02/06/2024
Infertility awareness month উপলক্ষে…
Beware of Dogs..
Baby on board..
ঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে সাগৰীয় ঘূৰ্ণীবতাহ ৰিমল আহি আছে, ৰাইজ সাৱধান হওঁক , সাগৰৰ উপকূলীয় অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ যাওক….....
এয়া হ'ল,
দুৰ্যোগ প্ৰশমন বিভাগে জাৰী কৰা সজাগতা মূলক আহ্বান
আজি মইও এনে এক সজাগতাৰ কাৰণে সমাজখনক আহ্বান জনাব বিচাৰিছো।
হয়, আমি সজাগ হবৰ হ'ল, আজিৰ সমাজত গা কৰি উঠা বৰ্দ্ধিত সন্তানহীনতাৰ কাৰণে।
সন্তান-হীনতা মানেনো কি?
এহাল দম্পতিয়ে সন্তান লাভৰ কাৰণে এবছৰ অহৰহ চেষ্টা কৰি থকাৰ পাছতো যদি অন্তঃসত্তা নহয় তেতিয়া সন্তান-হীনতাত ভোগা বুলি কোৱা হয়। কিন্ত্ত যদিহে মহিলা গৰাকীৰ বয়স ৩৫ ৰ বেছি হয় তেনে ক্ষেত্ৰত, চিকিৎসা শাস্ত্ৰ মতে এই সময়সীমা ৬ মাহ ধাৰ্য কৰা হৈছে ।
আপুনিও যদি এই সংজ্ঞাৰ ভিতৰত সোমাই পৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
কিয় চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে?
বৰ্তমান পৃথিৱীত সন্তান-হীনতাৰ হাৰ হৈছে ১৭.৫ শতাংশ, মানে প্ৰতি ৬ হাল দম্পত্তীৰ ভিতৰত এহালৰ সন্তান ধাৰণৰ ক্ষেত্ৰত কিবা নহয় কিবা অসুবিধাই দেখা দিয়ে। ভাৰতো এই ক্ষেত্ৰত পিছপৰি থকা নাই। ভাৰতত বৰ্ত্তমান এই হাৰ ১৬.৮ শতাংশ, যিটো অলপদিন আগলৈকে ১৫ শতাংশ আছিল।অৰ্থাৎ সন্তান-হীনতাৰ হাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে।
সন্তান লাভৰ বাবে বিভিন্ন চিকিৎসা বৰ্তমান উপলব্ধ। বিভিন্ন ধৰণৰ চিকিৎসাৰ অন্তত শতকৰা ৯৬ টা দম্পতিয়ে সন্তান লাভ কৰিবলৈ সক্ষম হয়। আৰু বাকী ৪ শতাং শ সকলো ধৰণৰ চিকিৎসাৰ পাছতো নিঃসন্তান হৈয়ে থাকিব লগীয়া হয়। এই চিকিৎসা কিছু দীঘলীয়া আৰু খৰছী। গতিকে যথেষ্ট ধৈৰ্য আৰু অৰ্থৰ প্ৰয়োজন হয়। কিন্তু লাগি থকাজন কিবা নহয় কিবা উপায়েৰে সফল হোৱাৰ সম্ভাৱনা অধিক।
কেতিয়া চিকিৎসকৰ কাষ চাপিব লাগে?
সন্তান লাভৰ বাবে চেষ্টা কৰি থকাৰ ১ বছৰৰ পাছত,বা বয়স বেছি হ'লে ৬ মাহৰ ভিতৰত কোনো ফল নাপালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
যদি ওজন, বয়স আৰু উচ্চতা অনুপাতে বেছি তেতিয়া সময় অপচয় নকৰি সোনকালেই বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।
সন্তান-হীনতাৰ কাৰণ স্ত্ৰী গৰাকী বা স্বামীজন বা দুয়োজনৰে কিবা অসুবিধাৰ কাৰণে হ'ব পাৰে। কেতিয়াবা কোনো কাৰণ নথকাকৈয়ো হ'ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ সময়ত দুয়োজনেই অহাটো বাঞ্চনীয়।
এগৰাকী নাৰীৰ ১৫ বছৰ মান বয়সৰ পৰা ৪৫ বছৰ মান বয়সলৈকে যদিও প্ৰজনন ক্ষমতা থাকে, সকলো মহিলাৰ ক্ষেত্ৰত এই বয়স বেলেগ বেলেগ। যিদৰে প্ৰত্যেক গৰাকী মহিলাৰ ঋতুমতী আৰু ঋতুস্ৰাৱ বন্ধ হোৱাৰ বয়স বেলেগ বেলেগ, তেনে দৰে উৰ্বৰতাৰ বয়সও বেলেগ বেলেগ।
২১ ৰ পৰা ২৮ বছৰমান বয়সলৈকে সাধাৰণতে এগৰাকী ভাৰতীয় মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা তুঙ্গত থাকে। লাহে লাহে এই ক্ষমতা কমিবলৈ ধৰে। ৩২ বছৰমান বয়সৰ পৰা এই ক্ষমতা আৰু কমি যায়। ৩৫ ৰ পৰা ৩৭ মান লৈকে এই ক্ষমতা যথেষ্ট পৰিমাণে কমি যায়। ৪০ বছৰৰ পাছত দুই একেহে প্ৰাকৃতিক ভাৱে সন্তান ধাৰণ কৰে। গতিকে প্ৰতিগৰাকী ছোৱালীয়ে এই কথা খিনি জানি লৈ নিজৰ জীৱনটো পৰিকল্পনা কৰা অতিকৈ প্ৰয়োজন। কাৰণ প্ৰতি গৰাকী মহিলাৰ ডিম্বাশয়ত থকা ডিম্বৰ পৰিমাণ জন্মতে নিৰ্দিষ্ট হৈ আহে। পাছত ইয়াক বঢ়াব নোৱাৰি। পঢ়া-শুনা বা অন্য কাম কাজ যিকোনো বয়সত কৰিব পাৰি যদিও সময়ৰ কাম সময়ত কৰিব পাৰিলে ভাল। কিন্তু বয়স গ'লে প্ৰাকৃতিক ভাৱে সন্তান লাভ কৰিব নোৱাৰি।
পুৰুষৰ ক্ষেত্ৰতো বয়স বঢ়াৰ লগে লগে প্ৰজনন ক্ষমতা কমি যায়।
বৰ্তমান চিকিৎসা পদ্ধতিয়ে বহু অসম্ভৱক সম্ভৱ কৰি তুলিছে। সন্তান-হীনসকলক সন্তান লাভ কৰোৱাৰ পদ্ধতিটোৱেই হ'ল কৃত্ৰিম প্ৰজনন পদ্ধতি Assisted Reproductive Technology.
সকলোৱে সজাগ হওক , আমি যাতে আমাৰ উত্তৰাধিকাৰী সৃষ্টি কৰি মানৱ প্ৰজাতি বৰ্তাই ৰাখিব পাৰো.....,
ধন্যবাদ