01/02/2023
নেত্ৰবৰ্ত্মকলাপ্ৰদাহ , যাক আমি সাধাৰণ ভাষাত চকু উঠা বুলি কওঁ ৷ ইংৰাজীত Conjunctivitis বুলি কোৱা হয় ৷
চকুৰ ওপৰি ভাগক conjunctiva বুলি কোৱা হয় ৷ ই এবিধ শ্লৈষ্মিক ঝিল্লী ( Mucous Membrane ) ৷ বিভিন্ন কাৰণত চকুৰ ওপৰিভাগৰ আৱৰণ প্ৰদাহিত হয় বা উখহি উঠে । চকুৰ ৰঙ গুলপীয়া ৰঙচুৱা ধৰণৰ হয় ৷ পানী ওলাই থাকে ৷ খজুৱায় বা পিৰপিৰাই থাকে ৷ কেতিয়াবা বিষায় আৰু চকুৰ জ্বলন হয় ৷ চকুৰ পৰা লেতেৰা বগা আঠা ধৰণৰ এবিধ পদাৰ্থ ওলাই থাকে ৷ ৰাতিপুৱা কিছুমানৰ চকু বান্ধি থাকে ৷
এই ৰোগৰ কাৰণ সমূহ :
১) বেক্টেৰিয়া
২) ভাইৰাছ
৩) কেমিকেল বা এলাৰ্জেন সমূহ
ওপৰোক্ত যিকোনো কাৰণৰ ফলত এই ৰোগ হব পাৰে ৷
চকুৰ সংস্পৰ্শলৈ আহিলে এই কাৰকবোৰে চকুৰ ওপৰি ভাগত প্ৰদাহৰ সৃষ্টি কৰে আৰু বেমাৰ হয় ৷
বেক্টেৰিয়া আৰু ভাইৰাছ জনিত কাৰণত হোৱা conjunctivitis সংক্ৰামক হয় আৰু এজনৰ পৰা আন এজনলৈ বিয়পি যায় ৷ এই বেমাৰটো যিকোনো বয়সৰ মানুহৰ হব পাৰে ৷
এইবিধ বেমাৰ তিনিদিন চাৰিদিনৰ পৰা এসপ্তাহলৈ থাকিব পাৰে ৷
হোমিওপেথি চিকিৎসা :
এই বেমাৰৰ চিকিৎসাৰ বাবে হোমিওপেথিক ঔষধ অতিকৈ ফলপ্ৰসূ আৰু দ্ৰুত আৰোগ্য প্ৰদানকাৰী হিচাপে গণ্য ৷ ৰোগীৰ লক্ষণ সমূহৰ লগত হোমিওপেথিক ঔষধৰ সৰ্বাধিক সাদৃশ্য থকা ঔষধ নিৰ্বাচন কৰি প্ৰয়োগ কৰিলে কম সময়ৰ ভিতৰতেই সম্পূৰ্ণ আৰোগ্য লাভ কৰা সম্ভৱ ৷
খোৱা ঔষধৰ লগত চকুত ব্যৱহাৰ কৰা ড্ৰপ জাতীয় ঔষধৰ ব্যৱহাৰে ৰোগীৰ ৰোগ উপশমত ক্ষেত্ৰত বিশেষভাবে সহায়ক হয় ৷
নিম্নলিখিত হোমিওপেথিক ঔষধ সমূহ ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় কৰিব পাৰি ৷ কিন্তু ঔষধৰ প্ৰাৱল্য আৰু সেৱনৰ বিধি কোনোবা এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমতেহে নিৰ্ধাৰণ কৰা উচিত ৷
সচৰাচৰ ভাবে ব্যৱহাৰিত হোমিওপেথিক ঔষধ সমূহ :
Belladonna, Euphrasia,Pulsatilla, Aconite, Calcarea Sulph,Allium cepa,Borax, Argentum Nitricum.
ইয়াৰ ওপৰিও বেলেগ ঔষধো প্ৰযোজ্য হব পাৰে ৷
ঔষধ প্ৰয়োগৰ লগত খোৱা বোৱা আৰু চলা ফুৰাত কিছু নিয়ম পালন কৰা উচিত যাতে বেমাৰটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কামত আহে আৰু এজনৰ পৰা আনজনলৈ বিয়পি নাযায় ৷
বিঃ দ্ৰঃ যদি লিখনিটো আপোনালোকৰ বিন্দুমাত্ৰ কামত আহে তেন্তে শ্বেয়াৰ কৰি আগলৈ প্ৰেৰণ কৰে যেন আৰু মন্তব্য জনাব ৷
ডাঃ খাইৰুল ইছলাম
তাং ১/২/২০২৩