25/12/2023
আই.ভি .এফ (IVF) কিনো? কেনেকৈ কৰে? EMBRYO FREEZING মানেনো কি? আহকচোন বুজো..
সাম্প্ৰতিক সময়ত আমি প্ৰত্যেকেই ওপৰত লিখা শব্দ দুটা হয়তো কেতিয়াবা শুনিছোঁ। কিন্তু সঠিকভাবে হয়তো বুজি পোৱা নাই IVF , EMBRYO FREEZING ৰ সম্পূৰ্ণ অৰ্থ। এই বিষয়ে বুজিবলৈ হলে আমি পুৰুষ আৰু মহিলাৰ প্ৰজনন তন্ত্ৰৰ (REPRODUCTIVE SYSTEM) বিষয়ে অলপ কথা সহজ ভাবে বুজি পাব লাগিব। তেন্তে আহঁক আগবাঢ়ো।
এজন পুৰুষ আৰু এগৰাকী মহিলা প্ৰাপ্তবয়স্ক হোৱাৰ পিছত সামাজিক নীতি-নিয়ম মানি বিবাহত আবদ্ধ হৈ, সন্তান কামনা কৰি শাৰীৰিক মিলনৰ পিছতো যদি সন্তানপ্ৰাপ্তিত সফল নহয়, তেতিয়া কিছুমান কথা তেওঁলোক জনা উচিত। সন্তান এটা গৰ্ভত স্থিতি লবলৈ হ'লে পুৰুষ- মহিলা দুয়োজনৰেই শৰীৰ সু্স্থ হ'ব লাগিব। দুয়োজনৰেই গুৰুত্ব সমান।
এটা সুস্থ সবল সন্তান মাতৃ-গৰ্ভত স্থিতি লবলৈ হ'লে পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বাণু দুয়োটাৰেই শক্তি ভাল হ'ব লাগিব বা সন্তান জন্ম দিব পৰা গুণবোৰ থাকিব লাগিব।
কেনেকৈ কৰ পৰা আহে শৰীৰত এই শুক্ৰাণু আৰু ডিম্বাণুবোৰ?
যেতিয়া এটা সন্তান মাতৃ গৰ্ভত লাহে লাহে এমাহ দুমাহকৈ ডাঙৰ হৈ থাকে, তেতিয়া জন্মৰ সময়ত থাকিব লগীয়া সকলো অংগবোৰ লাহে লাহে সৃষ্টি হ'ব ধৰে। ঠিক তেনেকৈ এটা লৰা সন্তান হলে অণ্ডকোষ(TESTES) আৰু ছোৱালী সন্তান হলে ডিম্বাশয় (O***Y) সৃষ্টি হ'ব ধৰে। এই অণ্ডকোষ আৰু ডিম্বাশয়ৰ ভিতৰতেই যৌবনপ্ৰাপ্ত (PUBERTY) হলে সৃষ্টি হ'বলগীয়া কোষ(CELL)বোৰ সোমাই থাকে। এই সৰু সৰু চকুৰে মনিব নোৱাৰা কোষবোৰ সুপ্ত অবস্থাত থাকে। যেতিয়া প্ৰাকৃতিক নিয়ম অনুসৰি যৌবনপ্ৰাপ্ত হয়, তেতিয়াই অণ্ডকোষ আৰু ডিম্বাশয়ৰ ভিতৰত ক্ৰমে শুক্ৰাণু আৰু ডিম্বাণুবোৰ জাগ্ৰত হবলৈ আৰম্ভ কৰে। কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। যিহেতু সন্তান ধাৰণ কৰিব পৰাকৈ ছোৱালী এজনীৰ শৰীৰ পূৰঠ হৈ নুঠে, সেইবাবে অতিকমেও ২১ বছৰ বয়সলৈকে গৰ্ভধাৰণৰ উপদেশ দিয়া নহয়।
ঋতুচক্ৰ মতে ডিম্বাশয়ত কেনে পৰিবৰ্ত্তন হয়?
এজনী ছোৱালী পুষ্পিতা হোৱাৰ পিছত তেখেতৰ শৰীৰৰ ভিতৰত থকা ডিম্বাশয়ত প্ৰতিদিনে কি কি পৰিবৰ্ত্তন হয় আমি যদি জানিব বিচাৰো, তেন্তে সেয়া জানিবলৈ আমি চোনোগ্ৰাফী (ULTRASONOGRAPHY) পদ্ধতিৰে জানিব পাৰোঁ। ঋতুচক্ৰ যদি ২৮-৩০ দিনৰ বুলি ধৰি লওঁ আৰু ঋতুস্ৰাবৰ প্ৰথম দিনাৰ পৰা পৰবৰ্ত্তী ঋতুস্ৰাব হোৱাৰ দিনলৈ যদি প্ৰতিদিনে আমি চোনোগ্ৰাফী কৰোঁ তেন্তে আমি দেখা পাম যে, প্ৰথম তিনিদিনত ডিম্বাশয়ৰ ভিতৰত থকা ডিম্ববোৰ একেবাৰে সৰু হৈ থাকে। এটা সৰিয়হৰ গুটিৰ পৰা ডালিমৰ এটা গুটিৰ আকাৰৰ ভিতৰত। ২মিঃমিঃৰ পৰা ৮ মি:মি: ৰ ভিতৰত। লাহে লাহে দিন যোৱাৰ লগে লগে মগজুত থকা পিটুইটাৰী গ্ৰন্হীৰ পৰা নিঃসৰিত হোৱা FSH হ'ৰম'নৰ প্ৰভাৱত এই ডিম্ববোৰৰ ভিতৰত এটা ডিম্ব আকাৰত ডাঙৰ হবলৈ ধৰে আৰু মাহেকীয়াৰ মাজ ভাগত [অৰ্থাৎ ২৮ দিনৰ মাহেকীয়া হলে ১৪-১৫-১৬নম্বৰ দিনত] এই ডিম্বাণুটো LH হ'ৰম'ণৰ প্ৰভাৱত নিঃসৰিত (OVULATION) হয়,আৰু সেই সময়তেই যদি শাৰীৰিক সম্পৰ্ক হয়, গৰ্ভ হোৱাৰ সম্ভাৱনা অতি প্ৰবল। এই প্ৰক্ৰিয়াটো প্ৰত্যেক মাহতেই চলি থাকে প্ৰকৃতিৰ নিয়ম অনুসৰি।
সন্তান নহলে সকলো দম্পতীক IVF ৰেই দৰকাৰ হয় নেকি?
উত্তৰ হল-- কৰোবাৰ সন্তান নহলে তেওঁ IVF কৰাব লাগিব বুলি কোনো কথা নাই। তেওঁক IVF নালাগিবও পাৰে। প্ৰথমতে জানিবলৈ বিচৰা উচিত যে তেওঁলোকৰ কিয় সন্তান হোৱা নাই। সেই কাৰণবোৰ বিচাৰি উলিওৱাৰ পিছত, যাৰ যি ধৰণৰ অসুবিধা থাকে সেই অনুপাতে চিকিৎসা কৰিলেই সুফল পোৱা যায়। IVF হ'ল এটা বৈজ্ঞানিক পদ্ধতি, য'ত সন্তানহীন দম্পতীৰ সন্তানহীনতাৰ কাৰণবোৰ বিচাৰি উলিয়াই,সেই মৰ্মে বৈজ্ঞানিক পৰীক্ষাগাৰ (LABORATORY)ৰ সহায়লৈ তেওঁলোকৰ চিকিৎসা কৰি গৰ্ভধাৰণৰ সহায় কৰি দিয়া হয়।
কেনেকৈ কৰা হয় এই IVF?
IVF বিভিন্ন ধৰণে কৰিব পাৰি। যিহেতু সকলোৰে শৰীৰ একে নহয়, সকলোৰে অসুবিধাবোৰে একে নহয়। সেইমৰ্মে সকলোৰে চিকিৎসা পদ্ধতিবোৰো একে কেতিয়াও নহয়।
সহজ ভাষাত বুজিবলৈ হলে IVF পদ্ধতিত প্ৰথমতে মহিলাগৰাকীৰ ঋতুচক্ৰৰ প্ৰথম নতুবা দ্বিতীয় দিনাৰ পৰা আৰম্ভ কৰি দহ-বাৰ দিনলৈ হ'ৰম'নৰ দৰব দিয়া হয়। এই দৰব এই বাবেই দিয় হয় যাতে আমি আৰম্ভণিতে লিখা সৰু সৰু ডিম্বাণুবোৰ একেলেগে পূৰঠ হোৱালৈ ডাঙৰ কৰিব পাৰি। যেতিয়া ডিম্বাণুবোৰ দহ-বাৰ দিন হ'ৰম'নৰ দৰব দিয়াৰ পিছত পৈণত হয়, তেতিয়া মহিলাগৰাকীক , দহ-পোন্ধৰ মিনিট মানৰ বাবে সংঙ্গ্যাহীন কৰি SONOGRAPHY পদ্ধতিৰ সহায়ত সেই ডিম্বাণুবোৰ শৰীৰৰ বাহিৰলৈ উলিয়াই আনি, পুৰুষৰ শুক্ৰাণুৰ লগত IVF পৰীক্ষাগাৰ(LABORATORY) ত উপযুক্ত পৰিবেশত নিষেচন (FERTILIZATION) প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি সেই মানব-ভ্ৰুণ (EMBRYO)টো পৰিবৰ্ত্তী পাঁচ-ছয় দিনলৈ ডাঙৰ হবলৈ দিয়া হয়। ইয়াতকৈ দীঘলীয়া সময় পৰীক্ষাগাৰত মানব ভ্ৰুণ বিকশিত হোৱা সম্ভব নহয়। পাঁচ- ছয় দিন ভ্ৰুণটো বা ভ্ৰুণবোৰ বিশেষ ধৰণৰ কিছুমান সাবধানতা অবলম্বন কৰি উন্নত মানৰ পৰিবেশত বিকশিত কৰি সেইবোৰ জুলীয়া নাইট্ৰোজেন গেছ (LIQUID NITROGEN) ত -১৯৬°চেলছিয়াচত ভবিষ্যতে ব্যবহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰি থব পাৰি।
কিমান দিনলৈ এই ভ্ৰুণবোৰ সংৰক্ষণ কৰি থব পাৰি?
বৈজ্ঞানিক নিয়মমতে এই ভ্ৰুণবোৰ অনিৰ্দিষ্ট কাললৈ সংৰক্ষণ কৰি থব পাৰি। সেইবোৰ জীয়াই থাকে, কিন্তু নাবাঢ়ে। অৰ্থাৎ কোনো দম্পতীয়ে যদি স্ত্ৰীৰ ২৮ বছৰ বয়সত কোনো কাৰণত তেওঁলোকৰ সন্তান IVF পদ্ধতিৰে সংৰক্ষণ কৰি থয়, তেন্তে স্ত্ৰীৰ চল্লিছ-পঞ্চল্লিছ বছৰ বয়সতো সেই ভ্ৰুণৰ যৰিয়তে গৰ্ভধাৰণ কৰিব পাৰিব। এনেদৰে সংৰক্ষণ কৰি থোৱা বাবে সেই ভ্ৰুণৰ গুণাগুণত কোনো ধৰণৰ পৰিবৰ্ত্তন নহয়। ইয়াকেই EMBRYO FREEZING বুলি কোৱা হয়।
ভ্ৰুণৰ বাহিৰে শুক্ৰাণু আৰু ডিম্বাণুবোৰো সংৰক্ষণ কৰিব পাৰিনে?
নিশ্চয় পাৰি। যদি কোনো কাৰণত এজন পুৰুষৰ শুক্ৰাণু বা এজনী মহিলাৰ ডিম্বাণু সংৰক্ষণ কৰিবলগীয়া হয়, তেন্তে সেয়া সম্ভব। দুটা উদাহৰণেৰে আমি কথাটো বুজিবলৈ চেষ্টা কৰোঁ আহক।
উদাহৰণ ১- যদি কোনো কাৰণত এজন পুৰুষ বা এজনী মহিলাৰ সন্তান জন্ম দিয়াৰ আগতেই শৰীৰৰ কোনো অংশত কৰ্কট ৰোগ (CANCER) হয়, তেতিয়া সেই কৰ্কট ৰোগৰ বাবে দৰকাৰ হোৱা বিভিন্ন পদ্ধতি শৰীৰত প্ৰয়োগ কৰাৰ আগতেই শুক্ৰাণু বা ডিম্বাণুবোৰ সংৰক্ষণ কৰি থব পাৰি। কাৰণ বৰ্ত্তমান যুগত চিকিৎসা বিজ্ঞানৰ উন্নতি হোৱাৰ লগে লগে কৰ্কট ৰোগৰ পৰা চিকিৎসা কৰি সম্পূৰ্ণভাবে মুক্ত হৈ সুস্থ জীৱন-যাপন কৰিৱ পৰা মানুহৰ সংখ্যা বাঢ়িছে। কিন্তু এই কৰ্কট ৰোগ নিৰ্মূল কৰাৰ বাবে লগা প্ৰয়োজনীয় পদ্ধতি শৰীৰত প্ৰয়োগ কৰিলে শুক্ৰাণু আৰু ডিম্বাণুবোৰ নষ্ট হোৱাৰ লগে লগে ভবিষ্যতে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰাই যায়। সেইবাবে আগতেই সংৰক্ষণ কৰি থব পাৰিলে পিছলৈ সেই সু্স্থ শুক্ৰাণু বা ডিম্বাণু ব্যবহাৰ কৰিব পাৰি।
উদাহৰণ-২. আমি জানোঁ যে মহিলাৰ বয়স বঢ়াৰ লগে লগেই প্ৰাকৃতিক কাৰণতেই ডিম্বাণুবোৰৰ সন্তান জন্ম দিব পৰা ক্ষমতা কমিবলৈ ধৰে। বৰ্ত্তমান যুগত বহু মহিলাই জীৱনৰ বিভিন্ন কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ চেষ্টা কৰোঁতে হয়তো নিজ ইচ্ছানুসৰি বা অনিচ্ছাসত্বেও বিবাহত আবদ্ধ হওঁতে অলপ পলম হ'ব পাৰে। কিন্তু মহিলাসকলে এইটো কথা মনত ৰখা উচিত বা আনকো জনোৱা উচিত যে কষ্ট কৰিলে জীৱনত সকলো পাব পাৰি, আজি নহলে কালি। কিন্তু প্ৰাকৃতিক ভাবে বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ ভিতৰত থকা ডিম্বাণুত যিবোৰ পৰিবৰ্ত্তন হৈ থাকে, সেইবোৰ এবাৰ নষ্ট হৈ গলে কোনো দৰব নাই আকৌ ঘূৰাই আনিবলৈ। তেনে ক্ষেত্ৰত কি কৰিব পাৰি? কোনো মহিলাই যদি বিবাহত আবদ্ধ হব বিচৰা নাই তেন্তে তেওঁ নিজৰ ডিম্ববোৰ কম বয়সতেই, ভাল অবস্থাতেই সংৰক্ষণ কৰি থব পাৰে। পিছত দৰকাৰ যদি হয় সেইবোৰ ব্যবহাৰ কৰিব পাৰি।
পুুৰষ বা মহিলাৰ শৰীৰত যদি কোনো বংশগত (GENETIC) ৰোগ থাকে, সেইবোৰ সন্তানৰ শৰীৰলৈ গৈছে নেকি পৰীক্ষা কৰিব পাৰিনে ?
নিশ্চয় পাৰি। IVF পদ্ধতিৰে পৰীক্ষাগাৰ (LABORATORY)ত মানব ভ্ৰুণ এটা ৫-৬দিনলৈ যদি বৃদ্ধি হয় তেন্তে সেই ভ্ৰুণটো আকৌ মহিলাগৰাকীৰ জৰায়ুত সোমোৱাই দিয়াৰ আগত NICS (Non Invasive Chromosome Screening) পদ্ধতিৰে পৰীক্ষা কৰি চাব পাৰি। এই পৰীক্ষাত যদি ফলাফল ভাল হয় তেন্তে জৰায়ুত সংস্থাপন (EMBRYO TRANSFER) কৰিব পাৰি। যদি কোনো GENETIC ৰোগ থাকে তেন্তে সেয়াও ফলাফলত ওলায়। তেনে ক্ষেত্ৰত সেই ভ্ৰুণটো(বোৰ) জৰায়ুত সংস্থাপন কৰিবলৈ উপদেশ দিয়া নহয়।
সন্তানহীন দম্পতীৰ বাবে IVF হ'ল চিকিৎসা বিজ্ঞানৰ এক প্ৰকাৰৰ আশীৰ্বাদ স্ৱৰূপ। ১৯৭৮ চনৰ ২৫ জুলাইৰ ৰাতি ১১:৪৭ বজাত পৃথিৱীৰ প্ৰথম IVF সন্তান লুইজি ব্ৰাউন জন্ম হোৱাৰ লগে লগেই এই চিকিৎসা পদ্ধতিয়ে সন্তানহীন দম্পতীৰ চকুত অলেখ অযুত আশাৰ সঞ্চাৰ কৰিলে। সেই তেতিয়াৰে পৰা প্ৰতিনিয়ত বিজ্ঞানে নতুন নতুন প্ৰযুক্তিবিদ্যাৰে IVF পদ্ধতিৰ মানদণ্ড উন্নতি কৰি অলেখ অযুতজনৰ জীৱনলৈ হাঁহি বোৱাবলৈ সক্ষম হৈছে। কিন্তু এইয়াই শেষ নহয়। IVF ৰ এই যাত্ৰা অবিৰত...
Dr.Dhiren Dutta
Gynaecologist, Reproductive Endocrinologist, IVF Specialist
Sexologist, Trained in Clinical Genetics &
Hystero-Laparoscopic Surgeon