07/05/2022
মূত্ৰাশয়ৰ কৰ্কট ৰোগ
মূত্ৰাশয় তল পেটত (নাভিৰ তলত) অৱস্থিত। বৃক্কত উৎপন্ন হোৱা মূত্ৰ দুডাল নলী (Ureter)-ৰে নামি আহি ইয়াত জমা হয় আৰু প্ৰয়োজন সাপেক্ষে মূত্ৰ পথেৰে ওলাই যায়। এই ৰোগৰ প্ৰাদুৰ্ভাৱ ভাৰতত বেছি। প্ৰতি এক লাখ মানুহৰ ভিতৰত ৫.৮ জনে এই ৰোগত ভোগে।
বিপদজনক কাৰকসমূহ— এই ৰোগ ৬০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিৰ মাজত বেছি। পুৰুষসকল মহিলাতকৈ বেছি আক্ৰান্ত হয়। ধূম্ৰপানে এই ৰোগৰ সৃষ্টি কৰাটো ইতিমধ্যে প্ৰমাণিত হৈছে। দেখা গৈছে যে ৫০-৬০ শতাংশ পুৰুষ আৰু ৩৫ শতাংশ মহিলাৰ ক্ষেত্ৰত ধূম্ৰপানেই প্ৰধান কাৰণ। কিছুমান বৃত্তিগত কৰ্মচাৰীসকলৰ মাজতো এই ৰোগৰ প্ৰাধান্য সৰহ, কাৰণ তেওঁলোকে কৰ্মক্ষেত্ৰত কিছুমান কৰ্কট ৰোগৰ কাৰকৰ সংস্পৰ্শলৈ আহে। তেনে বৃত্তিবোৰৰ ভিতৰত ৰবৰ, চামৰা, ধাতু, বস্ত্ৰ (Textile), ছপাশাল আৰু ৰং উৎপাদন উদ্যোগ প্ৰধান। ইয়াৰ উপৰি নাপিত আৰু ট্ৰাকচালকৰ মাজতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। কিছুমান ঔষধ যেনে চাইক্ল’ ফছফ’মাইড (Cyclo-Phosphomide) বেছি দিন ব্যৱহাৰ কৰিলে এই ৰোগ হ’ব পাৰে। কিছুমান পৰজীৱীৰ দ্বাৰা উদ্ভৱ হোৱা ৰোগ (যেনে- Bilharziasis)-ৰ দ্বাৰাও এই ৰোগৰ সৃষ্টি হ’ব পাৰে। এই ৰোগ বংশানুক্ৰমেও হ’ব পাৰে। মূত্ৰাশয়ত বহুত দিন ৰৈ থকা পাথৰৰ ঘঁহনিত এই ৰোগ হোৱা সম্ভাৱনা থাকে।
লক্ষণসমূহ— * প্ৰস্ৰাৱৰ লগত তেজ যোৱা। * বাৰে বাৰে প্ৰস্ৰাৱৰ ভাৱ জগা। *প্ৰস্ৰাৱ কৰোতে বিষ অনুভৱ হোৱা। * তলপেটত বিষ হোৱা।
ৰোগ নিৰ্ণয়— প্ৰস্ৰাৱ পৰীক্ষা, অতিশব্দ, চিছট’স্কপী, প্ৰস্ৰাৱত কৰ্কট কোষৰ উপস্থিতিৰ পৰীক্ষা (Cytology), চি.টি. স্কেন, এম.আৰ.আই. আদিৰ দ্বাৰা ৰোগ নিৰ্ণয় নিশ্চিত কৰাৰ উপৰি ইয়াৰ স্থানান্তৰৰ আভাস পাব পাৰি।
চিকিৎসা— শল্য চিকিৎসা- যদি কৰ্কট ৰোগৰ টেমুনা মূত্ৰাশয়ৰ ভিতৰৰ অকল আৱৰণ (Mucous Membrane)-তে সীমাবদ্ধ থাকে তেনেহ’লে টি.ইউ.আৰ. (TUR- Trans Urethral Resection) অস্ত্ৰোপচাৰ কৰা হয়। গুচাই দিয়া কলা অণুবীক্ষণ যন্ত্ৰত পৰীক্ষা (Biopsy) কৰি ৰোগ নিশ্চিত কৰা হয়। তাৰ পিছত বি.চি.জি. (BCG) ছিটা মূত্ৰাশয়ৰ ভিতৰত প্ৰয়োগ কৰা হয় যাতে ই কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস কৰিব পাৰে।
যেতিয়া কৰ্কট ৰোগৰ কোষবোৰ পাৰ্শ্বৱতী অঞ্চললৈ প্ৰসাৰিত হয় তেতিয়া অস্ত্ৰোপচাৰৰ পৰিসৰ ডাঙৰ হয়। আক্ৰান্ত অংশৰ লগতে পাৰ্শ্বৱৰ্তী কলা তথা লসিকা গ্ৰন্থিবোৰো গুচাবলগীয়া হয়। প্ৰয়োজন সাপেক্ষে ঔষধ চিকিৎসা/বিকিৰণ চিকিৎসাৰো প্ৰয়োজন হ’ব পাৰে।
জনহিতাৰ্থে প্ৰচাৰিত
(বিঃ দ্ৰঃ – আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই নিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।)
Follow Us.