Jorhat Neuro-Psychiatry Clinic

Jorhat Neuro-Psychiatry Clinic Jorhat Neuro-Psychiatry Clinic is established and run by Dr.Dipjyoti Bora since 2016.

This clinic has been delivering excellent service in the field of Psychiatry and Neuroscience to the people of Assam.

মানসিক স্বাস্থ্যৰ সজাগতাৰ ক্ষেত্ৰত আন এক পদক্ষেপ। যোৰহাটৰ বৰহোলা মহাবিদ্যালয়ত মানসিক স্বাস্থ্যৰ সজাগতাৰ ওপৰত বক্তৃতা প্...
29/10/2022

মানসিক স্বাস্থ্যৰ সজাগতাৰ ক্ষেত্ৰত আন এক পদক্ষেপ। যোৰহাটৰ বৰহোলা মহাবিদ্যালয়ত মানসিক স্বাস্থ্যৰ সজাগতাৰ ওপৰত বক্তৃতা প্ৰদানৰ কিছু মূহুৰ্ত
Delivered a speech on 'Awareness of mental health' at Borholla College. Few glimpses from the beautifully conducted program. Thanking the organizers for inviting me 🙏🏻
⚕️

An article published in বসুন্ধৰা magazine today. Do give it a read 🙏🏻
16/10/2022

An article published in বসুন্ধৰা magazine today. Do give it a read 🙏🏻

03/10/2022

বিশ্ব মানসিক স্বাস্থ্য সজাগতা সপ্তাহ উপলক্ষে

প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটি মানসিক স্বাস্থ্যৰ সজাগতামূলক সপ্তাহ হিচাপে পালন কৰা হয়। মানসিক ৰোগৰ লগত জড়িত সামাজিক কালিমাৰ বাবেই মানসিক স্বাস্থ্য সম্বন্ধে সজাগতা বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিছে। মানসিক ৰোগৰ লগত জড়িত এই কালিমাৰ বাবেই বহু ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা ল'বলৈ কুণ্ঠাবোধ কৰে।
আহকচোন এই কালিমা আঁতৰাবলৈ আমিনো কি কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা জানো -

১) মানসিক স্বাস্থ্য তথা ৰোগ সম্বন্ধে নিজেও তথ্য আহৰণ কৰক তথা আনকো তথ্য আহৰণ কৰিবলৈ উৎসাহিত কৰক। মানসিক ৰোগৰ লক্ষণ সমূহৰ বিষয়ে অৱগত হওঁক।
২) মানসিক ৰোগ সম্বন্ধীয় কালিমাৰ বিৰুদ্ধে থিয় দিয়ক। এই সামাজিক কালিমাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ নকৰিব।
৩) স্বেচ্ছাসেৱী সংগঠন, বেচৰকাৰী সংস্থা আদিৰ জৰিয়তে এই সামাজিক কালিমাৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰক।
৪) মানসিক ৰোগত আক্ৰান্ত হ'লে নিজকে সামাজিকভাৱে আছুতীয়া কৰি নেপেলাব।
৫) মানসিক ৰোগৰ নাম দি আপোনাক অথবা পৰিয়ালৰ ব্যক্তিক উপলুঙা কৰিব বুলি ভয়ত চিকিৎসা গ্ৰহণ নকৰাকৈ নাথাকিব। সাহসেৰে চিকিৎসাৰ দিশত আগবাঢ়ক।
৬) শব্দ প্ৰয়োগত সংযমশীল হওঁক। মানসিক ৰোগীৰ ক্ষেত্ৰত পাগল, পগলা, চাইক' , বলীয়া, অঁকৰা, আঁকৰী, হেবাং ইত্যাদি শব্দ প্ৰয়োগ নকৰিব।
৭) মানসিক ৰোগ সম্বন্ধীয় কালিমাৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে সামাজিক মাধ্যম, সংবাদ মাধ্যম ইত্যাদিৰ সহায় ল'ব পাৰে।
৮) কৰ্মক্ষেত্ৰত এই কালিমা আঁতৰাবলৈ কৰ্মচাৰীসকলৰ বাবে মানসিক স্বাস্থ্য সম্বন্ধীয় প্ৰশিক্ষণৰ আয়োজন কৰিব পাৰে।

এই বছৰৰ বিশ্ব মানসিক স্বাস্থ্যৰ সজাগতামূলক সপ্তাহৰ বিষয়বস্তু হৈছে, নিসংগতাবোধ ( loneliness)।
নিসংগতাবোধ দূৰ কৰিবলৈ কেইটিমান টিপচ্ -
১) নিয়মিতভাৱে ব্যায়াম, যোগাভ্যাস অথবা প্ৰাণায়াম কৰক।
২) স্বাস্থ্যসন্মত সুষম আহাৰ গ্ৰহণ কৰক।
৩) পৰ্য্যাপ্ত পৰিমাণে নিদ্ৰা গ্ৰহণ কৰক।
৪) নতুন কলা আহৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰক, য'ত নিতৌ নতুন ব্যক্তি লগ পাব‌ পাৰে।
৫) কোনো এবিধ প্ৰাণী পোহপাল কৰাৰ দায়িত্ব লওক।
৬) নিজকে যথাসম্ভৱ ব্যস্ত কৰি ৰাখক।
৭) যি সময়ত যি কাম কৰে, তাতে সম্পূৰ্ণ মনোযোগ দিবলৈ চেষ্টা কৰক।
৮) প্ৰয়োজন হ'লে মানসিক ৰোগ বিশেষজ্ঞৰ কাষ চাপক।
৯) স্মাৰ্ট ফোনৰ সঠিক ব্যৱহাৰ কৰক। এই আহিলাবিধে আমাক কাষতে থকা ব্যক্তিজনৰ পৰা দূৰলৈ লৈ যায়।

-ডা: দীপজ্যোতি বৰা, এম, ডি
মনোৰোগ বিশেষজ্ঞ
যোৰহাট নিউৰ'চাইকিয়াত্ৰী ক্লিনিক

On Janmashtami, we celebrate birth of lord Krishna in a very magnificent way. Similarly we also welcome a newborn baby w...
19/08/2022

On Janmashtami, we celebrate birth of lord Krishna in a very magnificent way. Similarly we also welcome a newborn baby with warm wishes and celebrate his/her birth in a magnificent way. But while caring more for the baby, we often neglect the mental health of the mother who has just delivered a baby. We forget about the physical and mental stress she is going through. In reality, after delivering a baby there is a very high chance of suffering from various psychiatric illnesses like postpartum depression, postpartum psychosis etc. Loss of appetite, hopelessness, worthlessness, helplessness, difficulty in falling asleep or maintaining sleep, indifferent attitude towards her baby, hearing voices that doesn't exist, seeing things that doesn't exist, feeling demotivated etc are some of the symptoms of these diseases. The good news is treatment of these illnesses are possible! Therefore if the new mother is seen with these symptoms we should take the help of a psychiatrist.

💚

Conducted a free health camp on the occasion of Azaadi ka Amrit Mahotsav. in Teok, Jorhat on 15th August.Thanking everyo...
16/08/2022

Conducted a free health camp on the occasion of Azaadi ka Amrit Mahotsav. in Teok, Jorhat on 15th August.

Thanking everyone for their support in successfully conducting the camp. ⚕️ 💚

10/08/2022
Being transgender is not a mental illness. But people who are transgender face many discriminations which can affect the...
31/07/2022

Being transgender is not a mental illness. But people who are transgender face many discriminations which can affect their mental health. Research suggests that transgender individuals have almost four times higher chances of experiencing mental health conditions like depression, anxiety, substance abuse etc. Getting support from a qualified psychiatrist can help them live a healthier and more fulfilling life.
Happy to be a member of District level committee for transgender. Hope I can offer my help to those who need it.

World Hepatitis Day (WHD) takes places every year on 28 July,  to raise awareness of the global burden of viral hepatiti...
28/07/2022

World Hepatitis Day (WHD) takes places every year on 28 July, to raise awareness of the global burden of viral hepatitis and to bring change. In 2022 the theme is‘I Can't Wait’.

Hepatitis C has a very high chance of affecting the drug addicts. People who inject drugs can get Hepatitis C from:
• Needles & Syringes. Sharing or reusing needles and syringes increases the chance of spreading the Hepatitis C virus.
• Contaminated Preparation Equipments such as cottons, water, and alcohol swabs.
• Contaminated Fingers.
• Contaminated surfaces.

Hepatitis C can also spread through s*x and from pregnant mother to her baby.

Hepatitis C can also spread when tattoo, piercingis done with equipment contaminated with the Hepatitis C virus.

The good news is, new and improved treatments are availablethat can cure most people with Hepatitis C.

Stay healthy, Stay safe.

সংগীত সাধনা মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত উপযোগী। সংগীতে মানুহক অৱসাদগ্ৰস্ততা, উদ্বিগ্নতা তথা টোপনিৰ সমস্যাৰ পৰা নিজকে ...
20/07/2022

সংগীত সাধনা মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত উপযোগী। সংগীতে মানুহক অৱসাদগ্ৰস্ততা, উদ্বিগ্নতা তথা টোপনিৰ সমস্যাৰ পৰা নিজকে মুক্ত কৰি এক সুস্হ মানসিক স্বাস্থ্যৰ অধিকাৰী হোৱাত সহায় কৰে। যোৰহাট নগৰৰ এখন আগশাৰীৰ সংগীত প্ৰশিক্ষণ অনুষ্ঠান জয়া সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন গীতৰ কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সংগীত আৰু মানসিক স্বাস্থ্যৰ ওপৰত দুআষাৰ ব্যক্ত কৰিলোঁ।
Practice of music is very beneficial for mental health. Music helps us to fight depression, anxiety, sleep disorders and various other mental health issues. Happy to share a few words on ‘music and mental health’in a music workshop organized by Jaya Sangeet Mahavidyalaya.

নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য বুলিলে মদ, ভাং, বিড়ি, চিগাৰেট, ধঁপাত, পানমছলা, গুট্‌খা, হেৰ'ইন‌, ক'কেইন, ব্ৰাউন ছুগাৰ আদি দ্...
19/07/2022

নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য বুলিলে মদ, ভাং, বিড়ি, চিগাৰেট, ধঁপাত, পানমছলা, গুট্‌খা, হেৰ'ইন‌, ক'কেইন, ব্ৰাউন ছুগাৰ আদি দ্ৰব্যসমূহক বুজায়।

নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ মানে হৈছে আইনে নিষেধ কৰা নিচাযুক্ত দ্ৰব্যৰ উৎপাদন, বিতৰণ আৰু কিনা বেচা কৰা। ৰাষ্ট্ৰসংঘই ১৯৮৯ চনৰ পৰা প্ৰতিবছৰে ২৬ জুন তাৰিখটো 'আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস' পালন হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ মূল উদ্দেশ্য হৈছে সমাজক নিচাযুক্ত দ্ৰব্যৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ জনসজাগতা সৃষ্টি কৰা।

ড্ৰাগছৰ ঘাটি ‘Golden Triangle’হৈছে Thailand, Laos, and Myanmar এই তিনিখন দেশক সংযোগ কৰিলে পোৱা এক ত্ৰিভূজ আকৃতিৰ ভূমি।
‘Golden crescent' এ Iran, Pakistan and Afghanistan সামৰি লয়।‌ ইয়াৰে মাজত পৰি ভাৰতবৰ্ষই নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ কৰে।
১৯৮৫ চনত এই সমস্যা সমাধানৰ বাবে “narcotic drugs and psychotropic substance ” আইন প্ৰৱৰ্তন কৰে।

এই দ্ৰব্যবোৰ সেৱনৰ ফলত ব্যক্তিগত জীৱনত শাৰীৰিক, মানসিক ক্ষতি আৰু সামাজিক জীৱনত বিশৃংখলতাই দেখা দিয়ে। কিন্তু সেৱনকাৰীসকলে প্ৰথমতে এইটো উপলব্ধি কৰিব নোৱাৰে বা উপলব্ধি কৰিলেও সেৱনৰ অভ্যাস সহজতে আঁতৰাব নোৱাৰে।

দীৰ্ঘদিন নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি, দুৰ্বল হয়; হাওঁফাওঁৰ ৰোগ, হৃদযন্ত্ৰৰ ৰোগ, স্নায়ুদুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি ৰোগৰ সৃষ্টি কৰে। পাকস্থলী, যকৃত, অন্ত্ৰ আদিত কৰ্কট ৰোগ আৰু যকৃতত ছিৰ'ছিছ নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ ফলতে হোৱা দেখা যায়। তদুপৰি নিচাযুক্ত দ্ৰব্য‌‌ লোৱাৰ বিভিন্ন পদ্ধতিৰ দ্বাৰা হেপাটাইটিছ, এইচ আই ভি আদি ৰোগ বিয়পাৰ সম্ভাৱনা থাকে।
নিচাসক্ত হোৱাটো এক প্ৰকাৰৰ মানসিক ৰোগ। এই ৰোগৰ চিকিৎসা সম্ভৱ। নিচাসক্ততাত আক্ৰান্ত ব্যক্তি এজন মানসিক ৰোগ বিশেষজ্ঞৰ কাষ চপাটো নিতান্তই প্ৰয়োজনীয়।
নিচাযুক্ত দ্ৰব্যৰ পৰা এজন ব্যক্তিক আঁতৰাই ৰাখিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যই এইটো মানি লোৱা উচিত যে নিয়মিত নিচাযুক্ত দ্ৰব্যৰ সেৱন এক বেমাৰ। ই কোনো চৰিত্ৰৰ দোষ নহয় আৰু অন্য ৰোগৰ দৰেই এই ৰোগৰ চিকিৎসা সম্ভৱ। এই ৰোগৰ চিকিৎসা পৰিয়ালৰ সদস্যৰ সক্ৰিয় অংশ গ্ৰহনৰ অবিহনে সম্ভৱ নহয়। সেয়ে পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে ৰোগীজনৰ লগত সময় কটাবলৈ চেষ্টা কৰা উচিত।



⚕️

Mental health is important!                 ⚕️
19/07/2022

Mental health is important!
⚕️

Awareness meet on‘Mental Health ’at one of the prestigious institute for musical excellence, Munin Baruah Memorial Music...
19/07/2022

Awareness meet on‘Mental Health ’at one of the prestigious institute for musical excellence, Munin Baruah Memorial Musical College,Jorhat.
⚕️

Address

Jorhat
785001

Telephone

+919864238468

Website

Alerts

Be the first to know and let us send you an email when Jorhat Neuro-Psychiatry Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Jorhat Neuro-Psychiatry Clinic:

Share