Dr. Arup Kumar Nath

Dr. Arup Kumar Nath Official page of Dr Arup Kumar Nath, Urologist (Kidney Super-Speciality Surgeon) & Chairman iUKD This is the official page of Dr. Arup Kumar Nath.

DR Arup Kumar Nath is a Senior Urologist MS MCh from Ahmedabad. His Team is a premium service provider for the patients suffering from verious Kidney Stone, Prostate diseases.

 #প্ৰস্রাৱৰ_নিয়ন্ত্ৰণহীনতাডাঃ দুলুমনি কলিতা, আয়ুৰ্বেদিক চিকিৎসক, গুৱাহাটীনাৰীৰ জীৱনত অতি সাধাৰণভাৱে উপেক্ষিত এটা সমস্যাৰ...
28/02/2026

#প্ৰস্রাৱৰ_নিয়ন্ত্ৰণহীনতা

ডাঃ দুলুমনি কলিতা, আয়ুৰ্বেদিক চিকিৎসক, গুৱাহাটী

নাৰীৰ জীৱনত অতি সাধাৰণভাৱে উপেক্ষিত এটা সমস্যাৰ নাম হৈছে মূত্র অসংযম বা প্রস্রাৱৰ নিয়ন্ত্রণহীনতা (Urinary Incontinence)। বহু নাৰীয়ে হঁহাৰ সময়ত, কাঁহ মাৰোঁতে, দৌৰ মাৰোঁতে বা হঠাতে মূত্রচাপ আহিলে প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণ নোহোৱাৰ দৰে অনুভৱ কৰে। কিন্তু এই সমস্যাক অসুখ বুলি নাভাবে- “ডেলিভাৰীৰ পিছত এইবোৰ স্বাভাৱিক”, "বয়স হ'লে এইটো প্ৰায়েই দেখা যায়”, “ঘৰৰ কাম, সন্তান, দায়িত্বৰ টাবু”, আৰু "এইটো ক'বলগীয়া কথা নহয়” মানোভাবৰ বাবে বহু নাৰীয়ে এই সমস্যাক নিজৰ ভিতৰতে গোপনে ৰাখে। ফলস্বৰূপে এই অসুখে ধীৰে ধীৰে নাৰীৰ আত্মবিশ্বাস, সামাজিক জীৱন আৰু মানসিক শান্তি নষ্ট কৰে। কিন্তু সত্যটো হৈছে— মূত্র অসংযম কোনো নিয়তি বা দুৰাৰোগ্য ৰোগ নহয়, এইটো এটা চিকিৎসাযোগ্য অৱস্থা। আপুনি নাৰী মানেই সহ্য কৰিব লাগিব বুলি কোনো নিয়ম নাই। নিজৰ শৰীৰৰ সংকেতক অৱহেলা কৰাটো সাহস নহয়; বৰঞ্চ নিজৰ স্বাস্থ্যৰ যত্ন লোৱাই প্রকৃত শক্তি। সময়মতে জ্ঞান, চিকিৎসা আৰু সঠিক পথ্য গ্রহণ কৰিলে এই সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ। প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা (Urinary Incontinence) হৈছে এনে এক স্বাস্থ্য সমস্যা, য'ত মানুহে নিজৰ প্ৰস্ৰাৱৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে। এই সমস্যা মহিলাসকল, বৃদ্ধ লোকৰ তথা স্নায়ৱিক আৰু মাংসপেশীৰ দুৰ্বলতাজনিত ৰোগত বেছিকৈ পৰিলক্ষিত হয়। প্ৰস্রাৱৰ নিয়ন্ত্ৰণহীনতা (Urinary Incontinence)-ৰ বিষয়ে বুজিবলৈ প্রথমে মূত্ৰৱহ তন্ত্ৰৰ গঠন বুজাটো অত্যন্ত প্রয়োজনীয়। মানৱ শৰীৰৰ মূত্ৰৱহ মূলতঃ চাৰিটা অংশৰে গঠিত। ১.বৃক্ক (Kidneys): বৃক্ক দুটা শৰীৰৰ পিছফালে অৱস্থিত। ইহঁতে ৰক্ত পৰিস্ৰাৱন কৰি অপ্রয়োজনীয় পদাৰ্থ আৰু অতিৰিক্ত পানী পৃথক কৰি মূত্ৰ তৈয়াৰ কৰে।
২. মুত্রনলী (Ureters): বৃক্কত তৈয়াৰ হোৱা মূত্ৰ এই সৰু নলী দুটাৰ জৰিয়তে মুত্রাশয়লৈ আহে।
৩. মুত্রাশয় (Urinary Bladder)ঃ মূত্রাশয় এটা পেশীযুক্ত থলী সদৃশ অংগ, যিয়ে মূত্র সঞ্চয় কৰি ৰাখে। ইয়াৰ বেৰত থকা ডেট্টুসৰ পেশী (Detrusor Muscle)-য়ে মূত্ৰাশয় খালী কৰাৰ সময়ত সংকোচনত সহায় কৰে।
৪. মুত্রমার্গ (Urethra): মুত্ৰাশয়ৰ পৰা বাহিৰলৈ মূত্ৰ ওলাই যায় এই নলীৰে। এই অংশত দুটা গুৰুত্বপূৰ্ণনিয়ন্ত্রক পেশী থাকে- Internal Sphincter (আন্তঃ স্ফিংক্টাৰ) আৰু External Sphincter (বাহ্যিক স্ফিংক্টাৰ)। এই পেশীবোৰ আৰু পেলভিক ফ্ল'ৰ মাংসপেশী একেলগে কাম কৰি মূত্ৰ ধৰি ৰাখে। এই পেশীবা স্নায়ুবোৰ দুৰ্বল বা ক্ষতিগ্রস্ত হ'লে প্ৰস্রাৱৰ নিয়ন্ত্ৰণহীনতাৰ সৃষ্টি হয়।

প্রস্রাৱৰ নিয়ন্ত্ৰণহীনতাৰ কাৰণসমূহঃ
১. শাৰীৰিক আৰু গঠনগত কাৰণ :
পেলভিক ফ্ল'ৰৰ মাংসপেশীৰ দুৰ্বলতা
• প্রসূতি সময়ত পেশী আৰু স্নায়ুৰ ক্ষতি
মূত্রাশয় বা মূত্রনলীৰ গাঁথনিগত অস্বাভাৱিকতা
পেলভিক অর্গান প্রলেপ্স (uterus বা
bladder তললৈ নামি অহা)।
২.স্নায়ৱিক কাৰণ (Neurological Causes):
• মূত্রাশয় আৰু মগজুৰ মাজত থকা স্নায়ু সংকেত
ব্যাহত হ'লে।
স্ট্রোক
পার্কিনচন ৰোগ
• মাল্টিপল স্ক্লেৰ'চিছ
• মেৰুদণ্ডৰ আঘাত
- এইক্ষেত্রত মূত্রাশয় ঠিকমতে সংকোচন বা
শিথিল হ'ব নোৱাৰে।
৩. হৰম 'নজনিত কাৰণ:
• ডায়েবেটিছ (Diabetic neuropathy)
• মূত্ৰনলীৰ সংক্রমণ (UTI)
• প্রষ্টেট গ্রন্থিৰ বৃদ্ধি (পুৰুষৰ ক্ষেত্রত)
• দীঘলীয়া কোষ্ঠকাঠিন্য
৪. জীৱনশৈলী আৰু বাহ্যিক কাৰণ:
• স্থূলতা
• দীঘলীয়া কাহ (ধূমপানজনিত)
• অত্যধিক চাহ, কফি, এলক'হল সেৱন
• কিছুমান ঔষধ (diuretics, sedatives)
৫. মানসিক আৰু কাৰ্যগত কাৰণ:
• স্মৃতিভ্রংশ
• ডিমেনচিয়া
• চলাচলত অসুবিধা
- এইক্ষেত্ৰত শৌচালয় পোৱাৰ আগতেই প্ৰস্রাৱ
ওলাই যায় (Functional incontinence)

মূত্ৰ অসংযমৰ প্ৰধান প্রকাৰ:
১. Stress Incontinence : হাঁচি, কাহ, হাঁহি, ওজন উঠোৱা আদি অর্থাৎ চাপ পোৱা কাম কৰাৰ সময়ত অলপ প্রস্রাৱ ওলাই যোৱা। এইটো সাধাৰণতে পেলভিক
মাংসপেশী দুর্বল হ'লে হয়।
২. Urge Incontinence: এনে ক্ষেত্রত হঠাৎ
প্রস্রাৱৰ তীব্ৰ বেগ আহে আৰু শৌচালয় পোৱাৰ আগতেই
প্রস্রাৱ ওলাই যায়।
৩. Overflow Incontinence : মূত্রাশয়
সম্পূর্ণ খালী নোহোৱা বাবে বাৰে বাৰে অলপ অলপকৈ প্রস্রাৱ
ওলাই থাকে।
8. Functional Incontinence : শাৰীৰিক বা মানসিক সমস্যাৰ বাবে সময়মতে প্রস্রাৱগাৰ পোৱাৰ
আগতেই প্রস্রাৱ নির্গত হয়।

প্ৰস্রাৱৰ নিয়ন্ত্ৰণহীনতাৰ চিকিৎসা:
সময়মতে চিকিৎসা কৰিলে প্রস্রাৱৰ নিয়ন্ত্ৰণহীনতাৰ
পৰা সম্পূৰ্ণ আৰোগ্য সম্ভৱ। ইয়াৰ চিকিৎসা তলত দিয়া
ধৰণৰ
১. জীৱনশৈলীৰ পৰিৱৰ্তন:
ওজন নিয়ন্ত্রণ
• চাহ, কফি আৰু মাদক দ্রব্য সীমিত কৰা
• নিয়মিত সময়মতে প্রস্রাৱ কৰাৰ অভ্যাস
• পানী খোৱাৰ সঠিক সময় নির্ধাৰণ
২. পেলভিক ফ্ল'ৰ ব্যায়াম (Kegel Exercise):
এই ব্যায়ামে মুত্রাশয় আৰু পেলভিক মাংসপেশী
শক্তিশালী কৰে। নিয়মীয়াকৈ এই ব্যায়াম কৰিলে বহু ক্ষেত্ৰত প্রস্রাৱৰ নিয়ন্ত্ৰণহীনতাৰ সমস্যাটো যথেষ্ট কমে।
৩.ঔষধি চিকিৎসা (চিকিৎসকৰ পৰামর্শ অনুযায়ী):
• মূত্রাশয় শিথিল কৰা ঔষধ
হৰম'ন থেৰাপী (কিছুমান মহিলাৰ ক্ষেত্ৰত)
৪. শল্য চিকিৎসা: যদি আন সকলো উপায় ফলপ্রসূ নহয়,
তেন্তে কিছুমান ক্ষেত্ৰত শল্য চিকিৎসা কৰা হয়।
আয়ুর্বেদিক দৃষ্টিভংগী: আয়ুর্বেদ অনুসাৰে প্ৰস্রাৱৰ নিয়ন্ত্রণহীনতা মূলতঃ আপানবায়ু (Apana Vata)-ৰ বিকৃতিৰ ফল। আপান বায়ুয়ে পেলভিক অঞ্চলত অৱস্থিত আৰু মূত্র, মল, ঋতুস্রার আৰু প্ৰসূতিৰ অন্যান্য দৈহিক কার্য নিয়ন্ত্রণ কৰে। এই বায়ু দুর্বল বাবে পথগামী হ'লে মুত্ৰবেগৰ নিয়ন্ত্রণ হেকবায়। প্রস্ৰাৱৰ নিয়ন্ত্রণহীনতা আয়ুৰ্বেদত সাধাৰণতে-মুত্রদৌর্বল্য,বস্তি দৌর্বল্য এই শ্রেণীত অন্তর্ভুক্ত কৰিব পাৰি।

আয়ুর্বেদিক পদ্ধতিঃ
১. আহাৰ আৰু জীৱনশৈলী (পথা-অপথ্য):
• পথ্য আহাৰ গ্ৰহণ- গৰম, সহজে হজম হোৱা
আৰু পুষ্টিকৰ আহাৰ যেনে- গাখীৰ, ঘিউ, খিচিৰি, কল,
ডালিম, সেউজীয়া শাক-পাচলি গ্রহণ।
• অপথ্য আহাৰৰ পৰা বিৰত থাকিব লাগিব-
অত্যধিক টেঙা, জলা, মছলা, চাহ, কফি, এলক'হল বা
যিকোনো মদ্য, শীতল পানীয় আদি বর্জনীয়।

ৰাতি দেৰিলৈ জাগি থকা বর্জনীয়।
২.আয়ুর্বেদিক ঔষধঃ তলত
উল্লেখিত ঔষধসমূহ কেৱল
অভিজ্ঞ আয়ুর্বেদিক
চিকিৎসকৰ পৰামর্শ
অনুসাৰেহে ব্যৱহাৰ কৰিব।
গোক্ষুৰ
(Gokshura)-মূত্রাশয়
শক্তিশালী কৰে
অশ্বগন্ধা-
স্নায়ু আৰু পেশীৰ শক্তি বৃদ্ধি
কৰে
শীলাজিত- ৰসায়ন আৰু মূত্ৰথলীৰ বাবে
ট'নিক হিচাপে কাম কৰে
• চন্দ্ৰপ্রভা বটী- মূত্র ৰোগত বহুল ব্যৱহৃত
• বৰুণাদিক্বাথ- মূত্রনলী শক্তিশালী কৰে।
৩.পঞ্চকর্ম চিকিৎসা: আয়ুর্বেদত বস্তি চিকিৎসা হ'ল প্রস্রাৱৰ
নিয়ন্ত্রণহীনতাৰ অতি গুৰুত্বপূর্ণ চিকিৎসা।
• অনুবাসন বস্তি (তৈল বস্তি)
নিৰূহ বস্তি (কাথ বস্তি)
ইয়ে আপান বায়ুৰ সমন্বয় কৰি পেলভিক অঞ্চল শক্তিশালী কৰে।
৪. যোগ চিকিৎসা : যোগাভ্যাসে মূত্রাশয়, পেলভিক ফ্ল'ৰ
আৰু স্নায়ু নিয়ন্ত্রণ উন্নত কৰে।আধুনিক চিকিৎসাত বহুলভাবে
উপদেশ দিয়া কিগেল এক্সাৰচাইজ দৰাচলতে প্রাচীন কালৰ
পৰা উল্লিখিত যোগাভ্যাসৰ বাহিৰে আন একো নহয়। প্রস্রাৱ
নিয়ন্ত্রণহীনতাত যোগৰ ভূমিকা অতি গুৰুত্বপূর্ণ।
১. যোগাসনঃ
• মলাসন: ই পেলভিক ফ্ল'ৰ পেশী শক্তিশালী কৰে।
ভুজংগাসন : ই স্নায়ু আৰু মূত্ৰাশয় সক্ৰিয় কৰে৷
সেতুবন্ধাসন : ই পেলভিক অঞ্চলৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে৷
পশ্চিমোত্তাসন : ই মূত্ৰাশয় নিয়ন্ত্ৰণ উন্নত কৰে৷
বৃদ্ধ কোণাসন : ই মহিলাসকলৰ বাবি বিশেষ উপকাৰী৷
অনুলোম বিলোম: ই স্নায়ু শান্ত কৰে৷
ভ্ৰমৰী প্রাণায়াম: ই মানসিক চাপ কমায়।
• উজ্জায়ী প্রাণায়াম: ই
শ্বাস-প্রশ্বাস নিয়ন্ত্রণ উন্নত
কৰে।
৩. মূলবন্ধ (Moola
Bandha): এই টো
প্রস্রাৱৰ নিয়ন্ত্রণহীনতা
ৰোধৰ বাবে আটাইতকৈ
গুৰুত্বপূৰ্ণ যোগ ক্রিয়া।
মূলবন্ধ মানে হৈছে-
পেলভিক ফ্ল'ৰ পেশী
সংকোচন আৰু শিথিল

Kegel Exercise কৰাৰ নিয়ম:
মূত্ৰ ধৰি ৰখাৰ দৰে শৌচদ্বাৰৰ পেশী সংকোচন
কৰক। প্রায় ৫-১০ ছেকেণ্ড ধৰি ৰাখক। পুনৰ শিথিল কৰক।
দিনে ২০-৩০ বাৰ কৰিব।ই পেলভিক ফ্ল'ৰ পেশী শক্তিশালী কৰি মূত্ৰ নিয়ন্ত্ৰণ উন্নত কৰে।
প্ৰস্রাৱৰ নিয়ন্ত্ৰণহীনতা কোনো লাজ বা গোপন
কৰি ৰাখিবলগীয়া সমস্যা নহয়।ই মহিলাসকলৰ দৈনন্দিন জীৱন, আত্মবিশ্বাস আৰু মানসিক শান্তিৰ ওপৰত প্ৰভাৱ
পেলাব পৰা এটা গভীৰ কিন্তু চিকিৎসাযোগ্য অৱস্থা।আধুনিক চিকিৎসা,আয়ুর্বেদিক ব্যৱস্থাপনা, যোগাসন,জীৱনশৈলীৰ পৰিৱৰ্তন আৰু নিয়মিত পেলভিক ফ্ল'ৰ ব্যায়ামৰ সহায়ত এই সমস্যাক যথেষ্ট পৰিমাণে নিয়ন্ত্রণ বা সম্পূর্ণভাৱে সুস্থ কৰা সম্ভৱ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল- সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু নিজৰ শৰীৰৰ আত্মবিশ্বাস আৰু সুস্থতাৰে দৈনন্দিন জীৱন-যাপন সম্পূর্ণ সম্ভৱ৷

Hospital Address :
📍 Institute of Urology & Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati
📞 8011501833 | 9864104444

 #কিডনী_হস্পিটেল_iUKD #যিকোনো_যৌন_ৰোগৰ_আধুনিক_চিকিৎসা_সেৱাৰ_নিৰ্ভৰযোগ্য_প্ৰতিষ্ঠান       যৌন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আপুন...
28/02/2026

#কিডনী_হস্পিটেল_iUKD
#যিকোনো_যৌন_ৰোগৰ_আধুনিক_চিকিৎসা_সেৱাৰ_নিৰ্ভৰযোগ্য_প্ৰতিষ্ঠান

যৌন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আপুনি যদি ভাবিবলগীয়া হয় নাইবা যৌন ৰোগৰ চিকিৎসা সেৱাৰ বাবে নিৰ্ভৰযোগ্য তথা আধুনিক চিকিৎসা সেৱা বিচাৰে, তেনেহ’লে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDলৈ আহিব পাৰে৷ উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল iUKD উত্তৰ-পূব ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ যৌন স্বাস্থ্য ক্লিনিক৷ অত্যাধুনিক প্ৰযুক্তি আৰু প্ৰমাণ-ভিত্তিক চিকিৎসাৰ অন্তৰ্ভুক্তি কৰি যৌন স্বাস্থ্যজনিত সমস্যা নিৰ্ণয় আৰু যৌন চিকিৎসাৰ ক্ষেত্ৰত এই ক্লিনিকখনৰ সামগ্ৰিক পদ্ধতিৰ বিশদ অন্তদৃৰ্ষ্টি প্ৰদান কৰা হয়৷ এই যৌন ক্লিনিকখনৰ মূল উল্লেখযোগ্য দিশসমূহ হৈছে– পুৰুষ বা মহিলাৰ ক্ষেত্ৰত যিকোনো যৌন ৰোগৰ উন্নত পৰামৰ্শ তথা ইয়াৰ চিকিৎসা৷
প্ৰথমে যৌন সমস্যাত ভুগি থকা ৰোগীগৰাকীৰ বুজোৱা হয় আৰু তাৰ বাবে এটা কাউনঞ্চেলিং কৰা হয়৷ যৌন সংগমৰ আগতে পুৰুষ-মহিলাই কিছু কৰিবলগীয়া কাম ভালদৰে বুজাই দিয়া হয়৷ ইয়াৰ পাছত চিকিৎসা হিচাপে অৰেল থেৰাপী অৰ্থাৎ টেবলেট বা মেডিচিন ব্যৱহাৰ কৰিবলৈ দিয়া হয়৷ এইসমূহৰ ভিতৰত কিছুমান নিয়মিতভাৱে তিনিমাহমান সেৱন কৰা আৰু কিছুমান যৌনক্ৰিয়াৰ কৰাৰ এক-ডেৰ ঘণ্টামান আগতে খাবলৈ দিয়া হয়৷ ইয়াৰ উপৰি যৌন ৰোগ নিৰ্ণয় অনুসৰি কিছুমানৰ ক্ষেত্ৰত লিংগৰ আকাৰ সৰু হ’লে স্প্ৰে’ ব্যৱহাৰ কৰিব দিয়া হয়৷ এই চিকিৎসাত সুফল নাপালে ৰোগীৰ লিংগৰ আগভাগত ইনজেকশ্যন প্ৰয়োগ কৰা হয়৷ এই ইনজেকশ্যন থেৰাপী অৰেল থেৰাপীত সুফল নাপালেহে দিয়া হয়৷ পুৰুষৰ ক্ষেত্ৰত যৌন ৰোগ সম্পৰ্কে বিশেষ চিকিৎসা, য’ত ইৰেক্টিল ডিছফংছন, অকালতে বীৰ্ষপাত, পেয়ৰ’ নিৰোগ, লিংগৰ শিথিলতা তথা লিংগ দীঘল কৰাৰ সমাধান, মহিলাসকলৰ ক্ষেত্ৰত যৌন স্বাস্থ্যজনিত সমস্যা, যেনে– যোনিৰ শিথিলতা, বিষাদ, যন্ত্ৰণাজনক যৌন সম্পৰ্ক, হৰমনৰ ভাৰসাম্যহীনতা আৰু প্ৰসৱৰ পাছত ঘনিষ্ঠতাৰ চিন্তাৰ ব্যাপক ব্যৱস্থাপনা আদিৰ সমাধান প্ৰদান কৰা৷ আনহাতে পুৰুষৰ যৌন চিকিৎসা পি শ্বট [প্লেটলেট-ৰিচ প্লাজমা থেৰাপী], লিংগৰ কৃত্ৰিম অংগ, শ্বক ৱে’ভ থেৰাপী, ফেট গ্ৰাফটিং আৰু লিংগ ডপলাৰ মূলাংয়ন কৰা হয়৷ অনুৰূপ মহিলাৰ যৌন চিকিৎসাৰ ক্ষেত্ৰত লেবিয়াপ্লাষ্টি, হাইমেন প্লাষ্টি, অ’-শ্বট [মহিলাৰ সংবেদন বৃদ্ধিৰ বাবে], যোনি টান কৰা আৰু স্তন বৃদ্ধি কৰা আদি এই চিকিৎসা পদ্ধতিৰ অন্তৰ্ভুক্ত আছে৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কিডনী হস্পিটেল iUKD-এ প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে যৌন চিকিৎসাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ প্ৰাপ্তবয়স্ক এগৰাকী ব্যক্তিৰ বাবে যৌন সুস্থতা অতি গুৰুত্বপূৰ্ণ৷ iUKDত এই সেৱা সম্পূৰ্ণ নিকা, বিজ্ঞানসন্মত, নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত৷ যৌন চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিৰ গোপনীয়তাক সন্মানসহকাৰে প্ৰাধান্য দিয়া হ’ব৷ এই দিন দুটাত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শৰ লগতে চিকিৎসা তথা পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত বিশেষ ৰেহাই আগবঢ়াই আহিছে৷ এই সুবিধা গ্ৰহণ কৰিবলৈ 8011501833, 9864104444 ফোন নম্বৰত পঞ্জীয়ন কৰিব পাৰে৷ অধিক তথ্যৰ বাবে আপুনি আমাৰ হস্পিটেলৰ লগত যোগাযোগ কৰিব পাৰে৷

Hospital Address :
📍 Institute of Urology & Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati
📞 8011501833 | 9864104444

 #জন্মদিনৰ_আন্তৰিক_শুভকামনা         গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ ফাৰ্মাচিষ্ট সঞ্জীৱ চাও, অ’ টি এচিছটেণ্ট ...
28/02/2026

#জন্মদিনৰ_আন্তৰিক_শুভকামনা

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ ফাৰ্মাচিষ্ট সঞ্জীৱ চাও, অ’ টি এচিছটেণ্ট জ্যোতি মণি বৰা, আই চি ইউ টেকনিচিয়ান ভনিমা বৰ্মন তথা ষ্টাফ নাৰ্ছ ইমন শইকীয়াৰ আজি জন্মদিন উপলক্ষে iUKD হস্পিটেল কৰ্তৃপক্ষৰ লগতে মোৰ ফালৰ পৰাও জন্মদিনৰ বহুত শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ৷
অনাগত দিনত আপোনালোকে সুস্বাস্থ্য তথা উৎসাহ, কৰ্ম-প্ৰেৰণাৰে কৰ্মক্ষেত্ৰত নিষ্ঠাসহকাৰে অধিক আগবাঢ়ি যাওক, তাকেই আশা কৰিলোঁ৷✨️💐🎂

শুভকামনা..
27/02/2026

শুভকামনা..

 !iUKD – Institute of Urology & Kidney Diseases, Sonapur, Assam is now officially empanelled under the Government of Meg...
27/02/2026

!

iUKD – Institute of Urology & Kidney Diseases, Sonapur, Assam is now officially empanelled under the Government of Meghalaya, Health & Family Welfare Department as per the Meghalaya Medical Attendance Rules, 1981.

Patients from Meghalaya can now access advanced Kidney, Urology & specialized treatment facilities at iUKD.

For detailed information, please refer to the attached official notification or contact us directly.

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

27/02/2026

Advanced Bladder Tumor Management at iUKD

Thulium Fiber Laser (TFL) En-Bloc Resection performed for multiple bladder tumors — ensuring complete and precise removal using state-of-the-art laser technology.

At iUKD, we combine expertise and innovation to deliver safer, advanced urological care.

27/02/2026

ভায়েকে iUKDত অস্ত্ৰোপচাৰেৰে সুস্থ হোৱাত শ্ৰদ্ধাৰ ওমৰ আলী ডাঙৰীয়াই iUKD সম্পৰ্কে কি ক’লে :

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত নিজ ভায়েক শ্ৰদ্ধাৰ মহিম আলী ডাঙৰীয়াৰ চিকিৎসা সেৱা গ্ৰহণেৰে অস্ত্ৰোপচাৰৰ দ্বাৰা সম্পূৰ্ণ সুস্থ হোৱা বৰপেটা জিলাৰ নগৰবেৰাৰ শ্ৰদ্ধাৰ ওমৰ আলী ডাঙৰীয়াই iUKDৰ চিকিৎসা সেৱাত যথেষ্ট সন্তুষ্টি ব্যক্ত কৰে৷ তেখেতে iUKDৰ চিকিৎসা সেৱা তথা ব্যৱহাৰত খুবেই সন্তোষ প্ৰকাশ কৰে৷ ইয়াৰ লগতে চিকিৎসক-নাৰ্ছ তথা সকলো কৰ্মচাৰীৰ ব্যৱহাৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

ধন‍্যবাদ Notun Axom21
27/02/2026

ধন‍্যবাদ Notun Axom21

27/02/2026
বয়সস্থ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ সমস‍্যা তেখেতসকলৰ বাবে এক ডাঙৰ প্ৰত‍্যাহ্বান। এই সমস‍্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি ...
26/02/2026

বয়সস্থ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ সমস‍্যা তেখেতসকলৰ বাবে এক ডাঙৰ প্ৰত‍্যাহ্বান। এই সমস‍্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি ? গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰযোগে আমি কোৱা কথাকেইটা মন দি শুনিবচোন। এই সুযোগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক পুনৰবাৰ ধন‍্যবাদ জ্ঞাপন কৰিছোঁ।

 #টংলাত_iUKDৰ_১৮৮সংখ্যক_বিনামূলীয়া_স্বাস্থ্য_পৰীক্ষা_শিবিৰ :             গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্...
26/02/2026

#টংলাত_iUKDৰ_১৮৮সংখ্যক_বিনামূলীয়া_স্বাস্থ্য_পৰীক্ষা_শিবিৰ :

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৫ ফেব্ৰুৱাৰী, ২০২৬, বুধবাৰে ওদালগুৰি জিলাৰ টংলাৰ টংলা পৌৰসভা বৰ্ডৰ মাৰ্কেট কমপ্লেক্সত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৮৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰটোত iUKDৰ বিশিষ্ট চিকিৎসক ডাঃ মনীষা ঠাকুৰীয়া উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা বিনামূলীয়াকৈ চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰে লগতে কিছু পৰিমাণে বিনামূলীয়া ঔষধো যোগান ধৰে৷ উক্ত চিকিৎসা শিবিৰটোত ৩০গৰাকী লোকক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷
উল্লেখ্য যে কিডনী হস্পিটেলৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি বৃহৎ দলে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি আহিছেঁা আৰু এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে৷ ইতিমধ্যে আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন কিডনীজনিত জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব বিচাৰিছোঁ৷ তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ উল্লেখ্য যে যিসকল ব্যক্তিয়ে কিডনীজনিত ৰোগ ভুগি আছে, তেওঁলোকে আমাৰ হস্পিটেলৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে৷

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

Address

Institute Of Urology & Kidney Diseases; Opp. Science City Road; Nazirakhat; Sonapur; Guwahati; Assam
Gauhati
782402

Alerts

Be the first to know and let us send you an email when Dr. Arup Kumar Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Arup Kumar Nath:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category