10/03/2025
উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত কৰণীয়
উচ্চ ৰক্তচাপৰ বিষয়ে বহলাই আলোচনা কৰাৰ সমান্তৰালকৈ কেইটিমান অতি গুৰুত্বপূৰ্ণ কথা আগতীয়াকৈ জনাই ল’ব খুজিছোঁ। আপোনালোকে হয়তো নাজানে বৰ্তমান গোটেই বিশ্বতে অৰ্ধসংখ্যক লোকৰে প্ৰাণবায়ু কাঢ়ি নি বিভীষিকাৰ সৃষ্টি কৰা ৰোগবিধেই হৈছে সামগ্ৰিকভাৱে হৃদৰোগ। চিকিৎসা-বিজ্ঞানত মৃত্যুদূত আখ্যা পোৱা ৰোগবিলাকৰ ভিতৰত আজিৰ তাৰিখত এই ৰোগেই একেবাৰে শীৰ্ষস্থানত আছে। আন কথাত এই হৃদৰোগ হোৱাৰ অন্যতম প্ৰধান কাৰক হিচাপে চিহ্নিত হৈছে এই উচ্চ ৰক্তচাপ নামৰ ব্যাধিটো, যাক চিকিৎসা-বিজ্ঞানৰ ভাষত হাই ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। ২০১৫ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে দেখা গৈছে যে বৰ্তমান বিশ্বৰ প্ৰায় ১.১ বিলিয়নতকৈও অধিক লোকেই এই মাৰাত্মক কাৰকৰ কৱলত পৰি হৃদৰোগ আৰু ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছে। সেই গতিকে সময় হাতত থাকোতেই যদি নিৰাময়ৰ ফলপ্ৰসূ সঠিক উপায় অৱলম্বন কৰা নহয় তেনেহ’লে সাতে-সোতৰই পুলি-পোখা মেলি ই অতি সোনকালে মহামাৰীৰ ৰূপ লৈ গোটেই বিশ্বতে যে এদিন ত্ৰাসৰ সৃষ্টি কৰিব সেইটো ধূৰুপ। বৰ্তমান গৱেষকসকলে কৰা গৱেষণা অনুসৰি প্ৰতিবছৰে ৯ বিলিয়ন লোকৰ জীৱন এই মাৰাত্মক ৰোগে কাঢ়ি নিছে।
ৰক্তচাপ মানেনো কি ?
সকলোৱে জানিবলগীয়া আটাইতকৈ উল্লেখনীয় কথাটো হ’ল প্ৰত্যেক জীৱশ্ৰেষ্ঠৰ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগই সুচাৰুৰূপে পৰিচালনাৰ দ্বাৰা কাৰ্যক্ষম হৈ দেহাটোক সুস্থ-সবলভাৱে জীয়াই ৰাখিবলৈ হ’লে এক স্বাভাৱিক ৰক্তচাপে অহৰহ ক্ৰিয়া কৰি থকাটো অত্যন্তই জৰুৰী। দৰাচলতে ই হৈছে আমাৰ দেহৰ ৰক্তবাহী নলীসমূহৰ মাজেদি প্ৰবাহিত হওঁতে স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা তেজৰ এক পাৰ্শ্বীয় চাপ বা হেঁচা, যি নেকি স্বাভাৱিক অৱস্থাত থাকিলে আমাৰ শৰীৰৰ সংবেদনশীল অংগ-প্ৰত্যংগবোৰে নিজৰ অপৰিহাৰ্য লাগতিয়াল পুষ্টি পৰিবাহী নলীয়েদি প্ৰবাহিত তেজৰ পৰা আহৰণ কৰি ল’ব পাৰে আৰু যদিহে ই কেনেবাকৈ এই স্বাভাৱিক সীমা অতিক্ৰম কৰি যায় তেতিয়াই আৰম্ভ হয় আমি আলোচনা কৰিবলৈ লোৱা ব্যাধিটো।
কেতিয়া ক’ব উচ্চ ৰক্তচাপ বা হাইপাৰটেনছনত ভোগা বুলি?
যেতিয়া উৎকৃষ্ট মানবিশিষ্ট ৰক্তচাপ জোখা, যন্ত্ৰ, চিকিৎসা-বিজ্ঞানৰ ভাষাত স্ফিগ্মমেনমিটাৰ বুলি জনা যায়, সেই যন্ত্ৰৰ দ্বাৰা বিজ্ঞানসমন্মত পদ্ধতিৰে অভিজ্ঞ মাপকে উপযুক্ত পৰিৱেশ আৰু সময় সাপেক্ষে দুই বা ততোধিকবাৰ ৰক্তচাপৰ মাপ লোৱাৰ পিছত যন্ত্ৰটোৰ ওপৰৰ পাৰাস্তম্ভই যেতিয়া ১৪০ আৰু তলৰ পাৰাস্তম্ভই ৯০ মিলিমিটাৰ মাৰ্কাৰী মাপ দেখুৱায় আৰু একাধিকবাৰ জোখাৰ পিছতো তাৰ ওপৰতেই অপৰিৱৰ্তিত হৈ থাকে তেতিয়া সেই মাপক উচ্চ ৰক্তচাপ বা হাইপাৰটেনছন হিচাপে গণ্য কৰা হয়। আন কিছুমান বিশেষ ৰোগী যেনে- বহুমূত্ৰ ৰোগত আক্ৰান্ত ক্ষেত্ৰত আকৌ এই মাপ ১৩০/৮০ মিঃ মিঃ মাৰ্কাৰীৰ ওপৰ হ’লেই তাক উচ্চ ৰক্তচাপ বা হাইপাৰটেনছন হিচাপে ধৰা হয়।
উচ্চ ৰক্তচাপ বা হাইপাৰটেনছনে ভাৰতবৰ্ষক প্ৰভাৱিত কৰিছেনে?
আমাৰ ভাৰতীয় হৃদৰোগ গৱেষকসকলৰ গৱেষণা পত্ৰত এই প্ৰভাৱৰ বিষয়ে স্পষ্টকৈ ধৰা পৰিছে। তেওঁলোকৰ মতে হৃদৰোগৰ অন্যতম এটি অতি মাৰাত্মক কাৰক হ’ল উচ্চ ৰক্তচাপ। গৱেষকসকলৰ মতে কেৱল উচ্চ ৰক্তচাপৰ ফলতেই কৰ’নেৰী হৃদৰোগ, হাৰ্ট ফেইলৰ, ষ্ট্ৰ’ক, বৃক্ক বিকল আদিৰ দৰে ৰোগ প্ৰায় দুই গুণতকৈও অধিক হয়।
বিশেষজ্ঞৰ গৱেষণা মতে ভাৰতবৰ্ষখন এতিয়া এনে এটা পৰ্যায়ত আছে যে বৰ্তমানৰ প্ৰেক্ষাপটত ইয়াক আমি এনেদৰে ভগাব পাৰো—
- আধা সংখ্যক উচ্চ ৰক্তচাপজনিতৰ এতিয়াও ধৰা পেলোৱা হোৱা নাই।
- আধা সংখ্যকৰ চিনাক্তকৰণ হৈছে কিন্তু চিকিৎসা হোৱা নাই।
- আধাভাগৰ, যিসকলৰ চিকিৎসা হৈছে কিম্বা চিকিৎসালয়ৰ আয়ত্তলৈ আহিছে।
ভাৰতীয় গৱেষণাৰ সমীক্ষা মতে চেন্নাই চহৰৰ আৰু গ্ৰামাঞ্চলৰ ৰোগীসকলৰ মাজত চলোৱা সমীক্ষাত দেখা গৈছে যে অধ্যয়ন কৰা প্ৰায় এক-পঞ্চমাংশ লোকেই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে। ইয়াৰ উপৰি দেখা গৈছে যে বুজনসংখ্যক লোকৰে এতিয়াও উচ্চ ৰক্তচাপ উন্মোচিত নোহোৱাকৈয়ে ৰৈছে অথবা উচ্চ ৰক্তচাপ প্ৰতিহত কৰা ব্যৱস্থাটো বিস্তৃতভাৱে আশাব্যঞ্জক হোৱা নাই।
গুপ্তা এট-অলৰ সমীক্ষা মতে চহৰ অঞ্চলত উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা গ্ৰামাঞ্চলত বাস কৰা লোকতকৈ বহু বেছি। প্ৰতি গ্ৰামাঞ্চলৰ আক্ৰান্তৰ ৩.৫ নিযুতৰ বিপৰীতে চহৰ অঞ্চলৰ প্ৰায় ৩ নিযুত। উচ্চ ৰক্তচাপ হ’ল এক প্ৰতিকাৰ কৰিব পৰা কাৰক। গৱেষণাৰ পৰা দেখা গৈছে যে জনসংখ্যা বিশেষে দুই মিলিমিটাৰ পাৰাস্তম্ভৰ ৰক্তচাপ কমালে ইয়াৰ পৰা হোৱা ষ্ট্ৰ’ক আৰু কৰ’নেৰী ধমনীৰ ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা কমাব পৰা যায়।
উচ্চ ৰক্তচাপ বা হাইপাৰটেনছনৰ পৰা হ’ব পৰা জটিলতাবোৰনো কি কি?
তেজৰ পাৰ্শ্বীয় চাপ বা হেঁচাই ইয়াৰ এক নিৰ্দিষ্ট সীমালৈকে আমাৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ অত্যাৱশ্যকীয় কাম-কাজবোৰ নিয়াৰিকৈ চলাই নিয়াত সহায় কৰে। কিন্তু কোনো কাৰণত এই ৰক্তচাপে যদি সেই সীমা অতিক্ৰম কৰে, তেতিয়াই ই দেহৰ প্ৰধান লক্ষণীয় অংগ-প্ৰত্যংগসমূহৰ স্বাভাৱিক কাৰ্য-প্ৰণালীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বিভিন্ন পৰীক্ষামূলক অনুসন্ধানৰ পৰা দেখা গৈছে যে (১৮ বছৰ বয়সৰ ওপৰৰ সকলো লোকৰ ক্ষেত্ৰতে) যদিহে ৰক্তচাপে অবিৰতভাৱে পাৰাস্তম্ভৰ ১৩০/৮৫ মিঃ মিঃ, তেতিয়া হৃৎপিণ্ডৰ বিভিন্ন ৰোগৰ লগতে মগজুৰ ৰক্তক্ষৰণ আৰু বৃক্ক বিকল আদিৰ দৰে মাৰাত্মক ৰোগে দেখা দিব পাৰে। অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱেই যে ৰক্তচাপৰ মাপ ১৩০-৮৫ মিঃ মিটাৰ পৰা যিমানেই ঊৰ্ধ্বগামী হৈ থাকিব সিমানেই ৰোগসমূহৰো জটিলতা বৃদ্ধি হৈ গৈ থাকিব। সেয়েহে ইয়াৰ ওপৰত ভিত্তি কৰি ৰক্তচাপক তলৰ তালিকাত এনেদৰে ভগোৱা হৈছে—
আমেৰিকান ক’লেজ অৱ কাৰ্ডিঅ’লজীয়/আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ শেহতীয়া নিৰ্দেশাৱলী অনুসৰি—
ৰক্তচাপৰ অৱস্থা– দেহৰ স্বাভাৱিক ৰক্তচাপ III
চিষ্টিলিক ব্লাড প্ৰেছাৰ (মেচিনৰ পাৰাস্তম্ভ ওপৰৰ মাপ) --