27/05/2022
উচ্চ প্ৰাবল্যৰ শব্দই কেনেকৈ আমাক ক্ষতি কৰে
উচ্চ প্ৰাবল্যৰ শব্দই দুই ধৰণে কাণৰ ক্ষতি সাধন কৰিব পাৰে। হঠাতে হোৱা ক্ষন্তেকীয়া অতিপ্ৰাবল্যৰ শব্দ যেনে বন্দুকৰ গুলী, ফটকা বা আন বিস্ফোৰকৰ বিস্ফোৰণে কাণৰ পৰ্দা বা পৰ্দাৰ পিছফালে থকা ক্ষুদ্ৰ হাড় বোৰ ছিন্ন ভিন্ন কৰিব পাৰে। ফলস্বৰূপে কাণৰ শব্দ পৰিবহণ কৰিব পৰা ক্ষমতা নাইকীয়া হৈ যায়।
আনহাতে দিঘলীয়া সময়ৰ বাবে অধিক প্ৰাবল্যৰ শব্দৰ পৰিবেশত থাকিলে লাহে লাহে কাণৰ স্নায়ু কোষৰ ক্ষতি হয় আৰু শ্ৰৱণ শক্তি কমি আহিবলৈ ধৰে। কল কাৰখানা, ৰেলৱে বা বিমান বন্দৰৰ কৰ্মচাৰী সকল এনেকুৱা শ্ৰবণহীনতাত আক্ৰান্ত হ'ব পাৰে। উচ্চ প্ৰাবল্যৰ গান বাজনা শুনি ভালপোৱা সকলৰো এনে আশংকা নথকা নহয়।
প্ৰথম অৱস্থাত ৰোগীয়ে একো অনুভৱ নকৰে।
কিন্তু লাহে লাহে যেতিয়া শ্ৰৱণ শক্তি বেছি পৰিমাণে কমি যায় তেতিয়া তেওঁলোকে দৈনন্দিন জীৱনত অসুবিধা পাবলৈ ধৰে। গতিকে উচ্চ স্বৰৰ সংগীত, বিস্ফোৰক ফটকা আদিৰ পৰা আতৰি থকাই বুদ্ধিমানৰ কাম। যিসকল মানুহে চাকৰিৰ খাতিৰত অতিমাত্ৰা শব্দৰ পৰিবেশত কাম কৰিবলগীয়া হয়, তেওঁলোকে বছৰত অন্ততঃ এবাৰ ই এন টি বিশেষজ্ঞৰ তাত কাণ পৰীক্ষা কৰা প্ৰয়োজনীয়।
উচ্চ প্ৰাবল্যৰ শব্দৰ ক্ষতিকাৰক প্ৰভাৱ কেৱল ইয়াতেই সীমাবদ্ধ নহয়। ই মানুহৰ উদ্বিগ্নতা বৃদ্ধি কৰে আৰু কাৰ্যকুশলতা হ্ৰাস কৰে। নিদ্ৰা বিঘ্নিত কৰি ৰক্তচাপ আৰু মানসিক অৱসাদ বৃদ্ধিত অৰিহনা যোগায়। আজিকালি শব্দ প্ৰদুষন এক বহল ভাৱে আলোচিত বিষয়। ইয়াক হ্ৰাস কৰিবলৈ চৰকাৰে ভালেমান আইন প্ৰণয়ন কৰিছে। স্কুল, হস্পিটেল, আদালত আদিৰ আশে-পাশে যাতে শব্দ প্ৰদুষনৰ সৃষ্টি নহয় তাৰবাবে আমি সকলোৱে সজাগ হোৱা উচিত।