04/02/2025
পিতৃ- মাতৃ হোৱাটো যেনেদৰে এক মধুৰ অভিজ্ঞতা, ঠিক তেনেদৰে এক বিশাল দায়িত্ব । সন্তানটি জন্ম হোৱা পিছৰে পৰা তাৰ প্ৰতিটো বিষয়ৰ প্ৰতি চকু ৰাখক। সঠিক সময়ত সঠিক ভাৱে শাৰীৰিক আৰু মানসিক বিকাশ হৈ আছে নে নাই লক্ষ্য কৰক। যদিহে আপোনাৰ সন্তানটিত তলত উল্লেখ কৰা লক্ষণ সমূহ দেখা পায়, তেন্তে আপোনাৰ সন্তানৰ ফিজিঅ 'থেৰাপি চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে-
* শিশুটোৱে যদি ৮ মাহলৈকে বহা নাই।
* শিশুটোৱে যদি ১২ মাহলৈকে বগাই যাব (crawling) পাৰা নাই।
* শিশুটোৱে যদি ১৮ মাহলৈকে খোজকাঢ়া নাই।
* শিশুটোৱে যদি যিকোনো এটা ফালে মূখ কৰি শুব বিচাৰে।
* শিশুটোৱে যদি ৬ মাহতকৈ অধিক সময় ভৰিৰ আঙুলিত (toe walk) খোজকাঢ়ে।
তদুপৰি শিশুটিৰ মাত-কথা, অংগি-ভংগি, সক্ৰিয়তাৰ প্ৰতি নজৰ ৰাখক।
আন্তৰিক শুভেচ্ছা,
ডাঃ এম.এচ . ফাহমী (পিটি)
বিপিটি, চিএমটি, এমপিটি (স্নায়ুবিজ্ঞান)
পেইন,ফিজিঅ'থেৰাপি এন্ড ৰিহেবিলিটেশ্বন ক্লিনিক - পাচঁমাইল, তেজপুৰ
গুৱাহাটী পেইন, ফিজিঅ'থেৰাপি এন্ড ৰিহেবিলিটেশ্বন ক্লিনিক - হাতিগাওঁ চাৰিআলি,নীল কমল পথ, গুৱাহাটী
যোগাযোগ -৯৩৯৫৪৬৩৩৫৯