Devdaru Diagnostics, Abhayapuri

Devdaru Diagnostics, Abhayapuri 24 hour Doctor, Lab, X-ray, ECG, Daycare (Bed for patient), Sonography Echocardiography, MTP

Laboratory, Sonography, X-ray, ECG, Echocardiography, Multispecialist Doctor, Bed 4 observation, MTP

অভায়াপুৰী বাসীৰ বাবে সুখবৰ!!!!!!! প্রতিদিন ৰাতিপুৱা  9:30 বজাৰ পৰা দেৱদাৰু ডেইগনষ্টিক্সত সাক্ষাৎ পাব আমাৰ সকলোৰে পৰিচিত ...
23/05/2025

অভায়াপুৰী বাসীৰ বাবে সুখবৰ!!!!!!!

প্রতিদিন ৰাতিপুৱা 9:30 বজাৰ পৰা দেৱদাৰু ডেইগনষ্টিক্সত সাক্ষাৎ পাব
আমাৰ সকলোৰে পৰিচিত DR.M.K.KAKATI (Retd.Deputy superintendent of Abhayapuri C.H.C) ছাৰক।

যোগাযোগ কৰক- 9395642474/60012 91366

লেঙটিছিঙাত চিনাকী এজনৰ বন্ধুৱে জনালে যে তেখেতে চাৰিবাৰ ফিষ্টুলা (ভগন্দৰ) অপাৰেচন কৰিলে। অপাৰেচন কৰে, কিছুদিন ঠিক থাকে, ক...
09/05/2025

লেঙটিছিঙাত চিনাকী এজনৰ বন্ধুৱে জনালে যে তেখেতে চাৰিবাৰ ফিষ্টুলা (ভগন্দৰ) অপাৰেচন কৰিলে। অপাৰেচন কৰে, কিছুদিন ঠিক থাকে, কিছুদিন পাছত আকৌ অসুবিধা পায়। তেখেতে নাজানে যে আয়ুৰ্বেদ ক্ষাৰসুত্ৰ থেৰাপিৰ দ্বাৰা এই ৰোগৰ পৰা একেবাৰতে স্থায়ীভাৱে সমূলে পৰিত্ৰাণ পোৱা যায়। জনোৱাত ক'লে- এইবাৰ recur (পুনৰোদ্ভৱ) হ'লে আপোনাৰ পৰা ক্ষাৰসূত্র চিকিৎসা কৰাম | আশাকৰোঁ তেখেতৰ আকৌ recur নহওক |

ফিষ্টুলা শব্দটোৱে শৰীৰৰ দুটা অংশৰ মাজত হোৱা অস্বাভাৱিক সংযোগক বুজায়।পায়ুপথৰ পৰা বাহিৰৰ পায়ুপথৰ ছাললৈ গঢ় লৈ উঠা অস্বাভাৱিক নলী বা পথক এনোৰেক্টাল ফিষ্টুলা বা পায়ুপথৰ ফিষ্টুলা বা ভগন্দৰ বুলি জনা যায়।

• পায়ুপথৰ চাৰিওফালে ফুলা আৰু বিষ হোৱা, ফোড়া ওলোৱা
• লগতে, জ্বৰ, ঠাণ্ডা, অসুস্থ আৰু ভাগৰুৱা অনুভৱ কৰা
• পায়ুপথৰ খোলা অংশত ঘাঁ হোৱা, ৰঙা পৰা বা খজুৱতি হোৱা
* পায়ুপথৰ মুকলি ঠাইত পূজ ওলোৱা আদি ফিষ্টুলাৰ লক্ষণ হব পাৰে |

ফিষ্টুলাৰ পৰা সম্পূর্ণৰূপে পৰিত্ৰাণ পাবলৈ আয়ুর্বেদ ক্ষাৰসূত্র চিকিৎসা কৰাওক, ৰোগটো পুণৰ হোৱাৰ সম্ভাৱনা নাথাকে | ফিষ্টুলাৰ লগতে পাইলচৰ বাবেও ক্ষাৰসূত্র এটা নিৰাপদ, গেৰাণ্টিযুক্ত আৰু কমখৰচী চিকিৎসা |

✍️
ডাঃ আমিৰুল ইছলাম খান
BAMS ( Bachelor of Ayurvedic Medicine & Surgery)
PGC. Ksharsutra
🤳 9395681839

ডাঃ আমিৰুল ইছলাম খানক আমাৰ ইয়াত সাক্ষাৎ পাব প্ৰতি শুক্ৰ , ৰবি আৰু মঙ্গলদিনা দুপৰীয়া 2 বজাৰ পৰা

29/04/2025

অভায়াপুৰী বাসীৰ বাবে সুখবৰ!!!!!!!

প্রতিদিন দিনৰ 2:00 বজাৰ পৰা দেৱদাৰু ডেইগনষ্টিক্সত সাক্ষাৎ পাব Dr. Kumaran Ramasamy
M.B.B.S M.D (GENERAL MEDICINE)
GMCH

যোগাযোগ কৰক- 9395642474/60012 91366

24 hour Doctor, Lab, X-ray, ECG, Daycare (Bed for patient), Sonography Echocardiography, MTP

সকলোৱে পাইলচ বুলি কয় যদিও তাৰে কিছু ফিষ্টুলাও থাকে। Fistula in Ano হৈছে এনেকুৱা এটা ৰোগ যাৰ সমাধান সৰহ ক্ষেত্ৰতে operati...
28/04/2025

সকলোৱে পাইলচ বুলি কয় যদিও তাৰে কিছু ফিষ্টুলাও থাকে। Fistula in Ano হৈছে এনেকুৱা এটা ৰোগ যাৰ সমাধান সৰহ ক্ষেত্ৰতে operation - ৰ দ্বাৰাও নহয়। Operation কৰাৰ পাছতো বাৰে বাৰে আকৌ উদ্ভৱ হয়।
আয়ুৰ্বেদ ক্ষাৰসূত্ৰ এই ৰোগৰ বাবে একপ্ৰকাৰ গেৰান্টি চিকিৎসা । 10-12 হাজাৰ টকাতে এই চিকিৎসা সম্পুৰ্ণ হৈ যায়। কিন্তু যিসকলে ক্ষাৰসূত্ৰ কৰোঁতেও ভয় কৰি আছে , তেওঁলোকে আয়ুৰ্বেদ ঔষধৰ সহায়ত ইয়াৰ চিকিৎসাৰ বাবে চেষ্টা কৰিব পাৰে। বহু ক্ষেত্ৰত কেৱল আয়ুৰ্বেদ ঔষধৰ সহায়ত ইয়াৰ নিৰাময় হৈ যায়।

✍️ডাঃ আমিৰুল ইছলাম খান
📞 9395681839

আমাৰ ইয়াত প্ৰতি মঙ্গলবাৰ, শুক্ৰবাৰ আৰু ৰবিবাৰে সাক্ষাৎ পাব।




21/04/2025

আমাৰ ইয়াত__

#প্রতিদিন পূৱা ৮:০০ বজাৰ পৰা ৰাতি ৮:০০ বজালৈ মহিলা ৰেডিঅগ্ৰফাৰৰ দ্বাৰা যিকোনো *এক্স-ৰে আৰু ইচিজি* কৰিব পাৰিব।

* #প্রতিদিন ৰাতিপুৱা ১০:০০ বজাৰ পৰা সন্ধিয়া ৭:০০ বজালৈ দন্ত চিকিৎসক উপলব্ধ।*

# *ৰেডিঅলজিষ্টৰ* দ্বাৰা যিকোনো ধৰণৰ ছনোগ্রাফী কৰিব পাৰিব।

# প্রতিদিন *গাইনি ডাক্তৰৰ* দ্বাৰা গৰ্ভৱতীৰ ছনোগ্রাফী কৰিব পাৰিব।
(সোমবাৰৰ পৰা শনিবাৰলৈ)

# প্রতি বুধবাৰ সন্ধিয়া (6.30pm) *মহিলা গাইনিডাক্তৰৰ* দ্বাৰা গৰ্ভৱতীৰ ছনোগ্রাফী কৰিব পাৰিব।

# *প্রতিদিন যিকোনো ধৰণৰ তেজৰ পৰীক্ষা কৰিব পাৰিব।*

যোগাযোগ নং-
*9395642474/6001291366*

ধন্যবাদেৰে-
*দেৱদাৰু ডাইগ্নষ্টিক্স*
*অভয়াপুৰী*

Radiographer Required.Contact - 60012 91366
07/04/2025

Radiographer Required.
Contact - 60012 91366

Lab Tech Required.Contact - 60012 91366
18/02/2025

Lab Tech Required.
Contact - 60012 91366

শৌচদ্বাৰৰ যিকোনো অসুবিধাক ৰোগীয়ে পাইলচ বুলি বৰ্ণনা কৰে। গতিকে, চিকিৎসকে খুচঁৰি খুচঁৰি সুধি, প্ৰত্যক্ষ কৰি বা আন পৰীক্ষা...
14/01/2025

শৌচদ্বাৰৰ যিকোনো অসুবিধাক ৰোগীয়ে পাইলচ বুলি বৰ্ণনা কৰে। গতিকে, চিকিৎসকে খুচঁৰি খুচঁৰি সুধি, প্ৰত্যক্ষ কৰি বা আন পৰীক্ষা কৰি প্ৰথমে উলিয়াব লাগে যে প্ৰকৃততে কি হৈছে। ৰোগীয়ে পাইলচ বুলি কলেও পৰীক্ষা কৰাৰ পাছত সেয়া পাইলচ, ফিষ্টুলা, ফিচাৰ, পেৰিনিয়েল এবচেচ, মলদ্বাৰৰ কৰ্কট ৰোগ, প্ৰকটাইটিচ, চেন্তিনেল টেগ, পলিপ , প্ৰলেপচ ,পাইনেডাল চাইনাচ ইত্যাদি পোৱা যায়, আনকি ৰক্তক্ষৰণৰ কাৰণ মলদ্বাৰৰ ওপৰৰ মানে বৃহদান্ত্ৰতো থাকিব পাৰে।
হয়, পায়খানাৰ ৰস্তায়েদি তেজ যোৱা মানেই আপোনাৰ পাইলচ নহবও পাৰে, ফিচাৰ, কেঞ্চাৰ, কলাইটিচ আদিও হ'ব পাৰে।
আজি কেৱল এইবোৰৰ মাজত অলপ পাৰ্থক্যবোৰ চমুকৈ আৰু সহজকৈ লিখিবলৈ লৈছোঁ -
#পাইলচ হৈছে মলদ্বাৰৰ ভিতৰৰ বা বাহিৰৰ আঙুৰৰ দৰে এটা বস্তু হোৱা যি কেতিয়াবা ফাটি গৈ তেজ যাব পাৰে | বেছিভাগ ক্ষেত্রতেই এই বলবোৰ প্রকৃততে মলদ্বাৰত থকা সিৰাবোৰৰ ফুলি যোৱা অৱস্থাহে | গতিকে, টান পায়খানা বা আন কাৰণত সিৰা ফাটি গলে পোনে পোনে সিৰাৰ পৰা সতেজ তেজ ফোটা ফোটকৈ পৰে | পাইলচ হোৱাৰ বিভিন্ন কাৰণ আৰু তত্ত্ব আছে যদিও প্রায় সকলোতে মলদ্বাৰত অধিক চাপ দিয়াটো কাৰণ হিচাপে থাকে | লেট্রিনত বেছি সময় বহি থকা, কোমল লিপিট খোৱা গাদীত বেছি বহি থকা, সদায় কোষ্ঠ কাঠিন্য থকা, বেছি জোৰ দিয়া আদি বিভিন্ন প্রকাৰে মলদ্বাৰত সদায় চাপ পৰিলে সিৰাবোৰ ফুলি যায় যাক আমি পাইলচ বুলি কওঁ | পাইলচত সাধাৰণতে বিষ নাথাকে | কিন্তু তেজ গোট মাৰিলে বা সংক্ৰমণ হলে বিষাব পাৰে।

#ফিচাৰ হৈছে পায়ুপথ ফাটি যোৱা বা ঘাঁ হোৱা । টান পায়খানা, পেলু বা এমিবা জাতীয় বীজানু , পায়ুমৈথুন আদি বিভিন্ন কাৰণৰ ওপৰিও কলাইটিচ , IBD থকা ৰোগীৰো এই অসুবিধা পাব পাৰে | ফিচাৰ হ'লে পায়খানা কৰাৰ পাছত প্ৰচণ্ড বিষ আৰু জলাপুৰা হব পাৰে , খজুৱতিও থাকিব পাৰে লগত। ফিচাৰত পায়খানাৰ সৈতে তেজ লাগি আহিব পাৰে বা টয়েলেত পেপাৰত তেজ দেখা যায় ।ফিচাৰ মেৰামতি কৰিবলৈ আহা কোষবোৰ কেতিয়াবা ফিচাৰৰ আশে পাশে জমা হৈ ছাল বৃদ্ধি পোৱাৰ দৰে দেখা যায় , এইবোৰক চেণ্টিনেল টেগ বোলে।

ফিচাৰ গুৰিৰ পৰাই হওক, বা কেতিয়াবা মলদ্বাৰৰ ভাজত সংক্ৰমণ হৈ ফোড়া ওলাব পাৰে | ইয়াক পেৰিনিয়েল #এবচেচ বুলি কোৱা হয় | ইয়াত বিষ থাকে প্ৰচণ্ড।

এবচেচ ভাল নহলে ই কেতিয়াবা #ফিষ্টুলাৰ ৰূপ লয় । বিশেষকৈ মলদ্বাৰৰ ভিতৰেদি মুখ ওলাই এটা সুৰুংগৰ দৰে হৈ পৰে। পূঁজ আহি থাকে, খজুৱতি বিষ থাকিব পাৰে , ঔষধ খালে দুই এদিন ভাল হোৱা যেন লাগে , কিন্তু কিছুদিন পাছত আকৌ বাঢ়ে।

কেতিয়াবা কিছমানৰ গোটেই মলভাণ্ড ওলাই আহে তাক প্ৰলাপচ বুলি কোৱা হয় ।
কঁকালৰ তলত কেতিয়াবা ফোড়াৰ নিচিনা ওলায় ভিতৰত চুলি জমা হৈ থকা দেখা যাব পাৰে , ইয়াক পায়েনিডাল চাইনাচ বোলে |
দীঘলীয়া হোৱা বাবে আজিলৈ ইমানতে সামৰিছোঁ | অধিক জানিবলৈ মেচেজ বা কমেন্টযোগে জনাব পাৰে |
✍️ ডাঃ আমিৰুল ইছলাম খান |
যোগাযোগ - 9395681839

ডাঃ খানক আমাৰ দেৱদাৰু ডাইগ্নষ্টিকচ অভয়াপুৰী ত সাক্ষাৎ কৰিব পাৰে প্ৰতি শুক্ৰবাৰ, দেওবাৰ আৰু মঙ্গলবাৰ বিয়লি ২ বজাত। আগতীয়াকৈ বুকিং লবলৈ ফোন কৰক 9395642474

Gynaecologist available..প্রতিদিন প্রসূতি ও স্ত্রীৰোগ বিশেষজ্ঞ উপলব্ধContact - 9395642474    Facility Available:  sonogr...
20/12/2024

Gynaecologist available..
প্রতিদিন প্রসূতি ও স্ত্রীৰোগ বিশেষজ্ঞ উপলব্ধ
Contact - 9395642474



Facility Available:
sonography at Abhayapuri
termination of pregnancy

ABHAYAPURIR KHOBOR অভয়াপুৰীৰ খবৰ I Love Bongaigaon

10/12/2024

Address

MG Road, Near Old Hospital (with JIO Office)
Abhayapuri
783380

Telephone

+919395642474

Website

Alerts

Be the first to know and let us send you an email when Devdaru Diagnostics, Abhayapuri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Devdaru Diagnostics, Abhayapuri:

Share