11/12/2024
#কঁকালৰ_বিষ
সাম্প্ৰতিক সময়ত সকলোৰে পৰিচিত এটি শাৰীৰিক সমস্যা হল কঁকালৰ বিষ(low back pain)। সকলোৰে মুখে মুখে শুনিব পোৱা এই কঁকালৰ বিষ আচলতে কোনো ৰোগ নহয়, ই বেলেগ বেলেগ ৰোগৰ লক্ষ্যণ হে। কাৰণ কঁকালৰ বিষ বিভিন্ন কাৰণ ত হোৱা দেখা যায়। যেনে :
👉 কঁকালৰ ligament ৰ অসুবিধা ত
👉 কঁকালৰ মাংস পেশী ( muscles) ৰ দুৰ্বলতা
👉কঁকালৰ nerve চেপা খাই থকাৰ ফলত
👉 বৃক্ক ত হোৱা পাথৰ, টিউমাৰ ৰোগৰ ফলত।
👉 হাড় কেন্সাৰ ৰোগ, হাড়ৰ যক্ষ্মা ৰোগ, হাড় ভাঙা কাৰনটো কঁকালৰ বিষ হব পাৰে।
👉 শৰীৰত কেলচিয়াম, মেগনেছিয়াম, ভিটামিন ডি ৰ অভাৱতো কঁকালৰ বিষ হোৱা দেখা যায়।
এতিয়া আহোঁ ,Intervertebral disc prolapse(pivd)/শ্লীপ ডিস্ক নো কি!!!?(ইয়াত কেৱল কঁকালৰ ( lumber) ডিস্ক ৰ কথাহে কোৱা হৈছে) তাৰ আগতে আমি জানিব লাগিব আমাৰ ৰাজহাড় ডালৰ বিষয়ে। আমাৰ ৰাজহাড় ডাল ৩৩ ডাল সৰু সৰু হাড় ৰ টুকুৰাৰ সমষ্টি(এই টুকুৰা বোৰক vertebrae বুলি কোৱা হয়) , এই হাড় ৰ টুকুৰা বোৰ এটাৰ লগত আনটো ঘহঁনি নহবলৈ দুডাল হাড় ৰ মাজত স্প'ঞ্জ সদৃশ বস্তু থাকে । যাক আমি intervertebral disc বুলি কঁও । এই ডিস্ক বোৰৰ মাজত কিছুমান জেলি সদৃশ পদাৰ্থ থাকে, তাক nucleus pulposus আৰু এই nucleus pulposus ক আৱৰি চালনি সদৃশ গঠন থাকে তাক কোৱা হয় annulus fibrosus । দুডাল হাড়ৰ মাজেৰে brain ৰ পৰা অহা আৰু শৰীৰৰ অংগৰ পৰা brain লৈ অহা যোৱা কৰা নাৰ্ভ বোৰ পাৰ হৈ যায়। আৰু এই ডিস্ক বোৰে নিজৰ নিজৰ ঠাইত থকা নাৰ্ভ বোৰক আঘাতৰ পৰা বছাই ৰাখে । বিভিন্ন কাৰণত যেতিয়া ডিস্ক খন বাহিৰলৈ ওলাই আহে ( তাক আমি শ্লীপ ডিস্ক হোৱা বুলি কওঁ) লগতে নাৰ্ভত আঘাত কৰে যাৰ কাৰণে ৰোগী জনে কঁকালত বিষ অনুভৱ কৰে। ডিস্ক খন বাহিৰলৈ কিমান পৰিমাণে ওলাই আহিছে সেইটো ৰ ওপৰত নিৰ্ভৰ কৰি সেই ওলাই অহা ডিস্ক ৰ মাজত থকা জেলি সদৃশ (neucleus pulposus) পদাৰ্থ বোৰে নাৰ্ভ ত হেঁচা প্ৰয়োগ কৰে আৰু তেতিয়াই ৰোগীৰ কঁকালৰ বিষৰ লগতে নিম্নাংশ ত অৰ্থাৎ ভৰি দুখনলৈ ও বিষ অনুভৱ কৰে আৰু লগতে ভৰি দুখন দিনক দিনে দুৰ্বল হৈ আহে আৰু সময়মতে চিকিৎসা নকৰালে ভৰি দুখন পেৰেলাইচিচ হোৱাৰো আশংকা থাকে।
শ্লীপ ডিস্ক(disc prolapsprolapse) ৰ মূখ্য কাৰণ সমূহ :
👉 বয়স
👉 কঁকাল ঠেকেছা খাই পৰিলে
👉 অত্যাধিক ওজন ৰ বস্তু দাঙিলে।
👉 একে স্হানতে বহু সময় বহি বা থিয় হৈ থাকিলে।
👉 অত্যাধিক যান বাহনত ঘূৰিব লগা হলে।
👉 শৰীৰৰ ওজন প্ৰয়োজনতকৈ বেছি হ'লে।
👉 কঁকালৰ মাংস পেশী দুর্বল হলে ।
👉 অত্যাধিক ধূমপান সেৱন কৰিলে।
👉 দীৰ্ঘদিন আৰামদায়ক ম্যাট্ৰেছ বা তুলিৰ ব্যৱহাৰে।
👉 কোনো কোনো ক্ষেত্রত বংশগত হোৱা ও দেখা যায়।
স্তৰ: ৪ টা স্তৰ ত শ্লীপ ডিস্ক হোৱা দেখা যায় (বুজিবৰ বাবে তলত ছবি দিয়া হৈছে)
* ডিস্ক ডিজেনেৰেচন (disc degeneration)
* প্ৰলাপ্ চ (prolapse)
* এক্সট্ৰ'চন(extrusion)
* চিক'এচট্ৰেচন(sequestration)
শ্লীপ ডিস্ক হ'লে কি কি লক্ষণে দেখা দিব পাৰে !!!? (শ্লীপ ডিস্ক ৰ স্তৰ ৰ ওপৰত নিৰ্ভৰ কৰি লক্ষণ সমূহ কম বেছি পৰিমাণে হব পাৰে )
👉 কঁকালৰ বিষ
👉 এখন ভৰি বা দুয়ো খন ভৰিৰ বিষ লগতে ভৰিৰ জিনজিননি।
👉 নিম্নাংশ অৰ্থাৎ ভৰিৰ অৱস ভাব।
👉 কঁকালৰ মাংস পেশীৰ দুৰ্বলতা।
👉 ভৰিৰে গৰম বা ঠাণ্ডাৰ পাৰ্থক্য অনুভৱ কৰিব নোৱাৰা।
👉 কেতিয়াবা বহুত বেছি severe condition ত urine incontinence (প্ৰস্ৰাৱ ধৰি ৰাখিব পৰা ক্ষমতা কমি যোৱা) ও হোৱা দেখা যায়।
ডিস্ক প্ৰলাপচ ৰ ৰোগীয়ে লব লগা সাৱধানতা :
* সন্মুখৰ পিনে বেছি কৈ হালি কাম কৰিব নালাগে ।
* আধা ঘন্টাতকৈ বেছি সময় একেটা অৱস্হাতে (বহা বা থিয় হোৱা) থাকিব নালাগে।
* অত্যাধিক ওজনৰ বস্তু দাঙিব নালাগে ।
* নিজৰ শৰীৰৰ ওজন ত গুৰুত্ব দিব লাগে যাতে প্ৰয়োজনত কৈ বেছি ওজন বাঢ়ি নাযায়।
* অত্যাধিক কোমল ম্যাট্ৰেছ বা তুলি ব্যৱহাৰ কৰিব নালাগে।
* চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিত exercise কৰিব লাগে।
* যিকোনো কাম কৰাৰ সময়ত মনত ৰাখিব লাগে যাতে ৰাজহাড় ডাল যথাস্হানত থাকে।
* গাড়ীৰে বহু দূৰ ভ্ৰমন কৰিব লগা হলেও অাধা ঘন্টাৰ অন্তৰে অন্তৰে নিজৰ position সলনি কৰিব পাৰিলে ভাল।
শেষত পুনৰাই কব বিচাৰিছো,ফিজিঅ'থেৰাপী চিকিৎসাৰ দ্ৱাৰা এই ৰোগত ৰাজহাড় ৰ অপাৰেচন নকৰোৱাকৈ ৰোগী সূস্হ হৈ উঠে।
অৱশ্যে condition টোৰ severity ৰ ওপৰ নিৰ্ভৰ কৰি ৰোগীয়ে কোনো কোনো ক্ষেত্ৰত অপাৰেচন কৰোৱাব লগা হয়। যেনেকেই যি নহঁওক কিয় , সকলোৱে এটা কথা মনত ৰখা উচিত যে এবাৰ inter vertebral disc prolapse(শ্লীপ ডিস্ক) হোৱা মানে ডিস্ক খনৰ চাৰিওফালৰ মাংসপেশী দুৰ্বল হৈ পৰে সেয়েহে এবাৰ শ্লীপ ডিস্ক ঠিক হোৱাৰ পাছতো মানুহে precautions (নিয়ম নীতি) বোৰ আৰু লগতে অভিজ্ঞ physiotherapy চিকিৎসকে ঘৰত কৰি থাকিবলৈ দিয়া exercise বোৰ নিয়ম মতে সদায় কৰি থাকিব লাগে।
এইখিনিতে এটা অতি গুৰুত্তপূৰ্ণ কথা কৈ থও, যদিহে ৰাজহাড় ডিস্ক ভাগ বহুত বেছি বাহিৰলৈ ওলাই আহি nerve গুচ্ছ পাৰ হৈ যোৱা ৰাস্তা (canal) টোক ঠেক/সৰু কৰি পেলাই তেতিয়া তাক spinal canal stenosis হোৱা বুলি কোৱা হয়। অৱশ্যে সকলো ধৰণৰ শ্লীপ ডিস্ক ৰ ক্ষেত্ৰত Canal stenosis নহবও পাৰে।
এই ৰোগ(canal stenosis) ৰ কাৰণেও ফিজিঅ'থেৰাপীত সুকীয়া চিকিৎসা আছে।
Contact Us -
Dr. Biswajit Borgohain PT
Dibrugarh. Phone : +91 70020 82562