Kuki Mahanta

Kuki Mahanta Child & Counselling Psychologist & Parenting Coach

10/12/2024

শিশুসকলৰ Career ৰ ওপৰত লোৱা সিদ্ধান্তক সম্পূৰ্ণ FREEDOM দিয়াটো আৰু FORCE কৰাটো দুয়োটায়ে কিছু কিছু ক্ষেত্ৰত ক্ষতিকাৰক।

23/09/2024

Great 👍👍

পিতৃ-মাতৃৰ সদ্ব্যৱহাৰ, সত্‌ চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে। ঘৰখনত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাকী সদস্যৰ শাসন মৰম...
23/09/2024

পিতৃ-মাতৃৰ সদ্ব্যৱহাৰ, সত্‌ চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে। ঘৰখনত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাকী সদস্যৰ শাসন মৰমৰ হোৱা উচিত।

CHILDREN ARE NOT WRONG সৰুৰে পৰা ডাঙৰক অনুকৰণ কৰে। শিশুটিক সফল ব্যক্তি কৰিবলৈ হলে ঘৰখনৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়াটো উচিত। কোনো লোকৰ ব্যক্তিত্ব আৰু তেওঁৰ গুণ বা ক্ৰিয়া আচৰণে আকৰ্ষণ কৰিলে শিশুসকল তেওঁৰ প্ৰতি গুণমুগ্ধ হৈ পৰে আৰু তাক অনুকৰণ কৰিবলৈ বিচাৰে।

05/09/2024
19/07/2024

অভিভাৱক সকলৰ বাবে

মানুহৰ মনটো হৈছে যিয়েই এজন মানুহৰ চিন্তা-চৰ্চা আৰু কৰ্মক প্ৰত্যক্ষভা‌ৱে প্ৰভা‌ৱিত কৰে আৰু এই মনটোক কেনেদৰে এজন মানুহে গঢ়ি তোলে তাৰে ওপৰত নিৰ্ভৰ কৰে মানুহজনৰ পছন্দ-অপছন্দ তথা নিৰ্দিষ্ট কাম-কাজৰ প্ৰতি থকা ইচ্ছা-অনিচ্ছা আদিৰ ওপৰত। সামগ্ৰিকভা‌ৱে কবলৈ হলে সুস্থ তথা মান‌ৱতাবাদী মানসিকতাৰ এজন মানুহ গঢ় লবলৈ হ’লে প্ৰথমে মানুহজনৰ ‘মন’টোক সুস্থ আৰু শুদ্ধতাৰে ভৰপূৰ কৰিব লাগিব।

কোনো কথাৰ শুদ্ধাশুদ্ধতা চিন্তা-যুক্তি-বুদ্ধিৰে বিচাৰ নকৰি মনৰ দৃষ্টিৰে বিচাৰ কৰিলে তাৰ ফল ইতিবাচক হোৱাৰ বাহিৰে কেতিয়াও সঠিক হ’ব নোৱাৰে৷ আৰু এনেবোৰ কামে ভৱিষ্যৎ জীৱনতো বিৰূপ প্রভাৱ পেলায় অভ্যাসত পৰিণত হয়।অলপ অলপকৈ বাঢ়ি যোৱা অভ্যাসবোৰ এটা সময়ত এৰাব নোৱৰা হৈ পৰেগৈ৷ সকলোবোৰ বুজি পোৱাৰ পাছতো এনেধৰণৰ অভ্যাস এৰিবলৈ কষ্টকৰ, সমস্যাবহুল হৈ উঠেগৈ৷

শিশুকালৰে পৰা অপৰিস্কাৰ, অস্বাস্থ্যকৰ পৰি‌ৱেশৰ মাজত ডাঙৰ হো‌ৱা শিশু এটাই যিদৰে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব কিমান বুজি নাপায়, সেইদৰে অভাৱৰ সৈতে পৰিচয় নথকা শিশুসকলৰ বাবেও বস্তুৰ মূল্য বা গুৰুত্ব বুজি পোৱাত অসুবিধা হয়।

অপৰাধ হৈছে মানুহৰ মানসিক সমস্যাৰ পৰিণাম। এনেধৰণৰ মনোভাৱ উৎপত্তি হয় বিশেষকৈ ব্যক্তিজনৰ শিশুকালত মৰম চেনেহ আৰু পুষ্টিকৰ বাতাবৰণৰ অভাৱৰ ফলত । দ্বিতীয়তে যিসকল শিশুক সৰুৰে পৰা প্ৰয়োজনতকৈ বেছি আদৰ সাদৰত ডাঙৰ কৰা হয় আৰু যিকোনো কাম কৰিবলৈ সৰুৰে পৰা মুকলিকৈ এৰি দিয়া হয় । এনে ধৰণৰ শিশুৰ ক্ষেত্রত সমাজৰ প্ৰতি থাকিবলগীয়া দায়িত্ববোধ, কৰ্তব্য লগতে ভাৱধাৰাৰ বিকশিত নহয়। তেনে ক্ষেত্রত ভাল বেয়া বিচাৰ কৰিব নোৱাৰে আৰু আনৰ কাৰণে চৰ্চাৰ বিষয় হৈ পৰে। মানুহৰ এনে প্ৰবৃত্তি যেতিয়া সৰুৰে পৰা সবল হৈ পৰে এটা সময়ত বিশেষ কৰ্মত এনেবোৰ প্ৰকাশ হবলৈ বেছি সময় নালাগিব।

মনোবিজ্ঞানৰ মতে, সদায় চকুৰ আগত জঘন্য অপৰাধ, অসামজিক কাণ্ড-কলাপ ইত্যাদি সংঘটিত হৈ থকা দেখি থাকিলে আমাৰ মগজু‌ৱে লাহে লাহে ইতিবাচক চিন্তা কৰিব পৰাৰ ক্ষমতা হেৰু‌ৱাবলৈ লয়। ই এটা অতি শংকাৰ বিষয়।

✍️ Kuki Mahanta

অপৰাধ আৰু অপৰাধীৰ মনোবিজ্ঞান :এজন অপৰাধীৰ মানসিকতা কি ধৰণৰ হয় আৰু তেওঁ কিয় অপৰাধজনিত কাৰণত লিপ্ত হ'ব লগা হয়, সেইবিষয়ে এক...
30/11/2023

অপৰাধ আৰু অপৰাধীৰ মনোবিজ্ঞান :

এজন অপৰাধীৰ মানসিকতা কি ধৰণৰ হয় আৰু তেওঁ কিয় অপৰাধজনিত কাৰণত লিপ্ত হ'ব লগা হয়, সেইবিষয়ে এক আলোচনা আগবঢ়ালোঁ।

এজন ব্যক্তিবিশেষ এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়, যাৰ ফলত এজন ব্যক্তিয়ে অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে।শৈশৱ কালছোৱাত যদি এজন ব্যক্তিয়ে অত্যাধিক চাপ, অভিভাৱকৰ অৱহেলা, উচ্ছৃংখল ঘৰুৱা পৰিবেশ ইত্যাদিৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হয়, তেনে পৰিস্থিতিত হয়তো তেনে শিশুৱে বয়স বৃদ্ধিৰ লগে লগে অপৰাধজনিত কাৰ্যত লিপ্ত হবলৈ ধৰে।
শৈশৱত যেতিয়া শিশুৱে কোনো ভুল কৰে ,তেতিয়া অভিভাৱকে সেই ভুলৰ কথা গম পাই শিশুটিক সোধা-পোছা কৰোঁতে শিশুটিয়ে যদি সঁচাটোও কয়,তেতিয়াও অভিভাৱকে যদি তাক মাৰ-পিট, দুৰ্ব্যৱহাৰ কৰে, তেতিয়া শিশুৰ মনত এটি নেতিবাচক প্ৰভাৱ চিন্তাই বাঁহ লয়।আৰু এনে ঘটনাৰ পুনৰাবৃত্তি ঘটি থাকিলে লাহে লাহে শিশুটিৰ মনত এটিআক্ৰোশমূলক ভাৱ জাগ্ৰত হয়।সঁচা কথা কোৱাৰ পিছতো শাস্তি দিয়া বা কটু কথা শুনোৱাৰ ফলত শিশুটিৰ মনত এই ভাৱ আহিবলৈ ধৰে যে কোনো ভুলৰ দায়িত্ব স্বীকাৰ কৰি লোৱাটো হে অনুচিত।উদাহৰণস্বৰূপে-এটি শিশুৱে যদি খেলি থাকোঁতে অসাৱনবশতঃ ঘৰৰ কোনো সম্পত্তি নষ্ট কৰে, পিছত অভিভাৱকে সুধোঁতে যদি শিশুটিয়ে কথাটো স্বীকাৰো কৰি লয়, তেতিয়া অভিভাৱকৰ দায়িত্ব হ'ল শিশুটিক সঁচা কোৱাৰ বাবে প্ৰশংসা কৰি তাক মৰমেৰে এইখিনি বুজোৱা যে সি বস্তুটো নষ্ট কৰাৰ বাবে কি কি অসুবিধা হ'ব পাৰে।কিন্তু তাকে নকৰি যদি অভিভাৱকে শিশুটিক সঁচা কোৱাৰ পিছতো শাস্তি হে দিয়ে তেন্তে শিশুটিৰ মনত মিছা কোৱাৰ বা কথা লুকোওৱাৰ প্ৰৱণতাই ভৰ কৰে।আৰু লাহে লাহে ই শিশুটিক বয়স বৃদ্ধিৰ অনুপাতে অপৰাধ প্ৰৱণতা জগাই তোলে।
কোনো কোনো সময়ত শিশু এটি এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হয় যে অনিচ্ছাস্বত্বেও কিছুমান কাম কৰিবলগা হয় ভয় বা হেঁচাত পৰি।নিৰুপায়ত পৰি কৰিব লগা এনেবোৰ কামৰ ফলত শিশুৰ মনত আক্ৰোশৰ জুই উমি উমি জ্বলি থাকে।পিছত এই আক্ৰোশে সুবিধা পালেই তীব্ৰ ৰূপ লয় আৰু শিশুটিয়ে নিজৰ ওপৰত হোৱা অন্যায়ৰ বিচাৰ নিজতকৈও অন্যায়ভাৱে আনৰ ওপৰত লবলৈ উদ্বুদ্ধ হয়।আৰু ইয়েই এক অপৰাধজনিত কাৰ্য সংঘটিত কৰাত ইন্ধন যোগায়।উদাহৰণস্বৰূপে- এটি শিশুক যদি তাতকৈ জ্যেষ্ঠ বা বলী এজনে হেঁচা প্ৰয়োগ কৰি কোনো কাম আদায় কৰাই লয়,তেতিয়া শিশুটিৰ মনত প্ৰতিশোধৰ জুই জ্বলি উঠে‌।কিন্তু সুবিধা নোপোৱাৰ বাবে সি প্ৰতিশোধ লবলৈ অপাৰগ হয়।কিন্তু যেতিয়া সি নিজতকৈ দুৰ্বল কাৰোবাৰ সন্মুখীন হয়, তেতিয়া সি তাৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিশোধ সেই দুৰ্বলৰ ওপৰত লয়।
অৱশ্যে সকলো সময়তে যে এনে কাৰক সমূহেই শিশু এটি বা ব্যক্তিবিশেষক অপৰাধপ্ৰৱণ কৰি তোলে, তেনে নহয়।কিছুমান শিশু অভিভাৱকৰ অপৰাধী মনৰপৰাও অপৰাধপ্ৰৱণতাৰদ্বাৰা প্ৰেৰিত হয়।

শিশুৰ মনত যাতে অপৰাধপ্ৰৱণতাৰ ভাৱবোৰ শিপাবলৈ নাপায়, তাৰ বাবে অভিভাৱকসকল তথা জ্যেষ্ঠসকলক সদায় সচেতন হৈ থাকিব লাগে।মূল্যবোধৰ শিক্ষা, আৱেগৰ ইতিবাচক বান্ধোন, নৈতিকতা, আধ্যাত্মিক শিক্ষা ইত্যাদি উপযুক্ত আৰু ইতিবাচক ৰূপত শিশুৰ মনত জগাই তুলিব লাগে।কেৱল মাত্ৰ পাঠ্যপুথিৰ শিক্ষাই শিশু এটিক এইখিনি দিবলৈ যথেষ্ট নহয়।তদুপৰি সমাজৰ শিক্ষিত তথা দায়িত্বশীল ব্যক্তিসকলে সমাজৰ অশিক্ষিত তথা পিছপৰা শ্ৰেণীৰ মাজতো এই সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰিলেহে সমাজৰ পৰা অপৰাধজনিত ঘটনাবোৰ হ্ৰাস পাব।

✍Kuki Mahanta
Counselling Psychologist
Parenting Coach
Professional Train The Trainer

Psychogenic Pain is basically your body asking to take care of your mental health .🧠🧠
07/11/2023

Psychogenic Pain is basically your body asking to take care of your mental health .🧠🧠

"Slow Learner"শিশুৰ ক্ষেত্ৰত অভিভাৱকসকলৰ                                                   লবলগীয়া পদক্ষেপ         কিছু...
20/10/2023

"Slow Learner"

শিশুৰ ক্ষেত্ৰত অভিভাৱকসকলৰ
লবলগীয়া পদক্ষেপ

কিছুমান শিশুৱে অতি সোনকালে কিছুমান কথা আয়ত্ত কৰিব পাৰে। অন্যহাতে কিছুমান শিশুৰ ক্ষেত্ৰত কোনো এটা বিষয় আয়ত্ত কৰাত বহুত সময়ৰ প্ৰয়োজন হয়। যিসকল শিশুৱে কোনো এটা বিষয় মনত ৰাখিব নোৱাৰে বা মনত ৰাখিবলৈ বহুত সময়ৰ প্ৰয়োজন হয় তেনে শিশুক Slow Learner শিশু বুলি কোৱা হয়। Slow Learner কোনো ধৰণৰ সমস্যা নহয়, এনে শিশুসকলে সকলোবোৰ বুজি পায় বা আয়ত্ত কৰিব পাৰে কিন্তু তেওঁলোকৰ সমবয়সীয়া অইন শিশুসকলৰ তুলনাত শিকোঁতে যথেষ্ট সময় লয়। এইটো নহয় যে এনে শিশুসকলে শিকিব বা জানিব নিবিচাৰে। অভিভাৱকৰ লগতে শিক্ষকৰ কিছু সহযোগিতাত তেওঁলোকেও সাধাৰণ শিশুসকলৰ দৰেই শিকিব পাৰে।

• শিশু এটিক Slow Learner বুলি চিনাক্তকৰণ কেনেকৈ কৰিব পাৰি?
১। Slow Learner শিশুসকলৰ একাগ্ৰতা তেণেই কম হয়। কোনো এটা কাম যদি এবাৰতেই কৰিবলৈ কলে এনে শিশুৱে কামটো হঠাৎ বুজি পোৱাত বা সমাধা কৰাত অসুবিধাৰ সন্মুখীন হয় আৰু সেই কামটো কৰাৰ গতি ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে। অৰ্থাৎ সিহঁত কিংকৰ্তব্যবিমূঢ় হৈ পৰে বা দোধোৰ মোধোৰত পৰে।
২। এনে শিশুৱে বিদ্যালয়ৰ কামসমূহ অৰ্থাৎ পাঠেয় বিষয়সমূহ সহজে সমাধা কৰাত অসুবিধা পায়। শিক্ষক বা অভিভাৱক বা এজন সহায়কৰ উপস্থিতিত কামখিনি কৰিব পাৰে।
৩। Slow Learner শিশু এটিয়ে কোনো এটা বিষয় বুজি পোৱাত বা আয়ত্ত কৰাত কামখিনি জোখতকৈ অধিক সময় লয়
৪। শিক্ষা গ্ৰহণৰ সময়ত লেহেমিয়া হোৱাৰ বাবে শিক্ষক বা অভিভাৱকৰ কটু মন্তব্য শুনিলে এনে শিশুৰ আত্মবিশ্বাস হ্ৰাস পায় আহে আৰু একো শিকিব নোৱাৰা হয়।

• কি কি কাৰণত এটি শিশু Slow Learner হয়?
১। স্নায়বিক সমস্যা: যদি শিশুটিৰ কোনোধৰণৰ স্নায়বিক সমস্যা থাকে, উদাহৰণস্বৰূপে - যদি বুদ্ধি কম হয় বা কাণেৰে কম শুনে বা দৃষ্টিশক্তি কম হয়, এনে অৱস্থাত শিশুটিয়ে পঢ়াৰ বা শিকাৰ ক্ষেত্ৰত মন বহুৱাব নোৱাৰে।
২। বৌদ্ধিক সমস্যা: এনে ক্ষেত্ৰত শিশুসকল যিমান বুধিয়ক হব লাগে তাতকৈ অলপ হলেও কম হয়। এনে শিশুসকলে পঢ়াৰ বিষয়সমূহক বয়স অনুযায়ী আয়ত্ত কৰিব নোৱাৰে। এনে অৱস্থাত এটা শ্ৰেণীৰ ছাত্ৰ এজনে নিজৰ পাঠতকৈ তলৰ শ্ৰেণীৰ পাঠসমূহ ভালকৈ আয়ত্ত কৰিব পাৰে।
এই ক্ষেত্ৰত শিশুসকলৰ বুদ্ধিৰ যি ক্ষমতা সেয়া সীমিত হয়। সাধাৰণতে যি বৌদ্ধিক স্তৰৰ ক্ষমতা সেয়া ৯০ ৰ পৰা ১১০ ৰ ভিতৰত ধৰা হয়। যদি বৌদ্ধিক স্তৰ ৬০ তকৈও কম হয়, তেনেহলে শিশুটিক বহুত বেছি চাপ দিব নালাগে আৰু শিশুটিৰ যি কামত মনোযোগ বেছি সেই কামত গুৰুত্ব দিয়াব লাগে। এই ক্ষেত্ৰত বৌদ্ধিক স্তৰ মাপ ( IQ assessment) কৰাৰ পিছত সঠিক পদক্ষেপ লব পৰা যায়।
৩। নিৰ্বাচিত শিক্ষা সমস্যা - এই সমস্যাবোৰ কেইবাটাও প্ৰকাৰ আছে। যেনে -
1. Dyscalculia
2. Dysgraphia
3. Dyslexia
শিশুসকলৰ ক্ষেত্ৰত লিখা বা পঢ়াৰ লগতে অংক আদিৰ দৰে বিষয়ত সম্পৰ্ক থকা এবিধ সমস্যা যাক কোৱা হয় 'অধিগম অক্ষমতা' (Learning Disability)। এনে সমস্যাত আক্ৰান্ত শিশুসকলে বাকী শিশুসকলৰ দৰে পঢ়া বা লিখাৰ ক্ষেত্ৰত বুজি পোৱাত অসুবিধা হয়। উদাহণস্বৰূপে যদি win লিখা আছে তেন্তে এনে সমস্যাত ভোগা শিশুসকলে win টোক niw পঢ়িব ধৰে ঠিক তেনদৰে p টোক q, b টোক d এনেধৰণে লিখিব ধৰে। সংখ্যাৰ ক্ষেত্ৰতো যদি 12 থাকে তেনেহলে পঢ়ে 21 বুলি। সকলোবোৰ ওলত - পালট কৰি পঢ়িব ধৰে। দেখাত একে যেন লগা আখৰ বা শব্দবোৰৰ মাজৰ পাৰ্থক্য বুজিবলৈ অসুবিধা হয়। শব্দবোৰ বুজি পোৱাত অসুবিধা হয়। বাকী সাধাৰণ বুদ্ধিমত্তা ঠিকেই থাকে। পঢ়াৰ বাহিৰে বেলেগ কথাত এইটো অনুভৱ নহয় যে শিশুটিৰ কিবা সমস্যা আছে। কিন্তু যদি পঢ়া লিখাৰ কথা আহে তেতিয়াহে জনা যায় যে শিশুটি dyslexia সমস্যাত আক্ৰন্ত। এনে ধৰণৰ শিশুসকলে পঢ়াৰ ক্ষেত্ৰত মন বহাব নোৱাৰে। এনে সমস্যাই শিশুসকলৰ পঢ়া বা লিখাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। এনে শিশুসকলৰ ক্ষেত্ৰত বিশেষ সুবিধাৰ প্ৰয়োজন। Dyslexia সমস্যাত আক্ৰান্ত বুলি তেতিয়া চিনিব পাৰি যেতিয়া শিশুটি ৩ বছৰ মানৰ বয়সত আখৰৰ লগত চিনাকি কৰোৱা হয়।
৪। Motor Disabilities: এনেধৰণৰ শিশুসকলৰ বহুত বেছি লেহেমীয়া হয়। নিজৰ কামবোৰো সঠিকভাৱে কৰিব নোৱাৰে। যেনে - শিশুটিয়ে নিজৰ জোতাৰ ফিটা বন্ধাত বা চাৰ্টৰ বুটাম লগোৱাত অসুবিধা পায়। এনে শিশুসকলৰ ক্ষেত্ৰত দেখা যায় যে নিৰ্দিষ্ট বিষয়তহে দুৰ্বল হয়। কিছুমানৰ ক্ষেত্ৰত পঢ়াত সমস্যা হয় কিন্তু মৌখিক ৰূপত ধুনীয়াকৈ পাতিব পাৰে। যিসকল শিশু ADHD ( Attention Deficit Hyperactivity Disorder) ত ভোগী থাকে তেনে শিশুসকলৰ ক্ষেত্ৰতো এই সমস্যা আহিব পাৰে। ADHD( Attention Deficit Hyperactivity Disorder) হৈছে এক প্ৰকাৰৰ মানসিক সমস্যা, যিটো শিশুসকলৰ লগতে প্ৰাপ্তবয়স্কসকলো ভুগিব পাৰে। কিন্তু শিশুসকলৰ ক্ষেত্ৰত এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে। এই সমস্যাত ভোগা শিশুসকল বহুত বেছি আবেগিক হয়। একাগ্ৰতা কম হয় আৰু বহুত বেছি সক্ৰিয় হৈ থাকিব বিচাৰে। এই সমস্যাটোৰ বাবেও শিশুসকল Slow Learner হব পাৰে।
কিছুমান শিশুৰ ক্ষেত্ৰত আকৌ আবেগিক কাৰণতো এনেধৰণৰ সমস্যা হব পাৰে। যেনে - ঘৰুৱা সমস্যা, শিশুটি যদি মানসিক চাপত ভোগি থাকে, অভিভাৱকৰ কন্দল ইত্যাদিও এই সমস্যাৰ কাৰণ হব পাৰে।

• Slow Learner শিশুসকলৰ ক্ষেত্ৰত অভিভাৱকসকলে লবলগীয়া পদক্ষেপ সমূহ।
১। শিশুটিক পঢ়োৱাৰ ক্ষেত্ৰত পাৰ্যমানে সময় দিব লাগে ।
২। শিশুসকলক পঢ়োৱাৰ বাবে নতুন নতুন কৌশল অভিভাৱকসকলে উদ্ভাৱন কৰি সেইমতে শিশুসকলক পঢ়াব লাগে।
৩। ছবি আৰু ৰঙৰ সহায়ত শিশুটিক পঢ়াবলৈ চেষ্টা কৰিব লাগে।
৪। শিশুটিক ঘৰৰ সৰু সৰু সহজ কামবোৰত জৰিত কৰিব লাগে। যেনে - নিজে আহাৰ খাবলৈ দিয়া, ইউনিফৰ্ম, কিতাপ নিজে ভালদৰে ৰখা হয় ইত্যাদি নিজে কৰিবলৈ কামবোৰ শিকিব লাগে।
৫। সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানত শিশুটিক অংশগ্ৰহণ কৰাব লাগে, লগতে ওচৰ - চুবুৰীয়া, সম্বন্ধীয় ব্যক্তিৰ সম্পৰ্কলৈ নিব লাগে আৰু পৰাপক্ষত তেওঁলোকৰ সম্মুখত শিশুটিক প্ৰশংসা কৰিব লাগে।
৬। শিশুটিক আনৰ আগত খং কৰা, গালি পৰা আৰু আনৰ পঢ়া বা কামৰ সৈতে তুলনা কৰাৰ পৰা সম্পূৰ্ণ বিৰত থাকিব লাগে।
এনেধৰণৰ শিশুসকলক যিকোনো কাম যেনে স্কুলৰ হোমৱৰ্ক হওঁক বা তেনেধৰণৰ কৰিবলগীয়া কামবোৰত সদায় আনৰ সহায়ৰ প্ৰয়োজন হয়।
শিশুসকলক বুজাবলৈ শিক্ষকসকলৰ লগতে অভিভাৱকসকলৰো বহুত ধৈৰ্যৰ প্ৰয়োজন হয়, যিমান পাৰে এনে শিশুসকলৰ মনটোক বুজিবলৈ চেষ্টা কৰিব
লাগে। জোৰ কৰি কোনো কাম কৰাবলৈ চেষ্টা কৰিব নালাগে। এনে শিশুসকলক যিমান পাৰে আত্মবিশ্বাসী কৰি তুলিব লাগে। শিশুটিৰ সন্মুখত শিশুটিৰ দুৰ্বলতাৰ দিশবোৰ আঙুলিয়াব নালাগে। সদায় কিবা এটা ভাল কৰিব পৰাকৈ উৎসাহ দিব লাগে। সেইটো কেৱল পঢ়াৰ ক্ষেত্ৰতে প্ৰযোজ্য ৰাখিব নালাগে। কিবা বুজাব লগীয়া হলে যিমান পাৰে সহজ সৰল শব্দ ব্যৱহাৰ কৰিব লাগে। সময় লওক যিমান পাৰে। খং ৰাগ এইবোৰ দূৰৈত ৰাখিলে ভাল। শাৰীৰিক ব্যায়াম কৰাব লাগে।
এনে শিশুসকলৰ হাতৰ আখৰ ভাল কৰাৰ ক্ষেত্ৰতো সমস্যাত পৰা দেখা যায়। বিশেষকৈ এনে শিশুসকলৰ হাতৰ আঙলিৰ মাংসপেশীবোৰ আনতকৈ দুৰ্বল হয়, এনে ক্ষেত্ৰত পেশী উন্নত কৰিব পৰাকৈ কছৰট কৰাব পাৰে। লগতে স্কুলৰ বৰ্ডত লখাবোৰতো মন দিয়াত এওঁলোকৰ অসুবিধা হয়।সেয়েহে ঘৰত সময় লৈ সৰল শব্দৰে বুজাব লাগে। cursive লিখাতকৈ normal হাতৰ আখৰতে লিখিবলৈ দিব লগে, বুজি পোৱাত সুবিধা হয়।
এনে শিশুসকলৰ আচলতে সময়ৰ প্ৰয়োজন , এনে নহয় যে এই শিশুসকলে শিকিব নোৱাৰিব, সকলো পাৰিব, সেইসকল শিশুৰ অভিভাৱকসকলে ধৈৰ্যৰ লগতে মৰমেৰে শিশুটিক আগুৱাই নিব লাগিব। বন্ধুবৰ্গৰ সৈতে যিমান পাৰে খেলা ধূলা কৰিবলৈ দিব লাগে, এনে কিছুমান কাম কৰিবলৈ দিব লাগে যিবোৰ শিশুটিয়ে ভাল পায়।
অভিভাৱকসকলৰ বাবে আন গুৰুত্ব দিবলগীয়া কথা হৈছে, শিশুটিয়ে যিটো কাম কৰিব পৰা নাই, অৰ্থাৎ যি ক্ষেত্ৰত শিশুটি অসমৰ্থ, তাৰ বাবে তাক কেতিয়াও দোষাৰোপ কৰিব নালাগে।
এই সকলো প্ৰচেষ্টাৰ পিছতো যদি শিশুটি পঢ়াৰ ক্ষেত্ৰত বা শিকাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে তেন্তে শিশুটিৰ বৌদ্ধিক স্তৰ পৰীক্ষা কৰাব লাগে আৰু কোনো অভিজ্ঞ শিশু মনস্তত্ত্ববিদ বা নিৰ্দেশকৰ সহায় লব লাগে।

✍️কুকি মহন্ত

22/09/2023

শিশুটিক মোবাইল দেখুৱাই ভাত খোৱাৰ অভ্যাস কৰিছে নেকি?

21/09/2023

নিউটনৰ তৃতীয় সূত্ৰ অনুযায়ী,'প্ৰতিটো ক্ৰিয়াৰে এক বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে।'

আপুনি যিমানেই আনৰ বাবে যোগাত্মক হৈ চিন্তা কৰিব সেই যোগাত্মক ভাৱে আপোনাৰ জীৱনকো প্ৰভাৱিত কৰিব ।
যদি আনৰ কাৰণে নেতিবাচক চিন্তা কৰা হয় তেন্তে তাৰ প্ৰভাৱ আপোনাৰ জীৱনতো পৰিব।

নিউটনৰ এই তৃতীয় সূত্র আমাৰ জীৱনৰ প্ৰতিটো বিচাৰ, কৰ্ম আদিত প্ৰতিফলিত হয়।

সুপ্ৰভাত 🍁🍁🍁

❤️❤️
04/09/2023

❤️❤️

Address

Mother Teresa Road, Zoo Tiniali
Guwahati

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918638290676

Alerts

Be the first to know and let us send you an email when Kuki Mahanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Kuki Mahanta:

Share

Category