Mental Health & Drug dependency

Mental Health & Drug dependency This page was created with an aim to make people aware about various psychiatric disorders and measu

21/12/2024

অভিজ্ঞতা :

কেতিয়াবা এনে কিছুমান কাহিনীৰ লগত জড়িত হবলগীয়া হৈ পাৰে, যি মনলৈ গভীৰ সুখানুভুতি লৈ আহে। তেনে এক কাহিনীৰ কথাকে কবলৈ ওলাইছো।

মোৰ ওচৰত এজন 75 বছৰীয়া ৰোগীয়ে চিকিৎসা লৈ আছে, যোৱা 4 - 5 মাহ ধৰি। ৰোগীৰ Dementia নামৰ ৰোগ, চিকিৎসা কৰাত যতকিঞ্চিত পৰিবৰ্তন হৈছে। পৰিয়ালৰ মানুহকো পাহৰিব ধৰিছে। বৰ বেছি উন্নতি হোৱাৰ আশা কৰাতো ভুল হব, ঘৰৰ মানুহকো বুজাই দিয়া হৈছে। তেনেতে এদিন ৰোগীজনক পৰিয়ালৰ লোকে মোৰ ক্লিনিকলৈ লৈ আহিল বিধ্বস্ত অৱস্থাত। ৰোগীক পোনে পোনে এখন হস্পিটেলৰ পৰা লৈ আহিছিল। ৰোগীয়ে খোজ কাঢ়িব নোৱাৰে, কথাও ভাল দৰে কব নোৱাৰে, আনকি পেচাবো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। মুত্ৰদ্বাৰত catheter লগাই Urobag টো ওলমাই লৈ আহিছে। ৰোগীৰ সৰ্বশৰীৰত কঁপনি, মুখেৰে কিবা বিৰবিৰাই আছে, মোৰ কথা একো বুজি পোৱা নাই। পৰিয়ালৰ লোকে কলে যে ৰোগী দিনক দিনে দুৰ্বল হোৱাৰ বাবে, তেওঁলোকৰ কৰ্মৰত সংন্থানৰ চিকিৎসালয় খনতে তেওঁক ভৰ্তি কৰি দিলে। নাম থকা চিকিৎসালয়। কিন্তু চিকিৎসা আৰম্ভ কৰাৰ পাছত গতি বিষম হে হ’ল। উপায় নাপায় তাৰ চিকিৎসকে higher centre লৈ চিকিৎসাৰ বাবে refer কৰিলে। Discharge sheet খন চাই দেখিলোঁ, তেওঁ লোকে সম্ভৱপৰ সকলোবিধ investigation কৰি মোৰ ঔষধ বোৰৰ লগতে দুই এটা বেলেগ ঔষধহে যোগ দিছে। গতিকে ৰোগীৰ এই অৱস্থা ৰোগৰ মাত্ৰা বেছি হোৱাৰ বাবেহে হৈছে। মই ৰোগীৰ গম্ভীৰ অৱস্থালৈ চাই ভৰ্তি হবলৈ কলো। পৰিয়ালৰ লোকে কলে যে যেতিয়া তেওঁলোকে admission ৰ বাবে কোম্পানীৰ পৰা অনুমতি পত্ৰ খন পাব তেতিয়া তেওঁলোকে ভৰ্তি কৰি দিব। উপায় নাপায় মই এবিধ Antiparkinson’s ৰ ঔষধ যোগ দি শীঘ্ৰে ভৰ্তিৰ বাবে লৈ আহিবলৈ কলোঁ আৰু লগতে Neurology বিভাগৰ পৰামৰ্শ লবলৈও কলোঁ।

তাৰ 5 দিনৰ পাছত ৰোগী refer paper লৈ মোৰ কোঠাত হাজিৰ। লগত পৰিয়ালৰ মানুহ। ৰোগীক দেখি মোৰ বিচুৰ্তি হোৱাৰ পাল। ট্ৰেক চুট এযোৰ পিন্ধি,সুন্দৰকৈ খোজ কাঢ়ি আহি মোৰ সন্মুখৰ চকীখনত ৰোগীজন বহি পৰিল। না লগত catheter সহিত urobag, না শৰীৰৰ কঁপনি। তাতে মোক চিনিও পাইছে, কথাও পাতিছে। অৱশ্যে memory deficit আছেই। মুঠতে ৰোগী ভৰ্তি হোৱাৰ কোনো প্ৰয়োজন নাই। পৰিয়ালৰ লোকক সুধিলো, ভৰ্তি কৰিব বিচাৰে জানো। তেওঁলোকে কলে, “আপুনি যদি কৈছে, নালাগে আৰু”। শেষত দুবিধ মান ঔষধ অলপ adjust কৰি আৰু Neurologist এজনলৈ refer দি তেওঁলোকক বিদায় দিলো।

এনেবোৰ অভিজ্ঞতাই চিকিৎসক এজনৰ মনলৈ অপাৰ প্ৰশান্তিৰ ভাব আনি দিয়ে। আৰু ঈশ্বৰৰ কৃপাত নিজেও এনে কিছু কাহিনীৰ লগত জড়িত হবলৈ পায় কৃতাৰ্থ মানিছো।

23/04/2022
20/01/2020

Suicides are preventable.

People who talk about su***de may be reaching out for help or support.

Let's understand / জানোঁ আহক
02/01/2020

Let's understand / জানোঁ আহক

23/11/2019

" এদিনাখন এজন ২৬ বছৰীয়া বেংক বিষয়া মোৰ ওচৰলৈ তেওঁৰ সমস্যাৰ নিদান বিচাৰি আহিছিল। তেওঁৰ প্ৰধান সমস্যাবোৰ আছিল কাৰণ বিহীন ভয়, অস্থিৰতা, সঘন মূৰত গধুৰ গধুৰ অনুভৱ, নিদ্ৰাহীনতা, মনোযোগহীনতা, অকাৰণে মনত চিন্তা আহি থকা ( যি প্ৰায়েই শুবৰ সময়ত বেছি হয়), মাজে মাজে মূৰঘূৰণি , পেটত গেছৰ অসুবিধা আৰু হৃদয়ৰ গতি বাঢ়ি যোৱা ইত্যাদি। উপৰোক্ত অসুবিধা সমূহ তেওঁৰ কেইবা বছৰ ধৰি চলি আছে যদিও, যোৱা প্ৰায় তিনিসপ্তাহৰ পৰা ই বেছি হৈছে।"

- আপোনালোক কোনোবাই হয়তো কেতিয়াবা কমবেছি পৰিমাণে এনে সমস্যাত ভুগিছে আৰু আপুনি জানি হয়তো আচৰিত হব যে ই বিশ্বৰ এক বুজন সংখ্যক লোকক আক্ৰান্ত কৰিছে। এতিয়া প্ৰশ্নটো হৈছে ইয়াৰ নাম কি?

- উত্তৰতো হৈছে "উদ্বিগ্নতা" বা GAD (Generalized Anxiety Disorder)। বিভিন্ন কাৰণে আৰু কাৰকৰ বাবে আমাৰ মগজুৰ জৈৱৰসায়ন বোৰৰ সামান্য হেৰফেৰ ঘটাৰ ফলত এনে ৰোগে দেখা দিব পাৰে। বেমাৰবিধ অতি সামান্য কিন্তু আক্ৰান্ত ব্যক্তিজনে ইয়াক অতি বেছি যেন অনুভৱ কৰে।যৎসামান্য ঔষধৰ ব্যৱহাৰৰ দ্বাৰা ইয়াৰ অতি ফলপ্ৰসূ চিকিৎসা সম্ভৱ। এজন মনোৰোগ বিশেষজ্ঞৰ পৰামর্শ লওঁক আৰু নিদান পাওঁক।

( * ভাল পালে শ্বেয়াৰ কৰিব)

02/11/2019

আপোনাৰ প্ৰশ্ন, আমাৰ উত্তৰ।

29/10/2019

এদিনাখন এজন ২০ বছৰীয়া যুৱকক বাটৰুৱাই অজ্ঞান অৱস্থাত পাই ততাতৈয়াকৈ হস্পিটেল এখনৰ জৰুৰীকালীন বিভাগ পোৱালেহি। কণিষ্ঠ চিকিৎসক কেইজনে ৰোগীৰ অৱস্থা দেখি ততাতৈয়াকৈ মোক মাতি পঠিয়ালে। মই গৈ দেখো যে ৰোগীৰ শ্বাস-প্রশ্বাস প্ৰায় বন্ধ, ৰোগী অচেতন, চকুৰ মণি তেনেই সৰু। লগে লগে ষ্টাফক oxygen সহিতে artificial air supply ৰ ব্যৱস্থা কৰিব দিলোঁ আৰু এটা বিশেষ ঔষধ injection হিচাবে প্ৰয়োগ কৰিলোঁ। অলপ সময়ৰ পাছত ৰোগীৰ জ্ঞান উভতি অহাৰ লগতে সকলো স্বাভাৱিক হব ধৰিলে। এতিয়া প্ৰশ্নটো হল ৰোগীৰ কি হৈছিল? মই জনাব বিচাৰো যে ই এটা অতি ভীষণ পৰিস্থিতি, য’ত মৃত্যুৰ হাৰ অতি বেছি, আৰু ই ৰোগীৰ ভুলৰ বাবে সংগঠিত হয়।

উত্তৰ: হিৰ'ইন অভাৰড'জ বা ইনটকচিকেশ্বন। অত্যাধিক হিৰ'ইন ব্যৱহাৰ কৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাৰ বাবে এই দুৰ্ঘটনা সংগঠিত হয়। এনে অনাহক পৰিস্থিতিৰ পৰা যাতে হাত সাৰি থাকিব পাৰি, তাৰ বাবে নিচাসক্ত ব্যক্তি ও সুহৃদজনে এজন "মানসিক ৰোগ বিশেষজ্ঞৰ" পৰামৰ্শ লওক।

( # ভাল পালে শ্বেয়াৰ কৰিব)

10/10/2019

এজন সমাজ সচেতন ব্যক্তিয়ে মোৰ ওচৰলৈ অলপ সহায় বিচাৰি আহিছিল। বিষয়টো হল তেওঁৰ অঞ্চলত এজন মানসিক ভাৱে অসুস্হ ৰোগীৰ চিকিৎসা সম্বন্ধে। এই ৰোগীজন যোৱা প্রায় ২ বছৰ ধৰি বেচিভাগ সময় ঘৰৰ ভিতৰতে সোমাই আছে। তেওঁ কথা বতৰা খুব কম কয়। অকলে অকলে মুখেৰে কিবা বিৰবিৰাই থকাৰ উপৰিও মাজে মাজে মিচিকিয়া হাঁহি এটা মাৰি থাকে। খোৱা বোৱা, কাম কাজ, সামাজিক দায়িত্ব আদিৰ প্ৰতি তেওঁৰ কোনো মন কান নাই। তেওঁ নিজৰ দুনিয়াৰ লগতেই মচগুল। ঘৰৰ লোকসকলো তেওঁৰ প্ৰতি সহানুভূতিহীন। তেওঁলোকে ৰোগীজনৰ এটা আওঁহতীয়া খোটালীত থাকিবলৈ দি কেৱল আহাৰৰ যোগান ধৰি থাকে। ৰোগীজনৰ এই অৱস্থা দেখি চুবুৰীয়া সচেতন ব্যক্তি জনে মোক সহায়ৰ বাবে আগ্ৰহ কৰিছিল। এতিয়া প্ৰশ্নটো হৈছে ৰোগীজনৰ কি ৰোগ হৈছে আৰু কিদৰে সহায় আগবঢ়াব পাৰি?

উত্তৰ: এই ৰোগ বিধৰ নাম হৈছে "স্কীজোফ্ৰেনিয়া"। ইয়াৰ চিকিৎসা সম্ভৱ। কিন্তু ইয়াৰ বাবে ৰোগীজনক মানসিক ৰোগ বিশেষজ্ঞৰ কাষলৈ লৈ যোৱাটো জৰুৰী। সমাজৰ দায়িত্ব হৈছে এনে লোকক চিনাক্ত কৰি ঘৰৰ মানুহক বুজাই পৰাই চিকিৎসাৰ বাবে লৈ অনাটো। চৰকাৰী চিকিৎসালয়ত এনে ৰোগীৰ বিনামূলীয়া চিকিৎসাও হয়। ইয়াৰোপৰি চৰকাৰে এনে লোকৰ বাবে আইন প্ৰণয়ন কৰি থৈছে, যাতে এনে লোকে চিকিৎসা লাভ কৰিব পাৰে। আজিকালি কম খৰচী অতি ফলপ্ৰসূ চিকিৎসাও উপলদ্ধ, যাৰ বাবে ৰোগী চিকিৎসালয়ত ভৰ্তি নহলেও হয়। অধিক জানিবলৈ "Mental health care act 2017" খন পঢ়ি চাব পাৰে।

( # ভাল পালে শ্বেয়াৰ কৰিব)

Address

Psychiatrist And Addiction Specialist
Dibrugarh
786003

Alerts

Be the first to know and let us send you an email when Mental Health & Drug dependency posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Mental Health & Drug dependency:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Healthy body needs a healthy mind

We are providing treatments for various form of psychiatric disorders. Among them substance abuse ( addiction towards Alcohol, cannabis - bhang, ma*****na, g***a etc, opioids - he**in, codeine containing cough syp, spasmoproxyvon capsule, Morphine and Pentazocin injections etc, Tranquilizers- Nitrazepam, Diazepine ,Alprazolam tabs etc, To***co and cigarette, Gutka, Glue like dendrite, Eraser ink etc) is also a form of mental disorder. We have a good experience in treating these type of effected people.

Always remember Psychiatric disorders can be treatable. It require full cooperation from family & society. A small step from you can contribute immensely towards a strong and healthy nation.