Five Warning Signs of Mental Illness
Long-lasting sadness or irritability. Extremely high and low mo
Address
Dispur
781006
Telephone
Website
Alerts
Be the first to know and let us send you an email when Medicity Guwahati Aditya Center For Mental Health Care posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Category
MEDICITY GUWAHATI ADITYA CENTER FOR MENTAL HEALTH CARE
হতাশৰ কাৰণ,কুফল আৰু সমাধান
হতাশা এক ধৰণৰ মানসিক অৱস্থা। যেতিয়া এজন ব্যক্তিয়ে জীৱনৰ প্ৰতি সকলো আগ্ৰহ হেৰুৱাই পেলাই, তেতিয়া নিৰাশাই আৱৰি ধৰে। নিজৰ সম্বন্ধ, অন্যৰ সম্বন্ধে, আনকি সমগ্ৰ পৃথীৱি সম্বন্ধে তেওঁ নেতিবাচক ধাৰণা পোষণ কৰে। আৰু এই অৱস্থাই যদি অন্ততত 15 দিন বা তাৰ বেছি সময় ধৰি চলে, তেতিয়া তাক হতাশা বোলে। হতাশা বিষন্নতললৈ গতি কৰে। আচলতে হতাশা এটি স্বাভাৱিক প্ৰক্ৰিয়া। এনেকুৱা স্বাভাৱিকতে হ’ব পাৰে। কিন্তু সমস্যা তেতিয়া হয়, যেতিয়া এই হতাশা আঁতৰাবলৈ এজন ব্যক্তিয়ে নিজক মনৰ লগতে যুদ্ধ কৰিব লগা হয়|
হতাশা কিয় জন্মে ঃ দীৰ্ঘদীন ধৰি নেতিবাচক অৱস্থাৰ মাজেৰে গ’লে মানুহৰ হতাশা আৰম্ভ হ’ব পাৰে। কিছুমান লোকৰ ব্যক্তিত্বই নেতিবাচক হয়। তেওলোকে হতাশা বোধ কৰে। সমস্যাৰ সন্মুখীন হোৱাৰ দক্ষতা কম থাকিলে ভয় সোমাই তেনে ধৰণৰ ব্যক্তি হতাশ হৈ পৰে। কিছুমানৰ মনৰ চিন্তাত ক্ৰটি থাকে। কোনো কোনো ঘটনাত তেঁও ব্যৰ্থ হলে, তেঁও ভাবে তেওঁৰ গোটেই জীৱনত ব্যৰ্থকাই আহিব। এবাৰ এটা কাম নোৱাৰিলে তৎক্ষণাৎ উপসংহাৰ মনলৈ আহি যায়। ভাৱে জীৱনত আৰু একো কাম নহয়। এইবোৰ ভাৱনাই তেওঁক হতাশ কৰে। বহুতে তুচ্ছ ঘটনাক বহু ডাঙৰকৈ মনত সুমুৱাই লয় আৰু এইবোৰ ভাবি হতাশাৰ সাগৰত ডুব যায়। কেতিয়াবা কেতিযাবা একাকিত্ব অৰ্থাৎ অকলশৰৰীয়া হলে মানুহে হতাশাবোধ কৰে।
অনুভুতি আদান-প্ৰদান কৰিবলৈ একো নাপালে, পাৰিবাৰীক সাহয্য নাপালে মানুহ হতাশ হৈ যায়। পৰিয়ালৰ ফালৰ পৰা যদি অনবৰত দোষাৰোপ কৰি থাকে, বিপদত পৰিলে ব্যক্তিজনক সহায় নকৰে, তেতিয়া ব্যক্তিজনৰ মনত আত্মবিশ্বাসৰ অভাৱ হয়। তেঁওৰ কোনো কথাতেই উদ্যম নোহোৱা হয় আৰু তেঁও হতাশ হৈ পৰে। বহু সময়ত কৰ্মহীনতাই মানুহক হতাশ কৰে। অৰ্থনৈতীক অসুবিধাৰ মানুহক হতাশ কৰে। সম্পৰ্কৰ উত্থান-পতনৰ কাৰণেও বহু সময় মানুহ হতাশ হৈ পৰে পঢ়া শুনাৰ ক্ষেত্ৰত অকৃতকাৰ্যতাৰ বাবেও মানুহ হতাশ হয়।