25/04/2020
#কোষ্ঠকাঠিন্যতা #প্ৰতিকাৰ
**************
কোষ্ঠকাঠিন্যতা হৈছে আমাৰ বহুতো লোকেই ভুগি থকা এবিধ অতি সাধাৰণ সমস্যা। প্ৰতি দিনেই নহলেও কোনোবা সময়ত কম বেছি পৰিমাণে এই সমস্যাত প্ৰত্যেকেই ভোগে। কিন্তু সমস্যা তেতিয়া গুৰুতৰ হৈ পৰে যেতিয়া কোষ্ঠকাঠিন্যতাৰ ফলস্বৰূপে কোনো এজন ব্যক্তি নানা ধৰণৰ গুদজনিত বা পেটৰ বিভিন্ন ৰোগত আক্রান্ত হয়।
🌺🌺কোষ্ঠকাঠিন্যতা মানে কি
কোষ্ঠকাঠিন্যতা আমাৰ পাচনতন্ত্ৰৰ এনেকুৱা এটা অৱস্থা, যেতিয়া শৰীৰত উৎপন্ন হোৱা মল অতি কঠিন হৈ পৰাৰ ফলত মলত্যাগ কৰিবলৈ অতি কষ্ট হয়। কেতিয়াবা ই অতি বিষযুক্ত হয় আৰু মলত্যাগৰ সময়ত মালদ্বাৰ ফাটি তেজো ওলায়।
🌺🌺কোষ্ঠকাঠিন্যতাৰ কাৰণ সমূহ
আমি খোৱা আহাৰৰ পানী ভাগ পাচন নলীৰ কলন(Colon) অংশত বেছিকৈ শোষিত হোৱাৰ ফলত কোষ্ঠকাঠিন্যতা হয়। কলনৰ মাংসপেশী সমূহ যেতিয়া দুৰ্বল হৈ পৰে তেতিয়া সিহঁত সঠিকভাৱে সংকুচিত হব নোৱাৰে অৰ্থাৎ কমকৈ সংকুচিত হয়। ফলত আমি খোৱা আহাৰ কলন অংশ পাৰ হৈ যাওঁতে বেছি সময় লাগে। অহাৰখিনি পাৰ হবলৈ যিমানেই বেছি সময় লব সিমানেই তাৰ পানীভাগ কলনৰ দ্বাৰা শোষিত হব। ফলস্বৰূপে কঠিন মল উৎপন্ন হৈ কোষ্ঠকাঠিন্যতাই দেখা দিয়ে।
🌻🌻খাদ্য তালিকাত আঁহযুক্ত খাদ্যৰ অভাৱ
আঁহজাতীয় খাদ্যই পাচন নলীৰ গতি বা সংকোচন বঢ়াই তোলে। ফলত কোষ্ঠকাঠিন্যতা দূৰ হয়।সেইবাবে খাদ্য তালিকাত আঁহজাতীয় খাদ্য যেনে যথেষ্ঠ পৰিমাণে সেউজীয়া শাক পাচলি, চালাড, ফলমূল আদি অন্তৰ্ভুক্ত কৰা উচিত। আনহাতে পনীৰ, মাংস, কণী আদি হ'ল কম আঁহ থকা খাদ্য। গতিকে এইবোৰ বেছিকৈ খালে কোষ্ঠকাঠিন্যতা হোৱা দেখা যায়।
🌻🌻শাৰীৰিক পৰিশ্ৰমৰ অভাৱ
নিয়মিত ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰা লোকতকৈ শাৰীৰিক পৰিশ্ৰম নকৰা লোক সকল বেছিকৈ কোষ্ঠকাঠিন্যতাত ভোগা দেখা যায়। স্বাভাৱিক ভাৱেই বয়সস্থ লোকৰ কাৰ্যক্ষমতা কম হয়। সেইবাবে বৃদ্ধৱস্থাত প্ৰায় সকলো লোকেই কোষ্ঠকাঠিন্যতাত ভোগে। তাৰোপৰি যিসকল শৰ্য্যাশায়ী ৰোগী তেওঁ লোকো শাৰীৰিক ভাৱে কাৰ্য্যক্ষম হৈ নথকা বাবে কোষ্ঠকাঠিন্যতাত ভোগে।
🌻🌻ঔষধৰ বাবে
কিছুমান বিশেষ ধৰণৰ ঔষধৰ ব্যৱহাৰৰ বাবেও কোষ্ঠকাঠিন্যতা হব পাৰে। যেনে নাৰকোটিক, এন্টিডিপ্ৰেছেন্ট, এন্টি কণভালচেণ্ট, কেলচিয়াম চেনেল ব্লকাৰ, এণ্টাচিড, দায়ুৰেটিক আদি ঔষধৰ ব্যৱহাৰে কোষ্ঠকাঠিন্যতা কৰিব পাৰে।
🌻🌻দুগ্ধজাত সামগ্ৰী
কিছুমান দুগ্ধজাত দ্ৰব্য যেনে পনীৰ, দৈ আদিৰ অত্যাধিক সেৱনে কোষ্ঠকাঠিন্যতা হোৱাত অৰিহণা যোগায়।
🌻🌻ইৰিটেবল বাৱেল চিনড্ৰম(irritable bowel syndrome)
ইৰিটেবল বাৱেল চিনড্ৰম ৰোগত ভোগা লোকসকল সাধাৰণতে কোষ্ঠকাঠিন্যতাৰ দ্বাৰা আক্ৰান্ত হয়।
🌻🌻গৰ্ভৱস্থা
গৰ্ভাৱস্থাত মহিলাসকলৰ শৰীৰত বিভিন্ন হৰ্মনজনিত পৰিৱৰ্তন হয়। স্ফীত গৰ্ভই পাচন নলীৰ ওপৰত চাপ সৃষ্টি কৰে। ইয়াৰ ফলত গৰ্ভাৱস্থাত মহিলাসকল কোষ্ঠকাঠিন্যতাত ভোগা দেখা যায়।
🌻🌻বয়স
যিমানেই বয়স বাঢ়িবলৈ ধৰে পাচন নলীৰ মাংসপেশীবোৰ দুৰ্বল হবলৈ ধৰে। সেইবাবে বৃদ্ধৱস্থাত কোষ্ঠকাঠিন্যতা বেছি হোৱা দেখা যায়।
🌻🌻দৈনিক ৰুটিনৰ তাৰতম্য
যেতিয়া কিবা কাৰণত আমাৰ দৈনিক খোৱা বোৱা, পায়খানা যোৱা, শোৱা আদিৰ সময়ৰ তাৰতম্য ঘটে তেতিয়া কোষ্ঠকাঠিন্যতা হোৱা দেখা যায়। সাধাৰণতে কাৰোবাৰ ঘৰলৈ থকাকৈ গলে, বা দুৰণিবটিয়া ভ্ৰমণ আদিলৈ গলে আমি এনে সমস্যাত ভুগিব পাৰো।
🌻🌻লেকজেটিভ(laxative) ঔষধৰ অত্যাধিক ব্যৱহাৰ
যিসকলে শৌচ খোলোচা হোৱা ঔষধ বেছিকৈ ব্যৱহাৰ কৰে, তেওঁলোকৰ পিছলৈ গৈ সেইটো এটা অভ্যাসত পৰিণত হয়। অৰ্থাৎ তেনেকুৱা ঔষধ ব্যৱহাৰ নকৰিলে তেওলোকৰ শৌচ কঠিন হয়।
🌻🌻মলত্যাগৰ বেগ জোৰ কৰি ৰখাই থোৱা
এইটো এটা অতি বদ অভ্যাস। মলত্যাগৰ প্ৰৱণতা হলেও যিসকলে পিছত যাম বুলি অন্য কামত ব্যস্ত হৈ থাকে সেইসকল লোক কোষ্ঠকাঠিন্যতাত ভোগাৰ সম্ভাৱনা খুবেই বেছি।
🌻🌻পানী কমকৈ খোৱা
যিসকলে যথেষ্ট পৰিমাণে পানী নাখায় আৰু বেছি শুকান খাদ্য গ্ৰহণ কৰে তেওঁলোক কোষ্ঠকাঠিন্যতাৰ চিকাৰ হয়। তাৰোপৰি বেছিকৈ শীতল পানীয় খোৱা আৰু মদ্যপান কৰা লোকসকলৰ দেহত পানীৰ পৰিমাণ কমি যায়। ফলত তেওঁলোক কোষ্ঠকাঠিন্যতাত ভুগিব পাৰে।
🌻🌻কলন(Colon) বা ৰেকটামৰ(rectum)ৰ ৰোগ
যদি কোনো লোকে কলন বা ৰেকটামৰ টিউমাৰ, কলন ঠেক হৈ যোৱা(narrowing of colon) ডাইভাৰতীকুলোচিচ(Diverticulosis) আদি ৰোগত ভুগি থাকে তেতিয়াও কোষ্ঠকাঠিন্যতা হয়।
তাৰোপৰি স্নায়ুজনিত বিভিন্ন ৰোগ, কেঞ্চাৰ, হৰ্মনজনিত ৰোগ আদিৰ বাবেও শৌচ কঠিন হব পাৰে।
🌻🌻মানসিক কাৰণ
মানসিক চাপ বা উদ্বিগ্নতাৰ বাবেও কোষ্ঠকাঠিন্যতা হোৱা দেখা যায়।
🌺🌺লক্ষণ
কোষ্ঠকাঠিন্যতাৰ প্রধান লক্ষণ সমূহ হল
🍀সপ্তাহত তিনিদিন বা তাতোকৈ কমদিন মলত্যাগ কৰা
🍀কম পৰিমাণে কঠিন মল বাহিৰ হোৱা
🍀মালদ্বাৰৰ ভিতৰত কিবা লাগি থকা যেন অনুভৱ হোৱা
🍀মলত্যাগৰ পিছতো পেট খোলোচা নোহোৱা যেন লগা
🍀কেতিয়াবা পেট বিষোৱা
🍀বদহজম হোৱা ইত্যাদি
🌺🌺চিকিৎসা
কোষ্ঠকাঠিন্যতাৰ চিকিৎসা কৰিবলৈ সাধাৰণতে কিছুমান আঁহযুক্ত ঔষধ, কলনৰ মাংসপেশী উত্তেজিত কৰা ঔষধ, তেল জাতীয় দ্ৰব্য আদি ব্যৱহাৰ কৰা হয়। একো ঔষধে কাম নিদিলে কেতিয়াবা কলনৰ শল্য কৰ্মও কৰিব লগা হয়।
🌺🌺উপসৰ্গ
কোষ্ঠকাঠিন্যতাক অৱহেলা কৰি সময়ত উপযুক্ত প্ৰতিকাৰ গ্ৰহণ নকৰিলে ই জটিল ৰূপ ধাৰণ কৰিব পাৰে। যেনে
🌿মলত্যাগ কৰাৰ সময়ত ৰক্তস্ৰাৱ হোৱা
🌿পৰিকৰ্তিকা বা ফিছাৰ(fissure) ৰোগ
🌿অৰ্শ(piles) ৰোগ
🌿ফিকেল ইম্পেকচন(fecal impaction) অৰ্থাৎ ৰেকটাম বা কলন আদিত কঠিন মল জমা হৈ মালদ্বাৰৰ ৰাস্তা বন্ধ হোৱা ইত্যাদি।
🌺🌺কোষ্ঠকাঠিন্যতাৰ পৰা হাত সাৰি থাকিবলৈ কি কৰিব
☘দৈনিক কমেও চাৰি-পাঁচ গিলাচ পানী খাওক।
☘খাদ্য তালিকাত আঁহ জাতীয় খাদ্য সংলগ্ন কৰক
☘যথেষ্ট পৰিমাণে সতেজ ফল মূল, সেউজীয়া শাক পাচলি, তিয়াই থোৱা বুট মগু, কাঠ বাদাম আদি নিয়মিত খাওক।
☘নিয়মিত শাৰীৰিক পৰিশ্রম, ব্যায়াম বা যোগাসন আদি কৰাৰ অভ্যাস কৰক।
☘খোৱা বোৱা, শোৱা আদি কাম নিৰ্ধাৰিত সময়ত কৰিবলৈ চেষ্টা কৰক। নিজৰ এখন ৰুটিন বনাই লওক।
☘শৌচ কৰা লাগিলে জোৰ কৰি ৰখাই নথব।
☘বেছি পৰিমাণে মাংস, কণী, তেল মচলাযুক্ত খাদ্য, ফাষ্ট ফুড আদি যিমান পাৰে পৰিহাৰ কৰিব।
*জনহিতাৰ্থে প্ৰচাৰিত
(বি:দ্ৰ - আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। পেজলৈ আহি লাইক কমেন্ট শ্বেয়াৰ কৰক। আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)