04/02/2026
Many people think a fertility center is only a place for couples who cannot conceive. Yes, that is part of it. But within these walls live many more stories.
Stories of hope.
Stories of unbearable loss.
Stories where science offers the courage to begin again.
And stories of conscious, deeply personal decisions about the future.
Our everyday OPD reminds us of this truth.
A couple walked in carrying the heavy burden of thalassemia. They had already lost a child to this disease. This time, they chose IVF with embryo genetic testing—not just to conceive, but to ensure the birth of a healthy child. For them, fertility treatment is not about having another baby; it is about stopping the repetition of a devastating loss.
Another patient was an independent working single woman. She is not ready to become a wife / mother today, but she wants to keep that possibility alive for tomorrow. She chose Egg freezing. For her, fertility care means owning her time, her body, and her future.
There was also a couple in their late forties. Their family had been complete years ago. Then a tragic road accident took away their 23-year-old daughter. Their visit was not just for medical treatment—it was grief, memory, and a quiet search for light. For them, trying for another child is not about “starting over,” but about learning to breathe again in a life that has been shattered.
A fertility clinic is not just a place where life is created.
It is a place where genetics can prevent future suffering,
where women plan their futures on their own terms,
and where parents, even in infinite grief, find hope again.
Behind every file, there is a story.
Behind every procedure, there is a prayer.
And every OPD reminds us—we do not just treat infertility.
We walk beside people through the most complex, emotional journeys of their lives. We create hope, with trust we walk hand in hand for a better future.
অনেকে ভাবে, এটা fertility center মানে মাথোঁ সন্তান ধাৰণ কৰিব নোৱৰা দম্পতীৰ বাবে চিকিৎসাৰ ঠাই।
হয়, সেয়া নিশ্চয় আছে।
কিন্তু এই দেৱালবোৰৰ ভিতৰত লুকাই আছে বহুতো আন গল্প।
আশাৰ গল্প।
অসহ্য হেৰুৱাৰ বেদনাৰ গল্প।
বিজ্ঞানে পুনৰ আৰম্ভ কৰিবলৈ সাহস দিয়া গল্প।
আৰু নিজৰ ভৱিষ্যৎ সম্পৰ্কে সচেতন, গভীৰভাৱে ব্যক্তিগত সিদ্ধান্তৰ গল্প।
আমাৰ প্ৰতিদিনৰ OPD-ই এই সত্যটো আমাক বাৰে বাৰে মনত পেলাই দিয়ে।
এটা দম্পতী আহিছিল থ্যালাছেমিয়াৰ গধুৰ বোজা বুকুত লৈ। এই ৰোগৰ বাবে তেওঁলোকে ইতিমধ্যে নিজৰ এটি সন্তান হেৰুৱাইছে। এইবাৰ তেওঁলোকে IVFৰ সৈতে embryo genetic testing বাছি লৈছে—কেৱল গৰ্ভধাৰণৰ বাবে নহয়, এটা সুস্থ শিশুক এই পৃথিৱীলৈ আনিবৰ নিশ্চয়তাৰ বাবে। তেওঁলোকৰ বাবে fertility treatment মানে নতুন সন্তান লোৱা নহয়; ই হৈছে এটা বিধ্বংসী দুখৰ পুনৰাবৃত্তি বন্ধ কৰাৰ চেষ্টা।
আন এজন ৰোগী আছিল এগৰাকী স্বাৱলম্বী, কৰ্মৰত চিঙ্গল মহিলা। তেওঁ এতিয়াই পত্নী বা মাতৃ হ’বলৈ সাজু নহয়, কিন্তু ভৱিষ্যতৰ সেই সম্ভাৱনাটো জীয়াই ৰাখিব বিচাৰে। সেইবাবে তেওঁ Egg freezing বাছি লৈছে। তেওঁৰ বাবে fertility care মানে নিজৰ সময়, নিজৰ শৰীৰ আৰু নিজৰ ভৱিষ্যৎ নিজৰ হাতত ৰখা।
আৰু আছিল আন এটা দম্পতী—বয়স চল্লিশৰ শেষ ফালে। বহু বছৰ আগতেই তেওঁলোকৰ পৰিয়াল সম্পূৰ্ণ হৈছিল। তাৰপিছত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত তেওঁলোকে নিজৰ ২৩ বছৰীয়া কন্যাক হেৰুৱালে। তেওঁলোকৰ এই আহিবলগীয়া কেৱল চিকিৎসাৰ বাবে নহয়—এইটো আছিল শোক, স্মৃতি আৰু পুনৰ অলপ পোহৰ বিচাৰ এক নীৰৱ চেষ্টা। তেওঁলোকৰ বাবে পুনৰ সন্তান লোৱাৰ ভাবনা মানে “নতুনকৈ আৰম্ভ কৰা” নহয়, বৰঞ্চ ভাঙি পৰি থকা জীৱনত পুনৰ শ্বাস ল’ব শিকা।
এটা fertility clinic কেৱল জীৱন সৃষ্টি কৰাৰ ঠাই নহয়।
এইটো এনে এটা ঠাই—
য’ত genetics ভৱিষ্যতৰ দুখ-কষ্ট ৰোধ কৰিব পাৰে,
য’ত মহিলাই নিজৰ চৰ্তত ভৱিষ্যৎ পৰিকল্পনা কৰে,
আৰু য’ত পিতৃ-মাতৃয়ে অসীম শোকৰ মাজতো পুনৰ আশাৰ পোহৰ বিচাৰি পায়।
প্ৰতিটো ফাইলৰ আঁৰত এটা গল্প থাকে।
প্ৰতিটো প্ৰচিডিউৰৰ আঁৰত থাকে একগুচ্ছ প্ৰাৰ্থনা।
আৰু প্ৰতিটো OPD-ই আমাক সোঁৱৰাই দিয়ে—
আমি কেৱল infertility চিকিৎসা নকৰো।
আমি মানুহৰ জীৱনৰ আটাইতকৈ জটিল, গভীৰ আৰু আবেগেৰে ভৰা যাত্ৰাত তেওঁলোকৰ কাষে কাষে খোজ কাঢ়ো।
বিশ্বাসৰ সৈতে আমি আশাৰ সৃষ্টি কৰোঁ, আৰু এটা ভাল ভৱিষ্যতৰ বাবে হাতত হাত ধৰি আগবাঢ়ো।