09/09/2020
" শ্বিলংত থকাৰ সেই সময়তে মনৰ সেই নৈৰাশ আৰু আত্মহত্যাৰ ভাব হৃদয়ৰ মাজত খুটি পুতিয়েই যেন বহি আছিল। প্ৰিয়জনৰ লগত বিচ্ছেদ হোৱাৰ দাৰুণ পৰিপতিৰ কথা ভাবি মোৰ অন্তৰ আত্মই সেই শিশু অৱস্থাতেই কাঁতৰ হৈ পৰিছিল। এই যন্ত্ৰণাৰ ঠিক সংঞ্জা মই দিব নোৱাৰিছিলো। ই এক ৰহস্যময়ী ভাবধাৰা আছিল যাক জয় কৰিব চেষ্টা কৰিও মই কোনো দিনে জয় কৰিব পৰা নাছিলো। "
" পিতাৰ মৃত্যুৰ পাছত এনে ধৰণৰ সুন্দৰ সম্বন্ধৰ প্ৰস্তাৱ আৰু নহা হল। মাই নিজৰ পছন্দমতে কেবা ঠাইতো বিয়াৰ বন্দোৱস্ত কৰিবলৈ গৈ বিফল আৰু হতাশা হল। শৈশৱৰ সেই দুখবোৰ আৰু হতাশা মোৰ লগত ছাঁৰ দৰেই ঘূৰি ফুৰিবলৈ ধৰিলে। "
"মনে মাত্ৰ বিছাৰিছিল সেই যন্ত্ৰণাবোৰৰ পৰা ৰক্ষা পাবলৈ যিকোনো উপায়ে_ এৰা যিকোনো উপায়ে। এইখিনি সময়ত শাৰীৰিকভাৱে একেবাৰে দূৰ্বল হৈ পৰিছিলো। বাহিৰৰ জগতখনৰ সন্মুখীন হোৱাও মোৰ বাবে এক সমস্যাৰ দৰে হৈ পৰিছিল।" (Dr. Mamoni Roisom Goswami.
The unfinished Autobiography )
(আধালিখা দস্তাবেজ)!
এই কথাখিনি ভাৰতৰ (অসমৰ) এগৰাকী প্ৰসিদ্ধ আধুনিক সাহিত্যবিদ ড° মামণি ৰয়ছম গোস্বামী বাইদেউৰ। যোনে এটা সময়ত দিনে - ৰাতিয়ে মানসিক হতাশাত( মনো-বিজ্ঞানৰ ভাষাত Depression) ভূগিব লগীয়া হৈছিল।
এটা ভুল ধাৰণাই আমাৰ মনত খোপনি পুতি ৰাখিছে যে সফল ব্যক্তিসকল সদায়ে সঠিক আৰু শুদ্ধ। সেয়েহে যোনবোৰ মানুহে নিজৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আগবাঢ়ে, সেইসকল ব্যক্তিৰ কাৰণে এটা খুবেই মাৰাত্মক বাধাৰূপে ঠিয় দিয়ে আমাৰ এই চিন্তাধাৰা, আৰু এইবোৰেই সৃষ্টি কৰে মানসিক চাপৰ।
বহু আগৰেপৰাই মানসিক হতাশাক ভূল আৰু নিন্দনীয় বুলি বুজি আহিছে সকলোৱে, কিন্তু এই মানসিক হতাশা মানুহে ভবাতকৈও মাৰাত্মক আৰু খুবেই চিন্তনীয় বিষয় হৈ পৰিছে আজিৰ সময়ত। মানসিক হতাশাই কোনো ধৰণৰ ভেদাভেদ নাৰাখে ধনী-দুখীয়া, সফল-বিফল সকলো মানুহকেই নিজৰ কবলত লব পাৰে।
এই মূহুৰ্তত যদি আমি মানসিক হতাশা বা Depression ৰ সৈতে সংঘৰ্ষ কৰিব লগীয়া হৈছে, তাৰমানে এইটো নহয় যে আমি সফলতা অৰ্জন কৰিব নোৱাৰিম। এইক্ষেত্ৰত আমি ড°মামণি ৰয়ছম গোস্বামী বাইদেউৰ কথা আৰু জীৱনৰ আদৰ্শ দাঙি ধৰিলে বুজি উঠিব পাৰি যে মানসিক হতাশাই অকল আপোনাক পিছলৈ ঠেলি নপঠিয়াই, যদি সঠিক সময়ত সঠিক বিচাৰ হয় আপোনাক সফলতাৰ বাটও দেখুৱাই।
সকলোবোৰ বেমাৰৰ সমাধান থকাৰ দৰে মানসিক অশান্তিৰো সমাধান আছে, কাৰণ ইও আপোনাৰ আন বেমাৰবোৰৰ দৰে এটা বেমাৰহে মাথো। মানুহৰ মন্তব্য এই বেমাৰটোৰ প্ৰতি কি? সেইটো সিমান গুৰুত্বপূৰ্ণ নহয়, যিমান আপোনাৰ জীৱনতো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ।
---ডা° মল্লিকা বৰা ,এম বি বি এছ, এম ডি ( মানসিক ৰোগ বিশেষজ্ঞ)
--------------------------------------------------------------------
The above quotes in Assamese are of a celebrated contemporary writer of Indian (Assamese) literature- Dr Mamoni Roisam Goswami- who was on a tug-of-war with depression, struggling depression with all her might.
Often we believe that successful people are perfect and have no flaws, thereby creating a harmful stereotype for those who dream of accomplishing success, especially those with mental illnesses.
For long, clinical depression has been poorly understood and stigmatized. But it is very real and far more serious than most people realize. Depression is beyond the barriers of rich and poor, success and failure. It can grab everyone in it's web.
However just because there is a struggle now, doesn't mean it is impossible to find success. In fact Dr Goswami's words and life proves that it is not only possible to keep depression from holding you back, but it's also possible to be triumphant with it.
Do seek out help for your depression. It is real just like any other disorder. People's opinions about the disorder don't matter, but your life matters .
---Dr Malleeka Bora, MBBS, MD(Psychiatry)