19/08/2025
অৰ্শৰ পথ্য
কিছুমান ৰোগৰ সহজ ঔষধ একোটা গ্ৰন্থত উল্লেখ থাকে। যোগৰত্নাকৰত অৰ্শৰ এটা সহজ ঔষধ বা পথ্য আছে যিটো চিকিৎসকৰ দ্বাৰা নিদানপত্ৰত লিখা সম্ভৱ নহয়৷
সহজ ঔষধটো হ'ল-
ওলকচু এটা আনি বুঢ়া আঙুলিটোৰ সমান ডাঠকৈ মাটি বা আটাৰে চাৰিওফালে লেপি শুকুৱাই জুইত পুৰিব। লেপটো আঙঠাৰ দৰে ৰঙা হলে উলিয়াই ঠাণ্ডা কৰি কচুটো সৈন্ধৱ লৱন আৰু তেল সানি পিটিকা খাব বা গুড় আৰু তেল সানি খাব। গোটেই নাখাব,জোখ মতে পিতিকা খোৱাদি খাব।অৰ্শ ভাল হ'ব। মোৰ নহয় যোগৰত্নাকৰৰ সহজ বিধান। গতিকে কপি পেষ্ট কৰি ৰাইজক জনাই দিব।
ডা: সুজিত শাণ্ডিল্য, গুৱাহাটী