21/05/2026
#কিডনী_নষ্ট_হোৱাৰ_কাৰণসমূহ_জানো_আহক
: #কিডনীৰ_যিকোনো_সমস্যা_সমাধানৰ_অত্যাধুনিক_কেন্দ্ৰ
কিডনী মানৱদেহৰ এটি অবিচ্ছেদ্য অংগ৷ কিডনীয়ে তেজত থকা বৰ্জ্য তথা অতিৰিক্ত তৰল পদাৰ্থ অপসাৰণ কৰি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ উলিয়াই দিয়াত সহায় কৰে৷ শৰীৰৰ এই গুৰুত্বপূৰ্ণ অংগই শৰীৰৰ খনিজৰ ভাৰসাম্য ৰক্ষা কৰি ৰক্তচাপ নিয়ন্ত্ৰণ আৰু লোহিত ৰক্তকণিকা প্ৰস্তুতত সহায় কৰে৷ সাধাৰণতে বিভিন্ন কাৰণত কিডনীৰ সমস্যা হ’ব পাৰে¸৷ কিডনী নষ্ট বা বেয়া হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত তলত উল্লেখ কৰা কাৰক অন্যতম৷
ডায়েবেটিছ - তেজত অতিৰিক্ত শৰ্কৰাৰ মাত্ৰা দীৰ্ঘস্থায়ী হ’লে কিডনীৰ ভিতৰৰ সূক্ষ্ম ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত হয়, যিয়ে কিডনী ৰোগৰ অন্যতম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে৷
উচ্ছ ৰক্তচাপ - উচ্ছ ৰক্তচাপে কিডনীৰ ৰক্তনলীবোৰক শক্ত আৰু দুৰ্বল কৰি দিয়ে৷ যাৰ ফলত কিডনীয়ে তেজ পৰিষ্কাৰ কৰাৰ স্বাভাৱিক ক্ষমতা লোপ পায়৷
অতিৰিক্ত পেইন কিলাৰ সেৱন- আমি সাধাৰণতে ক’ৰবাত আঘাত বা শৰীৰত দুখ অনুভৱ হ’লেই চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষ নিৰাময়ৰ বাবে পেইনকিলাৰ সেৱন কৰে৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে সঘনাই পেইনকিলাৰ খালে কিডনীৰ ৰক্তপ্ৰবাহ কমি যায়, যি কিডনী নষ্ট বা বেয়া হোৱাৰ ডাঙৰ কাৰণ হ’ব পাৰে৷
কম পানী সেৱন কৰা বা প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাস- দৈনিক সাত-আঠ লিটাৰ পানী সেৱন কৰাটো শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ পৰ্যাপ্ত মাত্ৰাত পানী সেৱন কৰাৰ ফলত শৰীৰৰ বৰ্জ্য পদাৰ্থ বাহিৰ হোৱাৰ লগতে শৰীৰত পানীৰ ভাৰসাম্য অটুট থাকে৷ আনহাতে শৰীৰৰ বাবে প্ৰয়োজনীয় পানী সেৱন নকৰাৰ ফলত শৰীৰৰ বৰ্জ্য পদাৰ্থ বাহিৰ হ’ব নোৱাৰে৷ আনহাতে দীৰ্ঘসময়ৰ বাবে পেচাব ধৰি ৰখাৰ অভ্যাসে মূত্ৰনলীৰ সংক্ৰমণ (UTI) হৈ কিডনীৰ ক্ষতি কৰিব পাৰে৷
অস্বাস্থ্যকৰ খাদ্যাভ্যাস- অত্যন্ত ভজা-পোৰা খাদ্য, মছলাযুক্ত ফাষ্টফুড, অতিৰিক্ত নিমখ, অতিৰিক্ত প্ৰ’টিন যেনে-ৰেড মিট তথা শীতল পানীয়ই কিডনীৰ ওপৰত অতিৰিক্ত চাপ পেলায়৷ যাৰ ফলত কিডনীৰ ক্ষতি হৈ কিডনী বিকল বা নষ্ট হ’ব পাৰে৷
বংশগত বা অটোইমিউন ৰোগ- পৰিয়ালত কোনো কিডনীজনিত ৰোগত ভোগাৰ ইতিহাস থাকিলে বা পলিচিষ্টিক কিডনী ডিজিজ বা লুপাচৰ দৰে ৰোগৰ কাৰণেও কিডনী বিকলৰ দৰে সমস্যা হ’ব পাৰে৷
উল্লেখ্য যে কিডনী নষ্ট বা ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰাথমিক পৰ্যায়ত সাধাৰণতে কোনো লক্ষণ দেখা নাযায়৷ কিডনীজনিত ৰোগৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে শৰীৰৰ বৰ্জ্য বা অতিৰিক্ত তৰল জমা হৈ থাকিলে কিছুমান স্পষ্ট উপসৰ্গই দেখা দিয়ে৷ কিডনী সমস্যাৰ প্ৰধান লক্ষণসমূহৰ ভিতৰত এইবোৰ উল্লেখ কৰিব পাৰি৷
প্ৰস্ৰাৱৰ পৰিৱৰ্তন- প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা বা একেবাৰে বন্ধ হোৱা, ঘনে ঘনে প্ৰস্ৰাৱৰ প্ৰৱণতা অহ্য, বিশেষকৈ নিশাৰ ভাগত স্বাভাৱিকতকৈ বহুবাৰ প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তন হোৱা বা অতিৰিক্তভাৱে প্ৰস্ৰাৱ কৰিলে ফেন ওলোৱা আদি৷
শৰীৰৰ ফোলা ভাব- কিডনীয়ে শৰীৰৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ বাহিৰ কৰিব নোৱাৰিলে ভৰি, গোৰোহা ফুলি উঠে৷ ইয়াৰ লগতে হাত, চকুৰ চাৰিওফাল ফুলা ভাব হয়৷
ক্লান্তি বা দুৰ্বলতা- ৰক্তস্বল্পতা বা এনিমিয়া আৰু শৰীৰত বৰ্জ্য পদাৰ্থ জমা হৈ প্ৰচণ্ড ক্লান্তি-ভাগৰ বা শৰীৰে অত্যন্ত দুৰ্বলতা অনুভৱ কৰে৷
বমিভাব বা ভোক নলগা- শৰীৰৰ বিষাক্ত পদাৰ্থ জমা হোৱাৰ কাৰণে খোৱাৰ ক্ষেত্ৰত অৰুচি, বমি বমি ভাব আনকি বমি হ’বও পাৰে৷ মুখৰ ৰুচি বা স্বাদ সলনি হৈ ভোক ভাব নাইকিয়া হয়৷
ছালৰ সমস্যা- শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ হ’ব নোৱাৰিলে ছালখনৰ খজুৱতি, শুষ্কতা, চুলি সৰাৰ সমস্যা আদি বিভিন্ন সমস্যাই দেখা দিয়ে৷
শ্বাসকষ্ট- হাঁওফাঁওত তৰল পদাৰ্থ জমা হৈ অথবা ৰক্তস্বল্পতাৰ কাৰণে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হয়৷
উল্লেখ্য যে iUKD হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত বিশেষ স্থান দখল কৰিছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰি, তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে iUKD-এ কাম কৰি আহিছে৷ আনহাতে iUKDত কিডনী ষ্ট’নৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনী, ইউৰ’নেৰি ব্লাডাৰ, যৌনাংগ আৰু অণ্ডকোষ [Te**is] তথা প্ৰষ্টেটৰ কৰ্কট, পুৰুষ আৰু মহিলাৰ সকলোপ্ৰকাৰৰ যৌন সমস্যা আদি সকলো সমস্যাৰে চিকিৎসা সেৱা সপ্তাহৰ প্ৰতিটো দিনতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা লাভ কৰিব৷ আপোনালোকৰো যদি কিডনী-সম্পৰ্কীয় কিবা অসুবিধা হয়, তেনে ক্ষেত্ৰত পলম নকৰি কিডনী হস্পিটেলৰ সৈতে যোগাযোগ কৰিব পাৰে৷
Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444