২ নং pic - Nerves

মস্তিষ্কৰ ৰ পৰা spinal cord দাল ৰাজহাঁড়ৰ মাজেৰে বৈ গৈ Lumbar vertebra L2 t শেষ হয়।আৰু তাত শেষ হৈ ঘোঁৰাৰ নেজৰ দৰে নাৰ্ভৰ থোপা ত এটি হয় (cauda equina)। Spinal cord ডালেই হ'ল - Brain (মগজু) আৰু Nervous system (স্নায়ুতন্ত্ৰ) ৰ মাজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম। এই spinal cord ৰ গছডালৰ পৰা শাখা কিছুমান আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ বৈ গৈছে। চাওঁকচোন, শৰীৰত নাৰ্ভ বোৰ কেনেদৰে বৈ গৈছে।

●৩ নং pic ---- # Self_testing

❓এতিয়া আপুনি এবাৰ থিয় হওঁক আৰু নিজকে পৰীক্ষা কৰি চাওঁক আমাৰ ৰাজহাঁড় ডাল বাৰু ভালে আছে নে?
ডিঙি আৰু পিঠি-কঁকাল ত আপুনি কিমান movement কৰিব পাৰিছে চাওঁক আৰু জনাওঁক।

ডিঙি -
➡️ ১) ওপৰলৈ এবাৰ-তললৈ এবাৰ চাওঁক
ওপৰলৈ চাওঁতে সম্পূৰ্ণ ওপৰৰ ছিলিং লৈকে চাওঁক।
তললৈ চাওঁতে থুটুৰী টো আপোনাৰ beauty bone ৰ তললৈকে লাগিছে নাই চাওঁক।

➡️২)বাওঁফালে এবাৰ -সোঁফালে এবাৰ চাওঁক
বাওঁফালে চাওঁতে থুটুৰীটো বাওঁ কান্ধৰ লগত সমান parallel হৈ আছে নে চাওঁক। একেদৰে সোঁফালেওঁ চাওঁক।
➡️৩) এবাৰ মূৰটো side কে সোঁ কাণ খন সোঁ কান্ধত লগাবলৈ চেষ্টা কৰক চোন। একেদৰে বাওঁ কাণ খন বাওঁ কান্ধ ত লগাবলৈ চেষ্টা কৰক।

কঁকাল-
➡️১) আগলৈ হাওঁলা-পাছলৈ হাওঁলা
➡️২) কঁকাল ঘূৰাই পাছলৈ এবাৰ সোঁ-এবাৰ বাওঁ দিশত চোৱা
➡️৩) সোঁহাত খন এবাৰ সোঁভৰি দিশত , বাওঁ হাত খন এবাৰ বাওঁ ভৰি দিশত , হাওঁলি যাবলৈ চেষ্টা কৰক।

এতিয়া মন কৰক,
❓আপুনি এই movement কেইটা সঠিকভাৱেই কৰিব পাৰিছে নে ??
❓ বা এনেকুৱা লাগিছে নেকি কোনোবা এটি movement আপোনাৰ কম হৈছে ??
❓কোনোবা এটি movement কৰোতে বিষ অনুভৱ কৰিছে ??
❓আগলৈ যদি ভালদৰে হাওঁলিব পাৰিছে ,পাছলৈ হাওঁলিব পৰা নাই?? ❓ডিঙিটো ৰে বাওঁফালে ঘূৰাওঁতে আপুনি কষ্ট পাইছে নেকি?? ইত্যাদি ইত্যাদি....

যদিহে আপুনি ডিঙি আৰু কঁকালৰ এইকেইটা movement কৰাত অকণমান ওঁ অসুবিধা হৈছে, বিষ হৈছে,movement কম হৈছে। এইয়া শৰীৰটোৱে আপোনাক দিয়া signal। ক'ৰবাত কিবা এটি নিশ্চয় হৈছে। অকণমান সৰু সৰু অসুবিধা পাওঁতেই ,বেছি বেয়ালৈ নোযোৱাৰ আগতেই, আমাৰ শৰীৰৰ গাঁড়ী খন চিকিৎসকক দেখুৱাতো বুদ্ধিমানৰ কাম হ'ব।

🔜অহা খণ্ডত - দৈনন্দিন জীৱনত আমি কৰা কাম আৰু কঁকাল বিষ ৰ আদৰণি।

আশা ৰাখিছো, এই ক্ষুদ্ৰতম প্ৰয়াসেৰে লিখা লিখনিৰ যোগেদি আপোনালোক উপকৃত হ'ব। মৰমেৰে ধন্যবাদ 😊।

✍ডা: বিনীতা বৰা ( Physiotherapist )
MPT - Paediatric

📱- 9706211074

-প্ৰায় প্ৰতিখন ঘৰৰে চিনাকি এটি সমস্যা-             #কঁকাল_বিষ  #১ম খণ্ড  Physical medicine & Rehabilitation Clinics of ...
08/06/2021

-প্ৰায় প্ৰতিখন ঘৰৰে চিনাকি এটি সমস্যা-
#কঁকাল_বিষ #১ম খণ্ড

Physical medicine & Rehabilitation Clinics of North Ameria ৰ মতে - " Back pain is a symptom ,not a diagnosis."

আপোনাৰ চৰ্দি লাগিছে, জ্বৰ উঠিছে, কাঁহ হৈছে-- এই সকলোবোৰ এটা এটা symptom অৰ্থাৎ লক্ষণ। কিন্ত কি ৰোগৰ বাবে আপোনাৰ জ্বৰ,কাঁহ,পানী লগা হৈছে, সেইটোৱেই হৈছে এটি এটি ৰোগ। এজন ৰোগী যেতিয়া এনে কিছু লক্ষণ লৈ চিকিৎসকৰ কাষ চাপে। চিকিৎসকে কৰা assement , লেবৰটৰী পৰীক্ষা নিৰীক্ষা আৰু যাৱতীয় ইমেজিং টেকন'লজী ৰ অন্তত, কি ৰোগৰ বাবে এনে লক্ষণে দেখা দিছে, সেইয়া নিশ্চিত কৰে , তাকে কোৱা হয় Diagnosis ।
একেদৰে কঁকাল বিষো এটি লক্ষণ, কি কাৰণত লোক জনৰ কঁকাল বিষ হৈছে, সেইয়া এজন চিকিৎসকে Diagnose কৰে আৰু নিৰাময়ৰ ঔষধ prescribe কৰে।

এতিয়া আহো কঁকাল বিষ ৰ লক্ষণ আমি কি কি ৰোগত দেখা পাওঁ --

Macenzie য়ে ৩ টা ভাগত কঁকাল বিষৰ diagnosis বিভক্ত কৰিছে।

১)মেকানিকেল(Mechanical)

- যেতিয়া ৰাজহাঁড় ডাল গঠিত হোৱা আশে-পাশে থকা ৰাজহাঁড়ৰ ৰ টুকুৰা বোৰ, মাংসপেশী, নাৰ্ভ , লিগামেন্ট আদিৰ অলপ মান নিজৰ জেগাতে গণ্ডগোল কৰে, তেতিয়াই যেতিয়া কঁকাল বিষ হয় - Mechanical কঁকাল বিষ বুলি ধৰা হয়। উদাহৰণ স্বৰূপে -

➡️মাংসপেশী (muscle) দুৰ্বল হ'ব পাৰে বা মাংসপেশী ৰ দৈৰ্ঘ্যতা ছুটি হ'ব পাৰে (shortening of muscles).
➡️পৰি কঁকালত দুখ পালে।
➡️ৰাজহাঁড়ৰ গঠনত অকণমান ইফাল সিফাল হ'ল , ধৰক ওপৰৰ এটি টুকুৰা অকণমান নিজৰ জেগাৰ পৰা আগলৈ গ'ল বা পাছলৈ গ'ল।
➡️ৰাজহাঁড় জন্ম গত ভাৱে অলপ বেঁকা বা ৰাজহাঁড়ৰ নিজৰ নিজৰ ভাঁজ বোৰ হয়তো কমি গৈছে বা বাঢ়ি গৈছে।
➡️দুডাল ৰাজহাঁড়ৰৰ টুকুৰাৰ মাজত থকা IV Disc খন আগলৈ বা পাছলৈ গতি কৰে (Slipped disc).
➡️বয়স জনিত কাৰণত , চিকিৎসকে যে প্ৰায়েই যে কয়- ৰাজহাঁড়ত পানী কমিছে বুলি, সেইয়া ওঁ Mechanical diagnosis of low back pain.

এনে বহু কাৰণ আছে, ৰাজহাঁড়ৰ পৰিয়ালৰ মাজতে হোৱা কিছুমান অসুবিধাৰ ফলত কঁকাল বিষৰ আৰম্ভণি হয়।

তেনে কিছু ৰোগৰ নাম - কিছুমান আপোনালোকৰ চিনাকী নাম ওঁ থাকিব পাৰে।

Spondylosis 🛑Spondylolisthesis🛑Spondylolysis 🛑Fracture 🛑 Thoracic-Lumbar stenosis 🛑 Sacroiliac joint disfunction 🛑PIVD (Slipped disc) 🛑 Leg length difference 🛑 Scoliosis🛑Kyphosis etc.

২) Non - Mechanical -

ৰাজহাঁড় কিবা কাৰণত ফুলি উঠিলে, tumor হ'লে , infection জনিত কিবা বেমাৰ হোৱা ফলত হোৱা কঁকাল বিষৰ diagnosis এইটো বিভাগত পৰিব ।

🛑Ankylosing Spondylitis 🛑Rheumatoid Arthritis 🛑 Osteomyelitis 🛑 TB of spine 🛑 Sacrolities etc.

৩) Miscellaneous

👉মেটাবলিক-
ৰাজহাঁড়ৰ বা দেহত Magnesium / Calcium আদি কমিলে ওঁ কঁকাল বিষ হ'ব পাৰে।
- অষ্টিঅ'পৰ'চিছ (Osteoporosis)
- অষ্টিঅ'মালাছিয়া (Osteomalacia)

👉ছাইক'মেট্ৰিক বিষ
👉পেলভিক-পেটৰ ৰোগ
👉 কৰ্কট ৰোগ
👉 গৰ্ভৱতী মহিলাৰ কঁকাল বিষ ইত্যাদি বিভিন্ন Diagnosis।

❓ আপোনাৰ কঁকাল বিষৰ diagnosis কি হ'ব পাৰে, এক চিন্তনীয় বিষয়।
সমীক্ষাত প্ৰকাশ পাইছে যে ৯৮% কঁকাল বিষৰ diagnosis হ'ল - ১মটো - মেকানিকেল। ২% কঁকাল বিষৰ diagnosis ২য় আৰু ৩য় diagnosis ৰ ভিতৰত পৰে।

❓যদি আমি কথা পাতো ,বেছিকৈ নো হৈ থকা কঁকাল বিষৰ diagnosis বোৰ কি কি হয়।

➡️সমীক্ষা মতে -
২৩.৫ % ------ Slipped disc
২০ % --------- Spondylosis
১৮.৫% -------- Spinal canal Stenosis.

আৰু জানিম কঁকাল বিষৰ বিষয়ে। দেখিলেনে ইমান বোৰ বেমাৰত কঁকাল বিষ হয়। সকলো বেমাৰৰে pathology ( ৰোগৰ কাৰণ) বেলেগ বেলেগ হয়।

কেতিয়াবা একো বেমাৰ নোহোৱাকৈ এনেই কঁকাল বিষ হ'ব পাৰে।
🦴কিছুমান মাংসপেশী দুৰ্বল হোৱাৰ ফলত( muscle weak)
🦴 বিশেষ কেইটিমান muscle ৰ ব্যৱহাৰ বেছি হোৱাৰ ফলত।

এতিয়া কি বেমাৰৰ বাবে কঁকাল বিষ হৈছে, সেইয়া জানিবলৈ Assessment/ পৰীক্ষা ৰ প্ৰয়োজন আৱশ্যক হৈ পৰে। YouTube ত সহজতেই উপলব্ধ কিছু exercise ,সেইবাবেই কৰাৰ পৰা দূৰত থাকিব লাগে। যদিহে আপুনি নাজানে , আপোনাৰ কঁকাল বিষৰ কাৰণ কি । সদায়েই চিকিৎসকৰ উপদেশ মতেহে ঔষধ সেৱন কৰিব লাগে বা ব্যায়াম কৰিব লাগে।

মৰমেৰে ধন্যবাদ।

ডা: বিনীতা বৰা (MPT Paediatric)
ফিজিঅ'থেৰাপিষ্ট
যোগাযোগ নং- 9706211074



আগলৈ.......

06/06/2021

Being a physiotherapist 1st we do assessment-on the basis of physical examination-We diagnose a case.
The assessment and re-assessment are critical elements in determining the correct physiotherapy treatment. What say?

Address

North Lakhimpur
787001

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+919706211074

Website

Alerts

Be the first to know and let us send you an email when Physiotherapist Bineeta -Paediatrics posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Physiotherapist Bineeta -Paediatrics:

Share