
17/05/2025
উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰি ৰখাৰ কোনো নিশ্চয়তা কোনোৱে দিব নোৱাৰে। অৱশ্যে কিছুমান সাধাৰণ নিয়ম বা সংযম পালন কৰিব পাৰিলে ৰক্তচাপ নিয়ন্ত্ৰনত ৰাখিব পাৰি।
শৰীৰৰ ওজন নিয়ন্ত্ৰণ
যদি আপোনাৰ শৰীৰৰ ওজন প্ৰয়োজনতকৈ বেছি, তেনেহ’লে কিছু পৰিমাণে সেই ওজন কমাই ৰাখিব পাৰিলে আপুনি ৰক্তচাপো কমাই ৰাখিব পাৰিব। আহাৰ নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ যোগেদি শৰীৰৰ ওজন কমাই ৰাখিব পাৰিলে, কোনো ধৰণৰ ঔষধ আদি নোখোৱাকৈয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।
ধূমপান ত্যাগ কৰক
উদ্বেগ নিয়ন্ত্ৰণ কৰক
নিয়মীয়াকৈ ব্যায়াম কৰক
আহাৰৰ প্ৰতি সচেতন হওক
বিলাহী, আলু, মটৰ, গাজৰ, স্কোৱাচ, শাক-পাত, বিন, মিঠা আলু আদি পাচলি তথা কল, আঙুৰ, সুমথিৰা, আম, মধুৰিআম আদি ফলত পটাচিয়াম আৰু মেগ্নেচিয়াম খনিজ যথেষ্ট পৰিমাণে থাকে। তেনেদৰে বাদাম, চীনা বাদাম, আখৰোট, দাইল আৰু মাহজাতীয় খাদ্য দ্ৰব্যও উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী।
তেনেদৰে ৰক্তচাপ ৰোগীৰ বাবে কেলচিয়ামো আন এবিধ অতি দৰকাৰী খনিজ। এইবিধ খনিজ গাখীৰ বা গাখীৰজাত খাদ্যত প্ৰচুৰ পৰিমাণে পোৱা যায়। বুট আৰু ৰাজমাহ আদিতো যথেষ্ট পৰিমাণে কেলচিয়াম থাকে।
ছডিয়ামৰ পৰিমাণ কমাওক
এজন সুস্থ লোকে দিনে কিছু পৰিমাণে নিমখ খাব পাৰে যদিও উচ্চ ৰক্তচাপৰ ৰোগীয়ে দিনে মাত্ৰ ২৪০০ মিলিগ্ৰাম ছডিয়ামহে গ্ৰহণ কৰা উচিত। এই পৰিমাণটোৰ ওপৰত বিজ্ঞানীসকলৰ মাজত প্ৰচুৰ মতভেদ আছে যদিও অধিকাংশ চিকিৎসা বিজ্ঞানীয়ে এই পৰিমাণটো অনুমোদন কৰে। বেছি মাত্ৰাত ছডিয়াম গ্ৰহণ কৰা অধিকাংশ লোকৰে ৰক্তচাপ বৃদ্ধি পোৱাৰ প্ৰমাণ পোৱা গৈছে। অধিক মাত্ৰাত ছডিয়াম যুক্ত খাদ্যৰ উপকাৰিতাতকৈ অপকাৰিতাহে বেছি। উচ্চ ৰক্তচাপ চিকিৎসা কৰাৰ সময়ত নিমখ সেৱনৰ পৰিমাণ কমাবলৈ পৰামৰ্শ দিয়া হয় আৰু নিমখ সেৱনৰ মাত্ৰা কমোৱাৰ লগে লগে ৰক্তচাপ হ্ৰাস পোৱাৰ প্ৰমাণো পোৱা যায়। অৱশ্যে ছডিয়াম কেৱল নিমখতে নহয়, আহাৰ প্ৰস্তুত কৰাত ব্যৱহৃত অন্যান্য দ্ৰব্যতো (যেনে- ছডিয়াম বাইকাৰ্বনেট, বেকিং চ’ডা, আজিনোম’ট’) প্ৰচুৰ মাত্ৰাত ছডিয়াম নিহিত থাকে। নিমখ নিদিয়া বা কম নিমখ দিয়া খাদ্য খাবলৈ প্ৰথমতে অলপ অসুবিধা পোৱাটো স্বাভাৱিক। কিন্তু অভ্যাস কৰিলে লাহে লাহে আপুনিও কম নিমখ দিয়া বা নিমখ নিদিয়া খাদ্যত অভ্যস্ত হৈ পৰিব পাৰিব। নিমখ নিদিয়া খাদ্য খাবৰ বাবে আপুনি প্ৰস্তুত কৰা আহাৰত তেজপাত, নৰসিংহ পাত, ধনিয়া পাত আদি প্ৰাকৃতিক সুগন্ধিযুক্ত মছলা – জালুক, জাঁইফল আৰু ইলাচি, লং আদিও ব্যৱহাৰ কৰিব পাৰে। এনে ধৰণৰ সুগন্ধিযুক্ত দ্ৰব্য মিহলি কৰি বিনা নিমখৰ খাদ্য খাবলৈ আৰম্ভ কৰিলে এদিন আপুনি এনে খাদ্যহে খাবলৈ ভাল পোৱা হবগৈ আৰু নিমখ দিয়া খাদ্য আপোনাৰ বাবে অখাদ্য যেন লাগিব।
সুৰাপান নিয়ন্ত্ৰণ কৰক
শেহতীয়া গৱেষণাত প্ৰমাণিত হৈছে যে এনেধৰণৰ খাদ্য যিমানেই বেছিকৈ খাব ষ্ট্ৰোকৰ সম্ভাৱনা সিমানেই কমিব। যদি আপুনি পৰিপূৰক খাদ্য খাবই লাগে, তেনেহ’লে ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’ সেৱনৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ এইবিলাক এণ্টিঅক্সিডেণ্ট গুণযুক্ত হোৱাৰ বাবে ৰক্তচাপ বৃদ্ধিত বাধা দিব পাৰে। আনহাতে কেলচিয়াম, পটাচিয়াম আৰু মেগনেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।