20/10/2025
বীৰ লাচিত সেনাৰ উদ্যোগত কামপুৰৰ এগৰাকী দুখীয়া ৰোগীক গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত, ২০ অক্টোবৰত, ভৰ্তি কৰোঁৱা হয়। আমি iUKDৰ তৰফৰ পৰা বীৰ লাচিত সেনাৰ বিষয়ববীয়া, সদস্য তথা ৰোগীৰ আত্মীয়ক কথা দিছোঁ যে ৰোগীগৰাকীৰ আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি চিকিৎসকৰ পৰামৰ্শ(consultation ) সম্পূৰ্ণ বিনামূলীয়া কৰাৰ লগতে হস্পিটেলত থকা-খোৱা, প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা, ঔষধ আদিৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিম। বীৰ লাচিত সেনাৰ এই মহানুভৱতাৰ সৈতে একাত্ম হ’বলৈ পাই আমিও নিজকে ধন্য মানিছোঁ। কিডনী হস্পিটেল iUKD অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ প্ৰতি সদায়ে দায়বদ্ধ হৈ থাকিব— এয়া আমাৰ প্ৰতিশ্ৰুতি।
𝐇𝐨𝐬𝐩𝐢𝐭𝐚𝐥 𝐀𝐝𝐝𝐫𝐞𝐬𝐬-
KIDNEY HOSPITAL
Institute of Urology and Kidney Diseases ( iUKD )
Nazirakhat, Sonapur, Guwahati, Assam - 782402
Phone Numbers : 8011501833, 9864104444