ABM Medicos

ABM Medicos It's a Medical Store & we aim @ better health and better life. All kinds of Ayurvedic Medicine of AR

19/08/2025

অৰ্শৰ পথ্য

কিছুমান ৰোগৰ সহজ ঔষধ একোটা গ্ৰন্থত উল্লেখ থাকে। যোগৰত্নাকৰত অৰ্শৰ এটা সহজ ঔষধ বা পথ্য আছে যিটো চিকিৎসকৰ দ্বাৰা নিদানপত্ৰত লিখা সম্ভৱ নহয়৷
সহজ ঔষধটো হ'ল-
ওলকচু এটা আনি বুঢ়া আঙুলিটোৰ সমান ডাঠকৈ মাটি বা আটাৰে চাৰিওফালে লেপি শুকুৱাই জুইত পুৰিব। লেপটো আঙঠাৰ দৰে ৰঙা হলে উলিয়াই ঠাণ্ডা কৰি কচুটো সৈন্ধৱ লৱন আৰু তেল সানি পিটিকা খাব বা গুড় আৰু তেল সানি খাব। গোটেই নাখাব,জোখ মতে পিতিকা খোৱাদি খাব।অৰ্শ ভাল হ'ব। মোৰ নহয় যোগৰত্নাকৰৰ সহজ বিধান। গতিকে কপি পেষ্ট কৰি ৰাইজক জনাই দিব।

ডা: সুজিত শাণ্ডিল্য, গুৱাহাটী

04/07/2024

৯ জুলাই/২৪
ABM Medicos, জালুকবাৰী,গুৱাহাটীত ডা:মনোজ কুমাৰ শইকীয়াই ৰোগী চাব । যোগাযোগ নম্বৰ - 6001805581 7002006288 9864174788

23/06/2024

ডা: মনোজ কুমাৰ শইকীয়া চাৰে অহা 30.06.24 তাৰিখ ৰবিবাৰে ABM MEDICOS JALUKBARI ত ৰোগী চাব। আগতীয়া বুকিং ৰ বাবে তলত দিয়া ফোন নম্বৰ ত যোগাযোগ কৰিব 7002006288, 6001805551, 7099859595, 9864174788

ডা: মনোজ কুমাৰ শইকীয়া চাৰে এই মাহৰ 19 আৰু 20 তাৰিখ (মঙ্গল আৰু বুধবাৰ) গুৱাহটীৰ জালুকবাৰী স্থিত ABM MEDICOS ত ৰোগী চাব। ...
04/09/2023

ডা: মনোজ কুমাৰ শইকীয়া চাৰে এই মাহৰ 19 আৰু 20 তাৰিখ (মঙ্গল আৰু বুধবাৰ) গুৱাহটীৰ জালুকবাৰী স্থিত ABM MEDICOS ত ৰোগী চাব। আগতীয়াকৈ বুকিং ৰ বাবে তলত দিয়া নম্বৰ ত যোগাযোগ KORIBO- 6001805581, 9101420319, 8876169286, 9864174788.

ডা.  মনোজ কুমাৰ শইকীয়া Sir এ অহা ১১ আৰু ১২ জুনত গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত ABM Medicos ত ৰোগী চাব। আগতীয়া যোগাযোগৰ মব...
30/05/2022

ডা. মনোজ কুমাৰ শইকীয়া Sir এ অহা ১১ আৰু ১২ জুনত গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত ABM Medicos ত ৰোগী চাব। আগতীয়া যোগাযোগৰ মবাইল নম্বৰ :- 8876169286, 6001805581

13/04/2022

আটাইলৈ অসমীয়া নববৰ্ষৰ লগতে বাপতি সাহোন ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জনাইছোঁ।

 #পিঠিৰ_বিভিন্ন_বিষ_আৰু_আয়ুৰ্বেদিক #অগ্নিকৰ্মা_চিকিৎসা পিঠিয়ে যি প্ৰধান অংগৰ ওপৰত ভৰ দি থাকে সেয়া হল মেৰুদণ্ড৷মেৰুদণ্ড অ...
24/02/2022

#পিঠিৰ_বিভিন্ন_বিষ_আৰু_আয়ুৰ্বেদিক
#অগ্নিকৰ্মা_চিকিৎসা

পিঠিয়ে যি প্ৰধান অংগৰ ওপৰত ভৰ দি থাকে সেয়া হল মেৰুদণ্ড৷
মেৰুদণ্ড অন্যান্য মাংসপেশী, পেশীৰজ্জু (লিগামেন্ট) সংযুক্ত হৈ থাকে। জাহাজত যেনেদৰে মাশুলৰ ওপৰতে ভৰ দি অন্যান যন্ত্র আদি স্থিৰ হৈ থাকে, মানুহৰ শৰীৰতো কেৱল মেৰুদণ্ডৰ ওপৰতে নিৰ্ভৰ কৰি অন্যান্য অংগ - প্রত্যংগবোৰ স্থিৰ হৈ থাকে। মেৰুদণ্ড সামান্যভাৱে ভাঁজ লগা
আৰু ইয়াৰ অতি কমেও চাৰিটা বক্ৰতল আছে।

এই চাৰিটা বক্ৰতল ডিঙি, বুকু, পেট আৰু শ্রোণী (নাভিৰ তল অংশ) অঞ্চলত থাকে। ডিঙি বা গলধন (চাৰ্ভাইকেল ) আৰু পেটৰ (লাম্বাৰ) অংশত মেৰুদণ্ড সন্মুখৰ পৰা দেখিলে ‘উত্তল’ অৱস্থাৰ অৰ্থাৎ বাহিৰৰ ফালে ফুলি থকা দেখায় । অন্য দিশত বুকু (থোৰাচিক) আৰু শ্রোণী অঞ্চলত (চেক্রাল) মেৰুদণ্ড 'অবতন' অর্থাৎ ভিতৰৰ ফালে ঘোৰ খোৱা। গতিকে ক'ব পাৰি যে মেৰুদণ্ডৰ আকাৰ অলপ পাক খোৱা ধৰণৰ। পিঠিৰ বিষৰ মূল কাৰণ আৰু উৎপত্তি জানিবলৈ হ'লে মেৰুদণ্ডৰ এই বাহ্যিক গঠন ভালদৰে জনাটো বৰ দৰকাৰ।

মেৰুদণ্ডৰ এই বিভিন্ন ৰোগৰ ওপৰত কিছু অৱলোকন কৰা হলঃ

#শ্লিপ_ডিস্কঃ

সাধাৰণতে, পঞ্চাশোর্ধ পুৰুষ আৰু মহিলাৰ মাজত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। কেবাটাও কাৰণত ডিস্কৰ বাহিৰৰ অংশ আগতেই ক্ষয় যায়। ইয়াৰ ভিতৰত এটি হ'ল, পুষ্টিকৰ খাদ্যৰ অভাৱ। ধূমপানৰ ফলতো বাহিৰৰ অংশৰ দ্রুত ক্ষয় হয়। ধূমপানৰ ফলত ধমনী আৰু সিৰা কিছু সৰু হৈ যায় আৰু ডিস্ক পর্যন্ত ৰক্ত চলাচলত ব্যাঘাত জন্মে। শকত মানুহৰ ডিস্ক কিছু অধিক সোনকালে ক্ষয় যায়, কাৰণ সাধাৰণ লোকৰ তুলনাত সেই ডিস্কবিলাকে অধিক ওজন বহন কৰিবলগীয়া হয়। ডিস্কৰ ক্ষয় প্ৰতিৰোধ কৰিবলৈ কোনো উপায় নাই। তথাপি ধূমপানৰ পৰা বিৰত থাকিলে, পুষ্টিকৰ খাদ্য খালে আৰু দেহৰ ওজনৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিলে ডিস্কৰ ক্ষয়ৰ প্ৰক্ৰিয়া বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। 'শিল্প ডিস্ক' হলে পিঠিৰ বিষ হয় কাৰণ ডিস্কৰ পৰা টুথপেষ্টৰ দৰে পদাৰ্থ ওলাই মেৰুদণ্ডৰ চাৰিওফালে অবস্থিত স্নায়ুৰ ওপৰত চাপৰ সৃষ্টি কৰে। এবাৰ এই জেলিৰ দৰে দ্ৰব্যবোৰ ওলাই গ'লে সেইবোৰ পুনৰ ঘূৰাই অনা সম্ভৱ নহয়৷ এই বিসংগতিৰ চিকিৎসাৰ এটি পদ্ধতি হল "আয়ুৰ্বেদিক অগ্নিকৰ্ম” চিকিৎসা-যাতে দেহৰ অধিকাংশ ওজন এই মাংসপেশীবিলাকে বহন কৰে আৰু মেৰুদণ্ডৰ ওপৰত চাপ কিছু কম হয়৷

#লাম্বাগো_বা_তপিনাৰ_বিষঃ

পিঠিৰ এটি সাধাৰণ বিষ হ'ল 'লাম্বাগো', যাক কোৱা হয় তপিনাৰ বিষ। অসতৰ্ক হৈ তললৈ হাউলিলে বা গধুৰ বস্তু দাঙিলে অথবা বেঁকা হৈ থিয় হ'লৈ সাধাৰণতে এই বিষটো হয়। যিসকল মহিলাই হাই হিলৰ জোতা - চেণ্ডেল পৰিধান কৰে, তেওঁলোকৰ তপিনাৰ বিষ হোৱাৰ আশংকা অধিক।

সাধাৰণতে, গর্ভবতী মহিলাসকলে গৰ্ভধাৰণৰ অন্তিম পৰ্যায়ত পিঠিৰ বিষ অনুভব কৰে, কাৰণ তেতিয়া ভ্রূণৰ ওজনে তপিনাক সন্মুখলৈ টানি আনে, ফলত মেৰুদণ্ডৰ বক্ৰৰেখা সলনি হয় আৰু তপিনাৰ ওপৰত অধিক চাপ পৰে।

#অষ্টিঅআৰ্থাইটিছঃ

পিঠিৰ বিষৰ এটি সাধাৰণ কাৰণ হ'ল মেৰুদণ্ডৰ ‘অষ্টিঅ আৰ্থাইটিছ ' । বয়সস্থ মানুহৰ ক্ষেত্ৰত ই খুবেই সাধাৰণ ৰোগ আৰু দৈহিক ক্ষয় ক্ষতিৰ ফলত এই ৰোগ হয়। অধিকাংশ ক্ষেত্ৰতে এই ৰোগ পঞ্চাছৰ অধিক বয়সত হয়। এবাৰ দৈহিক ক্ষয় - ক্ষতি আৰম্ভ হলে তাক আৰু বন্ধ কৰাৰ কোনো উপায় নেথাকে। হাড় আৰু গাঁঠিৰ ওপৰত পৰা ওজনৰ ভৰ কিছু লাঘৱ কৰাৰ চেষ্টা কৰিলে কিছু উপকাৰ পাব পাৰি। আৰু তাৰে এটি সহজ উপায় হ’ল নিয়মীয়াকৈ ব্যায়াম কৰি পিঠিৰ মাংসপেশী সবল কৰা, যাতে দেহৰ ওজন আংশিকভাৱে মাংসপেশীয়ে বহন কৰিব পাৰে।

#অষ্টিঅপৰোচিছঃ

পিঠিৰ বিষৰ আৰু এটা প্রধান কাৰণ হ’ল ‘অষ্টিঅ’পৰোচিছ’ অৰ্থাৎ হাড় সৰু হৈ যোৱা। বয়স যিমানে বাঢ়ে, হাড় সিমানেই কমি থাকে । ফলত কেলচিয়াম, ফছফেট আদিৰ অভাৱ ঘটে। ইয়াৰ ফলত হাড় দুৰ্বল আৰু ভংগুৰ হয়। এক্স - ৰে আৰু ‘বোন স্কেন'ৰ সহায়ত হাড়ৰ অৱস্থাৰ উমান ল'ব পৰা যায়। কশেৰুকাৰ প্ৰান্তদেশ ক্ষয় যোৱাৰ ফলত অলপ লৰচৰ কৰিলেই কশেৰুকাৰ সৈতে কাষৰ কশেৰুকাৰ ঘৰ্ষণ হয়। ফলত দিনত দেহ সঞ্চালনৰ সময়ত বিষ অনুভব হয় আৰু বিশ্ৰাম কৰিলেও আৰাম পোৱা নাযায় ।

দেহৰ এই সকলোবোৰ পৰিৱৰ্তনৰ কথা ভাবি হতাশ হোৱাৰ কোনো কাৰণ নাই৷ #আয়ুৰ্বেদিক_অগ্নিকৰ্ম_চিকিৎসা জৰিয়তে এই বিকাৰ সমূহ নিৰাময় কৰিব পৰা যায়৷

অগ্নিকৰ্মা, যাক thermal microcautery বুলিও জনা যায়, সুশ্ৰুত সংহিতাৰ ধ্ৰুপদী আয়ুৰ্বেদিক গ্ৰন্থত উল্লেখ কৰা হৈছে, যিটো বৈদিক শল্য চিকিৎসক সুশ্ৰুতৰ দ্বাৰা লিখা হৈছিল। তেওঁ বৰ্ণনা কৰে যে অগ্নিকৰ্মাই কেনেদৰে অস্থি (হাড়), সন্ধি (গাঁঠি) আৰু স্নায়ু (লিগামেণ্ট)ৰ বিকাৰৰ চিকিৎসাত অবিশ্বাস্য প্ৰভাৱ পেলাব পাৰে। বিষ তীব্ৰ হওঁক বা দীৰ্ঘম্যাদী হওঁক, অগ্নিকৰ্মা চিকিৎসা দুয়োৰে বাবে উপকাৰী হ'ব পাৰে।

Dr Bijay Sharma
MD(Ayurvedic) Medicine
Certified Agnikarma Specialist
For Appointment- 8011330306/8876169286
ABM MEDICOS, JALUKBARI
March 12 & 13.

31/12/2021

আটাইলৈ ইংৰাজী নৱবৰ্ষ 2022 ৰ অলেখ শুভকামনা জনালো।

25/12/2021

ডাঃ মনোজ কুমাৰ শইকীয়া ছাৰে ABM MEDICOS ত জানুৱাৰী 2 তাৰিখৰ পৰা 9 তাৰিখলৈ সদায় ৰোগী চাব।
আগতীয়াকৈ Appointment ৰ বাবে যোগাযোগ কৰক

পুৰুষৰ যৌন দুৰ্বলতা, কাৰণ আৰু আয়ুৰ্বেদিক প্ৰতিকাৰএটা বয়সত পুৰুষ- মহিলা উভয়ে কিছু নহয় কিছু পৰিমাণে যৌন দুৰ্বলতা বা যৌন সম...
15/11/2021

পুৰুষৰ যৌন দুৰ্বলতা, কাৰণ আৰু আয়ুৰ্বেদিক প্ৰতিকাৰ

এটা বয়সত পুৰুষ- মহিলা উভয়ে কিছু নহয় কিছু পৰিমাণে যৌন দুৰ্বলতা বা যৌন সমস্যাত ভুগি থকা দেখা যায়। চিকিৎসক হিচাপে হোৱা অভিজ্ঞতাৰ পৰা দেখা যায় যে প্ৰায়ভাগ ক্ষেত্ৰতে মানুহে এই সমস্যাৰ প্ৰাৰম্ভিক অৱস্থাত সাধাৰণতে কোনো নহয় কোনো বেজ, তান্ত্ৰিক বা সহজলভ্য আৰু লোভনীয় বিজ্ঞাপনৰ কাষ চাপে আৰু উপযুক্ত চিকিৎসাৰ অভাৱত এই সমস্যা লৈয়ে জীয়াই থাকে যেনেদৰে কিছুবছৰ আগতে মানসিক বেমাৰত ভোগা ৰোগীসকলৰ হৈছিলে।
কিন্তু ইয়াৰ মাজতে ভাল খবৰ এয়ে যে নৱ-প্ৰজন্মৰ বিশেষকৈ ন-বিবাহিত বা অতি শীঘ্ৰে বিবাহ বান্ধোনত আবদ্ধ হব লগা ব্যক্তি বা দম্পতী এই বিষয়ে যথেষ্ট সচেতন আৰু পৰামৰ্শৰ বাবে আহি থকা দেখা যায়। একমাত্ৰ উপযুক্ত পৰামৰ্শ (Proper counseling) আৰু কিছু বেমাৰৰ প্ৰাৰম্ভিক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিয়ে এক সুন্দৰ যৌন জীৱন উপভোগ কৰিব পাৰি। সেয়েহে আজি আমাৰ আলোচ্য বিষয় হল পুৰুষৰ যৌন দুৰ্বলতা কিয়নো বেছিভাগ পুৰুষে কম বেছি পৰিমাণে এই বেমাৰত ভোগা দেখা যায় (অৱশ্যে মহিলাৰ ক্ষেত্ৰতো এই সমস্যা বহুত আছে) ।

যৌন দুৰ্বলতা বুলিলে আমি কি বুজোঁ? সহজ অৰ্থত যৌন দুৰ্বলতা এনে এক সমস্যাক বুজায় যিয়ে ব্যক্তি বা দম্পত্তিৰ পৰিপূৰ্ণ যৌন ক্ৰিয়াৰ কোনোবা নহয় কোনোবা অৱস্থাত সম্পূৰ্ণ সন্তুষ্টিত বাধা প্ৰদান কৰে।এইখিনিতে উল্লেখ কৰা ভাল হব যে সম্পূৰ্ণ যৌন ক্ৰিয়াক আমি ৪ টা অৱস্থাত ভাগ কৰিব পাৰো - উত্তেজনা ( excitement), শীৰ্ষ অৱস্থা(Plateau), সম্পূৰ্ণ সন্তুষ্টি ( Or**sm) আৰু পূৰ্ব অৱস্থালৈ ঘূৰি যোৱা (Resolution)। এই চাৰি অৱস্থাৰ যিকোনো অৱস্থাতে যদিহে বাধাৰ সন্মুখীন হয় তেতিয়া আমি তাকে যৌন দুৰ্বলতা বুলি গণ্য কৰোঁ।
থুলমূল ভাৱে (যিহেতু গোটেইখিনি ইয়াত তুলি ধৰা সম্ভৱ নহয়) পুৰুষৰ যৌন দুৰ্বলতা আমি তলত উল্লেখ কৰা শ্ৰেণী সমূহত ভগাব পাৰো -
১. Desire Disorder or Hypoactive Sexual Desire ---- Loss of Libido বুলিলে আমি যৌন ক্ৰীড়াৰ প্ৰতি উদাসীনতা বা ইচ্ছাৰ অভাৱ বুলি বুজি পাওঁ।এয়া শাৰীৰিক বা মানসিক অৱস্থাৰ কাৰণে সাধাৰণতে দেখা যায়। শৰীৰত Testosterone Hormone ৰ অভাৱ হলেও এই সমস্যাত ভোগা দেখা যায়। অতিপাত Anxiety আৰু Depression হলেও এই সমস্যাই দেখা দিব পাৰে। অন্যান্য কাৰকৰ ভিতৰত Diabetes, High Blood Pressure বা কিছুমান Antidepressants ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপেও পুৰুষৰ যৌন দুৰ্বলতা দেখা দিব পাৰে।
২. Erectile Dysfunction - এটা বয়সৰ পিছত প্ৰায়ভাগ পুৰুষে এই সমস্যাত ভোগা দেখা যায়। Erectile Dysfunction বুলি তেতিয়াই কোৱা যায় যেতিয়া ব্যক্তিজনে লিঙ্গ শিথিলতা ৰ কাৰণে যৌন ক্ৰিয়া সম্পূৰ্ণ কৰাত অসমৰ্থ হয়। ইয়াৰ ঘাই কাৰণ হৈছে অংগৰ ৰক্ত সঞ্চালনতাত বাধা (Atherosclerosis) বা স্নায়বিক দুৰ্বলতা। ইয়াৰোপৰি অন্যান্য কাৰক যেনে Depression, Performance Anxiety নাইবা লিঙ্গত যদি কোনো আঘাত আদি থাকে।
৩. Ej*******on Disorder - আটাইবোৰ সমস্যাৰ ভিতৰত বেছিভাগ ৰোগীয়ে এই সমস্যাটো লৈয়ে অহা দেখা যায়।Ej*******on Disorder প্ৰধানকৈ তিনি ধৰণৰ হয় -
a. Premature Ej*******on - যাক আমি শীঘ্ৰ পতন বুলি কওঁ।
b. Inhibited or Re****ed Ej*******on - যেতিয়া বীৰ্যপাত নহয়
c. Retrograde Ej*******on - এই অৱস্থাত ৰোগীৰ বীৰ্য বাহিৰলৈ ওলোৱাৰ পৰিবৰ্তে মূত্ৰস্থলীলৈহে ওলোটাকৈ যায়।
৪. Or**smic Dysfunction - বহুত ক্ষেত্ৰত দেখা যায় যে ওপৰোক্ত তিনিওটা অৱস্থা ভালদৰে পাৰ হোৱাৰ পিছতো বহুতে সম্পূৰ্ণ তৃপ্তিৰ পৰা বঞ্চিত হয় বিশেষকৈ মহিলা সকল। পুৰুষৰ ক্ষেত্ৰতো কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া, মানসিক অৱস্থা বা Central Nervous System Disease ৰ কাৰণে সম্পূৰ্ণ তৃপ্তিৰ পৰা বঞ্চিত হব লগা হয়।
আয়ুৰ্বেদিক প্ৰতিকাৰ:
পুৰুষৰ যৌন সমস্যা আৰু ইয়াৰ বিতং চিকিৎসা প্ৰায়বিলাক প্ৰাচীন আয়ুৰ্বেদিক সংহিতা গ্ৰন্থত বিসদভাৱে বৰ্ণনা কৰা আছে। আয়ুৰ্বেদ শাস্ত্ৰত এই বেমাৰক আচাৰ্যভেদে নুপুংসকতা, ক্লীৱত্ব বা শুক্ৰদোষ নামেৰে পৰিচিত। চৰক সংহিতা (যি আয়ুৰ্বেদিক ঔষধি চিকিৎসাৰ মূল গ্ৰন্থ) ত এই বেমাৰৰ বিশদ চিকিৎসা বাজীকৰণ চিকিৎসা প্ৰকৰণ নামেৰে চাৰিটা খণ্ডত বহলাই উল্লেখ থকাৰ লগতে অন্যান্য আয়ুৰ্বেদিক গ্রন্থতো ইয়াৰ চিকিৎসাৰ উল্লেখ আছে।

আগতেই উল্লেখ কৰা ধৰণে যিহেতু পুৰুষৰ যৌন সমস্যা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু ব্যক্তি বিশেষে সমস্যাও বেলেগ বেলেগ গতিকে আমি অতি সৱধানতাৰে কাৰকবোৰ অনুসন্ধান কৰি চিকিৎসা আগবঢ়াও।সাধাৰণ কাৰণবোৰৰ ভিতৰত ( যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে দায়ী) Endothelial Dysfunction, Neurogenic Factors, Hormonal Pathway, Hemodynamic Factors আৰু কিছু পৰিমাণে মানসিক কাৰক।
গতিকে অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামর্শমতে উপযুক্ত চিকিৎসা পালে এই বেমাৰ সম্পূৰ্ণ নিৰাময়ৰ লগতে এক সুন্দৰ যৌন স্বাস্থ্যৰ অধিকাৰী হব পাৰি।
আয়ুৰ্বেদ শাস্ত্ৰত উল্লিখিত বনৌষধি বা বনৌষধি যোগ (চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব) যেনে - বিদাৰিকন্দ, গুদুচি, শতমূল, বান্দাৰকেকোৱা, বলা, গোখৰো কটা, অশ্বগন্ধা, মুছলিপাক, বানাৰী কল্প, ধাতুপুষ্টিক চূৰ্ণ, মনমথ ৰস, কামেশ্বৰ মোদক, কামিনিবিদ্ৰৱন ৰস ইত্যাদিৰ উপযুক্ত প্ৰয়োগেৰে এই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
(বি:দ্ৰ: বহুত দীঘলীয়া হোৱা বাবে থুলমূল আভাষ দিয়াৰ চেষ্টা কৰিছোঁ)

ডঃ মণিৰ দেৱান
প্ৰবক্তা, কায়চিকিৎসা বিভাগ
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়
গুৱাহাটী -১৪
ফোন নং 9864174788
( Writer is also a research scholar on the same topic under Srimanta Sankaradeva University of Health Science, Guwahati)

Address

PHOOLPAHI PATH, JALUKBARI CHARIALI, GUWAHATI
Guwahati
781014

Opening Hours

Monday 8am - 10pm
Tuesday 8am - 10pm
Wednesday 8am - 10pm
Thursday 8am - 10pm
Friday 8am - 10pm
Saturday 8am - 10pm
Sunday 8am - 10pm

Telephone

+919101420319

Website

Alerts

Be the first to know and let us send you an email when ABM Medicos posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to ABM Medicos:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram