Reiki the art of healing

Reiki the art of healing ৰেইকি হিলিঙৰ জৰিয়তে আমি আমাৰ ৰোগ আৰু ব্যক্তিগত জীৱনৰ সমস্যা সমূহ সমাধানৰ প্ৰচেষ্টা কৰো।

সন্তান লাভৰ বাবে ৰেইকি🌸আজিকালি দেখা দিয়া এক সমস্যা হৈছে সন্তানহীনতা। প্ৰতিটো দম্পতিয়ে বিবাহৰ জৰিয়তে সন্তান কামনা কৰে ...
04/09/2025

সন্তান লাভৰ বাবে ৰেইকি🌸
আজিকালি দেখা দিয়া এক সমস্যা হৈছে সন্তানহীনতা। প্ৰতিটো দম্পতিয়ে বিবাহৰ জৰিয়তে সন্তান কামনা কৰে এয়া এক প্ৰাকৃতিক নিয়ম। কিন্তু বিভিন্ন কাৰণবশত বহু দম্পতিয়ে সন্তান লাভৰ পৰা বঞ্চিত হোৱা দেখা যায়। অসুবিধা আৰু দুখ সমূহ প্ৰথমে অভিজ্ঞ চিকিৎসকৰ চিনাক্ত কৰি সেই মতে চিকিৎসা গ্রহণ কৰা উচিত। ইয়াৰ উপৰিও ৰেইকি সহায় বিচাৰিব পাৰে যি সকলে এই সমস্যাত পৰিছে। কিছুমান সিদ্ধান্ত সময় থাকোতেই গ্রহণ কৰা উচিত।

সন্তান লাভৰ বাবে ৰেইকি (Fertility Reiki) বিশেষকৈ সহায়ক হয় বুলি গণ্য কৰা হয় আৰু ই প্ৰমাণিকো। কাৰণ ই দেহ-মন-আত্মাৰ সমতা আনি প্ৰজননশক্তিক ক্ষমতাশালী কৰি তুলে।

Bishnu Sonowal, Reiki Grandmaster, Mobile: 9707085770

✨ সন্তান লাভৰ বাবে ৰেইকিৰ কিদৰে কৰিবঃ

১. প্ৰস্তুতি:
একান্ত আৰু শান্ত পৰিবেশ বাছনি কৰক।

দুয়ো গৰাকী (পতি–পত্নী) একেলগে কৰিলে বেছি উপকাৰী হয়।

২. প্ৰাৰ্থনা (Intention Setting)

আপোনাৰ ৰেইকি গুৰুৱে শিকোৱা দৰে ৰেইকি আবাহন কৰক। আৰু ৰেইকিৰ সৈতে দুয়োকে সংযোগ কৰক।

৩. হাতৰ স্থাপন (Hand Positions)
প্ৰথমে প্ৰতিটো চক্ৰত ৩ৰ পৰা ৫ মিনিট ৰেইকি প্ৰবাহিত হ'বলৈ দিয়ক। আপুনি যদি আজ্ঞা প্ৰাপ্ত হয় তেন্তে ৰেইকি চিহ্ন ব্যৱহাৰ কৰক।

প্ৰতিটো চক্ৰত যেতিয়া ৰেইকি প্ৰবাহ হ'বলৈ দিব তেতিয়া মাথা ক্ৰমান্বয়ে মানসিক চাপ দূৰ হ'ব চক্র সমূহ শক্তিশালী আৰু নিৰোগী হ'ব। মন আৰু আত্মসাত প্ৰেম আৰু কৃতজ্ঞতাৰ ভাৱ জাগ্ৰত হ'ব।

যেতিয়া স্বাধিস্থান আৰু মূলাধাৰ চক্ৰত ৰেইকি প্ৰবাহিত কৰিব শক্তিৰ প্ৰভাৱত প্ৰজননশক্তি আৰু প্ৰজনন তন্ৰ সমূহ সক্ৰিয় হৈ পৰিব। আমাৰ অংগ সমূহত থকা বাধা সমূহ ৰেইকি শক্তিয়ে ক্ৰমাৎ দূৰ কৰিব।

৪. Affirmation:
ৰেইকিত affirmation অতি জৰুৰী, সেয়েহে এনেধৰণে affirmation দিব পাৰে।
"আমি ব্ৰহ্মাণ্ডীয় শক্তি ৰেইকি প্ৰভাৱত এটি সুস্থ সন্তানৰ পিতৃ-মাতৃ হ'লো।"
নতুবা "আমি ব্ৰহ্মাণ্ডীয় শক্তি ৰেইকি প্ৰভাৱত এটি সুস্থ সন্তান লাভ কৰিলে।"

৫. সমাপ্তি
শেষত দুয়ো নমস্কাৰ মুদ্রাৰে বুকুত লৈ সকলোকে কৃতজ্ঞতা জনাওঁক। ঠিক আপোনাৰ ৰেইকি গুৰুৱে দিহা প্ৰদান কৰাৰ দৰে।

স্বাস্থ্যকৰ আহাৰ, পৰ্যাপ্ত নিদ্ৰা আৰু ডাক্তৰৰ পৰামৰ্শও একে ধৰণে গুৰুত্বপূর্ণ হেতু সুস্বাস্থ্যৰ নিয়মবোৰ পালন কৰক।

#ৰেইকি_পঞ্চনীতি #ৰেইকি

 #ৰেইকি_পঞ্চনীতিমিকাও উছুইয়ে ৰেইকি প্ৰচাৰ কৰোঁতে “গোকাই” বুলি কোৱা ৫টা মূল নীতি (Reiki Principles)ৰ কথা কৈছিল। এইবোৰ প্ৰ...
28/08/2025

#ৰেইকি_পঞ্চনীতি
মিকাও উছুইয়ে ৰেইকি প্ৰচাৰ কৰোঁতে “গোকাই” বুলি কোৱা ৫টা মূল নীতি (Reiki Principles)ৰ কথা কৈছিল। এইবোৰ প্ৰাতঃকালে আৰু সন্ধিয়া বা ধ্যানৰ আগতে পঢ়িবলৈ উপদেশ দিয়া হৈছিল।
আজি ৰেইকিৰ এই ৫টা নীতিক বুদ্ধ দৰ্শনৰ সৈতে তুলনা কৰিবলৈ চেষ্টা কৰিম। যদিওবা তুলনা কৰাতো ইমান সহজো নহয়।
Bishnu Sonowal, Reiki Grandmaster, WhatsApp #9707085770

🌿 ৰেইকিৰ ৫টা মূল নীতি আৰু বুদ্ধৰ শিক্ষা।
১. Just for today, I will not be angry
(আজিৰ বাবে কেৱল, মই ৰাগ বা খং নকৰিম)

বুদ্ধৰ শিক্ষা: বুদ্ধই কৈছিল — ৰাগ মানৱৰ তিনিটা বিষ (ত্রিৱিষ)ৰ অন্যতম। ৰাগ থাকিলে মন বিষাক্ত হয়, কষ্ট বাঢ়ে। মৈত্রী-ভাৱনা ধ্যান (Metta Bhavana) ৰ জৰিয়তে ৰাগ হ্ৰাস হয়।
👉 ৰেইকিৰ এই নীতি আৰু বুদ্ধৰ শিক্ষা দুয়োটাই অৰাগ (non-anger) আৰু ক্ৰোধ নিয়ন্ত্ৰণক গুৰুত্ব দিয়ে।

২. Just for today, I will not worry
(আজিৰ বাবে কেৱল, মই চিন্তা নকৰিম)

বুদ্ধৰ শিক্ষা: ভবিষ্যতৰ ভয় আৰু অতীতৰ অনুতাপত মন গােধূলি হোৱা মানে দুখ বাঢ়ে। বুদ্ধই সতিপঠান (Mindfulness) শিক্ষা দিছিল — “এতিয়া আৰু ইয়াত থাকক।”
👉 ৰেইকিৰ এই নীতি আৰু বুদ্ধৰ শিক্ষা দুয়োটাই সচেতনতা (Mindfulness) আৰু চিন্তা-মুক্ত মনৰ কথা কয়।

৩. Just for today, I will be grateful
(আজিৰ বাবে কেৱল, মই কৃতজ্ঞ হ’ম)

বুদ্ধৰ শিক্ষা: বুদ্ধই কৃতজ্ঞতা (gratitude)ক মহৎ গুণ বুলি কৈছিল। পিতৃ-মাতৃ, গুৰু আৰু সমাজৰ প্রতি কৃতজ্ঞতা বোধ মানৱতাৰ সৰ্বোচ্চ গুণৰ ভিতৰত অন্যতম।
👉 ৰেইকিতো কৃতজ্ঞতা অভ্যাসৰ মূল; কৃতজ্ঞ হৃদয়ৰ পৰা Energy Flow সৰ্বাধিক শক্তিশালী হয়।

৪. Just for today, I will do my work honestly
(আজিৰ বাবে কেৱল, মই সততাৰে কাম কৰিম)

বুদ্ধৰ শিক্ষা: অষ্টমাৰ্গৰ এটা অংশ হ’ল সম্মা-আজীৱ (Right Livelihood)। মানে — অনৈতিক কাম নকৰি, সৎপথে জীৱন-যাপন।
👉 ৰেইকিৰ এই নীতি বুদ্ধৰ Right Livelihoodৰ একে বীজ।

৫. Just for today, I will be kind to every living being
(আজিৰ বাবে কেৱল, মই সকলো জীৱলৈ দয়া কৰিম)

বুদ্ধৰ শিক্ষা: বুদ্ধৰ দৰ্শনৰ কেন্দ্ৰীয় অংশেই হৈছে মৈত্ৰী আৰু কৰুণা — সকলো জীৱলৈ সদয়তা আৰু দয়া প্ৰকাশ কৰা।
👉 ৰেইকিৰ এই নীতি সঠিককৈ বুদ্ধৰ কৰুণাৰ শিক্ষা প্ৰতিফলিত কৰে।

✨ মিলনবিন্দঃ
ৰেইকি আৰু বুদ্ধ ধৰ্মৰ মাজত যদিও ভিন্ন ধাৰা আছে, কিন্তু —
অৰাগ, অচিন্তা, কৃতজ্ঞতা, সততা আৰু কৰুণা — এই পাঁচ নীতি দুয়োটাত একেবাৰে মিলি যায়।
বুদ্ধৰ দৰ্শন মুক্তিৰ পথ, ৰেইকি হৈছে চিকিৎসাৰ পথ; কিন্তু দুয়োটাৰ মূল “Inner Peace and Compassion”। দুয়োটাই আমাৰ সুস্থ আৰু প্ৰশান্তিময় জীৱনৰ বাবে অতি প্ৰয়োজন। সময়ে এই নীতি কেইটা সঠিকভাবে পালন কৰা উচিত। লিখনিৰ ওপৰত আপোনাৰ মতামত জনালে সুখী হ'ম।

゚viralシfypシ゚viralシ #ৰেইকি Maxica Borgohain Gogoi Indrajit Sonowal Reiki Sparsh @

আপোনালোকে যি সকলে ইতিমধ্যে ৰেইকি দীক্ষা গ্ৰহণ কৰিলে, তেওঁলোকে নিশ্চয় ৰেইকি শিক্ষা গ্রহণৰ বাবে কিয় এজন গুৰুৰ প্ৰয়োজন এ...
24/08/2025

আপোনালোকে যি সকলে ইতিমধ্যে ৰেইকি দীক্ষা গ্ৰহণ কৰিলে, তেওঁলোকে নিশ্চয় ৰেইকি শিক্ষা গ্রহণৰ বাবে কিয় এজন গুৰুৰ প্ৰয়োজন এই কথাষাৰ অৱগত। তথাপি ৰেইকিৰ প্ৰতি আগ্ৰহ থকা সকলৰ বাবে আজি গুৰু সংজ্ঞা, প্ৰয়োজনীয়তা সন্দৰ্ভত কিছু কথা জনাবলৈ সামান্য প্ৰয়াস কৰিছো। আশা কৰো ৰৈ যোৱা কথাবোৰ আঙুলিয়াই দিব।
Bishnu Sonowal, Reiki Grandmaster, Mobile: 9707085770

“গুৰু” শব্দৰ অৰ্থ হৈছে—
যি “গু” (অন্ধকাৰ/অজ্ঞতা) নাশ কৰে আৰু “ৰু” (আলোক/জ্ঞান) প্ৰদান কৰে। অৰ্থাৎ গুৰু বুলিলে সেইজনক বুজায় যিজন শিষ্যক অজ্ঞতাৰ আধাৰৰ পৰা উজ্বল জ্ঞানৰ দিশে লৈ যায়।

গুৰু কাক কয়?
যিজন ব্যক্তিৰ পৰা আমি জ্ঞান, শিষ্টাচাৰ, নীতি-নৈতিকতা শিকো, তেওঁক গুৰু বুলি কোৱা হয়।
কেৱল পাঠশালাৰ শিক্ষক নহয়, জীৱনৰ পথ দেখুৱোৱা, নৈতিক শক্তি দিয়া, আধ্যাত্মিক দিশে আগবঢ়োৱা ব্যক্তিজনো হ'ল গুৰু।
পিতৃ-মাতৃ সন্তানৰ প্ৰথম গুৰু বুলি মানা হয়।

গুৰু কিয় লাগে?
1. অজ্ঞতাৰ আধাৰ ভাঙিবলৈ– মানুহে জন্মতে সকলো নাজানে; গুৰুৱে শিক্ষা আৰু জ্ঞান দি জীৱনৰ পথ আলোকিত কৰে।
2. শ্ৰদ্ধা আৰু শিষ্টাচাৰ শিকাবলৈ– গুৰুৱে নীতি-নৈতিকতা আৰু মানৱীয় প্ৰমূল্যবোধ শিকায়।
3. আধ্যাত্মিক পথত আগুৱাবলৈ– ধৰ্মীয় বা আধ্যাত্মিক গুৰুৱে মুক্তিৰ পথ দাঙি ধৰে।
4. জীৱন গঠন কৰিবলৈ – শিক্ষা, পেচা, সমাজ জীৱনত সফলতাৰ বাবে গুৰুৰ দিশ-নিৰ্দেশন প্ৰয়োজন।
যি সকলে YouTube বা ইন্টাৰনেট চাই ৰেইকি শিকিছো বুলি ভাৱিছে, তেওঁলোকে এই কথা জনা প্ৰয়োজন যে, গুৰু নোহোৱাকৈ জ্ঞান পূৰ্ণ নহয়। কাৰণ, গুৰুৱে শুদ্ধ দিশ, জ্ঞান আৰু সিন্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।
কেৱল পুস্তক পঢ়িলে জ্ঞান অসম্পূৰ্ণ হৈ থাকে, কাৰণ বুজাবুজিৰ গভীৰতা আৰু সঁচা প্ৰয়োগ শিকায় গুৰুৱে।
জীৱনৰ পথত বহু সমস্যা আৰু দ্বিধা আহে; সেইবোৰৰ সমাধান আৰু সঠিক দিশ গুৰুৰ উপদেশেৰে পোৱা যায়। সেয়েহে, প্ৰাচীন শাস্ত্ৰত কোৱা হৈছে —
“গুৰু বিনা বিদ্যা নহয়,
গুৰু বিনা মুক্তি নহয়।”
অৰ্থাৎ, গুৰু নোহোৱাকৈ শিক্ষা পূৰ্ণ নহয় আৰু গুৰুৰ দিক্ষা নোহোৱাকৈ মুক্তি বা সঁচা জ্ঞান লাভ কৰাতো অসম্ভৱ। ইতি।
ধন্যবাদ...

Indrajit Sonowal Reiki Sparsh Maxica Borgohain Gogoi #ৰেইকি Facebook ゚viralシfypシ゚viralシ

✨ ৰেইকি Wish Box ✨ৰেইকি Wish Box মূলতঃ এটা ধৰণৰ energy tool য’ত নিজৰ ইচ্ছা, লক্ষ্য, বা ধ্যানৰ কামনাবোৰ লিখি ৰাখি ৰেইকি শ...
20/08/2025

✨ ৰেইকি Wish Box ✨

ৰেইকি Wish Box মূলতঃ এটা ধৰণৰ energy tool য’ত নিজৰ ইচ্ছা, লক্ষ্য, বা ধ্যানৰ কামনাবোৰ লিখি ৰাখি ৰেইকি শক্তিৰে শক্তিশালী কৰা হয়। ই Universeলৈ পজিটিভ vibration পঠোৱাৰ এটা সহজ আৰু পবিত্ৰ প্ৰক্ৰিয়া। ইয়াক বহুতে “Reiki manifestation box” বা “Reiki intention box” বুলি কয়।
তলত আপোনালোকৰ বাবে wish box কৰা নিয়ম জনাইছো। Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770

🌸 কেনেকৈ Reiki Wish Box ব্যৱহাৰ কৰিব?

১. মনত ৰাখিব ৰেইকি wish box কৰিবলৈ আপুনি ৰেইকি দ্বিতীয় ডিগ্রী আজ্ঞা প্ৰাপ্ত হোৱাতো বাঞ্ছনীয়।

২. এটা সৰু বাকচ লওক:
সৰু, চকমকীয়া আৰু আপোনাৰ মনত পবিত্ৰ অনুভৱ জাগ্ৰত কৰিব পৰা তেনে বাকচ লওক।

৩. বাকচটো পবিত্ৰ বা শুদ্ধিকৰণ কৰক:
Cho Ku Rei, Sei He Ki, Hon Sha Ze Sho Nen ৰে শুদ্ধ কৰক।
শুদ্ধ কৰাৰ সময়ত বাকচটোত শুদ্ধ শক্তি আহিছে বুলি কল্পনা কৰক।

৪. আপোনাৰ ইচ্ছা লিখক:
বগা কাগজত স্পষ্টভাৱে নিজৰ কামনা লিখক।
✍️ উদাহৰণ:
“মই সুস্থ আৰু আনন্দিত।”
“মোৰ জীৱনত নতুন সুযোগ আহিছে।”
“মই মৰম আৰু শান্তিত ভৰি পৰিছোঁ।”

৫. কাগজবোৰ বাকচত ৰাখক:
সঁচা বিশ্বাস, কৃতজ্ঞতা আৰু ধ্যানৰ লগত কাগজবোৰ বাকচত সঞ্চয় কৰক।

৬. ৰেইকি Energy দিওক:
হাতত ৰেইকি channel কৰি বাকচটোৰ ওপৰত পাঁচ মিনিট মান ধৰি ৰাখি শক্তি প্ৰবাহিত কৰক।

মনত ভাবক, আপোনাৰ ইচ্ছাবোৰ Universeলৈ উজ্বল আলোৰে পঠাই দিয়া হৈছে।

৭. নিয়মিত ধ্যান কৰক
সম্ভব হ'লে প্ৰতিদিন বাকচৰ কাষত বহি পজিটিভ vibration অনুভৱ কৰক।
ধ্যানৰ লগত কৃতজ্ঞতাও প্ৰদৰ্শন কৰক।
🌼 টিপছ্‌
✨ Wish Boxত কেৱল পজিটিভ কামনা লিখিব।
✨ বাকচটো শান্ত আৰু নিৰিবিলি ঠাইত ৰাখিব।
✨ কামনা পূৰ্ণ হ’লে Universeক ধন্যবাদ জনাব।
✨ তাৰ পাছত কাগজবোৰ জ্বলাইবা বা পানীত ভাহাই দিয়াৰ দ্বাৰা মুক্তি দিব পাৰি।

🌟 এই Reiki Wish Box মানে হৈছে আপোনাৰ মনৰ ইচ্ছা আৰু Universeৰ শক্তিৰ মাজত এটা পজিটিভ সেতু।

এই লিখনিৰ জৰিয়তে আপুনি উপকৃত হৈছে বুলি জানিব পাৰিলে বহু সুখী অনুভব কৰিম।

#ৰেইকি Indrajit Sonowal @

আপোনালোকক ৰেইকি হিলিং চেন্টাৰলৈ স্বাগতম জনাইছো।Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770
17/08/2025

আপোনালোকক ৰেইকি হিলিং চেন্টাৰলৈ স্বাগতম জনাইছো।
Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770

মহাজাগতিক শক্তিক ৰেইকি ৰূপৰে আমাৰ হাতত উপহাৰ দিয়া ড০ মিকাও উসুই দেৱৰ আজি ওপজা দিন উপলক্ষে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।...
15/08/2025

মহাজাগতিক শক্তিক ৰেইকি ৰূপৰে আমাৰ হাতত উপহাৰ দিয়া ড০ মিকাও উসুই দেৱৰ আজি ওপজা দিন উপলক্ষে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেখেতৰ ৰেইকিৰ উপহাৰে জগতৰ কল্যাণ হওঁক। Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770

#ৰেইকি

আমাৰ সপ্তম চক্রৰ নাম হৈছে সহস্ৰাৰ চক্র। ই দেহৰ শক্তি ব্যৱস্থাৰ সপ্তম আৰু সৰ্বোচ্চ চক্ৰ। ই মূৰৰ সৰ্বোচ্চ স্থানত অৱস্থিত। ...
11/08/2025

আমাৰ সপ্তম চক্রৰ নাম হৈছে সহস্ৰাৰ চক্র। ই দেহৰ শক্তি ব্যৱস্থাৰ সপ্তম আৰু সৰ্বোচ্চ চক্ৰ। ই মূৰৰ সৰ্বোচ্চ স্থানত অৱস্থিত। ই পবিত্ৰ চেতনাশীলতা, আধ্যাত্মিক জাগৰণ, আৰু দেৱত্বৰ সৈতে সংযোগ হোৱা অৰ্থ বহন কৰে। সুষম অৱস্থাত ই বিশ্বব্ৰহ্মাণ্ডৰ সৈতে ঐক্যৰ অনুভূতি, গভীৰ আধ্যাত্মিক বোধ আৰু অন্তৰ শান্তি প্ৰদান কৰে। সহস্ৰাৰ চক্ৰ হৈছে দেহৰ সপ্তম আৰু সৰ্বোচ্চ চক্ৰ, যাক ইংৰাজীত Crown Chakra বোলা হয়। ইয়াৰ নাম সহস্ৰাৰ সংস্কৃত শব্দ "সহস্ৰ" অৰ্থাৎ "সহস্ৰ" (হাজাৰ) আৰু "আৰ" অৰ্থাৎ "পংখুৰি"ৰ পৰা আহিছে। ইয়াৰ প্ৰতীক হৈছে সহস্ৰ পংখুৰিৰ পদুমফুল, যি অসীম জ্ঞান আৰু চেতনাৰ প্ৰতিনিধিত্ব কৰে

সহস্ৰাৰ চক্ৰৰ মুখ্য দিশবোৰঃ
অৱস্থান: মূৰৰ ওপৰ ভাগত, য'ত খুলি আৰু মেদুলা সংযোগ হয়।

প্ৰতীক: সহস্ৰ পংখুৰিৰ পদুমফুল, যি চেতনাৰ বহুমুখী স্বভাৱ বা অৱস্থাক প্ৰতিনিধিত্ব কৰে।

ৰঙ: বেঙুনীয়া বা শুভ্ৰ। এই ৰং পবিত্ৰতা আৰু আধ্যাত্মিকতাৰ প্ৰতীক।

তত্ত্ব: চেতনাশীলতা।

মন্ত্রঃ ঔম

উদ্দেশ্য: বিশ্বজনীন চেতনাৰ সৈতে, জ্ঞান আৰু আত্ম-জ্ঞান, আধ্যাত্মিকতাৰ সৈতে সংযোগ স্থাপন।

সুষম অৱস্থা বা স্থিতিশীল : আধ্যাত্মিক সজাগতা, স্পষ্টতা, আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৈতে ঐক্যৰ অনুভূতি বৃদ্ধি কৰে।

অসুষম অৱস্থা বা স্থিতিশীলহীনতা: মোহভঙ্গ, মানসিক চাপ, আৰু আধ্যাত্মিক বা বিশ্বজনীন সত্যৰ পৰা বিচ্ছিন্নতা ঘটাব পাৰে।

চক্ৰৰ খোলা অৱস্থা: দেৱত্বৰ সৈতে গভীৰ সংযোগ, আধ্যাত্মিক অন্তৰ্দৃষ্টি, আৰু সকলো অস্তিত্বৰ সৈতে ঐক্যৰ গভীৰ অনুভূতি প্ৰদান কৰে।

মূলত, সহস্ৰাৰ চক্ৰ হৈছে উচ্চতৰ চেতনাৰ আৰু আধ্যাত্মিক জাগৰণৰ দুৱাৰ, যিয়ে মানুহক অসম সীমাৰ বাহিৰে লৈ গৈ বিশ্বজনীন উৎসৰ সৈতে সংযুক্ত কৰে।

ৰেইকি হিলিং ব্যৱহাৰ কৰি সহস্ৰাৰ চক্ৰৰ সমতা আৰু চিকিৎসা কৰিব পৰা যায়। এই চক্ৰটো আধ্যাত্মিকতা, চেতনাশক্তি আৰু সৃষ্টিকর্তাৰ সৈতে সংযোগৰ সৈতে সম্পৰ্কিত। ৰেইকি শক্তি প্ৰবাহিত কৰি ৰেইকি হিলাৰ বা মাধ্যম সকলে সহস্ৰাৰ চক্ৰত থকা বাধা আঁতৰাব পাৰি, যাৰ ফলত আধ্যাত্মিক বিকাশ, অন্তৰিক শান্তি আৰু বিশ্বজগতৰ সৈতে ঐক্যবোধ বৃদ্ধি পায়।

Affirmation বা আশ্বাসবাণীঃ

১) মই ভূমিৰ (মাটি বা পৃথিৱী) শক্তিৰ সৈতে সংযুক্ত আৰু দৃঢ়ভাৱে স্থিৰ।
২) মই বিশ্বাস কৰোঁ যে বিশ্বজগতে মোৰ সকলো প্ৰয়োজন পূৰণ কৰিব।
৩) মোৰ দেহ শক্তি আৰু জীৱনীশক্তিৰ এটা পাত্ৰ।
৪) মোৰ আগবঢ়াত বাধা দিয়া সকলো ভয় আৰু অনিশ্চয়তা মই মুক্তি দিওঁ।
৫) মোৰ জীৱনত মই নিৰাপদ, সমৰ্থিত আৰু সুৰক্ষিত।
৬) মই বৰ্তমান মুহূৰ্তত গাঢ়ভাৱে মূলযুক্ত।
৭) মই অৰ্থনৈতিকভাৱে দায়িত্বশীল আৰু প্ৰাচুৰ্য্য আকৰ্ষণ কৰোঁ।
৮) মই জীৱনৰ প্ৰক্ৰিয়াত বিশ্বাস কৰোঁ আৰু দৃঢ় থাকোঁ।
৯) মই মোৰ দেহক সন্মান কৰোঁ আৰু যত্নসহকারে ব্যৱহাৰ কৰোঁ।
১০) মোৰ জীৱনৰ স্থিৰতাৰ বাবে মই কৃতজ্ঞ।

#ৰেইকি

আজি আপোনালোকক আমাৰ শৰীৰৰ ষষ্ঠ চক্রৰ বিষয়ে জনাবলৈ বিচাৰিছো। । তৃতীয় নয়ন চক্ৰ, যাক "আজ্ঞা" (Third Eye) বুলি জনা যায়। ভ...
09/08/2025

আজি আপোনালোকক আমাৰ শৰীৰৰ ষষ্ঠ চক্রৰ বিষয়ে জনাবলৈ বিচাৰিছো। । তৃতীয় নয়ন চক্ৰ, যাক "আজ্ঞা" (Third Eye) বুলি জনা যায়। ভাৰতীয় আধ্যাত্মিকতাৰ পৰম্পৰাৰ সাতটা প্ৰধান চক্ৰৰ ষষ্ঠ চক্ৰ। ই কপালৰ মাজত, ভ্ৰূৰ মাজত অৱস্থিত আৰু অন্তৰ্দৃষ্টি, কল্পনা আৰু আধ্যাত্মিক জ্ঞানৰ সৈতে সম্পৰ্কিত। সঠিকভাৱে সমতাৰ অৱস্থাত থাকিলে, তৃতীয় নয়ন চক্ৰে স্পষ্টতা, বুজাবুজি আৰু উচ্চতৰৰ চেতনা সৈতে সংযোগ প্ৰদান কৰে।
Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770

অৱস্থান আৰু প্ৰতীকত্বঃ
শাৰীৰিক অৱস্থান: আজ্ঞা চক্ৰ কপালৰ মাজত, ভ্ৰূৰ মাজত অৱস্থিত। ই পিটুইটাৰী গ্ৰন্থি, হাইপ'থেলামাছ আৰু পাইনৰেল গ্ৰন্থিৰ লগতে চকু, কান আৰু নাকৰ সৈতে সংযুক্ত।

প্ৰতীকী অৰ্থ: সংস্কৃতত "আজ্ঞা" শব্দৰ অৰ্থ হৈছে "দৰ্শন", "আদেশ" বা "জ্ঞানৰ ওপৰত কিবা এবিধ বস্তু"। ই আত্মাৰ আসন আৰু উচ্চতৰৰ চেতনালৈ যাবলৈ পথ বুলি গণ্য কৰা হয়, যি স্পষ্টতা, বুজাবুজি আৰু আধ্যাত্মিক অন্তৰ্দৃষ্টি প্ৰতীক হয়(ঋষিকেশ যোগকুলামৰ মতে)।

কাৰ্য্য আৰু সম্পৰ্কঃ
অন্তৰ্দৃষ্টি আৰু জ্ঞান: আজ্ঞা চক্ৰক অন্তৰ্দৃষ্টি, কল্পনা আৰু ভৌতিক জগতৰ বাহিৰত দেখা ক্ষমতা নিয়ন্ত্ৰণ কৰে বুলি বিশ্বাস কৰা হয়।

উচ্চতৰৰ চেতনা: ই ধ্যানৰ কেন্দ্ৰবিন্দু আৰু উচ্চতৰৰ চেতনা লাভ কৰিবলৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰে (ঋষিকেশ যোগকুলামৰ মতে)।

সিদ্ধান্ত গ্ৰহণ: সমতাৰ অৱস্থাত আজ্ঞা চক্ৰই মানুহক নিজৰ উচ্চ লক্ষ্যৰ সৈতে মিল থকা স্পষ্ট সিদ্ধান্ত গ্ৰহণত সহায় কৰে।

শাৰীৰিক সংযোগ: ই পিটুইটাৰী গ্ৰন্থিৰ সৈতে সম্পৰ্কিত, যিয়ে হৰমোন আৰু টোপনীৰ চক্র নিয়ন্ত্ৰণ কৰে, আৰু পাইনৰেল গ্ৰন্থি, যিয়ে মেলাটোনিন উৎপাদন কৰে।

আজ্ঞা চক্ৰৰ সমতা বজাই ৰাখাৰ উপায়ঃ
ৰেইকি: ৰেইকি
ধ্যান: বিকল্প নাসিকা শ্বাস, দীপত দৃষ্টি নিবদ্ধ কৰা, আৰু আজ্ঞা চক্ৰৰ বাবে বিশেষ ধ্যান প্ৰক্ৰিয়া এই চক্ৰ খোলাত সহায়ক।

যোগাসন: কিছুমান যোগ আসন, যেনে আগলৈ ভাঁজ হওঁতা আসন, উপকাৰী।

সচেতন জীৱনযাপন: স্বাস্থ্যকৰ আহাৰ, ব্যায়াম, আৰু সচেতন জীৱনযাপন এই চক্ৰৰ শক্তি প্ৰবাহক সহায় কৰে।

বেগুনীয়া খাদ্য: বেগুন, আঙুৰ, আৰু প্লামৰ দৰে বেগুনীয়া ৰঙৰ খাদ্য আহাৰত অন্তৰ্ভুক্ত কৰাটোও উপকাৰী।

অসাম্যৰ লক্ষণঃ
অৱৰোধিত চক্ৰ: অৱৰোধিত বা অসামঞ্জস্যযুক্ত আজ্ঞা চক্ৰৰ ফলত মনোযোগ কেন্দ্ৰিত কৰাত অসুবিধা, স্মৃতি দুর্বলতা, কল্পনা শক্তি হ্ৰাস, বা সিদ্ধান্তত স্পষ্টতাৰ অভাৱ দেখা দিব পাৰে।

অতিশয় সক্রিয় চক্ৰ: অত্যধিক সক্রিয় তৃতীয় নয়ন চক্ৰে অতিশয় কল্পনা, বাস্তৱত পৰা বিছিন্নতা, বা বিভ্ৰম সৃষ্টি কৰিব পাৰে।

#ৰেইকি

আজি আমাৰ পঞ্চম চক্রৰ বিষয়ে জানো আহক। যাক বিশুদ্ধ চক্ৰ বুলি জনা যায়। ই যোগাযোগ, আত্ম-প্ৰকাশ আৰু সত্যৰ কেন্দ্ৰ। এই চক্ৰই...
03/08/2025

আজি আমাৰ পঞ্চম চক্রৰ বিষয়ে জানো আহক। যাক বিশুদ্ধ চক্ৰ বুলি জনা যায়। ই যোগাযোগ, আত্ম-প্ৰকাশ আৰু সত্যৰ কেন্দ্ৰ। এই চক্ৰই আপোনাৰ কোৱা, শুনা আৰু নিজকে সঠিক ৰূপে প্ৰকাশ কৰাৰ সক্ষমতা নিয়ন্ত্ৰণ কৰে। যেতিয়া এই চক্ৰ সমতল অৱস্থাত থাকে, তেতিয়া ই ষ্পষ্ট যোগাযোগ, সৃষ্টিশীল চিন্তাভাবনা আৰু নিৰ্ভয়ে আত্ম-প্ৰকাশ কৰাত সহায় হয়। কিন্তু ই অসমতল হ’লে ভাব-অনুভূতি প্ৰকাশত অসুবিধা, সৃষ্টিশীলতাত বাধা, আৰু সম্পৰ্কত অসুবিধা দেখা দিব পাৰে।
Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770
বিশুদ্ধ চক্ৰৰ বিস্তাৰিত ব্যাখ্যা:

অৱস্থান: বিশুদ্ধ চক্ৰ গলা বা ডিঙি অঞ্চলত, বিশেষকৈ ডিঙিৰ আধাৰত অৱস্থিত থাকে।

সংস্কৃত নাম: বিশুদ্ধ, অৰ্থ “বিশেষভাৱে বিশুদ্ধ” বা “পৰিষ্কাৰতা”।

প্ৰতীক: এই চক্ৰৰ প্ৰতীক হৈছে ১৬টা পাঁখি থকা এটা কমল ফুল, যাৰ মাজত তললৈ মুখ কৰা এটা ত্ৰিভুজ থাকে।

তত্ব: আকাশ বা স্থান (Ether/Space)।

কাৰ্য:
যোগাযোগ: চিন্তা, ধাৰণা আৰু অনুভূতি প্ৰকাশ কৰাৰ কাৰ্য হিচাপে কাম কৰে।

আত্ম-প্ৰকাশ: সঠিক ৰূপত নিজকে প্ৰকাশ কৰাৰ সক্ষমতা যোগায়।

সত্য: নিজৰ সত্য প্ৰকাশ কৰিবলৈ আৰু জীৱনত নিজ মূল্যবোধ অনুসৰি চলিবলৈ সহায় কৰে।

সৃষ্টিশীলতা: সৃষ্টিশীল চিন্তাধাৰা আৰু অনুপ্ৰেৰণা আগবঢ়ায়।

শুনা: আনৰ পৰা তথ্য গ্ৰহণ আৰু মনযোগৰে শুনাৰ ক্ষমতাও নিয়ন্ত্ৰণ কৰে।

অসমতলতাৰ লক্ষণসমূহ:
নিজৰ ভাব-অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিবলৈ অসুবিধা।

সৃষ্টিশীলতা ৰোধ হোৱাটো বা থমকি যোৱা।

সম্পৰ্কত সঠিক হ'ব নোৱাৰা।

নিজ মত প্ৰকাশ কৰিবলৈ ভয় বা পাব্লিক স্পিকিঙত সমস্যা।

গলাৰ বিষ, থাইৰয়ড সমস্যা বা গলাৰ সৈতে সম্পৰ্কিত অন্য শাৰীৰিক সমস্যা।

নিজকে অমনোযোগী হোৱা বুলি অনুভৱ কৰা।

চক্ৰ সমতল কৰাৰ উপায়:
ৰেইকি:
নিয়মিত বিশুদ্ধ চক্ৰত ৰেইকি হিলিং কৰি এই চক্রটি সহজতে সুস্থ কৰি তুলিব পাৰি।

যোগাসন:
কিছুমান যোগ আসনৰ (যেনে: ভূজঙাসন – Cobra Pose, মৎস্যাসন – Fish Pose, উষ্ট্ৰাসন – Camel Pose, কণ্ঠাসন – Shoulder Stand) মাধ্যমে বিশুদ্ধ চক্ৰ উত্তেজিত কৰি সমতল কৰিব পাৰি।

ধ্যান:
বিশুদ্ধ চক্ৰত কেন্দ্ৰীভূত ধ্যান (ভাৱনা), নীলা ৰঙৰ পোহৰ কল্পনা কৰা, আৰু “হাম্” (Ham) মন্ত্র জপ কৰা উপকাৰী।

প্ৰতিশ্ৰুতি (Affirmations):
“মই আত্মবিশ্বাসেৰে কথা কৈছোঁ”, “মই নিজৰ সত্য ক’ইছোঁ” আদি ধৰণৰ ধনাত্মক প্ৰতিশ্ৰুতিৰ জপ ক'লে উপশম ঘটে।

ক্ৰিষ্টেল চিকিৎসা:
ব্লু লেছ এগেট (Blue Lace Agate), টাৰকুৱইজ (Turquoise), বা লেপিছ লাজুলি (Lapis Lazuli) যেন ক্ৰিষ্টেল ব্যৱহাৰ কৰি বিশুদ্ধ চক্ৰ আৰোগ্য কৰা যায়।
শব্দ চিকিৎসা:
মন্ত্র জপ, গান গোৱা, বা শব্দ বাউল ব্যৱহাৰ কৰি বিশুদ্ধ চক্ৰ অঞ্চলৰ ব্লকেজ দূৰ কৰিব পাৰি।

#ৰেইকি

আজি আপোনালোক অনাহত চক্রৰ বিষয়ে কিছু কথা অবগত কৰিব বিচাৰিছো। অনাহত চক্র, যাক হৃদয় চক্র বুলি জনা যায়, যোগ, সাধনা আৰু বৌদ...
01/08/2025

আজি আপোনালোক অনাহত চক্রৰ বিষয়ে কিছু কথা অবগত কৰিব বিচাৰিছো। অনাহত চক্র, যাক হৃদয় চক্র বুলি জনা যায়, যোগ, সাধনা আৰু বৌদ্ধ তান্ত্ৰিক পৰম্পৰাৰ সাতটা মুখ্য চক্রৰ চতুৰ্থটো। এইটো বুকুৰ মাজভাগত, হৃদয় আৰু থাইমাছ গ্ৰন্থিৰ ওচৰত অৱস্থিত আৰু ইয়াৰ সৈতে মৰম, সহানুভূতি, আৰু কৰুণাৰ সংযোগ আছে। এটি সু-সমতল হৃদয় চক্রে মানসিক সমতা, সুস্থ হৃদপিণ্ড আৰু গভীৰ উশাহত সহায় কৰে।
Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770

অৱস্থান আৰু প্রতীক:
অৱস্থান: অনাহত চক্রটো বুকুৰ মাজভাগত, হৃদয় আৰু থাইমাছ গ্ৰন্থিৰ ওচৰত অৱস্থিত।

সংস্কৃত নাম: অনাহত মানে "আঘাত নোলোৱা", "অঘাতিত", বা "অস্পৰ্শিত"।

প্ৰতীক: এইটো সাধাৰণতে ১২-পাঁখিৰ এটা পদুমৰ ৰূপত দৰ্শোৱা হয়, যাৰ ৰং হ'ল সেউজীয়া আৰু দুইটা ত্ৰিভুজে মিলি এটা ছয়-প্ৰান্তিক তৰা গঠন কৰে।

কাৰ্য আৰু সম্পৰ্ক: মৰম আৰু কৰুণা:
অনাহত হ'ল নিঃস্বাৰ্থ মৰম, সহানুভূতি, ক্ষমা আৰু কৰুণাৰ কেন্দ্ৰবিন্দু।

মানসিক সমতা:
এই চক্রটোৱে নিজৰ আৰু আনৰ সৈতে সংযোগ গঢ়ি তোলাত সহায় কৰে, আৰু আমাৰ মৰম দিব পৰা আৰু লব পৰা সক্ষমতা নিয়ন্ত্ৰণ কৰে।

দেহৰ স্বাস্থ্য:
সুসমতল হৃদয় চক্রৰ সৈতে সুস্থ হাওঁফাওঁ, হৃদপিণ্ড আৰু ৰক্ত সংবহনতন্ত্ৰ সম্পৰ্কিত।

নিম্ন আৰু ঊৰ্ধ্বৰ সংযোগ:
এইটো হ’ল নিম্ন চক্র (ভৌতিক) আৰু ঊৰ্ধ্ব চক্র (আধ্যাত্মিক)ৰ মাজৰ সাঁকো, যি ইচ্ছাৰ সৈতে আধ্যাত্মিক বিকাশ সংযুক্ত কৰে।

অমিল আৰু আৰোগ্য:
অমিল:
হৃদয় চক্রত অৱৰোধ থাকিলে, মৰম-ভালপোৱা দিব বা ল’বলৈ অক্ষম হোৱা, একাকীত্ব অনুভৱ কৰা, বা অত্যাধিক সমালোচনামূলক হোৱাৰ দৰে মানসিক সমস্যা দেখা দিব পাৰে।

চিকিৎসা প্ৰক্ৰিয়া:
ৰেইকি হিলিং, যোগ, ধ্যান, আৰু নিজকে মৰম কৰা, ক্ষমা কৰা আদিৰ ওপৰত ভিত্তি থকা ধ্যান-প্ৰচেষ্টা, হৃদয় চক্রক সমতল আৰু আৰোগ্য কৰাত সহায় কৰে।

ধনাত্মক নিশ্চিতকৰণ (Positive affirmations):
“মই মৰম আৰু কৰুণাৰে পৰিপূৰ্ণ” বা “মই নিজকে মৰম আৰু গ্ৰহণ কৰোঁ” ধৰণৰ ধনাত্মক বাক্য ব্যৱহাৰে মানসিক অৱস্থা উন্নত কৰি হৃদয় চক্র শক্তিশালী কৰিবলৈ সহায় কৰে।

#ৰেইকি

মণিপুৰ চক্র (Manipura Chakra), যাক Solar Plexus Chakra বুলিও কোৱা হয়। ই শৰীৰৰ সাতটা মুখ্য চক্রৰ ভিতৰত তৃতীয় চক্র। ই না...
30/07/2025

মণিপুৰ চক্র (Manipura Chakra), যাক Solar Plexus Chakra বুলিও কোৱা হয়। ই শৰীৰৰ সাতটা মুখ্য চক্রৰ ভিতৰত তৃতীয় চক্র। ই নাভিৰ ওপৰত আৰু বুকুৰ তলত অৰ্থাৎ মাজত অৱস্থিত। মণিপুৰ চক্র অগ্নি (Fire) তত্ত্বৰ সৈতে সম্পৰ্কিত আৰু এই চক্রই ব্যক্তিগত শক্তি, আত্ম-আস্থা, ৰূপান্তৰ আৰু ইচ্ছাশক্তি নিয়ন্ত্ৰণ কৰে।
Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770)

মণিপুৰ চক্রৰ অৱস্থান:
মণিপুৰ চক্র ই নাভিৰ ওপৰত আৰু বুকুৰ তলত অৰ্থাৎ মাজত অৱস্থিত।

কাৰ্য:
ব্যক্তিগত শক্তি আৰু আত্ম-আস্থা, মণিপুৰ চক্র হৈছে আত্মবিশ্বাস, আত্ম-মূল্যবোধ আৰু ব্যক্তিগত শক্তিৰ উৎস। ই ব্যক্তিৰ নিজকে কেনেদৰে দেখা আৰু অন্যৰ সৈতে কিদৰে সম্পর্ক ৰাখে, সেইবোৰ প্ৰভাৱিত কৰে। এই চক্র সুশৃঙ্খল হৈ থাকিলে ব্যক্তি স্পষ্ট লক্ষ্য, দৃঢ়তা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাত বলীয়ান হয়।

ৰূপান্তৰ:
এই চক্রই জীৱনত পৰিৱৰ্তন, ৰূপান্তৰ আৰু বাধা অতিক্ৰম কৰাৰ ক্ষমতা সমৰ্থন কৰে।

ইচ্ছাশক্তি আৰু দৃঢ় সংকল্প:
মণিপুৰ চক্রই সিদ্ধান্ত লোৱাৰ ক্ষমতা, উৎসাহ আৰু দৃঢ়তাত সহায় কৰে।

পাচন প্ৰণালী:
আয়ুৰ্বেদত, মানিপুৰা চক্র পাচন ক্ৰিয়াত অগ্নি (Agni)ৰ সৈতে গভীৰভাৱে জড়িত। ইয়াত কেৱল খাদ্য নহয়, অনুভৱ আৰু অভিজ্ঞতাসমূহো "পাচন" হয়।

উৰ্জা আৰু জীৱনী শক্তি:
এই চক্রটো শৰীৰৰ শক্তি প্ৰবাহৰ সৈতে জড়িত। ই দেহ আৰু মনৰ দুয়োৰে ভাল থকা অৱস্থাক প্ৰভাৱিত কৰে।

প্রতীকতত্ত্ব (Symbolism):
তত্ত্ব: অগ্নি (Fire)
ৰং: পাৰ (হালধীয়া)
মন্ত্ৰ: ৰাম (RAM)
প্ৰতীক: ১০ টা পাঁখিৰে সজোৱা পদুম ফুল।

অসাম্যতাৰ লক্ষণ:
দেহগত (Physical):
পাচনত অসুবিধা, ৰক্তচাপৰ অসাম্য, চকৰা সমস্যা, ডায়েবেটিছ আদি মণিপুৰ চক্রৰ অসাম্যৰ লক্ষণ হ’ব পাৰে।

মানসিক (Emotional):
খঙ, হতাশা, অযাচিত মনোবল, আত্মবিশ্বাসৰ অভাৱ আদি মণিপুৰ চক্রৰ অসাম্যতাৰ মানসিক দিশ হ’ব পাৰে।

মণিপুৰ চক্রৰ সমতা বজাই ৰখাৰ উপায়:
যোগব্যায়াম (Yoga), ধ্যান (Meditation), আত্মবিশ্বাস আৰু অভ্যন্তৰীণ শক্তি বৃদ্ধি কৰা কাম-কাজ ইত্যাদি মানিপুৰা চক্র সমতা ৰক্ষা কৰাত সহায় কৰে।
অগ্নি তত্ত্বৰ ওপৰত ধ্যান কৰা, আৰু পাচনত সহায় কৰা অভ্যাসবোৰ গ্ৰহণ কৰাটোও উপকাৰী হব পাৰে।
আমি ৰেইকি শক্তি প্ৰবাহিত কৰি মণিপুৰ চক্র আৰু ইয়াৰ সৈতে জড়িত অংগ সমূহ সুস্থ কৰি ৰাখিব পাৰে।

#ৰেইকি

আজি আপোনালোকক স্বাধিস্থান চক্রৰ বিষয়ে কিছু কথা অবগত কৰিব বিচাৰিছো। স্বাধিস্থান চক্র (Sacral Chakra) :স্বাধিস্থান বুলি জ...
26/07/2025

আজি আপোনালোকক স্বাধিস্থান চক্রৰ বিষয়ে কিছু কথা অবগত কৰিব বিচাৰিছো।
স্বাধিস্থান চক্র (Sacral Chakra) :
স্বাধিস্থান বুলি জনাজাত এই চক্রটো হৈছে শৰীৰৰ সাতটা মুখ্য চক্রৰ ভিতৰত দ্বিতীয়টো। ই তলৰ পেটৰ অংশত, লিংগ হাড়ৰ ওপৰৰ ফালে অৱস্থিত। এই চক্রটো অনুভূতি, সৃষ্টিশীলতা আৰু যৌনতাৰ সৈতে জড়িত। ইয়াৰ মূল উপাদান হৈছে পানী, যিয়ে প্ৰবাহ, নমনীয়তা আৰু পৰিস্থিতিৰে খাপ খুৱাব পৰা ক্ষমতাক প্ৰতিনিধিত্ব কৰে।
(Bishnu Sonowal, Reiki Grandmaster, Mobile:9707085770)

যেতিয়া এই চক্রটো সমতা (balanced) হৈ থাকে, তেতিয়া ই মানসিক শান্তি, সৃষ্টিশীলতা আৰু সু-সম্পৰ্কক উৎসাহিত কৰে।
স্বাধিস্থান চক্রৰ মুখ্য দিশসমূহঃ
অৱস্থান: নাভিৰ তলত, লিংগ হাড় আৰু নাভিৰ মাজত।
উপাদান: পানী (প্ৰবাহ, নমনীয়তা, খাপ খুৱাব পৰা ক্ষমতা)।
ৰং: কমলা।
কাৰ্য: অনুভূতি, সৃষ্টিশীলতা, যৌনতা, আনন্দ আৰু জীৱন উপভোগ কৰাৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে।
স্বাধিস্থান চক্রৰ সৈতে জড়িত অংগ: মূত্ৰথলি, কিডনী, প্ৰজননতন্ত্ৰ, কোমৰ অংশ আৰু শৰীৰৰ শক্তি প্ৰবাহ।

যেতিয়া স্বাধিস্থান চক্র সমতাত (Balanced) থাকেঃ ব্যাক্তি মানসিকভাৱে সুস্থ থাকে আৰু নিজৰ অনুভূতি সঠিকভাৱে প্ৰকাশ কৰিব পাৰে।সৃষ্টিশীল আৰু অনুপ্ৰাণিত অনুভৱ কৰে; নিজৰ ভাবনাবোৰ বাস্তৱ ৰূপ দিব পাৰে।জীৱনলৈ এটা ইতিবাচক আৰু আনন্দময় দৃষ্টিভংগী থাকে, সম্পৰ্কসমূহো সু-স্বাস্থ্যকৰ হয়।

যেতিয়া চক্রটো বন্ধ বা অসমতাত (Blocked or Imbalanced) থাকেঃ মানসিক অস্থিৰতা, মন-মেজাজৰ উঠানামা, উদ্বেগ বা বিষন্নতা দেখা দিব পাৰে। সৃষ্টিশীলতাত বাধা, লঘু কামেচ্ছা, বা অসুস্থ যৌন অভ্যাস দেখা দিব পাৰে। আনহাতে এই চক্রটো বন্ধ হৈ থাকিলে নিম্ন পিঠিত বিষ, প্ৰজননতন্ত্ৰৰ সমস্যা, কিম্বা কিডনীজনিত অসুখ হ’ব পাৰে।

স্বাধিস্থান চক্রৰ সমতা বজাই ৰখাৰ উপায়ঃ
ৰেইকি প্ৰৱাহৰ জড়িয়তে এই চক্রটি সুস্থ কৰি তুলিব পাৰি।
যোগ আৰু ধ্যান (Yoga and Meditation):
কেমেল প’জ (Camel Pose), পিজন প’জ (Pigeon Pose), আৰু ছীটেড ফৰৱাৰ্ড বেণ্ড (Seated Forward Bend) আদিয়ে সহায় কৰে।

এফাৰ্মেশ্বন (Affirmations):
“মই আনন্দ উপভোগ কৰোঁ”, “মই সৃষ্টিশীল”, “মই অনুভূতি প্ৰকাশ কৰোঁ” আদিৰ দৰে ধনাত্মক বাক্যবোৰ কোৱাৰ দ্বাৰা সহায় হয়।

মনোসংযোগ অভ্যাস (Mindfulness Practices):
ডায়েৰী লেখা, প্ৰকৃতিত সময় কটোৱা আদি মানসিক শান্তিৰ বাবে উপকাৰী।

ক্রিষ্টেল আৰু পাথৰ (Crystals and Stones):
টাইগাৰৰ আই (Tiger’s Eye), এম্বাৰ (Amber), আৰু ছিট্ৰিন (Citrine) উপকাৰী বুলি ধৰা হয়।

এসেন্সিয়েল অইল (Essential Oils):
ছেণ্ডেলউড (Sandalwood), ইয়্লাং-ইয়্লাং (Ylang-Ylang), আৰু ক্লাৰী ছেইজ (Clary Sage) – এইবোৰ আৰোমাথেৰাপীত ব্যৱহাৰ কৰিব পাৰি।

#ৰেইকি

Address

Sonowal Bhawan
Dibrugarh
786003

Telephone

+919707085770

Website

Alerts

Be the first to know and let us send you an email when Reiki the art of healing posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Reiki the art of healing:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram