Dr Santanu Bora MD

Dr Santanu Bora MD Dr Santanu Bora MD, FIPS is a Psychiatrist by profession who delivers services at Dibrugarh.

He had previously worked in various institutions like AIIMS, New Delhi; LGBRIMH, Tezpur, GNRC hospitals in various positions.

10/10/2025
আজি এগৰাকী ছোৱালী মোৰ  ক্লিনিকলৈ মাকৰ লগত আহিছিল, প্ৰায় দেৰ বছৰ মানৰ মূৰত। উদ্দেশ্য মোক এবাৰ লগ ধৰি যোৱা। তাই মাত্ৰ ধন্...
18/09/2025

আজি এগৰাকী ছোৱালী মোৰ ক্লিনিকলৈ মাকৰ লগত আহিছিল, প্ৰায় দেৰ বছৰ মানৰ মূৰত। উদ্দেশ্য মোক এবাৰ লগ ধৰি যোৱা। তাই মাত্ৰ ধন্যবাদ জনাবলৈকে আহিছিল। কিয়নো 2023 চনত NEET পৰীক্ষাত exam phobia ৰ বাবে তাই পৰীক্ষাকে দিব পৰা নাছিল। পাছত আমাৰ চিকিৎসা লৈ থকাৰ সময়ত 2024 চনত পৰীক্ষা দি তাই 610 নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল আৰু এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি এতিয়া ফাৰ্ষ্ট প্ৰফেচনেল MBBS পৰীক্ষা দি ঘৰলৈ অহাত মোক এই সুসম্বাদটি জনাবলৈ বুলি মোৰ ক্লিনিক পালেহি। এনে সাফল্যতাত মোৰ ফালৰ পৰাও তাইক অভিনন্দন জনালো।
সামান্য মানসিক সমস্যা এটাই কিদৰে মানুহৰ প্ৰগতিৰ অন্তৰায় হৈ পৰে ই তাৰে এক উদাহৰণ। এনে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ মেডিকেল, ইঞ্জিনীয়াৰিং, মেট্ৰিক, আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত লভা সাফল্যতাত নিজকে জড়িত হোৱাৰ সংবাদ পালে নিজকে চিকিৎসক হিচাবে সফল হোৱা যেন ভাৱ হয়।

অভিজ্ঞতা Erectile Dysfunction অৰ্থাৎ লিঙ্গৰ অক্ষমতা হৈছে, এনে বিকাৰ যাৰ বাবে পুৰুষে যৌন সম্পৰ্কৰ সময়ত সন্তোষজনক উত্থান ...
17/09/2025

অভিজ্ঞতা
Erectile Dysfunction অৰ্থাৎ লিঙ্গৰ অক্ষমতা হৈছে, এনে বিকাৰ যাৰ বাবে পুৰুষে যৌন সম্পৰ্কৰ সময়ত সন্তোষজনক উত্থান লাভ কৰিব নোৱাৰে বা উত্থান স্থায়ী কৰিব নোৱাৰে।

ইয়াৰ কাৰণসমূহক মুখ্যতঃ মানসিক কাৰণ আৰু শাৰীৰিক কাৰণত বিভক্ত কৰিব পাৰি। শাৰীৰিক কাৰণৰ ভিতৰত
ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদয়ৰোগ, স্নায়বিক ৰোগ আৰু অন্য স্বাস্থ্যজনিত সমস্যা ইত্যাদি।
ইয়াৰোপৰি কিছু দৰবৰ (যেনে- ডিপ্ৰেছন, উচ্চ ৰক্তচাপৰ ঔষধ, কিছুমান পেইন কিলাৰ ঔষধ আদি) ব্যবহাৰ ফলতো এই সমস্যা দেখা দিব পাৰে।
লগতে ধূমপান, মদ্যপান, বা নিষিদ্ধ মাদক দ্ৰব্যৰ ব্যৱহাৰৰ ফলতো এইবোৰ সমস্যা হোৱা প্ৰায়েই দেখা যায়।

মানসিক কাৰণ সমূহৰ ভিতৰত মানসিক চাপ, উদ্বেগ, বিষন্নতা, আত্মবিশ্বাসৰ অভাৱ বা অনুভূতিক সমস্যাসমূহেই প্ৰধান।

এইটো এক সাধাৰণ সমস্যা। ইয়াৰ বাবে লাজ পোৱা বা গোপনে ৰখা উচিত নহয়। প্ৰথম কাম হৈছে মূল কাৰণটো উলিয়াই লোৱা, আৰু তাৰ পাছত তাৰ নিৰাময় কৰা। আমাৰ দৈনন্দিন চিকিৎসা কৰ্মক্ষেত্ৰত লগ পোৱা এনে সমস্যাত ভোগা লোক সকলৰ মুখ্য কাৰণ মানসিক ৰোগ বুলিহে ঠাৱৰ কৰা হয় আৰু সেই অনুপাতে সুফল লাভ কৰাৰ সংখ্যাও বেছি।

সেয়েহে, অভিজ্ঞতাৰ পৰা কৈছোঁ, কোনোবাই এনে সমস্যাত ভুগিলে এজন অভিজ্ঞ psychiatrist ৰ পৰামৰ্শ লওক।

Dr Santanu Bora
Dibrugarh
9126561945

অভিজ্ঞতা:এজনী 16 বছৰীয়া ছোৱালীয়ে তাই বহুদিনৰ পৰা ভুগি থকা সমস্যা সমূহৰ বিষয়ে থুলমূলকৈ মোৰ ওচৰলৈ লিখি আনিছিল। বেলেগৰ আগ...
03/08/2025

অভিজ্ঞতা:
এজনী 16 বছৰীয়া ছোৱালীয়ে তাই বহুদিনৰ পৰা ভুগি থকা সমস্যা সমূহৰ বিষয়ে থুলমূলকৈ মোৰ ওচৰলৈ লিখি আনিছিল। বেলেগৰ আগত কবলৈ সংকোচবোধ কৰি আছিল। পঢ়াশুনাত তাই খুবেই ভাল, আৰু হাতৰ আখৰৰ কথা কি কম, একেবাৰে কুণ্ডত কটা, সাইলাখ যেন Microsoft word ৰ font হে। কিন্তু Depression নামৰ মানসিক ৰোগ বিধে তাইক কোঙা কৰি পেলাইছে। আহকচোন তাইৰ সমস্যা খিনি এবাৰ পঢ়ি চাওঁ।

অভিজ্ঞতা:এদিনাখন এজন মেডিচিন বিভাগৰ চিকিৎসকে এগৰাকী 32 বছৰীয়া মহিলাক মোৰ ওচৰলৈ চিকিৎসাৰ বাবে পঠিয়াইছিল। তেওঁৰ ঘৰ ব্ৰহ্...
27/07/2025

অভিজ্ঞতা:
এদিনাখন এজন মেডিচিন বিভাগৰ চিকিৎসকে এগৰাকী 32 বছৰীয়া মহিলাক মোৰ ওচৰলৈ চিকিৎসাৰ বাবে পঠিয়াইছিল। তেওঁৰ ঘৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ গাওঁ এখনৰ। তেওঁৰ সমস্যা আছিল দুবিধ বিশেষ দৰব নাখালে তেওঁৰ “ভয়ংকৰ অস্থিৰতা, মূৰৰ বিষ, শৰীৰৰ বিষ, দুৰ্বল লগা আৰু টোপনিৰ সমস্যা” দেখা দিয়ে। আনকি এদিনৰ বাবেও তেওঁ ঔষধ এৰিব নোৱাৰে।
বিতংকৈ খবৰ লোৱাত গম পালো যে যোৱা " 9 বছৰ " ধৰি তেওঁ তিনি বিধ ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰি আহিছে। কাৰণটো হৈছে তেওঁৰ আগতে শৰীৰৰ ওজন অলপ কম আছিল হেনো। সেইবাবে স্থানীয় ডাক্তৰক দেখুৱাই চোৱাত সেই ডাক্তৰজনে Dexamethasone আৰু Cyproheptadine টেবলেট আৰু Livoerb নামৰ লিভাৰৰ দৰব দিছিল ওজন বঢ়াবলৈ বুলি আৰু সুদীৰ্ঘ নবছৰ ধৰি ইয়াক যোগান ধৰি আহিছে।
আচৰিত হৈ মই সুধিলো যে আমাৰ কোনো চিকিৎসকে ওজন বঢ়াবলৈ এনে দৰব নিদিয়ে, তেওঁৰ সঁচাই MBBS ডিগ্ৰী আছেনে? তেতিয়া ৰোগীয়ে কলে যে তেওঁৰ কোনো ডিগ্ৰী থকা চিকিৎসক নহয়, কিন্তু বহু ৰোগী চাই আৰু pharmacy ৰ Doctor chamber ত বহি চিকিৎসা দিয়ে। তেতিয়াহে গম পালো যে সেইজন এজন ভণ্ড চিকিৎসক বা Fraud doctor ।

Cyproheptadine থকা দৰব বজাৰত বিভিন্ন নামত পোৱা যায়। যেনে- Practin, Cypon, Ciplactin, Pro pektin আদি বিভিন্ন নামেৰে syrup বা টেবলেট। ইয়াক এলাৰ্জি, motion sickness, আৰু ভোক বঢ়াবলৈ ব্যবহাৰ কৰা হয়।

Dexamethasone হৈছে এবিধ steroid। ই হৈছে প্ৰদাহ বা inflammation ত ব্যবহৃত অত্যন্ত জৰুৰী দৰব। ইয়াৰ পাৰ্শ্বক্ৰিয়া (side effect) ও বেছি। চিকিৎসকৰ বিনা তত্বাবধানত ইয়াক গ্ৰহণ কৰাটো অত্যন্ত বিপদজনক। ইয়াক বজাৰত Dexona নামতেই সকলোৱে জানে। Steroid জাতীয় দৰব সমূহৰ এটা পাৰ্শ্বক্ৰিয়া হৈছে শৰীৰৰ ওজন বৃদ্ধি।

ভণ্ড ডাক্তৰে মহিলা গৰাকীৰ ওজন বঢ়াবলৈ বুলি এই দুবিধ দৰবৰ লগতে যকৃতৰ (Liver) দৰব দি অতবছৰে ৰোগীক উপৰোক্ত দৰবৰ, বিশেষকৈ Cyproheptadine ৰ প্ৰতি আসক্তিৰ (addiction) সৃষ্টি কৰিলে। ফলত এদিনৰ বাবেও গ্ৰহণ নকৰিলে মহিলাগৰাকী ভীষণ অশান্তিত ভোগা হ'ল। আৰু steroid জাতীয় দৰবৰ শৰীৰত পৰা কুপ্ৰভাবৰ কথা লিখিবলৈ গলে এখন সৰুসুৰা কিতাপেই হবগৈ। এগৰাকী সুস্থ ব্যক্তিৰ কিদৰে শৰীৰৰ ওজন বঢ়োৱাৰ নামত শৰীৰৰ কিমান অংগৰ ক্ষতি সাধন কৰিলে তাক মাত্ৰ আমি চিকিৎসক সকলেহে অনুধাৱন কৰিব পাৰো।

এনেবোৰ ঘটনা আমাৰ গাঁও চহৰত বিৰল নহয়। কিমান ভণ্ড চিকিৎসকে কিমান লোকৰ এনেদৰে জীৱন ঘুণীয়া কৰি আছে কি জানি।
আমাৰ ৰাইজ সকলো কম দায়ী নহয়। কোনোবাই কলে বুলিয়েই “অচিন কাঠৰ ঠোৰা” কেলৈ লগাব লাগে? চিকিৎসা সম্বন্ধীয় জ্ঞান বা সহায় লাগিলে উপযুক্ত কতৃপক্ষৰ কাষ চাপক। চৰকাৰী আৰু ব্যক্তিগত খণ্ডত আজিকালি চিকিৎসকৰ অভাৱ নাই।

We are also available at Aditya hospital and diagnostic centre, Dibrugarh at (10 am -12 pm) for consultation. Please con...
28/05/2025

We are also available at Aditya hospital and diagnostic centre, Dibrugarh at (10 am -12 pm) for consultation. Please contact us at 7637010707 or 94356 80094

We provide treatment at this clinic owned by us in Afternoon hours ( 3 to 5 pm), located at Boiragimoth chari ali, convo...
28/05/2025

We provide treatment at this clinic owned by us in Afternoon hours ( 3 to 5 pm), located at Boiragimoth chari ali, convoy road, Dibrugarh opposite the carrier point. Our contact number is 9126561945. It's our motto to deliver the best and up-to-date services at affordable price

অভিজ্ঞতা:মোৰ ওচৰলৈ অহা কিশোৰবোৰক প্ৰায়েই এটা প্ৰশ্ন সোধো ...ভৱিষ্যতে কি হবলৈ বিচৰা?আজিকালি কিছুমানে উত্তৰ দিয়ে "ইউটিউব...
25/05/2025

অভিজ্ঞতা:
মোৰ ওচৰলৈ অহা কিশোৰবোৰক প্ৰায়েই এটা প্ৰশ্ন সোধো ...
ভৱিষ্যতে কি হবলৈ বিচৰা?
আজিকালি কিছুমানে উত্তৰ দিয়ে "ইউটিউবাৰ" হোৱাৰ মন বুলি।

এজন কিশোৰেতো যোৱাবাৰ মেট্ৰিক পৰীক্ষাই নিদিলে। তাৰ যুক্তি আছিল "পঢ়ি কি লাভ, YouTuber হৈয়ে যদি ধন ঘটিব পাৰি"।

কি যে হবলৈ গৈ আছে নতুন যুৱচাম! YouTube, instagram আদিয়ে যদি monitize কৰিবলৈ বন্ধ কৰে কি হব সেইসকলৰ যি ইয়াক জীৱিকা হিচাবে গ্ৰহণ কৰিছে।

আমি মানুহবোৰে জীৱনত সন্মুখীন হোৱা কিছুমান সমস্যাই আমাৰ দৈনন্দিন জীৱনত এনে আউল লগায় যে আমি মানুহবোৰ কেতিয়াবা দিশহাৰা হৈ...
15/05/2025

আমি মানুহবোৰে জীৱনত সন্মুখীন হোৱা কিছুমান সমস্যাই আমাৰ দৈনন্দিন জীৱনত এনে আউল লগায় যে আমি মানুহবোৰ কেতিয়াবা দিশহাৰা হৈ পৰো। আমাৰ মাজৰে প্ৰায় 2% কৈ অধিক লোকে এনে সমস্যাত ভুগি থাকে। কিন্তু কোনেও এইবোৰক মানসিক ৰোগৰ লক্ষণ বুলি নাজানে আৰু ইয়াৰ পৰাও যে পৰিত্ৰাণ পাব পাৰি তাকো নাজানে। এই লক্ষণবোৰক OCD বুলি চিকিৎসা বিজ্ঞানত কোৱা হয়।

অবছেছিভ-কম্পলছিভ ডিছঅৰ্ডাৰ (OCD) ৰ মুখ্য লক্ষণসমূহ হ’লঃ

👉অবাঞ্চিত চিন্তা, ভয় বা সন্দেহ (obsessions) মনত ঘূৰি ফুৰা, যি মনৰপৰা আঁতৰাব নোৱাৰি.

👉সেই চিন্তা বা ভয় আঁতৰাবলৈ পুনৰাবৃত্তিমূলক আচৰণ (compulsions) কৰা, যেনে-বাৰম্বাৰ হাত ধোৱা, এটা বস্তু ঠিকঠাক কৰি থোৱা, বা কোনো কাম পুনৰাবৃত্তি কৰা

👉এই আচৰণসমূহে দৈনন্দিন জীৱনত বাধা সৃষ্টি কৰে আৰু মানসিক অশান্তি বা দুখৰ সৃষ্টি কৰে

👉OCD কেৱল সংগঠিত বা নিখুঁত (Disciplined) থাকিবলৈ ভাল পোৱাতকৈ বেলেগ; ইয়াত চিন্তা আৰু আচৰণ দুয়োটাই নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়

👉OCD ৰ আচৰণ বা চিন্তা বেয়া বুলি জানিও, ৰোগীয়ে সেইবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে.

উদাহৰণ:

📌ক্ৰমান্বয়ে হাত ধোৱা বা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত অতিমাত্ৰা মনোযোগ

📌কোনো বস্তু সঠিক স্থানত আছে নে নাই, তাৰ ওপৰত সন্দেহ কৰি পুনৰ-পুনৰ পৰীক্ষা কৰা

📌এটা কথা বা কাম মনত থাকি থাকি পুনৰাবৃত্তি কৰা

ইত্যাদি, ইত্যাদি....। মুঠৰ ওপৰত লিখি শেষ কৰিব নোৱাৰা বিভিন্ন কাহিনী। যাক মাত্ৰ আমি Psychiatrist সকলেহে শুনি পোৱাৰ সৌভাগ্য হয়। বহুতে আকৌ ইয়াক ভুলকৈ “MANIA”❓ বুলি নামেই দি দিছে। কিন্তু আচলতে মেনিয়া নামৰ ৰোগবিধ আন এক প্ৰকাৰৰ গুৰুতৰ মানসিক ৰোগহে।
চিকিৎসা বিনে OCD ৰোগৰ নিৰাময় অসম্ভৱ। অকল psychiatrist সকলেহে ইয়াৰ চিকিৎসা কৰিবলৈ সক্ষম।

টোপনি আৰু স্বাস্থ্য :     আজিকালি আমাৰ মানুহবোৰৰ মাজত দেখা দিয়া এটা অভ্যাস হৈছে ৰাতি দেৰিকৈ শুবলৈ যোৱা। ৰাতি দেৰিকৈ শুই...
09/04/2025

টোপনি আৰু স্বাস্থ্য :
আজিকালি আমাৰ মানুহবোৰৰ মাজত দেখা দিয়া এটা অভ্যাস হৈছে ৰাতি দেৰিকৈ শুবলৈ যোৱা। ৰাতি দেৰিকৈ শুই পুৱা দেৰিকৈ উঠাটো আজি কালিৰ নতুন নিয়ম। অৱশ্যে ইয়াৰ বাবে আমাৰ আধুনিক জীৱন যাপন শৈলীও দায়ী।, টিভি, মোবাইলৰ ব্যবহাৰ আদিৰ আসক্তিৰ ফলত এই অভ্যাসটো আৰু বেয়া হৈ পৰিছে। আমাৰ মানৱ শৰীৰ আৰু মনটোৱে দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত কিছু ঘণ্টা জিৰণি বিচাৰে। যাতে জিৰণিৰ পাছত শৰীৰ আৰু মন পুনৰাই সতেজ হৈ পূৰ্ণোদ্যমে কাৰ্য্যক্ষম হৈ উঠিব পাৰে। আৰু প্ৰকৃতিয়েও নিশাটো মানৱ শৰীৰটোক নিদ্ৰাদেৱীৰ কোলাত জিৰাবলৈ বুলি সাজু কৰি দিছে। তাতে যদি আমি প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰি শৰীৰটোক জিৰণি লবলৈ নিদিওঁ, আমাৰ ৰোগ নহৈ পাৰেনে? বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক ৰোগৰ কাৰণ এই অনিয়মীয়া টোপনি। সেয়েহে ভাল টোপনিৰ বাবে এই নীতি নিয়মবোৰ মানি চলি সুস্বাস্থ্যৰ অধিকাৰী হওঁক....
👉সদায় নিশা সোনকালে টোপনি যোৱাৰ আৰু পুৱা সোনকালে উঠাৰ চেষ্টা কৰক। আমাৰ শাস্ত্ৰতো সুস্বাস্থ্যৰ বাবে ব্ৰহ্মমূহুৰ্তত শুই উঠাৰ অভ্যাস কৰিবলৈ কৈছে।
👉সাত্বিক আৰু সুষম আহাৰ গ্ৰহণ কৰক। ৰাগীয়াল বস্তু সমূলঞ্চে পৰিহাৰ কৰক। অতিভোজন বৰ্জন কৰক। ৰাতি সোনকালে আৰু লঘূ আহাৰ গ্ৰহণ কৰক।
👉নিয়মিত ব্যায়াম বা যোগাসন কৰক। আন নহলেও সদায় কিছু কিলোমিটাৰ খোজ কঢ়াৰ অভ্যাস কৰক।
👉ধ্যান, প্ৰাণায়াম আদি কৰাৰ অভ্যাস কৰক।
👉সদায় সু আৰু ধনাত্মক চিন্তা কৰক। ঋণাত্মক চিন্তা, খং আদিক প্রচ্যয় নিদিব
👉সময়ৰ সদব্যবহাৰ কৰক। পঢ়াশুনা, খেলাধুলা, কৰ্ম সম্পাদনৰ বাবে শৃংখলাবদ্ধভাবে সময়বোৰ ভাগ কৰক। ৰাতি দেৰিলৈকে জাগি থাকি বিভিন্ন কৰ্ম সম্পাদন কৰাতকৈ পুৱা সোনকালে উঠি কৰাৰ অভ্যাস কৰক।
👉পৰাপক্ষত নিশা টিভি, মোবাইল, কম্পিউটাৰ আদি চোৱা পৰিহাৰ কৰক। নিশা লঘূ সংগীত, audiobook আদি শুনিলে ভাল টোপনি আহে।
ইয়াৰোপৰি ভাল টোপনীৰ বাবে বহুতো নিৰ্দেশনা আছে, যাক sleep hygiene বুলি কোৱা হয়।
আপুনিও যদি কিবা যোগ দিব বিচাৰে তেন্তে comment ত লিখক। উপযোগী বুলি ভাবিলে share কৰিব।

Address

Boiragimoth
Dibrugarh
786003

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

+919126561945

Alerts

Be the first to know and let us send you an email when Dr Santanu Bora MD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr Santanu Bora MD:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram