04/10/2025
কাইলৈ (05/10/2025) আৰু পৰহিলৈ (06/10/2025) ৰাতিপুৱা 11 বজাৰ পৰা ৰাতি 10 বজালৈ বাইহাটা চাৰিআলিত আপোনালোকক তলত দিয়া ঠিকনাত লগ পাম। মোক লগ পাব বাইহাটা চাৰিআলিৰ MEDICINE HOUSE-ত। এপইণ্টমেণ্ট ল’বলৈ নম্বৰকেইটা তলত দিয়া হৈছে। Appointment লোৱাৰ আগত অনুগ্ৰহ কৰি তলত দিয়া কথাখিনি ভালদৰে তথা সম্পূৰ্ণৰূপে পঢ়ি চাই যাতে।
কেইটামান কথা মনত ৰাখে যেন🙏🏻
✅ যদিও মই এজন Emergency Physician, মই OPD-ত এজন General Practitioner হিচাপেহে ৰোগী চাও। সেয়েহে কোনো Superspecialist-ক দেখুৱাবলগীয়া বেমাৰবোৰৰ বাবে যাতে বিভাগীয় চিকিৎসককহে দেখুৱাই।
✅ আপোনালোকে ইতিমধ্যে গম পাইছে চাগে যে মই বিশেষকৈ Lifestyle Disease যেনে,মেদ বহুলতা (Obesity), উচ্চ ৰক্তচাপ (High BP), মধুমেহ (Diabetes), Fatty Liver, High Cholesterol, Thyroid disease, PCOD, Anxiety ইত্যাদিৰ প্ৰতিৰোধ তথা প্ৰাথমিক অৱস্থাত দৈনন্দিন জীৱন শৈলীৰ সালসলনি কৰি চিকিৎসা কৰাৰ ওপৰতহে গুৰুত্ব দিও। ঔষধৰ প্ৰয়োজন হ’লে prescription দিয়া হ’ব, কিন্তু যিমান পাৰো কিছু যত্ন আৰু চেষ্টাৰে ৰোগবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰা হ’ব।
✅ প্ৰতিজন ৰোগীৰ লগত ১০-১৫ মিনিটকৈ কথা পতা হ’ব৷ সেয়েহে ৰোগীৰ অসুবিধাৰ কথাখিনি যাতে চমুকৈ কয়৷ পাছে Physiotherapy দিওতে যিমান সময়ৰ প্ৰয়োজন হয় সিমান সময়ৰ বাবে দিয়া হ’ব।
✅ বৰ্তমান সময়ত যদি ৰোগীয়ে কিবা ঔষধ ব্যৱহাৰ কৰি আছে, যদি কিবা লেবৰেট'ৰী টেষ্টৰ ৰিপ’ৰ্ট আছে সেই সকলোবোৰ নথিপত্ৰ যাতে পৰিপাটীকৈ লৈ আহে৷
✅ শেষৰ ৰোগী চাঁওতে হয়তো সন্ধিয়া/ৰাতি হৈ যাব পাৰে৷ সেয়েহে সকলোৰে সহযোগিতা কামনা কৰিলো৷
✅ প্ৰয়োজন সাপেক্ষে কাৰোবাক যদি Diet list দিব লগা হয় তেখেতক তেখেতৰ বয়স,লিংগ,ওজন, ইতিমধ্যে চলি থকা বেমাৰ তথা লেবৰেটৰী টেষ্ট ইত্যাদি জুখি মাখি চাই এটি সামান্য মাচুলৰ বাবদ যোগান ধৰা হ’ব৷ তাত ব্যক্তিজনে কৰিবলগীয়া ব্যায়ামৰ বিষয়েও জনোৱা হ’ব৷
Appointment of
Dr(Maj) Dipam Kumar Barman,
Contact for prior appointment. 📱 7086643160, 9864689183
Address:
Medicine House
Baihata Chariali