17/11/2023
Speech by - Dr. Arup Kumar Nath
আজি ১৪ নৱেম্বৰ, আজি শিশু দিৱস। শিশু দিৱসৰ এই পৱিত্ৰ দিনটোত মোক কণমানিসকলৰ সৈতে এই মধুৰ সময়খিনি অতিবাহিত কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে জয় জয়তে মই অৰোহণ সংগীত কাননৰ সমূহ বিষয়ববীয়ালৈ মোৰ অন্তৰৰ নিভৃততম কোণৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
শিশুসকল হ'ল দেশৰ ভৱিষ্যত।
শিশু বিকাশৰ দিশসমূহ: শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক – Dimensions of child Development Physical, Cognitive, Emotional, Social and Moral
ইয়াৰ ভিতৰত শিশুৰ মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক বিকাশত আপোনালোকৰ এই আৰোহণ সংগীত কাননৰ দৰে মহৎ অনুস্থানে যি মহান দ্বায়িত্ব পালন কৰি আহিছে, এয়া সচাকৈয়ে অতুলনীয়।
শিশু দিৱসৰ লগতে আজি বিশ্ব মধুমেহ দিৱস। শিশুসকলৰ বহুমাত্ৰিক বিকাশৰ ভিতৰত শাৰিৰীক বৃদ্ধি আৰু বিকাশৰ ওপৰতো আমি যঠেষ্ট গুৰুত্ব প্ৰদান কৰা উচিত। কিয়নো স্বাস্থ্যই পৰম ধন, আৰু এটা সুস্থ শৰীৰতহে এটা সুস্থ মনে বাস কৰে। গতিকে শাৰিৰীকভাৱে সুস্থ নহ'লে ব্যক্তি এগৰাকীয়ে মানসিক, আৱেগিক আৰু সামাজিকভাৱে এটা সুস্থিৰ জীৱন যাপন কৰোতে অনেক বাধাৰ সন্মুখীন হ'ব লগাত পৰে।
গতিকে স্বাস্থ্য এক বহুমাত্ৰিক ধাৰণা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে "Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity." অৰ্থাৎ দেহত ৰোগৰ অনুপস্থিতি মানেই সুস্বাস্থ্যক নুবুজায়। দেহটো নিৰোগী হোৱাৰ উপৰিও স্বাস্থ্য হ'ল এগৰাকী ব্যক্তিৰ শাৰিৰীক, মানসিক আৰু সামাজিক সুস্থিৰতা বা কল্যাণাৱস্থা।
মই পেছাত এজন ইউৰ'লোজিষ্ট, মানে মুত্ৰতন্ত্ৰ ৰোগ বিশেষজ্ঞ।
যোৱা প্ৰায় ডেৰ দশক ধৰি গুৱাহাটীৰ লগতে ৰাজ্য তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ গৈ আমি চিকিৎসা সেৱা আগবাঢ়োৱাৰ পিছত অতি শেহতীয়াকৈ গুৱাহাটীৰ সমীপৰ সোণাপুৰত মই/আমি এখন কিডনী হস্পিটেল আৰম্ভ কৰিছোঁ।
ইনষ্টিটিউত অৱ ইউৰ'লোজি এণ্ড কিডনী ডিজিজেজ -- চমুকৈ আই ইউ কে ডি -- শীৰ্ষক এই চিকিৎসালয়খন উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল, সমগ্ৰ ভাৰতৰ ভিতৰত ই পঞ্চম।
হস্পিটেলৰ বহিঃবিভাগত যেতিয়া আমি ৰোগী চাবলৈ বহোঁ, সপ্তাহৰ সাতোটা দিনতেই আমি দেখোঁ যে সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ কিডনী ষ্টোন, ডায়েবেটিছ আদি।
জাংক ফুড, ফাষ্ট ফুড আদিয়ে ছানি ধৰা পৰিৱৰ্তিত খাদ্যাভ্যাস আৰু শাৰিৰীক পৰিশ্ৰমহীন জীৱনশৈলীয়ে এইবোৰ অনাহুত ৰোগৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে বুলি আমাৰ অনুভৱ হয়।
When diet is wrong, medicine is of no use. When diet is correct, medicine is of no need.
গতিকে আমি শিশুক পৰিমিত সুখাদ্য প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।
লগতে প্ৰতিদিনৰ আধা ঘণ্টা, এঘণ্টাৰ শাৰিৰীক পৰিশ্ৰম বা খোজকঢ়া বা অন্য তেনে কোনো ব্যায়ামে শিশুৰ শাৰীৰিক বৃদ্ধি-বিকাশৰ লগতে মানসিক, আৱেগিক আৰু সামাজিক বৃদ্ধি-বিকাশতো সহায় কৰে। ই টিম স্পিৰিট আৰু লিডাৰশ্বিপ কোৱালিটি -- যি জীৱনত অতিকৈ প্ৰয়োজনীয় -- সেয়াও বৃদ্ধি কৰে।
শিশুৰ শাৰিৰীক বা দৈহিক আৰু মানসিক বিকাশক ত্বৰান্বিত কৰিব পৰা কেইটামান সহজ উপায়
(১) ব্ৰহ্মমুহুৰ্তত শোৱাৰ পৰা উঠা
(২) ব্যায়াম
(৩) পৰিমিত সুষম আহাৰ
(৪) যোগাভ্যাস
(৫) চ'চিয়েল মেডিয়াৰ সু উপযোগ
(৬) গ্ৰন্থ অধ্যয়ন
(৭) বিদ্যালয় আৰু ঘৰত নীতিশিক্ষাৰ অন্তৰ্ভুক্তিকৰণ
(৮) ষ্ট্ৰেচ মেনেজমেণ্টৰ শিক্ষা
আহক আজিৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী শিশুৰ স্বাস্থ্য, শিক্ষা, অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰি তেওঁলোকক দেশৰ একোগৰাকী সু নাগৰিক হিচাপে গঢ়ি দেশৰ কল্যাণৰ দিশত সচেষ্ট কৰি তোলাৰ পণ লওঁ।