Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati

  • Home
  • India
  • Gauhati
  • Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati

Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati OPD no Room No( Kayachikitsa), GACH

This department mainly deals with the non surgical illnesses which comes under the umbrella of Medicine dept.The Department is comprised of 18 PGT under the supervision of four highly experienced Faculty Members.

23/02/2022
ঃঃকঁ‌কালৰ বিষৰ আয়ুৰ্বেদিক চিকিৎসাঃঃযোৱা কিছুদিন আগতে প্ৰচণ্ড কঁকালৰ বিষত  জয়মতী দাস নামৰ ৭০ বছৰৰ এগৰাকী মহিলা ৰোগী চৰকাৰ...
23/02/2022

ঃঃকঁ‌কালৰ বিষৰ আয়ুৰ্বেদিক চিকিৎসাঃঃ

যোৱা কিছুদিন আগতে প্ৰচণ্ড কঁকালৰ বিষত জয়মতী দাস নামৰ ৭০ বছৰৰ এগৰাকী মহিলা ৰোগী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কায়াচিকিৎসা বিভাগৰ বহিঃ বিভাগলৈ আহে।তেওঁৰ ককালৰ প্ৰচণ্ড বিষ।গা অৱশ হৈ থাকে। খোজ কাঢ়িব নোৱাৰে, বহিঃবিভাগলৈ অহা সময়ত তেখেতক wheel chair ত লৈ অনা হৈছিল, বিষত ককবকাই আছিল। এনেবোৰ বহু সমস্যা।সুধি গম পালো তেখেতে বহুবাৰ পৰিছে।গুৱাহাটীৰ বহু নাৰ্ভৰ ডাঃ ক দেখুৱালে ।MRI কৰিলে আৰু সকলোৱে operation কৰাৰ পৰামৰ্শ দিলে।operation কৰিবলৈ ভয় খাই তেওঁ অয়ুৰ্বেদিক মহাবিদ্যালয় পালে।তেখেতৰ MRI চাই(তলত সংলগ্ন কৰিলো) দেখিলো যে কঁকালৰ বিভিন্ন অংশত ডিস্ক prolapse আছে লগতে কঁকালৰ হাড় বোৰ ক্ষয় হৈছে।পৰীক্ষা নিৰীক্ষা কৰি তেখেতক ডাঃ বিষ্ণু প্ৰসাদ শৰ্মা ছাৰৰ তত্ত্বাৱধান আৰু স্নাতকোত্তৰ ডাক্তৰ সমূহৰ দেখৰেখত আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কায়াচিকিৎসা বিভাগত ভৰ্ত্তি হবলৈ দিয়া হ'ল। পঞ্চকৰ্ম চিকিৎসাৰে কটি বস্তি,বিৰেছন, মাত্ৰা বস্তি,নাডী শ্বেদ আদি বিভিন্ন পদ্ধতি লগতে খোৱা ঔষধ দি প্ৰায় ২ সপ্তাহৰ ভিতৰত ৰোগী জন বহু সুস্থ হৈ নিজে খোজ কাঢ়ি ঘৰলৈ উভতিল।উভতি যোৱাৰ সময়ত তেখেতৰ মুখত আৰু কথাত সন্তুষ্টি দেখা গ'ল। যোৱাৰ সময়ত তেখেতে কৈ যোৱা কথা অলপ আপোনালোক আগত আগবঢ়ালো । সকলোৱে অনুপ্ৰাণিত হ'ব বুলি আশা থাকিল।

 # -1/ গেষ্ট্ৰ'চলিওচন-২ # #Constipation (টান পাইখানা):পাশ্চাত্য কিতাপ অনুসৰি  দিনত তিনিবাৰ মল ত্যাগ কৰাৰ পৰা সপ্তাহত ৩ ব...
13/09/2021

# -1/ গেষ্ট্ৰ'চলিওচন-২ # #
Constipation (টান পাইখানা):

পাশ্চাত্য কিতাপ অনুসৰি দিনত তিনিবাৰ মল ত্যাগ কৰাৰ পৰা সপ্তাহত ৩ বাৰ কোনো কষ্ট অনুভৱ নকৰাকৈ আৰু পাইখানা কৰাৰ পাছত কোনো আচষ্টি ভাৱ নথকাকৈ পাইখনা কৰাটো হৈছে নর্মেল প্ৰক্ৰিয়া। ৯০ শতাংশ মানুহৰে এই প্ৰক্ৰিয়া অনুসৰণ কৰে ।
আৰু ইয়াৰ বিসংগতি কমৰ ফালে হলেই constipation বোলা হয়।
সদায় হোৱা পাইখানা কিন্তু টান হোৱাকো constipation বোলা হয়।
আকৌ যদিহে ২৫ শতাংশত কৈ বেছি ভাগ বাৰ যোৰ দি মলত্যাগ কৰিব লগা হয় বা পাইখানা কৰাৰ পিচত হৈয়ো নহলে বা ভালকে নহল বুলি ভৱনা মনত থাকি গলে ইয়াকো constipation বোলা হয়।

মহিলা সকলৰ সাধাৰনতে লেহেমীয়া মলক্ৰিয়া হয় কাৰণ গৰ্ভধাৰণ সময়ত তেওঁলোকৰ pelvic floor ৰ মাংস পেশী বোৰ অলপ ক্ষুত হয় সেইবাবে ইয়াৰ কৰ্ম ক্ষমতা অলপ কমি যায়।
ইয়াৰ কাৰণ সমূহ - obstructive lesion of colon , IBS, and idiopathic slow transit , Diabetic, Hypothyroidism, hypocalcemia , hypercalcemia, multiple sclerosis, parkinsonism, muscular dystrophy, আদি,।
খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত, মলবেগ ধাৰন কৰি ৰাখিলে ও constipation হয়।
ঔষধ যেনে - opiates, anticholinergic agents antihypertensive আদি বোৰেও constipation কৰে।
ইয়াক সময়ত প্ৰতিকাৰ নকৰিলে ই অন্যান্য ৰোগৰ কাৰণ হৈ পৰে যেনে- a**l fissure, anore**al hemorrhoids (পাইলছ) , f***l impaction, re**al prolapse ইত্যাদি।
Diarrhoea ( ডায়েৰীয়া) - দিনত ৩ বাৰতকে বেছি পনীয়া পাইখানা লগতে urgency অাৰু মাজে মাজে পাইখানা অৰ্ণগল ওলাই থকা যে ডায়েৰিয়া বোলা হয়।
ইয়াৰ ম লৰ ঘনত্ব সদায় পাতল আৰু ওজন > ২০০গ্ৰাম প্ৰতি দিনত।
আয়ুৰ্বেদিক চিকিৎসা প্ৰণালী ৰে এই সকলোবোৰ বেমাৰৰ সু চিকিৎসা কৰা হয় আৰু সম্পূৰ্ণ ৰূপে সুফল পোৱা যায়। আয়ুৰবেদত ইয়াৰ চিকিৎসা প্ৰণালী আধুনিক চিকিৎসা ত কে অলপ পৃথক ইয়াত প্ৰথম শৰীৰৰ শুদ্ধি কৰণ কৰা হয় তাৰ পিছত হে ঔষধ খাব দিয়া হয়। আৰু কঠিনতৰ ৰোগী সকলক পঞ্চকৰ্ম থেৰাপী ৰে চিকিৎসা কৰা হয়। এই চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া নাই বুলিয়ে কব পাৰি।

09/09/2021

Few words from the patients suffering from chronic liver disease. # দীৰ্ঘ দিনীয়া যকৃত জন্য বেমাৰত ভুগা ৰোগীৰ পৰা আয়ুৰ্বেদ চিকিৎসাৰ বিষয়ে দুআশাৰ।

08/09/2021

Success story of Dept of Kayachikitsa

আয়ুৰ্বেদ আৰু দেহৰ শোধন(body purification) বৰ্তমান এই যান্ত্ৰিক পৃথিৱীখনত নিজকে সময়ৰ লগত খাপ খুৱাই  চলিবলৈ প্ৰতিটো মূহুৰ্...
04/09/2021

আয়ুৰ্বেদ আৰু দেহৰ শোধন(body purification)

বৰ্তমান এই যান্ত্ৰিক পৃথিৱীখনত নিজকে সময়ৰ লগত খাপ খুৱাই চলিবলৈ প্ৰতিটো মূহুৰ্ততেই প্ৰতিজন ব্যক্তিয়েই কেৱল মাথোঁ দৌৰি আছে আৰু দৌৰি আছে। মানুহে সফলতাৰ চৰম শিখৰ পাইছেগৈ। কিন্তু তাৰ বাৱে অৱহেলিত হৈছে মানুহৰ মন আৰু স্বাস্থ্য। আধুনিক জীৱনশৈলী, বিলাসিতা, খাদ্যাভ্যাস আৰু চিন্তাধাৰাই লাহে লাহে গ্ৰাস কৰি পেলাইছে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যতা। গোটেই পৃথিৱীখন ভৰি পৰিছে কেৱল ৰোগেৰেই। আজিৰ পৰা ৫০ বছৰ আগতে যিবোৰ ব্যাধি বেচিকৈ কেৱল বৃদ্ধ বয়সত দেখা দিছিল আজিকালি ২০ বছৰ নহওতেই এই ৰোগবোৰ আৰম্ভ হয় যেনে- সন্ধিবাত( osteoarthritis), নাৰ্ভৰ সমস্যা(scietica), উচ্চৰক্তচাপ( hypertension) , হৃদৰোগ (heart disease) আদি। আজিকালি সমাজত বেছি সংখ্যাক ব্যক্তিয়ে মধুমেহ(diabetes), সন্তানহীনতা, মেদবহুলতা, pcod ,কিডনীৰ সমস্যা, লিভাৰৰ চৰ্বি বৃদ্ধি,থাইৰইডৰ সমস্যা, গাঁ‌ঠিৰ বিষ, ছালৰ সমস্যা, মানসিক বিকাৰ, অতি চিন্তা, নিদ্ৰাহীনতা কোনোবা নহয় কোনোবা ৰোগত ভূগি থকা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে বৰ্তমান সময়ৰ প্ৰভাৱত মানুহৰ শৰীৰ আৰু মন বোৰ বিষাক্ত হৈ পৰিছে। তাৰ ফলত শৰীৰৰ অংগ প্ৰত্যংগ সমূহ বিকলাংগ হৈ পৰিছে আৰু ৰোগৰ উৎপত্তি হৈছে।

আয়ুৰ্বেদ চিকিৎসাত এই সমস্যা সমাধানৰ অতি সহজ আৰু সৰল উপায় উল্লেখ কৰিছে। যাৰ সহায়ত আমি সময় থাকোতেই শৰীৰ আৰু মন শোধন কৰি বেমাৰৰ পৰা আঁতৰি থাকিব পাৰো। আয়ুৰ্বেদ চিকিৎসাত শৰীৰৰ শোধন নকৰাকৈ কোনো ঔষধি দিয়া নহয়। এয়াই আয়ুৰ্বেদিক চিকিৎসাৰ বিষেশত্ব।

বিভিন্ন ধৰনৰ শোধন প্ৰক্ৰিয়াৰ ভিতৰৰ কেইটামান বিশেষ শোধন প্ৰক্ৰিয়া আজি ইয়াত উল্লেখ কৰিম-

১)উপৱাসঃ বৰ্তমানৰ সময়ত সতেজ সুষম আহৰৰ সলনি ফাষ্ট ফুড, মাছ-মাংস, চৰ্বীযুক্ত খাদ্য, ফাৰ্মাণ্টেড খাদ্য, পেকেত খাদ্য(য'ত সংৰক্ষণৰ বাবে বিভিন্ন ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়)ৰ ব্যাৱহাৰ অতি বেছি দেখিৱলৈ পোৱা যায়। যিবোৰ খাদ্যবস্তু হজম হবলৈ বহু সময় লাগে আৰু শৰীৰৰ বাবে ক্ষতিকাৰক হয়। যেতিয়া এই খাদ্যবস্তু বোৰ ওপোৰা ওপৰিকৈ খোৱা হয়, খাদ্যৰ অৱশিষ্ট ভাগ হজম ৰৈ গৈ আম ৰ সৃষ্টি কৰে। কালক্ৰমত এই আম গৈ আমবিষৰ ৰূপ ধাৰণ কৰে আৰু ৰোগৰ উৎপত্তি কৰে। সপ্তাহত যেতিয়া এদিনকৈ উপৱাস ৰখা হয়, সেই সময়খিনিত আমাশয়ে জিৰনী পায় আৰু হজম শক্তি বৃদ্ধি হয়, অপাচিত খাদ্য ভাগৰও পাচন হয়। উপৱাস শৰীৰ শোধনৰ অতি সহজ কিন্তু বহু ফলপ্ৰসূ প্ৰক্ৰিয়া। উপৱাসৰ ঠিক পাচতেই কেতিয়াও গুৰু আহাৰ গ্ৰহণ কৰিব নালাগে,তাৰ পৰিৱৰ্তে লঘু আহাৰ ,গৰম পানী আদিৰ ব্যাৱহাৰ কৰিব লাগে

২) দীপনঃ এই প্ৰক্ৰিয়াত প্ৰথমতে কিছুমান এনে ঔষধি দিয়া হয় যাৰ ফলত ব্যক্তি জনৰ হজম শক্তি বৃদ্ধি পায়। শৰীৰ সুস্থ হৈ চলিবলৈ আহাৰ হজম হোৱাৰ নিতান্তই প্ৰয়োজনীয়। আনকি ঔষধ হজম হবলৈও উত্তম হজম শক্তিৰ অতি প্ৰয়োজন, হজম ঠিক নহ'লেই আটাইবোৰ metabolic disease ৰ আৰম্ভণি হয়। গৰম পানী, আদা, জালুক, চিত্ৰক আদিৰে নিৰ্মিত আয়ুৰ্বেদিক ঔষধি সমূহৰ সুফল অতি বেছি। সপ্তাহৰ এটা দিন উপৱাস ৰাখিলে ইয়াৰ ফল আৰু সোনকালে পোৱা যায়।

৩)পাচনঃ এই প্ৰক্ৰিয়াত কিছুমান এনে ঔষধি ব্যৱহাৰ কৰা হয় যিয়ে শৰীৰৰ ভিতৰত জমা হোৱা অপাচিত খাদ্যভাগ হজম কৰাত সহায় কৰে। যেনেকৈ ভাত বাহি হৈ গলে সি পচি গৈ দুৰ্গন্ধময় আৰু বিষাক্ত হৈ পৰে ঠিক তেনেদৰেই শৰীৰৰ খাদ্যভাগ সঠিক সময়ত হজম নহলেই বিষ ৰূপ ধাৰণ কৰে আৰু শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পাচন প্ৰক্ৰিয়াৰে আমি ইয়াৰ পৰা আঁতৰি থাকিব পাৰো।

৪) বমনঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি শৰীৰৰ উৰ্ধ ভাগ অৰ্থাৎ মুখ মণ্ডলৰ পৰা আৰম্ভ কৰি আমাশয় লৈ থকা অলাগতীয়াল তথা বিষাক্ত পদাৰ্থ সমূহ নিৰ্গত কৰি তাৰ শোধন কৰা হয়। ইয়াৰ দ্বাৰা সঘনে হৈ থকা গেষ্টাইটিচৰ সমস্যা,GERD, ছালৰ সমস্যা,মেদবহুলতা আদিৰ পৰা উপশম পোৱা যায়।

৫) বিৰেচনঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি শৰীৰৰ অধো ভাগ অৰ্থাৎ আন্ত্ৰৰ পৰা পায়ুলৈকে থকা অলাগতীয়াল বিষাক্ত পদাৰ্থ সমূহৰ শোধন কৰা হয়। ইয়াৰ দ্বাৰা সঘনে হৈ থকা কৌষ্ঠকাঠিন্যতা, মুত্ৰাশয়, জননাংগৰ বিভিন্ন সমস্যা, বাত বিষ, ছালৰ ৰোগ আদিৰ পৰা উপশম পাব পাৰি।

‌৬) নৎস্যঃ এই প্ৰক্ৰিয়াত নাকৰ বিন্ধাৰে বিশেষ নিয়ম মানি কিছুমান ঔষধি তেল অথবা ক্বাথ দ্ৰব্য প্ৰেৰণ কৰা হয়। আয়ুৰ্বেদত নাক মস্তিষ্কৰ লগত চিধা সংযোগ থকা বুলি কোৱা হয়, সেয়েহে মস্তিষ্কৰ আৰু তাৰ লগত জড়িত অংগ সমূহৰ শোধনৰ বাবে নৎস্য উত্তম বুলি কোৱা হয়। মানসিক বিকাৰ, মগজুৰ বিকাৰ, মূৰৰ বিষ, চৰ্দি(sinusitis) আদিত ইয়াৰ সুফল দেখিবলৈ পোৱা যায়।

‌৭)অঞ্জনঃ এই প্ৰক্ৰিয়া চকুৰ শোধনৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত কিছুমান এনে ঔষধি ব্যৱহাৰ কৰা হয় যিয়ে চকুৰ ভিতৰত জমা হোৱা মল সমূহ নিৰ্গত কৰি চকুৰ তৰ্পন কৰাই দৃষ্টি শক্তি বৃদ্ধি কৰে।

‌৮) স্নেহন আৰু স্বেদন- এই প্ৰক্ৰিয়াত প্ৰথমতে সৰ্বশৰীৰ ঔষধিযুক্ত তেলেৰে ভালদৰে মালিচ কৰা হয় তাৰ পাচত গোটেই শৰীৰটোত গৰম সেক দিয়া হয়। এনে কৰিলে শৰীৰত জমা হোৱা অলাগতীয়াল বিষাক্ত পদাৰ্থ ভাগ গলিত হয় আৰু গৰম সেকৰ বাবে ছালৰ ঘৰ্মগ্ৰন্থি বোৰ খোল খাই যায়, যাৰ দ্বাৰা শৰীৰৰ অলাগতীয়াল পদাৰ্থৰ কিছু অংশ ছালেৰে নিৰ্গত হয়।

এনেকৈয়ে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত শৰীৰৰ শোধন(body peurification)ৰ বিষয়ে বিষদ ভাবে আলোকপাত কৰা হৈছে। প্ৰতিটো অংগ ৰ বাবে বিশেষ শোধন, প্ৰতিটো বেমাৰৰ বাবে বিশেষ শোধন উল্লিখিত আছে। যেনেকৈ কাপোৰ লেতেৰা হলে তাক ধুব লাগে, মেচিনত মামৰ লাগিলে তাত তেল দি চাফা কৰিব লাগে, ঠিক তেনেকৈয়ে শৰীৰক অলাগতীয়াল পদাৰ্থ সমূহৰ পৰা ৰক্ষা কৰিবলৈ শোধন কৰিব লাগে। সময়ে সময়ে এই সহজ-সৰল শোধন প্ৰক্ৰিয়াবোৰ কৰি থাকিলেই আপুনি বহু মাৰত্মক ব্যাধিৰ পৰা আঁতৰি থাকিব পাৰিব। এই শোধন প্ৰক্ৰিয়াৰ দ্বাৰা এজন নিৰোগী ব্যক্তি সদায় নিৰোগী হৈ থাকিব পাৰে আৰু ৰোগী ব্যক্তিৰ ৰোগ নিৰ্মূল হ'ব পাৰে। কিন্তু মনত ৰাখিব সকলো চিকিৎসাৰে এটা সঠিক সময় থাকে, ৰোগ যেতিয়া অতি পুৰণি হৈ যায় তাক নিৰ্মূল কৰা অতি কঠিন হৈ পৰে। সেয়েহে ৰোগৰ আৰম্ভণিতেই আপোনালোকে অভিজ্ঞ চিকিৎসকৰ ওচৰ চাপিব আৰু ৰোগৰ ভয়াবহতাৰ পৰা আঁতৰি থাকিব।

ডাঃ দুলুমণি কলিতা
আয়ুৰ্বেদিক চিকিৎসক
ফোন নং ৮৬৩৮৭৪৯৪৯৪

কিটিভ কুষ্ঠ/ PsoriasisPsoriasis হৈছে  এটি ব্যাপক ভাবে দেখা দিয়া গুৰুত্বপূৰ্ণ ছালৰ ৰোগ। এই ৰোগ যদি এবাৰ দেখা দিয়ে তাৰ প...
03/09/2021

কিটিভ কুষ্ঠ/ Psoriasis
Psoriasis হৈছে এটি ব্যাপক ভাবে দেখা দিয়া গুৰুত্বপূৰ্ণ ছালৰ ৰোগ। এই ৰোগ যদি এবাৰ দেখা দিয়ে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু কষ্টকৰ হৈ পৰে। ফলত ৰোগী সকল শাৰীৰিক আৰু মানসিক ভাবে হতাশ হৈ পৰে আৰু নিজকে সমাজৰ পৰা আঁতৰাই ৰাখিলৈ চেষ্টা কৰে। এই বেমাৰ বিধক Autoimmune Disease বুলি আধুনিক চিকিৎসা বিজ্ঞানে বিবেচনা কৰে। ইয়াৰ লক্ষণ সমূহ হৈছে শৰীৰৰ ছাল দেখাত মাছৰ বাকলি দৰে হৈ শুকান হৈ ছাল উঠি যোৱা , ই অতি সোনকালে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বিয়পি পৰে আৰু সৰ্বশৰীৰতেই ব্যাপ্ত হৈ পৰে, খজুৱতি ইয়াৰ এটা প্ৰধান লক্ষণ, কেতিয়াবা খজুৱাতিৰ পাচত তেজ ওলোৱা বা পুজ ওলোৱাও দেখা যায় , আদি । ই দেখাত বহুত অসহনীয় লগতে অসহ্যকৰ হয় সেইবাবে ৰোগীয়ে মানসিক চাপত ভোগা দেখা যায় আৰু সমাজৰ সন্মুখতও হীনমন্যতাত ভোগে। ই দেখাত ভয়ংকৰ যদিও ইজনৰ পৰা সিজনলৈ নিবিয়পে।
আয়ুৰ্বেদিক পদ্ধতিত ইয়াৰ সু চিকিৎসা হয়, এই ব্যধিক মূল সহ নিৰ্মূল কৰাৰ বাবে চিকিৎসা কৰা হয়, ইয়াত ব্যবহৃত ঔষধৰ পাৰ্শ্বক্ৰিয়া ও অতি সিমিত। এই সপ্তাহত আমাৰ কায়াচিকিৎসা / medicine বিভাগত চিকিৎসা হোৱা এগৰাকী ৰোগীৰ ফটো চেয়াৰ কৰিছোঁ।
ফোন no- +918930275372, +916001068338

 # # / গেছট্ৰচলিউচন # # #আয়ুৰবেদীয় শাস্ত্ৰ ৰ মতে কামৰূপ ৰাজ্যত অম্লপিত্ত ৰোগ বিধ ৰ প্ৰবনতা অধিক বেছি ইয়াৰ কাৰণ হৈছে ই...
14/08/2021

# # / গেছট্ৰচলিউচন # # #
আয়ুৰবেদীয় শাস্ত্ৰ ৰ মতে কামৰূপ ৰাজ্যত অম্লপিত্ত ৰোগ বিধ ৰ প্ৰবনতা অধিক বেছি ইয়াৰ কাৰণ হৈছে ইয়াৰ পৃথক জলবায়ু আৰু খোৱাবোৱাৰ ধৰণ। ইয়াৰ কিছু বিৱৰণ তলত পঢ়ুৱই আৰু ৰোগী সকলৰ অলপ সুবিধাৰ বাবে কিছু বিৱৰণ আগবঢ়োঁৱা হৈছে।
১.ডিঙিতগোটা বস্তু বজি থকা যেন লগা( globus) ---
অনবৰতে বা মাজে মাজে গলত কিবা গোটা বস্তু বাজি থকাৰ অনুভৱ কে গ্লবাছ বোলা হয়।
এইটো কেতিয়াও খাদ্য বস্তু খাওঁতে অসুবিধা নকৰে
বা গিলোতেও অসুবিধা নকৰে কিন্তু খোঁৱাৰ সময়ত লেলাউটি ওলালে সেইটো গিলিব নোৱাৰা হয়।
ইয়াৰ কাৰণ সমূহ হৈছে-
অত্যাধিক চিন্তা, মানসিক চাপ, খাদ্যনলীৰ উৰ্ধ অংশ ৰ মাংহপেহী ৰ কৰ্মহানি, খাদ্যনলীৰ লৰচৰ কৰা কৰ্মহানী আৰু gastroesophageal reflux বেমাৰ।
২. বুকু জলাপুৰা কৰা -
বুকুৰ মাজৰ হাড় ডালৰ ঠিক পিছ অংশ ত জলাপুৰা কৰা, বেছি ভাগ খাদ্য খোৱাৰ পিছত , বিছনাত বাগৰি থকা অৱস্থাত আৰু,হালি থকা অৱস্থাত এই পুৰণিৰ মাত্ৰা বেছি হয় । কিন্তু ই কেতিয়াও বেছি শাৰীৰিক শ্ৰমৰ লগত ইয়াৰ কোনো সম্পৰ্ক দেখা নাযায় ।
৩.খাদ্যবস্তু উলটি অহা(Regurgitation) - কষ্ট নকৰাকৈ পীত পানী বা খাদ্যনলীৰ বস্তু বমিভাব আৰু পেট ত কষ্ট অনুভৱ নকৰাকৈ মুখলৈ উলটি অহাকে regurgitation বোলে।
বুকুজলাপোৰা আৰু খাদ্য বস্তু উলটি অহা দুয়োটাই বেছিভাগ ক্ষেত্ৰতে আন কিছুমান অসুিধাৰ লগত দেখা যায় যেনে বুকু বিষ , globus sensation , বমি বমি ভাৱ , পানী উগাঁৰ, কষ্টপূৰ্বক গীলা আদি।
৪ .Water brush ( পানী উগাৰ)-
অনবৰতে মুখখন নিমখিয়া পানীৰে ভৰি থকা ।
এইটো দৰাচলতে GERD বেমাৰত দেখা যায়।
৫.বমি বমি ভাৱ আৰু বমি - শাৰীৰিক আৰু মানসিক ভাবে পেটৰ বস্তু মুখেদি উলিয়াই দিয়াকে বমি বোলা হয়।
Pharynx , হৃদয়ৰ কোষ বোৰ , peritoneum , পিত্ত নলী আৰু আমাশয় এই কেত বোৰ ঠাইৰ বিষম সংগতি হলেই বমি ৰ ভাৱ আৰু বমি বেছি হয়।
৬. Anorexia - অভোক অভোক লগা আৰু খাবলে মন নোযোৱা।
৭. গেছ ভাৱ আৰু পেটফুলা -
পেটৰ গেছ সাধাৰণতে হৈছে খুদ্ৰান্ত্ৰৰ ভিতৰত বেক্টেৰিয়া বিলাকে উৎপাদন কৰা বায়ু মলদ্বাৰ দি বা মুখাদ্বৰ দি বাহিৰলৈ ওলাই দিয়া এটি সাধাৰণ প্ৰক্ৰিয়া । এই বায়ু যেতিয়া পাইখনা দ্বাৰ দ্বাৰা পৰিত্যাগ কৰা হয় ইয়াক সাধৰণ ভাষাত পা দ বুলে আৰু যেতিয়া মূখেদি উলিয়াই দিয়া হয় ইয়াক কয় ধুমদ্গৰ । দিনত ১৩ বাৰ লৈকে পাদা normel হয়। এই বায়ু ত যেতিয়া হাইড্ৰজেন sulphide , ammonia , volatile fatty acid ,methane gas অতিমাত্ৰা হয় তেতিয়া ই দূৰ্গন্ধ যুক্ত হয় ।
পেঁটফুলা ভাৱ - ৰাতিপুৱাৰ পৰা লাহে লাহে পেট ফুলিব আৰম্ভ হয় আৰু টোপনি গলে নাইকিয়া হৈ যায়। খালেই বাঢ়ি যায় আৰু শুই দিলে আকৌ কমি যায় ।
৮. ঢোক গিলোতে অসুবিধা বা খাদ্য বস্তু ডিঙি ত বাজি যোৱা ( dysphagia)। খাদ্যনলী ক্ষীণ হৈ গলে, ফুলি লে, অথবা ইনফেকচন হলে, খাদ্যনলী ৰ স্নায়ু ৰ বেমাৰ হলে, ডাঙৰ goiter হলে এই অসুবিধা দেখা দিয়ে।
৯. দীৰ্ঘদিন ধৰি বা মাজে মাজে পেটৰ ওপৰৰ অংশ ত বিষ বা অশান্তিৰ অনুভৱ( Dyspepsia)-
ৰোগীয়ে বদ হজম হোৱা , সোনকালে ভোক গুচি যোৱা, বমি ভাৱ , বমি একেলগে অনুভৱ কৰিব পাৰে।
ওপৰৰ আটাইবোৰ অসুবিধা দীৰ্ঘদিন ধৰি হয় থাকিলে ৰোগীয়ে পিছলৈ ৰক্তহীনতা , পুষ্টিহীনতা, gastro intestinal bleeding , hepatomegaly , H. Pylori infection , gastroduedenal ulcer , gastric cancer (কৰ্কট ৰোগ) ত আক্ৰান্ত হোৱাৰ আশংকা থাকে।
এই দীৰ্ঘদিনীয়া অসুবিধা সমূহ ৰ পৰা গুৰিৰ পৰা সমূলি পৰিত্ৰাণ পাবলৈ আৰু দীৰ্ঘ দিন ধৰি গ্যষ্ট্ৰিকৰ ঔষধ খোৱাৰ পৰা হোৱা ক্ষতি ৰ পৰা পৰিত্ৰাণৰ বাবেও অতি সুষম ঔষধ আৰু থেৰাপী আয়ুৰবেদিক চিকিৎসা প্ৰণালী আছে। ইয়াৰ বিষয়ে অধিক তথ্য জানিব ৰ বাবে বা ইয়াৰ পৰা পৰিত্ৰাণ পাবলে ৰোগী সকলে কায়াচিকিৎসা বহি বিভাগ (OPD) লৈ আহিব পাৰে নতুবা contact কৰিব পাৰে Dr Ranjan k.kalita ক । তেওঁ এই বিষয়ৰ অধ্যয়নৰ লগত অনবৰতে জৰিত হৈ থাকে । 👉 Continue....................

👉ডাঃ ৰঞ্জন কুমাৰ কলিতা
Phone no - +918011566721 (Lecturer )Kayachikitsa Dept.
Govt Ayurvedic College and Hospital Jalukbari

There will be free  Bone Mineral Density (BMD) test along with diet yoga advice in KC OPD tomorrow morning on 12.08.2021...
11/08/2021

There will be free Bone Mineral Density (BMD) test along with diet yoga advice in KC OPD tomorrow morning on 12.08.2021
👉Osteoarthritis, osteoporosis musculoskeletal disorders( joint pain ) patients can approach for the benefit.
👉Venue:
Kayachikitsa (KC -4)OPD,
Government Ayurvedic College and Hospital, Jalukbari

11/08/2021
02/05/2021

📌📌 জ্বৰ: পথ্য আৰু অপথ্য📌📌

সংগ্ৰাহক- ডাঃ নিবেদিতা সৰকাৰ

আয়ুৰ্বেদিক চিকিৎসাবিজ্ঞানৰ অনুসৰি জ্বৰ ৰোগৰ পথ্য অপথ্য l জ্বৰত সদায় লঘূপাকি আহাৰ হিতকাৰী ।তলত দিয়া পথ্য সমূহ ক বিশেষ কে চিকিৎসা ৰ সমান্তৰাল ভাৱে গ্ৰহন কৰিব দিয়া হয়।

পথ্য - 🧑‍🍳🧑‍🍳🧑‍🍳🧑‍🍳🧑‍🍳
মাৰ পেলোৱা ৰঙা শালি চাউলৰ ভাত, মাৰ ভাত , মুগ ডালি, মচুৰ ডালি , পাতল কে বুটৰ ডালি, তিতাকেৰেলা, মূলা, বেঙেনা, নিম পাত,
তিতা ভেকুৰিৰ গুটি ।
আমলখি, ডালিম, , নেমূটেঙা, কিচমিছ, যস্তিমধু, খেজুৰ , পানী মিহলোৱা গৰম গাখীৰ🥛🥛🥛🥛 ।
পক্ষীৰ মাংস ৰস বা চুপ যেনে মূৰ্গীৰ মঙহৰ ৰস (আদা
জীৰা , ধনীয়া আৰু সাইন্ধৱ নিমখ দি তৈয়াৰী কৰিব লাগে) 🐓🐓🥣🥣🥣।

আৰু সকলো আহাৰ সুপাচ্য আৰু পাতল হব লাগিব। জুইত বনুৱা আহাৰ হে গ্ৰহণ কৰিব লাগিব। সকলো সময়তে গৰম পানী খাব লাগে পাৰিলে তাতে কেচা আদা থেতেলিয়াই দি গৰম কৰিব লাগে।
যদি জ্বৰ ৭দিনতকে বেছি হৈছে তেতিয়া হলে ঘীউ খাব লাগে ( যদিহে হজম শক্তি ঠিকে আছে)।

অপথ্য: 🤐🤐🤐🤐🤐🤐🤐
গুৰু অহাৰ , বিৰুদ্ধ আহাৰ ( মাছ+ গাখীৰ, মঙহ+ গাখীৰ , বাহি আহাৰ, ঠাণ্ডা পানী🥤🍨 আৰু আহাৰ আদি) অধিক জলা 🌶️🌶️মচলা , খাৰ, টেঙা, শাক, তৰ্মুজ🍉, তিল পিঠা, পিঠাগুৰি আৰু ময়দাৰে বনুৱা বস্তু যেনে চিঙৰা মালপুৱা🥞🍔🥪🌮🍟 , পৰঠা আদি , দৈ, তামোল , মাছৰোম 🍄আদি।
(Ref- Astanga hridaya)

ৰক্তচাপ(blood pressure) মানেনো কি?                                                    ডাঃ দুলুমণি কলিতা                 ...
21/02/2021

ৰক্তচাপ(blood pressure) মানেনো কি?
ডাঃ দুলুমণি কলিতা
আয়ুৰ্বেদিক চিকিৎসক

ৰক্তচাপ বুলিলে আমাৰ দেহত অহৰহ চলি থকা হৃদযন্ত্ৰৰ স্পন্দনৰ ফলত তাৰ পৰা নিৰ্গত ৰক্তই ৰক্তবাহিনীৰ বেৰত সৃষ্টি হোৱা চাপকে বুজাই। এই ৰক্তচাপ জীৱদেহত চলি থকা এটা অতি জৰুৰী আৰু স্বাভাৱিক ক্ৰিয়া। জীৱৰ প্ৰতিটো কোষ-কোষাংগলৈ ৰক্তৰ দ্বাৰা পোষক দ্ৰব্য((nutritions) প্ৰেৰিত হয়,এই ৰক্ত পৰিবহন নিয়ন্ত্ৰণ কৰিবলৈ এটা নিৰ্দিষ্ট মাত্ৰাত আমাৰ দেহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকিব লাগে। আমাৰ শৰীৰত হৃদযন্ত্ৰই এটা পাম্পৰ দৰে কাম কৰে,ই জন্মৰ পৰা মৃত্যুলৈ অনবৰতে সংকোচন আৰু সম্প্ৰসাৰণ হৈ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যাক্তিৰ হৃদস্পন্দনৰ প্ৰতিমিনিতট প্ৰায় ৬০-১০০ হ'ব পাৰে, ইয়াক হাৰ্টবিট বুলি কোৱা হয়। হৃদযন্ত্ৰৰ সংকোচনৰ সময়ৰ খুব জোৰেৰে ৰক্ত হৃদযন্ত্ৰৰ পৰা মহাধমনীলৈ ঠেলি দিয়ে। তেতিয়া বাওঁ‌ অলিণ্ডৰ পৰা অহা ৰক্তৰ চাপত মিট্ৰেল ভালভ খন খোল খাই মহাধমনীলৈ তেজে গতি কৰে, সেই সময়ত তেজে ধমনীৰ বেৰত যি চাপ প্ৰয়োগ কৰে তাক systolic pressure বোলে।ইয়াৰ সাধাৰণ মাত্ৰা ১৪০-১০০ mmhg ৰ ভিতৰত থাকে। ভালভেৰে ৰক্ত নিৰ্গত হোৱাৰ লগে লগে কিছু ছেকেণ্ডৰ বাবে হৃদযন্ত্ৰত ৰক্তৰ চাপ কমি যায় তেতিয়া মিট্ৰেল ভালভ খন বন্ধ হৈ যায় আৰু হৃদযন্ত্ৰৰ সম্প্ৰসাৰণ হয়। এই সময়ত ধমনীত প্ৰবাহিত ৰক্তত ধমনীৰ বেৰত দিয়া চাপ আগৰ তুলনাত কম হয়, আৰু এই চাপকেই diastolic pressure বুলি কোৱা হয়।ইয়াৰ সাধাৰণ মাত্ৰা ৮০-৬০ mmhg ৰ ভিতৰত থাকে। এই চাপৰ সহয়ত তেজত থকা পোষক দ্ৰব্য সমূহ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰিত হয়। এনেকৈয়ে আমাৰ দেহৰ ৰক্তচাপ ৰক্তৰ পৰিমাণ, তাৰ গাঢ়তা, ধমনীৰ আকাৰ-আকৃতি আৰু elasticity ৰ ওপৰত নিৰ্ভৰ কৰে। লগতে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এই ৰক্তচাপ অৰ্থাৎ blood pressure আমাৰ সচৰাচৰ মানুহ বোৰে কোৱাৰ দৰে কোনো ৰোগ নহয়, ই শৰীৰৰ এটা অতি প্ৰয়োজনীয় ক্ৰিয়া।

উচ্চ ৰক্তচাপ(hypertension) কেনেকৈ ৰক্তচাপ(blood pressure)ৰ পৰা পৃথক?

ৰক্তচাপ জীৱদেহৰ এটা স্বাভাৱিক ক্ৰিয়া তাৰ বিপৰীতে উচ্চৰক্তচাপ হ'ল এক ৰোগাত্মক অৱস্থা। কিছুমান শাৰীৰিক আৰু মানসিক কাৰন বশত শৰীৰৰ স্বাভাৱিক ৰক্তচাপৰ তাৰতম্য ঘটি শাৰীৰিক স্বাস্থ্যৰ সামাঞ্জ্যতাৰ বিকৃতি ঘটাব পাৰে। বিশেষকৈ কেতিয়াবা ৰক্তচাপ স্বাভাৱিক অৱস্থাৰ পৰা বৃদ্ধি হৈ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সমূহ অৰ্থাৎ হৃদযন্ত্ৰ, মগজু, বৃক্ক আদিৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে। ৰক্তচাপ যেতিয়া তাৰ স্বাভাৱিক অৱস্থাৰ পৰা বৃদ্ধি হৈ শৰীৰিক স্বাস্থ্যত ব্যাঘাত জন্মাই তেতিয়া সেই ৰক্তচাপক উচ্চৰক্তচাপ বোলে। বৰ্তমান সময়ত ই এটা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য বিষয়ক সমস্যা। বিশ্ব স্বাস্থ্য সংস্থা ৰ সমীক্ষা অনুসাৰি ২০১৩ চনলৈ পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় ২৬% লোকেই উচ্চ ৰক্তচাপত ভোগী আছে আৰু এনেকৈয়ে বাঢ়ি থাকিলে এই সংখ্যা ২০২৫ চনলৈ ২৯% লৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে।

উচ্চৰক্তচাপ অৰ্থাৎ hypertension ৰ বৰ্গীকৰনঃ

২০১৭ চনত নিৰ্ধাৰিত ACC (American College of Cardiology) আৰু AHA( American Heart Association)ৰ তথ্য অনুসাৰে উচ্চ ৰক্তচাপক তলত দিয়া ধৰনে বৰ্গীকৰন কৰা হয়--
১)সামান্য ৰক্তচাপ( normal blood pressure)= systolic pressure ১২০ mmhg ত কৈ কম আৰু diastolic pressure ৮০ mmhg ত কৈ কম।
২) উচ্চৰক্তচাপৰ পূৰ্ব অৱস্থা( pre hypertention)=
systolic pressure= 120-129 mmhg আৰু daistolic pressure 80 mmhg কৈ কম।
৩) উচ্চৰক্তচাপ গ্ৰেড ১= systolic pressure=১৩০-১৩৯ mmhg আৰু
diastolic pressure= ৮০-৮৯mmhg
৪) উচ্চৰক্তচাপ গ্ৰেড ২= systolic pressure=১৪০-১৫৯ mmhgআৰু diastolic pressure= ৯০-৯৯mmhg
৫) উচ্চৰক্তচাপ গ্ৰেড ৩= systolic pressure ১৬০ mmhg কৈ বেছি আৰু diastolic pressure=১০০ mmhg কৈ বেছি।
৬) উচ্চৰক্ত চাপৰ জৰুৰীকালীন অৱস্থা- যেতিয়া systolic pressure ১৮০ mmhg কৈ বেছি হয় আৰু diastolic pressure ১২০ mmhg কৈ বেছি হয় , তেনে ক্ষেত্ৰত অতি সোনকালে চিকিৎসালয়ত লৈ যাব লাগে, তেনে নকৰিলে ই প্ৰাণনাশক হৈ পৰিব পাৰে। এই অৱস্থাটোক hypertensive emergency বোলা হয়।

উচ্চৰক্তচাপ নিয়ন্ত্ৰনৰ প্ৰয়োজনীয়তা কি?

উচ্চৰক্তচাপ দেখাত তেনেই সাধাৰণ আৰু বেছিভাগ মানুহৰ ক্ষেত্ৰতে দেখা দিয়া এটা ব্যাধি যদিও তাৰ গুৰুত্ব অতি বেছি। সৰহ সংখ্যক ব্যাক্তিৰে জীৱনত এবাৰলৈ উচ্চৰক্ত চাপত ভোগীলে গোটেই জীৱনযুৰী দৰৱ খাব লগা হয়। তাৰ বহুতো পাৰ্শ্বক্ৰিয়াও দেখা যায়। ইয়াৰ উপৰিও যদি কোনো এজন ব্যাক্তিয়ে বহু সময় ধৰি উচ্চৰক্তচাপত ভূগি থাকে তেতিয়া ইয়াৰ পৰা শৰীৰৰ আটাইতকৈ দৰকাৰী অংগ অৰ্থাৎ হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু চকু আদিৰ যথেষ্ট ক্ষতি সাধন কৰে। দীৰ্ঘদিনীয়া উচ্চৰক্তচাপৰ ফলত শৰীৰত অতি জটিল আৰু মাৰত্মক ৰোগ উৎপন্ন কৰিব পাৰে অৰ্থাৎ হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা যেনে Left ventricular hypertrophy, left ventricular failure, ischemic heart diseases, cardiovascularstroke আদি, মগজুৰ বেমাৰ যেনে peralysis, encephalopathy, cerebrovascular stroke আদি, বৃক্কৰ বেমাৰ যেনে-nephropathy, renal failure আদি আৰু চকুৰ বেমাৰ যেনে Retinopathy আদিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰক্তচাপ নিয়ন্ত্ৰিত ৰখাটো অতিকে প্ৰয়োজনীয়।

ৰক্তাচাপ বৃদ্ধিত প্ৰভাৱ পেলোৱা কাৰক সমূহঃ

- বয়স
-মানসিক চাপ
-নিদ্ৰাহীনতা
-অত্যাধিক লৱণযুক্ত খাদ্যাভ্যাস
-অধিক চৰ্বীযুক্ত খাদ্যাভ্যাস
-চাহ, কফি আদি কেফেইন যুক্ত খাদ্যৰ অধিক ব্যাৱহাৰ
-ওজন বৃদ্ধি
-শাৰীৰিক পৰিশ্ৰমৰ অভাৱ
-গৰ্ভাৱস্থা
-মদ,চিগাৰেট আদিৰ দৰে নিচা জাতীয় দ্ৰব্যৰ সেৱন
- বিভিন্ন বেমাৰৰ লক্ষণ ৰ ৰূপেও ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায় ,যেনে- মধুমেহ বা ডায়েবেটিচ, হৃদযন্ত্ৰৰ বেমাৰ, বৃক্কৰ বেমাৰ, যকৃতৰ বিভিন্ন বেমাৰত ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায়।
- কিছু কাৰণ বশত ক্ষন্তেকীয়াভাৱে ৰক্তচাপ বৃদ্ধি পায় কিন্তু কিছু সময়ৰ পাছত ৰক্তচাপ আকৌ আগৰ অৱস্থালৈ আহে তেনে ক্ষেত্ৰত তাক উচ্চৰক্তচাপ বুলি কোৱা নহয়। তেনে কিছুমান- খাদ্য গ্ৰহণৰ পাছত, অধিক ব্যায়াম বা শ্ৰমৰ পাছত, খং, ভয়, উৎসাহ, কোষ্ঠকাঠিন্যতা আদি।

উচ্চৰক্তচাপ নিয়ন্ত্ৰনৰ মূখ্য উদ্দেশ্য হ'ল-
দীৰ্ঘদিনীয়া উচ্চৰক্তচাপৰ পৰা হ'ব পৰা অনিষ্টৰ পৰা হৃদযন্ত্ৰ, মগজু, বৃক্ক আদিকে ধৰি শৰীৰৰ আন অংগ সমূহক ৰক্ষা কৰা। তাৰ বাবে কৰণীয়-
১) এজন সুস্থ ব্যাক্তিৰ বাবে systolic pressure ১৪০mmhg ত কৈ কম আৰু diastolic pressure ৯০mmhg ত কৈ কমত ৰাখি নিয়ন্ত্ৰণ কৰা।
২)আকৌ যদিহে ব্যাক্তিজনৰ ডায়েবেটিচ, মেদবহুলতা, হৃদযন্ত্ৰৰ ৰোগ নাইবা বৃক্ক আদিৰ ৰোগত ভোগী আছে তেনে ক্ষেত্ৰত আমাৰ উদ্দেশ্য হৈছে systolic pressure ১৩০mmhg ত কৈ কম আৰু diastolic pressure ৮০ mmhg ত কৈ কমত ৰাখি নিয়ন্ত্ৰণ কৰা।

উচ্চৰক্তচাপৰ চিকিৎসা বিষয়ক কিছু কথাঃ
বিশ্ব স্বাস্থ্য সংস্থা(WHO) ই জীৱনশৈলীৰ পৰিবৰ্তন(lifestyle modification)ক উচ্চৰক্তচাপ নিয়ন্ত্ৰণৰ মুখ্য প্ৰতিষেধক হিচাপে গ্ৰহন কৰিছে। অৰ্থাৎ ইয়াক নিয়ন্ত্ৰণৰ বাবে প্ৰধান কৰনীয় হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন। ইয়াৰ উপৰিও বিভিন্ন ধৰনৰ দৰৱ ব্যৱহাৰ কৰিও উচ্চৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি, যাক আমি antihypertensive medicine হিচাপে জানো।

উচ্চৰক্তচাপ নিয়ন্ত্ৰণত জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগত জৰিত কেইটামান গুৰুত্বপূৰ্ণ দিশ হ'ল--

১)ওজন কমোৱা- প্ৰতি ১০ কিলোগ্ৰাম ওজন কমিলে ৰক্তচাপ ৫ mmhg ৰ পৰা২০ mmhg পৰ্যন্ত হ্ৰাস হয়।
২) খাদ্যত মাছ,মাংস বা অত্যাধিক চৰ্বী জাতীয় খাদ্যৰ সলনি সেউজীয়া শাক পাচলি,ফল-মূল, টেঙাজাতীয় ফল আদিৰ ব্যাৱহাৰ ফলত ৰক্তচাপ ৮ mmhg ৰ পৰা ১৪ mmhg পৰ্যন্ত হ্ৰাস হয়।
৩) খাদ্যত নিমখৰ পৰিমান হ্ৰাস- ইয়াৰ ফলত ৰক্তচাপ ২ mmhg ৰ পৰা ৮ mmhg পৰ্যন্ত হ্ৰাস হয়।
৪)শাৰিৰীক শ্ৰম যেনে নিয়মীয়া ভাৱে খোজকঢ়া, যোগাভ্যাসৰ অনুশীলন ৰ জৰিয়তেও ৰক্তচাপ ৪ mmhg ৰ পৰা ৯ mmhg পৰ্যন্ত কমাই ৰাখিব পাৰে।
৫) মদ, চিগাৰেট আদিৰ অভ্যাস ত্যাগ কৰা- ইয়াৰ ফলত ৰক্তচাপ ২ mmhg ৰ পৰা ৪ mmhg পৰ্যন্ত হ্ৰাস পায়।

উচ্চৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হোৱা বনৌষধিঃ

- তগৰ
-অৰ্জুন
-অশ্বগন্ধা
-জটামাংচি
-সৰ্পগন্ধা
-পুষ্কৰমূল
-সংখপুষ্পী
-মানিমুনি
-ব্ৰাহ্মি
-ত্ৰিফলা
-শিলিখা
- গিলয়
- তেঁ‌তেলি
- পানিলাও
- পুৰ্ননবা শাক আদি

উচ্চৰক্তচাপ দেখাত তেনেই সামান্য ব্যাধি যেন দেখিলেও ইয়াক আৰম্ভণিৰ পৰাই গুৰুত্ব সহকাৰে নললে ইয়াৰ পৰিনতি অতি জটিল আৰু প্ৰাণনাশকো হ'ব পাৰে। উচ্চৰক্তচাপ এটা ৰোগ হলেও ইয়াৰ কাৰণ বিভিন্ন হ'ব পাৰে আৰু সেই অনুসৰি ভিন্ন কাৰণ আৰু ভিন্ন ব্যক্তি সাপেক্ষে ইয়াৰ চিকিৎসাও ভিন্ন হ'ব। যেনে মানসিক চাপ জনিত , নিদ্ৰাহীনতা জনিত, ধমনীৰ চৰ্বী জমাহৈ তাৰ ব্ল'কৰ ফলত হোৱা উচ্চ ৰক্তচাপ। এই আটাইবোৰৰে কাৰণ আৰু চিকিৎসাৰ ভিন্নতা আছে। আমাৰ আয়ুৰ্বেদিক বিজ্ঞানত এই ৰোগৰ উপশমৰ ভিন্ন কাৰণ অনুসৰি ভিন্ন ফলপ্ৰসূ ঔষধিৰ ব্যৱহাৰ দিয়া আছে। অতীতৰে পৰা মানুহে তাৰ সুফল পায় আহিছে। ইয়াৰ ভিতৰত সৰ্পগন্ধা ঘন বটি, ব্ৰাহ্মি বটি, অশ্বগন্ধা চূৰ্ণ, পুষ্কৰ গুগ্গুলু, জটামাংচি টেবলেট, তগৰ টেবলেট আদি। ইয়াৰ বিষয়ে অধিক জানিবলৈ আৰু উচ্চৰক্তচাপৰ আয়ুৰ্বেদিক চিকিৎসা গ্ৰহন কৰিবলৈ অৰ্হতা সম্পন্ন আয়ুৰ্বেদিক লগ কৰিব।

Address

Gauhati
781014

Opening Hours

Monday 8am - 2pm
Tuesday 8am - 2pm
Wednesday 8am - 2pm
Thursday 8am - 2pm
Friday 8am - 2pm
Saturday 8am - 2pm

Telephone

+918638211399

Website

Alerts

Be the first to know and let us send you an email when Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram