09/04/2023
Piles: পাইলছৰ সমস্যা
বৰ্তমান সময়ত প্ৰায়বোৰ ব্যক্তিয়ে ভুগি থকা এটি প্ৰধান সমস্যা হৈছে অৰ্শ ৰোগ বা পাইলচ। ই এবিধ অতি বেদনাদায়ক ৰোগ। এই ৰোগত, মলদ্বাৰৰ পৰা সৰু মাংসৰ পিণ্ড ওলাই আহে যাৰ ফলত মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ হয় , ৰোগীয়ে তীব্ৰ বিষ আৰু কষ্ট সহ্য কৰিব লগা হয়।
প্ৰতিটো পৰিয়ালৰ এজন বা দুজন ব্যক্তি এই ৰোগত ভোগা দেখা যায়। পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে এই ৰোগৰ কৱলত পৰিছে বহু লোক। ময়দাৰ পৰা তৈয়াৰী খাদ্য বেছিকৈ খোৱা, টিন বা পেকেটত সংৰক্ষণ কৰা (processed food) খাদ্য খোৱা, ফাষ্ট ফুড বা জাংক ফুডৰ প্ৰতি দিনে দিনে বাঢ়ি অহা আসক্তি, অত্যাধিক পৰিমাণে তেল মছলা বা চৰ্বিযুক্ত খাদ্য খোৱা, আঁহজাতীয় খাদ্য কম খোৱা, শাৰীৰিক পৰিশ্ৰম কমি যোৱাৰ বাবে বহু লোকেই আজি এই ৰোগত ভোগা দেখা গৈছে ।
বহু দিন ধৰি হৈ থকা কৌষ্ঠকাঠিন্যৰ বাবে মলবাহী নলী (a**l ca**l) আৰু মলদ্বাৰত( a**s) অত্যধিক চাপ পৰে যাৰ বাবে এই অঞ্চলৰ সিৰা সমূহ ফুলি ( swollen veins)উঠে। কেতিয়াবা এই ফুলি উঠা সিৰাসমূহ ফাটি তেজ ওলায় আৰু কিছুমান গুহ্যদ্বাৰৰ বাহিৰ ওলাই যায়। লক্ষণ অনুসৰি পাইলচক ৰক্তজ অৰ্শ (bleeding piles) আৰু অৰক্তজ অৰ্শ বা নন ব্লিডিঙ পাইলচ (non bleeding) এই দুইভাগত ভাগ কৰিব পাৰি। ঠিক তেনেকৈ অৱস্থান অনুসৰি গুহ্যদ্বাৰৰ বাহিৰত হ'লে তাক এক্সটাৰনেল পাইলচ( external piles )আৰু মলাশয়ৰ ভিতৰত হ'লে তাক ইণ্টাৰনেল পাইলচ (internal piles) বুলি কোৱা হয়। অৰ্শ ৰোগৰ কাৰণ বহুতো। ইয়াৰ ভিতৰত দীৰ্ঘদিন ধৰি হোৱা কৌষ্ঠকাঠিন্য, ডায়েৰীয়া বা ক্ৰনিক ডিচেণ্ট্ৰি , শৌচ কৰোতে বেছি বল প্ৰয়োগ কৰা , মেদবহুলতা , মলাশয়ৰ অন্য জটিল ৰোগ ইত্যাদি প্ৰধান। বংশগত কাৰণত বা গৰ্ভাৱস্হাতো এই ৰোগ হব পাৰে বা অন্যান্য বহুতো কাৰণত হ'ব পাৰে। ৰোগীৰ গুহ্যদ্বাৰত মাংসপিণ্ডৰ দৰে অংশ ওলাই যাব পাৰে আৰু বিষ (pain) অনুভৱ হব পাৰে, জ্বলা পোৰা ভাব বা কেতিয়াবা খজুৱাব (itching) পাৰে, পাইখানা খোলোচা নহয় আৰু কৌষ্ঠকাঠিন্য হয় আৰু পাইখানা কৰোতে বিষ অনুভৱ হয়, কেতিয়াবা কিছুমান ৰোগীৰ শৌচৰ লগত তেজো যায়, ৰোগীয়ে গেছ বা এচিডিটিত ভোগে। এক কথাত কবলৈ গ'লে ই ৰোগীক নানা জালা যন্ত্ৰণা দিয়ে। হোমিওপেথিক চিকিৎসা পদ্ধতিৰে অৰ্শ ৰোগ নিৰাময় কৰিব পাৰি। ৰোগী অলপ সচেনত হ'লে সঠিক খাদ্য অৰ্থাৎ পথ্য অপথ্য আৰু যত্নৰ দ্বাৰা এইৰোগৰ উপশম হোৱাত সহায় হয়। অৰ্শ ৰোগীৰ লবলগীয়া সাৱধানতা আৰু পথ্য অপথ্য সমূহ হৈছে :-
🏵️ প্ৰচুৰ পৰিমাণে পানী খাওক। ৰাতিপুৱা খালি পেটত কুহুমীয়া পানী খোৱা অভ্যাস কৰিলে সুফল পোৱা যায়।
🏵️ বল প্ৰয়োগ কৰি পাইখানা নকৰিব বা বহুত সময় টইলেটত বহাৰ অভ্যাস ত্যাগ কৰক। পাইখানাৰ বেগ আহিলে ৰখাই নথ'ব। এনে কৰিলে মল বা পাইখানাত থকা অৱশিষ্ট পানী শোষণ হৈ কৌষ্ঠকাঠিন্যৰ সমস্যা জটিল হৈ পৰে।
🏵️ এখন ৰুটিন অনুসৰি সঠিক সময়ত খাদ্য গ্ৰহণ কৰক।
🏵️ চৰ্বীযুক্ত খাদ্য যেনে বাতাৰ , চিজ, অত্যাধিক তেল, মচলা দিয়া খাদ্য , ব্ৰইলাৰ মাংস কমাই খাওক। চৰ্বিযুক্ত আহাৰে কৌষ্ঠকাঠিন্যতাৰ সৃষ্টি কৰে।
🏵️ আঁহ( fiber) জাতীয় শাকপাচলি, ফলমূল আদি সেৱন কৰক। কমলা, মৌচুমী টেঙা, কল ,পকা অমিতা আদি উপকাৰী। পালেং, ব্রকলি, ভেন্দি, বিত আদি উপকাৰী ।
🏵️ অ'টছ, বাৰ্লি, বিন ,লেচেৰা জাতীয় পাচলি, সেউজীয়া মটৰ আদি খাওক । এইবোৰে পেট পৰিষ্কাৰ কৰে।
🏵️ কেচা অমিতাৰ আঞ্জা নিয়মীয়াকৈ খাওক। পকা অমিতা ও খুব উপকাৰী। অমিতাই পেট খোলোচা কৰে।
🏵️ মেথিশাক, ৰবাব টেঙা, নাচপতি আদি খাওক।
🏵️ নিয়মীয়াকৈ গাজি মগু বা গাজি মগু আৰু ফলৰ চালাড খাওক। এইদৰে খালে কৌষ্ঠকাঠিন্য দূৰ হয়। গাজৰ আৰু তিয়ঁহ বহু উপকাৰী। গাজি মগুত প্ৰচুৰ পৰিমাণে আঁহ থাকে বাবে পেট খোলোচা হয়।
🏵️ ৰাতিৰ আহাৰ চৰ্বিযুক্ত হব নালাগে। ৰাতি গুৰুপাকী আহাৰ বৰ্জন আৰু লঘুপাকী আহাৰ গ্ৰহণ কৰক। কাৰণ শুই থাকোতে আমাৰ শৰীৰৰ অংগ প্ৰত্যঙ্গ আৰু পাঁচনতন্ত্ৰইও বিশ্ৰাম লয়। সেয়েহে গুৰুপাকী আহাৰ গ্ৰহণ কৰিলে পাচনতন্ত্ৰৰ ওপৰত বোজা পৰে।
🏵️ ৰাত্রি জাগৰণ অৰ্থাৎ টোপনি খটি নকৰিব। ই পাচনক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলায়।
🏵️ ময়দাৰ পৰা তৈয়াৰী খাদ্য, ফাষ্ট ফুড, চৰ্বিযুক্ত মাংস, সংশ্লেষিত খাদ্য ( proceesed food) , অত্যাধিক চাহ ,কফি সেৱন যিমান পাৰে কমাই খাওক।
🏵️ এই ৰোগত আলমণ্ড, ওখোৱা চাউলৰ ভাত উপকাৰী।
🏵️ অৰ্শ ৰোগীয়ে নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰা উচিত।
🏵️ মাজে সময়ে কলপচলা, চেংমৰা, মাটিকাদুৰি খাওক। ই কৌষ্ঠকাঠিন্য দূৰ কৰে।
🏵️ কাঁচকল আৰু ভেদাইলতা কমাই খাব। অন্যথা কৌষ্ঠকাঠিন্য সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।
🏵️ হাঁহৰ মাংস , কণী , ৰঙালাও, আদা ,জালুক আদি কমাই খাওক।
আজিৰ আধুনিক যুগটো একপ্ৰকাৰ যান্ত্ৰিক যুগ হৈ পৰিছে যাৰ বাবে মানুহৰ শাৰীৰিক পৰিশ্ৰম কমি গৈছে। কিন্তু সেই অনুপাতে আমি খোৱা খাদ্যৰ পৰিমাণ নকমি বৰঞ্চ বাহিছেহে । লগতে আমাৰ থলুৱা শাকপাচলিৰ প্ৰতি আগ্ৰহ কমি গৈছে যাৰ বাবে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি গৈছে। পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসে এই ৰোগ বৃদ্ধিত মুখ্য ভূমিকা পালন কৰে।
★ হোমিঅ পেথিক ঔষধঃ- Aesculus , Hamamelis , Nux Vomica , Ratanhia , Paeonia , Collinsonia , Aloe Socotrina , Sulphur , Graphites etc.
ইয়াৰ ওপৰিও আৰু ভালেমান হোমিওপেথিক ঔষধ আছে । এই সকলোবোৰ ঔষধ ৰোগৰ লক্ষণ অনুসৰি ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা উপশম পাব পাৰি ।
বি:দ্ৰ: - অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শমতে লক্ষণ অনুসৰি এই ঔষধ ব্যৱহাৰ কৰিব
জনহিতাৰ্থে প্ৰচাৰিত
ডাঃ বিশ্ব ভূঞা
BHMS
হেলথ কেয়াৰ হোমিওপেথিক ক্লিনিক
গহপুৰ