28/08/2021
জ্বৰৰ চিকিৎসা
জ্বৰৰ চিকিৎসা কৰিবলৈ হ'লে প্ৰথমে জ্বৰৰ লক্ষণ ,প্ৰকাৰ আৰু কাৰণ জানিব লাগিব । জ্বৰৰ লক্ষণ আৰু প্ৰকাৰএনেয়ে দেখিলে গম পোৱা যায়।কিন্তু কাৰণ জানিবলৈ লেবৰেতৰিৰ সহায় ল'ব লাগিবই।
লেবৰেতৰিত প্ৰথমে তেজ, প্ৰচাব-পাইখানা, থু-খেকাৰ পৰীক্ষাৰ পাছত বুকুৰ এখন এক্সৰে কৰিলেই সাধাৰণতে বেমাৰ ধৰা পৰে ।যদি বেমাৰ ধৰা নপৰে তেতিয়া ডাক্তৰক দেখুৱাই আৰু কিছুমান বিশেষ পৰীক্ষা যেনে আলট্ৰাচনগ্ৰাফি,চিটি স্কেন আদি কৰিব লগা হ'ব পাৰে।
ঘৰুৱা ভাবে চিকিৎসা কৰিলে ১। এখন সৰু কাপোৰ ঠাণ্ডা পানীত তিয়াই ৰুগীৰ কপালত দি থব।তাত মাজে মাজে অলপ অলপ কৈ ঠাণ্ডা পানী দি থাকিব ২। গোটেই গাটো তিতা কাপোৰে মচি দিব ৩।ৰুগীক আৰাম কৈ বিছনা ত নোৱাৰি দিব আৰু অলপ অলপকৈ গৰমপানী খাই
থাকিবলৈ দিব ।
দৰবৰ ভিতৰত পেৰাচিতামল বা ব্ৰুফেন, বা এচপিৰিন বা দিচ পিৰিন টেবলেট দিনে দুটাকৈ গৰম পানীৰ লগত যি কোনো আহাৰৰ পাচত খাবলৈ দিব।
যদি তিনি দিনত জ্বৰ নামে তেন্তে ডাক্তৰক দেখুৱাই ডাক্তৰৰ পৰামৰ্শমতে দৰব খালে জ্বৰ ভাল হ'ব।
বি:দ্ৰ:। যি কোনো ধৰণৰ জ্বৰ হ'লে পানী বেছিকৈ খাব লাগে।
Dr. L. C. Dutta
Phone 9365134778