Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati

  • Home
  • India
  • Gauhati
  • Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati

Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati OPD no Room No( Kayachikitsa), GACH

This department mainly deals with the non surgical illnesses which comes under the umbrella of Medicine dept.The Department is comprised of 18 PGT under the supervision of four highly experienced Faculty Members.

23/02/2022
ঃঃকঁ‌কালৰ বিষৰ আয়ুৰ্বেদিক চিকিৎসাঃঃযোৱা কিছুদিন আগতে প্ৰচণ্ড কঁকালৰ বিষত  জয়মতী দাস নামৰ ৭০ বছৰৰ এগৰাকী মহিলা ৰোগী চৰকাৰ...
23/02/2022

ঃঃকঁ‌কালৰ বিষৰ আয়ুৰ্বেদিক চিকিৎসাঃঃ

যোৱা কিছুদিন আগতে প্ৰচণ্ড কঁকালৰ বিষত জয়মতী দাস নামৰ ৭০ বছৰৰ এগৰাকী মহিলা ৰোগী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কায়াচিকিৎসা বিভাগৰ বহিঃ বিভাগলৈ আহে।তেওঁৰ ককালৰ প্ৰচণ্ড বিষ।গা অৱশ হৈ থাকে। খোজ কাঢ়িব নোৱাৰে, বহিঃবিভাগলৈ অহা সময়ত তেখেতক wheel chair ত লৈ অনা হৈছিল, বিষত ককবকাই আছিল। এনেবোৰ বহু সমস্যা।সুধি গম পালো তেখেতে বহুবাৰ পৰিছে।গুৱাহাটীৰ বহু নাৰ্ভৰ ডাঃ ক দেখুৱালে ।MRI কৰিলে আৰু সকলোৱে operation কৰাৰ পৰামৰ্শ দিলে।operation কৰিবলৈ ভয় খাই তেওঁ অয়ুৰ্বেদিক মহাবিদ্যালয় পালে।তেখেতৰ MRI চাই(তলত সংলগ্ন কৰিলো) দেখিলো যে কঁকালৰ বিভিন্ন অংশত ডিস্ক prolapse আছে লগতে কঁকালৰ হাড় বোৰ ক্ষয় হৈছে।পৰীক্ষা নিৰীক্ষা কৰি তেখেতক ডাঃ বিষ্ণু প্ৰসাদ শৰ্মা ছাৰৰ তত্ত্বাৱধান আৰু স্নাতকোত্তৰ ডাক্তৰ সমূহৰ দেখৰেখত আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কায়াচিকিৎসা বিভাগত ভৰ্ত্তি হবলৈ দিয়া হ'ল। পঞ্চকৰ্ম চিকিৎসাৰে কটি বস্তি,বিৰেছন, মাত্ৰা বস্তি,নাডী শ্বেদ আদি বিভিন্ন পদ্ধতি লগতে খোৱা ঔষধ দি প্ৰায় ২ সপ্তাহৰ ভিতৰত ৰোগী জন বহু সুস্থ হৈ নিজে খোজ কাঢ়ি ঘৰলৈ উভতিল।উভতি যোৱাৰ সময়ত তেখেতৰ মুখত আৰু কথাত সন্তুষ্টি দেখা গ'ল। যোৱাৰ সময়ত তেখেতে কৈ যোৱা কথা অলপ আপোনালোক আগত আগবঢ়ালো । সকলোৱে অনুপ্ৰাণিত হ'ব বুলি আশা থাকিল।

 # -1/ গেষ্ট্ৰ'চলিওচন-২ # #Constipation (টান পাইখানা):পাশ্চাত্য কিতাপ অনুসৰি  দিনত তিনিবাৰ মল ত্যাগ কৰাৰ পৰা সপ্তাহত ৩ ব...
13/09/2021

# -1/ গেষ্ট্ৰ'চলিওচন-২ # #
Constipation (টান পাইখানা):

পাশ্চাত্য কিতাপ অনুসৰি দিনত তিনিবাৰ মল ত্যাগ কৰাৰ পৰা সপ্তাহত ৩ বাৰ কোনো কষ্ট অনুভৱ নকৰাকৈ আৰু পাইখানা কৰাৰ পাছত কোনো আচষ্টি ভাৱ নথকাকৈ পাইখনা কৰাটো হৈছে নর্মেল প্ৰক্ৰিয়া। ৯০ শতাংশ মানুহৰে এই প্ৰক্ৰিয়া অনুসৰণ কৰে ।
আৰু ইয়াৰ বিসংগতি কমৰ ফালে হলেই constipation বোলা হয়।
সদায় হোৱা পাইখানা কিন্তু টান হোৱাকো constipation বোলা হয়।
আকৌ যদিহে ২৫ শতাংশত কৈ বেছি ভাগ বাৰ যোৰ দি মলত্যাগ কৰিব লগা হয় বা পাইখানা কৰাৰ পিচত হৈয়ো নহলে বা ভালকে নহল বুলি ভৱনা মনত থাকি গলে ইয়াকো constipation বোলা হয়।

মহিলা সকলৰ সাধাৰনতে লেহেমীয়া মলক্ৰিয়া হয় কাৰণ গৰ্ভধাৰণ সময়ত তেওঁলোকৰ pelvic floor ৰ মাংস পেশী বোৰ অলপ ক্ষুত হয় সেইবাবে ইয়াৰ কৰ্ম ক্ষমতা অলপ কমি যায়।
ইয়াৰ কাৰণ সমূহ - obstructive lesion of colon , IBS, and idiopathic slow transit , Diabetic, Hypothyroidism, hypocalcemia , hypercalcemia, multiple sclerosis, parkinsonism, muscular dystrophy, আদি,।
খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত, মলবেগ ধাৰন কৰি ৰাখিলে ও constipation হয়।
ঔষধ যেনে - opiates, anticholinergic agents antihypertensive আদি বোৰেও constipation কৰে।
ইয়াক সময়ত প্ৰতিকাৰ নকৰিলে ই অন্যান্য ৰোগৰ কাৰণ হৈ পৰে যেনে- a**l fissure, anore**al hemorrhoids (পাইলছ) , f***l impaction, re**al prolapse ইত্যাদি।
Diarrhoea ( ডায়েৰীয়া) - দিনত ৩ বাৰতকে বেছি পনীয়া পাইখানা লগতে urgency অাৰু মাজে মাজে পাইখানা অৰ্ণগল ওলাই থকা যে ডায়েৰিয়া বোলা হয়।
ইয়াৰ ম লৰ ঘনত্ব সদায় পাতল আৰু ওজন > ২০০গ্ৰাম প্ৰতি দিনত।
আয়ুৰ্বেদিক চিকিৎসা প্ৰণালী ৰে এই সকলোবোৰ বেমাৰৰ সু চিকিৎসা কৰা হয় আৰু সম্পূৰ্ণ ৰূপে সুফল পোৱা যায়। আয়ুৰবেদত ইয়াৰ চিকিৎসা প্ৰণালী আধুনিক চিকিৎসা ত কে অলপ পৃথক ইয়াত প্ৰথম শৰীৰৰ শুদ্ধি কৰণ কৰা হয় তাৰ পিছত হে ঔষধ খাব দিয়া হয়। আৰু কঠিনতৰ ৰোগী সকলক পঞ্চকৰ্ম থেৰাপী ৰে চিকিৎসা কৰা হয়। এই চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া নাই বুলিয়ে কব পাৰি।

09/09/2021

Few words from the patients suffering from chronic liver disease. # দীৰ্ঘ দিনীয়া যকৃত জন্য বেমাৰত ভুগা ৰোগীৰ পৰা আয়ুৰ্বেদ চিকিৎসাৰ বিষয়ে দুআশাৰ।

08/09/2021

Success story of Dept of Kayachikitsa

আয়ুৰ্বেদ আৰু দেহৰ শোধন(body purification) বৰ্তমান এই যান্ত্ৰিক পৃথিৱীখনত নিজকে সময়ৰ লগত খাপ খুৱাই  চলিবলৈ প্ৰতিটো মূহুৰ্...
04/09/2021

আয়ুৰ্বেদ আৰু দেহৰ শোধন(body purification)

বৰ্তমান এই যান্ত্ৰিক পৃথিৱীখনত নিজকে সময়ৰ লগত খাপ খুৱাই চলিবলৈ প্ৰতিটো মূহুৰ্ততেই প্ৰতিজন ব্যক্তিয়েই কেৱল মাথোঁ দৌৰি আছে আৰু দৌৰি আছে। মানুহে সফলতাৰ চৰম শিখৰ পাইছেগৈ। কিন্তু তাৰ বাৱে অৱহেলিত হৈছে মানুহৰ মন আৰু স্বাস্থ্য। আধুনিক জীৱনশৈলী, বিলাসিতা, খাদ্যাভ্যাস আৰু চিন্তাধাৰাই লাহে লাহে গ্ৰাস কৰি পেলাইছে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যতা। গোটেই পৃথিৱীখন ভৰি পৰিছে কেৱল ৰোগেৰেই। আজিৰ পৰা ৫০ বছৰ আগতে যিবোৰ ব্যাধি বেচিকৈ কেৱল বৃদ্ধ বয়সত দেখা দিছিল আজিকালি ২০ বছৰ নহওতেই এই ৰোগবোৰ আৰম্ভ হয় যেনে- সন্ধিবাত( osteoarthritis), নাৰ্ভৰ সমস্যা(scietica), উচ্চৰক্তচাপ( hypertension) , হৃদৰোগ (heart disease) আদি। আজিকালি সমাজত বেছি সংখ্যাক ব্যক্তিয়ে মধুমেহ(diabetes), সন্তানহীনতা, মেদবহুলতা, pcod ,কিডনীৰ সমস্যা, লিভাৰৰ চৰ্বি বৃদ্ধি,থাইৰইডৰ সমস্যা, গাঁ‌ঠিৰ বিষ, ছালৰ সমস্যা, মানসিক বিকাৰ, অতি চিন্তা, নিদ্ৰাহীনতা কোনোবা নহয় কোনোবা ৰোগত ভূগি থকা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে বৰ্তমান সময়ৰ প্ৰভাৱত মানুহৰ শৰীৰ আৰু মন বোৰ বিষাক্ত হৈ পৰিছে। তাৰ ফলত শৰীৰৰ অংগ প্ৰত্যংগ সমূহ বিকলাংগ হৈ পৰিছে আৰু ৰোগৰ উৎপত্তি হৈছে।

আয়ুৰ্বেদ চিকিৎসাত এই সমস্যা সমাধানৰ অতি সহজ আৰু সৰল উপায় উল্লেখ কৰিছে। যাৰ সহায়ত আমি সময় থাকোতেই শৰীৰ আৰু মন শোধন কৰি বেমাৰৰ পৰা আঁতৰি থাকিব পাৰো। আয়ুৰ্বেদ চিকিৎসাত শৰীৰৰ শোধন নকৰাকৈ কোনো ঔষধি দিয়া নহয়। এয়াই আয়ুৰ্বেদিক চিকিৎসাৰ বিষেশত্ব।

বিভিন্ন ধৰনৰ শোধন প্ৰক্ৰিয়াৰ ভিতৰৰ কেইটামান বিশেষ শোধন প্ৰক্ৰিয়া আজি ইয়াত উল্লেখ কৰিম-

১)উপৱাসঃ বৰ্তমানৰ সময়ত সতেজ সুষম আহৰৰ সলনি ফাষ্ট ফুড, মাছ-মাংস, চৰ্বীযুক্ত খাদ্য, ফাৰ্মাণ্টেড খাদ্য, পেকেত খাদ্য(য'ত সংৰক্ষণৰ বাবে বিভিন্ন ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়)ৰ ব্যাৱহাৰ অতি বেছি দেখিৱলৈ পোৱা যায়। যিবোৰ খাদ্যবস্তু হজম হবলৈ বহু সময় লাগে আৰু শৰীৰৰ বাবে ক্ষতিকাৰক হয়। যেতিয়া এই খাদ্যবস্তু বোৰ ওপোৰা ওপৰিকৈ খোৱা হয়, খাদ্যৰ অৱশিষ্ট ভাগ হজম ৰৈ গৈ আম ৰ সৃষ্টি কৰে। কালক্ৰমত এই আম গৈ আমবিষৰ ৰূপ ধাৰণ কৰে আৰু ৰোগৰ উৎপত্তি কৰে। সপ্তাহত যেতিয়া এদিনকৈ উপৱাস ৰখা হয়, সেই সময়খিনিত আমাশয়ে জিৰনী পায় আৰু হজম শক্তি বৃদ্ধি হয়, অপাচিত খাদ্য ভাগৰও পাচন হয়। উপৱাস শৰীৰ শোধনৰ অতি সহজ কিন্তু বহু ফলপ্ৰসূ প্ৰক্ৰিয়া। উপৱাসৰ ঠিক পাচতেই কেতিয়াও গুৰু আহাৰ গ্ৰহণ কৰিব নালাগে,তাৰ পৰিৱৰ্তে লঘু আহাৰ ,গৰম পানী আদিৰ ব্যাৱহাৰ কৰিব লাগে

২) দীপনঃ এই প্ৰক্ৰিয়াত প্ৰথমতে কিছুমান এনে ঔষধি দিয়া হয় যাৰ ফলত ব্যক্তি জনৰ হজম শক্তি বৃদ্ধি পায়। শৰীৰ সুস্থ হৈ চলিবলৈ আহাৰ হজম হোৱাৰ নিতান্তই প্ৰয়োজনীয়। আনকি ঔষধ হজম হবলৈও উত্তম হজম শক্তিৰ অতি প্ৰয়োজন, হজম ঠিক নহ'লেই আটাইবোৰ metabolic disease ৰ আৰম্ভণি হয়। গৰম পানী, আদা, জালুক, চিত্ৰক আদিৰে নিৰ্মিত আয়ুৰ্বেদিক ঔষধি সমূহৰ সুফল অতি বেছি। সপ্তাহৰ এটা দিন উপৱাস ৰাখিলে ইয়াৰ ফল আৰু সোনকালে পোৱা যায়।

৩)পাচনঃ এই প্ৰক্ৰিয়াত কিছুমান এনে ঔষধি ব্যৱহাৰ কৰা হয় যিয়ে শৰীৰৰ ভিতৰত জমা হোৱা অপাচিত খাদ্যভাগ হজম কৰাত সহায় কৰে। যেনেকৈ ভাত বাহি হৈ গলে সি পচি গৈ দুৰ্গন্ধময় আৰু বিষাক্ত হৈ পৰে ঠিক তেনেদৰেই শৰীৰৰ খাদ্যভাগ সঠিক সময়ত হজম নহলেই বিষ ৰূপ ধাৰণ কৰে আৰু শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পাচন প্ৰক্ৰিয়াৰে আমি ইয়াৰ পৰা আঁতৰি থাকিব পাৰো।

৪) বমনঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি শৰীৰৰ উৰ্ধ ভাগ অৰ্থাৎ মুখ মণ্ডলৰ পৰা আৰম্ভ কৰি আমাশয় লৈ থকা অলাগতীয়াল তথা বিষাক্ত পদাৰ্থ সমূহ নিৰ্গত কৰি তাৰ শোধন কৰা হয়। ইয়াৰ দ্বাৰা সঘনে হৈ থকা গেষ্টাইটিচৰ সমস্যা,GERD, ছালৰ সমস্যা,মেদবহুলতা আদিৰ পৰা উপশম পোৱা যায়।

৫) বিৰেচনঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি শৰীৰৰ অধো ভাগ অৰ্থাৎ আন্ত্ৰৰ পৰা পায়ুলৈকে থকা অলাগতীয়াল বিষাক্ত পদাৰ্থ সমূহৰ শোধন কৰা হয়। ইয়াৰ দ্বাৰা সঘনে হৈ থকা কৌষ্ঠকাঠিন্যতা, মুত্ৰাশয়, জননাংগৰ বিভিন্ন সমস্যা, বাত বিষ, ছালৰ ৰোগ আদিৰ পৰা উপশম পাব পাৰি।

‌৬) নৎস্যঃ এই প্ৰক্ৰিয়াত নাকৰ বিন্ধাৰে বিশেষ নিয়ম মানি কিছুমান ঔষধি তেল অথবা ক্বাথ দ্ৰব্য প্ৰেৰণ কৰা হয়। আয়ুৰ্বেদত নাক মস্তিষ্কৰ লগত চিধা সংযোগ থকা বুলি কোৱা হয়, সেয়েহে মস্তিষ্কৰ আৰু তাৰ লগত জড়িত অংগ সমূহৰ শোধনৰ বাবে নৎস্য উত্তম বুলি কোৱা হয়। মানসিক বিকাৰ, মগজুৰ বিকাৰ, মূৰৰ বিষ, চৰ্দি(sinusitis) আদিত ইয়াৰ সুফল দেখিবলৈ পোৱা যায়।

‌৭)অঞ্জনঃ এই প্ৰক্ৰিয়া চকুৰ শোধনৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত কিছুমান এনে ঔষধি ব্যৱহাৰ কৰা হয় যিয়ে চকুৰ ভিতৰত জমা হোৱা মল সমূহ নিৰ্গত কৰি চকুৰ তৰ্পন কৰাই দৃষ্টি শক্তি বৃদ্ধি কৰে।

‌৮) স্নেহন আৰু স্বেদন- এই প্ৰক্ৰিয়াত প্ৰথমতে সৰ্বশৰীৰ ঔষধিযুক্ত তেলেৰে ভালদৰে মালিচ কৰা হয় তাৰ পাচত গোটেই শৰীৰটোত গৰম সেক দিয়া হয়। এনে কৰিলে শৰীৰত জমা হোৱা অলাগতীয়াল বিষাক্ত পদাৰ্থ ভাগ গলিত হয় আৰু গৰম সেকৰ বাবে ছালৰ ঘৰ্মগ্ৰন্থি বোৰ খোল খাই যায়, যাৰ দ্বাৰা শৰীৰৰ অলাগতীয়াল পদাৰ্থৰ কিছু অংশ ছালেৰে নিৰ্গত হয়।

এনেকৈয়ে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত শৰীৰৰ শোধন(body peurification)ৰ বিষয়ে বিষদ ভাবে আলোকপাত কৰা হৈছে। প্ৰতিটো অংগ ৰ বাবে বিশেষ শোধন, প্ৰতিটো বেমাৰৰ বাবে বিশেষ শোধন উল্লিখিত আছে। যেনেকৈ কাপোৰ লেতেৰা হলে তাক ধুব লাগে, মেচিনত মামৰ লাগিলে তাত তেল দি চাফা কৰিব লাগে, ঠিক তেনেকৈয়ে শৰীৰক অলাগতীয়াল পদাৰ্থ সমূহৰ পৰা ৰক্ষা কৰিবলৈ শোধন কৰিব লাগে। সময়ে সময়ে এই সহজ-সৰল শোধন প্ৰক্ৰিয়াবোৰ কৰি থাকিলেই আপুনি বহু মাৰত্মক ব্যাধিৰ পৰা আঁতৰি থাকিব পাৰিব। এই শোধন প্ৰক্ৰিয়াৰ দ্বাৰা এজন নিৰোগী ব্যক্তি সদায় নিৰোগী হৈ থাকিব পাৰে আৰু ৰোগী ব্যক্তিৰ ৰোগ নিৰ্মূল হ'ব পাৰে। কিন্তু মনত ৰাখিব সকলো চিকিৎসাৰে এটা সঠিক সময় থাকে, ৰোগ যেতিয়া অতি পুৰণি হৈ যায় তাক নিৰ্মূল কৰা অতি কঠিন হৈ পৰে। সেয়েহে ৰোগৰ আৰম্ভণিতেই আপোনালোকে অভিজ্ঞ চিকিৎসকৰ ওচৰ চাপিব আৰু ৰোগৰ ভয়াবহতাৰ পৰা আঁতৰি থাকিব।

ডাঃ দুলুমণি কলিতা
আয়ুৰ্বেদিক চিকিৎসক
ফোন নং ৮৬৩৮৭৪৯৪৯৪

কিটিভ কুষ্ঠ/ PsoriasisPsoriasis হৈছে  এটি ব্যাপক ভাবে দেখা দিয়া গুৰুত্বপূৰ্ণ ছালৰ ৰোগ। এই ৰোগ যদি এবাৰ দেখা দিয়ে তাৰ প...
03/09/2021

কিটিভ কুষ্ঠ/ Psoriasis
Psoriasis হৈছে এটি ব্যাপক ভাবে দেখা দিয়া গুৰুত্বপূৰ্ণ ছালৰ ৰোগ। এই ৰোগ যদি এবাৰ দেখা দিয়ে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু কষ্টকৰ হৈ পৰে। ফলত ৰোগী সকল শাৰীৰিক আৰু মানসিক ভাবে হতাশ হৈ পৰে আৰু নিজকে সমাজৰ পৰা আঁতৰাই ৰাখিলৈ চেষ্টা কৰে। এই বেমাৰ বিধক Autoimmune Disease বুলি আধুনিক চিকিৎসা বিজ্ঞানে বিবেচনা কৰে। ইয়াৰ লক্ষণ সমূহ হৈছে শৰীৰৰ ছাল দেখাত মাছৰ বাকলি দৰে হৈ শুকান হৈ ছাল উঠি যোৱা , ই অতি সোনকালে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বিয়পি পৰে আৰু সৰ্বশৰীৰতেই ব্যাপ্ত হৈ পৰে, খজুৱতি ইয়াৰ এটা প্ৰধান লক্ষণ, কেতিয়াবা খজুৱাতিৰ পাচত তেজ ওলোৱা বা পুজ ওলোৱাও দেখা যায় , আদি । ই দেখাত বহুত অসহনীয় লগতে অসহ্যকৰ হয় সেইবাবে ৰোগীয়ে মানসিক চাপত ভোগা দেখা যায় আৰু সমাজৰ সন্মুখতও হীনমন্যতাত ভোগে। ই দেখাত ভয়ংকৰ যদিও ইজনৰ পৰা সিজনলৈ নিবিয়পে।
আয়ুৰ্বেদিক পদ্ধতিত ইয়াৰ সু চিকিৎসা হয়, এই ব্যধিক মূল সহ নিৰ্মূল কৰাৰ বাবে চিকিৎসা কৰা হয়, ইয়াত ব্যবহৃত ঔষধৰ পাৰ্শ্বক্ৰিয়া ও অতি সিমিত। এই সপ্তাহত আমাৰ কায়াচিকিৎসা / medicine বিভাগত চিকিৎসা হোৱা এগৰাকী ৰোগীৰ ফটো চেয়াৰ কৰিছোঁ।
ফোন no- +918930275372, +916001068338

 # # / গেছট্ৰচলিউচন # # #আয়ুৰবেদীয় শাস্ত্ৰ ৰ মতে কামৰূপ ৰাজ্যত অম্লপিত্ত ৰোগ বিধ ৰ প্ৰবনতা অধিক বেছি ইয়াৰ কাৰণ হৈছে ই...
14/08/2021

# # / গেছট্ৰচলিউচন # # #
আয়ুৰবেদীয় শাস্ত্ৰ ৰ মতে কামৰূপ ৰাজ্যত অম্লপিত্ত ৰোগ বিধ ৰ প্ৰবনতা অধিক বেছি ইয়াৰ কাৰণ হৈছে ইয়াৰ পৃথক জলবায়ু আৰু খোৱাবোৱাৰ ধৰণ। ইয়াৰ কিছু বিৱৰণ তলত পঢ়ুৱই আৰু ৰোগী সকলৰ অলপ সুবিধাৰ বাবে কিছু বিৱৰণ আগবঢ়োঁৱা হৈছে।
১.ডিঙিতগোটা বস্তু বজি থকা যেন লগা( globus) ---
অনবৰতে বা মাজে মাজে গলত কিবা গোটা বস্তু বাজি থকাৰ অনুভৱ কে গ্লবাছ বোলা হয়।
এইটো কেতিয়াও খাদ্য বস্তু খাওঁতে অসুবিধা নকৰে
বা গিলোতেও অসুবিধা নকৰে কিন্তু খোঁৱাৰ সময়ত লেলাউটি ওলালে সেইটো গিলিব নোৱাৰা হয়।
ইয়াৰ কাৰণ সমূহ হৈছে-
অত্যাধিক চিন্তা, মানসিক চাপ, খাদ্যনলীৰ উৰ্ধ অংশ ৰ মাংহপেহী ৰ কৰ্মহানি, খাদ্যনলীৰ লৰচৰ কৰা কৰ্মহানী আৰু gastroesophageal reflux বেমাৰ।
২. বুকু জলাপুৰা কৰা -
বুকুৰ মাজৰ হাড় ডালৰ ঠিক পিছ অংশ ত জলাপুৰা কৰা, বেছি ভাগ খাদ্য খোৱাৰ পিছত , বিছনাত বাগৰি থকা অৱস্থাত আৰু,হালি থকা অৱস্থাত এই পুৰণিৰ মাত্ৰা বেছি হয় । কিন্তু ই কেতিয়াও বেছি শাৰীৰিক শ্ৰমৰ লগত ইয়াৰ কোনো সম্পৰ্ক দেখা নাযায় ।
৩.খাদ্যবস্তু উলটি অহা(Regurgitation) - কষ্ট নকৰাকৈ পীত পানী বা খাদ্যনলীৰ বস্তু বমিভাব আৰু পেট ত কষ্ট অনুভৱ নকৰাকৈ মুখলৈ উলটি অহাকে regurgitation বোলে।
বুকুজলাপোৰা আৰু খাদ্য বস্তু উলটি অহা দুয়োটাই বেছিভাগ ক্ষেত্ৰতে আন কিছুমান অসুিধাৰ লগত দেখা যায় যেনে বুকু বিষ , globus sensation , বমি বমি ভাৱ , পানী উগাঁৰ, কষ্টপূৰ্বক গীলা আদি।
৪ .Water brush ( পানী উগাৰ)-
অনবৰতে মুখখন নিমখিয়া পানীৰে ভৰি থকা ।
এইটো দৰাচলতে GERD বেমাৰত দেখা যায়।
৫.বমি বমি ভাৱ আৰু বমি - শাৰীৰিক আৰু মানসিক ভাবে পেটৰ বস্তু মুখেদি উলিয়াই দিয়াকে বমি বোলা হয়।
Pharynx , হৃদয়ৰ কোষ বোৰ , peritoneum , পিত্ত নলী আৰু আমাশয় এই কেত বোৰ ঠাইৰ বিষম সংগতি হলেই বমি ৰ ভাৱ আৰু বমি বেছি হয়।
৬. Anorexia - অভোক অভোক লগা আৰু খাবলে মন নোযোৱা।
৭. গেছ ভাৱ আৰু পেটফুলা -
পেটৰ গেছ সাধাৰণতে হৈছে খুদ্ৰান্ত্ৰৰ ভিতৰত বেক্টেৰিয়া বিলাকে উৎপাদন কৰা বায়ু মলদ্বাৰ দি বা মুখাদ্বৰ দি বাহিৰলৈ ওলাই দিয়া এটি সাধাৰণ প্ৰক্ৰিয়া । এই বায়ু যেতিয়া পাইখনা দ্বাৰ দ্বাৰা পৰিত্যাগ কৰা হয় ইয়াক সাধৰণ ভাষাত পা দ বুলে আৰু যেতিয়া মূখেদি উলিয়াই দিয়া হয় ইয়াক কয় ধুমদ্গৰ । দিনত ১৩ বাৰ লৈকে পাদা normel হয়। এই বায়ু ত যেতিয়া হাইড্ৰজেন sulphide , ammonia , volatile fatty acid ,methane gas অতিমাত্ৰা হয় তেতিয়া ই দূৰ্গন্ধ যুক্ত হয় ।
পেঁটফুলা ভাৱ - ৰাতিপুৱাৰ পৰা লাহে লাহে পেট ফুলিব আৰম্ভ হয় আৰু টোপনি গলে নাইকিয়া হৈ যায়। খালেই বাঢ়ি যায় আৰু শুই দিলে আকৌ কমি যায় ।
৮. ঢোক গিলোতে অসুবিধা বা খাদ্য বস্তু ডিঙি ত বাজি যোৱা ( dysphagia)। খাদ্যনলী ক্ষীণ হৈ গলে, ফুলি লে, অথবা ইনফেকচন হলে, খাদ্যনলী ৰ স্নায়ু ৰ বেমাৰ হলে, ডাঙৰ goiter হলে এই অসুবিধা দেখা দিয়ে।
৯. দীৰ্ঘদিন ধৰি বা মাজে মাজে পেটৰ ওপৰৰ অংশ ত বিষ বা অশান্তিৰ অনুভৱ( Dyspepsia)-
ৰোগীয়ে বদ হজম হোৱা , সোনকালে ভোক গুচি যোৱা, বমি ভাৱ , বমি একেলগে অনুভৱ কৰিব পাৰে।
ওপৰৰ আটাইবোৰ অসুবিধা দীৰ্ঘদিন ধৰি হয় থাকিলে ৰোগীয়ে পিছলৈ ৰক্তহীনতা , পুষ্টিহীনতা, gastro intestinal bleeding , hepatomegaly , H. Pylori infection , gastroduedenal ulcer , gastric cancer (কৰ্কট ৰোগ) ত আক্ৰান্ত হোৱাৰ আশংকা থাকে।
এই দীৰ্ঘদিনীয়া অসুবিধা সমূহ ৰ পৰা গুৰিৰ পৰা সমূলি পৰিত্ৰাণ পাবলৈ আৰু দীৰ্ঘ দিন ধৰি গ্যষ্ট্ৰিকৰ ঔষধ খোৱাৰ পৰা হোৱা ক্ষতি ৰ পৰা পৰিত্ৰাণৰ বাবেও অতি সুষম ঔষধ আৰু থেৰাপী আয়ুৰবেদিক চিকিৎসা প্ৰণালী আছে। ইয়াৰ বিষয়ে অধিক তথ্য জানিব ৰ বাবে বা ইয়াৰ পৰা পৰিত্ৰাণ পাবলে ৰোগী সকলে কায়াচিকিৎসা বহি বিভাগ (OPD) লৈ আহিব পাৰে নতুবা contact কৰিব পাৰে Dr Ranjan k.kalita ক । তেওঁ এই বিষয়ৰ অধ্যয়নৰ লগত অনবৰতে জৰিত হৈ থাকে । 👉 Continue....................

👉ডাঃ ৰঞ্জন কুমাৰ কলিতা
Phone no - +918011566721 (Lecturer )Kayachikitsa Dept.
Govt Ayurvedic College and Hospital Jalukbari

There will be free  Bone Mineral Density (BMD) test along with diet yoga advice in KC OPD tomorrow morning on 12.08.2021...
11/08/2021

There will be free Bone Mineral Density (BMD) test along with diet yoga advice in KC OPD tomorrow morning on 12.08.2021
👉Osteoarthritis, osteoporosis musculoskeletal disorders( joint pain ) patients can approach for the benefit.
👉Venue:
Kayachikitsa (KC -4)OPD,
Government Ayurvedic College and Hospital, Jalukbari

11/08/2021

Address

Gauhati
781014

Opening Hours

Monday 8am - 2pm
Tuesday 8am - 2pm
Wednesday 8am - 2pm
Thursday 8am - 2pm
Friday 8am - 2pm
Saturday 8am - 2pm

Telephone

+918638211399

Website

Alerts

Be the first to know and let us send you an email when Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram