Medicity Guwahati Diagnostics

Medicity Guwahati Diagnostics under one roof. Besides we will also provide general consultation services like General Medicine, General Surgery, Obstretic & Gynaecology, and Pediatric etc.
(1)

“Medicity Guwahati” a Super speciality clinic & Diagnostics center located at the heart of the city with facility of consultation with more than 80 leading physician across all the departments from Guwahati
Delhi and Chennai. “Medicity Guwahati” A diagnostic centre cm multidisciplinary Superspecialty polyclinic is going to open in the month of March ‘2017 in the heart of Guwahati City. Medicity Guwahati will provide state of art Superspecialty consultation services like Neurology, Neurosurgery, Urology, Nephrology, Cardiology, Endocrinology, Gastroenterology etc. We are equipped with all modern Pathological & Imaging instruments, high quality reagents & backed up by well qualified and dedicated professionals. We have 24x7 Pharmacy (Medishop) for our patient and locality

Constant up-gradation and introduction of new tests and methods to meet the demands of the clinicians has been one of our major aims. Our driving motto will be : To provide quality and reliable Laboratory Service at an affordable cost, to provide Superspecialty OPD consultation under one roof and to constantly upgrade ourselves to meet the demands of the Indian Clinicians and Patients. With your valuable support we will improve our service, introduce new technologies and shall always remain customer oriented.

06/08/2025

যিকোনো ৰোগ চিকিৎসাৰ বাবেই আমাক লাগে অভিজ্ঞ চিকিৎসক, সহজ পৰামৰ্শ, আৰু প্ৰয়োজনীয় সুবিধাসমূহ...

উৰিক এচিড, থাইৰইড , হৰমনৰ সমস্যা, কাঁহ, হাপানী , বুকু বা পেটৰ বিষ, যক্ষা, কলেৰা, ক্ৰনিক ব্ৰঙ্কাইটিছ তথা দীৰ্ঘদিনীয়া ডায়েবেটিচ ৰোগত আক্ৰান্ত নেকি আপুনি ?

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আৰু অতি বিশ্বাসযোগ্য Diagnostic Centre -Medicity Guwahati ত মেডিচিন বিভাগীয় বিশেষজ্ঞ চিকিৎসক
Dr. P N UZIR
DR. P P BARUAH
DR. G C NATH
DR. PARVEZ BAHAR CHOUDHURY আৰু
DR. ANJAN JYOTI TALUKDAR ৰ লগতে আছে অভিজ্ঞ DIABETOLOGIST Dr. N J BORA আৰু
DR. YUVRAJ BHUYAN....

ভুগিছে নেকি ...
জ্বৰ, কাঁহ, বমি বা বমি বমি ভাব, মুৰৰ বিষ, ডায়েৰিয়া,Dysentery, দুৰ্বলতা, টোপনিৰ সমস্যা, বেছিকৈ ভোক লগা বা ভোক নলগা , ওজন কমি যোৱা , সঘনাই প্ৰসাৱ লগা সমস্যাত ?

ইয়াৰ উপৰি :-
উশাহ লবলৈ হোৱা অসুবিধা, ক্ৰনিক কাঁহ, কাঁহৰ লগত তেজ যোৱা, এলাৰ্জি , বুকুত পানী জমা হোৱা, , দুৰ্ঘটনা অথবা জীৱ-জন্তুৰ পৰা পোৱা আঘাত, নিচা জাতীয় দ্ৰৱ্যৰ পৰা হোৱা সমস্যা, খাদ্য বিষক্ৰিয়া ইত্যাদি
ইত্যাদিত কষ্ট পাই থকা প্ৰতিজন ৰোগীৰ সুবিধাৰ প্ৰতি সমৰ্পিত আমাৰ প্ৰচেষ্টা..
আমাৰ ঠিকনা :-
Medicity Guwahati, Hatigaon
Medicity Guwahati Aditya, Dispur
Medicity Guwahati, Bhangagarh
অধিক জানিবলৈ যোগাযোগ কৰক : 84864 83479 নম্বৰত ..

Medicity Guwahati — আপোনাৰ স্বাস্থ্য আমাৰ দায়িত্ব

06/08/2025

Dr PN Uzir, senior Medicine Specialist and GMCH Retd Professor with 40+ years experience. Best Internal medicine & practitioner and General physician in Guwahati. Now available for consultation at Medicity Guwahati Hatigaon. Call now to consult 8486483479

“Medicity Guwahati” a Super speciality clinic & Diagnostics center located at the heart of the city with facility of consultation with more than 80 leading physician across all the departments from Guwahati
Delhi and Chennai.

06/08/2025

✅ When to see a Pulmonologist?
✴️ Top 7 Reasons
👉 Interstitial lung disease
👉 Lung infections
👉 Sleep disorders
👉 Lung cancer risk
👉 Preoperative lung evaluation
👉 Occupational lung disease
👉 Severe or sudden symptoms
✴️ To receive expert consultation under the expert care of our Pulmonary Medicine Department at Medicity Guwahati, call +91 848 648 3479 📞



“Medicity Guwahati” a Super speciality clinic & Diagnostics center located at the heart of the city with facility of consultation with more than 80 leading physician across all the departments from Guwahati
Delhi and Chennai.

06/08/2025

বৃক্ক দুটা সুস্থ কৰি ৰাখো আঁহক

মানৱ দেহৰ অতি লাগতিয়াল অংগ হৈছে কিডনী বা বৃক্ক। ইয়াৰ আকৃতি বীনৰ দৰে আৰু ৰঙা-বাদামী ৰঙৰ হয়। বৃক্কই আমাৰ শৰীৰৰ তেজ পৰিশোধন কৰে, হৰম'ন উৎপন্ন কৰে, প্ৰস্ৰাৱ আৰু এচিড প্রশমিত কৰে। কঁকালৰ ওপৰৰ অংশৰ দুয়োকাষে অৱস্থিত সোঁফালৰ বৃক্কটো বাঁওফালতকৈ কিছু তলত থাকে। আনহাতে, তন্ত্তকোষেৰে খোলাৰ ভিতৰত আৱদ্ধ কিডনীৰ ওজন প্রাপ্তবয়স্কৰ ক্ষেত্ৰত ওজন ১০০-১৫০ গ্ৰাম আৰু ১০-১২ ছেঃমিঃ দীঘল হয়। আমাৰ দেহৰ দুই তৃতীয়াংশ পানীৰ ভাৰসাম্যতা আৰু বৰ্জিত পদাৰ্থ, অতিৰিক্ত লৱণ প্ৰস্ৰাৱৰ লগত বাহিৰ কৰাত সহায় কৰাৰ লগতে তন্ত্ৰৰ সমতুল্যতা নিয়ন্ত্ৰণত সহায় কৰে।
প্রকৃততে, প্রত্যেক মানুহৰ আহাৰৰ প্ৰকাৰ আৰু মাত্ৰা প্রত্যেক দিনে পৰিৱৰ্তন হোৱাৰ পৰিপ্ৰেক্ষিতত আমি যি খাদ্যই নাখাওঁ কিয় দেহত অম্ল বা ক্ষাৰৰ আৰু ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্য বিনষ্ট হ'লে ই ক্ষতি কাৰক হ'ব পাৰে। সেয়ে এনে ক্ষেত্ৰত বৃক্কৰ ক্ষতি লাহে লাহে আগবাঢ়িলে সময়ৰ মূৰত দীৰ্ঘম্যাদী বৃক্ক ৰোগৰ লক্ষণ হিচাপে দেখা উপসর্গসমূহ হৈছে—
■ বমি আৰু ওকালি অহা।
■ কম বেছি পৰিমাণে প্ৰস্ৰাৱ কৰা।
■ ভৰি আৰু গোৰোহা ফুলা
■ বৃক্কৰ বিষ, যদি হৃদযন্ত্ৰৰ আৱৰণৰ চাৰিওফালে তৰল পদাৰ্থ জমা হয়।
■ উচ্চ ৰক্তচাপ আৰু উশাহ চুটি।
■ ছাল শুকান আৰু খজুৱতি হোৱা।
■ ভাগৰ, দুৰ্বলতা, টোপনিৰ সমস্যা।
■ পেশীৰ ক্ৰেম্প, মানসিক তীক্ষ্ণতা হ্রাস আদি।
কাৰকঃ বৃক্কৰ ৰোগৰ কাৰণ বুলি ক'লে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ হৈছে সচৰাচৰ হোৱা কাৰণ ।
■ তেজত হোৱা অত্যধিক গ্লুক'জে আৱৰ্জনা আৰু তৰল পদাৰ্থ ফিল্টাৰ কৰাত বাধা পালে বৃক্কৰ সমস্যা হয় ।
■ সংক্ৰমণ আৰু বৃক্কৰ বাবে বিষাক্ত ঔষধ ব্যৱহাৰ কৰা।
■ অন্যান্যকাৰণবোৰৰভিতৰত আনুবংশিক বিকাৰ যেনে- পলিচিষ্টিক বৃক্কৰ ৰোগ (কিডনীত বহুতো চিষ্ট সৃষ্টি কৰে।)
■ বিৰল আনুবংশিক স্থিতি এলপোর্ট ছিন্ড্ৰম।
■ শিশুৰ ক্ষেত্ৰত হিমোলাইটিক, ইউৰেমিক ছিলম, আইজিঅ' ভেস্কুলাইটিক (সৰু সৰু ধমনী ফুলা আৰু তেজ উলিওৱা), ধমনী ষ্টেনোচিছ।
■ ৰোগ প্ৰতিৰোধ প্রণালীয়ে আক্রমণ কৰা বিকাৰবোৰে নিজা কোষ আৰু অংগক আক্ৰমণ কৰিলে।
■ গধুৰ মানসিক বিষক্রিয়া।
দৰাচলতে, আমাৰ সমাজত বৃক্ক ৰোগ (কিডনী পাথৰ) বৃদ্ধি পোৱাৰ ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰিলে নিশ্চয় উপকৃত হ'ব পাৰি। সেই অনুসৰি কিছুমান ঔষধ বিশেষকৈ বিষনাশক দৰব অত্যাধিক গ্ৰহণ কৰাৰ পৰা বিৰত থকা। কাৰণ দীঘলীয়া সময়ৰ বাবে গ্ৰহণ কৰিলে প্ৰ'টিন
পাম্প ইনহিবিটৰে দীৰ্ঘম্যাদী বৃক্ক ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
■ ঔষধৰ সৈতে যুঁজ দিয়া বেক্টেৰিয়াবোৰে বৃক্কৰ ক্ষতি কৰিব পাৰে। সেয়ে পেনিচিলিন, চালফোনামাইড, চেফালোস্পোবিনৰ ব্যৱহাৰৰ আগত এণ্টিবায়টিকৰ ব্যৱহাৰ কৰিব লাগে। একেদৰে ডায়েবেটিছত আক্রান্ত ৰোগীয়ে দৰবৰ সৈতে শাৰীৰিক পৰিশ্ৰমৰ জৰিয়তে নিজকে ব্যস্ত ৰাখি সময়ে সময়ে ব্লাড চুগাৰ, ক্রিয়েটেনিন পৰীক্ষা কৰিব লাগে। আনহাতে, বৃক্কৰ ক্ষতি উচ্চ ৰক্তচাপৰ দ্বাৰা হোৱাৰ পৰিপ্ৰেক্ষিতত জীৱনশৈলী আৰু আহাৰৰ পৰিৱৰ্তনে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। লগতে যিসকল লোক মেদবহুল তেওঁলোকৰো স্বাস্থ্যৰ উন্নত স্থিতিয়ে বৃক্কৰ ক্ষতিৰ আশংকা কমাই৷ একেদৰে সন্তুলিত আহাৰ হিচাপে কম ছডিয়ামযুক্ত সতেজ উপাদান ব্লুবেৰী, মাছ, ফুলকবি নিমখ পানীত কেইঘণ্টামান ডুবাই খাব লাগে। অৱশ্যে বীট, তিয়ঁহ, পালেঙ আদিত কেলচিয়াম বেছিকৈ থকাৰ বাবে কিডনী ৰোগীয়ে কমাই খাব লাগে। শৰীৰৰ বৰ্জনীয় আৰু বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰিবলৈ কমেও ২-২.৫ লিটাৰ পানী খাব। কিয়নো বৃক্কত পাথৰ থকা লোকসকলে ভৱিষ্যতে বৃক্কক ৰোগমুক্ত কৰি ৰাখিবলৈ পানী খুবেই প্রয়োজনীয়।
একেধৰণে, বহুতৰে ঘৰত উপলব্ধ নেমু টেঙা, দুপৰ টেঙা পাতৰ ৰস খালে বৃক্কত জমা হোৱা গেদবোৰ প্ৰস্ৰাৱৰ সৈতে বাহিৰ হৈ সুস্থ কৰি ৰাখে। অতিপাত মাদক দ্ৰব্য আৰু ধূমপানে বৃক্কৰ ৰোগৰ লগতে লিভাৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। গতিকে এনেবোৰ ৰাগিয়াল দ্ৰব্যৰ পৰা আঁতৰি থাকক। আজিকালি পেকেজিং সামগ্ৰীবোৰৰ জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাইছে, যিবোৰ খোৱাৰ ফলত বৃক্কৰ ৰোগ হ'ব পাৰে। তাৰ উপৰিও যথেষ্ট পৰিমাণে নিমখ আৰু চেনী কেতিয়াও সেৱন নকৰিব।
শৰীৰক সদায় ফিট আৰু সক্ৰিয় কৰি ৰাখিবলৈ খোজকঢ়া, দৌৰা, চাইকেল চলোৱা অথবা নৃত্য কর্ম স্বাস্থ্যৰ বাবে উত্তম পন্থা, যিয়ে আপোনাক ব্যস্ত কৰি ৰখাৰ লগতে স্বাস্থ্যৰ সকলো স্থিতি সুস্থিৰ কৰি ৰাখে। অন্য ধৰণে বৃক্কক সুৰক্ষিত আৰু শক্তিশালী কৰিবলৈ তেঁতেলী আৰু কল খালে তাত থকা টাৰটাৰিক এচিড়, কেলচিয়াম, মেগনেচিয়াম, ফচফেটে বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি শৰীৰক সুঠাম কৰি ৰাখে ।

ডাঃ দীপজ্যোতি শৰ্মা, ফিজিঅ'থেৰাপিষ্ট, গুৱাহাটী

জনহিতাৰ্থে প্ৰচাৰিত

বিঃ দ্ৰঃ– আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ সুফল লাভ কৰিব পাৰে৷

আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই আনিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter: https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit: https://www.medicityguwahati.com/

06/08/2025

নিউম’নিয়া আৰু ইয়াৰ লক্ষণসমূহ

নিউম'নিয়াৰ নাম নুশুনা বা নজনা মানুহ হয়তো নায়েই। বছৰি বহুসংখ্যক লোকেই নিউম’নিয়া ৰোগত আক্রান্ত হয়। শিশুৰ পৰা বয়স্ক সকলো এই ৰোগৰ কবলত পৰে। মূলতঃ হাঁওফাঁও কেন্দ্রিক এই ৰোগবিধৰ বিষয়ে বিশদভাৱে আলোচনা এই লেখাত পঢ়িব পাৰিব।

নিউম'নিয়া ৰোগবিধ হৈছে এবিধ সংক্রমিত ৰোগ, যাৰ সংক্ৰমণৰ ফলত মানুহৰ হাঁওফাঁওৰ বায়ু জমা হোৱা ফোপালা অংশবোৰ ফুলিবলৈ ধৰে। সংক্ৰমণৰ ফলত আক্রান্ত ব্যক্তিজনৰ কাহ, কফ, জ্বৰ, কঁপনি উঠা আৰু উশাহ লোৱাত কষ্ট হয়। বেক্টৰীয়া বা ভাইৰাছ আক্ৰমণৰ ফলতেই মানুহ এজন নিউম’নিয়া ৰোগত আক্ৰান্ত হয়৷ নিউম’নিয়া ৰোগৰ প্রাবল্য বা মাত্ৰা মৃদু পৰ্যায়ৰ পৰা প্ৰাণঘাতী পৰ্যায় পর্যন্ত হ’ব পাৰে। এই ৰোগৰ ভয়াৱহতা আটাইতকৈ বেছি হয়, কেঁচুৱাৰ পৰা শিশু, লগতে বয়স্ক ব্যক্তি, যিসকলৰ বয়স ৬৫বছৰৰ উৰ্দ্ধত আৰু যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুর্বল।

নিউম'নিয়া কেইবা প্ৰকাৰৰ আছে। এই প্ৰকাৰ কেইবিধ হৈছে

১. কমিউনিটি একুয়ার্ড নিউমনিয়া (Community acquired pneumonia)
আটাইতকৈ বেছিকৈ হোৱা নিউম’নিয়া হৈছে এইবিধ নিউম’নিয়া। ‘ষ্ট্রেপ্ট’কাছ নিউম’নিয়া', মাইক্ৰ'প্লাজমা, ছত্ৰক আদি বেক্টেৰীয়াৰ পৰা এইবিধ নিউম’নিয়া হয়। বা যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা দুর্বল হয়, সেইসকল লোকো এইবিধ নিউম'নিয়াত আক্ৰান্ত হ'ব পাৰে।

২. হস্পিটেল একুয়ার্ড নিউমনিয়া (Hospital acquired pneumonia)
এইবিধ নিউম'নিয়া আকৌ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ ফলস্বৰূপে হয়। অর্থাৎ কোনো এজন ব্যক্তি যদিহে আন যিকোনো ৰোগত আক্ৰান্ত হৈ হস্পাটলত ভৰ্তি হৈ আছে (বিশেষকৈ আই.চি.ইউ.), শ্বাস-প্ৰশ্বাসৰ বাবে যদিহে ৰোগীজনক ভেন্টিলেটৰত ৰখা হৈছে, তেনে ক্ষেত্ৰত সেই ৰোগীজন এইবিধ নিউম’নিয়াত আক্ৰান্ত হ'ব পাৰে। আন প্ৰকাৰৰ নিউম’নিয়াৰ তুলনাত এইবিধ বেছি জটিল আৰু গম্ভীৰ হয়। কাৰণ আক্ৰান্ত হোৱা ব্যক্তিজন ইতিমধ্যেই আন ৰোগত ভুগি দুৰ্বল, তেনেস্থলত পুনৰ নিউম’নিয়াত আক্ৰান্ত হ'লে নিশ্চয়কৈ তেওঁৰ অৱস্থা আৰু বেছি বেয়ালৈ ঢাল খাব৷ লগতেই এইবিধ নিউম'নিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এন্টিবায়টিকৰ প্ৰতিৰোধী ক্ষমতাও বেছি হয়।

৩. হেলথ্ কেয়াৰ একুয়ার্ড নিউম'নিয়া (Health care acquired pneumonia)
বহু মানুহৰে এনে কিছুমান ৰোগ থাকে, যাৰ বাবে তেওঁ সঘনাই কোনো বাহ্যিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা সেৱা প্ৰতিষ্ঠানলৈ সঘনাই যাব লগা হয়। যেনে ধৰক— বৃক্কৰ সমস্যাৰ বাবে ডায়েলাইছিছ আদি কৰোৱা৷ এনেবোৰ প্ৰতিষ্ঠানলৈ সঘনাই কৰা আহ-যাহৰ ফলতো এজন ৰোগী নিউম’নিয়াত আক্ৰান্ত হ'ব পাৰে। এইক্ষেত্ৰতো নিউম’নিয়াই জটিল ৰূপ ল'ব পাৰে৷

৪. এছপিৰেচন নিউ'নিয়া (Aspiration pneumonia)
কোনো বিশেষ খাদ্য, পানীয় আদিৰ গোন্ধ উশাহত উজাই লোৱাৰ ফলত, বমি বা দূর্ঘটনা আদিত পতিত হৈ হাঁওফাঁওক প্ৰভাৱান্বিত কৰাৰ ফলত এইবিধ নিউম'নিয়া হয়।

নিউম’নিয়াত আক্রান্ত ৰোগী এজনৰ শাৰীৰিক লক্ষণসমূহ। অর্থাৎ যিকোনো এজন ব্যক্তি নিউম’নিয়াত আক্ৰান্ত হ'লে তেওঁৰ দেহত কি কি লক্ষণে দেখা দিয়ে৷ অৱশ্যেই ৰোগীজনৰ বয়স আৰু সামগ্রিক স্বাস্থ্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই লক্ষণসমূহৰ প্রাবল্য মৃদুৰ পৰা জটিল হ'ব পাৰে।
উশাহ লওঁতে বা কাহিলে বুকুৰ বিষ অনুভৱ কৰা। ৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত মানসিক সমস্যাৰ সৃষ্টি হোৱা, যেনে— বিমোৰত পৰা বা মানসিক সতর্কতাৰ দিশত খেলিমেলি লগা। কফৰ সৃষ্টি হোৱাকৈ কাহ হোৱা। সকলো সময়তে অৱসাদ বা ভাগৰুৱা অনুভৱ কৰা। জ্বৰ, ঘমা আৰু কঁপনি উঠা ধৰণৰ ঠাণ্ডা লগা।

বয়স্ক ব্যক্তিসকল আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুর্বল ব্যক্তিসকলৰ ক্ষেত্ৰত দেহৰ স্বাভাৱিক তাপমাত্ৰাতকৈ কমকৈ থকা। ওকালি ভাব, বমি বা ডায়েৰিয়া হোৱা। উশাহ চুটি হোৱা বা উশাহ লোৱাত সমস্যা।

এই লক্ষণসমূহ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী। আৰু লগতেই বুকুৰ বিষ, উশাহৰ সমস্যা, একেলেথাৰিয়ে হৈ থকা আৰু ১০২ ডিগ্ৰীতকৈ বেছি জ্বৰ, কাহ আৰু কাহত খেকাৰ বাহিৰ হোৱা অব্যাহত থাকে। তেন্তে আপুনি তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপক৷ লগতেই বয়সস্থ ব্যক্তি বা যাৰ হৃদপিণ্ড অথবা হাঁওফাঁণ্ডৰ সমস্যা আছে, তেনে ব্যক্তিৰ ক্ষেত্ৰত নিউম'নিয়া অতি সহজেই প্রাণঘাতী হ’ব পাৰে।

আন কি কি জটিলতা আহি পৰিব পাৰে?
যদিহে ৰোগ সংক্ৰমণকাৰী বেক্টেৰীয়াবিধ তেজত মিহলি হৈ পৰে, তেতিয়া ৰোগৰ সংক্ৰমণ দেহৰ আন আন অংগলৈয়ো বিয়পিব পাৰে, ফলত আন অংগ বিকল হোৱাৰ ভয় থাকে৷ উশাহ লোৱাত জটিলতা ইত্যাদি।
নিউম'নিয়া নহ'বৰ বাবে আপুনি নিউম’নিয়া প্ৰতিৰোধী ছিটা ল'ব পাৰে। পাৰ্যমানে চাফ-চিকুনতা বজাই চলিব লাগে, ধূম্ৰপানৰ অভ্যাস বৰ্জন কৰা আৰু নিজৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাক যিমান পাৰি শক্তিশালী কৰি ৰখাৰ দিশত গুৰুত্ব দিব লাগে।

নিউম'নিয়াৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসাৰ ব্যৱস্থা কৰে। ৰোগীজন কিমান বেছি ৰোগগ্রস্ত, ৰোগীৰ বয়স, আন কিবা বেলেগ ৰোগ আছে নেকি এইবোৰ দিশলৈ লক্ষ্য ৰাখি চিকিৎসকে পর্যাপ্ত চিকিৎসা আগবঢ়ায়। এই ৰোগৰ চিকিৎসাৰ মূল লক্ষ্য হৈছে, ৰোগৰ সংক্ৰমণ ৰোধ কৰি জটিলতাসমূহক বাধা প্ৰদান কৰা।

জনহিতাৰ্থে প্ৰচাৰিত

বিঃ দ্ৰঃ– আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ সুফল লাভ কৰিব পাৰে৷

আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই আনিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter: https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit: https://www.medicityguwahati.com/

✅ When to see a Pulmonologist?✴️ Top 7 Reasons👉 Interstitial lung disease👉 Lung infections👉 Sleep disorders👉 Lung cancer...
06/08/2025

✅ When to see a Pulmonologist?
✴️ Top 7 Reasons
👉 Interstitial lung disease
👉 Lung infections
👉 Sleep disorders
👉 Lung cancer risk
👉 Preoperative lung evaluation
👉 Occupational lung disease
👉 Severe or sudden symptoms
✴️ To receive expert consultation under the expert care of our Pulmonary Medicine Department at Medicity Guwahati, call +91 848 648 3479 📞



05/08/2025

পেপটিক আলচাৰ বা পাকস্থলীৰ ঘা কিয় হয় ?

খাদ্যনলী আৰু ডিওডেনামৰ মাজৰ অংশক পাকস্থলী (Stomach) বোলে। এই অংশটো খাদ্যনলীৰ পিছৰ প্ৰসাৰিত থলীৰ দৰে। ডায়াফ্ৰামৰ ঠিক তলতেই এই অংশটো অৱস্থিত। খাদ্যনলীৰ পৰা খাদ্যদ্ৰব্য প্ৰথমে পাকস্থলীলৈ আহে। পাকস্থলীৰ কাম হৈছে— এই খাদ্যক কিছু পৰিমাণে হজম বা পৰিপাকৰ ব্যৱস্থা কৰা আৰু পিছত অন্ত্ৰলৈ পঠিওৱা। পাকস্থলীৰ ওপৰৰ মুখ খাদ্যনলীৰ লগত যুক্ত হৈ থাকে। আৰু এই দুই অংশ যুক্ত হৈ থকা অংশক Cardiac Or***ce বোলে। পাকস্থলীৰ তলৰ মুখ সামান্য ভাৱে সোঁফালে বেঁকা হৈ অন্ত্ৰৰ প্ৰথম অংশ অৰ্থাৎ ডিওডেনামৰ লগত মিলিত হৈছে। সেই অংশটোক Pyloric Or***ce বোলে। পাকস্থলীৰ পৰা অৰ্ধজীৰ্ণ খাদ্য এই পথেদিয়েই প্ৰথমে ডিওডেনামত প্ৰৱেশ কৰে। Or***ce বুলি ক’লে শৰীৰৰ কোনো গহ্বৰৰ প্ৰৱেশ পথ বা নিৰ্গমন পথক বুজায়।

পাকস্থলীৰ একেবাৰে ওপৰ অংশটোক Fundus বোলে। পাকস্থলীৰ মাজৰ অংশটোক Cardiac বোলে। ইয়াতে খাদ্যনলী আহি পাকস্থলীৰ লগত লগ লাগিছে। পাকস্থলীৰ একেবাৰে শেষৰ অংশটোক কোৱা হয় ‘পাইলোৰাছ’ (Pylorus)। ইয়াৰ পিছৰ অংশটোৱেই ‘ডিওডেনাম’ (Duodenum)। পাকস্থলীৰ প্ৰৱেশ মুখৰ দুৱাৰখন বেছ ডাঠ আৰু গোলাকাৰ পেশীৰে গঠিত। এই দুৱাৰখনক কোৱা হয় ‘কাৰ্ডিয়াক স্ফিংকটাৰ’ (Cardiac Sphincter) আৰু পাকস্থলীৰ পৰা বাহিৰলৈ ওলাই যোৱা দুৱাৰখনক কোৱা হয় ‘পাইলোৰিক স্ফিংকটাৰ’ (Pyloric Sphincter)। এই দুৱাৰখনো বেছ ডাঠ আৰু গোলাকাৰ পেশীৰে গঠিত। পাকস্থলীৰ মাজৰ অংশটোও বেচ ডাঠ আৰু গোলাকাৰ।

এয়াই হ’ল থুলমূলকৈ পাকস্থলীৰ গঠন আৰু ইয়াৰ বিভিন্ন অংশৰ বিৱৰণ। এতিয়া আহোঁ এই পাকস্থলীৰ গঠন আৰু ডিওডেনামত হোৱা ঘাৰ (Peptic Ulcer) সম্পৰ্কে কিছু কথাৰ প্ৰসংগলৈ।
এই ঘা বা আলচাৰ এক প্ৰকাৰৰ মুকলি ঘা আৰু এই ঘা সাধাৰণতে শৰীৰৰ ছাল আৰু ‘শ্লেষ্মা আৱৰণত’ (Mucous Membrane) হোৱা দেখা যায়। পাকস্থলী আৰু ডিওডেনামৰ ভিতৰৰ আৱৰণত (Lining) সাধাৰণতে ঘা হোৱা দেখা যায়। এই আৱৰণত ‘পাচক অম্ল’ (Hydrochloric acid) আৰু ‘পেপচিন’ (Pepsin) থাকে। এনেধৰণৰ ঘাবোৰকে ‘পেপটিক আলচাৰ’ (Peptic Ulcer) বুলি কোৱা হয়।

• ঘাবোৰ যদি কেৱল পাকস্থলীত থাকে, তেনেহ’লে এইবোৰক ‘গেষ্ট্ৰিক আলচাৰ’ (Gastric Ulcer) বুলি কোৱা হয়।
• ঘাবোৰ যদি ডিওডেনামত থাকে, তেনেহ’লে এইবিলাকক কোৱা হয় ‘ডিওডেনাল আলচাৰ’ (Duodenal Ulcer) ।

কিছুবছৰ আগলৈকে পাকস্থলীৰ ঘাৰ (Ulcer) কাৰণবোৰ মানসিক চাপ আৰু গ্ৰহণ কৰা খাদ্য বুলিয়েই বিশ্বাস কৰা হৈছিল। অৱশ্যে পিছলৈ গৱেষকসকলে বিভিন্ন অধ্যয়নৰ যোগেদি নিশ্চিত কৰিলে যে, পেটত উৎপন্ন হোৱা অম্ল (Stomach Acid) হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিনেহে পেটত ঘা হোৱাত অৰিহণা যোগায়। শেহতীয়াকৈ গৱেষকসকলে প্ৰমাণ কৰি দেখুৱালে যে, অধিকাংশ অন্ত্ৰ ঘা ৮০ শতাংশ গেষ্ট্ৰিক আলচাৰ আৰু ৯০ শতাংশ ডিওডেনামৰ ঘা এবিধ বিশেষ ধৰণৰ বেক্টেৰীয়াৰ (Helicobacter Pylori, H. Pylori) সংক্ৰমণৰ ফলতহে হয়। অৱশ্যে, জীৱনশৈলী, এচিড আৰু পেপচিন তথা এইচ. পাইলোৰি নামৰ বেক্টৰীয়াৰ সংক্ৰমণে অন্ত্ৰত ঘা হোৱাত বিশেষ ভূমিকা লয় বুলি বিশ্বাস কৰা হয়।

পেপটিক আলচাৰ হোৱাৰ কাৰকবোৰ–
হেলিকোবেক্টাৰ পাইল’ৰি— বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে, ‘হেলিকোবেক্টাৰ পাইল’ৰি’ (H. Pylori) নামৰ বেক্টেৰীয়াৰ সংক্ৰমণৰ ফলত অধিকাংশ ঘাৰ সৃষ্টি হয়। এইবিধ বেক্টেৰীয়াই পাকস্থলীৰ প্ৰতিৰক্ষা শ্লেষ্মা আৱৰণ দুৰ্বল কৰিব পৰা এবিধ দ্ৰব্য উৎপাদন কৰে আৰু ফলত এই আৱৰণত এচিড আৰু পেপচিনৰ ক্ষতিকাৰক আক্ৰমণৰ প্ৰৱণতা বৃদ্ধি কৰে আৰু এচিডৰ নিঃসৰণ বঢ়াই তোলে।

• ধূমপান– অধ্যয়ন বিলাকে প্ৰমাণ কৰিছে যে, ধূমাপানৰ অভ্যাসে আলচাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি কৰে। লগতে পূৰ্বৰ পৰা থকা আলচাৰ নিৰাময় হোৱাৰ প্ৰক্ৰিয়াও মন্থৰ কৰে আৰু এই অভ্যাসে পাকস্থলীত পুনৰ আলচাৰ হোৱাৰ আশংকাও বৃদ্ধি কৰে।

• কেফেইন– চাহ আৰু কফিত থকা কেফেইনে পাকস্থলীত এচিড নিঃসৰণৰ প্ৰক্ৰিয়াক উত্তেজিত কৰে আৰু তাৰ ফলত পূৰ্বৰে পৰা থকা পাকস্থলীৰ আলচাৰৰ বিষ বৃদ্ধি পায়। অৱশ্যে পাকস্থলীৰ এচিড নিঃসৰণ প্ৰক্ৰিয়াক উৎসাহিত কৰাৰ বাবে একমাত্ৰ কেফেইনকে দায়ী কৰিব নোৱাৰি।

• এলক’হল– এলক’হল বা সুৰা সেৱনৰ লগত পেপটিক আলচাৰৰ প্ৰমাণিত সম্পৰ্ক পোৱা নাই, তথাপি লিভাৰ চিৰোচিছত ভুগি থকা লোকৰ মাজত পাকস্থলীত আলচাৰ হোৱা দেখা যায়। বেছিকৈ সুৰা সেৱন কৰাৰ সৈতে ‘লিভাৰ চিৰোচিছ’ৰ সম্পৰ্ক আছে।

• মানসিক চাপ– যদিও মানসিক চাপ বা আবেগিক চাপক পাকস্থলীৰ আলচাৰ বা ঘাৰ প্ৰধান কাৰণ বুলি ধৰি লোৱা নহয়, তথাপি আলচাৰত ভুগি থকা লোকে প্ৰায়ে কোৱা শুনা যায় যে, আবেগিক চাপে আলচাৰৰ বিষ বৃদ্ধি কৰে। শাৰীৰিক চাপে বিশেষভাৱে পাকস্থলীত ঘা সৃষ্টি কৰাৰ আশংকা বৃদ্ধি কৰিব পাৰে।
উদাহৰণ স্বৰূপে, যিসকল ব্যক্তি পূৰ্বতে অধিক মাত্ৰাত অগ্নিদগ্ধ হৈছে বা গুৰুতৰ ধৰণৰ আস্ত্ৰোপচাৰ কৰাইছে, তেওঁলোকে আলচাৰ আৰু আলচাৰৰ জটিলতা প্ৰতিৰোধ কৰাৰ বাবে দীঘলীয়াকৈ চিকিৎসা ল’বলগীয়া হয়।

• এচিড আৰু পেপচিন– পাকস্থলীয়ে যদি শক্তিশালী পাচন ৰস, হাইড্ৰক্ল’ৰিক এচিড আৰু পেপচিনৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰে, তাৰ পৰিণতিত পাকস্থলীত আলচাৰৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়।

• ষ্টেৰয়ড বিহীন প্ৰদাহ নাশক ঔষধ (NSAIDS)– এই শ্ৰেণীৰ ঔষধবিলাকে (যেনে– এছপিৰিণ, ইবুপ্ৰ’ফেন আৰু নেপ্ৰোজেনছবিয়াম) পাকস্থলীক এচিড আৰু পেপচিনৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে উন্মুক্ত কৰে। এইবিলাক ঔষধীয় উপাদান, জ্বৰ, মূৰ-কামোৰণি, সৰু-সুৰা বিষ-যন্ত্ৰণা আৰু বিষৰ ঔষধৰ লগতো সন্নিবিষ্ট হৈ থাকে।

লক্ষণ– পাকস্থলীৰ আলচাৰ হ’লে কিছুমান যন্ত্ৰণাদায়ক লক্ষণে দেখা দিয়ে। অৱশ্যে আলচাৰত ভোগা প্ৰতিজন লোকৰ লক্ষণবোৰ বেলেগ হ’ব পাৰে যদিও প্ৰতিজন লোকৰে আলচাৰৰ বাবে কোনো লক্ষণ নোলাবও পাৰে। কিন্তু আলচাৰ থাকিলে সাধাৰণতে দেখা দিয়া লক্ষণবোৰ হ’ল— বুকুৰ কামিহাড় আৰু নাভিৰ মাজ অংশৰ পেটত জ্বলা-পোৰা কৰা বিষ হ’ব পাৰে। এই বিষ কেতিয়াবা দুসাজ আহাৰৰ মাজৰ সময়খিনিত বা ৰাতিপুৱাৰ অলপ আগে আগে দেখা দিব পাৰে। বিষবোৰ কেইমিনিটমানৰ পৰা কেইবা ঘণ্টালৈকে থাকিব পাৰে। সচৰাচৰ দেখা নিদিয়া অৰ্থাৎ ছেগা-চোৰোকাকৈ দেখা দিয়া আলচাৰৰ লক্ষণবোৰ হ’ল—

• সঘনাই উগাৰ আহি থকা
• ওকালি বা বমিৰ ভাৱ
• বমি
• ভোক নলগা
• শৰীৰৰ ওজন কমা
• অলপতে ভাগৰ লগা বা দুৰ্বল অনুভৱ কৰা।
পাকস্থলী আৰু ডিওডেনামৰ ঘাৰ ফলত দেখা দিয়া লক্ষণবিলাক পাচনতন্ত্ৰৰ অন্য অৱস্থাৰ লক্ষণৰ সৈতে প্ৰায় একে ধৰণৰ হ’ব পাৰে। নহ’লে অন্য কোনো ৰোগৰ ফলতো এনে লক্ষণে দেখা দিব পাৰে। সেয়েহে ৰোগটো নিৰ্ণয় কৰিবৰ কাৰণে কোনো অভিজ্ঞ চিকিৎসকৰ কাষ চাপক।

জটিলতা– পাকস্থলীত আলচাৰ থকা লোকে বিভিন্ন ধৰণৰ জটিলতাত ভুগিব পাৰে। যদি তেওঁলোকে সময়ত চিকিৎসা নাপায়, তেনেহ’লে জটিলতা আৰু বৃদ্ধি হ’ব পাৰে। সচৰাচৰ হৈ থকা সমস্যাবোৰ হ’ল—

• ৰক্তস্ৰাৱ– কাৰণ পাকস্থলীত হোৱা ঘাবোৰে পাকস্থলীৰ পেশীবোৰ নষ্ট কৰে বা ক্ষয় নিয়ায় বা ডিওডেনামৰ বেৰ, ৰক্তবাহী নলী আদিও ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই ক্ষতৰ পৰা ৰক্তপাত হ’ব পাৰে।

• পাকস্থলীৰ বেৰত ছিদ্ৰ– কেতিয়াবা আলচাৰৰ আগ্ৰাসনৰ তীব্ৰতা ইমান বেছি হয়গৈ যে, পাকস্থলীৰ বেৰত বা ডিওডেনামৰ বেৰত ফুটা বা ছিদ্ৰৰ সৃষ্টি কৰিব পাৰে। এই ছিদ্ৰৰ মাজেদি বেক্টেৰীয়া বা অৰ্ধজীৰ্ণ হোৱা খাদ্যৰ কিছু অংশ এই বাহিৰলৈ ওলাই গৈ নিৰপেক্ষ পাচন তন্ত্ৰৰ গহ্বৰত (Peritoneum) প্ৰৱেশ কৰে আৰু তাৰ ফলত ‘পেৰিট’নাইটিছ’ নামৰ পাচনতন্ত্ৰৰ গহ্বৰৰ লগতে ইয়াৰ বেৰত যথেষ্ঠ বিষ-যান্ত্ৰণা অনুভৱ কৰায়।

• পাচন তন্ত্ৰৰ নলীৰ পৰিসৰ কমাই দিয়ে– ডিওডেনাম সংলগ্ন হোৱা পাকস্থলীৰ শেষ অংশত যদি আলচাৰ থাকে, তেনেহ’লে সেই অংশটো ফুলি উঠে আৰু পাকস্থলীৰ পৰা বাহিৰলৈ যোৱা ছিদ্ৰটো সংকুচিত অথবা বন্ধ কৰি পেলাব পাৰে। এনেধৰণৰ প্ৰতিবন্ধকতাৰ ফলত পাকস্থলীৰ পৰা অৰ্ধজীৰ্ণ খাদ্য ওলাই যোৱাত বাধাপ্ৰাপ্ত হয় আৰু ক্ষুদ্ৰান্ত্ৰলৈ এই খাদ্যবোৰ প্ৰৱেশ কৰিব নোৱাৰা হয়। ফলত পাকস্থলীত থকা খাদ্যবোৰ বমি কৰি উলিয়াই দিবলগা হয়।

আলচাৰ কেনেকৈ চিনাক্ত কৰা হয়– যিহেতু বেলেগ বেলেগ ধৰণৰ আলচাৰৰ কাৰণে চিকিৎসা পদ্ধতিও বেলেগ বেলেগ ধৰণৰ হয়। চিকিৎসা আৰম্ভ কৰাৰ আগতেই আলচাৰ ৰোগ আৰু এইচ. পাইলোৰিৰ সংক্ৰমণ নিশ্চিতভাৱে নিৰ্ণয় কৰি লোৱাটো অতি দৰকাৰী। উদাহৰণ স্বৰূপে ষ্টেৰয়ডবিহীন এণ্টিইনফ্লেমেটৰি ঔষধ (NSAIDS) সেৱনৰ ফলত হোৱা আলচাৰ আৰু এইচ. পাইলোৰি বেক্টেৰীয়াৰ সংক্ৰমণৰ ফলত হোৱা আলচাৰৰ চিকিৎসা ব্যৱস্থাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

আজিকালি আলচাৰ নিৰ্ণয় কৰিবৰ কাৰণে আৰু এইচ. পাইলোৰিৰ পৰীক্ষাৰ কাৰণেও ভালেমান উন্নত পদ্ধতি ওলাইছে। এই ৰোগ নিৰ্ণয়ৰ পদ্ধতিবিলাক এনেধৰণৰ—

১) আপাৰ জি. আই. (গেষ্ট্ৰোইনটেষ্টিনেল) চিৰিজ– অ’ছ’ফেগাছ, পাকস্থলী আৰু ডিওডেনামৰ যিকোনো আলচাৰ নিশ্চিত কৰিবলৈ এখন এক্স-ৰে’ কৰোৱা হয়। এই এক্স-ৰে’ কৰোৱাৰ আগতে ৰোগীক বেৰিয়াম নামৰ এবিধ তৰল দ্ৰব্য সেৱন কৰোৱা হয় আৰু এইবিধ দ্ৰব্যৰ ফলতে এক্স-ৰে’ৰ ছবিত আলচাৰ দৃশ্যমান হৈ পৰে।

২) এণ্ডোস্কোপি (Endoscopy)– এটা মূৰত কেমেৰা থকা যেনি-তেনি বেঁকা কৰিব পৰা (Flexible) এবিধ সূক্ষ্ম সঁজুলি ৰোগীৰ মুখেৰে প্ৰৱেশ কৰোৱাই অ’ছ’ফেগাছ, পাকস্থলী আৰু ডিওডেনামলৈ লৈ যোৱা হয় আৰু পাচন তন্ত্ৰৰ সম্পূৰ্ণ ওপৰ অংশৰ ভিতৰখন পৰ্যবেক্ষণ কৰা হয়।

৩) ৰক্ত, শ্বাস-প্ৰশ্বাস আৰু পাকস্থলীৰ পেশীৰ পৰীক্ষা– এই আটাইকেইটা নমুনাকে তন্ন তন্নকৈ পৰীক্ষা কৰি এইচ. পাইলোৰি বেক্টেৰীয়া বীজাণুৰ উপস্থিতি অনুসন্ধান কৰা হয়।

চিকিৎসা– তলত উল্লেখ কৰা তথ্যবিলাকৰ ওপৰত ভিত্তি কৰি, আপোনাৰ বাবে কি পদ্ধতি প্ৰয়োজন হ’ব, সেই কথা চিকিৎসকে নিশ্চিত কৰিব।

• ৰোগীৰ বয়স, সামগ্ৰিক স্বাস্থ্য আৰু পূৰ্বতে গ্ৰহণ কৰা চিকিৎসাৰ ইতিহাস।
• ৰোগটো কিমান দূৰলৈ বিয়পিছে।
• বিশেষ ঔষধ, চিকিৎসা পদ্ধতি আৰু চিকিৎসাৰ প্ৰতি আপোনাৰ সহনশীলতা।
• ৰোগটোৰ বৰ্তমান অৱস্থা চাই নিৰাময়ৰ সম্ভাৱনীয়তা।
• আপোনাৰ মতামত বা বাছনি।

মনোনীত চিকিৎসা

জীৱনশৈলী সলনি কৰা– আগৰ দিনত চিকিৎসকসকলে আলচাৰ ৰোগীক মছলাযুক্ত, চৰ্বিযুক্ত বা বেছি তেলেতীয়া বা অম্ল খাদ্য পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিছিল। কিন্তু আলচাৰৰ চিকিৎসা বা আলচাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত মৃদু বা মছলাবিহীন খাদ্য বিশেষ ফলপ্ৰসূ নহয়। অধিকাংশ আলচাৰ ৰোগীৰ কাৰণে কোনো এবিধ বিশেষ খাদ্যই ৰোগীৰ পাকস্থলীত অস্বস্তিৰ সৃষ্টি কৰে, তেনেহ’লে এই সমস্যাটোৰ বিষয়ে চিকিৎসকৰ সৈতে আলোচনা কৰা উচিত।
একেদৰে ধূমপানৰ অভ্যাসেও আলচাৰ নিৰাময়ৰ গতি মন্থৰ কৰে আৰু পুনৰ আলচাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে। সেয়ে আলচাৰত ভোগা ৰোগীয়ে ধূমপান কৰা উচিত নহয়।

ঔষধ প্ৰয়োগ- চিকিৎসকে পাকস্থলী আৰু ডিওডেনামৰ আলচাৰৰ চিকিৎসাৰ বাবে ভালেকেইবিধ ঔষধ প্ৰয়োগ কৰে। সেইবিলাক হ’ল—

পাকস্থলীত এচিড নিঃসৰণ বৃদ্ধি কৰিব পৰা এবিধ শক্তিশালী উত্তেজক দ্ৰব্য ‘হিষ্টামিন’ৰ উৎপাদন বন্ধ কৰি পাকস্থলীত এচিড নিঃসৰণৰ হাৰ হ্ৰাস কৰাৰ বাবে ব্যৱহৃত ৰাসায়নিকৰ প্ৰয়োগ কৰা।

এচিড পাম্প ইনহিবিটৰ্ছ– পাকস্থলীৰ এচিড পাম্প বন্ধ কৰি পাকস্থলীৰ এচিড নিঃসৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বাধা দিয়াৰ কাৰণে এইবিধ ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰা হয়।
এণ্টাচিড/শ্লৈষ্মিক প্ৰতিৰক্ষামূলক এজেণ্ট– পাকস্থলীৰ বেৰৰ ভিতৰফালে থকা শ্লৈষ্মিক আৱৰণ (Lining) যাতে এচিডে নষ্ট কৰিব নোৱাৰে, আৱৰণৰ প্ৰতিৰক্ষাৰ কাৰণে এইবিধ ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধে কিন্তু এচিড নিঃসৰণ বন্ধ কৰিব নোৱাৰে। কিন্তু যদি এইচ. পাইলোৰিৰ চিকিৎসা কৰিব লগা হয়, তেনেহ’লে এইবিলাক ঔষধৰ লগত এণ্টিবায়োটিক সেৱনৰ পৰামৰ্শ দিয়া হয়।

এণ্টিবায়োটিক– পাকস্থলীৰ আলচাৰ আৰু এইচ. পাইলোৰিৰ সম্পৰ্ক আৱিষ্কাৰ হোৱাৰ পিছত এইচ. পাইলোৰিৰ ৰাগীৰ চিকিৎসাত সম্ভৱতঃ এক নতুন চিকিৎসা বিকল্প উদ্ভাৱন হ’ল।

শৈল্য চিকিৎসা– অধিকাংশ ক্ষেত্ৰতে আলচাৰ প্ৰতিৰোধী ঔষধে খুব সোনকালেই আলচাৰ নিৰাময় কৰে আৰু এইচ. পাইলোৰি বেক্টেৰীয়াও নিৰ্মূল কৰে। বেক্টেৰীয়া নিৰ্মূল হ’লে যিকোনো ধৰণৰ আলচাৰ পুনৰ হোৱাত বাধা দিয়ে। অৱশ্যে যিবিলাক ৰোগীৰ আলচাৰ ঔষধে নিৰাময় কৰিব নোৱাৰে বা যিসকল ৰোগীয়ে বেছি জটিলতাত ভোগে, তেওঁলোকক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

আজিকালি আলচাৰ চিকিৎসাৰ বাবে লেপাৰোস্ক’পিক অস্ত্ৰোপচাৰ কৰা হয়। সেইবিলাক হ’ল এনেধৰণৰ—

ভেগোটমি (Vagotomy)– মগজুৰ পৰা পাকস্থলীলৈ বাৰ্তা বহন কৰা ‘ভেগাছ’ নামৰ স্নায়ুডালৰ কিছু অংশ কাটি পেলোৱা অস্ত্ৰোপচাৰকে ‘ভেগোট’মি বুলি কোৱা হয়। এই নাৰ্ভৰ অংশবিশেষ কাটি পেলাই মগজুৰ পৰা অহা বাৰ্তাৰ পৰিবহন বিচ্ছিন্ন কৰি দিয়া হয়। যাতে এচিডৰ নিঃসৰণ হ্ৰাস পায়।

এনট্ৰেকট’মি (Antrectomy)– পাকস্থলীৰ নিম্নাংশই (Antrum) এবিধ হৰম’ন নিঃসৰণ কৰে আৰু এইবিধ হৰমনে পাকস্থলীক পাচক ৰস উৎপাদন কৰিবলৈ উত্তেজিত কৰে। এনেট্ৰেকট’মি নামৰ এই অস্ত্ৰোপচাৰ কৰি পাকস্থলীৰ নিম্নাংশ কাটি আঁতৰাই পেলোৱা হয়।

পাইল’ৰ’প্লাষ্টি (Pyloroplasty)– ভেগোটমি অস্ত্ৰোপচাৰো কৰিব পৰা যায়। এই অস্ত্ৰোপচাৰৰ দ্বাৰা ডিওডেনাম আৰু ক্ষুদ্ৰান্ত্ৰলৈ সোমোৱা দুয়োটা ছিদ্ৰই বহল কৰি দিয়া হয়, যাতে পাকস্থলীৰ পৰা অৰ্ধজীৰ্ণ খাদ্য-দ্ৰব্য অধিক মুক্তভাৱে পাৰ হৈ যাব পাৰে। ভৱিষ্যতে লেপাৰোস্ক’পিক পদ্ধতিয়ে এনেধৰণৰ জটিল অস্ত্ৰোপচাৰ মানদণ্ডযুক্ত চিকিৎসাৰূপে পৰিগণিত হ’বগৈ।

ডাঃ শৈল্যধৰ বৰুৱা

জনহিতাৰ্থে প্ৰচাৰিত
বিঃ দ্ৰঃ– আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই আনিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।
Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter: https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit: https://www.medicityguwahati.com/

05/08/2025

শালমইনা হ’লে কি কৰিব?

মুখৰ শালমইনা এটা বিৰক্তিকৰ সমস্যা। ই ছালৰ সৌন্দৰ্য নষ্ট কৰাৰ লগতে উজ্জ্বলতাও হ্ৰাস কৰে। পুৰুষতকৈ মহিলাৰ এই সমস্যা বেছি। মুখৰ শালমইনা নোহোৱা কৰিবৰ বাবে মহিলাসকলে বহু যত্ন কৰে। শালমইনাৰ সমস্যা আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। শালমইনা হ'লে পাঁচবিধ আহাৰৰ পৰা আঁতৰত থকাটো বাঞ্ছনীয়।
পাউৰুটীঃ প্রতিদিনে পুৱা পাউৰুটী বা ব্ৰেড জাতীয় আহাৰ গ্ৰহণ কৰা বহুতৰ অভ্যাস। মুখত শালমইনা হোৱাৰ অন্যতম কাৰণ হ'ল পাউৰুটীক খাদ্য তালিকাত অন্তর্ভুক্ত কৰাটো। গ’লেটিন হ'ল একধৰণৰ প্ৰ'টিন— য'ত পোৱা যায় গোম, জৱ, ওছ আদি। শৰীৰত গ’লেটিনৰ পৰিমাণ বেছি হ'লেও শালমইনা হ'ব পাৰে।
আলু চিপ্‌চঃ চাহৰ লগত বা খালীকৈ চিপ্‌চ খোৱাটো বহুতৰ অভ্যাস। এই চিপ্‌চে মুখৰ শালমইনাৰ পৰিমাণ বৃদ্ধি কৰে। কিয়নো, ইয়াত অতিৰিক্ত শৰ্কৰা আছে। ই ব্ৰনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে যন্ত্ৰণাও বৃদ্ধি কৰে।
চকলেট : খাদ্য আৰু পৰিপুষ্টি বিভাগৰ শেহতীয়া গৱেষণা মতে শালমইনাৰ লগত চকলেটৰ এটা সম্পর্ক আছে। চকলেট কম-বেছি পৰিমাণে সকলোৱে পচন্দ কৰে। এই চকলেটত থাকে প্ৰচুৰ পৰিমাণে চেনি। যাৰ ফলত মুখত ব্ৰনৰ সমস্যা বৃদ্ধি পায়। সেয়ে পৰাপক্ষত চকলেটৰ পৰা দূৰত থকাই ভাল।
গাখীৰঃ শৰীৰৰ কাৰণে গাখীৰ সুষম আহাৰ। সেয়ে বহুতে দৈনন্দিন খাদ্য তালিকাত এগিলাচ গাখীৰ খোৱাটো বাধ্যতামূলক কৰি লয়। যিসকলে শালমইনাৰ সমস্যাত ভুগি আছে তেওঁলোকে আহাৰৰ তালিকাৰ পৰা গাখীৰ বাদ দিয়াটো প্রয়োজন।
ছ’ড়াঃ ছ’ডা মানুহে খায় যদিও ই ইমান পুষ্টিকৰ খাদ্য নহয়৷ বিশেষকৈ ছালৰ বাবে অতিকৈ বেয়া। ছ’ডাত ফ্রুক্টোজৰ মাত্ৰা বেছিকৈ থাকে বাবে শৰীৰত শালমইনা বৃদ্ধি কৰে।

জনহিতাৰ্থে প্ৰচাৰিত

বিঃ দ্ৰঃ– আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ সুফল লাভ কৰিব পাৰে৷

আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই আনিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter: https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit: https://www.medicityguwahati.com/

05/08/2025

উচ্চ ৰক্তচাপৰ ওপৰত জীৱনশৈলীৰ পৰিৱৰ্তনৰ প্ৰভাৱ

সম্প্ৰতি দৈনন্দিন জীৱনৰ কাম-কাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা জটিলতা আৰু মানসিক হেচা ইত্যাদিৰ পৰা আৰম্ভ কৰি নানান কাৰণত উচ্চ ৰক্তচাপত ভোগা মানুহৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এটা স্বাস্থ্যসন্মত জীৱনশৈলীয়ে কেৱল উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাই নহয়, ই ইয়াৰ এটা ফলপ্ৰসূ চিকিৎসা ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। সেয়েহে বৰ্তমান সময়ত আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ প্ৰয়োজন আহি পৰিছে।
উচ্চ ৰক্তচাপৰ চিনাক্তকৰণ, চিকিৎসা ব্যৱস্থা আৰু প্ৰতিৰোধৰ ব্যৱস্থাৱলীৰ অনুমোদন জনোৱা উচ্চ ক্ষমতাসম্পন্ন কমিটিয়েও জনাইছে যে জীৱনশৈলীৰ পৰিৱৰ্তন কৰি কেৱল উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাই নহয়, ইয়াক দমন কৰিও ৰাখিব পাৰি। বহুতো ক্ষেত্ৰত দেখা যায় এই ব্যৱস্থাৱলীৰ ফলত এজন উচ্চ ৰক্তচাপৰ ৰোগীয়ে ব্যৱহাৰ কৰি থকা ঔষধৰ মাত্ৰা আৰু সংখ্যাও কমি যায়। কেতিয়াবা জীৱনশৈলীৰ পৰিৱৰ্তনেই উচ্চ ৰক্তচাপৰ একমাত্ৰ চিকিৎসা ব্যৱস্থাও হ’ব পাৰে।
এতিয়া অহা যাওঁক জীৱনশৈলীৰ পৰিৱৰ্তন বুলিলে কি বুজো। শৰীৰৰ ওজন সীমিত ৰখা, খাদ্যাভ্যাসৰ সালসলনি, যদিহে নকৰিলেই নহয় তেন্তে সুৰাপানৰ পৰিমাণ কমোৱা, শাৰীৰিক ব্যায়াম, ধঁপাত খোৱা বা হোপাৰ অভ্যাস পৰিত্যাগ কৰা। মানসিক চাপ বা হেচাৰ পৰা ৰক্ষা পৰাৰ সুব্যৱস্থা কৰা, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম খুওৱাৰ ব্যৱস্থা কৰা, চাহ-কফিৰ পৰিমাণ কমোৱা আৰু শেহত সামগ্ৰিকভাৱে আহাৰৰ পৰিৱৰ্তন ইত্যাদিয়েই প্ৰধান ব্যৱস্থাৱলী।

শৰীৰৰ ওজন— অধিক মাত্ৰাৰ শৰীৰৰ ওজনৰ লগত উচ্চ ৰক্তচাপৰ এটা সম্বন্ধ আছে। বিভিন্ন সময়ত কৰা সমীক্ষা আৰু গৱেষণাবোৰে ইয়াক প্ৰমাণ কৰি দেখুৱাইছে যে শৰীৰৰ ওজন বাঢ়িলে তুলনামূলকভাৱে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনাও বাঢ়ে। প্ৰতি এক কিলোগ্ৰাম ওজন বাঢ়িলে ৰক্তচাপৰ বৃদ্ধিও এক মিলিমিটাৰ হ’ব পাৰে। কঁকাল আৰু পেটত চৰ্বি জমা হৈ ওজন বাঢ়িলে ই বেছি ক্ষতিকাৰক হ’ব পাৰে। এনে মানুহ উচ্চ ৰক্তচাপত ভোগা প্ৰায়েই দেখা যায়। আনহাতে ওজন কমাই মাত্ৰাৰ ভিতৰত সীমিত কৰি ৰাখিব পাৰিলে ৰক্তচাপৰ মাত্ৰাও নামিবলৈ ধৰে। সেয়েহে উচ্চ ৰক্তচাপৰ ৰোগীক শৰীৰৰ বৰ্ধিত ওজন কমাই ৰাখিবলৈ উপদেশ আৰু ব্যৱস্থা দিব লাগে।

শাৰীৰিক ব্যায়াম— পৰ্যাপ্ত পৰিমাণৰ শাৰীৰিক ব্যায়াম আৰু সীমিত পৰিমাণৰ আহাৰ এই দুটাই হ’ল শৰীৰৰ ওজন কমাই ৰখাৰ উত্তম উপায়। এই ব্যৱস্থা কিন্তু সাময়িকভাৱে কৰিলে নহ’ব, ইয়াক পৰালৈকে চলাই থাকিব লাগে। ব্যায়ামৰ ভিতৰত দৈনিক কমকৈ হ’লেও অন্ততঃ আধা ঘণ্টা অলপ খৰকৈ খোজ কঢ়াই হ’ল উত্তম। সীমিত কেলৰিযুক্ত আহাৰৰ বাবে কেইবাখনো অনুমোদিত আহাৰৰ তালিকা আছে। দৈনিক আহাৰত ফলমূল যথেষ্ট পৰিমাণে থাকিব লাগে। এই বিষয়ত চিকিৎসক আৰু আহাৰ বিশেষজ্ঞৰ উপদেশ লৈ আগবঢ়াটো ভাল।

নিমখ— নিমখ নহ’লে আমাৰ খাদ্য সোৱাদবিহীন। কিন্তু সেইবুলিয়ে বেছিকৈ নিমখ খোৱা অভ্যাস ভাল নহয়। নিমখ খোৱাৰ পৰিমাণৰ লগত উচ্চ ৰক্তচাপৰ প্ৰত্যক্ষ সম্বন্ধ আছে। আমাৰ মানুহৰ মাজত ঠাই বা সম্প্ৰদায় অনুসৰি নিমখ খোৱাৰ অভ্যাস বেছি-কম হোৱা দেখা যায়। এইটো নিশ্চিতভাৱে ক’ব পাৰি যে বেছিকৈ নিমখ খোৱা মানুহৰ মাজত উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ সংখ্যা বেছি। আনহাতে কম নিমখ খোৱা মানুহৰ মাজত এনে ৰোগীৰ সংখ্যা বহুতেই কম। সেয়েহে নিমখ খোৱাৰ পৰিমাণ কমাই অনা উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে যে এটা অতি প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা, তাত কোনো সন্দেহ নাই। নিমখ কমোৱাৰ ব্যৱস্থাসমূহ হ’ল— টেমাত থকা বান্ধি থোৱা খাদ্য ত্যাগ কৰা, চালাড বা দৈৰ লগত নিমখ খোৱা বন্ধ কৰা, ৰান্ধোতে নিমখ সামান্য পৰিমাণে দিয়া, পাপৰ, আচাৰ, চাটনি আদিৰ ব্যৱহাৰ একেবাৰে কমাই অনা ইত্যাদিয়েই প্ৰধান। পৰাপক্ষত ভাত বা ৰুটীৰ লগত দুখনতকৈ বেছি ব্যঞ্জন নোখোৱাই ভাল, ইয়াৰ দ্বাৰাও নিমখ খোৱাৰ পৰিমাণ কমাব পাৰি।

সুৰাপান— অত্যাধিক মদ্যপানৰ লগত উচ্চ ৰক্তচাপ ৰোগৰ প্ৰত্যক্ষ সম্বন্ধ আছে। শতকৰা পাঁচৰ পৰা ত্ৰিশজন উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ কাৰণেই মদ্যপান। মদ্যপান কৰা লোকসকলৰ ক্ষেত্ৰত ঔষধবোৰেও ভালকৈ কাম কৰিব নোৱাৰে। মদ্যপানৰ পৰিমাণ কমাই আনিলে উচ্চ ৰক্তচাপৰ মাত্ৰাও কমিবলৈ আৰম্ভ কৰে। আনকি এইবিলাক ৰোগীৰ ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনাও বেছি। গতিকে উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে মদ্যপান নকৰাই ভাল। যদিহে একেবাৰে নোৱাৰে, তেতিয়া তেনেই সামান্য পৰিমাণলৈ কমাই আনিব লাগে।

শাৰীৰিক কাম-কাজ আৰু ব্যায়াম— যিসকল মানুহ শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকে, তেনে লোকৰ ৰক্তচাপ স্বাভাৱিক মাত্ৰাত থাকে আৰু হাৰ্টৰ অসুখ হোৱাৰ সম্ভাৱনা কম হয় আৰু দীৰ্ঘ জীৱন লাভ কৰে। শাৰীৰিক ব্যায়াম আৰু কাম-কাজে ৰক্তচাপৰ মাত্ৰা যথেষ্ট পৰিমাণে কমাই ৰাখে। আনহাতে বেছিভাগ সময় বহি থকা লোকসকলৰ ক্ষেত্ৰত এজন সক্ৰিয় ব্যক্তিতকৈ উচ্চ ৰক্তচাপত ভোগাৰ সম্ভাৱনা বেছি। সেয়েহে নিয়মিতভাৱে কৰা শাৰীৰিক ব্যায়াম উচ্চ ৰক্তচাপ ৰোগৰ চিকিৎসা-ব্যৱস্থা আৰু প্ৰতিৰোধৰ ব্যৱস্থা হ’ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, অত্যাধিক মাত্ৰাৰ শাৰীৰিক ব্যায়াম ক্ষতিকাৰক। কাৰণ ই ৰক্তচাপ বঢ়াবহে পাৰে। নিয়মিতভাৱে সামান্য বেগত খোজ কঢ়াই সহজতে কৰিব পৰা এটা উত্তম শাৰীৰিক ব্যায়াম।

ধঁপাত— ধঁপাত সেৱন উচ্চ ৰক্তচাপৰ কাৰণ হ’ব পাৰে। প্ৰত্যেকটো চিগাৰেট হোপাৰ সময়ত ৰক্তচাপ বাঢ়ে আৰু অলপ পিছত আগৰ মাত্ৰলৈ নামে। দুটা চিগাৰেট হোপিলে ৰক্তচাপ যথেষ্ট পৰিমাণে বাঢ়ে আৰু প্ৰায় বিছ মিনিটলৈকে এই মাত্ৰা আগৰ পৰিমাণলৈ নামি নাহে। একেৰাহে চিগাৰেট খোৱা মানুহৰ ক্ষেত্ৰত বহু সময়ৰ বাবে ৰক্তচাপ উচ্চ মাত্ৰাত থাকে। যদিওবা ধঁপাতে প্ৰত্যক্ষভাৱে উচ্চ ৰক্তচাপ ৰোগ কৰিব নোৱাৰে, এইটো দেখা গৈছে যে চিগাৰেট খোৱা উচ্চ ৰক্তচাপত ভোগা লোকসকলৰ মাজত হাৰ্ট এটেক বা মগজুৰ ষ্ট্ৰোকৰ সংখ্যা বেছি। চিগাৰেট হোপাৰ অভ্যাস এৰাটো উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ ক্ষেত্ৰত এটা অন্যতম জীৱনশৈলীৰ পৰিৱৰ্তন ব্যৱস্থা।

মানসিক চাপ আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা অৱস্থা— এনে পৰিৱেশত আমাৰ শৰীৰত এবিধ নাৰ্ভৰ উত্তেজনাৰ সৃষ্টি হয় আৰু যেতিয়া ই দীঘলীয়াকৈ থাকে ই উচ্চ ৰক্তচাপৰ কাৰণ হ’ব পাৰে। অৱশ্যে ইয়াক আজিলৈকে নিশ্চিতভাৱে ক’ব পৰা হোৱা নাই। কিন্তু এইটো দেখুওৱা হৈছে যে মানসিক চাপ আৰু তাৰ ফলত সৃষ্টি হোৱা মানসিক অৱস্থাত সাময়িকভাৱে হ’লেও ৰক্তচাপ বাঢ়ে, আনহাতে মানসিক চাপ কমাবৰ বাবে থকা ব্যৱস্থাসমূহে নিশ্চিতভাৱে ৰক্তচাপ কমাই ৰাখিব পাৰে। উদাহৰণ স্বৰূপে দৈনিক যোগ অভ্যাস, একান্ত মনে ধ্যান কৰা ইত্যাদিয়ে ৰক্তচাপৰ মাত্ৰা কমোৱা দেখা যায়। সেয়েহে আধুনিক জীৱনশৈলীৰ পৰা উদ্ভৱ হোৱা মানসিক চাপৰ পৰা যিমান পৰা যায় মুক্ত কৰি ৰাখিবলৈ যত্ন কৰা উচিত। যদিওবা কঠিন, কিন্তু অসম্ভৱ নহয়।

পটাছিয়াম— ই আমাৰ শৰীৰৰ বাবে বৰ প্ৰয়োজনীয়। আহাৰত ইয়াৰ পৰিমাণ যেতিয়া প্ৰয়োজনতকৈ কম থাকে তেতিয়া ৰক্তচাপ বাঢ়ে আৰু যেতিয়া স্বাভাৱিক মাত্ৰাত থাকে তেতিয়া ৰক্তচাপ কমে। সতেজ ফলমূল আৰু শাক-পাচলিত পটাছিয়াম থাকে। আমাৰ দৈনন্দিন খাদ্য তালিকাত শাক-পাচলি আৰু ফলমূল পৰ্যাপ্ত পৰিমাণে থাকিব লাগে।

কেলচিয়াম— কেলচিয়ামৰ মাত্ৰা খাদ্যত কম থাকিলে ৰক্তচাপ বাঢ়ে। সেয়েহে নিতৌ অন্ততঃ ৮০০ মিলিগ্ৰাম কেলচিয়াম আহাৰত থাকিলে উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাত সহায়ক হ’ব পাৰে। গাখীৰ, শাক-পাচলিত কেলচিয়াম যথেষ্ট থাকে।

মেগনেছিয়াম— মেগনেছিয়াম আহাৰত কম থাকিলে উচ্চ ৰক্তচাপ হ’ব পাৰে। কিন্তু ইয়াৰ লগত উচ্চ ৰক্তচাপৰ সম্পৰ্কৰ বিষয়ে সঠিকভাৱে ক’ব পৰাকৈ আমাৰ হাতত বৰ্তমানলৈকে বিশেষ সমল নাই। সেই কাৰণে বিশেষ একো উপদেশ আগবঢ়াব নোৱাৰি। ভৱিষ্যতে হয়তো ক’বও পাৰো।

কেফেইন— চাহ, কফিত থকা ৰাসায়নিক দ্ৰব্য। ইয়াৰ ব্যৱহাৰে ৰক্তচাপ বঢ়াব পাৰে। কিন্তু নিয়মিতভাৱে ব্যৱহাৰ কৰাৰ লগত উচ্চ ৰক্তচাপৰ সম্পৰ্ক নাই।

জীৱনশৈলীৰ ৰূপ সলনিয়ে ৰক্তচাপৰ মাত্ৰা কমাই, উচ্চ ৰক্তচাপ প্ৰতিৰোধ বা আৰম্ভ হোৱাৰ সময় পিছুৱাই দিব পাৰে। উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ গুণাগুণ বৃদ্ধি কৰে আৰু ইয়াৰ পৰা হ’ব পৰা হাৰ্টৰ অসুখ হোৱাৰ সম্ভাৱনাও কমায়। উদাহৰণ স্বৰূপে উচ্চ ৰক্তচাপত ভোগা ৰোগীক বিশেষ আহাৰ খুৱাই দেখা গৈছে যে ইয়াৰ ফলাফল এবিধ ঔষধ খুওৱাৰ সৈতে একে। সেইদৰে দুটা বা ততোধিক জীৱনশৈলীৰ ৰূপ সলনি কৰি যথেষ্ট বেছি ভাল ফল আশা কৰিব পাৰি। উচ্চ ৰক্তচাপত ভোগা লোকসকলৰ হাৰ্টৰ অসুখৰ সম্ভাৱনা বেছি আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ চিগাৰেট খোৱাৰ অভ্যাস এৰিব লাগিব।
এটা বিশেষ সমীক্ষাত এইটো দেখুৱাই দিয়া হৈছে যে জীৱনশৈলীৰ ৰূপ সলনি, যেনে— আহাৰত নিমখৰ পৰিমাণ কমোৱা, অত্যাধিক শকত মানুহৰ ক্ষেত্ৰত শৰীৰৰ ওজন কমোৱা, বিশেষ আহাৰৰ তালিকা মতে খোৱাৰ ব্যৱস্থা কৰা, দৈনিক শাৰীৰিক ব্যায়াম আৰু সীমিত সুৰাপান ইত্যাদিয়ে উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা কমাই আনিব পাৰে, লগতে ইয়াৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ মাত্ৰা আৰু সংখ্যাও যথেষ্ট কমাব পৰা হয়। ইয়েই প্ৰমাণ কৰিছে উচ্চ ৰক্তচাপৰ লগত জীৱনশৈলীৰ এটা নিৰ্দিষ্ট সম্পৰ্ক আছে।
সামৰণিত ইয়াকেই ক’ব পাৰি যে
১) জীৱনশৈলীৰ ৰূপ সলনিয়ে উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিব পাৰে আৰু ইয়াক এটা অন্যতম চিকিৎসা ব্যৱস্থা হিচাপে গণ্য কৰিব পাৰি।
২) যদি আপুনি প্ৰয়োজনতকৈ অধিক শকত, তেন্তে ওজন কমাওক।
৩) চিকিৎসকৰ পৰামৰ্শত ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবৰ বাবে থকা বিশেষ আহাৰ গ্ৰহণ কৰক।
৪) সুৰাপান সীমিত কৰক, পাৰিলে একেবাৰে বন্ধ কৰক।
৫) দৈনিক ৩০ মিনিটৰ পৰা ৪৫ মিনিট খোজ কাঢ়ক বা ব্যায়াম কৰক।
৬) আহাৰৰ লগত খোৱা নিমখৰ পৰিমাণ নূন্যতম কৰক। দৈনিক ৫ গ্ৰাম নিমখহে খাব।
৭) আহাৰত পটাছিয়ামৰ পৰিমাণ পৰ্যাপ্ত কৰক।
৮) আহাৰত কেলচিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণ যথেষ্ট থকা উচিত।
৯) চিগাৰেট খোৱা বন্ধ কৰক আৰু উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা হাৰ্টৰ অসুখৰ সম্ভাৱনা কমাওক।
১০) আপোনাৰ হাৰ্ট আৰু ধমনীবোৰৰ সুস্বাস্থ্যৰ বাবে আহাৰত চৰ্বিৰ পৰিমাণ কমাই ৰাখক।
১১) মানসিক চাপ বা হেঁচাৰ পৰা নিজকে যিমান পাৰে আঁতৰাই ৰাখক।

ডাঃ অমৃত কুমাৰ ভট্টাচাৰ্য
জনহিতাৰ্থে প্ৰচাৰিত

বিঃ দ্ৰঃ– আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ সুফল লাভ কৰিব পাৰে৷

আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনিসমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই আনিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter: https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit: https://www.medicityguwahati.com/

Address

Dispur Hatigaon Road , Near Sewali Path
Dispur
781038

Alerts

Be the first to know and let us send you an email when Medicity Guwahati Diagnostics posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Medicity Guwahati Diagnostics:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Our Story

Medicity Guwahati located at Dispur Hatigaon main road, is the leading clinic & diagnostic centre of the city. It has been consistently catering to the inhabitants and creating milestones through high quality & reliability ever since its establishment in 2016. Arguably largest of its kinds in Guwahati, it has been widely acknowledged by the patients and our corporate clients, ensuring top-of-the-line services within affordability, the establishment has become a first-choice for many. It provides Super specialty consultation with more than 50 leading consultants cutting across all the specialties like Neurology, Urology, Nephrology, Cardiology, Endocrinology, Gastroenterology etc. under one roof. Medicity Guwahati Aditya, the most comprehensive and largest clinic in North East is an ambitious initiative of Medicity Guwahati designed to cater the healthcare needs of the North Eastern region as well as neighboring counties of South East Asia. Centrally located in the heart of the city at GS road in front of Down Town Hospital, Medicity Guwahati Aditya is the first Day care Clinic of its kind in North East India with dedicated modular Operation theater, Chemotherapy & Dialysis Unit, fertility clinic along with NABL accredited Diagnostics of utmost quality & credibility. It is equipped with all cutting edge Pathological & Imaging instruments that include MRI and CT scan, 4D ultrasonography, Fibroscan, Digital X-ray, Endoscopy etc. & backed up by well qualified and dedicated professionals. Some of our esteemed corporate clients include TATA motors, TCS, Birla Sun life, Apollo Munich, SBI life, HDFC life and many more. Our motto: Care with compassion. Our Vision To deliver world class healthcare with focus on service quality by creating an institution committed to the highest standards of service excellence & patient care. Our passion reflects in the fact that we set the industry standard when it comes to cure, care & comfort.