Dr. Dhiren Dutta

Dr. Dhiren Dutta The Experienced, Dedicated and Premier care you deserve; Before, During and Beyond Pregnancy.

03/05/2026

SERIES 21:---শাৰীৰিক সম্পৰ্ক কৰি সন্তান নহলে সকলোৱে IVF কৰিব লাগিবই নেকি?আহকচোন জানো..

31/03/2026

SERIES :20-- চকলেট্ চিষ্ট (CHOCOLATE CYST) মানে কিনো? ইয়াৰ পৰা কোনো ক্ষতি হব পাৰে নেকি? সমাধান আছেনে? আহকচোন জানো..

***y

SERIES 19 :  সঘনাই হোৱা গৰ্ভপাত। কেনেকৈনো আগবাঢ়োঁ?
21/03/2026

SERIES 19 : সঘনাই হোৱা গৰ্ভপাত। কেনেকৈনো আগবাঢ়োঁ?

Series 18:  সন্তানহীনতাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ল ডিম্বাণুৰ শক্তি/ক্ষমতা কমি যোৱা।  [নিম্নোক্ত কথাখিনি লিখাৰ সময়...
01/03/2026

Series 18: সন্তানহীনতাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ল ডিম্বাণুৰ শক্তি/ক্ষমতা কমি যোৱা।

[নিম্নোক্ত কথাখিনি লিখাৰ সময়ত ধৰি লোৱা হৈছে যে এহাল দম্পতীৰ মাজত ডিম্বাণুৰ শক্তি কম হৈ যোৱাৰ বাহিৰে সন্তানহীনতাৰ আন কোনো অসুবিধা নাই।]

আমাৰ সমাজত এটা প্ৰচলিত ধাৰণা যে এগৰাকী মহিলাৰ ঋতুস্ৰাব (মাহেকীয়া) সময়মতে হৈ আছে মানে শাৰীৰিক সম্পৰ্ক হলে সন্তানো হবই।

ইয়াৰ উত্তৰ হিচাপে বৈজ্ঞানিক ভাবে আমি কওঁ যে মাহেকীয়া হৈ থকাৰ লগত সন্তান হোৱাৰ কোনো সম্পৰ্ক নাই।

এগৰাকী মহিলাৰ ডিম্বাশয়(OVARY)ত ডিম্ববোৰ থাকে। সেই ডিম্ববোৰৰ দুটা ক্ষমতা থাকে। প্ৰথমটো পৰিমাণ, দ্বিতীয়টো গুনমান।

১)সময়মতে মাহেকীয়া হবলৈ শৰীৰৰ বিভিন্ন হৰম'নবোৰৰ লগত তালমিল ৰাখি মাহেকীয়া হোৱাত সহায় কৰা। যেতিয়ালৈকে ডিম্বাশয়ত ডিম্বাণু আছে(QUANTITY, পৰিমাণ) তেতিয়ালৈকে মাহেকীয়া হৈ থাকিব।

আৰু

২) শুক্ৰাণুৰ লগত ডিম্বাণুৰ নিষেচন(FERTILIZATION)হৈ সন্তান জন্ম দিয়া। যদিহে ডিম্বাণুবোৰৰ গুনমান(QUALITY) কোনো কাৰণত লাহে লাহে কম হৈ গৈ থাকে,তেন্তে নিষেচন ক্ষমতাও (FERTILIZATION CAPACITY) কমি যাবই।

এই দুইটা ক্ষমতাৰ এটাৰ লগত আনটোৰ কোনো সম্পৰ্ক নাই।

গতিকে এগৰাকী মহিলাৰ নিয়মিত মাহেকীয়া হৈ থাকিলেও, ডিম্বাশয়ত ডিম্ব থাকিলেও, যদিহে সেই ডিম্বাণুবোৰৰ সন্তান জন্ম দিয়াৰ ক্ষমতা লাহে লাহে কমি গৈ আছে তেন্তে গৰ্ভধাৰণ কৰোঁতে অসুবিধা হ'ব পাৰে।

অসুবিধাৰ অৰ্থ হল মহিলাগৰাকীৰ ডিম্বাণু, তেখেতৰ সঙ্গীৰ শুক্ৰাণুৰ ওচৰলৈ আহিলে ক্ষমতা কমি যোৱা বাবে নিষেচন (FERTILIZATION) নহব পাৰে।

এই লিখনিটো লিখা তাৰিখলৈকে(০১/০৩/২৬) বিজ্ঞানমতে এনে কোনো দৰব বা পদ্ধতি ওলোৱা নাই যে এবাৰ ডিম্বাণুৰ গুনমান (QUALITY) কমি গলে সেয়া আকৌ ভাল অবস্থালৈ ঘূৰাই আনিব পাৰি। হয়তো ভবিষ্যতে কোনো উপায় ওলাব। আশাবাদী।

27/09/2025

Series 17 : PCOD CONTROL কৰিব পাৰি..

14/06/2025

ঈশ্বৰে আশীৰ্বাদ কৰিলে সকলো সম্ভৱ হৈ উঠে।  🙏
19/02/2025

ঈশ্বৰে আশীৰ্বাদ কৰিলে সকলো সম্ভৱ হৈ উঠে। 🙏

Series 15 : সন্ত‍‍ান নোহোৱাৰ বহু কাৰণৰ ভিতৰত এটা কাৰণ হ’ল স্বামী-স্ত্ৰীৰ মাজত সঠিকভাবে নতুবা সঠিক সময়ত শাৰীৰিক সম্পৰ্ক (...
27/12/2024

Series 15 : সন্ত‍‍ান নোহোৱাৰ বহু কাৰণৰ ভিতৰত এটা কাৰণ হ’ল স্বামী-স্ত্ৰীৰ মাজত সঠিকভাবে নতুবা সঠিক সময়ত শাৰীৰিক সম্পৰ্ক (যৌন-মিলন) নোহোৱ‍া।

কেতিয়‍াব‍‍া বিয়াৰ পিছত ৩-৪ বছৰ (বা তাতোকৈ বেছি) পাৰ হৈ যোৱালৈকে সঠিক মিলন নহয়।

কিয় নহয়? বহু ক্ষেত্ৰত এজনে আনজনৰ SEXUAL RESPONSE CYCLE মানে শৰীৰটো কোন সময়ত সঠিকভাবে মিলনৰ ব‍াবে পৰিপক্ব হৈ উঠে সেয়া নজনাটো।
নজনাটো ডাঙৰ কথা নহয়, কিন্তু জানিবলৈ চেষ্টা নকৰাটো নিশ্চয় ডাঙৰ কথা। আমাৰ সমাজত এতিয়াও যৌনতাৰ বিষয়ে আলোচনা কৰাটো হীন কাম(SOCIAL TABOO) বুলি ভবা হয়। সঠিক যৌন-জ্ঞানৰ (SEXUAL KNOWLWDGE)অভাবৰ ফলতেই, এজনৰ শৰীৰে কি বিছাৰে সেয়া আনজনে সঠিক মূহূৰ্তত বুজি নোপোৱাৰ ফলতেই দুয়োজনৰ মাজত মিলন সুখকৰ হৈ নুঠে।ফলত মানসিক বান্ধোন কেতিয়াবা শিথিল হৈ পৰে। মিলনৰ ক্ষেত্ৰত অনীহা আহি পৰে।

অনীহা হোৱাৰ আন এটা কাৰণ হ'ল গম নোপোৱাকৈ শৰীৰৰ ভিতৰত কিছুমান হ'ৰমনৰ তাৰতম্য হোৱাটো। আমাৰ সকলোৰে নিজৰ শৰীৰৰ বিষয়ে সাধাৰণজ্ঞানখিনি থকা উচিত।

প্ৰকৃতিৰ নিয়মমতে উপযুক্ত সংকেত(SIGNAL) পালে পুৰুষৰ শৰীৰত উত্তেজনা যিকোনো সময়তেই হব পাৰে। কিন্তু পুৰুষ(HUSBAND) সকলে এটা কথা মনত ৰখা উচিত যে তেওঁৰ সংগী(PARTNER-WIFE)ৰ ক্ষেত্ৰত সেয়া একে নহয়। কাৰণ প্ৰকৃতিৰ নিয়ম অনুসৰি মহিলাসকলৰ যৌন-মিলনৰ আসক্তি (URGE) ঋতুচক্ৰ(MENSTRUAL CYCLE)ৰ ওপৰত নিৰ্ভৰশীল। কাৰণ বিভিন্ন হৰম'ণৰ কম-বেছি পৰিমান চলি থাকে।

যদিহে শৰীৰৰ ভিতৰত ধৰিব নোৱাৰকৈ বহুদিনৰ পৰা কোনো ৰোগ হৈ থাকে তেতিয়াও SEXUAL PERFORMANCE ৰ ক্ষেত্ৰত বহু প্ৰভাব পৰে। এই ক্ষেত্ৰত মধুমেহ (DIABETES) ৰোগ প্ৰধানকৈ জগৰীয়া। সঠিক সময়ত ইয়াৰ চিকিৎসা কৰি নিয়ন্ত্ৰণ(CONTROL) নকৰিলে পিছলৈ বহু অসুবিধাৰ সৃষ্টি কৰে।

LOSS OF LIBIDO বা মিলনৰ ক্ষেত্ৰত অনীহা আহি পৰাৰ আন এক মাৰাত্মক ব্যাধি হৈছে মেদবহুলতা, শৰীৰত অত্যাধিক চৰ্বি জমা হোৱা আৰু কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰা। এয়া পুৰুষ-মহিলা দুয়োজনৰ ক্ষেত্ৰতেই খাটে।

INTERNET ৰ বহুল প্ৰচাৰৰ ফলত যৌনতা (P**N) সহজেই উপলব্ধ। কিন্তু দেখাক দেখি সেয়া নিজৰ জীৱনত মিলনৰ সময়ত অনুৰপ চেষ্টা নকৰাই উচিত।সেইবোৰ স্ৱাভাৱিক ৰতি-ক্ৰিয়া প্ৰণালী নহয়। অজ্ঞানতাই হিতে বিপৰীত কৰে।
যৌনশক্তি বৰ্ধক দৰবৰ পয়োভৰ আজিকালি যতে ততেই। কিন্তু সেইবোৰ যধে-মধে সেৱন কৰিলে তাৰ পাৰ্শ্ব-ক্ৰিয়া (SIDE EFFECTS) সাংঘাটিক।

মনত ৰাখিব সকলো অসুবিধাৰ চিকিৎসা আছে। বেছিভাগ ক্ষেত্ৰত কোনো শাৰীৰিক অসুবিধা নাথাকে,অসুবিধা থাকে মনত।

মোৰ দ্বাৰা সঠিকভাবে হ'বনে? মোৰ সংগী(PARTNER) ক সঠিকভাবে সুখী কৰিব পাৰিমনে? কি হ'ব নোৱাৰিলে? (PERFORMANCE ANXIETY)।তেওঁ চাগে মোৰ লগত সুখী নহয়। এনে ধৰনৰ নেতিবাচক(NEGATIVE) চিন্তাই দুয়োজনকেই বিপদত পেলায়।

আন এটা সঘনাই বেছিভাগ মহিলাৰ মনলৈ আহি থকা প্ৰশ্ন হ'ল..

"মই দেখোন মিলনৰ সময়ৰ চৰম তৃপ্তি (CLIMAX/ORGASM) পোৱা নাই কেতিয়াও। লগৰ বান্ধবী দুই-এজনীয়ে কোৱা শুনো তেনে কিবা চৰম অনুভূতি লাভ কৰিব পাৰি। মই দেখোন পোৱ‍া নাই, সেইবাবেই মোৰ সন্তান হোৱা নাই নেকি?"

ইয়াৰ উত্তৰ হিচাপে কওঁ মিলনৰ সময়ত দুয়োজনে লাভ কৰা শাৰীৰিক সুখৰ লগত সন্তান হোৱা-নোহোৱাৰ কোনো সম্পৰ্ক ন‍াই। এয়া এক ভ্ৰান্ত ধাৰণাহে মাথো। যদিহে সন্তান ধাৰণ কৰিব পৰাকৈ শুক্ৰাণু-ডিম্বাণু (SPERM-EGG), ডিম্ববাহী নলীকা(FALLOPIAN TUBE), জৰায়ু (UTERUS) আৰু শৰীৰৰ সকলো হ'ৰমণ থিক পৰিমানত আছে তেন্তে কিমান সময় শাৰীৰিক মিলন হৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়, বীৰ্য্যপাত যোনী(VAGINA)ৰ ভিতৰত হৈছে নে নাই সেয়াহে গুৰুত্বপূৰ্ণ কথা।

তেতিয়াই সেই মহিলাসকলৰ মনত আকৌ প্ৰশ্ন আহে "মই তেনেহলে কিয় চৰম তৃপ্তি (CLIMAX/ORGASM) পোৱা নাই এতিয়াও?"

ইয়াৰ উত্তৰ হ'ল- এজন পুৰুষে(আপোনাৰ স্বামীয়ে) এজনী মহিলাৰ (আপোনাৰ) শৰীৰৰ সকলো কথা খুটি-নাটি নজনাটোৱেই স্ৱাভাৱিক। এজনী মহিলাই (নতুবা পুৰুষজনেও) যদি মনতেই ভাবি লৈছে তেওঁৰ সংগীয়ে (PARTNER) তেওঁক শাৰীৰিক সুখ কেনেকৈ দিব লাগে সকলো কথা নিজে নিজেই জানিব সেয়া অত্যন্ত ভুল ধাৰণা। এইক্ষেত্ৰত স্বামী-স্ত্ৰী উভয়ৰেই সঠিক তাল-মিল থকাটো বাঞ্চনীয়। এজনে আনজনক নিজৰ শৰীৰৰ স্পৰ্শ সংবেদনশীল অংশবোৰৰ বিষয়ে অবগত কৰাই নিদিলে এইক্ষেত্ৰত সঠিক সুখানুভুতি পোৱা অসম্ভব।

বহু পুৰুষ-মহিলাই প্ৰশ্ন কৰে

"মোৰ বিয়াৰ কেবাবছৰো হ'ল,সন্তান নাই হোৱা। মই বিয়াৰ আগত বহুবছৰ হস্তমৈথুন (MUSTURBATION) কৰিছিলো। সেই অভ্যাসৰ কাৰণেই এতিয়া সন্তান নাই হোৱা নেকি?"

উত্তৰ হ'ল- হস্তমৈথুন(MUSTURBATION) হ'ল প্ৰকৃতিৰ নিয়ম অনুসৰি এটা বয়সৰ(PUBERTY) পিছত প্ৰাপ্ত-বয়স্ক পুৰুষ-মহিলা উভয়ৰে শৰীৰত উৎপন্ন হোৱা এটা স্বাভাবিক প্ৰাকৃতিক সঁহাৰি(NORMAL NATURAL BODY RESPONSE)।ইয়াক জোৰকৈ বাধা দিবলৈ চেষ্টা কৰিলে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। হস্তমৈথুন কৰা নকৰাৰ লগত সন্তান হোৱা নোহোৱাৰ কোনো সম্পৰ্ক নাই।শুক্ৰাণু আৰু ডিম্বাণুৰ গুনাগুনৰ কোনো কম-বেছি নহয়। এইটোও সমাজত চলি থকা এটা ভ্ৰান্ত ধাৰণা।

ভোক-পিয়াহ, খং-ৰাগ, হাঁহি-কান্দোন,ভাললগা-বেয়ালগা, ঠাণ্ডা-গৰম এইবোৰ যেনেকৈ কোনোবা সময়ত শৰীৰত সৃষ্টি হোৱা এটা এটা আবেগ অনুভূতি, থিক তেনেকৈ এজন পুৰুষ বা এজনী মহিলাৰ মন মগজুত নিজৰ ভাল লগা সংগীজনৰ (PARTNER) প্ৰতি কোনোবা সময়ত যৌন-মিলনৰ (IN*******SE) বাবে সৃষ্টি হোৱা আকৰ্ষণো এটা প্ৰকৃতিৰ নিয়মমতে চলা আবেগ-অনুভূতি। প্ৰতিটো অনুভূতি শৰীৰত সৃষ্টি হবলৈ তেনে ধৰণৰ কোনো এটা উপযুক্ত কাৰণৰ (TRIGGER POINT) দৰকাৰ। সেইসময়ত আন অনুভূতিৰ মন-মগজুত প্ৰবেশ নিষেধ।

এই কথাষাৰ এইবাবেই গুৰুত্বপূৰ্ণ যে বহু সময়ত স্ৱামী-স্ত্ৰী (HUSBAND -WIFE) দুয়োজনেই কয় যে "আমি মিলনৰ বাবে ওচৰ চাপো, কিন্তু মোৰ সংগীয়ে(PARTNER) সেই সময়তেই আন কিবা কথা চিন্তা কৰি কিবা কিবি বেলেগ কথা কৈ থাকে বাবে সেই অনুভূতিবোৰ হঠাৎ নোহোৱা হৈ যায়।" মিলনৰ ক্ষেত্ৰত অনীহা আহি পৰাৰ এয়াও এক কাৰণ।

শাৰীৰিক মিলন প্ৰণালী কেতিয়াও একঘেয়ামি(MONOTONUS) হোৱা অনুচিত। ভিন্নতাই (DIFFERENT POSITIONS) সুখানুভূতি বঢ়োৱাত সহায় কৰে।

মনত ৰাখিব হাঁহিৰ সময়ত খং নাহে, মিঠা লগাৰ সময়ত তিতা সোৱাদ একেলগে নাহে, দুটা অনুভূতি যিদৰে একেসময়তে একেলগে অনুভব কৰিব নোৱাৰি, ঠিক সেইদৰে যৌন-মিলন(SEXUAL IN*******SE)ৰ সময়ত মাত্ৰ সেই অনুভূতিবোৰ লবলৈহে চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত স্বামী-স্ত্ৰী দুয়োজনৰেই নিজৰ মানসিক সংযোগ এক বিন্দুত স্থিৰ হৈ ৰোৱা উচিত।

স্বামী- স্ত্ৰী (PARTNER) ৰ মাজত সঠিক সময়ৰ অন্তৰালত শাৰীৰিক সম্বন্ধ মাজে মাজে হৈ থকা অতি আবশ্যক। ইয়ে বহু ক্ষেত্ৰত মানসিক চাপ কমোৱাতো সহায় কৰে।

নিজৰ শৰীৰৰ বিষয়ে জানক , শৰীৰৰ ইংগিত (SIGNAL) বোৰ বুজক আৰু সুখী যৌন জীবন উপভোগ কৰক। সুস্থ থাকক,কুশলে থাকক সকলোৱে।

DR.DHIREN DUTTA
Reproductive Endocrinologist,
Sexologist,
IVF Specialist,
Trained in Clinical Genetics,
Hysteroscopic Surgeon.
Ph:9401224343

*******se **sm

     Thank you, God, once again for Guiding me as a mediator to deliver the happiness into their life. Power of Science....
06/10/2024


Thank you, God, once again for Guiding me as a mediator to deliver the happiness into their life. Power of Science.
For more information WhatsApp/Call/SMS at 9401224343
নেদেখা জনলৈ নতশিৰে প্ৰাৰ্থনা, এখেতসকলৰ জীৱনলৈ সুখ বোৱাই নিয়াৰ মাধ্যম হিচাপে মোক নিৰ্বাচন কৰাৰ বাবে।
পদ্ধতিগতভাবে আগুৱাই যোৱা বৈজ্ঞানিক ফলাফলৰ শেষ হাঁহি। সদায় বিৰিঙি থাকক।

With the blessings of Almighty and all well-wishers.🙏
26/08/2024

With the blessings of Almighty and all well-wishers.🙏

With the blessings of Almighty and all ...get chance to learn about human genes and how it controls human diseases.
10/08/2024

With the blessings of Almighty and all ...get chance to learn about human genes and how it controls human diseases.

Series 14 :সন্তানহীনতা, সময়ৰ আগতেই প্ৰসব হোৱা বা সঘনাই হোৱা গৰ্ভপাতৰ এটা কাৰণ CONGENITAL UTERINE ANOMALY (জৰায়ুৰ জন্মগত ...
04/07/2024

Series 14 :সন্তানহীনতা, সময়ৰ আগতেই প্ৰসব হোৱা বা সঘনাই হোৱা গৰ্ভপাতৰ এটা কাৰণ CONGENITAL UTERINE ANOMALY (জৰায়ুৰ জন্মগত বিসংগতি) আৰু Hysteroscopy ৰ দ্বাৰা এই অবস্থাৰ সফল চিকিৎসা সম্ভব।

For more information WhatsApp/Call/SMS at 9401224343

Address

Apollo Fertility Centre, 4th Floor, Ananda Nagar, Near Central Mall, G. S Road
Guwahati
781005

Telephone

+919401224343

Website

Alerts

Be the first to know and let us send you an email when Dr. Dhiren Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Dhiren Dutta:

Share