Dr P.K Chowdhury

Dr P.K Chowdhury Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr P.K Chowdhury, Rheumatologist, Medicity Guwahati Aditya, Opp Down Town Hospital Dispur, Dispur.

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণত সকলো নাগৰিককে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ অসংখ্য বীৰ-বীৰাংগনাৰ দীৰ্ঘদ...
15/08/2020

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণত সকলো নাগৰিককে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ অসংখ্য বীৰ-বীৰাংগনাৰ দীৰ্ঘদিনীয়া সংগ্ৰাম, চৰম ত্যাগৰ ফলতহে আমি পৰাধীনতাৰ বান্ধোনৰ পৰা মুকলি হ'ব পাৰিছোঁ৷ আজিৰ এই পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী বীৰ স্বাধীনতা সংগ্ৰামীক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷ আহক, শ্বহীদসকলৰ অতুলনীয় ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি আমি শান্তি-সম্প্ৰীতি, একতা, সমৃদ্ধি আৰু সৰ্বাংগীণ বিকাশৰ পথেৰে আগুৱাই যাওঁ।

বন্দে মাতৰম 🇮🇳

01/07/2020

চিকিৎসকসকলে আগবঢ়োৱা সেৱা মহৎ সেৱা হিচাপে গণ্য কৰা হয়। অক্লান্ত কষ্টেৰে তেওঁলোকে সমাজৰ প্ৰতি আগবঢ়াই অহা সেৱা সমৰ্পিত মনোভাব আৰু ত্যাগৰ এক মহৎ প্ৰতিফলন।

বৰ্তমান পৰিস্থিতিত দিন-ৰাতি একাকাৰ কৰি ক'ভিড-১৯ৰ বিৰুদ্ধে অক্লান্ত যোদ্ধা হিচাপে যুঁজ দি থকা চিকিৎসক সমাজলৈ 'চিকিৎসক দিৱস'ত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

25/05/2020
25/05/2020

বিশ্বৰ জনসংখ্যাৰ শতকৰা এভাগ ৰিউমেটিজমৰ চিকাৰ। পুৰুষৰ তুলনাত মহিলা ভূক্তভোগী হ’ল তিনিগুণ। ৰিউমেটিজম কোনো এবিধ ৰোগ নহয়। ৰিউমেটজম বুলিলে কমেও দুশ বিভন্ন এনে পৰিস্থিতিক বুজায় যত হাড়ৰ গাঁঠিৰ বিষ হয় আৰু নিম্নলিখিত লক্ষণ সমূহ থাকে। গাঠিৰ জঠৰতা, গাঠি বা জোৰা বিলাক ফুলি উঠা আশে পাশে উত্তাপ হোৱা আৰু অঞ্চলটো ৰঙা পৰা, সকলো সময়তে বা পুনঃপুনঃ বিষ অনুভৱ হোৱা, গাঠিৰ লৰচৰ কৰিবলৈ অসুবিধা হোৱা। অসমীয়াত এনে সমূহ ৰোগক বাত বিষ বোলে। এনে অসুখীয়া ৰোগীৰ সংক্ৰান্তত ডাক্তৰ আৰু ৰোগীৰ মুখত শুনিবলৈ পোৱা আৰ্থইটিচ শব্দটোৰ উৎপত্তি গ্ৰীক আৰ্থ শব্দৰ পৰা হৈছে যাৰ মানে হৈছে গাঠি। কিন্তু ইনফ্লেমেচন হ’ল এনে এবিদ ক্ৰিয়াৰ সমিষ্ট য’তঃ উত্তাপ হোৱা, ফুলি উঠা, বিষ হোৱা আৰু ৰঙা পৰা দেখা যায়। উদাহৰণ স্বৰূপে টনচিলৰ ইনফ্লেমেচন হ’লে চিক্ৎসকে কয় টনচিলাইটিচ। একেদৰে আৰ্থাইটিচ বুলিলে হাড়ৰ জোৰাৰ ইনফ্লেমেচন হোৱাটো বুজিব লাগিব। আৰু কমেও এশ বিধ আৰ্থাইটিচ চিকিৎসকলৰ মতে। যেনে – অষ্টিঅ’ আৰ্থাইটিচ, ৰিউমেটইড আৰ্থাইটিচ, চৰিয়াটিক আৰ্থাইটিচ, গাওটি আৰ্থাইটিচ, লুগাচ আৰ্থাইটিচ , ইনফেকিচয়াচ আৰ্থাইটিচ, হিমৰেজিক আৰ্থাইটিচ, স্পডাইল’ আৰ্থাইটিচ আদি। ইয়াৰে প্ৰথম দুবিধ হ’ল কমন বা সততে হোৱা।
অষ্টিঅ’ আৰ্থাইটিচ আঘাট, বীজাণুৰ সংক্ৰমণ বা বৃদ্ধাৱস্থাৰ ফলত উৎপত্তি হোৱা বিনাশকাৰী ৰোগ। ৰিউমেটইড আৰ্থাইটিচ হল এবিধ লেকেটা (ক্ৰনিক), শৰীৰৰ বিভিন্ন প্ৰণালীক আক্ৰমণ কৰা ৰোগ য’ত গাঁঠিৰ কাৰ্টিলেজ বিনিষ্ট হয় আৰু জোৰাটো লৰচৰ কৰিব নোৱাৰাকৈ সংলগ্ন হৈ যায়। ইয়াৰ উৎপত্তিত অট’ইমিউনিটি আৰু জেনেটিক কাৰক প্ৰায় দেখা যায়। এইচ এল এ-ডি আৰু 1 এইচ এল-ডি আৰু 4 ক ইয়াৰ বাবে দায়ী বুলি থাৱৰ কৰা হৈছে। অট’ইমিউনিটিক চমুকৈ আৰু সহজকৈ বুজাবলৈ এনেদৰে কব পাৰি- শৰীৰ নিজৰ কোনো এবিধ কোষক শৰীৰে বাহিৰৰ বা পৰৰ অপকাৰী তত্ব বুলি ভাবি তাৰ বিপৰীতে প্ৰতীক্ৰিয়া কৰিব আৰম্ভ কৰি দিয়ে আৰু এই সংঘৰ্ষৰ ফলত শৰীৰত নানা লক্ষণে দেখা দিয়ে। আমি ভোগা বহুতবোৰ এলাৰ্জি ৰোগৰ কাৰণ হ’ল অট’ইমিউনিটি। যি কোনো এনে হাঁড়ৰ বা গাঁঠিৰ অসুখত ভোগা ৰোগীৰ ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়। সোনকালে ৰোগৰ কাৰণ চিনাক্ত কৰি উপযুক্ত চিকিৎসা দিলে হয়তো ৰোগক জটিল নহোৱাকৈ ৰাখিব পৰা যাব। বহুতবোৰ বাত ৰোগৰ নিৰাময় সম্ভৱৰ নহয়, কিন্তু ৰোগৰ উপশম সম্ভৱপৰ ৰোগ বাঢ়ি নোযোৱাকৈ ৰাখিব পাৰি। হয়তো দীৰ্ঘকাললৈ বা আজীৱন ঔষধ সেৱন কৰিবলীয়া হ’ব পাৰে। অস্ত্ৰোপচাৰ আৰি সহায়কাৰী সৰঞ্জাম যেনেঃ কেলিপাৰ বা বিশেষভাৱে নিৰ্মিত জোতা, বেল্ট আদিৰ প্ৰয়োজন হ’প পাৰে। কোনো এজন নিদিৰ্ষ্ট চিকিৎসকৰ তত্বাবধানত হয়টো থাকিবলীয়া হ’ব পাৰে। ভাল সংখ্যক ৰোগী ফিজিঅ’থেৰপি ব্যায়মৰ দ্বাৰাও উপকৃত হয়।

সমূহ ইছলাম ধৰ্মালম্বী ৰাইজলৈ পবিত্ৰ "ঈ্ল-উ্ল-ফিটৰ"ৰ শুভেচ্ছা জ্ঞাপন কৰিলো । আশাকৰো এই পবিত্ৰ উৎসৱে সকলোলৈকে কঢ়িয়াই আনক স...
25/05/2020

সমূহ ইছলাম ধৰ্মালম্বী ৰাইজলৈ পবিত্ৰ "ঈ্ল-উ্ল-ফিটৰ"ৰ শুভেচ্ছা জ্ঞাপন কৰিলো । আশাকৰো এই পবিত্ৰ উৎসৱে সকলোলৈকে কঢ়িয়াই আনক সুখ ,শান্তি আৰু সম্প্ৰীতিৰ বতৰা । লগতে সুদৃঢ় থাকক ভাতৃত্বৰ এনাজৰী ।
ভয়াবহ ক'ভিড-১৯ ভাইৰাছ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি সকলোকে এইবাৰৰ ঈদ উৎসৱটি ঘৰতে থাকি, সামাজিক দূৰত্ব বজাই পালন কৰিবলৈ আহ্বান জনালোঁ ।

Eid Mubarak...
May the Holy Festival bring joy,peace and prosperity in our life.Request everyone to maintain Social Distancing while celebrating Eid.

Address

Medicity Guwahati Aditya, Opp Down Town Hospital Dispur
Dispur
781006

Telephone

8486483479

Website

Alerts

Be the first to know and let us send you an email when Dr P.K Chowdhury posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category