29/01/2026
হাইদৰাবাদৰ পৰা এটা ফোন:“ ছাৰ, মোৰ ভণ্টি গৰাকীৰ অৱস্থা অতি বেয়া, তাই বিশেষ ভাবে সক্ষম এগৰাকী ছোৱালী।যোৰহাট মেডিকেল কলেজলৈ ৰেফাৰ কৰিছে, কিডনী ত এফেক্ট কৰিছে, চুগাৰ 600 ৰ ওপৰত, 6 দিন হল ভৰ্ত্তি হৈ থকা। চুগাৰ কমাব পৰা নাই। 15 দিন পূৰ্বে মূৰত দুখ পাই ঘা লাগি আছে। মূৰৰ কেঁচা ঘাঁ ও শুকুৱা নাই।কেৱল মা আৰু ভণ্টি আছে গোলাঘাটৰ এখন চৰকাৰী হস্পিতালত। আপুনি কিবা এটা কৰক প্লিজ।" কান্দি কান্দি ফোনৰ ইটো মূৰত বিমূৰ্ত হৈ এজন বহিৰাজ্যত পেটৰ তাৰণাত কৰ্মৰত অসমৰ ভাতৃৰ কাতৰ অনুৰোধ। মই বোলো " লৈ আহক, মই সহায় কৰিম "। কথা মতেই কাম।
যোৰহাট মেডিকেল নগৈ , পোনে পোনে আমাৰ ওচৰ পাইহি। পৰীক্ষা নিৰীক্ষাৰ অন্তত গম পোৱা গল । বৃক্ক r S.Creatine 1.9 mg/dl,Hemoglobin মাথোঁ 5gm/dl,Scalp t এটুকুৰা কেঁচা ঘাঁ, হস্পিতাল লৈ আহোঁতে পূঁজ জমা হৈ infection হৈ আহিছিল। ততাতৈয়াকৈ চহৰৰ এখন ব্যক্তিগত নাৰ্চিং হোম তে চিকিৎসা আৰম্ভ কৰিলোঁ । 06জানুৱাৰী2026 ত চিকিৎসা আৰম্ভ কৰোঁ। ততাতৈয়াকৈ ব্লাড ৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰা হয় । দুদিনত ব্লাড ছুগাৰ 176mg/dl লৈ আহি যায়।Broad spectrum antibiotics ৰে ব্লাডৰ সংক্ৰমণ কণ্ট্ৰল কৰা হয়। তিনি ইউনিট তেজ transfuse কৰা হয়।কিডনী r Creatinine 1.9mg/dl ৰ পৰা 1.3mg/dl (Near normal) আহি যাই। মূৰৰ ঘাঁ টুকুৰাই ও আগৰ দৰে শুকাই আহিবলৈ ললে।13 জানুৱাৰী ৰ দিনা সেই ধুনীয়া বিশেষ ভাবে সক্ষম ছোৱালী জনীক সু শৰীৰে বিদাই দিবলৈ পাই নথৈ আনন্দিত হলোঁ। আহোঁতে মাকৰ চকুলোৰে ভৰা চকু হালি হাঁহিৰে ভৰা মুখ খনলৈ ৰূপান্তৰ হল।
হাইদৰাবাদ ৰ পৰা ককায়েকৰ হাঁহি ভৰা মাত সাৰ শুনি হিয়াখন চেঁচা পৰি ৰল।Google review টো পাই মনটো আনন্দেৰে ভৰি পৰিল । প্ৰসংশা কৰাৰ বাবে নহয়,ছোৱালীজনীৰ পুনৰ্জীৱন পোৱাৰ বাবেহে। এইয়াই প্ৰাপ্তি। জীৱনৰ প্ৰাপ্তি। কৰ্মৰ প্ৰাপ্তি ।
N.B
কিডনী ৰ Creatinine বাঢ়িলেই বাহিৰলৈ ৰেফাৰ কৰিব লাগিব বুলি কোনো কথা নাই।
বাহিৰত গৈ বেলেগ ট্ৰিটমেণ্ট পাম বুলিও কোনো কথা নাই। ট্ৰিটমেণ্ট বোৰ প্ৰাই একেই।সঠিক দৰৱ, প্ৰকৃত স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু প্ৰকৃত দৰৱ সময় মতে খালে, বহু ৰোগীৰ এনে ৰোগ আমাৰ ঠাইতে নিৰাময় কৰিব পাৰি ।😊