DPHRC-Dr. Pinkunath Herbal Research Centre.

DPHRC-Dr. Pinkunath Herbal Research Centre. Dr.,telehealth & medicine home delivery system telehealth & Dr. video consult system

12/10/2022
12/10/2022
12/10/2022
12/10/2022
সকলোধৰণৰ ৰোগৰ চিকিৎসাৰ বাবে যোগাযোগ কৰক৷ dphrc- 8638196682৷মঙলদৈ আৰু শিৱসাগৰত৷আমাৰ ৱেবছাইট - https://www.dphrc.in/
12/10/2022

সকলোধৰণৰ ৰোগৰ চিকিৎসাৰ বাবে যোগাযোগ কৰক৷ dphrc- 8638196682৷
মঙলদৈ আৰু শিৱসাগৰত৷
আমাৰ ৱেবছাইট - https://www.dphrc.in/

 #ক’ #ভিড19 ৰ সংক্ৰমণ ৰোধ আৰু প্ৰথম অৱস্থাত তেনেধৰণৰ লক্ষণ দেখা দিলে আমাৰ পৰামৰ্শ অনুসৰি তলত দিয়া ঔষধকেইবিধ খাব পাৰিব৷ (...
07/05/2021

#ক’ #ভিড19 ৰ সংক্ৰমণ ৰোধ আৰু প্ৰথম অৱস্থাত তেনেধৰণৰ লক্ষণ দেখা দিলে আমাৰ পৰামৰ্শ অনুসৰি তলত দিয়া ঔষধকেইবিধ খাব পাৰিব৷
(এইবিলাক ৰ ঔষধ নহয়( #স্পষ্টীকৰণ) ৰোগ হ’বলৈ ৰৈ নাথাকিব ৰোগ হোৱাৰ আগতেই বাধা দিয়ক৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা ঔষধ ডাক্তৰৰ পৰামৰ্শ অনুসৰি খাব পাৰে৷ ক’ভিড-19 হ’লে প্ৰতিটো লক্ষণ অনুসৰি ডাক্তৰে ঔষধ খাবলৈ দিয়ে৷ তলত দিয়া ঔষধ কেইবিধে শ্বাস-প্ৰস্বাসত কষ্ট পোৱা, যিকোনো জ্বৰ, ১৮ দিন আন ঔষধ খাই ভাল নোহোৱা জ্বৰ ও আমাৰ তলত দিয়া আৰু খালে ভাল হৈছে৷ কাঁহৰ বাবে , ভিটামিনৰ বাবে- , কেলচিয়ামৰ বাবে , বা য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে ভিটামিন -c, কৌষ্ঠকাঠিন্য, গেষ্ট্ৰিকৰ সমস্যা ও নাইকীয়া কৰিব৷wheatgrass juice ও খাব পাৰে ৷ কোনো ঔষধ ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নাখাব৷ #যোগাযোগ #কৰক- #8638196682.
-19, , ,

 #ক'ভিড-২ৰ সন্দৰ্ভত দহটা প্ৰশ্ন আৰু তাৰ উত্তৰ   #ডা: ভূপেন শইকীয়াৰ বিশেষ লেখাক'ভিডৰ ২য় তৰংগই আমাৰ দেশত চুনামীৰ ৰূপ ধাৰন ...
01/05/2021

#ক'ভিড-২ৰ সন্দৰ্ভত দহটা প্ৰশ্ন আৰু তাৰ উত্তৰ
#ডা: ভূপেন শইকীয়াৰ বিশেষ লেখা

ক'ভিডৰ ২য় তৰংগই আমাৰ দেশত চুনামীৰ ৰূপ ধাৰন কৰি জনজীৱন বিপন্ন কৰি তুলিছে৷ পুৰষ-মহিলা নিৰ্বিশেষে,ধনী- দুখীয়া সকলো শ্ৰেণীৰ লোকৰ হাজাৰ হাজাৰজনৰ অকাল বিয়াগ ঘটিছে৷

দেশৰ চিকিৎসা ব্যৱস্থাত ঠায়ে ঠায়ে সৃষ্টি হৈছে বিশৃঙ্খলতা৷ এনে পৰিপ্ৰেক্ষিতত কোভিডৰ এই দ্বিতীয় ঢৌৰ ওপৰত প্ৰশ্নোত্তৰৰ ৰূপত এই মহামাৰীৰ শেহতীয়া অৱস্থানৰ বিষয়ে পাঠকক অৱগত কৰাৰ প্ৰয়াস কৰিলোঁ৷

(?-১) কোভিড-২ সৃষ্টি কৰা কাৰকসমূহ কি কি ?
কোভিড-২ সৃষ্টি কৰা কাৰকসমূহ হ'ল কৰ'না ভাইৰাছৰ উই কে সংস্কৰন, ডবল মিউটেন্ট ভাইৰাছ আৰু ট্ৰিপল মিউটেন্ট ভাইৰাছ ৷ ডবল মিউটেন্ট হ'ল ভাৰতীয় কৰ'না ভাইৰাছ আৰু আমেৰিকাৰ কেলিফৰ্নিয়া ভাইৰাছৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা ভাইৰাছ ৷

অসমত ইউ কে প্ৰজাতিৰ ভাইৰাছৰ উপস্থিতি যোৱা ফেব্ৰুৱাৰী মাহতেই লাহোৱালৰ আই চি এম আৰএ নিশ্চিত কৰিছিল৷ ট্ৰিপল মিউটেন্ট হ'ল যি কোনো ৩ বিধ ভাইৰাছৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা৷ যেনে ভাৰতীয় কৰ'না ভাইৰাছৰ লগত ব্ৰাজিলিয়ান ভাইৰাছ আৰু চাউথ আফ্ৰিকান ভাইৰাছৰ সংমিশ্ৰণ৷

ট্ৰিপল মিউটেন্টৰ আন নাম বেংগল মিউটেন্ট, কিয়নো এনে ভাইৰাছ পোনতে পশ্চিম বংগত চিনাক্ত হয়৷ বংগৰ সমীপ হোৱা ভাবে অসমতো অনতি পলমে ট্ৰিপল মিউটেন্টৰ আগমন ঘটিব৷ ভাইৰাছৰ ৰূপান্তৰ ঘটা আৰু ২৷৩টা ভাইৰাছৰ সংমিশ্ৰণ হোৱাটো এক স্বাভাৱিক ঘটনা৷

এনে সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা ভাইৰাছ হৈ পৰে অধিক সংক্ৰমণশীল আৰু ক্ষতিকাৰক৷ বাতৰিত প্ৰকাশ হোৱা মতে কলকতাত প্ৰতি দুজনৰ ভিতৰত এজন কভিড সংক্ৰমিত৷ আকৌ দেশৰ ভিতৰত সৰ্বাধিক সংক্ৰমিত ৰোগী হ'ল মহাৰাষ্ট্ৰত৷

ভাৰতবৰ্ষত প্ৰতি দিনে প্ৰায় ৩লাখ ৭৯হেজাৰ কভিড ৰোগী চিনাক্ত হোৱাটো এক দুখদায়ী বিশ্ব ৰেকৰ্ড৷ আমাৰ অসমত দৈনিক প্ৰায় ৪হেজাৰ কভিড ৰোগী চিনাক্ত হৈ আছে৷ এই মহামাৰীয়ে নগৰ আৰু গ্ৰামাঞ্চলৰ সকলো স্তৰৰ লোককেই স্পৰ্শ কৰিছে৷

ভাৰতবৰ্ষত কভিড-২ত মৃত্যুৰ হাৰ হ'ল ১.১২%,অৰ্থাৎ প্ৰায় ৯৯ শতাংশ লোকেই ৰোগমুক্ত হৈছে৷ অনাকাংক্ষিতভাবে এই কভিডৰ সংক্ৰমণৰ ফলত আমি বহুতো প্ৰতিভাশালী অসমীয়া আৰু গুণৱান ভাৰতীয়ক অকালতে হেৰুৱাটো অতিশয় বেদনাদায়ক৷

(?-২) কোভিড-১ৰ তুলনাত ই কিয় অধিক বিপদজনক বুলি চৰ্চিত হৈছে ?
কোভিড-২ ভাইৰাছে মানৱ শৰীৰৰ সুৰক্ষা প্ৰণালীত অৰ্থাৎ ইমিউনিটিত ব্যাঘাত জন্মায়৷ কোভিড-২ ভাইৰাছসমূহ অতি সংক্ৰমনশীল৷

গতিকে কম সময়তে এজন ৰোগীৰ পৰা আন বহু জনলৈ ৰোগ বিয়পে৷ কভিড-১ৰ ভাইৰাছ নাক বা ডিঙিৰ পৰা হাওঁফাওঁ পাবলৈ ৬৷৭দিন সময় লৈছিল৷ কিন্তু কভিড-২ৰ ভাইৰাছক লাগে ২৪ৰ পৰা ৪৮ ঘন্টা সময়৷ হাওঁফাওঁত সৃষ্টি হয় এটিপিকেল নিউমনিয়া, Ground glass opacity আৰু Pleuraleffusion ইত্যাদি৷

(?-৩) ভাৰতবৰ্ষতআকস্মিকভাবে কোভিড-২য়ে ইমান গু ৰুতৰ ৰূপ ধাৰন সম্ভাব্য কাৰণসমূহ কি কি ?
কোভিড-১ অতিমাৰীৰ ঢৌ ভাৰতবৰ্ষত ক্ৰমে হ্ৰাস পাবলৈ ধৰোতেই দেশখনৰ লোকসকলে সতৰ্কতাৰ বিধি উলংঘা কৰি পাতিবলৈ ল'লে উৎসৱ-পাৰ্বন, মেলা যেনে হোলী, কুম্ভমেলা, অশোকাষ্টমী৷

ভূতৰ ওপৰত দানহ পৰাদি আহিল নিৰ্বাচনী মহোৎসৱ৷ হাট-বজাৰ,বিবাহ আদিত হোৱা জনসমাগমটো সামাজিক দূৰত্ব,মাস্ক,চেনিটাইজাৰ আদিৰ প্ৰয়োজনীয়তা ৰাইজে পাহৰি পেলালে৷ ৰোগাক্ৰান্ত অঞ্চলৰ পৰা সুস্থ অঞ্চললৈ লোকৰ অবাধ আগমন চলি থাকিল৷ সময়ত কৰা নহ'ল কভিড টেষ্টিং আৰু নিলগীকৰণ৷

চৰকাৰে সতৰ্কতাৰ বিধিসমূহৰ সঠিক প্ৰচাৰ কৰি জনসজাগতাৰ সৃষ্টি কৰাত ব্যৰ্থ হ'ল৷ সময় থাকোতেই চিকিৎসালয়সমূহৰ অন্তৰ্গাথনিৰ উন্নয়ন,অক্সিজেন বেংকৰ স্থাপনা, দৰবৰ ক'লাবজাৰ নিয়ন্ত্ৰণ আদিত মুঠেই মনোযোগ নিদিলে৷ যাৰ পৰিণতিত আজি এই দেশজুৰি হাহাকাৰ অৱস্থা৷

(?-৪) কোভিড-২ ৰোগৰ লক্ষণসমূহ কি কি ?
কোভিড-২ৰ ৰোগৰ লক্ষণসমূহ আগৰ কোভিড-১ৰ সৈতে প্ৰায় একে৷ পাৰ্থক্য মাথো সেইসমূহৰ তীব্ৰতা ইয়াত কিছু বেছি৷

জ্বৰ,মূৰৰ বিষ,গাৰ বিষ,কাহ,পানীলগা-চৰ্দি, শাৰীৰিক আৰু মানসিকঅৱসাদ, স্বাদ আৰু ঘ্ৰাণ শক্তি লোপ পোৱা আদিয়েই হ'ল প্ৰমুখ৷ কোভিড-২ত দেখা যোৱা নতুন লক্ষণ কিছমান হ'ল- কাণেৰে কম শুনা, পেটৰবিষ-বমি-ডায়েৰীয়া হোৱা, অত্যধিক দূৰ্বলতা হোৱা,ছালত ৰঙা চকলা বন্ধা, কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ বিজুতি আদি৷

কোভিড-১ত আক্ৰান্ত হৈছিল বেছি সংখ্যক ৪৫ৰ উৰ্ধৰ ব্যক্তি৷ ইয়াৰ বিপৰীতে কোভিড-২ত আক্ৰান্ত হৈছে অধিকাংশ কম বয়সীয়া লোক৷
এইখিনিতে এটা কথা পৰিষ্কাৰ হোৱা ভাল৷ কভিড হোৱা শতকৰা ৮০ জনৰ অসুখ সাধাৰণ পৰ্যায়তে থাকে৷ ১৫ শতাংশৰ অসুখ মজলীয়া আৰু ৫ শতাংশৰ অসুখ গুৰুতৰ পৰ্যায়ৰ হয়৷

অৰ্থাৎ ২০ শতাংশ ৰোগীৰহে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয়৷ চিৰিয়াচ ৫ শতাংশক আই চি ইউ, ভেন্টিলেটৰ আৰু বিশেষ জীৱন ৰক্ষাকাৰী দৰবৰ প্ৰয়োজন হয়

(? -৫) কোভিড-২ ৰোগৰ চিনাক্ত কেনেকৈ কৰা হয় ?
প্ৰতিজন কভিড আক্ৰান্ত লোকৰ শৰীৰত উল্লেখিত লক্ষণসমূহৰ কেইটামান লক্ষণহে হয়তো দেখা দিব পাৰে৷ সন্দেহজন প্ৰতি ব্যক্তিয়েই কভিডৰ নিৰ্ণায়ক পৰীক্ষা আৰ টি পি চি আৰ নাইবা ৰেপিড এন্টিজেন টেষ্ট পৰীক্ষা কৰোৱা উচিত৷

কেতিয়াবা কাৰীকৰি বিজুটিৰ বাবে ৰিপৰ্ট 'ফলচ নিগেটিভ' আহিব পাৰে৷ আনহাতে কভিডৰ নতুন মিউটেন্ট ভাইৰাছত আক্ৰান্ত লোকৰো ফলাফল নিগেটিভ আহিব পাৰে৷ কাৰণ লেবৰেটৰীৰ কিট আগৰ ভাইৰাছৰৰ ওপৰত ভিত্তি কৰি সাজু কৰা হৈছিল৷

সেয়ে সন্দেহজনক ৰোগাক্ৰান্ত লোকে নিগেটিভ ফলাফল দেখিয়েই আনৰ লগত মিলামিছা কৰা অনুচিত৷ HRCT Scan আৰু তেজৰ CRP, D dimer পৰীক্ষাৰ সহায়ত এনে ৰোগীৰ ৰোগ চিনাক্ত কৰা হয়৷ বক্ষৰ চিটি স্কেনত পানী জমা হোৱা, অস্বাভাৱিক নিউমোনিয়া আদি হোৱা দেখা যায়৷

(?-৬) কোভিড-২ ৰোগীৰ চিকিৎসা কেনেকৈ কৰা হয় ?
পোনতেই ৰোগীক এটা নিজাববীয়া পাল্চ অক্সিমিটাৰৰ প্ৰয়োজন৷ যিসকল ৰোগীৰ অক্সিজেনৰ পৰিমাণ ৯৫বা তাৰ ওপৰত থাকে তেনে ৰোগীয়ে স্বগৃহতে পৃথকে থাকি টেলিমেডিচিনৰ সহায়ত চিকিৎসা লব পাৰে৷

আনহাতে অক্সিজেন ৯৪ বা তাৰ তললৈ আহিলে চিকিৎসালয়লৈ যোৱা ভাল৷
চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীক অৱস্থা চাই খোৱা (এজিথ্ৰাইচিন, ডক্সিচাইক্লিন আদি) বা বেজীৰ ৰূপত এন্টিবায়টিক (চেফট্ৰিয়াকচন+চালবেক্টাম, পিপাৰ'চিলিন+টেজ:বেক্টাম আদি) দিয়া হয়৷

জীৱন ৰক্ষাকাৰী ষ্টেৰইড (ডেক্সামিথাচন, হাইড্ৰকৰ্টিচন),ব্ৰংক'ডাইলেটৰ (ডেৰিফাইলিন), এন্টিএলাৰ্জীক (মন্ত'লুকাচ+ লিভচেট্ৰিজিন)আৰু ভিটামিন-চি,ডি+জিংক আদি দি চিকিৎসা কৰা হয়৷ ৰোগীৰ প্ৰয়োজন অনুসৰি চেলাইন,এন্টাচিড,এন্টিডায়েৰিয়েল ঔষধ দিয়া হয়৷ প্ৰয়োজন হোৱা ৰোগীক অক্সিজেন দিয়া হয়৷

কোনো কোনোজন ৰোগীক প্লাজমা থিৰাপী দিও আৰোগ্য কৰাৰ চেষ্টা কৰা হয় ৷
অক্সিজেনৰ পৰিমাণ ৬০ৰ তললৈ আহিব ধৰা ৰোগীক ৬ দিনলৈ এন্টিভাইৰেল ৰেমডিচিভিৰ নিৰ্বাচিত ৰোগীক দিয়ে৷ ইবলা ভাইৰাছৰ চিকিৎসাত প্ৰয়োগ কৰা এই ঔষধৰ কভিডত প্ৰয়োগৰ সম্বন্ধে চিকিৎসকৰ দ্বিমত আছে৷ ৰেমডিচিভিৰ কিডনীৰ অসুখ থকা লোকক দিব নোৱাৰি ৷

(?-৭) কোভিড-২ ৰোগীৰ চিকিৎসাৰ বাবে ভাৰতত কি দৰব নতুনকৈ সংযোজন হৈছে ?
ভাৰতৰ অগ্ৰণী ঔষধ নিৰ্মাতা কোম্পানী জাইডাছ-কেডিলাই 'ভিৰাফিন' নামৰ এবিধ এন্টিভাইৰেল দৰব প্ৰস্তুত কৰে যাক হেপাটাইটিচ-বি আৰু হেপাটাইটিচ-চি ৰোগত ব্যৱহাৰ কৰা হয়৷

২৫টা চেন্টাৰত ২৫০জন কভিডৰ ৰোগীক ইয়াৰ একোটাকৈ ডজ বেজী হিচাবে দি দেখা গ'ল যে সাদিনত তেওঁলোকৰ আৰ টি পি চিৰ নিগেটিভ হ'ল৷ অলপতে ভাৰত চৰকাৰে 'ভিৰাফিন' মজলীয়া ধৰণে আক্ৰান্ত কোভিড ৰোগীক চিকিৎসাৰ বাবে মঞ্জুৰী দিছে৷ সময়ত ইয়াৰ ফলপ্ৰসূতা গম পোৱা যাব৷

(?-৮) কোভিডৰ পৰা সুৰক্ষা দিবলৈ আমাৰ দেশত প্ৰদান কৰি থকা ভেকছিন কিমান ফলপ্ৰসু ?
ভাৰতত বৰ্তমান প্ৰচলিত হৈ থকা 'কভিশ্বিল্ড' আৰু 'ক'ভেক্সিন' দুয়োটা ভেকছিনেই সমানে কাৰ্যকাৰী হব বুলি বিজ্ঞানীসকলে মত পোষন কৰিছে৷

'কভিশ্বিল্ড'ৰ নেপথ্যত অক্সফৰ্ড থকাৰ বাবে ইয়াৰ বিদেশটো স্বীকৃতি আছে৷ অৰ্থাৎ ইয়াৰ দুটা ড'জ লোৱাৰ প্ৰমাণ পত্ৰ থাকিলে বিদেশত ক'তো কোৱাৰেনটাইন থাকিব নালাগিব৷ আনহাতে 'ক'ভেক্সিন'ৰ নিৰ্মাতাই দাবী কৰিছে এই ভেকছিন মিউটেচন হোৱা ভাইৰাছৰ বিৰুদ্ধেও ফলপ্ৰসু হব৷

এই দুবিধ ভেকছিনৰ বিপৰীতে ভাৰতে অধিক মূল্য দি ৰাচিয়াৰ পৰা ক্ৰয় কৰা 'স্পুটনিক-৫' ভেকছিনৰ গুণগত মান সম্পৰ্কে সন্দেহৰ অৱকাশ আছে৷ কিয়নো এইবিধ ভেকছিনে তৃতীয় পৰ্যায়ৰ পৰীক্ষণ তেনেই কম দিনহে কৰিলে ৷

ভেকছিন গ্ৰহণ কৰাৰ নিয়মটো হ'ল একেটা ব্ৰেণ্ডৰ দুটাকৈ ড'জ ইন্ট্ৰামাচকুলাৰ বেজীৰ ৰূপত দেড়-দুমাহৰ ব্যৱধানত ল'লে বেজী লোৱাৰ দুমাহৰ পিছত শৰীৰত উৎপন্ন হোৱা এন্টিবডিয়ে ৬৷৮ মাহ বা ততোধিক কাললৈ শৰীৰক কোভিডৰ বিৰুদ্ধে সুৰক্ষা দিব৷

কেনেবাকৈ ভেকছিন লোৱা লোক কভিডত আক্ৰান্ত হলেও ৰোগৰ লক্ষণসমূহ গুৰুতৰ নহয় আৰু লোকজন মৃত্যুৰ কবলত নপৰে৷ এই কথাৰ সত্যতা নিৰূপন কৰিছে কেইবাজনো ভেকছিন লোৱাৰ পিছতো কভিড পজিটিভ হোৱা চিকিৎসকৰ প্ৰত্যক্ষ অভিজ্ঞতাই৷

আনহাতে ফাইজাৰ কোম্পানীৰ ভেকছিনলৈ গুৰুতৰ পাৰ্শ্বক্ৰিয়া (Intravascular blood clotting ) হোৱাৰ ফলত ডেনমাৰ্ক,নৰৱে, নেডাৰলেণ্ড আদিকেইবাখনো ইউৰোপৰ দেশত কেইবাজনো লোকৰ প্ৰাণহানি ঘটাত কেইবাখনো দেশে সেই ভেকছিনক নিষিদ্ধ ঘোষণা কৰিছিল৷

সৌভাগ্যক্ৰমে ভাৰতৰ এই দুবিধ ভেকছিনৰ সাধাৰণ পাৰ্শ্বক্ৰিয়াহে (জ্বৰ,গা-মূৰৰ বিষ,দূৰ্বলতাৰ অনুভৱ) হোৱা দেখা গৈছে ৷ অৱশ্যে আমাৰ সহপাঠী ডাক্তৰ বন্ধু এজনৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে তেজৰ প্লেটলেটৰ পৰিমাণ কমি গৈছিল ৷

(?-৯) কোনে কোনে এই ভেকছিন লব পাৰে আৰু কোনে এই ভেকছিন লব নোৱাৰে?
গৰ্ভৱতী মহিলা আৰু শিশুসকলে ভেকছিন লব নোৱাৰে৷ কিয়নো ভেকছিনৰ প্ৰয়োগ তেওঁলোকৰ ওপৰত কৰা হোৱা নাই৷ ডায়েলাইছিছত থকা ৰোগী আৰু গুৰুতৰ হৃদৰোগ থকা লোকসকলে নিজৰ বিভাগৰ চিকিৎসকৰ পৰামৰ্শমতে আগবাঢ়িব৷

এন্টিক'এগুলেন্ট দৰব এচপ্ৰিন, ডিচপ্ৰিন,ক্লপিডগ্ৰিল আদিয়ে কৰিবপাৰে বাবে ভেকছিন লোৱা সময়ত বন্ধ ৰখা উচিত৷ বাকী কেঞ্চাৰ, ডায়েবেটিজ, থাইৰয়েড, ইউৰিক এচিড, উচচ ৰক্তচাপ,এচিডিটি,ফেটী লিভাৰৰ অসুখত ভোগা লোকসকলে বিনা দ্বিধাই ভেকছিন লব পাৰে৷ আগতে কিবা ভেকছিনৰ এলাৰ্জী হোৱা লোকসকলে নিজৰ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি লব৷

(?-১০) এই মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ কি কি সতৰ্কতা আমি অৱলম্বন কৰা উচিত?
যেহেতু কভিডৰ নিৰ্দিষ্ট কোনো চিকিৎসা নাই ৷ সেয়ে নিজকে সুৰক্ষিত ৰখাৰ সকলো বিধি অৱলম্বন কৰা উচিত৷ অতি প্ৰয়োজন হলেহে ঘৰৰ পৰা বাহিৰলৈ ওলাব৷

মাস্ক,চেনিটাইজাৰ,গ্ল'ভছৰ সংগ নেৰিব ৷ আপুনি নাজানে আপোনাৰ আশে-পাশে থকা কোনজন এই ভয়াবহ ভাইৰাছৰ বাহক৷ আনকি বায়ুমণ্ডলতো ভাইৰাছ সিঁচৰিত হৈ থাকে ৷

বিজ্ঞানীসকলে আগজাননী দিয়া মতে আৰু এটা মাহলৈ এই ৰোগৰ প্ৰাদূৰ্ভাৱ নকমে৷ তথাপিও আতকিংত নহব৷ মনত নিৰাশাক ঠাই নিদিব ৷ নিয়মিত ব্যায়াম কৰক আৰু শৰীৰৰ ইমিউনিট বঢ়োৱা খাদ্য গ্ৰহণ কৰক৷

সকলো কুশলে থাকে যেন এই কামনাৰে মোখনি মাৰিলোঁ৷

ডা: ভূপেন শইকীয়া
২৯ এপ্ৰিল ২০২১, গুৱাহাটীৰ পৰা
ইমেইল – drbksaikia@gmail.com

বৰ্তমান ক’ভিড-১৯ ৰ বাবে বহুত ৰোগীয়ে চিকিৎসালয়লৈ আহি চিকিৎসা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হৈছে, তেনে ৰোগীয়ে আমাৰ পৰা পৰা...
01/05/2021

বৰ্তমান ক’ভিড-১৯ ৰ বাবে বহুত ৰোগীয়ে চিকিৎসালয়লৈ আহি চিকিৎসা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হৈছে, তেনে ৰোগীয়ে আমাৰ পৰা পৰামৰ্শ আৰু ঔষধ অনলাইন আৰু অফলাইন হোম ডেলিভাৰী ল’ব পাৰিব ৷ যোগাযোগ কৰক - মঙলদৈ আৰু শিৱসাগৰৰ বকতা নেমুগুৰিত -8638196682. whatsapp No
(চৰ্তাৱলী প্ৰযোজ্য)

ক'ভিড-১৯ ৰ আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ে আগবঢ়োৱা কিছু সাধাৰণ নিৰ্দেশনা
01/05/2021

ক'ভিড-১৯ ৰ আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ে আগবঢ়োৱা কিছু সাধাৰণ নিৰ্দেশনা

31/12/2020

স্বাগতম-২০২১ ৷
নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা সকলোলৈকে জনালোঁ ৷ ২০২১ বৰ্ষই সকলোলৈকে কঢ়িয়াই আনক কেৱল সুখ ৷

?
25/09/2020

?

Address

Darrang

Telephone

9508838822

Alerts

Be the first to know and let us send you an email when DPHRC-Dr. Pinkunath Herbal Research Centre. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to DPHRC-Dr. Pinkunath Herbal Research Centre.:

Share

Category