26/10/2025
অৱশেষত মোৰ ঘনিষ্ঠ পৰিয়ালৰ সদস্যসকলৰ সৈতে কৃতজ্ঞতাৰে মই তেওঁলোকৰ আৰু মোৰ মাজত থকা আত্মাৰ ও শক্তিৰ সংযোগ কাটিলোঁ,
যিহেতু মই তেওঁলোকৰ লগত মিলিবৰ বাবেই নিজৰ গৰিমা, মৰ্য্যদা আৰু আদৰ্শ ত্যাগ কৰিব নোৱাৰোঁ, তেওঁলোকে বিচাৰে যে মই এনেকুৱা এটা নিয়োগকৰ্তা বা সংস্থাৰ সৈতে মোৰ চাকৰিটো আগবঢ়াই নিও, যাৰ লগত কাম কৰিবলৈ মই কেতিয়াও আৰামদায়ক আৰু মৰ্যাদাপূৰ্ণ অনুভৱ কৰা নাছিলো, এজন আৰক্ষী-বিষয়া হোৱাটো মোৰ ব্যক্তিগত সপোন কেতিয়াও নাছিল,
কিন্তু দেউতাৰ সপোন পূৰণ কৰিবলৈ মই সেৱাত যোগদান কৰিলোঁ আৰু প্ৰায় ১৫ বছৰ ধৰি কাম কৰিলোঁ (নিঃসন্দেহে তেওঁ এই কামত বহুত সহায় কৰিছে কিন্তু তথাপিও মই ক'ব লাগিব, মই সেই চাকৰিটোৰ বাবে অসুখী আছিলো) , কামৰ সময়তে যেতিয়া মোৰ দিল্লীৰ এটা দেশৰ মূখ্য তদন্তৰ কাৰ্যালয়ত কাম চলি আছিল, মোৰ
মেৰুদণ্ডত ছিৰিয়াছ আঘাত পোৱাৰ পিছত, সেই কামটো চলাই থকাটো অতি কঠিন হৈ পৰিল, কাৰণ মই মোৰ চিনিয়ৰসকলক তৈল-মৰ্দন কৰিব নোৱাৰিলোঁ ।
(আচলতে প্ৰায় ডেৰ বছৰ কাল আৰক্ষীৰ প্ৰশিক্ষণ কৰি, বেশ্যাৰ দৰে কোনো চাহাবৰ বা তলৰ অথবা মধ্যম স্তৰৰ বিষয়া-পুৰুষৰ শয্যা-শুৱনি কৰাৰ কোনো যুক্তি আৰু ইচ্ছা মোৰ নাছিল।
বহু চিনিয়ৰে মোক সহায় কৰা নাছিল কাৰণ এবাৰ মই তেওঁলোকৰ প্ৰত্যাখ্যান কৰছিলোঁ।
তেনেকুৱা নহয় যে তেওঁলোকে প্ৰত্যাখ্যানৰ ঠিক পিছতেই প্ৰতিশোধ লৈছিল, কিন্তু যেতিয়াই সুযোগ পাইছিল তেওঁলোকে সেইটো কৰিছিল আৰু সেই প্ৰতিশোধ লোৱা হৈছিল, তাৰে মাজত বহুতো ব্যক্তিয়ে সহায়ো কৰিছিল।
এইবোৰ বেলেগ বেলেগ কাহিনী, আজিৰ মূল কথাবোৰৰ লগত প্ৰাসংগিক নহয় , সেই কাৰণে এই বিষয়টি পিছলৈকে থʼলোঁ।)
এই সকলোবোৰ কষ্টৰ মাজতো মই ২০২৩ চনলৈকে কাম কৰিবলৈ সক্ষম হ'লোঁ, কিন্তু অৱশেষত মই চাকৰিটো এৰি দিলোঁ,
মোৰ অন্য আৰ্জনৰ পথ আছিল।
মই আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত আছিলো
আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আৰু জানো যে মই জীয়াই থকা সময়লৈকে মই জীয়াই থাকিমেই, সেইবাবেই চাকৰিৰ মাজেৰেই অনুমতি লৈ মই এম বি এ (মানৱ-সম্পদ সংসাধন) কৰিলোঁ( ৬৫% সহ),
মহাত্মা গান্ধীৰ শান্তি অধ্যয়নত ইগনʼৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী কৰিলোঁ ( ৭৯% সহ)
জ্যেতিষ-শাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰী ( প্ৰথম বিভাগত),
ৰেইকী হিলীং ( প্ৰায় দহ বা তাতোকৈ অধিক বেলেগ বেলেগ মডেলিটিত) ,
টেৰো-ৰিডিংৰ স্নাতকোত্তৰ ডিগ্ৰী কৰোঁ, ধ্যান-শিক্ষকৰ পাঠ্যক্ৰম কৰোঁ,
আৰু এই পোষ্ট লিখি থাকোঁতে মনত নপৰা বিষয়তো পঢ়া-শুনা কৰোঁ।
ইয়াৰ লগতে বিভিন্ন সামাজিক-সেৱাৰ কামতো আত্মনিয়োগ কৰোঁ। ২০১৮ চনত, মোৰ তেতিয়াৰ আধ্যাত্মিক শিক্ষক আৰু এতিয়াৰ বিশিষ্ট আত্মিক বন্ধু (SoulMate) শ্ৰী মান পাৰ্থসাৰথি ৱিনোকোন্ডাৰ উৎসাহত নিৰামিষাহাৰী হৈ পৰোঁ আৰু মোৰ জীৱনত ব্যাৱহাৰিক ভাৱে অহিংস-নীতিক প্ৰণয়ন কৰাৰ এইটো আছিল প্ৰথমটো খোজ।
(পাৰ্থসাৰথি এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন Astro-Theologist {এই উপাধি চাৰ্লচে দিয়া, ইয়াৰ অসমীয়া অনুবাদ নোৱাৰিলোঁ দিব} আৰু ইউটিউবাৰ তথা মই জনাত প্ৰায় এশখনমান গ্ৰন্থৰ লেখক, ২০২১ চনত আন্তঃৰাষ্ট্ৰীয় বঁটাও পায় লেখলৰ বাবে, এখেতৰ কিতাপ এমেজনত পাব। আমাৰ জুবিনৰ দৰে এখেতৰ হৃদয় নহৈ যেনিবা সাগৰহে)
এনে সুৱৰ্ণ আধ্যাত্মিক সময়তে মোৰ অনলাইন-অফলাইন সমাজ-সেৱা (কেনিয়া, নাইজেৰিয়া, বাংলাদেশ, ভাৰত, মৰʼক্কʼ, আমেৰিকা ইত্যাদি দেশৰ
ড্ৰাগছসেৱী আৰু বিভিন্ন ক্ষেত্ৰত পথভ্ৰষ্ট ও নিৰাশাত ভোগা
যুৱক সমাজক কৰা কাউন্সেলিং আদি কাৰ্য্য) ৰ বাবে তথা ধৰ্ম-নিৰপেক্ষতাৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰচাৰ-কাৰ্যৰ প্ৰতি সন্মান জনাই, ৰাষ্ট্ৰসংঘৰ অধীনস্থ এক আন্তঃৰাষ্ট্ৰীয় শান্তি দূত অকাডেমীয়ে ২০২০ মোক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
এইখিনি সময়তে স্পেইনৰ মোৰ বিশিষ্ট আত্মিক বন্ধু (SoulMate) চাৰ্লচৰ লগত পৰিচয় হয় আৰু মোক তেওঁৰ প্ৰজেক্টত মোক অতিথি-অধ্যাপক হিচাপে আমন্ত্ৰণ কৰি নিয়ে আৰু বহুতো আধ্যাত্মিক বিষয় মই আৰু পাৰ্থই এক বৃহত্তৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাইজৰ সমূখত প্ৰকাশিত কৰোঁ। বিদেশৰ বহু দৰ্শকে সেয়া চাই ব্যক্তিগতভাবেও আমাক যোগাযোগ কৰে, এতিয়াও মই কথা-বাৰ্তা হৈ থাকোঁ, চাৰ্লচ, পাৰ্থ আৰু মোৰ ত্ৰিবেণী-সংগমক বহুতেই মৰম দিয়ে। হয়তো ৰাইজে মোৰ প্ৰাচ্য-পাশ্চাত্যৰ
সমান্তৰাল শান্তি-বাৰ্তাৰ সংবাদ প্ৰচাৰ-কাৰ্যৰ মাজেৰে এক যোগাত্মক আধ্যাত্মিক আনন্দ পাইছিল, শুভ সংবাদ যে এই কাম আমি আকৌ আৰম্ভ কৰিম।
এই সমস্ত কাম মোৰ আজৰি সময়ত কৰিছিলোঁ। সপ্তাহান্তত কৰিছিলোঁ, লক্-ডাউনৰ সময়ত। খুব গতি বাঢ়ি গৈছিল মোৰ কামৰ।
মনেৰে আৰু বাস্তৱিকভাৱেও মই আৰ্থিক আৰ্জনৰ একাধিক সমান্তৰাল পথ গঢ়ি তুলিছিলোঁ। কাৰণ যিহেতুকে জানিছিলোঁৱেই যে গুলামীৰ চৰকাৰী চাকৰিৰ পথ মোৰ নহয়।
মই আন বহুতৰ দৰে বস্তুবাদী হ'ব নোৱাৰো, বাস্তৱতাক মই গ্ৰহণ কৰিছিলোঁ, সাহসেৰে, কিন্তু
বিনা কোনো আপোচেৰে,
মোৰ কথা এইটোৱেই যাতে মোৰ দ্বাৰা কাৰো অপকাৰ নহয় আৰু যাতে কোনো অনৈতিক কাম মোৰ দ্বাৰা নহয়।
মোৰ বাবে সেই জীৱিকা সম্যক এক আজীৱিকা নাছিল, যাৰ কথা গম পাইছিলোঁ বিপাসনা ধ্যানৰ শিবিৰত, ২০২২ ত মোৰ প্ৰথম শিবিৰ, অহিংসৰ এনে ব্যৱহাৰিক শৈলী দেখি-জানি মোৰ দেহেই নহয়, বৰং আত্মাতো শিহৰণ উঠিছিল, সাধনা সমাপ্তিৰ অন্তত ঠিৰাং কৰিছিলোঁ, এইবাৰ এই গুলামীৰ পৰা নিজকে মুক্তি দিম, উদাসীন হৈ উঠিছিলোঁ। বৈৰাগী হৈ উঠিছিলোঁ। কেতিয়াবা ৰঙীন কাপোৰ পিন্ধিছিলোঁ, সেয়া বেলেগ, কিন্তু সেয়া আছিল আন্তৰিক বৈৰাগ। বহুত কমেই চাগে মই শব্দবোৰৰ ঠেক সংজ্ঞাক লৈ কাম কৰোঁ।
যি কি নহওঁক সিদ্ধান্ত মই ললোঁ, যি দূখেই বা পালোঁ জীৱনত ,কৃতজ্ঞতাৰে তাক পাঠ হিচাপে গ্ৰহণ কৰিছিলোঁ ...
এতিয়া মোৰ মাক-দেউতা আৰু মোৰ নিকট আত্মীয়ই মোক অনুভৱ কৰাবলৈ চেষ্টা কৰে যে মই সেই চাকৰিটো অবিহনে অসম্পূৰ্ণ আৰু মই মূল্যহীন তথা অস্তিত্বহীন।
১৪ বছৰ ১১ মাহ ১২ দিন পিতৃ-সত্য পালন কৰি, মনে নিবিচৰা কাম কৰি নিজৰ আত্মাক কষ্ট দিয়াৰ পিছতো কিন্তু আজি তেওঁলোক অসন্তুষ্ট, মোৰ মূখৰ হাঁহি আৰু আত্মসন্তুষ্টি তেওঁলোকৰ হজম নহয় , মোৰ ফৰক নপৰে, ইতিমধ্যে মোৰ সামৰ্থ্যতকৈও অধিক দিছোঁ। প্ৰতিটো আৰ্থিক সহায়ৰো ৰেকৰ্ড আছে।
তেওঁলোকৰ প্ৰতিটো অৱজ্ঞা, শব্দ, অভিব্যক্তি, আপোনাৰ সেই তথ্য প্ৰতিষ্ঠা কৰিব বিচাৰে যে পাৰিলে মই থাকিবই নালাগিছিল এতিয়ালৈকে, কাৰণ মই ঢাল নাখাওঁ তেওঁলোকৰ মতে।
যদিও মই মোৰ জীৱনৰ বাবে মোৰ পিতৃ-মাতৃৰ পৰা সহায় পাইছিলোঁ, মইও এজন স্ব-নিৰ্মিত আৰু মৰ্যাদাপূৰ্ণ ব্যক্তি, মই নিজকে কাৰো দ্বাৰাই অপমানিত হʼবলৈ আৰু নিদিওঁ।
মই তেওঁলোকৰ পৰা ধন বা আন কিবা বিচৰা নাই,
মই অহিংস জীৱন কটাব বিচাৰোঁ
সকলো জীৱৰ প্ৰতি মোৰ দয়া আছে,
তেখেতসকলে মোৰ লগত নিৰামিষভোজী হোৱাৰ মই বাবেও তৰ্ক কৰে, মই তেওঁলোকক অহিংসা বা মোৰ খাদ্য-অভ্যাসক অস্ত্ৰৰ ৰূপে ব্যৱহাৰ নকৰোঁ, তেওঁলোকে কৰে, তেওঁলোকে কয় যে টকা অবিহনে মোৰ একো মূল্য নাই (আচলতে তেওঁলোকৰ সৈতে মই টকাৰ কথা আলোচনা নকৰোঁ, আজিৰ তাৰিখত মা কালীৰ কৃপাত মোৰ বেংকত কোনো ধাৰ নাই, তেওঁলোকৰ আছে ছাগে)
আনকি এতিয়াও মই ভালকৈ উপাৰ্জন কৰি আছো আৰু মই মোৰ পৰিয়ালৰ সৈতে সন্তুষ্ট, কিন্তু তেওঁলোক এই সত্যৰ বাবে সুখী নহয় যে মই সঁচাকৈয়ে সুখী ।
কিন্তু এটা কথা মই বৰ্তমান ভালদৰে বুজিব পৰা নাই, তেতিয়া মোৰ লগত সিহঁতে কিয় সম্পৰ্ক অব্যাহত ৰাখে?
মই তেওঁলোকৰ প্ৰতিজন আত্মীয়ক সকীয়াই দিছো যিয়ে মোৰ উপাৰ্জন বা মোৰ জীৱনৰ বিষয়ে বিদ্ৰুপ কৰাৰ ধৰণেৰে বাজে কথা সোধে, মই তেওঁলোকৰ কাৰো পৰা এটকাও বিচৰা নাই, গতিকে মই যিদৰে আছো তাৰ বাবে মোক সন্মান কৰিবলৈ শিকক বা মোক কেতিয়াও অসন্মান দেখুৱাবলৈ সাহস নকৰিব।
যেতিয়া মই গৰ্জন কৰিম তেতিয়া মোৰ সন্মুখত কোনেও থিয় দিব নোৱাৰে। কোনো ধোৱা তুলসীৰ পাত নহয়। মই পিছত আইনীভাৱে লাগিলে সকলো মুখা খুলি পৰিব।
অহংকাৰ কৰি কোৱা নাই কিন্তু এয়া সত্য, বহুতো কথা আৰু কামত তেওঁলোকতকৈ মোৰ অভিজ্ঞতা আৰু সামৰ্থ্য তথা গুণগত মান বেছি, আজি মই বাধ্য এয়া কʼবলৈ আৰু এটা তুলনামূলক জৰীপ দাঙি ধৰিবলৈ তেওঁলোকৰ লগত।
কিবা সন্দেহ থাকিলে প্ৰমাণ আৰু কাগজ দেখুওৱা হʼব, মোৰ হৈ সংশ্লিষ্ট কৰ্তৃপক্ষকো যোগাযোগ কৰিব পাৰে, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয়। কিন্তু স্বভাৱগতভাৱে মই নম্ৰ আৰু শান্তিকামী হেতুকে বহুতো ক্ষেত্ৰতে ভাবি লোৱা হয় যে মই দুৰ্বল বা মোক বলে পৰা যায় বা মই বেছি সময়ত মনে মনে থাকোঁ। এই কথা সঁচা নহয়,
প্ৰথম কথা মোৰ কাকো তেল দিয়াৰ দৰকাৰ নাই, দ্বিতীয়তে কাৰো লগত অপ্ৰয়োজনীয় কথাৰ মেল পাতিবলৈ মোৰ মন নাযায়। সেয়ে মই সম্বন্ধীয়ৰ ঘৰলৈ অপ্ৰয়োজনত গৈ নাথাকোঁ, সেইখিনি সময়ত
বেলেগ কিবা কাম কৰিম গান গাম, ভাল ছবি চাম বা ধ্যান কৰিম বা শুম।
এইটো মোৰ অহংকাৰ নহয়, এয়া মোৰ আত্মবিশ্বাস আৰু এয়া মই ঘটিছোঁ। বহুত কষ্ট কৰি ঘটিছোঁ। যিটো কেছত তদন্ত কৰিবলৈ যাওঁতে মেৰুদণ্ডত আঘাত পাইছিলোঁ তাৰ বাবেও মোক ভাৰতৰ এক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ পৰা মেডেল দিয়া হৈছিল ২০১৭ নে ২০১৬ চনত।
মোৰ আজিলৈকে আৰ্জন কৰা বিশেষ কৃতিত্ব (যি হয়তো প্ৰমাণিত কৰে যে মই অবাবত সময় কটোৱা নাই):
১/ মই প্ৰথম উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা আৰ্ জে (প্ৰথম মহিলা এংকৰ নহয়, আৰ জে বুলি কোৱা হৈছে, এফ্ এম্ অহাৰ আগতেই ২০০৫ চনত
বিবিধ ভাৰতীয়ে এক ঘণ্টাৰ সময় দিয়ে গুৱাহাটী আকাশবাণী কেন্দ্ৰক, তেতিয়া শ্ৰী নয়ন প্ৰসাদ দেশৰ তত্বাৱধানত আৰু শ্ৰী ৰুবুল বৰাদেৱৰ পৰিচালনাত " The Weekly Show" নাম ৰ এক আধা ঘন্টাৰ অনুষ্ঠান মুক্তি দিয়া হয় , যʼত ৰুবুল দা আৰু মই উত্তৰ-পূৰ্বাঞ্চলত আনুষ্ঠানিক ভাৱে আমি দুয়ো আৰ্ জেয়িং কৰোঁ। তাৰ বহুত সময় পিছত বাকী স্বতন্ত্ৰ এফ্ এম বোৰ অসমলৈ আহে।
দ্ৰষ্টব্য যে এই সাক্ষাৎকাৰ-কেন্দ্ৰিক আকাশবাণীৰ এফ্ এম্ ৰ এটা এপিসোডৰ বাণীবদ্ধনৰ সময়তে জুবিন গাৰ্গকো লগ পাওঁ। তেওঁক ZG বুলি মাতিছিলোঁ।)
২/ মই উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দিল্লীৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোলৈ যোৱা দ্বিতীয় মহিলা পৰিদৰ্শক, এবং অসমৰ পৰা যোৱা সৰ্বা প্ৰথম গৰাকী অসমীয়া মহিলা আৰক্ষী পৰিদৰ্শক।
৩/ মই প্ৰথম অসমীয়া মহিলা আৰক্ষী বিষয়া যিয়ে ৰাষ্ট্ৰীসংঘৰ অধীনস্থ
কোনো আন্তঃৰাষ্ট্ৰীয় অকাডেমীৰ পৰা শান্তি, সমাজ সেৱা আৰু কলা বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
৪/ পিতৃ-মাতৃ দুয়োৰে পৰিয়ালৰ প্ৰথম কটনিয়ান।
মোৰ সততাই হ'ল মোৰ জোৰ, আজিলৈকে নিজৰ অৰ্হতা আৰু যোগ্যতাকলৈ সামাজিক মাধ্যমত নিজৰ গৰিমা-কীৰ্তন কৰাৰ মন মোৰ নাছিল, কিন্তু কৰিবলগীয়া হʼল, যাতে সকলোৱে জানক কেনেকুৱা কামত মই ব্যস্ত থাকোঁ।
ব্ৰহ্মাণ্ডীয় অহিংসাত বিশ্বাসী মʼহটোও মৰাৰ পৰা বিৰত থকা মইজনীয়ে আজি মোৰ পাৰ্থিৱ পৰিয়াল-কুটূম্ব আৰু তথাকথিত সমাজৰ সংকুচিত সীমাক অতিক্ৰম কৰিছোঁ, বহুতো আচোঁৰ খাই সংগ্ৰাম কৰি আজিৰ স্থিতি পাইছোঁ, এতিয়া মোৰ
১/ কাৰো তলত গুলামী কৰি টকা-অৰ্জন কৰাৰ দৰকাৰ নাই,
২/ দাসত্বৰ তিনিসাজতকে স্বাধীনতাৰ এসাজ মোৰ কাম্য,
৩/ স্বাধীনতা, অহিংসা, কলা-শিল্প-সংগীতৰ পোষণ তথা সাধনাই মোৰ ধৰ্ম, বুদ্ধ-গান্ধীৰ নীতিয়েই মোৰ নীতি,
৪/পুৰণি বা নতুন সেইখিনি System , তন্ত্ৰক ভঙাই মোৰ মিচন যিয়ে ওপৰত উল্লেখিত কথাবোৰ ভংগ কৰাৰ চেষ্টা কৰিব। যেনে যি সমাজ বা তন্ত্ৰই মানুহৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰে ইত্যাদি তেনেকুৱা তন্ত্ৰ বা চিষ্টেমক মই ভাঙি হাৱা কৰি উৰুৱাই দিওঁ।
যোগাত্মক পৰম্পৰাক আৰু ধৰ্মক মই মানো আৰু মই ধৰ্ম-নিৰপেক্ষতাৰ পোষণকাৰী। কিন্তু ধৰ্মৰ নামত ভণ্ডামি সহ্য নকৰোঁ। হিন্দু-মুছলিম ৰাজনীতিতো কথাই নাই।
বহুত অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ কৰিছোঁ কৰ্মসূত্ৰে,
ঘোঁৰা চলাইছোঁ,
ট্ৰাক-বাইক চলোৱা শিকিছোঁ,
সেয়ে ভয়ভীত মোৰ প্ৰায় নায়েই। মা কালী য়ে মোক বহুতো শিকাইছে, অভিজ্ঞ কৰিছে। আনৰ অধিকাৰৰ বাবে যুঁজ দিয়া মানুহজনীয়ে নিজৰ ৰক্ষাত থিয় দিব নোৱাৰিমনে?
অৱশেষত মই কৈছোঁ যাৰ যাৰ মোৰ প্ৰতি অপ্ৰেম, অবিশ্বাস, হিংসা-ঈৰ্ষা আছে আৰু যিয়ে মোক দূৰ্বল বুলি ভবাৰ ভুল কৰিছে, মোৰ মৌনতাক ভুল বুজিছে,
তেওঁলোক মোৰ পৰা দূৰৈত থাকক আৰু মোৰ পৰা অনুগ্ৰহ বিচৰা বন্ধ কৰক বা মোক যোগাযোগ নকৰক। কোন কেনেকুৱা হাড়ে-হিমজুৱে জনা আছে।
তথাপিও মোৰ প্ৰাৰ্থনাত তেওঁলোক সকলো ৰাখিম যাতে সদবু্দ্ধি আৰু আৰু সদমাৰ্গ লাভ কৰিব পাৰে।
মোৰ জীৱনকালত হস্তক্ষেপ কৰা বন্ধ কৰক।
৪১ বছৰ বয়সত মোক তেওঁলোকৰ অগভীৰ পৰামৰ্শৰ প্ৰয়োজন নাই, তেন্তে তেওঁলোকে বস্তুবাদী পুঁজিবাদী ধন উপাৰ্জন কৰা ৰবট হোৱাতকৈ নিজৰ বাবেই তেওঁলোক উদাহৰণ হোৱাটোৱেই ভাল, যিয়ে তেওঁলোকে কিয় উপাৰ্জন কৰিছে নাজানে, আৰু লগতে নিজৰ ইচ্ছাবোৰ কেতিয়া নিয়ন্ত্ৰণ কৰিব লাগে নাজানে। খালী লোন লৈ হʼলেও কাপোৰ পিন্ধি বা গাড়ী কিনি বা কিয়েই বা ফোপোলা কামবোৰ কৰি নিজৰ সেই চাৰ্কোল টোতেই ডাঙৰ মানুহ বোলোৱাৰ ভ্ৰমতেই
জীৱন কটায়।
কেতিয়াবা তেওঁলোকৰ প্ৰতি মোৰ কৰুণা লাগে।
বিদায় ফোপোলা মানুহবোৰ