
13/08/2025
সীমাহিন ব্যস্ততাৰ বাবে ভালেমান দিন দিব খুজিও বহুত post দিব নোৱাৰিলোঁ ।আজি বৰ দৰকাৰি বুলি ভাবি এই post টো লিখিলোঁ ।
এইবোৰৰ মাজতে অপ্ৰত্যাশিত ভাবে এক বিশেষ দায়িত্ব লাভ কৰিলোঁ । দায়িত্বটো পাই ভালো লাগিছে , কিন্তু, চিন্তিতও হৈছোঁ । আপোনাসৱৰ আশীৰ্বাদ আৰু সহযোগিতা থাকিলে নিশ্চয় এই দিশত ৰাইজৰ কল্যান কৰিব পাৰিম আৰু চৰকাৰ তথা প্ৰশাসনক সহায় কৰিব পাৰিম ।
"সৰ্বশ্ৰেস্থ আন্তৰাষ্ট্ৰীয় মানব অধিকাৰ , একতা আৰু অপৰাধ নিয়ন্ত্ৰণ সংগঠন ( Sarvsresth International Human Right Unity And Crime Control Organisation "-- SIHRU&CCO) ৰ দৰং জিলাৰ 'জিলা সভপতি (District President)' হিচাবে নিযুক্তি ( অবৈতনিক) লাভ কৰোঁ ।
এই ক্ষেত্ৰত অসমৰ 'ৰাজ্যিক সভাপতি' সন্মানীয় অমৃত ডেকা দেৱে মোৰ নামটো অনুমোদনৰ বাবে আন্তৰাষ্ট্ৰীয় সংগঠনটিলৈ প্ৰৰন কৰিছিল বুলি জানি তেখেতৰ ওচৰত নথৈ কৃতজ্ঞ হৈ ৰলোঁ আৰু তেখেতক আগন্তুক দিনৰ কাৰ্য্য ৰূপায়নৰ বাবে দিহা পৰামৰ্শ তথা সৰ্বোতোপ্ৰকাৰ সহযোগিতা আগ বঢ়াবলৈ বিনম্ৰ অনুৰোধ জনালোঁ ।
ভাৰত বৰ্ষত বসবাস কৰা খিলঞ্জীয়া তথা বৈধ নাগৰিক সকলৰ প্ৰাপ্য মানব অধিকাৰ সমূহৰ বাবে সঁজাগ কৰা , অধিকাৰৰ অপপ্ৰয়োগ নকৰা , সকলো ধৰনৰ অপৰাধ আৰু অপৰাধ প্ৰবনতা ৰোধ কৰিবলৈ শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে সঁজাগ কৰা আৰু চৰকাৰ তথা প্ৰশাসনক সম্পূৰ্ণ অৰাজৱৈতিক দৃষ্টিকোনেৰে এই দিশত প্ৰৰোক্ষ ভাবে সহায় কৰা আদি এই সংগঠনৰ কাম ।
আহক ! আমি সকলোৱে সামাজিক প্ৰমূল্যবোধ সমূহক জীপাল কৰি এই সুন্দৰ পৃথিৱী খনত মানবীয় মূল্যবোধৰ বীজ সমূহ সিচোঁ !!
CMO Assam