Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05

  • Home
  • India
  • Gauhati
  • Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05

Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05 Midland Hospital,Opposite State Zoo, Guwahati has been providing excellent services to all department

স্ত্ৰীজনিত যিকোনো ৰোগৰ বাবে যোগাযোগ কৰিব পাৰে।
06/02/2025

স্ত্ৰীজনিত যিকোনো ৰোগৰ বাবে যোগাযোগ কৰিব পাৰে।

06/02/2025
10/12/2024
10/12/2024

মহিলা সকলৰ বাবে গুৰুত্বপূৰ্ণ!!
ইক্ট'পিক প্ৰেগনেঞ্চি কি?? শুনক আৰু গুৰুত্ববুজি শ্বেয়াৰ কৰক!!
ৰক্তপাত, তীব্ৰ পেটৰ বিষ হলে যোগাযোগ কৰক॥
079035 96427

06/12/2024
✍এনকাইলোজিং স্পণ্ডিলাইটিছঃকঁকালৰ প্রদাহজনিত বাত ৰোগ এনকাইলোজিং  স্পণ্ডিলাইটিছত মেৰুদণ্ডৰ অস্থিসন্ধিসহ অন্যান্য অঙ্গ-প্রত...
06/12/2024

✍এনকাইলোজিং স্পণ্ডিলাইটিছঃ

কঁকালৰ প্রদাহজনিত বাত ৰোগ এনকাইলোজিং স্পণ্ডিলাইটিছত মেৰুদণ্ডৰ অস্থিসন্ধিসহ অন্যান্য অঙ্গ-প্রত্যঙ্গ আক্রান্ত হয়।ইয়াক একেবাৰে নির্মূল কৰিব পৰা নগলেও আধুনিক চিকিৎসাৰ মাধ্যমত নিয়ন্ত্রণত ৰাখিব পৰা যায়।
স্পণ্ডিল'আর্থ্রাইটিছ হল এক প্ৰকাৰৰ বাত ৰোগ। স্পণ্ডিল'আর্থ্রাইটিছ সংক্ৰমনত কেইবাটাও অস্থিৰ ৰোগ হব পাৰে,যাৰ অন্যতম এটি হল এনকাইলোজিং স্পণ্ডিলাইটিছ। অন্য ৰোগবোৰ হল ৰি-একটিভ আর্থ্রাইটিছ, ছৰিয়াটিক আর্থ্রাইটিছ, ইনফ্লেমেটৰি বাওয়েল ডিজিজ আর্থ্রাইটিছ,জুভেনাইল ইডিওপেথিক আর্থ্রাইটিছ, ক্রনছ্ ডিজিজ ইত্যাদি।এনকাইলোজিং স্পণ্ডিলাইটিছ নামক বাত ৰোগটি তুলনামূলকভাৱে নাৰীৰ তুলনাত পুৰুষৰ বেছি হয়।
✍উপসর্গসমূহঃ
👉মূল উপসর্গ হল কঁকালৰ বিষ। প্রথমতে বিষ মৃদু থাকে।কিন্তু দিন যোৱাৰ লগে লগে এই বিষ তীব্রতৰ হয়।
👉বিচনাত বিষৰ যন্ত্ৰণাত ইফাল-সিফাল কৰে। ৰাতি বিষ ইমানেই বেছি হয় যে বিষৰ বাবে টোপনিৰ পৰা সাৰ পায় যায়।
👉বিশ্রাম ললে বিষ বাঢ়ে কিন্তু কাম কাজ কৰি থাকিলে বিষ কমি থাকে।
👉কঁকালত বিষ নহলেও বিভিন্ন অস্থিসন্ধি যেনে ভৰিৰ বিভিন্ন গাঁঠি সমূহত বিষ হোৱাৰ লগতে ভৰিৰ নিম্নাংশ ফুলি যাব পাৰে।এটা ভৰিত বেছি বিষ অনুভৱ হলে আনটোত বিষ কম হয়।
👉ভৰিৰ মাংসপেশীসমূহ যিবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে সেইবোৰ স্থানত বিষ বেছি হয়।
✍কাৰণসমূহঃ
পৃথিবীৰ প্ৰায় ৮০ শতাংশ মানুহৰ জীৱনত কোনোবা না কোনোবা বয়সত কঁকালৰ বিষ হয়েই।মানৱ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বা ইমোইন ছিস্টেম থাকে যাৰ কামেই হল শৰীৰক নিঃৰোগী কৰি ৰখা।ইমোইন ছিস্টেম দূৰ্বল হৈ যোৱাৰ ফলত শৰীৰৰ বিভিন্ন গাঁঠি বা জইন্ট,মাংসপেশী,হাড় প্রভৃতিকে আদি কৰি সকলো অংগ-প্ৰতংগ সংক্ৰমিত হয়।
✍️এনকাইলোজিং স্পণ্ডিলাইটিছ পুৰুষ-মহিলা উভয়ৰে হব পাৰে।
ইয়াৰ বাবে দায়ী কাৰকসমূহ:
👉বংশগত: ২০-২৫ শতাংশ ক্ষেত্রত জেনেটিক কাৰণ বা বংশপৰম্পৰা কাৰক হিচাপে অভিহিত কৰা হয়।
👉ভাইৰাছ: কিছু কিছু ভাইৰাছ সংক্ৰমনৰ ফলতো এই ৰোগ হয়।
👉বেক্টেৰিয়া: বেক্টেৰিয়াৰ আক্রমণ কৰিলেও এনকাইলোজিং স্পণ্ডিলাইটিছ হব পাৰে।
✍পৰীক্ষাঃ চিকিৎসকৰ পৰামৰ্শমতে নিন্মোক্ত পৰীক্ষাসমূহ কৰিলে ৰোগ নিশ্চিত কৰিব পাৰি-
👉লেব টেস্ট: তেজৰ কিছু পৰীক্ষা-নিৰীক্ষা কৰিলে এই ৰোগ ধৰা পৰে। যেনে: ছিবিছি(CBC), ইএছআৰ(ESR), এইছএলএ-বি২৭(HlaB-27) ইত্যাদি,এ এন এ(ANA),আৰ এ ফেক্টৰ ( RA FACTOR)
👉ইমেজিং: মেৰুদণ্ডৰ দুয়োকাষে থকা দুয়োটা ছেক্ৰ'ইলিয়াক(SI)জইন্টৰ এক্স-ৰে কৰিলে এই ৰোগ নিশ্চিত হব পাৰি।ক্ষেত্রবিশেষে হাড়ৰ ছফট্ টিচুবোৰত বিশেষ চিহ্ন বা লক্ষণ চাই ৰোগ নির্ণয়ৰ বাবে ছেক্ৰ'ইলিয়াক জইন্টৰ ছিটি স্কেন, এমআৰআই কৰি নিশ্চিত হব পাৰি।
👉আলট্রাছাউণ্ড বা ছন'গ্ৰাফী: এনকাইলোজিং স্পণ্ডিলাইটিছ নিশ্চিত কৰিবলৈ মাস্ক'স্কেলেটাল আলট্রাছন'গ্রাফী পৰীক্ষাটিও কৰিব পাৰি।
✍চিকিৎসা ও কৰণীয়ঃ
👉ফিজিঅ'থেৰাপি : এনকাইলোজিং স্পণ্ডিলাইটিছ হলে দৈনিক শাৰিৰীক ব্যায়াম বা ফিজিঅ'থেৰাপিয়ে ৰোগ নিৰাময়ত বহুত সহায় কৰে।শাৰিৰীক ব্যায়ামে মাংসপেশীসমূহক শক্তিশালী ও কাৰ্যক্ষম কৰি ৰখাৰ উপৰিও ৰাতি গভীৰ টোপনি অহাত সহায় কৰে।
👉ছাৰ্জাৰী বা অস্ত্ৰোপচাৰ: ছাৰ্জাৰীৰ জড়িয়তে এই ৰোগ নিৰ্মূল কৰিব পাৰি।বিশেষ কৰি ভৰিৰ ওপৰৰফালে যিসকলে অৱস অৱস অনুভৱ কৰাৰ ওপৰিও প্রস্রাৱ-পায়খানাত সমস্যা হয় তেখেত সকলৰ বাবে অস্ত্ৰোপচাৰ জৰুৰী।

✍এনকাইলোজিং স্পণ্ডিলাইটিছৰ ভয়াবহতাঃ
👉এনকাইলোজিং স্পন্ডিলাইটিছ হলে দেহৰ অন্যান্য অঙ্গ-প্রত্যঙ্গও আক্রান্ত হব পাৰে। ইয়াৰ ফলত চকু আক্ৰান্ত হয়।
👉প্রায় ২০-৩০ শতাংশৰো বেছি ক্ষেত্রত অন্যান্য গাঁঠি যেনে-ঊৰুসন্ধি বা হিপ জইন্ট আৰু নি জইন্ট বা আঁঠু আক্রান্ত হয়।
👉হৃদযন্ত্র বা হার্টৰ সমস্যা হব পাৰে।
👉স্নায়ুতন্ত্র আক্রমণ কৰাৰ লগতে স্নায়ুৰ শিৰাবোৰ দুর্বল কৰি নানা জটিলতাৰ সৃষ্টি কৰে।
👉চকুত সংক্ৰমণ হয়।
👉এনকাইলোজিং স্পণ্ডিলাইটিছৰ সমস্যা দীর্ঘদিন থাকিলে অস্টিঅ'পোৰ'ছিছ বা হাড়ৰ ক্ষয়জাতীয় ৰোগ হব পাৰে।

✍প্রতিৰোধ কৰণীয়ঃ
এনকাইলোজিং স্পণ্ডিলাইটিছ ৰোগ চিনাক্ত হোৱাৰ পিছতে দ্রুত চিকিৎসা কৰিলে প্রায় সম্পূৰ্ণ সুস্থতা লাভ কৰিব পাৰি।সেয়ে কঁকালৰ বিষ অনুভৱ কৰিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব লাগে।
#বিশেষ_সতৰ্কীকৰণঃ বিষনাশক ঔষধৰ অত্যধিক প্ৰয়োগৰ ফলত মাইগ্ৰেন,কিডনিত পাথৰ হব পাৰে।

বিঃদ্ৰঃ আয়ুস্মান কাৰ্ডৰ সুবিধা আমাৰ ইয়াত উপলব্ধ।এই কাৰ্ডৰ জৰিয়তে নিউৰোস্পাইন অস্ত্ৰোপচাৰৰ সুবিধা পাব।

অধিক তথ‍্যৰ বাবে যোগাযোগ কৰিব পাৰে...
ডাঃ শ্বাহিদুল ইছলাম
এছএমঅ' মিডলেণ্ড হস্পিতাল
ফোন নং 7903596427
9707738197

সকলোৰে সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলো।বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বিভিন্ন ধৰণৰ ৰোগী...
24/11/2024

সকলোৰে সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলো।
বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বিভিন্ন ধৰণৰ ৰোগী চোৱা হব।

22/11/2024

Any type of Onco surgeries & General surgeries of both hospitals ( Midland Hospital ➕ Agile Hospital) are run under guidance of Dr Mahibul Islam sir.
Do connect with us...we will provide you best treatment & services.

আমি প্ৰতিশ্ৰুতিবদ্ধ আপোনালকক পাটনাৰ বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা কৰাবলৈ......!!অহাকালি শনিবাৰ আবেলি...
01/03/2024

আমি প্ৰতিশ্ৰুতিবদ্ধ আপোনালকক পাটনাৰ বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা কৰাবলৈ......!!
অহাকালি শনিবাৰ আবেলি ৬ বজাৰ পৰা ৰাতি ৯ বজালৈ আৰু ৰবিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পাটনাৰ অস্থিৰোগ বিশেষজ্ঞ ডা:স্বামচুল হুদাক মিডলেণ্ড হস্পিতালত লগ পাব।
যোগাযোগ DrShahidul Pritam 7903596427

অর্শ বা পাইলচ (Piles) এটি যন্ত্রণাদায়ক ৰোগ।তথাপিও এই ৰোগটো হোৱাৰ পিছতো মানুহে লুকুৱাই ৰাখিব চেষ্টা কৰে। পাইলচৰ (Piles) স...
03/10/2023

অর্শ বা পাইলচ (Piles) এটি যন্ত্রণাদায়ক ৰোগ।তথাপিও এই ৰোগটো হোৱাৰ পিছতো মানুহে লুকুৱাই ৰাখিব চেষ্টা কৰে। পাইলচৰ (Piles) সমস্যা হলে ৰোগীৰ মলদ্বাৰৰ ভিতৰত ও বাহিৰত প্রদাহ (Inflammation) হয়।সেই গতিকে পায়খানা কৰাৰ সময়ত ভীষণ কষ্ট হয়।কেতিয়াবা পায়খানা কৰাৰ সময়ত বেছি চাপ বা হেচাঁ দিয়াৰ ফলত অত্যাধিক ৰক্তপাত (Bleeding) হয়।সেইবাবে এই ৰোগত আক্ৰান্ত সকলে বিষ আৰু ৰক্তপাত হোৱাৰ ভয়ত মলত্যাগ কৰিব নিবিছাৰে।ফলত পাইলচৰ সমস্যাৰ লগতে মানসিক অশান্তিত ভোগী ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি ঘটে।
(বিঃদ্ৰঃ-চিকিৎসা বিজ্ঞানৰ আধুনিকতাৰ ফলত আজিকালি লেজাৰ পদ্ধতিৰ সহায়ত কটাচিঙা নকৰাকৈ অস্ত্ৰোপচাৰ কৰা হয়।মিডলেণ্ড হস্পিতালত লেজাৰ চাৰ্জাৰী উপলব্ধ।ৰেচন কাৰ্ড আৰু আয়ুস্মান ভাৰত কাৰ্ড থকা ৰোগীৰ বিনামূলীয়া চিকিৎসা ও অস্ত্ৰোপচাৰৰ ব্যৱস্থা আছে।)

Address

Gauhati
781005

Alerts

Be the first to know and let us send you an email when Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Midland Hospital, Sreenagar Path,Opposite state Zoo, Guwahati-05:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category