11/05/2025
ব্যায়াম: দীৰ্ঘ জীৱন,দীৰ্ঘকালীন ৰোগৰ প্ৰতিৰোধক আৰু স্বাস্থ্যৰ আধাৰ
বৰ্তমান সময়ত, দীৰ্ঘ দিনীয়া ৰোগসমূহ (chronic diseases) হৈছে মৃত্যু আৰু অক্ষমতাৰ প্ৰধান কাৰক, আনহাতে নিয়মীয়া শাৰীৰিক ক্ৰিয়াকলাপে শক্তিশালী, সহজলভ্য আৰু কম খৰচৰ এক ঔষধ হিচাপে কাম কৰে। ব্যায়ামে কেৱল সামগ্ৰিক সুস্থতাকে উন্নত নকৰে, বৰং বহু ধৰণৰ দীঘলীয়া ৰোগ যেনে ডায়বেটিছ, হৃদ্ৰোগ, ষ্ট্ৰোক, স্নায়ুবিক অপৰ্যাপ্ততা (neurodegenerative disorders), আৰু বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ ৰোধ তথা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ব্যায়ামে বিভিন্ন প্ৰকাৰে স্বাস্থ্য, কাৰ্যক্ষমতা আৰু দীৰ্ঘ জীৱনৰ বাবে পৃথক পৃথকভাৱে উপকাৰ সাধন কৰে।
ব্যায়াম আৰু দীৰ্ঘ দিনীয়া ৰোগৰ প্ৰতিকাৰ
মধুমেহ (Diabetes Mellitus): নিয়মীয়া ব্যায়ামে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, মাংসপেশীত গ্লুক’জৰ গ্ৰহণ উন্নত কৰে আৰু ৰক্তত চেনিৰ পৰিমাণ হ্ৰাস কৰে । বায়বীয় (aerobic) আৰু শক্তি-ভিত্তিক (strength training) ব্যায়ামে তেজত HbA1c পৰিমাণ হ্ৰাস কৰাৰ লগতে খাদ্য পৰিৱর্তনৰ (low carbohydrate) সহযোগত টাইপ ২ ডায়বেটিছৰ বিপদ ৫৮% পৰ্যন্ত হ্ৰাস কৰে।
হৃদ্ৰোগ আৰু কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজ (CVD)
ব্যায়ামে ( specially isometric exercise e.g plank , wall sit etc)উচ্চ ৰক্তচাপ, কোলেষ্টেৰলৰ সমস্যা আৰু স্থূলতা দৰে হৃদ্পিন্ডৰ বিপদকাৰী কাৰকসমূহ হ্ৰাস কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণ হয়। নিয়মীয়া বায়বীয় ব্যায়ামে হৃদ্ৰোগৰ বিপদ ৩৫% পৰ্যন্ত হ্ৰাস কৰিব পাৰে।
ষ্ট্ৰোক (Stroke) : ব্যায়ামে মগজুৰ ৰক্ত পৰিসঞ্চালন (cerebrovascular cerculation) উন্নত কৰে। ইয়াৰ ফলত ৰক্তচাপৰ নিয়ন্ত্ৰণ, চর্বিৰ নিয়ন্ত্ৰণ আৰু দেহৰ সাৰ্বজনীন প্রদাহ (inflammation) হ্ৰাস পায়। নিয়মীয়া ব্যায়ামে ষ্ট্ৰোকৰ বিপদ হ্ৰাস কৰাৰ লগতে স্বাস্থ্য পুনৰুদ্ধাৰত সহায় কৰে।
স্নায়ুবিক অপৰ্যাপ্ততা (Neurodegenerative Diseases): ব্যায়ামে নতুন স্নায়ু কোষ উৎপন্ন (neurogenesis), BDNF (brain derived neurotrophic factor) বৃদ্ধি, আৰু স্নায়ুৰ কার্যক্ষমতা (synaptic plasticity) উন্নত কৰে। এইবোৰে আলজাইমাৰ আৰু পাৰ্কিনছনৰ দৰে ৰোগৰ বিকাশৰ গতি হ্ৰাস কৰে। বায়বীয় ব্যায়ামে স্মৃতিশক্তি উন্নত কৰে আৰু বয়সজনিত মানসিক ক্ষতি হ্ৰাস বা ৰোধ কৰে।
কেঞ্চাৰ ৰোধ (Cancer Prevention): ব্যায়ামে হৰমোনৰ ( insulin , estrogen , insulin like growth factor 1 ) পৰিমাণ নিয়ন্ত্ৰণ কৰে, প্রদাহ হ্ৰাস কৰে আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immune surveillance) বৃদ্ধি কৰে। নিয়মীয়া ব্যায়ামে ক’লন, স্তন, জৰায়ু আৰু প্ৰ’ষ্টেট কেঞ্চাৰৰ বিপদ হ্ৰাস কৰাত সহায় কৰে। কেঞ্চাৰ ৰোগীসকলৰ ক্ষেত্ৰত ইয়াৰ ফলত জীৱনৰ গুণগত মান বৃদ্ধি পায় আৰু দীৰ্ঘায়ু হোৱাত সহায়ক হয়।
ব্যায়ামৰ প্ৰকাৰ আৰু তাৰ বিশেষ সুবিধাসমূহ:
বায়বীয় ব্যায়াম (Aerobic Exercise) উদাহৰণ: খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা, সাতোঁৰা ইত্যাদি
উপকাৰ:
হৃদ্পিন্ড আৰু হাওঁফাওঁৰ কার্যক্ষমতা উন্নত কৰে,
মাইটোকণ্ড্ৰিয়াৰ কার্যক্ষমতা আৰু নতুন মাইটোকন্ড্ৰিয়া বৃদ্ধিত সহায় কৰে।
পেটৰ আভ্যন্তৰীণ চর্বি বিশেষকৈ যকৃতৰ চৰ্বি কম কৰাত আৰু ইনচুলিন ৰোধতা ( insulin resistance) হ্ৰাস কৰে।
মানসিক অৱস্থা আৰু মগজুৰ কার্যক্ষমতা উন্নত কৰে।
দীর্ঘজীৱনত প্ৰভাৱ: বায়বীয় (aerobic) ব্যায়ামৰ সৈতে জীৱনৰ আয়ু বৃদ্ধি আৰু মৃত্যু হাৰ হ্ৰাসৰ দৃঢ় সম্পৰ্ক আছে।
শক্তি-ভিত্তিক ব্যায়াম (Resistance Training) উদাহৰণ: ৱেইটলিফ্টিং, ৰেছিষ্টেন্স বেন্ড, বডিৱেইট এক্সাৰচাইজৰ ইত্যাদি.....
মাংসপেশীৰ গঠন আৰু শক্তি বৃদ্ধি কৰে
বিপাকীয় হাৰ (metabolic rate) আৰু গ্লুক’জ বিপাক (glucose metabolism)প্ৰক্ৰিয়া উন্নত কৰে, বয়সৰ বৃদ্ধিৰ সৈতে হোৱা মাংসপেশীৰ হ্ৰাস (sarcopenia) ৰোধ কৰে,
হাড় আৰু সন্ধি (joint) শক্তিশালী কৰে।
দীর্ঘজীৱনত প্ৰভাৱ:
মাংসপেশীৰ শক্তি অটুট ৰখাটো বয়স্কসকলৰ মৃত্যুৰ সম্ভাৱনা হ্ৰাস কৰাৰ এটা গুৰুত্বপূৰ্ণ সূচক।
লচিলা আৰু চলাচলতা (Flexibility and Mobility) উদাহৰণ: যোগা, পিলাটিছ, ডাইনামিক ষ্ট্ৰেচিংৰ সুবিধাসমূহ :
অঙ্গ-সঞ্চালনৰ পৰিসৰ উন্নত কৰে,
আঘাতৰ সম্ভাৱনা হ্ৰাস কৰে,
দেহৰ ভংগিমা আৰু স্নায়ু-সমূহৰ সমন্বয় উন্নত কৰে, মানসিক উদ্বিগ্নতা হ্ৰাস আৰু নিদ্ৰাৰ গুণমান উন্নত কৰে ।
দীর্ঘজীৱনত প্ৰভাৱ: আঘাত ৰোধ আৰু স্বাস্থ্য পুনৰুদ্ধাৰত সহায় কৰি সুস্থতা বজাই ৰাখে।
উচ্চ-তীব্ৰতা আন্তঃবিৰতি ব্যায়াম ( high intensity interval training) উদাহৰণ: কম সময়ৰ উচ্চ গতিৰ ব্যায়ামৰ পিছত বিশ্ৰাম বা ধীৰ গতিত ব্যায়ামৰ সুবিধা:
VO2 max ( maximum amount of oxygen used by body in one minute )আৰু হৃদ্যন্ত্ৰৰ দক্ষতা বৃদ্ধি, চর্বি দহন আৰু তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে। HIIT য়ে কম সময়তে ব্যায়মৰ অধিক ফল লাভৰ সুবিধা দিয়ে।
দীর্ঘজীৱনত প্ৰভাৱ: HIIT য়ে কাৰ্ডিয়’মেটাব'লিক স্বাস্থ্য উন্নত কৰি আয়ু বৃদ্ধিত সহায় কৰে।
ভাৰসাম্য আৰু কাৰ্যক্ষমতা (Balance and Functional Training) বৃদ্ধিৰ ব্যায়াম উদাহৰণ: তাই চি, বেলেন্স ব’ৰ্ড, কার্যক্ষমতা-ভিত্তিক ব্যায়ামৰ সুবিধা:
বৃদ্ধ বয়সত পৰি যোৱাৰ বিপদ হ্ৰাস কৰে,
দৈনন্দিন জীৱনত স্বাধীন ভাৱে
চলাফৰা আৰু সমতা ৰক্ষাত সহায় কৰে।
দীর্ঘজীৱনত প্ৰভাৱ: বয়সজনিত আঘাতৰ বিপদ হ্ৰাস কৰি আত্ম-নির্ভৰতা বজাই ৰাখে।
ব্যায়াম আৰু বৃদ্ধ বয়সৰ সুস্থতা:
ব্যায়ামে কোষৰ মেৰামতি, মাইটোকণ্ড্ৰিয়াৰ স্বাস্থ্য, আৰু প্রদাহ নিয়ন্ত্ৰণত জড়িত জৈৱ-ৰাসায়নিক পথসমূহ (AMPK, PGC-1α, mTOR, autophagy) সক্ৰিয় কৰে। এইবোৰে জীৱনকাল বৃদ্ধি কৰাৰ উপৰিও সুস্থ জীৱনকাল (healthspan)—অর্থাৎ সুস্থভাৱে জীয়াই থকা সময় বঢ়ায়।
গৱেষণাত দেখা গৈছে যে শাৰীৰিকভাৱে সক্ৰিয় লোকৰ ক্ৰমজমৰ টেল’মিয়েৰ দীঘল হয় আৰু বৃদ্ধ বয়সত অসুস্থতা কমায় ৰাখে।
উপসংহাৰ
ব্যায়াম কেৱল ওজন নিয়ন্ত্ৰণৰ উপায় নহয় ই হৈছে স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধৰ এক মূল মন্ত্ৰ। বায়বীয়, শক্তি বৰ্ধক, লচিলা আৰু ভাৰসাম্যমূলক ব্যায়ামৰ সংমিশ্ৰণে দীৰ্ঘ দিনীয়া ৰোগৰ বিপদ হ্ৰাস কৰাৰ লগতে শাৰীৰিক আৰু মানসিক কাৰ্যক্ষমতা উন্নত কৰে আৰু জীৱনৰ আয়ুস আৰু স্বাস্থ্যদায়ক কাল (healthspan) দুয়োটা বৃদ্ধি কৰে।
নিয়মবোৰ সৰল কিন্তু অতীব প্ৰয়োজনীয়, বেছিকৈ চলাফিৰা কৰক, নিয়মীয়াকৈ কৰক, আৰু উদ্দেশ্যপূৰ্ণভাৱে কৰক । Be active.