
14/09/2022
শিশুৰ জ্বৰ, পেৰাচিটাম'ল আৰু বয়স তথা ওজন অনুপাতে ইয়াৰ পৰিমাণ।
----------------------------------------------------
আমি শিশু চিকিৎসক সকলে প্ৰতিদিনে আটাইতকৈ বেছি সন্মুখীন হোৱা বেমাৰৰ উপসৰ্গটো হল "জ্বৰ"। শিশুটি টাইফাইড, পেচাবৰ সংক্ৰমণ, সাধাৰণ ভাইৰাছ সংক্ৰমণ, বা অইন কিবা বেমাৰ হলে উপসৰ্গ হিচাপে "জ্বৰ" লৈ আমাৰ ওচৰলৈ আহে । "জ্বৰ " নিজে এটা বেমাৰ নহয়, ই আমাৰ দেহটোক "সংক্ৰমিত হোৱা বীজাণুৰ পৰা ৰক্ষা কৰিবলৈ দেহটোৱে নিজে তৈয়াৰ কৰা এক ধৰণৰ প্ৰতিৰক্ষা আৰু অন্তৰ্নিহিত বেমাৰটোৰ এক উপসৰ্গ" । জ্বৰ হলে ভয় খাব নালাগে, ই তেনেই এক সাধাৰণ উপশৰ্গ।
জ্বৰ হলে আমি ব্যৱহাৰ কৰা বহুপ্ৰচলিত দৰৱবিধ হল পেৰাচিটাম'ল। জ্বৰ জুখিবলৈ সাধাৰণ থাৰ্মমিটাৰ এটা সকলো ঘৰতে থকাটো দৰকাৰ।
এতিয়া অলপ কাৰিকৰী হিচাপনিকাচত আহোঁ।
থাৰ্মমিটাৰত 101 ডিগ্ৰী হলেহে জ্বৰৰ দৰৱ দিয়াটো উত্তম যদিও 101 ডিগ্ৰী উত্তাপটো মোটামুটি ধৰণে বেছি আৰু সাধাৰণতে পিতৃমাতৃয়ে থাৰ্মমিটাৰৰ কাটাডাল 101 নুচুওঁতে জ্বৰৰ দৰৱ দি দিয়া পৰিলক্ষিত হয়। আমি বৈজ্ঞানিক ভাবে এটা কথা কব খোজোঁ যে, অতি কমেও 100 ডিগ্ৰী জ্বৰ হলেহে জ্বৰৰ দৰৱ পেৰাচিটাম'ল দিব লাগে যদিও 101 ডিগ্ৰীত দিয়াটো বাঞ্ছনীয়। মানে 100 ডিগ্ৰী জ্বৰ হৈ দৰৱ নোকোৱাকৈ নিজে নিজে কমি যাব পাৰে বা বাঢ়ি 101 ডিগ্ৰী হৈ যাব পাৰে।101 ডিগ্ৰী হলে ওজন উনুপাতে পেৰাচিটাম'ল দিব লাগে আৰু যদি 100 ডিগ্ৰীৰ পৰা জ্বৰ তললৈ নামি যায়, তেন্তে দৰৱৰ কোনো প্ৰয়োজনীয়তা নাথাকে। (কিন্তু কিছুমান শিশুৰ febrile convulsion নামৰ এবিধ বেমাৰ থাকিব পাৰে আৰু তেওঁলোকৰ বাবে এই মাত্ৰা 100 ডিগ্ৰীহে আৰু febrile convulsion থকা শিশুটিয়ে কেতিয়াও 101 ডিগ্ৰীলৈ বাট চাব নেলাগে, 100 ডিগ্ৰী জ্বৰ উঠিলেই পেৰাচিটাম'ল দি দিব লাগে)
কিমান সময়ৰ ব্যৱধানত পেৰাচিটাম'ল দিয়াটো ভাল?
পেৰাচিটাম'লৰ দুটা পালিৰ মাজৰ ব্যৱধান নূন্যতম 4 ঘণ্টা হব লাগে। এবাৰ পেৰাচিটাম'ল দিয়াৰ আধাঘণ্টা লৈকে যদি জ্বৰ কম নাই তেন্তে কুহুমীয়া গৰম পানীত কাপোৰ তিয়াই গোটেই গাটো মচি দিব লাগে। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিলে ভাল। যদি চাৰি ঘণ্টা পিছত যদি আকৌ জ্বৰ উঠে তেতিয়াহলে আকৌ পেৰাচিটাম'ল দি দিব লাগে আৰু যদি চাৰি ঘণ্টা লৈকে জ্বৰ উঠা নাই তেতিয়াহলে আৰু সময় অপেক্ষা কৰি জ্বৰ উঠিলেহে পেৰাচিটাম'ল দিব লাগে আৰু যদি জ্বৰ নুঠে তেতিয়াহলে আৰু পেৰাচিটাম'লৰ প্ৰয়োজন নাই। মুঠতে এবাৰ পেৰাচিটাম'ল দিয়াৰ পিছত চাৰিঘণ্টা অপেক্ষা কৰিহে ,প্ৰয়োজনত দ্বিতীয়টো পালি দিয়াৰ কথা আহে।লগতে ডাক্তৰৰ পৰামৰ্শ মতে বিশেষ বেমাৰবিধৰ লগত সংগতি থকা অইন দৰৱবোৰ নিয়মমতে চলাই যাব লাগে। জ্বৰ হলে শিশুক প্ৰচুৰ পৰিমাণে জুলীয়া খাদ্য দিয়াটো প্ৰয়োজন।
পেৰাচিটাম'লৰ পৰিমাণ কিমান দিব লাগে?
পেৰাচিটাম'ল সদায় শিশুটিৰ দেহৰ ওজন অনুপাতে দিব লাগে। শিশুৰ বয়স অনুপাতে পেৰাচিটাম'লৰ সঠিক পৰিমাণ কেতিয়াও নিৰ্ধাৰিত হব নোৱাৰে । সেইগতিকে পেৰাচিটাম'ল দিয়াৰ আগতে শিশুটিৰ সঠিক ওজন জনাটো অতিকৈ জৰুৰী।
আমি চিকিৎসকসকলে দিয়া পৰিমানটো হল 15mg/kg অৰ্থাৎ প্ৰতিকেজিৰ বাবে 15 মিলিগ্ৰাম। ধৰিলওক শিশুটিৰ ওজন আঠ কেজি আৰু গাৰ উত্তাপ 101 ডিগ্ৰী পাৰ হৈ গৈছে। এতিয়া আমি দিবলগীয়া পেৰাচিটাম'লৰ পৰিমাণ হব
15×8=120 mg
বজাৰত উপলব্ধ পেৰাচিটাম'লৰ চিৰাপসমূহ(যেনে Crocin, calpol, Dolo ইত্যাদি)ত থকা পেৰাচিটাম'লৰ পৰিমাণ হল 120mg/5ml(মানে প্ৰতি পাঁচ মিলিলিটাৰত থকা পেৰাচিটাম'লৰ পৰিমাণ 120 মিলিগ্ৰাম) , নাইবা 250 mg/5ml (মানে প্ৰতি পাঁচ মিলিলিটাৰত থকা পেৰাচিটাম'লৰ পৰিমাণ 250 মিলিগ্ৰাম). এতিয়া ধৰক আপোনাৰ ঘৰত আপোনাৰ ঘৰত calpol 120mg/5ml চিৰাপটো আছে আৰু আপোনাৰ আঠ কেজি ওজনৰ শিশুটিৰ জ্বৰ উঠিছে ,তেতিয়াহলে আপুনি দিবলগীয়া পেৰাচিটাম'লৰ পৰিমাণ হব(প্ৰতিকেজিৰ বাবে 15 mg)
8 kgx15 mg=120 mg=5ml
আৰু আপোনাৰ ঘৰত থকা calpol 120 চিৰাপটোৰ 5 ml দিলে আঠ কেজি শিশুটিৰ কাৰণে যথেষ্ট। এতিয়া শিশুৰ ওজন (8kg+8kg) 16 কেজি হলে (5ml +5ml) 10 ml দিব লগা হব । মুঠতে 15mg/kg ওজন হিচাবে হিচাপ কৰি আপোনাৰ কাষত থকা পেৰাচিটাম'ল 120mg/5ml বা 250mg/5ml চিৰাপটোৰ প্ৰয়োজনীয় পৰিমানটো নিজে নিৰ্ধাৰণ কৰিব পাৰিলে নিজৰ লগতে আনকো সময়ত উপকৃত কৰিব পৰা যায়।
Dr Arifur Rahman
Senior Medical officer
Pediatrician, Dhirenpara FRU
(Annexure to GMCH)
9435022837