Emergehealth

Emergehealth Emergehealth.in- সকলোৰে বাবে স্বাস্থ্য সেৱা Register for free
(1)

23/04/2026

লিভাৰ টনিকৰ কি লাভ ?
Do Liver Tonics Actually Work? 🤔 Truth Revealed!

বিহুৰ দুদিনমান আগতে উজানবজাৰ/ খাৰঘূলিৰ মৃণালে মাক, পদ্মিনী বালা দাসক লৈ আহিছিল মাষ্টাৰ হেল্থ ছেক আপ কৰাবলৈ। ছেক আপ কৰোঁত...
20/04/2026

বিহুৰ দুদিনমান আগতে উজানবজাৰ/ খাৰঘূলিৰ মৃণালে মাক, পদ্মিনী বালা দাসক লৈ আহিছিল মাষ্টাৰ হেল্থ ছেক আপ কৰাবলৈ। ছেক আপ কৰোঁতে গল ব্লাডাৰৰ পাথৰ ধৰা পৰে।

মৃণাল হৈছে অসমৰ ছিৰিয়েল, চিনেমা জগতৰ লগত জড়িত এজন শিল্পী। তেওঁ আগতে কাৰোবাৰ পৰা emergehealth.in ৰ কম খৰছী ছাৰ্জিকেল পেকেজ সমূহৰ কথা শুনিছে। সেয়েহে আমাৰ ওচৰতেই অপাৰেশ্যন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। Emergehealth.in ৰ ছাৰ্জিকেল পেকেজ সমূহৰ প্ৰধানতঃ তিনিটা সুবিধা -
1. কম খৰছী (অনলাইনত)
2. প্ৰী পেইড (পিছত বিল বাঢ়ি যোৱাৰ সম্ভাৱনা নাই)
3. বিশিষ্ট আৰু অভিজ্ঞ চিকিসকৰ নেটৱৰ্ক

এদিনৰ পিছতেই সুকলমে মৃণালৰ মাতৃৰ গল ব্লাডাৰৰ অপাৰেশ্যন সুকলমে সম্পন্ন হয়।

সৰ্বশেষত মৃণালে ফোন কৰি কৃতজ্ঞতা প্ৰকাশ কৰে। আমিও emergehealth.in ৰ ওপৰত দেখুওৱা আস্থাৰ কাৰণে মৃণাল আৰু পৰিয়ালৰ ওচৰত কৃতজ্ঞ।

অসমৰ যিকোনো জাগাৰ পৰা নহওক কিয়, আপোনালোকে আজিয়েই emergehealth.in ত ৰেজিষ্টাৰ কৰি থওক। এদিন নহয় এদিন সকলোৰে কামত আহিব। ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ।

পোষ্টটো পাৰিলে শ্বেয়াৰ কৰি দিব।

অসমৰ আগশাৰীৰ এজন সংগীত বিশেষজ্ঞ শ্ৰী কুশল কৃষ্ণ দেৱ গোস্বামী আৰু পৰিয়াল emergehealth.in ত বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ বা...
18/04/2026

অসমৰ আগশাৰীৰ এজন সংগীত বিশেষজ্ঞ শ্ৰী কুশল কৃষ্ণ দেৱ গোস্বামী আৰু পৰিয়াল emergehealth.in ত বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ বাবে।

যদিও মই সংগীত বিশেষজ্ঞ বুলি কৈছোঁ কিন্তু আচলতে শিক্ষাগত ভাবে তেখেত এজন অভিযন্তা। কিন্তু কলা সংস্কৃতিয়ে তেখেতক টানি আনি এজন প্ৰখ্যাত নাট্যকাৰ, সুৰকাৰ, সংগীতকাৰ হিচাবেহে প্ৰতিষ্ঠিত কৰিলেহি। জুবিন গাৰ্গকে আদি কৰি অসমৰ বিভিন্ন আগশাৰীৰ শিল্পীৰ বিভিন্ন সৃষ্টিৰ আবহ সংগীতৰ সৃষ্টিকৰ্তা হল শ্ৰী গোস্বামী।

কিন্তু তেওঁ বৰ্তমান নীৰৱে কৰি থকা এটা বিশেষ কামৰ কথাহে মই ৰাইজক জনাবলৈ বিচাৰিছোঁ। দাদাই বৰগীত, বিহুগীতৰ পৰা আৰম্ভ কৰি জুবিনৰ গানলৈকে বহু গীতক পাশ্চাত্য সংগীতৰ ষ্টাফ নটেছন ৰ মাজত ইতিমধ্যেই বান্ধিবলৈ আৰম্ভ কৰিছে। দেখাত এই কামৰ কিনো value আছে?
তেন্তে জনাই থওঁ যে, ষ্টাফ নটেচন হৈছে এক বিজ্ঞান সন্মত সাংকেতিক ভাষা যাৰ দ্বাৰা সংগীতৰ সুৰ, মাত্ৰা আদিক অতি সঠিকভাৱে অংকিত কৰিব পাৰি। ইয়াৰ দ্বাৰা এইয়াই লাভ যে যদিহে পৃথিৱীৰ যিকোনো স্থানৰ পৰা যিকোনো সংগীত শিল্পীয়ে যদি বৰগীত, বিহুগীত, জুবিনৰ গান আদি সম্পূৰ্ণ শুদ্ধকৈ শিকিব বিচাৰে তেন্তে সামান্যও বিকৃত নোহোৱাকৈ ষ্টাফ নটেশ্যনৰ দ্বাৰা শিকিব পাৰিব। লগতে আজিৰ পৰা পঞ্চাশ, এশ বছৰৰ পিছতো এই সুৰসমূহ বিকৃত হোৱাৰ চিন্তা নাই। এক সঁচাকৈ শলাগ লবলগীয়া কৰ্ম। এইয়াহে জাতিৰ প্ৰতি প্ৰকৃত দায়বদ্ধতা। অসমৰ প্ৰতিজন লোকে যদি নিজৰ নিজৰ ক্ষেত্ৰত জাতিটোৰ প্ৰতি এনেদৰে অৱদান যোগায় তেন্তে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বেছি দিন নালাগিব।

আৰু, সকলোৰে স্বাস্থ্যৰ যত্ন লবলৈ আমি অৰ্থাৎ emergehealth.in সদায় আছোঁৱেই।
সকলোৱে সুস্থ থাকক, সুখিহৈ থাকক।
আজিয়েই ৰেজিষ্টাৰ কৰক আৰু কম খৰছত, অনলাইনত উৎকৃষ্ট স্বাস্থ্য সেৱা গ্ৰহণ কৰক। Control আপোনাৰ হাতত।

জুবিনৰ ভাষাত, কাকো খাতিৰ নকৰিব!

ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ।

Emergehealth.in মাষ্টাৰ হেল্থ ছেক আপ:
প্ৰকৃত দাম -21,000/- টকা
অনলাইন দাম - 3999/- টকা

পোষ্টটো পাৰিলে শ্বেয়াৰ কৰি দিব। সকলোৱে স্বাস্থ্য পৰীক্ষা কৰাওক।

চাৰিওফালে পৰীক্ষাৰ ৰিজাল্টৰ বতৰ। কোনে কিমান নম্বৰ পালে।লগতে কেৰিয়াৰৰ চিন্তা। ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোৱে ভাবিছে ভবিষ্যত...
16/04/2026

চাৰিওফালে পৰীক্ষাৰ ৰিজাল্টৰ বতৰ।
কোনে কিমান নম্বৰ পালে।

লগতে কেৰিয়াৰৰ চিন্তা। ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোৱে ভাবিছে ভবিষ্যতৰ সুৰক্ষাৰ কাৰণে।
তাৰ মাজতে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছে যাৰ ৰিজাল্ট মাধ্যম বৰ্গৰ। তেওঁলোকৰ মনত অনিশ্চয়তা অথবা দুশ্চিন্তা!
এইখিনি সময়তে এক ব্যতিক্ৰমী বৃত্তিৰ কথা কওঁ।

Machine Foreman (মেচিন ফৰমেন)। অসমীয়া প্ৰতিশব্দ পাবলৈ কঠিন। তেওঁলোকৰ কাম হল বিভিন্ন Heavy (গধূৰ) যন্ত্ৰপাতি সমূহৰ Maintenance, Operation অথবা যাৱতীয় ছাৰ্ভিচিং কৰি ৰখা। আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুতো গধূৰ যন্ত্ৰাংশ থকা industry আছে যেনে, চিমেণ্ট ফেক্টৰী, চাহপাতৰ ফেক্টৰী, অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰি আদি। এই সমূহত এনে ধৰণৰ Machine foreman ৰ অতি আৱশ্যক। কিন্তু মানুহৰ সংখ্যা কম। সেয়েহে এনে ধৰণৰ বৃত্তিধাৰী লোকৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত অতি আৱশ্যক। ITI বা তেনেধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিও এনে বৃত্তি গ্ৰহণ কৰিব পাৰি। এই বৃত্তি সমূহৰ আয়- উপাৰ্জন যথেষ্ট বেছি।

কাৰ্বি আংলং, লংকা অঞ্চলৰ প্ৰশান্ত বসুমতাৰী এগৰাকী Machine Foreman। তেখেত, উত্তৰ পূৰ্বাঞ্চলৰ সমূহ চিমেণ্ট ফেক্টৰী সমূহৰ maintenance ৰ লগত জড়িত।

Emergehealth.in লৈ আহিছিল মাষ্টাৰ হেল্থ ছেক আপ কৰিবৰ বাবে। পৰীক্ষা কৰাৰ অন্তত সকলোবোৰ টেষ্ট ফলাফল ভালেই আছে বুলি জনাব পাৰি আমি সুখী হলো। সকলোৱে সজাগ হওক। বছৰত অন্ততঃ এবাৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নাপাহৰিব।

Emergehealth.in মাষ্টাৰ হেল্থ ছেক আপ -
প্ৰকৃত দাম -21,000/- টকা
অনলাইন দাম - 3999/- টকা

বিনামূলীয়া ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ। সকলোৱে কৰি থওক। পোষ্টটো পাৰিলে শ্বেয়াৰ কৰি দিয়ক যাতে বেছি লোক গম পাই।

15/04/2026
11/04/2026

বিহুত পোৰা মাছ, পোৰা আলু, পোৰা বেঙেনা,পোৰা বিলাহী..
খাব, কিন্তু কেনেকৈ???

পোষ্টটো পাৰিলে শ্বেয়াৰ কৰি দিব। বেছি মানুহে জানিলে সকলোৰে ভাল হব।

Is Smoked Food Dangerous? Doctor Explains!

08/04/2026

Register FREE Today! বিনামূল্যে ৰেজিষ্টাৰ কৰক | লাখটকা বচাওক 💰

ডাক্তৰ, হস্পিটেল বুলি কলে ভয়েই লাগে! ইমান খৰছ।বহু ৰোগীয়ে কোৱা শুনিছোঁ।অৱশ্যে একেবাৰে নোহোৱাও নহয়।শ্ৰী কেশৱ গোহাঁইৰ লগ...
06/04/2026

ডাক্তৰ, হস্পিটেল বুলি কলে ভয়েই লাগে! ইমান খৰছ।
বহু ৰোগীয়ে কোৱা শুনিছোঁ।
অৱশ্যে একেবাৰে নোহোৱাও নহয়।

শ্ৰী কেশৱ গোহাঁইৰ লগত ঘটা এটা ঘটনা ।
কেইবছৰ মানৰ আগতে তেখেতৰ সম্পৰ্কীয় এজন লোকৰ গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত হস্পিটেলত এটা অপাৰেশ্যন হৈছিল। অপাৰেচনৰ আগতে হস্পিটেলতখনত সোধোতে এটা মূল্যৰ কথা কলে। অপাৰেচনৰ সময়ত আৰু কেইহাজাৰমান টকা লাগিব বুলি কলে। তেওঁলোকে মিলাই মেলি সেইটোও দিলে। ভাবিলে হৈ গল।
কিন্তু সকলোকে আচৰিত কৰি ৰোগীৰ discharge কৰাৰ সময়ত আকৌ পোন্ধৰ হাজাৰ (15,000/-) টকা বিচৰা হল। এইবাৰ সকলোৰে খং আৰু বিতৃষ্ণা।

এইবাৰ আকৌ কেশৱৰ আন এজন সম্পৰ্কীয় শ্ৰী যুগল সোণোৱালৰ গল ব্লাডাৰ পাথৰৰ বাবে অপাৰেশ্যনৰ দৰকাৰ হল। উল্লেখযোগ্যযে যুগল এজন lab technician. এইবাৰ তেওঁলোকে emergehealth.in ৰ বিষয়ে বিভিন্ন জনৰ পৰা শুনা পালে আৰু আমাৰ ওচৰলৈ আহিল। Emergehealth.in ত অপাৰেশ্যনৰ মূল্য সমূহ পূৰ্ব নিৰ্দ্ধাৰিত ভাবে ৱেৱছাইটত দিয়া থাকে। সকলোৰে বাবে একেই আৰু সকলোৱে অনলাইন বুক কৰিব পাৰে। লগতে এই পেকেজ সমূহ প্ৰিপেইড। গতিকে পিছত দাম বাঢ়ি যোৱাৰ সম্ভাৱনা নাই। অৱশেষত সুকলমে অপাৰেশ্যনটো হৈ যায়।
শ্ৰী গোহাঞি আৰু ৰোগী সকলো সুখী। আগলৈ সকলোকে জনাম বুলি কৈ সন্তোষেৰে বিদায় ললে।

Emergehealth.in গল ব্লাডাৰৰ অপাৰেশ্যন পেকেজ-
প্ৰকৃত দাম - 50,000/- টকা
অনলাইন দাম - 35,000/- টকা

মই ভাবো emergehealth.in ৰ এই প্ৰয়াসে ৰোগীক যথেষ্ট সকাহ দিব।
পোষ্টটো পাৰিলে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোকে আমি অৰ্থাৎ emergehealth.in এ সহায় কৰিব পাৰোঁ। সকলোৱে কম খৰছত চিকিৎসা সেৱা গ্ৰহণ কৰক।
বিনামুলীয়া ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ।

03/04/2026

পায়খানা ক'লা হোৱা বা মেলিনা!
Why Is Your P**p Black? 😳 Don’t Ignore This!

এটা Power Supply UPS কোম্পানীৰ ছাৰ্ভিচ ইঞ্জিনীয়াৰ ৰমেন ৰাজবংশী।ডিমাপুৰৰ পৰা আহিছিল মাষ্টাৰ হেল্থ ছেক আপ কৰাৰ বাবে।বাৰ্ষ...
01/04/2026

এটা Power Supply UPS কোম্পানীৰ ছাৰ্ভিচ ইঞ্জিনীয়াৰ ৰমেন ৰাজবংশী।

ডিমাপুৰৰ পৰা আহিছিল মাষ্টাৰ হেল্থ ছেক আপ কৰাৰ বাবে।

বাৰ্ষিক হেল্থ ছেক আপ কৰাটো এটা অতি ভাল অভ্যাস। সকলোৱে এই অভ্যাস গঢ়ি তোলাটো উচিত। কাৰণ ইয়াৰ দ্বাৰা সম্ভাব্য বহুতো বেমাৰ আজাৰক আৰম্ভণিতেই নিৰ্মূল কৰিব পাৰি। লগতে খৰছো বাছে।
Emergehealth.in এ বহুতো ভিডিঅ আৰু পোষ্ট যোগে সদায়েই এই সজাগতা গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ। ৰমেনেও তেনেদৰেই এই বিষয়ে গম পাইছিল।
মাত্ৰ ৰমেন ৰাজবংশী আৰু অন্য বহুতো লোকৰ মাজত এটাই পাৰ্থক্য যে জনাৰ পাছত শ্ৰী ৰাজবংশী স্বাস্থ্য পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিল, আনহাতে বহুতেই হয়তো এতিয়াও ভাবিয়েই আছে।

এই সুযোগতে সকলোকে আকৌ এবাৰ সোঁৱৰাই দিবলৈ বিচাৰোঁ, যে যদিহে আপোনাৰ বয়স 30 বছৰৰ ওপৰত তেন্তে বছৰি এবাৰকৈ হেল্থ ছেক আপ কৰাৰ অভ্যাস গঢ়ি তোলক। দেৰি নকৰিব।

মাষ্টাৰ হেল্থ ছেক আপ -
প্ৰকৃত দাম - 21,000/- টকা
অনলাইন দাম - 3999/- টকা মাত্ৰ

পোষ্টটো শ্বেয়াৰ কৰি দিব যাতে বেছি লোক সজাগ হয়।

সকলো স্বাস্থ্যসেৱা সুলভ মূল্যত, প্ৰতিজন মধ্যবিত্তীয় অসমীয়াৰ বাবে-www.emergehealth.in এয়াই আছিল সপোন!এই সপোনৰেই আঁত ধৰি...
30/03/2026

সকলো স্বাস্থ্যসেৱা সুলভ মূল্যত, প্ৰতিজন মধ্যবিত্তীয় অসমীয়াৰ বাবে-www.emergehealth.in

এয়াই আছিল সপোন!
এই সপোনৰেই আঁত ধৰি এদিনাখন আৰম্ভ হৈছিল ইমাৰ্জহেল্থ.ইণ । আজি ৰাইজৰ আৰু বিভিন্ন জনৰ সহায়, আস্থা, উদ্গনিৰ সহযোগত এই সপোন বাস্তৱত পৰিণত হৈছে।

পানিখাইটিৰ দেৱৰাজ শৰ্মা। Axis বেংকৰ চাকৰিয়াল। আগতে এটা অপাৰেশ্যন হৈ গৈছে। কিন্তু অপাৰেচনৰ পিছত অপাৰেশ্যনৰ জাগা ডোখৰত পুনঃ কিছু বিসংগতিয়ে দেখা দিলে। আকৌ অপাৰেশ্যন কৰিব লাগিব। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সুধিছিল, নব্বৈ হাজাৰ মান (90,000/-) টকা লাগিব বুলি কলে। দেৱৰাজে আমাৰ অনলাইন সুবিধাৰ বিষয়ে জানে। সেয়েহে অনলাইনৰ যোগেদি বুক কৰা হল।অৱশেষত দেৱৰাজৰ অপাৰেশ্যন emergehealth.in ৰ অনলাইন সেৱাৰ যোগেৰে হৈ যায়।
মূল্য 60,000/- টকা।
ৰাহীৰ পৰিমাণ 30,000/- টকা।
বৰ্তমান দেৱৰাজ সুস্থ।
এনেধৰণৰ সেৱা শুশ্ৰূষাত অসীম আনন্দ পোৱা যায়।

পোষ্টটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে দৰকাৰ হলে, সকলো স্বাস্থ্য সেৱা কম খৰছত পায়। চিন্তা যাতে নেথাকে।

বিনামূলীয়া ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ। সকলোৱে কৰি ৰাখক। নিশ্চয় কামত আহিব কেতিয়াবা।

Address

R. G. Baruah Road, Zoo Tiniali, Arunachal Path
Guwahati
781024

Opening Hours

Monday 8am - 7pm
Tuesday 8am - 7pm
Wednesday 8am - 7pm
Thursday 8am - 7pm
Friday 8am - 7pm
Saturday 8am - 7pm
Sunday 8am - 5pm

Telephone

+918011410950

Alerts

Be the first to know and let us send you an email when Emergehealth posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Emergehealth:

Share