30/04/2026
লালমাটি SC–AAM ৰ বাবে গৌৰৱৰ মুহূৰ্ত
আজি AIIMS, গুৱাহাটী NMHS 2.0 ৰ এটা দলে লালমাটি SC–AAM পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ উচ্চ মানৰ, ৰোগী-কেন্দ্ৰিক স্বাস্থ্যসেৱাৰ বাবে প্ৰশংসা কৰে।
দলটোৰ সদস্যসকল—Shahin Afruz, Jagya Jyoti Mishra আৰু Diksha Das—কেন্দ্ৰটোৰ পৰিষ্কাৰ পৰিৱেশ, কার্যকৰী patient tracking system আৰু সঠিক documentation ৰ বাবে বিশেষভাৱে সন্তুষ্ট হয়।
CHO মুকতাদিৰ হুছেইনৰ সৈতে হোৱা আলোচনাত Diabetes আৰু Mental Health ৰোগীসকলৰ adherence কেনেদৰে নিশ্চিত কৰা হয় সেই বিষয়ে আলোচনা কৰা হয়। লগতে Tele-MANAS (হেল্পলাইন 14416) ৰ জৰিয়তে মানসিক সমস্যাসমূহৰ বাবে সময়মতে সহায় আৰু পৰামৰ্শ প্ৰদান কৰা হয় বুলি দলটোৱে প্ৰশংসা কৰে।
ৰোগীসকলেও CPHC টিমৰ পৰা পোৱা সহায় আৰু যত্নৰ বিষয়ে ইতিবাচক মত প্ৰকাশ কৰে।
কেন্দ্ৰটোৱে Diabetes care, Mental Health service, বৃদ্ধসেৱা, Palliative care আৰু NCD ব্যৱস্থাপনা সফলভাৱে ৰূপায়ণ কৰাৰ লগতে Patient Support Group, Saas Bahu Sammelan, Pakhila Team, Aushadhi Pouch, Medicine Bag আৰু NCD Tracking Bag আদি উদ্ভাৱনীমূলক উদ্যোগসমূহো আগবঢ়াই লৈ গৈছে।
বৃদ্ধ, দৰিদ্ৰ আৰু diabetic ৰোগীসকলক সাপ্তাহিকভাৱে পুষ্টিকৰ খাদ্য বিতৰণ কৰাটো এক বিশেষ প্ৰশংসনীয় পদক্ষেপ।
এই উপলক্ষে AIIMS দলটোৱে CPHC টিমৰ সদস্যসকলক তেওঁলোকৰ নিষ্ঠা আৰু উৎকৃষ্ট সেৱাৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰি সন্মান জনায়।
দলটোৱে লালমাটি SC–AAMক অসমৰ অন্যতম শ্ৰেষ্ঠ স্বাস্থ্যকেন্দ্ৰ বুলি উল্লেখ কৰে।
World Health Organization (WHO)National Health Mission,AssamAyushman Arogya Mandir-AAM,AssamMinistry of Health and Family Welfare, Government of IndiaNHM, Bongaigaon