Dr. Dipankar Das

Dr. Dipankar Das Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr. Dipankar Das, Gastroenterologist, Narayana Superspeciality Hospital, Aminagon, Guwahati.

Dr. Dipankar Das is an experienced ( 12 + years) Gastroenterologist, Hepatologist and endoscopist and has expertise in procedures such as colonoscopy, endoscopy, ERCP etc, presently working as Consultant at Narayana superspeciality Hospital, Guwahati

সকলো আই বি ডি ( IBD) ৰোগীলৈ ( আলচাৰেটিভ কলাইটিছ / ক্ৰ’নছ ) এটা অতি গুৰুত্বপূৰ্ণ কথা — যিসকলে এতিয়া একেবাৰে ভাল পাই আছে,...
20/11/2025

সকলো আই বি ডি ( IBD) ৰোগীলৈ ( আলচাৰেটিভ কলাইটিছ / ক্ৰ’নছ ) এটা অতি গুৰুত্বপূৰ্ণ কথা — যিসকলে এতিয়া একেবাৰে ভাল পাই আছে, কোনো লক্ষণ নাই|

এতিয়া আপুনি একেবাৰে ভালে আছে, কোনো লক্ষণ নাই – এয়া সঁচাকৈয়ে বৰ ভাল কথা! কিন্তু লক্ষণ নোহোৱা মানে অন্ত্ৰৰ ভিতৰত প্ৰদাহ (Inflammation) সম্পূৰ্ণ বন্ধ হৈছে বুলি ভাবি নল’ব। যিকোনো মুহূৰ্তত হঠাতে বাঢ়ি ( FLARE) হৈ গুৰুতৰ অৱস্থা হ’ব পাৰে।
এই ৰোগটো দীৰ্ঘম্যাদী, সেয়ে চিকিৎসাৰ নিয়মো দীৰ্ঘম্যাদী।
মাত্ৰ তিনিটা মূল কথা মনত ৰাখিলেই যথেষ্ট:

1️⃣ ডাক্তৰে নক’লে কেতিয়াও ঔষধ বন্ধ বা DOSE কম-বেচি নকৰিব| পৰামৰ্শ অবিহনে কেতিয়াও নিজে নিজে অন্য কোনো ঔষধ ব্যৱহাৰ নকৰিব|
2️⃣ লক্ষণ নথকা সময়তো নিয়মীয়াকৈ ডাক্তৰৰ ওচৰলৈ যোৱা আৰু প্ৰয়োজন অনুসৰি পৰীক্ষা কৰোৱা বন্ধ নকৰিব , ইয়ে লুকাই থকা প্ৰদাহ ( inflammation ) আগতীয়াকৈ ধৰা পেলায় |
3️⃣ ট্ৰিগাৰ খাদ্য এৰাই চলিব, পানী যথেষ্ট খাব, মানসিক চাপ কমাব – এইবোৰে ৰিমিচনক ( Remission ) দীঘলীয়া কৰি ৰাখে |

আপোনাৰ এই সুস্থতাৰ দিনকেইটা অতি মূল্যৱান।ঔষধ, খাদ্য আৰু ডাক্তৰৰ পৰামৰ্শ – এই তিনিটা মানি চলিলে বহুদিনলৈকে এই সুস্থতা বৰ্তাই ৰাখিব পাৰিব।














04/10/2025

🌿🚫 জণ্ডিচৰ বাবে ঘৰুৱা ঔষধ নহয়! 🚫🌿

জণ্ডিচ কোনো সাধাৰণ ৰোগ নহয়—ই যকৃতৰ গুৰুতৰ সমস্যাৰ সংকেত হ’ব পাৰে| যেনে হেপাটাইটিছ, পিত্তনলীৰ বাধা, কৰ্কট ৰোগ, হিমোলাইটিক জণ্ডিচ, বা Gilbert Syndrome নামৰ এটা genetic condition ইত্যাদি|

⚠️ সাৱধান! বহু ঘৰুৱা ঔষধে **Drug-Induced Liver Injury (DILI)**ৰ সৃষ্টি কৰি যকৃতৰ ক্ষতি অধিক কৰে।
❌ সময় নষ্ট কৰিলে গুৰুতৰ জটিলতাৰ সম্ভাৱনা থাকে আৰু জীৱনৰ বাবে বিপদজনক হ’ব পাৰে।

✅ তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। সাধাৰণ পৰীক্ষাই ৰোগৰ কাৰণ ধৰা পেলাব, আৰু আধুনিক চিকিৎসাই জীৱন ৰক্ষা কৰিব পাৰে|

আপুনি বা আপোনাৰ পৰিচিত কোনোবাই জণ্ডিচৰ বাবে ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিছেনে? অসুৰক্ষিত ঔষধৰ পৰা আঁতৰি থাকক, যকৃতৰ যত্ন লওক! 💪

📢 এই পোষ্ট শ্বেয়াৰ কৰি জণ্ডিচৰ বিষয়ে সজাগতা বিয়পাওক!

Dr Dipankar Das
DM (Gastroenterologist & Hepatologist )
Narayana Superspecialty Hospital
Guwhahati

Attended the AIG Liver Conclave – a great learning experience with valuable insights and updates. Grateful for the oppor...
27/09/2025

Attended the AIG Liver Conclave – a great learning experience with valuable insights and updates. Grateful for the opportunity! 🙏

ভগৱান বিশ্বকৰ্মাই আপোনাক সৃষ্টিশীলতা, দক্ষতা আৰু সকলো কামত সফলতাৰ আশীৰ্বাদ দিয়ক। বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা
17/09/2025

ভগৱান বিশ্বকৰ্মাই আপোনাক সৃষ্টিশীলতা, দক্ষতা আৰু সকলো কামত সফলতাৰ আশীৰ্বাদ দিয়ক। বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা

🚨 অজ্ঞাত কাৰণৰ বাবে ওজন হ্ৰাস – এই সতর্ক সংকেতক আওকাণ নকৰিব! 🚨আমি সকলোৱে জানো যে সঠিক খাদ্যাভ্যাস আৰু ব্যায়ামৰ দ্বাৰা ও...
14/09/2025

🚨 অজ্ঞাত কাৰণৰ বাবে ওজন হ্ৰাস – এই সতর্ক সংকেতক আওকাণ নকৰিব! 🚨

আমি সকলোৱে জানো যে সঠিক খাদ্যাভ্যাস আৰু ব্যায়ামৰ দ্বাৰা ওজন হ্ৰাস কৰাটো স্বাভাৱিক আৰু স্বাস্থ্যকৰ। কিন্তু যদি আপুনি কোনো প্ৰচেষ্টা নকৰাকৈ, কোনো জীৱনশৈলীৰ পৰিৱৰ্তন নকৰাকৈ ওজন হেৰুৱাইছে, তেন্তে এইটো এটা গুৰুত্বপূৰ্ণ সতর্ক সংকেত হ’ব পাৰে।

👉 “Significant” Weight Loss বুলিলে কি বুজায়?
অজ্ঞাত কাৰণত ওজন হ্ৰাসক তলত দিয়া ধৰণে সংজ্ঞায়িত কৰা হয়:
* ৬ মাহৰ ভিতৰত শৰীৰৰ ওজনৰ ৫% বা তাতকৈ অধিক হ্ৰাস, বা
* ১ বছৰৰ ভিতৰত শৰীৰৰ ওজনৰ ১০% বা তাতকৈ অধিক হ্ৰাস – কোনো আহাৰ বা ব্যায়ামৰ পৰিৱৰ্তন নোহোৱাকৈ।
উদাহৰণ: যদি আপোনাৰ ওজন ৬০ কেজি আৰু ৬ মাহৰ ভিতৰত কোনো কাৰণ নোহোৱাকৈ ৩ কেজি বা তাতকৈ অধিক ওজন হ্ৰাস হয়, তেন্তে এইটোক “significant weight loss” বুলি গণ্য কৰা হয়।

🔍 কিয় এইটো গুৰুত্বপূৰ্ণ?
অজ্ঞাত কাৰণৰ ওজন হ্ৰাসৰ পিছফালে বিভিন্ন স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে। এইবোৰৰ ভিতৰত কিছুমান গুৰুতৰ অৱস্থাও থাকিব পাৰে, যেনে:
* পেট আৰু যকৃতৰ সমস্যা: পাকস্থলীৰ আলচাৰ, ইনফ্লেমেটৰী বাওয়েল ডিজিজ (IBD), যকৃতৰ চিৰ’ছিছ, বা খাদ্যৰ পাচনত অসুবিধা।
* হৰম’নজনিত সমস্যা: ডায়াবেটিছ বা থাইৰয়েডৰ সমস্যা (যেনে হাইপাৰথাইৰয়ডিজম)।
* ইনফেকশন: যক্ষ্মা (টিবি) বা অন্যান্য দীৰ্ঘম্যাদী সংক্ৰমণ।
* কেঞ্চাৰ: কিছুমান ক্ষেত্ৰত এইটোৱে গুৰুতৰ অৱস্থাৰ ইংগিত দিব পাৰে।
* মানসিক স্বাস্থ্য: মানসিক চাপ, উদ্বেগ, বা ডিপ্ৰেছনৰ বাবে খাদ্য গ্ৰহণৰ পৰিমাণ কমি যোৱা।

💡 কি কৰিব লাগে?
যদি আপুনি বা আপোনাৰ কোনো ঘনিষ্ঠজনৰ এনে অজ্ঞাত ওজন হ্ৰাসৰ লক্ষণ দেখা দিয়ে, তেন্তে:
1. তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। কিছুমান সৰু পৰীক্ষাই বহু সমস্যাৰ আৰম্ভণিতে ধৰা পেলাব পাৰে।
2. লক্ষণসমূহৰ ওপৰত নজৰ ৰাখক: যেনে ক্ষুধা হ্ৰাস, ক্লান্তি, পেটৰ বিষ, বা অন্যান্য অস্বাভাৱিক লক্ষণ।
3. সময়মতে নিৰ্ণয়: প্ৰাৰম্ভিক নিৰ্ণয়ে বহু গুৰুতৰ অৱস্থাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

🌟একোটা সৰু পৰিমাণৰ অজ্ঞাত ওজন হ্ৰাসকো আওকাণ নকৰিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু সময় থাকোতে পৰীক্ষা কৰাওক। সুস্থ থাকক, সজাগ থাকক!
📢 যদি আপুনি ইয়াক গুৰুত্বপূৰ্ণ বাৰ্তা বুলি ভাবে , অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব |

চিৰ’ছিছত নিমখ নিয়ন্ত্ৰণ = ঔষধৰ সমান প্ৰয়োজনীয়চিৰ’ছিছৰ বাবে যকৃত দুৰ্বল হ’লে শৰীৰে খাদ্যত থকা অতিৰিক্ত নিমখ (চ’ডিয়াম)...
07/09/2025

চিৰ’ছিছত নিমখ নিয়ন্ত্ৰণ = ঔষধৰ সমান প্ৰয়োজনীয়

চিৰ’ছিছৰ বাবে যকৃত দুৰ্বল হ’লে শৰীৰে খাদ্যত থকা অতিৰিক্ত নিমখ (চ’ডিয়াম) ঠিকমতে সহ্য কৰিব নোৱাৰে
👉 নিমখে শৰীৰত পানী ধৰি ৰাখে, যাৰ ফলত—
• ভৰি ফুলা (এডিমা)
• পেটত পানী জমা (এচাইটিছ)
• শৰীৰ ভাৰী ভাৰী লাগে, উশাহ ল’বত অসুবিধা আৰু অস্বস্তি
• ৰক্তচাপ বাঢ়ি হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে

👉 এইবোৰ প্ৰভাৱে যকৃতৰ ক্ষতি বঢ়ায় আৰু চিকিৎসা জটিল কৰি তোলে।
সেয়ে নিমখ নিয়ন্ত্ৰণ কৰাটো ঔষধৰ দৰেই গুৰুত্বপূৰ্ণ।

❌ ৰোগীৰ বাবে জানিবলগীয়া

নিমখৰ নিষেধ মানে সকলো ধৰণৰ নিমখ নিষিদ্ধ।
অনেকেই ভাবে কিছুমান নিমখ স্বাস্থ্যকৰ, কিন্তু বাস্তৱত—
• সাধাৰণ নিমখ
• চেণ্ধা নিমখ
• ক’লা নিমখ
• গোলপীয়া / হিমালয়ান নিমখ
• “কম চ’ডিয়াম” বা “ডায়েট নিমখ”
👉 সকলোতেই চ’ডিয়াম থাকে, যিয়ে এচাইটিছ আৰু যকৃতৰ ক্ষতি বঢ়ায়।

✅ কিমান নিমখ খাব পাৰি?

👉 গোটেই দিনত মাত্ৰ ৫ গ্ৰাম (১ সমান চামুচ) নিমখ = প্ৰায় ২,০০০ মিলিগ্ৰাম চ’ডিয়াম।
ইয়াত অন্তৰ্ভুক্ত—
• ৰন্ধনত ব্যৱহাৰ কৰা নিমখ
• পেকেটজাত / প্ৰক্ৰিয়াজাত খাদ্যত লুকাই থকা নিমখ
⚠️ পেকেটজাত খাদ্য খালে সীমা অতি সোনকালে পাৰ হ’ব পাৰে। উদাহৰণস্বৰূপে এটা সৰু চিপছৰ পেকেটত বা এটা চামুচ আচাৰত ৫০০–১০০০ মিলিগ্ৰাম চ’ডিয়াম থাকিব পাৰে!

🍲 চিৰ’ছিছ আৰু এচাইটিছত ব্যৱহাৰিক পৰামৰ্শ:

• ৰাতিপুৱা ১ চামুচ নিমখ জুখি ৰাখক; গোটেই দিনৰ ৰন্ধনত কেৱল এইটো ব্যৱহাৰ কৰক।
• খাদ্য পৰিবেশনৰ সময়ত কেঁচা নিমখ নেদিব।
• এৰিবলগীয়া খাদ্য: পাপৰ, আচাৰ, নিমখীয়া বিস্কুট, চিপছ, চচ, বেকাৰীৰ খাদ্য, তৎক্ষণাৎ ৰান্ধিব পৰা নুডলছ, চূপ, কেনজাত খাদ্য।
• ঘৰতে সতেজ আৰু নিয়ন্ত্ৰিত নিমখেৰে ৰান্ধক।
• সোৱাদৰ বাবে ব্যৱহাৰ কৰক: নেমুৰ ৰস, ধনীয়া পাত, নহৰু, আদা, সেউজীয়া জলকীয়া, জিৰা বা ঘৰত থকা অন্য মচলা।
• কম কমকৈ, সঘনাই, প্ৰ’টিনযুক্ত খাদ্য খাওক (দাইল, মাহ, কণী, মাছ, কুকুৰা, পনীৰ, ছয়াবিন, দৈ)।
👉 ই শক্তি বজাই ৰাখে আৰু মাংসপেশী ক্ষয় ৰোধ কৰে।

✨ মনত ৰাখক, চিৰ’ছিছত নিমখ নিয়ন্ত্ৰণ ঔষধৰ সমান জৰুৰী
🌿 যকৃতৰ যত্ন লওক, নিমখ নিয়ন্ত্ৰণ কৰক। আপোনাৰ স্বাস্থ্য আপোনাৰ হাততে। 🌿

Dr. Dipankar Das
Consultant Gastroenterologist & Hepatologist
Narayana Superspeciality Hospital, Guwahati

24/08/2025

Many patients depend on herbal powders for constipation — until they stop working…”

In Gastro OPD, I often meet patients who have been taking herbal powders or stimulant tablets for constipation every day for months — sometimes even years. At first, these medicines seem to give relief. But gradually the effect fades, and when the medicine “stops working,” they finally come to a gastroenterologist. By then, the colon is already tired and dependent.

👉 Why does this happen? Because long-term daily use (>6 months) can damage the colon:

⚠️ Bowel nerves weaken → natural movements slow down.
⚠️ Dependence develops → without medicine, stool doesn’t pass.
⚠️ Electrolyte imbalance → weakness, cramps, irregular heartbeat.
⚠️ Colon lining changes (melanosis coli).
⚠️ Underlying illnesses like thyroid disease, diabetes, or colonic obstruction due to multiple causes such as tumor, strictures etc. may remain undiagnosed.

💡 Important note: Not all laxatives are harmful — this warning is about the chronic use of stimulant herbal laxatives.

✅ Better approach:
✔️ Use such medicines only occasionally.
✔️ Focus on lifestyle → fiber-rich diet, adequate hydration, regular toilet habits.
✔️ If constipation persists, consult a gastroenterologist to identify and treat the real cause.

💡 Stimulant herbal laxatives give short-term relief, but in the long run they weaken your colon’s natural strength.

👉 Healthy Gut = Healthy Life 🌿

👨‍⚕️ Dr. Dipankar Das
Consultant Interventional Gastroenterologist & Hepatologist
Narayana Superspeciality Hospital, Guwahati

পেটৰ আল্ট্ৰাছাউণ্ডৰ ৰিপ’ৰ্টত গ’লব্লাডাৰ প’লিপ ধৰা পৰিলে, বহুতে ভয় আৰু উৎকণ্ঠাত পৰে|গ’লব্লাডাৰত প’লিপ আছে মানেই ভয় কৰিবলগ...
19/08/2025

পেটৰ আল্ট্ৰাছাউণ্ডৰ ৰিপ’ৰ্টত গ’লব্লাডাৰ প’লিপ ধৰা পৰিলে, বহুতে ভয় আৰু উৎকণ্ঠাত পৰে|
গ’লব্লাডাৰত প’লিপ আছে মানেই ভয় কৰিবলগীয়া নহয়!

✨ সৰু গ’লব্লাডাৰ প’লিপ (

13/08/2025

🚨 Swallowing Problem in Elderly? Get Checked Early! 🚨

Many elderly patients come to us after months of difficulty in swallowing.
When we do an endoscopy, we sometimes find:
• Big ulcers in the food pipe
• Tumors (sometimes late stage)
• Narrowing or swelling inside

Why early check-up is important:
• Problems are easier to treat if found early
• Endoscopy is safe and quick
• Waiting too long can make treatment harder

💡 If swallowing feels difficult for more than a few days — see a gastroenterologist and when advised ,get an endoscopy done.
It can save time, money, and even life.

👨‍⚕️ Dr. Dipankar Das
Consultant Gastroenterologist & Hepatologist
Narayana Superspeciality Hospital, Guwahati

Address

Narayana Superspeciality Hospital, Aminagon
Guwahati
781031

Telephone

+918099749377

Website

https://share.google/FI3CrsY8Ic25orpO8

Alerts

Be the first to know and let us send you an email when Dr. Dipankar Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Dipankar Das:

Share