Health tips by Dr JB

Health tips by Dr JB তোৰে মোৰে আলোকৰে যাত্ৰা ***

Unofficially official, In my personal interest  I planned one CME & accordingly I performed it on 15/05/26 (as a  ) :: N...
16/05/2026

Unofficially official, In my personal interest I planned one CME & accordingly I performed it on 15/05/26 (as a )
:: Nutritional care in Newborn in SNCU.
-----
1. Preterm milk composition & term milk composition
2. Foremilk & hind milk composition & function- protein & lipid n daily requirement.
3. Important Reflexes used in Feeding like Rooting, sucking & swallowing reflex
4. What are the Help reflexes & Hinder reflexes -- how does it help for enough milk for baby
5. What are the functions of oxytocin reflex & prolactin reflex
6. What is the importance of Night feeding.
7.Cause analysis of NOT ENOUGH MILK
8. What is NNS,
What is MEN ,
What is TOP feed, gavage feed/orogastric feed/nasogastric feed,
Daily volume needed, check tolerance etc.
9. Donor human milk. bank facility.
10. Composition of Human milk -- macronutrients, micronutrients & minerals.
11. Major functions of HMO's, Luteins, DHA, Vitamin E, IgA, Nucleotides.
12. What is Lactose intolerance & management.
13. Human milk fortification-- use of HMA sachet, MCT oil n sugar cube , details in Calorie value.
14. Major macro n micro nutrients daily requirement /kg b.w
15. IgA , vita k deficiency & Anaphylaxis management as a whole ( during blood transfusion)
16. Importance of early initiation feeding in haemodynamically stable baby (but resp difficulty present) -- gut bacteria, GI hormones, NEC, wt gain etc.
17. Wt loss & wt gain of newborn, follow up of proper nutrition-- criteria etc.
゚viralfollowersシ゚ 😍😊

*সকলো ধাত্ৰীকে ধাত্ৰী দিৱসৰ সাদৰ সম্ভাষণ জনালো🙏*  ✍️ডাঃ যুতিকা বৈদ্য--- অনুভৱৰ একলম---   আজি ১২ মে’, আন্তৰ্জাতিক নাৰ্চ দ...
12/05/2026

*সকলো ধাত্ৰীকে ধাত্ৰী দিৱসৰ সাদৰ সম্ভাষণ জনালো🙏*
✍️ডাঃ যুতিকা বৈদ্য--- অনুভৱৰ একলম---
আজি ১২ মে’, আন্তৰ্জাতিক নাৰ্চ দিৱস। এই দিনটো আধুনিক নাৰ্চিঙৰ প্ৰতিষ্ঠাতা ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মদিন। তেওঁক _“লেডী উইথ ডি লেম্প" বুলি কোৱা হৈছিল, কাৰণ তেওঁ ৰাতি লেম্প লৈ যুদ্ধত আহত সৈনিকসকলৰ শুশ্ৰূষা কৰিছিল।
নাৰ্চ হ’ল স্বাস্থ্যসেৱাৰ হৃদয় বা ৰাজহাড়। ডাক্তৰে ৰোগ নিৰ্ণয় কৰে, কিন্তু নাৰ্চে ৰোগীক সুস্থ কৰি তোলে। ৰোগী এজনে ভয়ত যিখন মুখ প্ৰথমে দেখে আৰু সুস্থ হৈ যিখন মুখ শেষত দেখে সেইয়া নাৰ্চৰেই। তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা কাম কৰে, উৎসৱৰ দিনত পৰিয়াল এৰি ৰোগীৰ কাষত থাকে, ঘৰত বুকুৰ কেঁচুৱা, ৰোগীয়া সন্তান আনৰ হাতত থৈ তেওঁলোক কৰ্তব্য পালন কৰিবলৈ ডিউটিলৈ আহে। তথাপিও মুখত এটা আশ্বাস ভৰা সাহস ৰাখে।
ক’ভিড হওক, বানপানী হওক বা যুদ্ধ হওক, নাৰ্চ কেতিয়াও পিছুৱাই নাযায়। নাৰ্চৰ কাম মাথোঁ বেজী দিয়া বা ঔষধ খুওৱা নহয়। ৰোগীয়ে ভয় খালে হাতখন ধৰি সাহস দিয়া, একেটা কথাকে দহবাৰ বুজাই দিয়া, আৰু ৰোগীৰ সৰু পৰিৱৰ্তন এটা দেখিয়েই জীৱন বচোৱা, এই সকলোবোৰ নাৰ্চে কৰে।
নাৰ্চিং কোনো সাধাৰণ শিক্ষা নহয়। তেওলোকে বহুত কিতাপ পঢ়ি প্ৰেকটিকেল কৰিহে এই ডিগ্ৰীটো পায়। তেওঁলোকে এনাটমি পঢ়ে, ফিজিওলজি, বায়'কেমেষ্ট্ৰি পঢ়ে--- মানুহৰ জকাটো (skeleton) পঢ়ে, ব্ৰেইন হাৰ্ট লিভাৰ কিডনি লাঙ পঢ়ে। গতিকে সাধাৰণভাৱে যে কৈ দিয়ে--- তাই নাৰ্চহে কৰে, নাৰ্চ এজনী চাবিচোন মোৰ ল'ৰাটোলৈ--- নাৰ্চিং ইমান সহজনে---- শান্ত, ধৈৰ্য্য, জ্ঞান, কষ্ট, সাহসৰ প্ৰতীক নাৰ্চিং- নাৰ্চ।
গতিকে আজিৰ দিনটোত সকলো নাৰ্চলৈ মোৰ প্ৰণাম। আপোনালোকৰ সেৱাৰ বাবেই পৃথিৱীখন সুস্থ হৈ আছে। আপোনালোকৰ হাতৰ পৰশতে আৰোগ্য আছে। প্ৰতিজন ৰোগীৰ আৰোগ্যৰ আঁৰত এজন নাৰ্চ থাকে যি কেতিয়াও হাৰ নামানে।
তেওঁলোকে কেৱল এযোৰ বগা সাজ আৰু এপ্ৰ’ন নিপিন্ধে, তেওঁলোকে দায়িত্ব পিন্ধে -- জীৱন পুণৰোদ্ধাৰৰ!!! তেওঁলোকে মাথোঁ আদেশ নামানে, নিজৰ বিবেক মানে। আমি যেতিয়া শুই থাকোঁ, তেওঁলোক সাৰে থাকে। আমি যেতিয়া আতংকিত হওঁ, তেওঁলোক শান্ত হৈ থাকে।
গতিকে আজি নাৰ্চ দিৱসত তেওঁলোকক সন্মান কৰক, সুৰক্ষা দিয়ক। কাৰণ নাৰ্চ নহ’লে চিকিৎসালয় মাথোঁ এটা অট্টালিকাহে। এওঁলোকেই প্ৰকৃত নায়ক নায়িকা। আশা কৰিম গাত মেৰিয়াই থকা বগা সাজযোৰৰ প্ৰকৃত মূল্য , প্ৰকৃত মৰ্য্যদা আৰু সন্মান অটুট ৰাখি , অক্ষুণ্ণ ৰাখি যেন কৰ্মক্ষেত্ৰত আগবাঢ়ি যায় আপোনালোক সাহসৰ, ত্যাগৰ প্ৰতীক হৈ!!
শেষত সকলো ধাত্ৰীলৈ প্ৰণাম যাচিছো।
*Our Nurses. Our Future. Empowered Nurses Save Live*
ধন্যবাদেৰে
ডাঃ যুতিকা বৈদ্য।
゚viralfollowersシ゚ 😊

"মা"   --  জানো মাৰ পৰা কাহানিও ফোন কল নাহে, তথাপিও মাৰ নম্বৰটো আজিও কনটেক্ত  লিষ্টৰ এক নম্বৰত ৰাখি থৈছো।       দিনটো ভা...
10/05/2026

"মা" -- জানো মাৰ পৰা কাহানিও ফোন কল নাহে, তথাপিও মাৰ নম্বৰটো আজিও কনটেক্ত লিষ্টৰ এক নম্বৰত ৰাখি থৈছো।
দিনটো ভাগৰৰ অন্তত সন্ধিয়া পৰত 'মা'লৈ মনত পৰে বৰকৈ মনৰ কথাবোৰ কবলৈ পাতিবলৈ --- এটা বুকু ভেদি যোৱা হুমুনিয়াহ পাৰ হৈ যায় নিঃশব্দে, নীৰৱে!!
মন যায় মাৰ হাতৰ সোৱাদ লগা হেঁপাহেৰে মুখৰ আগত সঁজাই দিয়া ভাত সাজ খাবলৈ। কোমোৰা মাছৰ খাৰদিয়া জোলখন, আদাপাতৰ জোল সৰুমাছৰ সৈতে, কচু মচন্দুৰী পিতিকা, ৰাতিৰে খাহী মাংসৰ জোল আৰু পূৱাৰ মাৰভাতৰ লগত নেমু আৰু কলা তুলসী জলকীয়া মলমলীয়া গোন্ধৰ ভাতসাজ, থাওকতে কেঁচা জলকীয়া নেমুচেপা আচাৰখন, মোৰ পচন্দৰ গাখীৰ দিয়া চাহকাপ, বিলাহী চাটনিখন , জলপাই আচাৰখন আৰু যে ক'ত কি ---
লিপষ্টিক কম হ'ল নেকি, কাপোৰজোৰৰ ৰঙটো পাতল হৈছে-- এতিয়াই এইবোৰ ৰঙ পিন্ধিব হোৱা নাই, ঘৰত থাকিলেও মানুহে নিজকে ধুনীয়াকৈ সঁজাই ৰাখিব লাগে তেহে মনবোৰ ভালে থাকে--- এয়া আছিল মাৰ কথা। ঘৰত থাকিলেও সদায় নিজকে ফুৰিবলৈ যোৱাৰ দৰে সজাই ৰাখিছিল--- সকলো সময়তে মুখৰ হাঁহিটো আৰু কপালৰ বেলিটো--- আশাত বন্দী মানুহজনী!!
জোঁৱাইৰ বদনাম শুনিবলৈ টান পোৱা, নাৰীগৰাকী ধৈৰ্য্যশীল হৈ ঘৰখন ধৰি ৰখাৰ বুদ্ধি দিয়া, কাহানিও ঘৰখন এৰি থৈ ওলাই নাহি সেই ঘৰখনক ঘৰ কৰি ৰখাৰ, কামবোৰ কষ্ট কৰি হ'লেও মুৰ পাতি লোৱাৰ বুদ্ধি দিয়া মানুহজনীক সকলো সময়তে মনতে লৈ ফুৰো।
কুমলীয়া বয়সতে যৌথ পৰিয়ালৰ দায়িত্বভাৰ লৈ ---- এপাল মানুহৰ ভাত কাপোৰ যোগাৰ চাফাইতে জীৱনে পাৰ কৰিলে যৌৱনৰ দেওনা। ল'ৰা ছোৱালী সমানে শিক্ষিত কৰি সকলো কামতে পাকৈত কৰি তুলিলে।
সুখ আহিছিল মাত্ৰ !! সুখ বুটলি নাতি নাতিনীৰ লগত খেলা ধুলা কৰি হাত ধূই ভাত খোৱা বয়সতে হঠাতে গুছি গ'ল--- হেঁপাহবোৰ মৰহি পৰিল!!
Miss you Maa-- Happy mothers day--- জনমে জনমে যেন তোৰেই হৈ ৰওঁ!!

09/05/2026

HEIMLICH MANEUVER
খাদ্যবস্তু ডিঙিত লাগি ধৰি (Choking) উশাহৰ কষ্ট হৈ হঠাতে মৃত্যুমূখত নপৰাকৈ বস্তুটো বাহিৰলৈ উলিওৱা তাৎক্ষণিক উপায়।

 #পৰম্পৰাৰ_চলেৰে_আত্মৰক্ষা --- ১০১ বিধ শাক খোৱাৰ প্ৰথাৰে বিভিন্ন ভিটামিন সেৱন, তিলত হাড় মজবুত কৰাৰ আৰু গুৰত তেজৰ হিম'গ্ল...
16/04/2026

#পৰম্পৰাৰ_চলেৰে_আত্মৰক্ষা --- ১০১ বিধ শাক খোৱাৰ প্ৰথাৰে বিভিন্ন ভিটামিন সেৱন, তিলত হাড় মজবুত কৰাৰ আৰু গুৰত তেজৰ হিম'গ্লবিণ বৃদ্ধি কৰাৰ উপাদান আৰু মাহ হালধী মহানিম জেতুকা তুলসীৰ মিশ্ৰণ গাত লগোৱা---সকলোৰে বৈজ্ঞানিক ভিত্তি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। চ'ত বহাগ ,ৰ'দ বতাহ বৰষুণ। জলবায়ু ,আৰ্দ্ৰতাৰ তাৰতম্য। বতাহজনিত বেমাৰ--ছালৰ ৰোগ, বসন্ত, উশাহত নিউম'নিয়া হাফানি, চকুৰ ৰঙাপৰা ৰোগ ইত্যাদিক দূৰ কৰাৰ--- ভালপাওঁ এনেদৰে নিজৰ কৃষ্টিক উদযাপন কৰি। 😍😍
゚viralfollowersシ゚

অনুভৱৰ একলম--✍️ ডাঃ যুতিকা বৈদ্য।        সকলো নাৰী ভাগ্যশালী নহয়। এজন পুৰুষৰ ওচৰত পত্নীৰ ফালে থকা তুলাচনীখনৰ ওজন প্ৰথমতে...
12/04/2026

অনুভৱৰ একলম--✍️ ডাঃ যুতিকা বৈদ্য।
সকলো নাৰী ভাগ্যশালী নহয়। এজন পুৰুষৰ ওচৰত পত্নীৰ ফালে থকা তুলাচনীখনৰ ওজন প্ৰথমতে কম থাকে আৰু ঘৰৰ মানুহখিনিৰ ফালে থকা তুলাচনীখনৰ ওজন বেছি থাকে। পত্নীৰ ধৈৰ্য্য, কষ্ট ,ত্যাগ আৰু সন্তানক আগত ৰাখি পাৰ কৰা সময়ে পুৰুষজনৰ চকুত দুয়োফালৰ তুলাচনীখনৰ ওজন সমান কৰি তোলে। লাহে লাহে সময় পাৰ হয়। পুৰুষজনৰ কাষৰ পৰা সকলো আঁতৰি যায়। মা দেউতা নোহোৱা সময়ত তেওঁ বুজি উঠে যে গাভৰু বয়সতেই তেওঁৰ পত্নীয়ে কি এৰি আহিছিল। এটা সময় আহে - ভনীজনীৰ চকুপানী, জীয়ৰীৰ শহুৰৰ ঘৰৰ অভিযোগবোৰ পুৰুষজনে মানি ল'ব নোৱাৰে , অথচ তেওঁ তেওঁৰ পত্নীজনীৰ লগত সেই একেবোৰেই কৰি থৈছিল। লাহে লাহে তেওঁ বাৰুকৈয়ে বুজি পায় তেওঁৰ কাষত পত্নীজনীৰ বাহিৰে কোনোৱে নাথাকে গৈ। তেওঁ পত্নীজনীক আগতকৈ বেছি আদৰ কৰিবলৈ ধৰে কিন্তু সংগোপনে শুই থকা পত্নীৰ জখমখিনি কেতিয়াও নভৰে। জীৱনত বহুত মানুহ আহিব গুছি যাব। পুত্ৰজন এদিন বাপেক হ'ব ককাক হ'ব কিন্তু সৃষ্টিৰ এই বন্ধন চিঙিলেও চিঙি নাযায়, লাগিলে তেওঁ বিবাহ বিচ্ছেদ কৰি দূৰে দূৰে নাথাকক কিয়। আৰু যদি পত্নীজনীয়ে ঘৃনাৰ আশ্ৰয় লয় সেই শক্তিক ৰোধ কৰাৰ ক্ষমতা কাৰ আছে। ইচ্ছা কৰিলে নাৰীয়ে তৰিবও পাৰে ভাঙিবও পাৰে কাৰণ মানসিক ভাৱে নাৰীজনী সদায় পুৰুষতকৈ শক্তিশালী।😍
゚viralfollowersシ゚

        ゚viralfollowersシ゚ 🙄😲
29/03/2026


゚viralfollowersシ゚ 🙄😲

29/03/2026

are organized into core domains:
(large muscles- sitting with support, crawling, sitting without support, standing with support, standing without support, walking etc বহা, চুচৰা, থিয় হোৱা, খোজকাঢ়া),
(small muscles- pincer grapes, grapes with both hand, grapes with single hand খামুচি ধৰা),
(communication -- babbling, uttering, Maa, baba, Papa, monosyllable, bisyllable, sentence making, storry telling কলকলোৱা, কথাকোৱা),
(thinking চিন্তাকৰা), and -emotional/behavioral (interacting/feeling-- smile, enger etc হাঁহা, খং কৰা).
゚viralfollowersシ゚ 😍😊

29/03/2026

are organized into core domains:
(large muscles- sitting, crawling, standing etc বহা, চুচৰা),
(small muscles- grapes objects খামুচি ধৰা),
(communication -- babbling, uttering, Maa, baba, Papa কলকলোৱা),
(thinking চিন্তাকৰা), and -emotional/behavioral (interacting/feeling-- smile, enger etc হাঁহা, খং কৰা).
😍😍
゚viralfollowersシ゚

Address

Jagiroad
Morigaon

Website

Alerts

Be the first to know and let us send you an email when Health tips by Dr JB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category