13/02/2025
‘নতুন দিল্লী বিশ্ব সাহিত্য উৎসৱ’ত ভাগ ল’বলৈ পোৱা কথাটো কল্পনাৰো অতীত আছিল৷ ভবাটোও অকাৰণ আছিল৷ পিছে অকল্পনীয় কথাটো দিঠকতে ঘটিল যোৱা ৬ ফেব্ৰুৱাৰীত৷
‘আধাৰশিলা’ই সমস্ত দায়িত্ব বহন কৰি আকাশেদি উৰুৱাই নি নতুন দিল্লীৰ প্ৰগতি মৈদামৰ ভাৰত মণ্ডপমত অনুষ্ঠিত [১ৰ পৰা ৯ ফেব্ৰুৱাৰী, ২০২৫লৈ] ‘বিশ্ব সাহিত্য উৎসৱ’ পোৱালেগৈ৷
‘আধাৰশিলা’ৰ আয়োজন ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ [৬ৰ পৰা ৮ ফেব্ৰুৱাৰী, ২০২৫লৈ]ৰ সহযোগী ‘গৰীয়সী’ আৰু ‘গৰীয়সী’ক প্ৰতিনিধিত্ব কৰাৰ সুবিধা লাভ কৰিছোঁ আমি অল্পমতিয়ে৷
তাতে আকৌ লগ পালোঁ যোৰহাটৰ তৰাজানস্থিত ‘ভিনটেজ হাব’ৰ অভিনিৱেশ শৰ্মা আৰু মুকুল মাধৱ বৈশ্য দাদাক৷ তেওঁলোকে ক’লে ‘‘আমাকো উৰুৱাই আনিছে ‘আধাৰশিলা’ই পাঁচ দিন চাৰি নিশাৰ সমস্ত দায়িত্ব লৈ৷ উদ্দেশ্য ‘আধাৰশিলা’ই অনুষ্ঠিত কৰা ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ত অংশগ্ৰহণ কৰা৷”
আনন্দ আৰু উত্তেজনাৰ অনুভৱখিনিৰ ভাষিক প্ৰকাশ মোৰ বাবে সম্ভৱ নহয়৷
৫ তাৰিখে নিশা ‘আধাৰশিলা’ই আয়োজন কৰা নৈশভোজত মুকুলদা, অভিনিৱেশ আৰু আমি তিনিজনকে ধৰি পাঁচোজন লগ লাগিছিলোঁ৷ লগতে¸ গোট খাইছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকেইগৰাকীমান, ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ৰ আন আন সহযোগীসকল, আয়োজকসকল৷ খাদ্যৰ সমান্তৰালকৈ চলিছিল কথোপকথন– অনুষ্ঠান পৰিচালনাৰ পৰিকল্পনা৷ মুকুলদা যেনেদৰে খাদ্যৰসিক তেনেদৰে ‘জ্ঞানৰসিকো’৷ অভিনিৱেশৰ বুদ্ধিদীপ্ততাই সকলোৰে মনযোগ আকৰ্ষণ কৰিছিল৷ সৰ্বোপৰি আছিল ড॰ ৰীতা চৌধুৰী বাইদেউৰ অভিভাৱকত্বৰ নিশ্চিন্ত আৱৰণ৷
৬ তাৰিখে ‘নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা’ত৷ কেনে সুপৰিকল্পিত, কেনে অভিনৱ আয়োজন৷ গ্ৰন্থমেলাৰ বাবে স্থায়ী বিশাল ভৱন, মুকলি প্ৰাংগণ, বিখ্যাত গ্ৰন্থ বিপণীসমূহৰ চালে চকুৰোৱা গ্ৰন্থসজ্জা, বৈঠক-আলোচনাৰ বাবে অত্যাধুনিক সুব্যৱস্থা ইত্যাদি কত কি...
যিফালে চাওঁ, ভেবা লাগি ৰওঁ৷ থকা-খোৱাৰ চিন্তা নাই৷ আমি তিনিজন তিনি নিশা তিনিখন বেলেগ বেলেগ হোটেলত থকাৰ ব্যৱস্থা৷ মুকুলদা আৰু অভিনিৱেশৰ বাবে একেখন হোটেলতেই আটাইকেইটি নিশাৰ বাবে থকাৰ ব্যৱস্থা৷ আমাৰ তৃতীয় নিশাটোৰ বাবে সেইখন হোটেলতে আয়োজন কৰা হৈছিল৷ আধাৰশিলাই পাঁচোজনৰে সকলো বন্দৱস্ত কৰি দিছে৷
৬ তাৰিখে নিশা ৮ বজাত ভাৰত মণ্ডপমৰ ২ নং হলত ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ৰ সৈতে সংগতি ৰাখি ‘আধাৰশিলা’ আৰু ‘গৰীয়সী’ৰ সহযোগত অসম সাহিত্য সভা, দিল্লী শাখাই আয়োজন কৰিছিল এটা বিশেষ অনুষ্ঠান৷ ‘গৰীয়সী’ৰ হৈ আমিও অনুষ্ঠানটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই পুলকিত হৈছিলোঁ৷ নতুন দিল্লী আৰু ভাৰতৰ অন্যান্য ঠাইত বাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীকে ধৰি বিভিন্ন লোকৰ ২৪টা সংগঠনৰ প্ৰতিনিধিয়ে অনুষ্ঠানটোত ভাগ লৈছিল৷ ৫গৰাকী জ্যেষ্ঠ আৰু এগৰাকী যুৱক লেখকক সন্মান জনোৱা হৈছিল৷ ‘আধাৰশিলা’ৰ হৈ অভিজিত কুমাৰ দত্ত, ‘ভিনটেজ হাব’ৰ হৈ অভিনিৱেশ শৰ্মা আৰু ‘গৰীয়সী’ৰ হৈ আমি অভাজনে তেওঁলোককৰ লগতে সংগঠনসমূহৰ হৈ ভাগ লোৱা প্ৰতিনিধিসকলক সন্মান জনোৱাৰ সৌভাগ্য হৈছিল৷ ভিন্ ভিন্ ঠাইৰ লেখক-প্ৰতিনিধিৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিছিলোঁ৷ মাজতে ঢৌতে খৰ মাৰি গ্ৰন্থমেলাৰ সৌন্দৰ্য উপভোগ কৰিছিলোঁ৷
৭ তাৰিখে গুৱাহাটীলৈ ওভতনি উৰণ৷
৮ ফেব্ৰুৱাৰীৰ আকৰ্ষণ আছিল অসমৰ লেখক, গীতিকাৰ, কণ্ঠশিল্পী ড॰ মৈত্ৰেয়ী পাটৰৰ সংগীতানুষ্ঠান৷ অসমৰ কলা-সংস্কৃতিক বিশ্বৰ আগত দাঙি ধৰা বিশেষ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰি নিজকে দুৰ্ভগীয়া বুলি অনুভৱ কৰাৰ বাহিৰে গত্যন্তৰ নাছিল৷ কৰ্তব্যৰ টানে সেই ভাগ্যৰ পৰা বঞ্চিত কৰালে৷
উৰাজাহাজৰ পৰা নিশাৰ পৃথিৱীখনলৈ চাওঁতে এনে লাগিছিল– ওপৰে-তলে যেন দুখন আকাশ৷ মনৰ পৰ্দাখনত কিন্তু ‘বিশ্ব গ্ৰন্থমেলা’ৰ ছবিসমূহেহে আগা-ডেৱা কৰি থাকিল৷ চকা-মকাকৈ ভুমুকি মাৰি থাকিল দিল্লীৰ অৰণ্যহেন, হৰ্ণবিহীন, ট্ৰেফিক পুলিচবিহীন আহল-বহল ব্যস্ত ৰাজপথবোৰে৷ আৰু এটা কথাই মনত দোলা দি থাকিল, আমি ঘৰতে এনে পৰিৱেশ এটা পোৱাটো সম্ভৱ নহয় নেকি? যদি নহয় কিয়?