Dr Ganesh Das- Consultant Oncosurgeon Medicity Guwahati Aditya

  • Home
  • India
  • Dispur
  • Dr Ganesh Das- Consultant Oncosurgeon Medicity Guwahati Aditya

Dr Ganesh Das- Consultant Oncosurgeon Medicity Guwahati Aditya Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr Ganesh Das- Consultant Oncosurgeon Medicity Guwahati Aditya, Diagnostic Center, Dispur.

কৰ্কট ৰোগৰ  উৎপত্তিৰ কাৰণ সমূহ :কৰ্কট ৰোগৰ সঠিক কাৰণ জনা নাযায় যদিও পৰিবেশ আৰু অনুবংশিক উপাদানে  এই ৰোগ সৃষ্টিত বিশেষ ভূ...
12/09/2020

কৰ্কট ৰোগৰ উৎপত্তিৰ কাৰণ সমূহ :

কৰ্কট ৰোগৰ সঠিক কাৰণ জনা নাযায় যদিও পৰিবেশ আৰু অনুবংশিক উপাদানে এই ৰোগ সৃষ্টিত বিশেষ ভূমিক পালন কৰা দেখা যায়। দিনে দিনে বাঢ়ি অহা উদ্যোগ সমূহৰ ফলত পৰিবেশ বিনষ্ঠ হৈছে আৰু আকাশ বতাহে উৰি ফুৰিছে অসংখ্যা মাৰাত্মক ৰাসাযনিক কণিকা তথা ধোঁৱা যিয়ে এই ৰোগ সৃষ্ঠিত বিশেষ অৰিহণা যোগাইছে। মানুহৰ জীৱন ধাৰণা প্ৰক্ৰিয়া যেনে ধঁপাত সেৱন, অত্যাধিক সুৰাপান আদিও
পৰিবেশ আৰু কৰ্কট উদ্দীপক
আজিৰ পৰা প্ৰায় দুশ চল্লিছ বছৰ আগতে ছাৰ পাৰচিৱেল পটে পৰ্যবেক্ষণ কৰিলে যে আলকাতৰাৰ কাম কৰা শ্ৰমিক সকলৰ মাজত ছালৰ কৰ্কট ৰোগৰ প্ৰদুভাৱ বহুত বেছি। সেই পৰ্যবেক্ষণটোৱেই ধৰালৈ নমাই আনিলে কৰ্কট ৰোগৰ উদ্দীপক পদাৰ্থৰ ধাৰণা। তাৰ ঠিক চল্লিছ বছৰ পিছত জাপানাৰ য়ামাগিয়া ই নিগনীৰ কাৰণত প্ৰতিদিনে ছমাহলৈ আলকাতৰা ঘঁহি ছালৰ কৰ্কট ৰোগ উৎপন্ন কৰি দেখুৱালে আৰু নিজৰ ইচ্ছানুযায়ী প্ৰথমবাৰৰ বাবে কৰ্কট ৰোগ সৃষ্ঠি কৰি এটা অধিযুগৰ সূচনা কৰিলে। কিছুমান ৰং সুগন্ধি পদাৰ্থ, ইউৰেথেন, বিভিন্ন ধাতু যেনে নিকেল, বেৰিলিয়াম, আৰ্ছেনিক ক্ৰোমিযাম, এছবেছটছ আদিয়েও কৰ্কট ৰোগ সৃষ্ঠি কৰিব পাৰে। কিছুমান ৰাসায়নিক পদাৰ্থ যেনে ডাই ইথাইল ষ্টিলবেষ্টৰল যদি গৰ্ভৱতী মহিলাক অধিক মাত্ৰাত প্ৰদান কৰা হয় তেনেহলে কন্যা সন্তানৰ ভৱিষ্যত যোনিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভৱনা থাকে। তেনেকৈ ৰজঃনিৰ্বাপন হোৱা মহিলাই ইষ্ট্ৰোজেন ব্যৱহাৰ কৰিলে তেখেতৰ জৰায়ুত এএই ৰোগ হ’ব পাৰে।
এছৰেটছঃ এছবেছটছ আৰু এনিলিন ৰং কৰ্কট উদ্দীপক বুলি প্ৰমাণিত হৈছে। এই দুয়োবিধ পদাৰ্থ হাঁওফাও আৰু মূত্ৰস্থলীৰ কৰ্কট ৰোগ সৃষ্টিত সহায় কৰে।
ধপাত আৰু কৰ্কত ৰোগঃ অতীজৰ পৰা মানৱ সমাজত ৰজাৰ পৰা প্ৰজালৈ কম বেছি পৰিমাণে ধঁপাতৰ প্ৰচলন আছে। ধঁপাত বিভিন্ন ধৰণে সেৱন কৰা দেখা যায়। যেনে তামোল-পাণৰ লগত চোবাই খোৱা, মুখৰ ভিতৰত লৈ চাধা, বিড়ি চিগাৰেট, চিলিম, হোঁকা হোপা ইত্যাদি। ধঁপাত আৰু ইয়াৰ ধোঁৱাত সহস্ৰধিক ৰাসায়িনক উপাদান থাকে। তাৰ ভিতৰত এতিয়ালকৈ মাত্ৰ দুইশ সত্তৰ বিধহে চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আকৌ নিকোটিন, কাৰ্বন মন’অক্সাইড আৰু ধুম্ৰ গেদে ই প্ৰধান। ধুম্ৰ গেদ হৈছে কেইবাবিধো কৰ্কক কাৰক বা কৰ্কট উদ্দীপনকৰ মিশ্ৰনত সৃষ্টি হোৱা গেদিয় পদাৰ্থ। এই ধুম্ৰ গেদত কিছুমান পলিচাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বন কম্পাউণ্ড থাকে যি হাঁওফাওৰ কৰ্কট কাৰক।
সাধৰণত অৱস্থাত ধঁপাতত এই ৰাসায়নিক পদাৰ্থবোৰ নাথাকে, অসম্পূৰ্ণ দগ্ধতাৰ ফলত ইয়াৰ সৃষ্টি হয়। এই কথা এতিয়া প্ৰমাণিত হৈছে যে চিগাৰেট হোপাৰ ফলত প্ৰায় 20 মিলিগ্ৰাম ধুম্ৰ গেদ হাঁওফাওৰ ভিতৰলৈ যায়। এই হিচাপত এজন মানুহে যদি দিনে প্ৰায় 20 টাকৈ চিগাৰেট হোপে তেনেহলে এবছৰত তেখেতৰ হাঁওফাওত প্ৰায় 146000 মিঃগ্ৰা বা 150 ধুম্ৰগেদ জমা হব। যিটো হাঁওফাওৰ কৰ্কট ৰোগত সৃষ্টি কৰিবলৈ যথেষ্ট। এইটো এতিয়া প্ৰমাণিত হৈছে যে ধঁপাত চবোৱা বা মুখত লৈ থকাসকলৰ মুখ গহ্বৰৰ কৰ্কট ৰোগ ধঁপাত চোবাৱা বা মুখত লৈ থকাসকলৰ মুখ গহ্বৰৰ কৰ্কট ৰোগ আৰু চিগাৰেট হোপাসকলৰ মাজত হাঁওফাওৰ কৰ্কট ৰোগ ধঁপাত সেৱন নকৰাসকলৰ তুলনাত বহুগুণে বেছি।
আমেৰিকাৰ দুজন চিকিৎসক ডাঃ হামন্দ আৰু ডাঃ হৰ্ণে 1,87,766 জন পুৰুষ (বয়স 50-70) ৰ ধাপাত সেৱনৰ লগত কৰ্কট ৰোগৰ সম্বন্ধ বিচাৰি কৰা গৱেষণাৰ পৰা মন্তব্য কৰিছে এনেধৰেণে- এজন মানুহে যদি নিয়মিতভাৱে দৈনিক 20 টাকৈ চিগাৰেট হোপে তেন্তে তেখেতৰ হাঁওফাওৰ কৰ্কট ৰোগৰ সম্ভৱনা চিগাৰেট নোহাৱাজনতকৈ 25 গুণ বেছি, 20-40 টাকৈ হোপাজনৰ 45 গুণ আৰু 40 তাকৈ অধিক হোপাজনৰ 90 গুণ বেছি।
দক্ষিণ আফ্ৰিকাৰ খনিত কাম কৰা বাণ্টু সকলৰ 11,365 যোৰ হাঁওফাও মৰণোত্তৰ পৰীক্ষা কৰোঁতা মাত্ৰ 6 জনৰ হাঁওফাওত কৰ্কট ৰোগ ধৰা পৰিছিল। তাৰ বিপৰিতে শ্বেতাংগ সকলৰ 8465 জন পৰীক্ষাত 114 গুণ বেছি কৰ্কট ৰোগ পৰিলক্ষিত হৈছিল। বাণ্টুসকলৰ ছেগা- চোৰোকাকৈ চিগাৰেট ব্যৱহাৰ কৰাৰ বিপৰীতে শ্বেতাংগসকলৰ আছিল নিয়মিতভাৱে ধুমপান কৰা লোক।
ভাৰতবৰ্ষত শিখসকলে ধৰ্মীয়ভাৱে ধুমপান বা ধঁপাত সেৱনৰ পৰা বিৰত থকাৰ ফলত তেখেতসকলৰ মাজত হাঁওফাওৰ কৰ্কট ৰোগ বিৰল।
এটা পৰীক্ষাগাৰত 24 টাকৈ কুকুৰত দৈনিক সাতটাকৈ চিগাৰেটৰ ধোৱা সেৱন কৰোৱা হৈছিল। আঢ়ৈ বছৰৰ পিছত দেখা গৈছিল তাৰে দুটা কুকুৰৰ হাঁওফাওত কৰ্কট ৰোগে আক্ৰমণ কৰিছিল।
অসমত তামোলৰ লগত ধঁপাত সেৱন কৰা লোকৰ মাজত মুখগহ্বৰৰ কৰ্কট ৰোগৰ প্ৰদুর্ভাৱ অধিক দেখা যায়
ৰঞ্জন ৰশ্মি, তেজস্ক্ৰিয়া পদাৰ্থ আৰু সৌৰ বিকৰণ
সঘনাই দীঘলীয়া সময়ৰ কাৰণে ৰঞ্জন ৰশ্মীৰ সংস্পৰ্শত থাকিলে ছাল আৰু তেজৰ কৰ্কট ৰোগ হোৱা সম্ভৱনা থাকে। অই বিভাগত কাম কৰা কৰ্মীসকলৰ এই ৰোগ অতীতত সঘনে হোৱা পৰিলক্ষিত হৈছিল। হিৰোছিমা আৰু নাগাচাকিত পাৰমাণিক বোমা বিস্ফোৰণৰ পিছত হোৱা তেজস্ক্ৰিয়তাৰ ফলত বহুত মানুহ এই ৰোগত আক্ৰান্ত হৈছিল। বিশ্বৰ কোনো দেশত সৌৰ শক্তিৰ বিকিৰণৰ প্ৰভাৱ বেছি (অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আদি) হোৱা হেতুকে সেইবোৰ ঠাইত ছালৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত মহিলাৰ এক্সৰে কৰাটো বিপদজনক, কাৰণ এই ভ্ৰণৰ ক্ষতি কৰিব পাৰে।
দীৰ্ঘদিনীয়া আঘাত আৰু ঘঁহনিঃ শৰীৰৰ কিছুমান কোমল কলা বা অংগত টান বস্তুৱে যদি দীৰ্ঘদিনৰ বাবে বাৰম্বাৰ আঘাত কৰি থাকে, সেই আঘাতপ্ৰাপ্ত অংশৰ কিছুমান কোষ কৰ্কট কোষলৈ পৰ্য়বসিত হ’ব পাৰে। যেনে- ভঙা দাঁতৰ, পিত্তথলীত পাথৰ গৰম চিলিমৰ দীৰ্ঘদীনিয়া আঘাতৰ ফলত জিভা, পিত্তথলী বা ওঁঠত এই ৰোগ হ’ব পাৰে। কাশ্মীৰিসকলৰ বহুতে হিম চেঁচা জাৰৰ পৰা ৰক্ষা পাবলৈ মাটিৰ পাত্ৰত জলন্ত কয়লা ভৰাই কাপোৰৰ তলত পেটত বা দুয়ো কৰঙনৰ মাজত লৈ থাকে। সেই পাত্ৰটোক কাংগ্ৰী বুলি কোৱা হয়। কাংগ্ৰী লোৱা ঠাইত পিছলৈ ছালৰ কৰ্কট ৰোগ হোৱা দেখা যায়। ইয়াক কাংগ্ৰী কৰ্কট বোলে।
ভাইৰাছঃ শেহতীয়াকৈ এই কথা প্ৰমানিত হৈছে যে কিছুমান কৰ্কট ৰোগ ভাইৰাইছৰ ক্ৰিয়াৰ কাৰণে হয়। তাৰ ভিতৰত লিউকেমিয়া তেজৰ কৰ্কট, হডস্কিন ৰোগন লসিকা কলাৰ কৰ্কট ৰোগ আৰু বাৰকিটছ টেমুনাৰ কথা উনুকিয়াব পাৰি। আকৌ যকৃতৰ কৰ্কট ৰোগৰ ফলত হেপাটাইটিছ বি, ভাইৰাচৰ ওতপ্ৰোত সম্বন্ধই এই কথাকে প্ৰমান কৰে। বিজ্ঞানীসকলৰ মতে এই ভাইৰাছবোৰে স্বাভাৱিক কোষৰ ভিতৰত সোমাই কোষৰ আভ্যন্তৰীণ ৰাসায়নিক প্ৰক্ৰিয়াটো ওলট পালট কৰি পেলয়া, য়াৰ ফলত কোষবোৰৰ উৎপৰিৱৰ্তন ঘটে আৰু কৰ্কট কোষলৈ পৰ্যৱসিত হয়।
হৰমনঃ পুৰুষৰ অৱনত গ্ৰন্থি ৰ আৰু মহিলাৰ স্তনৰ কৰ্কট ৰোগ হৰমনৰ ওপৰত নিৰ্ভশীল বুলি ভবাৰ স্থল আছে। কিয়নো পুৰুষৰ ক্ষেত্ৰত অণ্ডকোষ আৰু মহিলাৰ ক্ষেত্ৰত ডিম্বকোষ গুচাই দিলে এই ৰোগত আক্ৰনসকলে কিছু উপশম পোৱা দেখা যায়। ইয়াৰ উপৰিও অধিবৃক্ক গ্ৰন্থি য’ত লৈংগিক হৰমন গৌণভাৱে নিঃসৰণ হয়। গুচাই দিলে প্ৰতিৰোধ হৰমন প্ৰয়োগ কৰিলে লক্ষণবোৰ লাহে লাহে কমি যোৱা পৰিলক্ষিত হয়।
জিনঃ জিনবিলাক হৈছে বংশগিতৰ একক। ই কোষবিলাকৰ স্বাভাৱিক বিকাশত প্ৰভাৱাম্বিত কৰিব পাৰে। দেখা গৈছে যে – 5-7 শতাংশ স্তনৰ কৰ্কট ৰোগ বংশগত। খাদ্যনলী, পাকস্থৱী, বৃহদান্ত্ৰ আদিৰ কৰ্কট ৰোগ একে পৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা দেখা যায়। ৰেটিনোব্লাষ্টোমা একে পৰিয়ালৰ ভায়েক ভনীয়েকৰ মাজত হোৱা পৰিলক্ষিত হৈছে। কেঞ্চাৰ ৰিছাৰ্চ নামৰ আলোচনীত ডাঃ ৱাৰথিনে উল্লেখ কৰিছে যে তেখেতে এটা পৰিয়ালৰ কথা জানে যিটো পৰিয়ালৰ মাক –দেউতাক তথা তেখেতসকলৰ ছটি সন্তান আলৰু একমাত্ৰ নাতিৰ অৰ্থাৎ তিনিটা প্ৰজন্মৰ নটি সদস্যৰ এই ৰোগত মৃতু্য হয়।
বয়স লিংগ আৰু জাতিগত প্ৰভাৱঃ মানুহৰ বয়স বঢ়াৰ লগে লগে কৰ্কট ৰোগৰ সম্ভৱনাও বাঢ়ি যায়। বিশষকৈ পঞ্চাছ বছৰৰ পিছত পুৰুষৰ ক্ষেত্ৰত ইয়াৰ প্ৰদুৰ্ভাৱ বেছিষ নাৰীৰ ক্ষেত্ৰত স্তন আৰু পুৰুষৰ বেলিকা হাঁওফাও আৰু খাদ্যনলীৰ কৰ্কট ৰোগ অধিক।
বিৱাহঃ বিৱাহিত তথা তুলনামূলক কম বয়সত বিৱাহিত নাৰীৰ জৰায়ু গ্ৰীবা কৰ্কট ৰোগ বেছিকৈ হোৱা পৰিলক্ষিক হৈছে।
আৰ্থসামাজিক ব্যৱস্থাঃ আৰ্থিক দুৰ্বল সকলৰ মাজত পাকস্থলী, ছাল আৰু জৰায়ু গ্ৰীবাৰ কৰ্কট ৰোগ বেছিকৈ হোৱাৰ বিপৰীতে স্তনৰ কৰ্কট ৰোগ আকৌ আৰ্থিকভাৱে টনকিয়ালসকলৰ মাজতহে বেছিকৈ হোৱা দেখা যায়।
শৰীৰৰ প্ৰতিৰক্ষাঃ আমাৰ শৰীৰত এটি অতি পৰাক্ৰমী তথা সদাজাগ্ৰত প্ৰতিৰক্ষা ব্যৱস্থা। ইয়াৰ অন্তৰ্গত প্ৰতিৰক্ষী কোষবোৰে তেজৰ সোঁতেৰে ঘুৰী ঘুৰী অতন্দ্ৰ প্ৰহৰীৰ দৰে পহৰা দি থাকে। এই প্ৰহৰী কোষবোৰে স্বাভাৱিক কোষ আৰু অস্বাভাৱিক কোষবোৰ তৎক্ষণাত চিনিক্ত কৰিব পাৰে। সেয়ে জীৱন পৰিক্ৰমাত অগণত কোষৰ বিভাজন আৰু পুনবিভাজন প্ৰক্ৰিয়াত কিবা আউল লাগি এটা বা দুটা কোষ যদি কৰ্কট কোষলৈ পৰ্যৱসিত হয় তেনেহলে তাহাতক এই প্ৰতিৰক্ষী কোষবোৰে ধ্বংস কৰি পেলায়। ফলত আমি কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰো। কিন্তু যেতিয়া আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল হৈ পৰে তেতিয়া কৰ্কট কোষবোৰে খোপনি পুতি কৰ্কট ৰোগৰ সৃষ্টি কৰে।
জন্মগত অস্বাভৱিকতাঃ শিশু এতি জন্মগত হোৱাৰ পিছত পিতৃ-মাতৃয়ে শৰীৰৰ অংগ- প্ৰত্যংগবোৰৰ ওপৰত চকু ৰাখিব লাগে। দৈনিন্দিন লালন –পালন প্ৰক্ৰিয়াতো বহুতো কথাই ধৰা পৰে। যদি কিবা অস্বাভাৱিক দৃষ্টিলৈ আহে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো বৰ দৰকৰা এইখিনিতে দুটা কথা উনুকিয়াব খুজিছোঁ। ল’ৰা সন্তান জন্ম হোৱাৰ পিছকে দুটা কথা উনুকিয়াব খুজিছোঁ। ল’ৰা সন্তান জন্ম হোৱাৰ পিছতে দুটা কথাৰ ওপৰত ধ্যান দিব লাগে। এটা হ’ল সন্তানটিৰ মূত্ৰনলীৰ অংগ্ৰাংM ছাল পিছলৈ ঠেলি দিলে গুচি যায় নে নায়ায়। নোযোৱাটোকে ফাইম’ছিছ বোলে। ফাইম’ছিছ থাকিলে অগ্ৰাংশ ছালৰ তলত এটা ৰাসায়নিক পদাৰ্থ জমা হৈ গৈ থাকে। যিটো কৰ্কটজনক বা কেঞ্চাৰকাৰক। দ্বিতীয়তে, অণ্ডকোষ দুটা অণ্ডকোষস্থলীত থিতাপি লৈছে নে নাই। যদি নাই জানিব লাগিব অণ্ডকোষ ত থিতাপি লৈছে নে নাই। যদি নাই জানিব লাগিব অণ্ডকোষ দুটা (কেতিয়াবা এটাও হ’ব পাৰে।) পেটৰ ভিতৰত বা নামি অহা বাটতৰৈ গৈছে। ইয়াকে অৱনমিত নোহোৱা অণ্ডকোষ বোলে। গৰ্ভস্থ অৱস্থাত অণ্ডকোষজুৰি শিশুৰ পেটৰ ভিতৰত থাকে। পিছলৈ অণ্ডকোষষ্থলীলৈ নামি আহে। ইয়াৰ কাৰণ হল অণ্ডকোষে বেছি উষ্চতা সহ্য কৰিব নোৱাৰে। সেয়ে প্ৰকৃতিয়ে অণ্ডকোষযুৰিক শৰীৰৰ বাহিৰ অংশ( অণ্ডকোষস্থলী) ত ৰখাৰ ব্যৱস্থা কৰিছে যাতে শীতল পৰিবেশত থাকিব পাৰে। বিভিন্ন কাৰণত অণ্ডকোষযুৰি বা এটি শৰীৰৰ ভিতৰ ভাগত থাকি গলে শৰীৰৰ বেছি উত্তাপত ইয়াৰ কোষবোৰে কৰ্কট কোষলৈ পৰ্যৱসিত হ’ব পাৰে। সেয়ে এই দুয়োটা অৱস্থাৰ চিকিৎসা অতি সোনকালে কৰাই ল’ব লাগে। ইয়াৰ চিকিৎসা তেনেই সহজ, কিন্তু অজ্ঞতা বা অৱহেলাই কঢ়িয়াই আনিব পাৰে বিপদ।
ডাঃ নৰেশ্বৰ শৰ্মা
*জনহিতাৰ্থে প্ৰচাৰিত

(বি:দ্ৰ - আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। পেজলৈ আহি লাইক কমেন্ট শ্বেয়াৰ কৰক। আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter:https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit:https://www.medicityguwahati.com/

ধপাঁত নহয় জীৱনক আদৰি লঁওক # # # # # # # # # # # # # # # # # # #পৃথিৱীৰ মানুহে নিজকে বেমাৰ বা মৃত্যুৰ পৰা হাত সাৰিবলৈ লব ...
10/09/2020

ধপাঁত নহয় জীৱনক আদৰি লঁওক
# # # # # # # # # # # # # # # # # # #

পৃথিৱীৰ মানুহে নিজকে বেমাৰ বা মৃত্যুৰ পৰা হাত সাৰিবলৈ লব পৰা প্ৰতিৰোধী ব্যৱস্থা সমূহৰ ভিতৰত ধঁপাত সেৱনৰ পৰা আতৰি থকাতোও এটা হয় ।কেবল মাত্ৰ ধঁপাত সেৱনৰ ফলতেই পৃথিৱীৰ বছৰি ৭০ লাখ মানুহ মৃত্যু মুখত পৰে আৰু ইয়াৰে ৭২ শতাংশ লোক নিম্ন বা নিম্ন মধ্যবিত্ত দেশসমূহৰ। পৃথিৱীৰ আটাইতকৈ বেছি দুখন জনবহুল দেশ চীন আৰু ভাৰতৰ ধঁপাত সেৱনকাৰী লোকৰ সংখ্যা আটাইতকৈ বেছি। বিশ্বৰ ৪০ শতাংশ ধঁপাত সেৱনকাৰী লোক এই দুখন দেশতেই বাস কৰে। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ ধঁপাত সেৱনকাৰী লোক দহখন দেশত বসবাস কৰে। দেশকেইখন হ'ল চীন, ভাৰত, ইণ্ডোনেছিয়া, ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ব্ৰাজিল, বাংলাদেশ, জাৰ্মানী আৰু তুৰ্কী।
#ভাৰতবৰ্ষৰ ছবিখন: আটাইতকৈ বেছি ধঁপাত সেৱনকাৰী লোক বসবাস কৰা দেশ সমূহৰ ভিতৰত চীন আৰু ব্ৰাজিলৰ পিছতেই ভাৰতৰ স্থান তৃতীয়।
Global Adult To***co Survey (GATS) ৰ সমীক্ষা মতে ভাৰতবৰ্ষৰ গাওঁ অঞ্চলত বসবাস কৰা প্ৰতি তৃতীয়জন ব্যক্তিয়ে আৰু নগৰ অঞ্চলত বসবাস কৰা প্ৰতি পঞ্চমজন ব্যক্তিয়ে কিবা নহয় কিবা প্ৰকাৰৰ ধঁপাত সেৱন কৰে।
সমীক্ষাৰ পৰা আৰু জনা গৈছে যে ভাৰতবৰ্ষৰ ১৫ বছৰ বা ততোধিক বয়সৰ ২৮.৬ শতাংশ (২৬৬.৮ মিলিয়ন) প্ৰাপ্তবয়স্ক লোকে কিবা নহয় কিবা প্ৰকাৰৰ ধঁপাত সেৱন কৰে। ইয়াৰ ভিতৰত ২৪.৯ শতাংশ (২৩২.৪ মিলিয়ন) প্ৰাপ্তবয়স্ক লোকে দৈনিক আৰু ৩.৭ শতাংশ (৩৪.৪ মিলিয়ন) লোকে মাজে সময়ে ধঁপাত সেৱন কৰে। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ব্যবহৃত ধঁপাত বিধ হ'ল খৈনী। খৈনী ব্যৱহাৰকাৰী প্ৰাপ্তবয়স্ক লোকৰ সংখ্যা ১১.২ শতাংশ। দ্বিতীয় বিধ আটাইতকৈ অধিক সেৱন কৰা ধঁপাত হ'ল বিড়ী। বিড়ী সেৱনকাৰী প্ৰাপ্তবয়স্ক লোকৰ সংখ্যা ৭.৭ শতাংশ। তৃতীয় বিধ অধিক সেৱন কৰা ধঁপাত গুটখা সেৱনকাৰী প্ৰাপ্তবয়স্ক লোকৰ সংখ্যা ৬.৮ শতাংশ। ধঁপাত সেৱনকাৰী পুৰুষৰ সংখ্যা ৪২.৪ শতাংশ। আনহাতে ধঁপাত সেৱনকাৰী প্ৰাপ্তবয়স্ক মহিলাৰ সংখ্যা ১৪.২ শতাংশ।
GATS ৰ ৰিপৰ্ট মতে দেশৰ প্ৰত্যেক দশমজন প্ৰাপ্তবয়স্ক লোকে ধূম্ৰপাণ কৰে। ইয়াৰে ১১.৯ শতাংশ গ্ৰামাঞ্চলৰ আৰু ৮.৩ শতাংশ চহৰাঞ্চলৰ। মতা মানুহৰ ক্ষেত্ৰত ১৯ শতাংশ লোকৰ মাজত আৰু মাইকী মানুহৰ ক্ষেত্ৰত ২ শতাংশৰ মাজত ধূম্ৰপানৰ পাদুৰ্ভাৱ দেখা যায়। ভাৰতবৰ্ষৰ দৈনিক চিগাৰেট সেৱনকাৰী লোক এজনে গড় হিচাপত এদিনত ৬.১ টা চিগাৰেট আৰু বিড়ি সেৱনকাৰী এজনে গড় হিচাপত এদিনত ১১.৫ টা বিড়ি সেৱন কৰে। চিগাৰেট সেৱনকাৰী সকলৰ ভিতৰত এক চতুৰ্থাংশই দৈনিক ১০ টাতকৈ অধিক চিগাৰেট সেৱন কৰে। আনহাতে বিড়ি সেৱনকাৰী সকলৰ ভিতৰত অৰ্ধেক সংখ্যকে দৈনিক ১০ টাতকৈ অধিক বিড়ি সেৱন কৰে।
#ভাৰতবৰ্ষত সাধাৰণতে ব্যৱহৃত হোৱা ধঁপাতৰ প্ৰকাৰ - সাধাৰণতে ধঁপাত দুই প্ৰকাৰৰ - ধোঁৱাযুক্ত আৰু ধোঁৱা বিহীন ধঁপাত। ধোঁৱাযুক্ত ধঁপাতৰ ভিতৰত ভাৰতবৰ্ষত ব্যৱহৃত প্ৰকাৰ সমূহ হ'ল - চিগাৰেট, হাতেৰে নিৰ্মিত চিগাৰেট, চিগাৰ, হোকা, চুৰট ইত্যাদি। লগতে অন্য কিছুমান ধোঁৱাযুক্ত ধঁপাত হ'ল - chutta (এবিধ গছৰ শুকান ডাল ধঁপাতৰ পাতেৰে মেৰিয়াই বনোৱা চুৰট), Dhumti (অন্য কোনো গছৰ পাতেৰে ধঁপাতৰ পাত মেৰিয়াই বনোৱা শংকু আকৃতিৰ এবিধ চুৰট), চিলিম ইত্যাদি।
ধোঁৱা বিহীন ধঁপাত সাধাৰণতে চোৱাই খোৱা হয়, দাঁত বা দাঁতৰ মাজত লগাই ব্যৱহাৰ কৰা হয় বা নাকেৰে শুঙি ব্যৱহাৰ কৰা হয়। ভাৰতবৰ্ষত ব্যৱহৃত ধোঁৱা বিহীন ধঁপাত সমূহৰ নাম তলত উল্লেখ কৰা হ'ল - জৰ্দাযুক্ত পান, খৈনী, গুটখা, পান - মছলা ইত্যাদি। ইয়াৰ উপৰিও নাকেৰে শুঙিও কিছুমান ধঁপাত ব্যৱহাৰ কৰা হয়। অৱশ্যে আজিকালি ধঁপাতৰ লগতে অন্য কিছুমান বস্তু যেনে- নেইল পলিছ, কিছুমান স্প্ৰে জাতীয় পদাৰ্থ, ডেনড্ৰাইট জাতীয় পদাৰ্থ ইত্যাদিও নাকেৰে শুঙি ব্যৱহাৰ কৰা হয়।
#ধঁপাতৰ অনিষ্টকাৰী প্ৰভাৱ :- ধঁপাত সেৱনৰ ফলত শৰীৰৰ প্ৰত্যেকটো তন্ত্ৰই আক্ৰান্ত হয়। ইয়াৰ ফলত শৰীৰৰ স্নায়ুতন্ত্ৰ, পাচন তন্ত্ৰ, ৰক্ত পৰিবহন তন্ত্ৰ, এণ্ডক্ৰাইন তন্ত্ৰ তথা বিপাক প্ৰক্ৰিয়া, ৰেচন তন্ত্ৰ, প্ৰজনন তন্ত্ৰ, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, সংবেদী স্নায়ু, চৰ্ম, কংকাল তন্ত্ৰ ইত্যাদি সকলো আক্ৰান্ত হয়। ধঁপাতত থকা উপাদানসমূহৰ বাবে আমাৰ শৰীৰত ইয়াৰ অনিষ্টকাৰী প্ৰভাৱ পৰে। ধঁপাতৰ ধোঁৱাত ৪৮০০ বিধৰো ওপৰত ৰাসায়নিক পদাৰ্থ থাকে আৰু ইয়াৰ বেছিভাগেই বিষাক্ত তথা কৰ্কটৰোগ উৎপন্নকাৰী। ধঁপাতৰ ধোঁৱাত সাধাৰণতে এম'নিয়া, টলুৱেন, বিউটেন, কাৰ্বন মন' অক্সাইড, হাইড্ৰজেন চাইয়েনাইড ইত্যাদি বিষাক্ত গেছৰ উপৰিও ভিনাইল ক্ল'ৰাইড, বেঞ্জিন, ফৰ্মেলডিহাইড, পলমিয়াম - ২১০,সীঁহ, ক্ৰমিয়াম, কেডমিয়াম, আৰ্ছেনিক ইত্যাদি কৰ্কটৰোগ উৎপন্নকাৰী পদাৰ্থ মজুত থাকে।
#ধঁপাত সেৱনৰ ফলত হব পৰা বেমাৰ বা বিকলাংগতা :- গোটেই পৃথিৱীৰ মৃত্যু প্ৰতিৰোধ কৰিব পৰা কাৰক সমূহৰ ভিতৰত ধঁপাত সেৱন বন্ধৰ দ্বাৰা মৃত্যু প্ৰতিৰোধ কৰিব পৰা কাৰকটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ ধঁপাত সেৱনৰ ফলত যিসকল লোক মৃত্যু মূখত পৰে তেনে লোকৰ আধাতকৈ বেছি মজলীয়া বয়সৰ লোক হয় আৰু সেই পৰিয়ালটো যদি মৃত্যু হোৱা লোকজনৰ ওপৰত নিৰ্ভৰশীল হয় তেন্তে পৰিয়ালটোৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়। সমীক্ষাৰ পৰা দেখা গৈছে যে ধঁপাত সেৱনৰ ফলত এজন মানুহৰ আয়ুস ৭ ৰ পৰা ১০ বছৰ কমিব পাৰে। আনহাতে ধঁপাত সেৱনৰ ফলত হোৱা বেমাৰৰ চিকিৎসা বহু ব্যয়বহুল হয় যিয়ে মানুহ এজনৰ ঘৰৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলায় আৰু মানুহ জনে বেমাৰৰ বাবে নিজকে কামত নিয়োজিত কৰিব নোৱাৰা বাবে কিছুমান পৰিয়াল আৰ্থিক ভাৱে জুৰুলা হৈ পৰে।তলত ধঁপাত সেৱনৰ ফলত হব পৰা কিছুমান জটিলতাৰ বিষয়ে উল্লেখ কৰা হ'ল -
১/ কৰ্কট ৰোগ - ধঁপাত সেৱনৰ ফলত মুখ গহ্বৰ, জিভা, লেৰিংচ্, ফেৰিংচ্, খাদ্যনলী, পাকস্থলী, অগ্নাশয়, জৰায়ু, হাওঁফাওঁ ইত্যাদিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এইখিনিতেই উল্লেখ কৰিব পাৰি যে পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ মুখ গহ্বৰৰ কৰ্কট ৰোগী কেবল ভাৰতবৰ্ষতেই পোৱা যায় আৰু ইয়াৰ বেছি ভাগেই ধঁপাত সেৱনৰ ফলত হোৱা কৰ্কট ৰোগ।
২/ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগ:- হৃদৰোগ, হাৰ্ট এটাক, পেটৰ ৰক্ত পৰিবাহী ধমনীৰ বেৰ পাতল হৈ ফুলি যোৱা (abdominal aneurysm), শৰীৰৰ পাৰ্শ্চবতী অংশৰ ৰক্ত পৰিবাহী নলী সমূহৰ বিভিন্ন সমস্যাৰ সৃষ্টি হব পাৰে (peripherial vascular disease), মগজুৰ ষ্ট্ৰোক পৰ্য্যন্ত হব পাৰে।
৩/ Chronic obstructive pulmonary disease - ই এক ধৰণৰ হাঁওফাওঁত উশাহ নিশাহত বাধা সৃষ্টিকাৰী স্বাস্থ্য সমস্যা। সাধাৰণতে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা, কাঁহ, বুকুত হিচ্ হিচ্ শব্দ ইত্যাদি লক্ষণ দেখা যায় আৰু ই কেতিয়াবা জীবনৰ প্ৰতি ভাবুকিৰ সৃষ্টিকাৰীও হব পাৰে।
৪/টি বি বা যক্ষ্মা ৰোগ - ধূম্ৰপানকাৰী সকলৰ মাজত যক্ষ্মা ৰোগৰ সম্ভাৱনা ধূম্ৰপাণ নকৰা লোকতকৈ তিনিগুণ বেছি থাকে আৰু মৃত্যুৰ হাৰো ৩ ৰ পৰা ৪ গুণ বেছি হয়।
৫/মুখ গহ্বৰৰ সমস্যা :- ধঁপাত সেৱনৰ ফলত অকল মুখ গহ্বৰৰ কৰ্কট ৰোগেই নহয়। ইয়াৰ ফলত দাঁতৰ আলুৰ প্ৰদাহ, দাঁতৰ যক্ষ্মা ৰোগ, মূখৰ দুৰ্গন্ধ, মূখ গহ্বৰৰ সংক্ৰমণ, দাঁতৰ বৰণ ক'লা হোৱা ইত্যাদি সমস্যাৰ সৃষ্টি হব পাৰে। ইয়াৰ উপৰিও sub mucous fibrosis নামৰ ৰোগ বিধো হব পাৰে যাক মূখ গহ্বৰৰ কৰ্কট ৰোগৰ আৰম্ভণি বুলি কোৱা হয়।
ইয়াৰ উপৰিও ধূম্ৰপাণৰ ফলত হব পৰা অন্য কিছুমান সমস্যা হ'ল মাতৃ গৰ্ভৰ পৰা দুৰ্বল, কম ওজন যুক্ত শিশুৰ জন্ম হোৱা যিয়ে নবজাত শিশুৰ মৃত্যুত উদগনি যোগায়। আনহাতে ইয়াৰ ফলত ফঁটা ওঠযুক্ত শিশুৰ জন্ম হব পাৰে। মতা মানুহৰ সন্তান জন্ম দিয়াৰ ক্ষমতা লোপ পাব পাৰে, শৰীৰৰ ঘাঁ আদি সোনকালে নুশুকাব পাৰে, নখৰ বৰণ সলনি হব পাৰে, বুঢ়া মানুহৰ নিচিনা শৰীৰৰ ছাল সোতৰা সোতৰি হব পাৰে ।
#পৰোক্ষ ধূম্ৰপাণ (second hand smoking) ৰ পৰা হব পৰা অপকাৰিতা :- ভাৰতবৰ্ষত যিহেতু ধূম্ৰপাণকাৰী মতা মানুহৰ সংখ্যা অধিক মহিলা তথা শিশুৰ ওপৰত পৰোক্ষভাৱে এনে ধূম্ৰপাণৰ প্ৰভাৱ পৰে। যিহেতু এনে পৰোক্ষ ধূম্ৰপাণৰ প্ৰতি আমাৰ সমাজত সচেতনতাৰ অভাৱ গতিকে এমে ধূম্ৰপাণৰ প্ৰতি আমি প্ৰায়েই উন্মুক্ত হৈ থাকো আৰু ইয়াৰ পৰা নিজকে আতৰাই ৰাখিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰো। আনকি ধূম্ৰপাণকাৰী জনক এনে পৰিবেশত ধূম্ৰপাণ কৰিবলৈ বাধা দিয়াও পৰিলক্ষিত নহয়। Global Adult To***co Survey India ৰ ২০০৯-১০ ৰ সমীক্ষামতে ভাৰতবৰ্ষৰ অৰ্ধেকৰো অধিক প্ৰাপ্তবয়স্ক লোক নিজৰ ঘৰতেই ধূম্ৰপাণৰ দ্বাৰা উন্মুক্ত হয়। আনহাতে ঘৰৰ বাহিৰত কৰ্মৰত প্ৰাপ্তবয়স্ক লোকসকলৰ ৩০ শতাংশ লোক এনে পৰোক্ষ ধূম্ৰপাণৰ কবলত পৰে। পৰোক্ষ ধূম্ৰপাণৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদৰোগ, sudden infant death syndrome, শ্বাসতন্ত্ৰৰ সংক্ৰমণ, হাপানী ৰোগ, হাওঁফাওঁৰ কাৰ্য্যকাৰিতা হ্ৰাস পোৱা, মধ্য কৰ্ণৰ সংক্ৰমণ, শিশুৰ ক্ষেত্ৰত নতুনকৈ শ্বাসতন্ত্ৰৰ সংক্ৰমণ ইত্যাদি সমস্যা দেখা যায়। ঘৰত কৰা ধূম্ৰপাণৰ প্ৰভাৱ শিশু, সৰু ল'ৰা ছোৱালী, প্ৰাপ্তবয়স্ক, বুঢ়া মানুহ আৰু বিশেষকৈ মহিলাৰ ওপৰত পৰে।
# Third hand to***co smoke:- Third hand smoke মানে হ'ল চিগাৰেট নুমোৱাৰ পিছত থকা অৱশিষ্ট অংশ খিনিৰ পৰা ওলোৱা গোন্ধ বা ধোঁৱা। নতুন গৱেষণামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে চিগাৰেট সেৱন কৰি উঠি নুমুৱাই পেলোৱাৰ পিছত চিগাৰেটৰ অৱশিষ্ট অংশৰ পৰা ওলোৱা গোন্ধ কাপোৰ, বেৰ, আচবাব পত্ৰ, কাৰ্পেট, গাদী, চুলি, ছাল বা অন্য বয়বস্তুত লাগি ধৰে। যদিও মানুহ এজনে ঘৰৰ বাহিৰত ধূম্ৰপাণ কৰে চিগাৰেটত থকা অৱশিষ্ট নিকটিন খিনি ধূম্ৰপাণকাৰী জনৰ ছাল তথা কাপোৰে শুহি লয় আৰু গোন্ধ ওলাই থাকে। এনে নিকোটিনৰ পৰা বিশেষকৈ কম বয়সীয়া শিশু সকলৰ স্বাস্থ্য সম্বন্ধীয় সমস্যা হোৱাৰ সম্ভাৱনা থাকে ।ধূম্ৰপাণকাৰীৰ এই নিকোটিনৰ লগত বতাহত থকা নাইট্ৰাছ এচিদৰ বিক্ৰিয়া ঘটি To***co specific nitrosamines(TSNA) উৎপন্ন হয়। এই TSNA হ'ল এবিধ শক্তিশালী কৰ্কটৰোগ সৃষ্টিকাৰী পদাৰ্থ।
#ধঁপাতৰ বাবে হোৱা আৰ্থসামাজিক বোজা :-
▶️Indian council of Medical Research চমুকৈ ICMR ৰ এটা স্বাস্থ্য সম্বন্ধীয় খৰচৰ সমীক্ষাত প্ৰকাশিত যে ধঁপাত সেৱনৰ ফলত হোৱা বিভিন্ন স্বাস্থ্য সমস্যাৰ চিকিৎসাৰ বাবে হোৱা খৰচ ধঁপাত বিক্ৰীৰ জড়িয়তে সংগ্ৰহ কৰা কৰতকৈ বহুত বেছি। ২০০২ চনৰ সমীক্ষা মতে ধঁপাত বিক্ৰীৰ জড়িয়তে সংগ্ৰহ কৰা কৰৰ পৰিমাণ ২৭০০ কৌটিৰ বিপৰীতে ৩০০০ কৌটি টকা খৰচ হয় ধঁপাত সেৱনৰ ফলত হোৱা মাত্ৰ তিনিধৰণৰ বেমাৰ কৰ্কট ৰোগ, হৃদয় তথা ৰক্তসঞ্চালন সম্বন্ধীয় ৰোগ তথা হাঁওফাওঁৰ ৰোগত।
▶️ধঁপাত সেৱনকাৰী সকলে যিহেতু তেওঁলোকৰ আয়ৰ কিছু অংশ ধঁপাত কিনাৰ নামত ব্যয় কৰে আৰু ধঁপাত সেৱনৰ প্ৰসাৰতা নিম্ন আৰ্থসামাজিক গোটৰ মানুহৰ মাজত বেছি গতিকে ধঁপাত সেৱনত ব্যয় কৰা খৰচৰ বাবে ঘৰত লাগতিয়াল ব্যয়বস্তু যেনে- খাদ্য, কাপোৰ, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা ইত্যাদি এৰা ধৰাৰ মাজেৰে চলিবলৈ বাধ্য হয়।
▶️গড় হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলে চিগাৰেট, বিড়ি বা অন্য ধোঁৱাবিহীন ধঁপাতত কৰা খৰচৰ পৰিমাণ দেশৰ অন্য প্ৰান্তৰ লোক সকলে কৰা খৰচতকৈ বেছি।
#ধঁপাত সেৱন প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ - ধঁপাত সেৱন প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ আগতে আমি জনা উচিত মানুহে ধঁপাত কিয় সেৱন কৰে? তলত তাৰেই কেইটামান কাৰণ উল্লেখ কৰা হ'ল -
🚭সমমৰ্য্যদা সম্পন্ন লোকৰ প্ৰভাৱ তথা হেঁচাত।
🚭নিজৰ ব্যক্তিগত ভাবমূৰ্তি জাহিৰ কৰিবলৈ বা নিজকে ষ্টাইলিচ হিচাপে জাহিৰ কৰিবলৈ, নিজকে স্বাধীনচিতীয়া হিচাপে জাহিৰ কৰিবলৈ, নিজকে ৰুচি সম্পন্ন তথা বিশিষ্ট লোক হিচাপে জাহিৰ কৰিবলৈ।
🚭বিজ্ঞাপনৰ কবলত পৰি।
🚭অনুসন্ধিৎসুতা তথা পৰীক্ষামূলক ভাবে।
🚭আমোদ প্ৰমোদৰ বাবে।
🚭এলকহল সেৱনৰ প্ৰবণতা বৃদ্ধিৰ বাবে।
🚭প্ৰত্যাহ্বান তথা বিৰোধিতামূলক হিচাপে।
🚭মানসিক চাপ, উদ্বেগ, বিৰক্তি বা অৱসাদ আতৰাবলৈ।
🚭 নিজৰ নিৰাপত্তাহীনতা অৱস্থা লুকুৱাবলৈ।
🚭দাঁতৰ সমস্যা যেনে- দাঁতৰ বিষ দূৰ কৰিবলৈ।
#ধঁপাত সেৱনৰ ক্ষেত্ৰত লব পৰা প্ৰতিৰোধ ব্যৱস্থা :- ধঁপাত সেৱনৰ ফলত হোৱা ৰোগ সমূহ প্ৰতিহত কৰিবলৈ ধঁপাত সেৱনকাৰী সকলক ধঁপাত সেৱনৰ ফলত হব পৰা স্বাস্থ্য সমস্যা তথা ধঁপাত কেনেকৈ এৰিব পাৰি সেই বিষয়ে সম্যক জ্ঞান দিয়াটো জৰুৰী। প্ৰাথমিক পদক্ষেপ হিচাপে সমাজত সচেতনতা বৃদ্ধি কৰি তথা চিকিৎসা কেন্দ্ৰত ইয়াৰ বিষয়ে ৰাইজক জ্ঞান দি ধঁপাত সেৱন আৰম্ভ কৰোতেই বাধা প্ৰদান কৰা উচিত। লগতে এনে লোকক স্বাস্থ্য সম্পৰ্কীয় পৰীক্ষা তথা উপযুক্ত নিৰীক্ষণৰ ব্যৱস্থা কৰা উচিত যাতে ধঁপাত সেৱনৰ ফলত হব পৰা ৰোগ সমূহ আৰম্ভণিতেই চিনাক্ত কৰিব পৰা যায়।
দৰকাৰ হ'লে ধঁপাত সেৱনৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰৱৰ্তন কৰা উচিত।
#ধঁপাত সেৱন এৰাৰ ফলত হোৱা লাভালাভ:-
▶️সাধাৰণতে ধঁপাত সেৱনকাৰী লোকৰ হৃদস্পন্দন স্বাভাৱিকতকৈ বেছি থাকে। ধঁপাত সেৱন কৰিবলৈ এৰাৰ ২০ মিনিট পিছতেই তেনে ব্যক্তিৰ হৃদস্পন্দন কমিবলৈ ধৰে।
▶️ধঁপাত সেৱন এৰাৰ ১২ ঘন্টা পিছত মানুহৰ শৰীৰৰ তেজত থকা কাৰ্বন মন অক্সাইডৰ মাত্ৰা কমি স্বাভাৱিক অৱস্থালৈ আহে।
▶️ধঁপাত সেৱন এৰাৰ ২-৩ মাহ পিছত হাৰ্ট এটেকৰ সম্ভাৱনা কমিবলৈ ধৰে আৰু হাওঁফাওঁৰ কাম কাজ উন্নত হবলৈ ধৰে।
▶️ধঁপাত সেৱন এৰাৰ ১-৯ মাহৰ ভিতৰত কাঁহ আৰু উশাহ নিশাহত থকা সমস্যা দূৰ হবলৈ ধৰে।
▶️ধঁপাত সেৱন এৰাৰ ১ বছৰ পিছত coronary heart disease হোৱাৰ সম্ভাৱনা আধালৈ হ্ৰাস পায়।
▶️ধঁপাত সেৱন এৰাৰ ৫ বছৰ পিছত মগজুৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।
▶️ধঁপাত সেৱন এৰাৰ ১০ বছৰ পিছত হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ধূম্ৰপাণকাৰী এজনতকৈ আধালৈ হ্ৰাস পায়। তেনেদৰে মুখ গহ্বৰ, ডিঙি, খাদ্যনলী, মূত্ৰাশয়, বৃক্ক, অগ্নাশয় ইত্যাদিৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।
▶️ধঁপাত সেৱন এৰাৰ ১৫ বছৰ পিছত coronary heart disease হোৱাৰ সম্ভাৱনা এজন ধঁপাত সেৱন নকৰা ব্যক্তিৰ নিচিনালৈ হ্ৰাস পায়।
#ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচী :- ভাৰত চৰকাৰে একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত ধঁপাত বিৰোধী আইন প্ৰণয়ন কৰি ৰাইজৰ মাজত ধঁপাতৰ কুপ্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত মনোনিবেশ কৰিছে। লগতে ধঁপাত সেৱন নিয়ন্ত্ৰণৰ বাবে এটা প্ৰণালী প্ৰণয়ন, ৰাজ্য তথা জিলা সমূহত ধঁপাত বিৰোধী পদক্ষেপ সূচাৰুৰূপে পৰ্য্যবেক্ষণ তথা পৰিচালনা কৰা, ধঁপাত জাতীয় সমস্যা সমূহ পৰীক্ষা কৰাৰ বাবে পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা ইত্যাদি এই ধঁপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচীৰ মূখ্য উদ্দেশ্য।
#ধঁপাত সম্পৰ্কীয় আইন আৰু ইয়াৰ প্ৰয়োগ :- প্ৰত্যক্ষ তথা পৰোক্ষ ধূম্ৰপাণৰ কুপ্ৰভাৱৰ পৰা মানুহৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ ভাৰত চৰকাৰে "Cigarette and other to***co product act" চমুকৈ COPTA ২০০৩ চনত প্ৰণয়ন কৰে। এই আইনৰ অধীনত তলত দিয়া বিষয়বস্তু সমূহ সামৰি লোৱা হৈছে -
🚭কোনো ৰাজহুৱা স্থানত ধূম্ৰপাণ নিষিদ্ধ কৰা :- পৰোক্ষ ধূম্ৰপাণৰ কুপ্ৰভাৱৰ পৰা মানুহক ৰক্ষা কৰিবলৈ সকলো ধৰণৰ ৰাজহুৱা স্থানত ধূম্ৰপাণ নিষিদ্ধ কৰা হৈছে। ৰাজহুৱা স্থানত সকলোৱে দেখা পোৱাকৈ ধূম্ৰপাণ নিষিদ্ধ ঠাই বুলি ফলক লগোৱাটো বাধ্যতামূলক কৰা হৈছে। সংশোধিত ধূম্ৰপাণ মুক্ত আইন যিখন ২৩ অক্টোবৰ ২০০৮ তাৰিখে বলবৎ কৰা হৈছিল সেই আইন অনুসৰি যিকোনো ৰাজহুৱা স্থানৰ গৰাকী বা স্বত্বাধিকাৰী বা পৰিচালক বা ভাৰপ্ৰাপ্ত লোকে তেওঁৰ অধীনত থকা ৰাজহুৱা ঠাইখিনি ধূম্ৰপাণ মুক্ত ঠাই হিচাপে ৰখাটো তেওঁৰ দায়িত্বৰ ভিতৰত পৰে। তেওঁ এই দায়িত্ব পালন কৰাত ব্যৰ্থ হ'লে এই আইনৰ অধীনত জৰিমনা বিহাৰ ব্যৱস্থা ৰখা হৈছে।
🚭যিকোনো ধঁপাত জাতীয় সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে বিজ্ঞাপন আৰু পৃষ্ঠপোষকতা বা প্ৰচাৰ কৰাটো আইনৰ অধীনত নিষিদ্ধ বুলি ধৰা হৈছে।
🚭যিকোনো ধঁপাত জাতীয় সামগ্ৰী ১৮ বছৰৰ তলৰ ল'ৰা ছোৱালীক বিক্ৰী কৰাত এই আইনযোগে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
🚭যিকোনো শিক্ষানুষ্ঠানৰ ১০০ গজৰ দূৰত্বৰ ভিতৰত ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
🚭যিকোনো ধঁপাত জাতীয় সামগ্ৰীৰ সচিত্ৰ আৰু লিখিত স্বাস্থ্য সম্পৰ্কীয় সতৰ্কবাণী দিয়াটো বাধ্যতামূলক কৰা হৈছে।
এই আইন উলংঘণ কৰা সকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় Toll free helpline number (24×7)1800110456 ত অভিযোগ দাখিল কৰিব পৰা যায়।
গতিকে আমি সকলোৱে নিজৰ তথা নিজৰ পৰিয়াল আৰু সমাজৰ স্বাৰ্থত এখন ধঁপাতমুক্ত পৃথিৱী গঢ়িবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ আহক।

#ডা_মুকুল_শৰ্মা

জনহিতাৰ্থে প্ৰচাৰিত
(বি:দ্ৰ - আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। পেজলৈ আহি লাইক কমেন্ট শ্বেয়াৰ কৰক। আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter:https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit:https://www.medicityguwahati.com/

05/07/2020

The motive of employing the luring tactics is to normalize the use of smoking or consuming to***co in any form especially among youth. One such way is to give fancy or ‘COOL’ names to such products which often have unproven claims of being a comparatively healthier option. We want to bring this to light & aware the youth to not fall prey to these tactics that appear to be cool but at the cost of your life. Save yourself and pledge to ***coFree

05/07/2020

Ni****ne released from to***co consumption, increases your dopamine levels, leaving the smoker to feel pleasurable. Hence body becomes accustomed and reliant on regular ni****ne intake. To avoid the addiction, pledge to ***coFree

05/07/2020

Life is in the small moments and so in small healthy habits.

has been strongly advocating 'No Tobaaco Practice' and how it can give you better protection from COVID-19. We have also been doing our part by creating awareness about the health benefits of quitting to***co and how it keeps cancer & many other diseases away.

29/06/2020

Life must be celebrated even in difficult times and the key to is to never give up!

29/06/2020

TO***CO is the single largest cause for HEAD & NECK CANCER. It causes mouth ulcers that have a high chance of turning cancerous.
SAY NO TO TO***CO TODAY!

29/06/2020

Self-motivation and support from others matter a lot for a cancer fighter & survivor, to build a new life!

Aakansha Bharadwaj from Delhi, a childhood cancer victor & ICS’s childhood cancer survivor’s support group - UGAM member, fought cancer with all her might. She successfully completed her treatment and currently pursuing her higher education. Her story makes us realize the importance of life and living in the moment come what may. Your will-power can help you win any fight let alone cancer.

25/05/2020

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ৷ ঈদ-উল-ফিতৰে অসমত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লগতে ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্যৰ বান্ধোন আৰু ভাতৃত্ববোধ সুদৃঢ় কৰক আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী হওক৷

সমগ্ৰ মানৱ জাতি এক কঠিন সময়ৰ মুখামুখি হৈছে৷ সমগ্ৰ মানৱ জাতি যেন এই যুঁজত জয়ী হয়- এই পৱিত্ৰ দিনটোত আমি প্ৰাৰ্থনা কৰোঁ আহক৷

Heartfelt greetings to all on . I pray that it strengthens the bonds of brotherhood & harmony among all the communities of Assam.

The world is passing through testing times. On this auspicious day let us all pray that we endure and emerge stronger than before.

কৰ্কট ৰোগৰ  উৎপত্তিৰ কাৰণ সমূহ :কৰ্কট ৰোগৰ সঠিক কাৰণ জনা নাযায় যদিও পৰিবেশ আৰু অনুবংশিক উপাদানে  এই ৰোগ সৃষ্টিত বিশেষ ভূ...
03/05/2020

কৰ্কট ৰোগৰ উৎপত্তিৰ কাৰণ সমূহ :

কৰ্কট ৰোগৰ সঠিক কাৰণ জনা নাযায় যদিও পৰিবেশ আৰু অনুবংশিক উপাদানে এই ৰোগ সৃষ্টিত বিশেষ ভূমিক পালন কৰা দেখা যায়। দিনে দিনে বাঢ়ি অহা উদ্যোগ সমূহৰ ফলত পৰিবেশ বিনষ্ঠ হৈছে আৰু আকাশ বতাহে উৰি ফুৰিছে অসংখ্যা মাৰাত্মক ৰাসাযনিক কণিকা তথা ধোঁৱা যিয়ে এই ৰোগ সৃষ্ঠিত বিশেষ অৰিহণা যোগাইছে। মানুহৰ জীৱন ধাৰণা প্ৰক্ৰিয়া যেনে ধঁপাত সেৱন, অত্যাধিক সুৰাপান আদিও
পৰিবেশ আৰু কৰ্কট উদ্দীপক
আজিৰ পৰা প্ৰায় দুশ চল্লিছ বছৰ আগতে ছাৰ পাৰচিৱেল পটে পৰ্যবেক্ষণ কৰিলে যে আলকাতৰাৰ কাম কৰা শ্ৰমিক সকলৰ মাজত ছালৰ কৰ্কট ৰোগৰ প্ৰদুভাৱ বহুত বেছি। সেই পৰ্যবেক্ষণটোৱেই ধৰালৈ নমাই আনিলে কৰ্কট ৰোগৰ উদ্দীপক পদাৰ্থৰ ধাৰণা। তাৰ ঠিক চল্লিছ বছৰ পিছত জাপানাৰ য়ামাগিয়া ই নিগনীৰ কাৰণত প্ৰতিদিনে ছমাহলৈ আলকাতৰা ঘঁহি ছালৰ কৰ্কট ৰোগ উৎপন্ন কৰি দেখুৱালে আৰু নিজৰ ইচ্ছানুযায়ী প্ৰথমবাৰৰ বাবে কৰ্কট ৰোগ সৃষ্ঠি কৰি এটা অধিযুগৰ সূচনা কৰিলে। কিছুমান ৰং সুগন্ধি পদাৰ্থ, ইউৰেথেন, বিভিন্ন ধাতু যেনে নিকেল, বেৰিলিয়াম, আৰ্ছেনিক ক্ৰোমিযাম, এছবেছটছ আদিয়েও কৰ্কট ৰোগ সৃষ্ঠি কৰিব পাৰে। কিছুমান ৰাসায়নিক পদাৰ্থ যেনে ডাই ইথাইল ষ্টিলবেষ্টৰল যদি গৰ্ভৱতী মহিলাক অধিক মাত্ৰাত প্ৰদান কৰা হয় তেনেহলে কন্যা সন্তানৰ ভৱিষ্যত যোনিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভৱনা থাকে। তেনেকৈ ৰজঃনিৰ্বাপন হোৱা মহিলাই ইষ্ট্ৰোজেন ব্যৱহাৰ কৰিলে তেখেতৰ জৰায়ুত এএই ৰোগ হ’ব পাৰে।
এছৰেটছঃ এছবেছটছ আৰু এনিলিন ৰং কৰ্কট উদ্দীপক বুলি প্ৰমাণিত হৈছে। এই দুয়োবিধ পদাৰ্থ হাঁওফাও আৰু মূত্ৰস্থলীৰ কৰ্কট ৰোগ সৃষ্টিত সহায় কৰে।
ধপাত আৰু কৰ্কত ৰোগঃ অতীজৰ পৰা মানৱ সমাজত ৰজাৰ পৰা প্ৰজালৈ কম বেছি পৰিমাণে ধঁপাতৰ প্ৰচলন আছে। ধঁপাত বিভিন্ন ধৰণে সেৱন কৰা দেখা যায়। যেনে তামোল-পাণৰ লগত চোবাই খোৱা, মুখৰ ভিতৰত লৈ চাধা, বিড়ি চিগাৰেট, চিলিম, হোঁকা হোপা ইত্যাদি। ধঁপাত আৰু ইয়াৰ ধোঁৱাত সহস্ৰধিক ৰাসায়িনক উপাদান থাকে। তাৰ ভিতৰত এতিয়ালকৈ মাত্ৰ দুইশ সত্তৰ বিধহে চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আকৌ নিকোটিন, কাৰ্বন মন’অক্সাইড আৰু ধুম্ৰ গেদে ই প্ৰধান। ধুম্ৰ গেদ হৈছে কেইবাবিধো কৰ্কক কাৰক বা কৰ্কট উদ্দীপনকৰ মিশ্ৰনত সৃষ্টি হোৱা গেদিয় পদাৰ্থ। এই ধুম্ৰ গেদত কিছুমান পলিচাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বন কম্পাউণ্ড থাকে যি হাঁওফাওৰ কৰ্কট কাৰক।
সাধৰণত অৱস্থাত ধঁপাতত এই ৰাসায়নিক পদাৰ্থবোৰ নাথাকে, অসম্পূৰ্ণ দগ্ধতাৰ ফলত ইয়াৰ সৃষ্টি হয়। এই কথা এতিয়া প্ৰমাণিত হৈছে যে চিগাৰেট হোপাৰ ফলত প্ৰায় 20 মিলিগ্ৰাম ধুম্ৰ গেদ হাঁওফাওৰ ভিতৰলৈ যায়। এই হিচাপত এজন মানুহে যদি দিনে প্ৰায় 20 টাকৈ চিগাৰেট হোপে তেনেহলে এবছৰত তেখেতৰ হাঁওফাওত প্ৰায় 146000 মিঃগ্ৰা বা 150 ধুম্ৰগেদ জমা হব। যিটো হাঁওফাওৰ কৰ্কট ৰোগত সৃষ্টি কৰিবলৈ যথেষ্ট। এইটো এতিয়া প্ৰমাণিত হৈছে যে ধঁপাত চবোৱা বা মুখত লৈ থকাসকলৰ মুখ গহ্বৰৰ কৰ্কট ৰোগ ধঁপাত চোবাৱা বা মুখত লৈ থকাসকলৰ মুখ গহ্বৰৰ কৰ্কট ৰোগ আৰু চিগাৰেট হোপাসকলৰ মাজত হাঁওফাওৰ কৰ্কট ৰোগ ধঁপাত সেৱন নকৰাসকলৰ তুলনাত বহুগুণে বেছি।
আমেৰিকাৰ দুজন চিকিৎসক ডাঃ হামন্দ আৰু ডাঃ হৰ্ণে 1,87,766 জন পুৰুষ (বয়স 50-70) ৰ ধাপাত সেৱনৰ লগত কৰ্কট ৰোগৰ সম্বন্ধ বিচাৰি কৰা গৱেষণাৰ পৰা মন্তব্য কৰিছে এনেধৰেণে- এজন মানুহে যদি নিয়মিতভাৱে দৈনিক 20 টাকৈ চিগাৰেট হোপে তেন্তে তেখেতৰ হাঁওফাওৰ কৰ্কট ৰোগৰ সম্ভৱনা চিগাৰেট নোহাৱাজনতকৈ 25 গুণ বেছি, 20-40 টাকৈ হোপাজনৰ 45 গুণ আৰু 40 তাকৈ অধিক হোপাজনৰ 90 গুণ বেছি।
দক্ষিণ আফ্ৰিকাৰ খনিত কাম কৰা বাণ্টু সকলৰ 11,365 যোৰ হাঁওফাও মৰণোত্তৰ পৰীক্ষা কৰোঁতা মাত্ৰ 6 জনৰ হাঁওফাওত কৰ্কট ৰোগ ধৰা পৰিছিল। তাৰ বিপৰিতে শ্বেতাংগ সকলৰ 8465 জন পৰীক্ষাত 114 গুণ বেছি কৰ্কট ৰোগ পৰিলক্ষিত হৈছিল। বাণ্টুসকলৰ ছেগা- চোৰোকাকৈ চিগাৰেট ব্যৱহাৰ কৰাৰ বিপৰীতে শ্বেতাংগসকলৰ আছিল নিয়মিতভাৱে ধুমপান কৰা লোক।
ভাৰতবৰ্ষত শিখসকলে ধৰ্মীয়ভাৱে ধুমপান বা ধঁপাত সেৱনৰ পৰা বিৰত থকাৰ ফলত তেখেতসকলৰ মাজত হাঁওফাওৰ কৰ্কট ৰোগ বিৰল।
এটা পৰীক্ষাগাৰত 24 টাকৈ কুকুৰত দৈনিক সাতটাকৈ চিগাৰেটৰ ধোৱা সেৱন কৰোৱা হৈছিল। আঢ়ৈ বছৰৰ পিছত দেখা গৈছিল তাৰে দুটা কুকুৰৰ হাঁওফাওত কৰ্কট ৰোগে আক্ৰমণ কৰিছিল।
অসমত তামোলৰ লগত ধঁপাত সেৱন কৰা লোকৰ মাজত মুখগহ্বৰৰ কৰ্কট ৰোগৰ প্ৰদুর্ভাৱ অধিক দেখা যায়
ৰঞ্জন ৰশ্মি, তেজস্ক্ৰিয়া পদাৰ্থ আৰু সৌৰ বিকৰণ
সঘনাই দীঘলীয়া সময়ৰ কাৰণে ৰঞ্জন ৰশ্মীৰ সংস্পৰ্শত থাকিলে ছাল আৰু তেজৰ কৰ্কট ৰোগ হোৱা সম্ভৱনা থাকে। অই বিভাগত কাম কৰা কৰ্মীসকলৰ এই ৰোগ অতীতত সঘনে হোৱা পৰিলক্ষিত হৈছিল। হিৰোছিমা আৰু নাগাচাকিত পাৰমাণিক বোমা বিস্ফোৰণৰ পিছত হোৱা তেজস্ক্ৰিয়তাৰ ফলত বহুত মানুহ এই ৰোগত আক্ৰান্ত হৈছিল। বিশ্বৰ কোনো দেশত সৌৰ শক্তিৰ বিকিৰণৰ প্ৰভাৱ বেছি (অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আদি) হোৱা হেতুকে সেইবোৰ ঠাইত ছালৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত মহিলাৰ এক্সৰে কৰাটো বিপদজনক, কাৰণ এই ভ্ৰণৰ ক্ষতি কৰিব পাৰে।
দীৰ্ঘদিনীয়া আঘাত আৰু ঘঁহনিঃ শৰীৰৰ কিছুমান কোমল কলা বা অংগত টান বস্তুৱে যদি দীৰ্ঘদিনৰ বাবে বাৰম্বাৰ আঘাত কৰি থাকে, সেই আঘাতপ্ৰাপ্ত অংশৰ কিছুমান কোষ কৰ্কট কোষলৈ পৰ্য়বসিত হ’ব পাৰে। যেনে- ভঙা দাঁতৰ, পিত্তথলীত পাথৰ গৰম চিলিমৰ দীৰ্ঘদীনিয়া আঘাতৰ ফলত জিভা, পিত্তথলী বা ওঁঠত এই ৰোগ হ’ব পাৰে। কাশ্মীৰিসকলৰ বহুতে হিম চেঁচা জাৰৰ পৰা ৰক্ষা পাবলৈ মাটিৰ পাত্ৰত জলন্ত কয়লা ভৰাই কাপোৰৰ তলত পেটত বা দুয়ো কৰঙনৰ মাজত লৈ থাকে। সেই পাত্ৰটোক কাংগ্ৰী বুলি কোৱা হয়। কাংগ্ৰী লোৱা ঠাইত পিছলৈ ছালৰ কৰ্কট ৰোগ হোৱা দেখা যায়। ইয়াক কাংগ্ৰী কৰ্কট বোলে।
ভাইৰাছঃ শেহতীয়াকৈ এই কথা প্ৰমানিত হৈছে যে কিছুমান কৰ্কট ৰোগ ভাইৰাইছৰ ক্ৰিয়াৰ কাৰণে হয়। তাৰ ভিতৰত লিউকেমিয়া তেজৰ কৰ্কট, হডস্কিন ৰোগন লসিকা কলাৰ কৰ্কট ৰোগ আৰু বাৰকিটছ টেমুনাৰ কথা উনুকিয়াব পাৰি। আকৌ যকৃতৰ কৰ্কট ৰোগৰ ফলত হেপাটাইটিছ বি, ভাইৰাচৰ ওতপ্ৰোত সম্বন্ধই এই কথাকে প্ৰমান কৰে। বিজ্ঞানীসকলৰ মতে এই ভাইৰাছবোৰে স্বাভাৱিক কোষৰ ভিতৰত সোমাই কোষৰ আভ্যন্তৰীণ ৰাসায়নিক প্ৰক্ৰিয়াটো ওলট পালট কৰি পেলয়া, য়াৰ ফলত কোষবোৰৰ উৎপৰিৱৰ্তন ঘটে আৰু কৰ্কট কোষলৈ পৰ্যৱসিত হয়।
হৰমনঃ পুৰুষৰ অৱনত গ্ৰন্থি ৰ আৰু মহিলাৰ স্তনৰ কৰ্কট ৰোগ হৰমনৰ ওপৰত নিৰ্ভশীল বুলি ভবাৰ স্থল আছে। কিয়নো পুৰুষৰ ক্ষেত্ৰত অণ্ডকোষ আৰু মহিলাৰ ক্ষেত্ৰত ডিম্বকোষ গুচাই দিলে এই ৰোগত আক্ৰনসকলে কিছু উপশম পোৱা দেখা যায়। ইয়াৰ উপৰিও অধিবৃক্ক গ্ৰন্থি য’ত লৈংগিক হৰমন গৌণভাৱে নিঃসৰণ হয়। গুচাই দিলে প্ৰতিৰোধ হৰমন প্ৰয়োগ কৰিলে লক্ষণবোৰ লাহে লাহে কমি যোৱা পৰিলক্ষিত হয়।
জিনঃ জিনবিলাক হৈছে বংশগিতৰ একক। ই কোষবিলাকৰ স্বাভাৱিক বিকাশত প্ৰভাৱাম্বিত কৰিব পাৰে। দেখা গৈছে যে – 5-7 শতাংশ স্তনৰ কৰ্কট ৰোগ বংশগত। খাদ্যনলী, পাকস্থৱী, বৃহদান্ত্ৰ আদিৰ কৰ্কট ৰোগ একে পৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা দেখা যায়। ৰেটিনোব্লাষ্টোমা একে পৰিয়ালৰ ভায়েক ভনীয়েকৰ মাজত হোৱা পৰিলক্ষিত হৈছে। কেঞ্চাৰ ৰিছাৰ্চ নামৰ আলোচনীত ডাঃ ৱাৰথিনে উল্লেখ কৰিছে যে তেখেতে এটা পৰিয়ালৰ কথা জানে যিটো পৰিয়ালৰ মাক –দেউতাক তথা তেখেতসকলৰ ছটি সন্তান আলৰু একমাত্ৰ নাতিৰ অৰ্থাৎ তিনিটা প্ৰজন্মৰ নটি সদস্যৰ এই ৰোগত মৃতু্য হয়।
বয়স লিংগ আৰু জাতিগত প্ৰভাৱঃ মানুহৰ বয়স বঢ়াৰ লগে লগে কৰ্কট ৰোগৰ সম্ভৱনাও বাঢ়ি যায়। বিশষকৈ পঞ্চাছ বছৰৰ পিছত পুৰুষৰ ক্ষেত্ৰত ইয়াৰ প্ৰদুৰ্ভাৱ বেছিষ নাৰীৰ ক্ষেত্ৰত স্তন আৰু পুৰুষৰ বেলিকা হাঁওফাও আৰু খাদ্যনলীৰ কৰ্কট ৰোগ অধিক।
বিৱাহঃ বিৱাহিত তথা তুলনামূলক কম বয়সত বিৱাহিত নাৰীৰ জৰায়ু গ্ৰীবা কৰ্কট ৰোগ বেছিকৈ হোৱা পৰিলক্ষিক হৈছে।
আৰ্থসামাজিক ব্যৱস্থাঃ আৰ্থিক দুৰ্বল সকলৰ মাজত পাকস্থলী, ছাল আৰু জৰায়ু গ্ৰীবাৰ কৰ্কট ৰোগ বেছিকৈ হোৱাৰ বিপৰীতে স্তনৰ কৰ্কট ৰোগ আকৌ আৰ্থিকভাৱে টনকিয়ালসকলৰ মাজতহে বেছিকৈ হোৱা দেখা যায়।
শৰীৰৰ প্ৰতিৰক্ষাঃ আমাৰ শৰীৰত এটি অতি পৰাক্ৰমী তথা সদাজাগ্ৰত প্ৰতিৰক্ষা ব্যৱস্থা। ইয়াৰ অন্তৰ্গত প্ৰতিৰক্ষী কোষবোৰে তেজৰ সোঁতেৰে ঘুৰী ঘুৰী অতন্দ্ৰ প্ৰহৰীৰ দৰে পহৰা দি থাকে। এই প্ৰহৰী কোষবোৰে স্বাভাৱিক কোষ আৰু অস্বাভাৱিক কোষবোৰ তৎক্ষণাত চিনিক্ত কৰিব পাৰে। সেয়ে জীৱন পৰিক্ৰমাত অগণত কোষৰ বিভাজন আৰু পুনবিভাজন প্ৰক্ৰিয়াত কিবা আউল লাগি এটা বা দুটা কোষ যদি কৰ্কট কোষলৈ পৰ্যৱসিত হয় তেনেহলে তাহাতক এই প্ৰতিৰক্ষী কোষবোৰে ধ্বংস কৰি পেলায়। ফলত আমি কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰো। কিন্তু যেতিয়া আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল হৈ পৰে তেতিয়া কৰ্কট কোষবোৰে খোপনি পুতি কৰ্কট ৰোগৰ সৃষ্টি কৰে।
জন্মগত অস্বাভৱিকতাঃ শিশু এতি জন্মগত হোৱাৰ পিছত পিতৃ-মাতৃয়ে শৰীৰৰ অংগ- প্ৰত্যংগবোৰৰ ওপৰত চকু ৰাখিব লাগে। দৈনিন্দিন লালন –পালন প্ৰক্ৰিয়াতো বহুতো কথাই ধৰা পৰে। যদি কিবা অস্বাভাৱিক দৃষ্টিলৈ আহে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো বৰ দৰকৰা এইখিনিতে দুটা কথা উনুকিয়াব খুজিছোঁ। ল’ৰা সন্তান জন্ম হোৱাৰ পিছকে দুটা কথা উনুকিয়াব খুজিছোঁ। ল’ৰা সন্তান জন্ম হোৱাৰ পিছতে দুটা কথাৰ ওপৰত ধ্যান দিব লাগে। এটা হ’ল সন্তানটিৰ মূত্ৰনলীৰ অংগ্ৰাংM ছাল পিছলৈ ঠেলি দিলে গুচি যায় নে নায়ায়। নোযোৱাটোকে ফাইম’ছিছ বোলে। ফাইম’ছিছ থাকিলে অগ্ৰাংশ ছালৰ তলত এটা ৰাসায়নিক পদাৰ্থ জমা হৈ গৈ থাকে। যিটো কৰ্কটজনক বা কেঞ্চাৰকাৰক। দ্বিতীয়তে, অণ্ডকোষ দুটা অণ্ডকোষস্থলীত থিতাপি লৈছে নে নাই। যদি নাই জানিব লাগিব অণ্ডকোষ ত থিতাপি লৈছে নে নাই। যদি নাই জানিব লাগিব অণ্ডকোষ দুটা (কেতিয়াবা এটাও হ’ব পাৰে।) পেটৰ ভিতৰত বা নামি অহা বাটতৰৈ গৈছে। ইয়াকে অৱনমিত নোহোৱা অণ্ডকোষ বোলে। গৰ্ভস্থ অৱস্থাত অণ্ডকোষজুৰি শিশুৰ পেটৰ ভিতৰত থাকে। পিছলৈ অণ্ডকোষষ্থলীলৈ নামি আহে। ইয়াৰ কাৰণ হল অণ্ডকোষে বেছি উষ্চতা সহ্য কৰিব নোৱাৰে। সেয়ে প্ৰকৃতিয়ে অণ্ডকোষযুৰিক শৰীৰৰ বাহিৰ অংশ( অণ্ডকোষস্থলী) ত ৰখাৰ ব্যৱস্থা কৰিছে যাতে শীতল পৰিবেশত থাকিব পাৰে। বিভিন্ন কাৰণত অণ্ডকোষযুৰি বা এটি শৰীৰৰ ভিতৰ ভাগত থাকি গলে শৰীৰৰ বেছি উত্তাপত ইয়াৰ কোষবোৰে কৰ্কট কোষলৈ পৰ্যৱসিত হ’ব পাৰে। সেয়ে এই দুয়োটা অৱস্থাৰ চিকিৎসা অতি সোনকালে কৰাই ল’ব লাগে। ইয়াৰ চিকিৎসা তেনেই সহজ, কিন্তু অজ্ঞতা বা অৱহেলাই কঢ়িয়াই আনিব পাৰে বিপদ।
ডাঃ নৰেশ্বৰ শৰ্মা
*জনহিতাৰ্থে প্ৰচাৰিত

(বি:দ্ৰ - আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। পেজলৈ আহি লাইক কমেন্ট শ্বেয়াৰ কৰক। আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)
https://maps.app.goo.gl/VAErkZnA2mAGysVT7

Address

Dispur
781006

Alerts

Be the first to know and let us send you an email when Dr Ganesh Das- Consultant Oncosurgeon Medicity Guwahati Aditya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr Ganesh Das- Consultant Oncosurgeon Medicity Guwahati Aditya:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

MEDICITY GUWAHATI CENTRE FOR CHEMOTHERAPY & MEDICAL ONCOLOGY

মেডিচিটি গুৱাহাটী আদিত্য উত্তৰ পূৰ্বান্চলৰ সৰ্ববৃহৎ ডায়গ্নোষ্টিক আৰু কেমথেৰেপী ডে-কেয়াৰ চেন্টাৰ ইয়াত আপুনি লগ পাব বিশিষ্ট চিকিৎসক ক্ৰমে ডা: গণেশ দাস ,ডাঃ যদুনাথ বুৰাগোহাই , ডা: উমেশ দাস আৰু ডাঃ অৰিন্দম বৰুৱা এতিয়াৰে পৰা মেডিচিটি গুৱাহাটী আদিত্যত উপলব্ধ ডে- কেয়াৰ কেমথেৰেপি। আপুনি অতি কম খৰচতে আৰু চিকিৎসালয়ত ভৰ্তি নহোৱাকৈ কৰাব পাৰিব আপোনাৰ আপোনজনৰ কেমথেৰেপী , অধিক তথ্য ৰ বাবে যোগাযোগ কৰক 8486483479

Chemotherapy: Chemotherapy is the use of drugs to destroy cancer cells, usually by keeping the cancer cells from growing, dividing, and making more cells.

A chemotherapy regimen, or schedule, usually consists of a specific number of cycles given over a set period of time. A patient may receive 1 drug at a time or a combination of different drugs given at the same time. Chemotherapy for a NET may be used when the tumor has spread from where it started to other organs, if the tumor is causing severe symptoms, or if hormonal or targeted therapies are no longer working. Chemotherapy may be used alone or in combination with other treatments.

The side effects of chemotherapy depend on the individual and the dose used, but they can include fatigue, risk of infection, nausea and vomiting, hair loss, loss of appetite, and diarrhea. These side effects usually go away after treatment is finished.