ChowLung Suokafa Health Care & Research Institute

ChowLung Suokafa Health Care & Research Institute Special treatment centre for:
Pain, Paralysis, Slip Disc, Spinal Chord Injury, Frozen Shoulder, Post No. L-34541 (I.A.P.)

Member of Indian Red Cross Society (Delhi)
Member of Indian Association of Physiotherapy
Regd.

পৱিত্ৰ বৰদিনৰ শুভকামনা। পৃথিৱীৰ মানৱ সমাজ কুশলে থাকক। সুস্থ শৰীৰৰ এখন সমাজ গঢ়ি উঠক।
25/12/2020

পৱিত্ৰ বৰদিনৰ শুভকামনা। পৃথিৱীৰ মানৱ সমাজ কুশলে থাকক। সুস্থ শৰীৰৰ এখন সমাজ গঢ়ি উঠক।

Special treatment centre for: Pain, Paralysis, Slip Disc, Spinal Chord Injury, Frozen Shoulder, Post & Pre Operative Car...
12/12/2020

Special treatment centre for:
Pain, Paralysis, Slip Disc, Spinal Chord Injury, Frozen Shoulder, Post & Pre Operative Care, Sport Injury, Child Disability, etc.
Centre Led By :
Dr. Gautam G. Chetia
M.P.T. (Ortho)
M.I.S.T.A.C. (AIIMS Delhi)
Contact : +91 7662937701
E-Mail :drgautamchetia9@gmail.com

অসমৰ ৰাজনীতিৰ পিতামহ স্বৰূপ ৰাজনীতিবিদ তৰুণ গগৈ ডাঙৰীয়াক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ চিন্তা আৰু কৰ্ম কালজয়ী হও...
24/11/2020

অসমৰ ৰাজনীতিৰ পিতামহ স্বৰূপ ৰাজনীতিবিদ তৰুণ গগৈ ডাঙৰীয়াক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ চিন্তা আৰু কৰ্ম কালজয়ী হওঁক।

Be confident & Be cool . . .Need patience for any good result!
18/11/2020

Be confident & Be cool . . .
Need patience for any good result!

Good MorningBe healthy . . . Be happy
17/11/2020

Good Morning
Be healthy . . . Be happy

https://www.facebook.com/361515211329509/posts/870408070440218/
15/11/2020

https://www.facebook.com/361515211329509/posts/870408070440218/

আমাৰ সমাজৰ বহু মানুহৰ এটা প্ৰধান সমস্যা হ'ল কঁকালৰ বিষ। আহকচোন ইয়াৰ সমাধানৰ উপায় বিচাৰোঁ। বিশিষ্ট চিকিৎসক ডাঃ গৌতম গোবিন্দ চেতিয়াৰ অনুমতি সাপেক্ষে পূৰ্ব প্ৰকাশিত লিখনি এটা আগবঢ়াইছো।

✍ ডাঃ গৌতম গোবিন্দ চেতিয়া

অস্থি বিভাগৰ ফিজিঅথেৰাপি বিশেষজ্ঞ।
মূখ্য প্ৰৱন্ধক, চাওলুং চুকাফা হেলথ কেয়াৰ এণ্ড ৰিচাৰ্চ ইনছষ্টিটিউট, হাটীগাও, গুৱাহাটী

সৰুৰে পৰা মৃত্যু পৰ্যন্ত আমাৰ শৰীৰৰ ওজন কঢ়িওৱা সৰ্বোচ্চ ডাঙৰ জইণ্টটোৱেই হ'ল কঁকাল।তাৰ পাছতহে আঁঠু দুটা বা অন্য। গতিকে কঁকাল বিষৰ কাৰণ ভিন্ন হোৱাটো স্বাভাৱিক। যিদৰে মেদবহুলতা এটা প্ৰধান কাৰণ, ঠিক তেনেদৰে যিকোনো ধৰণৰ অতিমাত্ৰা কাম কৰা, একেৰাহে বহি থকা, একেৰাহে ঠিয় হৈ থকা, অতিমাত্ৰা খোজ কঢ়া ইত্যাদি বিভিন্ন কাৰণ স্বাভাৱিকতে দেখা পোৱা যায়। আমাৰ ৰাজহাড় ডাল হৈছে ৩৩ খন সংযুক্ত হাড়ৰ সমষ্টি অৰ্থাৎ মগজুৰ স্কাল অংশৰ পৰা কঁকালৰ তললৈকে ই বিস্তৃত হৈ আছে। এখনৰ লগত আনখন ডিক্স মিলি মুঠ বত্ৰিশখন সমান্তৰাল ভাৱে। আমাৰ এই ডিক্সবোৰৰ সমষ্টি দেখাত প্ৰায় এছ (S) আকৃতিৰ চেপৰ দৰে। মন কৰিবলগীয়া কথাটো হ'ল ডিঙিৰ অঞ্চলটো আৰু কঁকালৰ অঞ্চলটোতহে তাৰ মাজৰ অঞ্চলটোতকৈ পৰ্যাপ্ত পৰিমাণৰ বিষ হোৱা লোকৰ সংখ্যাই অধিক দেখা যায়, তাৰ তুলনাত মাজৰ অঞ্চলটোত বিষ হোৱা ৰোগীৰ সংখ্যা কিন্তু নগণ্য, ইয়াৰ পৰা এটা সিদ্ধান্তলৈ আহিব পাৰি যে আমাৰ সচৰাচৰ লৰচৰ হৈ থকা শৰীৰৰ জইণ্টবোৰ অতি সহজতে বিষৰ সংস্পৰ্শলৈ আহে, আঁঠু আৰু ডিঙিৰ যদিও সমস্যা কম নহয় কঁকাল বিষৰ সমস্যা সেই অনুপাতে যথেষ্ট দেখা যায়, হতকৰা ৮০-৯০ শতাংশৰ অধিক লোক হ'ব বা এনেকুৱা ব্যক্তি একেবাৰে নগন্য বুলিব পাৰি যি কঁকাল বিষৰ দৰে সমস্যা কেতিয়াও হোৱা নাই বুলি ক'ব পাৰিছে।

ব্যক্তি অনুযায়ী পেছাগত কাৰণত হোৱা সমস্যাও বিভিন্ন হ'ব পাৰে। তাৰোপৰি ৰাজহাড়ৰ ক্ষয়ৰোগ ৰাজহাড়ৰ মাজত থকা কোমল অংশবিশেষ ওলাই আহি কাষৰ স্নায়ুত খুন্দা মাৰি সৃষ্টি হোৱা সমস্যা যাক শ্লিপ-ডিক্স বোলা হয়। সেয়া এটা কঁকাল বিষৰ প্ৰধান কাৰণ। ৰাজহাড়ৰ সমান্তৰালকৈ থকা লিগামেণ্টত অৰ্থাৎ হাড়বোৰৰ সংযোগী অংশত আঘাত এটা কাৰণ। এডাল বিশেষ নাৰ্ভ (Sciatic)ত হোৱা সমস্যা, সাধাৰণতে Sciatic নামৰ এই বিশেষ নাৰ্ভডাল কঁকালৰ পৰা গুৰুহালৈকে বিস্তৃত হৈ থাকে। বাইক চলাওতে ব্যৱহৃত অধিক কিক্ মৰাৰ ফলত বা তেনেকুৱা যিকোনো কাম যেনে কোনো ছোৱালীয়ে যি ক্লাচিকেল নৃত্য অৰ্থবা গুৰুহা বা হিল সঘনাই আৰু যোৰে যোৰে মাটিত পেলোৱা কাৰ্য্য কৰে, তেওঁলোকে সঘনাই এই সমস্যাৰ সম্মুখীন হয়, এনে কাৰ্য্য বাৰে বাৰে কৰাৰ ফলত এই Sciatic নাৰ্ভডাল আঘাতপ্ৰাপ্ত অৰ্থবা কম্প্ৰেচ্দ হয় তেতিয়া লাহে লাহে দীৰ্ঘম্যাদী এক বিষ অনুভৱ হয়, সেই বিষ কঁকালৰ পৰা তলৰ যিকোনো অংশত হ'ব পাৰে। সুদীৰ্ঘ সময় বহা বা অন্য কাৰণত ও Sciaticৰ বিষ হোৱা শুনিবলৈ পোৱা যায় যিটো ২৫-৩৫ বছৰ বয়সৰ ব্যক্তিৰো হ'ব পাৰে। অষ্টিঅ'পৰছিছ বা হাড়ৰ কেলচিয়ামৰ পৰিমাণ কম হোৱাও এটা কাৰণ। নাৰ্ভৰ সংকোচন বা স্পাইনেল কেনাল ষ্টিন'ছিছ, ছেক্লেলাইজেছন আদিও অন্যতম কাৰণ। বাতবিষ বা আৰ্থৰাইটিছ সচৰাচৰ ৰিউমেট'ইড আৰু অষ্টিঅ'আৰ্থৰাইটিছেই প্ৰধান। শৰীৰৰ প্রায় সকলোবোৰ জইণ্টতৰিউমেটইড-আৰ্থৰাইটিছৰ প্ৰভাৱ পৰে, ই পৰ্য্যায়ক্ৰমে গোটেই শৰীৰটোক অচল কৰি পেলায়, লাহে লাহে পাছলৈ কঁকালত ইয়াৰ প্ৰভাৱ বেছি দেখা যায়। অষ্টিঅ'আৰ্থৰাইটিছ আঁঠুত বেছি হোৱা পৰিলক্ষিত হয় যদিও কঁকাল বাঁওসী আদিতো ইয়াৰ প্ৰভাৱ কম পৰিমাণে হ'লেও পৰিলক্ষিত হয়। সচৰাচৰ হৈ থকা পানীলগা জ্বৰ, নিম'নিয়া জ্বৰ, ইত্যাদিৰ পাছতো কঁকালৰ বিষ যিকোনো বয়সৰ ব্যক্তিৰ দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে ১৮-২০ বছৰ বয়সৰ লৰা এজনে যদি অতিমাত্ৰা কঁকালৰ বিষ হোৱা প্ৰায়ে কোৱা শুনা যায়, পলম নকৰি অভিজ্ঞ চিকিৎসকৰ অতি শীঘ্ৰে কাষ চপা উচিত, তাৰোপৰি চিকিৎসকেও কেতিয়াবা এনে সমস্যা থকাজনৰ চিকিৎসাৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত লোৱাও পৰিলক্ষিত হয়। প্ৰকৃততে খেল-ধেমালি বা বহা-শোৱাৰ ভুল পৰিণতিত এনে বিষ হোৱা বুলি যদি চিকিৎসা অব্যাহত থাকে, আৰু কোনোপধ্যেই যদি সুফল নাপায় সেয়া হয়তো এঙ্কাইল'জিং স্পণ্ডাইল'ছিছ যিটোক বেম্ব'স্পাইন বুলিও কোৱা হয়, তেনে হোৱা সম্ভাৱনা নুই কৰিব নোৱাৰি আৰু ১৮-২০ বছৰ বয়সত অতি কম পৰিমাণেহে ধৰা পৰে, এনেকুৱা ধৰণৰ সন্দেহ হ'লে চিকিৎসকৰ পৰামৰ্শত HLA-B-27 নামৰ পৰীক্ষাটো পৰীক্ষাগাৰত কৰি লোৱাটো অতি বাঞ্চনীয়। যিহেতু এই ৰোগ হোৱাটো নিশ্চিত হ'লে লগে লগে চিকিৎসা আৰম্ভ কৰিব পৰা যায়। যিহেতু সময়মতে চিকিৎসা আৰম্ভ হ'লে অধিক সুফল আশা কৰিব পাৰি।

বিভিন্ন ধৰণৰ ৰাজহাড়ৰ কেঞ্চাৰৰ বাবেও কঁকাল বিষ হ'ব পাৰে। ৰাজহাড়ৰ গঠনৰ জন্মগত বিজুতি "স্পাইনা বাইফিদা" য'ত ৰাজহাড়ৰ পশ্চাদভাগ বন্ধ হোৱাৰ পৰিবৰ্তে খোলাকৈ থাকি যায়, এনে অৱস্থাত সকলোৰে কঁকালৰ বিষ যদিও নহয় দুই এজনৰ ক্ষেত্ৰত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া দেখা যায়। তাৰোপৰি মধুমেহ ৰোগ, ঠাইৰড গ্লেণ্ড, বৃক্ক- যকৃত, মূত্ৰনলী বা কিডনিৰ পাথৰ আদিৰ সমস্যাৰ বাবেও কেতিয়াবা কঁকালৰ বিষ হ'ব পাৰে। তুলনামূলক ভাৱে পুৰুষতকৈ মহিলাৰ কঁকাল বিষজনিত সমস্যা অধিক দেখা যায়। অধিক চৰ্বিযুক্ত পেট হোৱা বাবে এজন পুৰুষৰ অতিমাত্ৰা কঁকাল বিষৰ সমস্যা নোহোৱা নহয়, অধিক চৰ্বিযুক্ত পেটৰ বাবেই ৰাজহাড়ৰ যি নিয়মীয়া কাৰ্ভ তাৰ বিৰূপ প্ৰভাৱ পৰা দেখা যায়, যিটো "কাইফ'ছিছ", "লৰ্ডছিছ" আদিৰ দৰে বিসংগতি বুলি কওঁ, ঠিক একে বিসংগতি এগৰাকী ৫-৬ মহীয়া সন্তানসম্ভৱা মহিলাৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। ভাৰতবৰ্ষৰ শতকৰা ৯৯ শতাংশ মহিলাই কেলচিয়াম ডোফিছিয়েনছি, মাল্টিভিটামিন ডেফিচিয়েন্সিতত ভোগা বুলি এটা সমীক্ষাত পোৱা গৈছে, বেছি পৰিমাণে মহিলাৰ কঁকাল বিষৰ সেয়াও এটা কাৰণ বুলি ভাবিবৰ থল আছে, চিন্তনীয় বিষয় যে কেলচিয়াম বা মাল্টিভিটামিন চেফিছিয়েনছি মহিলাগৰাকীৰ অকল সন্তান জন্মৰ পাছতেই যে হয় তেনে নহয় সন্তান জন্মৰ আগতো পৰিলক্ষিত হৈছে।

ব্যক্তি অনুসৰি বিষৰ কাৰণো ভিন্ন, কঁকাল বিষ হোৱা উৎসটো যদি চিকিৎসকজনে সঠিকভাৱে নিৰীক্ষণ কৰি উলিয়াব পাৰিছে, তেন্তে উপশম হোৱাটো প্ৰায়ে নিশ্চিত বুলি ক'ব পাৰি। হঠাৎ সৰু-সুৰা কামৰ বাবে হোৱা কঁকাল বিষৰ বাবে কিছুসময় বিশ্ৰাম লওক, সাৱধানতা অৱলম্বন কৰক। বিশ্ৰাম মানেই অকল অতিৰিক্ত সময় শুই কটোৱা ধাৰণাটো ভুল। প্ৰাথমিক পৰ্য্যায়ত ঘৰুৱা কিছুমান দিহাৰেও সাধাৰণ কঁকাল বিষৰ পৰা বহুদূৰ উপশম পাব পাৰি। হট-ৱাটাৰ-বেগ, গৰম পানী বা সুবিধা অনুযায়ী অন্য গৰম সেক দিনত দুই-তিনিবাৰকৈ ২০-৩০ মিনিট সময় ল'ব পাৰে। ফিজিঅ'থেৰাপি চিকিৎসা অনুসৰি ব্যায়াম আৰম্ভ কৰাটো অতি প্ৰয়োজনীয়। যদিহে কঁকাল বিষৰ সমস্যাত ঘৰুৱা যতন কৰিও সুফল পোৱা নাই। এই কঁকাল বিষ আদি কৰি যদি কোনোধৰণৰ বিষৰ কৱলত কেতিয়াও পৰা নাই সকলো বয়সৰ পুৰুষ-মহিলাই নিয়মিত খোজ কঢ়া, চাইকেল চলোৱা, সাঁতুৰা, দৌৰা আদিৰ জৰিয়তে স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰিলে অদূৰ ভৱিষ্যতে হ'ব পৰা সমস্যাৰ পৰা কিছুপৰিমাণেও হাত সাৰিব পাৰি।

প্ৰাচ্যাত্য দেশবোৰৰ দৰে স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰা কিছুপৰিমাণে হ'লেও গাওঁৰ তুলনাত চহৰ অঞ্চলত দেখিবলৈ পোৱা গৈছে, এইটো অতি ভাল কথা। কিন্তু চহৰৰ তুলনাত গ্ৰামঞ্চল বেছি বাবে ৰোগীৰ সংখ্যাও তুলনামূলকভাৱে বেছি। চিকিৎসাৰ ক্ষেত্ৰত এইটো কথা বেছি গুৰুত্বপূৰ্ণ অৰ্থবা লক্ষণীয় হ'ব যে, চহৰৰ মহিলাসকল যিদৰে এৰ'বিক ব্যায়ামৰ দ্বাৰা শৰীৰ সক্ষম কৰি ৰাখিবলৈ চেষ্টা কৰে ঠিক তেনেদৰে গ্ৰামাঞ্চলৰ মহিলাই আজৰিপৰত নিৰ্দিষ্ট সময় উলিয়াই যত্নপৰ হোৱাটো। পোনকৈ বঢ়া-ওঠাৰ অভ্যাস গঢ়ি তুলিব লাগে, নিৰ্দিষ্ট সময় শোৱাৰ ওপৰি, শোৱা বিচনাখন অলপ টান হ'ব লাগে, যিহেতু পৰ্যাপ্ত কোমল হোৱাটো কঁকাল বিষৰ বাবে ক্ষতিকাৰক অথবা স্বাস্থ্যসন্মত নহয়। স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ নকৰাটোও কঁকাল বিষৰ এটা কাৰণ হ'ব পাৰে। কঁকাল বিষ হ'লে সাধাৰণতে খেলুৱৈসকলে বেট লিক্টিং, কেৰাটে, ফুটবল, হকী, বাস্কেটবল, হেণ্ডৱল ইত্যাদি খেলৰ পৰা বিৰতি লোৱাটো বাঞ্চনীয়, আৰু স্পৰ্টছ ফিজিঅ'থেৰাপি চিকিৎসকৰ নিৰ্দেশমতে চলাটো অতি গুৰুত্বপূৰ্ণ, যিহেতু তেওঁহে নিৰ্ধাৰণ কৰিব আপুনি পুনৰ খেলত যোগদান কৰিব পৰাকৈ সুস্থ হয়নে নহয়, যদি নহয় তেওঁৰ পৰামৰ্শমতে সুফল লাভ কৰিবলৈ থেৰাপি অৱলম্বন কৰক। সাধাৰণ কঁকাল বিষত ঘৰুৱা দিহা উল্লেখকৰা মতে ললেও তাৰ সমান্তৰালকৈ গধুৰ বস্তু ভঙা, কুঁজা হৈ যিকোনো কাম কৰা বা মহিলাসকলে ওখ গুৰোহাৰ জোতা-চেণ্ডেল আদি পৰিহাৰ কৰা নিতান্তই প্ৰয়োজনীয়। উল্লেখনীয় যে পুৰুষসকলে পেন্টৰ পাছফালে শকত মানিবেগ ৰখাৰ ফলতো বিষ হয় যিটো Sciatica বা মাংসপেশীৰ এটা অসহনীয় বিষৰ কথা জানিব পৰা গৈছে, সেয়ে যদিও পাছফালৰ পকেটত কিবা বস্তু ৰখা হয়, বহা অৱস্থাত যাতে একো ৰখা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আধুনিক চিকিৎসাব্যৱস্থাত ফিজিঅ'থেৰাপি চিকিৎসা এটা সফল চিকিৎসা হিচাপে পৰিচিত হৈছে, সৌভাগ্যৰ কথা যে, বিশেষকৈ অন্যান্য বিষকে আদি কৰি কঁকাল বিষ ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতিত অন্যান্য পৰীক্ষা নিৰীক্ষা, এক্সৰে, চি-টি-স্কেনঅকে আদি কৰি ব্যয়বহুল খৰচ নকৰাকৈয়ে ফিজিঅ'থেৰাপি চিকিৎসকৰ নিৰীক্ষণৰ দ্বাৰা কৰা বিশেষ Observation আৰু পৰীক্ষাৰ মাধ্যমেৰে কেৱলমাত্ৰ Exercise Therapy আৰু Electrotherapy ৰ জৰিয়তে যথেষ্ট সুফল পোৱা পৰিলক্ষিত হৈছে। অন্যহাতে শ্লিপ ডিক্স, Sciatica, লোম্বাৰ স্পণ্ডাইল'ছিছ আদিৰ দৰে সমস্যাও অপাৰেচনত এক বুজন পৰিমাণৰ খৰচ হোৱাৰ উপৰিও বহুত কম পৰিমাণেহে সফল হৈছে। এইক্ষেত্ৰত অপাৰেচনৰ পাছতো ৰোগীয়ে দীৰ্ঘম্যাদীভাৱে পুনৰাই ফিজিঅ'থেৰাপি চিকিৎসা গ্ৰহণ কৰাটো কেতিয়াবা একান্তই প্ৰয়োজনীয় হোৱা দেখা যায়। ফিজিঅ'থেৰাপি চিকিৎসাৰ দ্বাৰা এনেকুৱা ৰোগীয়ে এটা বৃহৎ পৰিমাণৰ ধনৰ খৰচ বহন নকৰাকৈ, তাৰোপৰি এটা বৃহৎ প্ৰত্যাহ্বানযুক্ত অপাৰেচনৰ সম্মুখীন নোহোৱাকৈয়ে সুস্থ শৰীৰৰ অধিকাৰী হোৱাটো চিকিৎসা জগতৰ এটা সফল খোজ বুলি ক'ব পৰা যায়। যদিও বিশেষ কাৰণত এনেকুৱা কোনো ৰোগীৰ ক্ষেত্ৰত অপাৰেচনেই চূড়ান্ত বুলি বিবেচিত হয় অপাৰেচনৰ পাছতো তেনেকুৱা ৰোগীক ফিজিঅ'থেৰাপিৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যদি এশজন সুস্থ মানুহৰ এম-আৰ-আই কৰা হয় তাতো আনুমানিক চল্লিছজনৰ কিবা নহয় কিবা সমস্যা দেখা যায়, তাৰোপৰি কাৰোবাৰ ৰিপৰ্ট নিশ্চিতভাৱে ভাল দেখা যায় সমস্যা থকা সত্বেও। শৰীৰৰ ডাঙৰ জইণ্ট বুলিয়েই নহওক কিয় আমি সকলোৱে কঁকালৰ সামান্য বিষ হ'লেও সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়, যিহেতু অদূৰ ভৱিষ্যতে যাতে শ্লিপ ডিক্স, লুম্বাৰ স্পণ্ডিলাইটিছ, Sciatica আদিৰ দৰে সমস্যাৰ যাতে সন্মুখীন নহওঁ তাৰ বাবে সতৰ্ক হোৱা উচিত। পুৰুষৰ তুলনাত নাৰীৰ কঁকালৰ জইণ্ট তুলনামূলকভাৱেই ডাঙৰ যিটো সৃষ্টিকৰ্তাৰ কেঁচুৱা কঢ়িয়াবলৈ সেয়া অপূৰ্ব নিদৰ্শন বুলি বিজ্ঞানে যদিও কয় সেয়া নাৰীৰ সৌন্দৰ্যৰ পৰিচাৰ্যকো বুলি ক'ব পৰা যায়। ঠিক যেনেকৈ আঁটিল কঁকালটো পুৰুষৰ শক্তিৰ পৰিচাৰ্যক। কঁকালৰ যত্নৰ প্ৰতি সকলোৱে সচেতনতা অৱলম্বন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ, যিহেতু আমাৰ শৰীৰৰ সৰ্বোচ্চ ডাঙৰ জইণ্ট কঁকালটোৰ সামান্য বিজুতিৰ বাবেই অলৰ অচৰ হৈ পৰো, তাৰ প্ৰতি সচেতনতা অৱলম্বন কৰি এটা সর্বাংগ সুন্দৰ জীৱন উপভোগ কৰক।

Physiotherapy provides services to individuals to develop, maintain and restore the maximum movement. Physiotherapy help...
15/11/2020

Physiotherapy provides services to individuals to develop, maintain and restore the maximum movement. Physiotherapy helps in reducing pain, restore mobility and flexibility, increase range of motion of joints, strengthen the muscles and maintain the correct posture of the body.

Contact Us

Rehabilitation is care that can help you get back, keep, or improve abilities that you need for daily life. These abilit...
23/10/2020

Rehabilitation is care that can help you get back, keep, or improve abilities that you need for daily life. These abilities may be physical, mental, and/or cognitive (thinking and learning). You may have lost them because of a disease or injury, or as a side effect from a medical treatment. Rehabilitation can improve your daily life and functioning.

Who needs rehabilitation?
Rehabilitation is for people who have lost abilities that they need for daily life. Some of the most common causes include

Injuries and trauma, including burns, fractures (broken bones), traumatic brain injury, and spinal cord injuries
Stroke
Severe infections
Major surgery
Side effects from medical treatments, such as from cancer treatments
Certain birth defects and genetic disorders
Developmental disabilities
Chronic pain, including back and neck pain

15/10/2020


Physical therapy (PT), also known as physiotherapy, is one of the allied health professions that, by using evidence-based kinesiology, exercise prescription, health education, mobilization, electrical and physical agents, treats acute or chronic pain, movement and physical impairments resulting from injury, trauma or illness typically of musculoskeletal, cardiovascular, respiratory, neurological and endocrinological origins. Physical therapy is used to improve a patient's physical functions through physical examination, diagnosis, prognosis, patient education, physical intervention, rehabilitation, disease prevention and health promotion. It is practiced by physical therapists (known as physiotherapists in many countries).

ফিজিঅ' থেৰাপি কেন্দ্ৰপেৰালাইছিচ, বিষ, স্লিপডিস্ক, স্পাইনেল কৰ্ডৰ সমস্যা, ৰাজহাড়ৰ বিষ, পিঠি আৰু বাউসীৰ বিষ, শিশুৰ জন্মগত ...
10/10/2020

ফিজিঅ' থেৰাপি কেন্দ্ৰ

পেৰালাইছিচ, বিষ, স্লিপডিস্ক, স্পাইনেল কৰ্ডৰ সমস্যা, ৰাজহাড়ৰ বিষ, পিঠি আৰু বাউসীৰ বিষ, শিশুৰ জন্মগত বাধাগ্ৰস্ততা ইত্যাদিৰ লগতে অস্ত্ৰোপচাৰৰ আগৰ আৰু পিছৰ সমস্যা সমাধানৰ বাবে নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ।

নেতৃত্বতঃ

ডাঃ গৌতম জি. চেতিয়া
ফিজিঅ'থেৰাপি বিশেষজ্ঞ (অস্থি)
সদস্য সৰ্বভাৰতীয় ৰেডক্ৰছ চছাইটি সদস্য সৰ্বভাৰতীয় ফিজিঅ'থেৰাপি সংস্থা

বিশেষ দ্ৰষ্টব্যঃ থকা আৰু খোৱাৰ ব্যৱস্থাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয় ব্যক্তিয়ে যোগাযোগ কৰক।

যোগাযোগ ঠিকনাঃ
হাতীগাওঁ থানাৰ সন্মুখত মাডাৰ টেৰেছা ৰ'ড, হাউচ নংঃ ০১
মোবাইল নংঃ ৭৬৬২৯ ৩৭৭০১, ৮২৫৫০১০৯৫৭

ChowLung Suokafa Health Care & Research InstituteSpecial treatment centre for:Pain, Paralysis, Slip Disc, Spinal Chord I...
08/10/2020

ChowLung Suokafa Health Care & Research Institute

Special treatment centre for:
Pain, Paralysis, Slip Disc, Spinal Chord Injury, Frozen Shoulder, Post & Pre Operative Care, Sport Injury, Child Disability, etc.

Address : House No.1, Hatigaon Road, Hatigaon, Opposite Hatigaon Police Station, Mother Teresa Road
Gauhati, Assam, India

Address

House No. 1, Hatigaon Road, Hatigaon, Opposite Hatigaon Police Station, Mother Teresa Road
Gauhati
781038

Telephone

+917002053056

Website

Alerts

Be the first to know and let us send you an email when ChowLung Suokafa Health Care & Research Institute posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to ChowLung Suokafa Health Care & Research Institute:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram