Advanced Ortho Care - Dr. Sourav Patowary

Advanced Ortho Care - Dr. Sourav Patowary Offers treatment for fracture, deformity, back pain, Neck pain, Spondylitis, Rheumatoid arthritis

06/07/2025

২৬ বছৰ বয়সৰ লৰা জনৰ ওপৰৰ পৰা পৰি ভৰিৰ খাৰগাঁঠিটো বেয়াকৈ ভাঙি ঘূৰি গৈছিল I তেখেতৰ জৰুৰীকালীন ভাবে অপাৰেচন কৰা হয় I এতিয়া ৫ মাহৰ পিছত তেওঁ খোজ কাঢ়িব পৰে I তেখেতৰ যথেষ্ট পৰিমাণৰ Physiotherapy প্ৰয়োজন হয় আৰু তাৰে পিছতো গাঁঠিটোত কিছু পৰিমাণৰ জঠৰতা আছে I এই জঠৰতা সময় আৰু Physiotherapy ৰ লগত ভাল হব I

অমাৰ ভৰিৰ খাৰগাঁঠিটো (ankle joint) টিবিয়া আৰু টেলাচ নামৰ দুটা  হাড়ৰে গঠিত I কেতিয়াবা এই গাঁঠিটো ভাঙিলে বিকৃতি (deformi...
28/05/2025

অমাৰ ভৰিৰ খাৰগাঁঠিটো (ankle joint) টিবিয়া আৰু টেলাচ নামৰ দুটা হাড়ৰে গঠিত I কেতিয়াবা এই গাঁঠিটো ভাঙিলে বিকৃতি (deformity) হব পাৰে I চাপ (pressure) আৰু ৰক্তহীনতাত উল্লেখ কৰা হাড় দুটা খহি পৰিবলৈ ধৰে (Avascular necrosis & collapse) I তেনে স্থলত গাঁঠিটোত দুয়োটা হাড় সংযোজন (Arthrodesis) কৰি দিব লগা হয় I ইয়াতে দেখুওৱা বয়সস্থ মানুহ গৰাকীৰ বহুখিনি গাঁঠিৰ বিকৃতি শুধৰণি কৰা হয় আৰু অপাৰেচনৰ চাৰি মাহৰ পিছত তেখেতে ৱাকাৰৰ সহায়ত খোজ কাঢ়িব পৰা হয় I

04/05/2025

অস্টিওপৰোচিছ (Osteoporosis) মানে "হাড় ক্ষয় যোৱা" বা "হাড়ৰ দুর্বলতা", হল এটা বয়সৰ লগত হোৱা অৱস্থা । ইয়াতে হাড়ৰ ঘনত্ব কমি যায়, যাৰ ফলত সহজে হাড় ভাঙি যোৱাৰ সম্ভাৱনা বাঢ়ে। অস্টিওপৰোচিছৰ প্ৰতিৰোধ কৰিবৰ বাবে, খাদ্যত ক্যালসিয়াম আৰু ভিটামিন ডি যথেষ্ট পৰিমাণত থাকিব লাগে, নিয়মীয়া ব্যায়াম কৰিব লাগে, ধূমপান আৰু মদ্যপানৰ পৰা বিৰত থাকিব লাগে।
অস্টিওপৰোচিছ'ত সঘনাই হাড় ভঙাৰ ঠাইবোৰ হল পিঠি, ককাল বা হাতৰ গাঁঠি (মণিবন্ধ) I হাড়ৰ দুৰ্বলতাৰ কাৰণে এই ফ্ৰেক্সাৰ বোৰ সাধাৰণতে অকমান আঘাত পালেই হয় I
ইয়াতে দেখুওৱা মানুহ কেইগৰাকীৰ সামান্য আঘাতৰ ফলত ককালৰ হাড় ভাঙি গৈছিল কাৰণ তেখেত সকলৰ বয়স হল ৭০ বছৰৰ পৰা ৯৯ বছৰ আৰু এই বয়সত সকলো অস্টিওপৰোচিছ'ত আক্ৰন্ত থাকে I
ককাল ভাঙিলে সাধাৰণতে অপাৰেচন কৰিব লগা হয় আৰু ৰোগীৰ চিকিৎসাৰ ফলাফল নিৰ্ভৰ কৰে নিখুঁত ভাৱে অপাৰেচন হোৱা, অপাৰেচনৰ পিছত ঘৰত ভালকৈ যত্ন লোৱা, জড়িত থকা অন্য বেমাৰৰ নিয়ন্ত্ৰণ (মধুমেহ বা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ইলেক্ট্ৰলাইট অসমতা ইত্যাদি)I ইয়াতে কেইগৰাকীমান ৰোগীৰ চিকিৎসাৰ পিছত আকৌ খোজ কাঢ়িব পৰা সুন্দৰ মুহূৰ্ত কেইটামান দেখুওৱা হৈছে I

অমাৰ ভৰিত দুদাল হাড় থাকে l ডাঙৰ হাড় দালৰ নাম টিবিয়া l টিবিয়া হাড় দালৰ ওপৰৰ অংশ ভাঙিলে কেতিয়াবা পানীজোলা হয় আৰু ছাল...
29/04/2025

অমাৰ ভৰিত দুদাল হাড় থাকে l ডাঙৰ হাড় দালৰ নাম টিবিয়া l টিবিয়া হাড় দালৰ ওপৰৰ অংশ ভাঙিলে কেতিয়াবা পানীজোলা হয় আৰু ছালৰ অবস্থা অপাৰেচনৰ কাৰণে উপযুক্ত নাথাকে l তেনেকৈ অপাৰেচন কৰিলে অপাৰেচনৰ ঘাঁ নুশুকায় আৰু অপাৰেচনত ব্যৱহাৰ কৰা ইমপ্লাণ্ট বাহিৰলৈ ওলাই আহিব পাৰে l এনে অৱস্থাত ইলিজাৰোভ (Ilizarov) চিকিত্সা প্ৰণালীৰে হাড় ভঙা ঠাইত নকটাকৈ অপাৰেচন কৰিব পৰা যায় l ইয়াৰ অন্য এক সুবিধা হল ৰোগী জনে বহুত সোনকালে খোজ কাঢ়িব পাৰে l
ইয়াতে দেখুওৱা ৬৫ বছৰ মানুহ জনৰ তেনে এটা আঘাতৰ কাৰণে নলবাৰী স্থিত শুশ্ৰূষা হস্পিতালত ইলিজাৰোভ প্ৰণালীৰে অপাৰেচন কৰা হৈছিল আৰু চাৰি মাহত হাড় যোৰা লগাৰ পিছত ভৰিত লগা ইলিজাৰোভ ৰিং খুলি দিয়া হয় l

বাহুত থকা হিউমেৰাচ নামৰ হাড়ৰ তলৰ অংশ কিলাকুটিৰ গাঁঠিৰ ভিতৰত ভাঙি গলে প্ৰায়ে অপাৰেচনৰ কৰিব লগা হয় l যদিও সাধাৰণতে সম্ভৱ...
28/04/2025

বাহুত থকা হিউমেৰাচ নামৰ হাড়ৰ তলৰ অংশ কিলাকুটিৰ গাঁঠিৰ ভিতৰত ভাঙি গলে প্ৰায়ে অপাৰেচনৰ কৰিব লগা হয় l যদিও সাধাৰণতে সম্ভৱ এই অপাৰেচন বহুসময়ত জটিলতাৰ লগত জড়িত থাকে (যেনে স্নায়ু ক্ষতি, গাঁঠিৰ জঠৰতা, বিষ, অতিৰিক্ত হাড় গঠন ইত্যাদি) l পাঠ্যসমূহত প্ৰকাশ পোৱা মতে প্ৰায় ৩৫% অপাৰেচনত এইবোৰ জটিলতা জড়িত থাকে l
এই অপাৰেচন, আলনা নামৰ হাড়ৰ নাভাঙা একাংশ হাড় অপাৰেচনৰ জৰিয়তে কাটি বা ভাঙি কৰিব লগা হয় l
ইয়াতে দেখুওৱা ৫২ বছৰ বয়সৰ মহিলা গৰাকীৰ এই অপাৰেচনৰ জৰিয়তে কিলাকুটিৰ গাঁঠিটো পুনৰ সঞ্চয় কৰা হয় l

27/04/2025

বহু বছৰ আগত এগৰাকী শিক্ষাৰ্থীয়ে নৃতত্ত্ব বিশেষজ্ঞ (Anthropologist) মাৰ্গাৰেট মিড'ক সুধিছিল " মানৱ সভ্যতাৰ প্ৰথমটো চিন কি? শিক্ষাৰ্থী গৰাকীয়ে ভাবিছিল যে ইয়াৰ উত্তৰ চাগৈ হব.. মাটিৰ কলহ, চিকাৰ কৰা অস্ত্ৰ বা পিহা শিল l
কিন্তু আচৰিত ভাবে তেখেতে কৈছিল যে নৃতত্ত্ব গৱেষণা কৰা জেগাত পোৱা ১৫০০০ বছৰ পুৰণি ভাঙি যোৰা লগা ফিমাৰ (উৰ্বস্থি) হাড় দাল l সেই সময়ত ফিমাৰ হাড় ভঙা মানুহ এজন হাড় জোৰা লগা সময়লৈ জীয়াই থকা অসম্ভৱ কাৰণ তেওঁ অন্য জন্তুৰ চিকাৰ হৈ পৰিব l হাড় জোৰা লগাৰ অৰ্থ হল তেওঁক কোনাবাই নিৰাপদ ঠাইলৈ লৈ গৈছিল আৰু বহুদিনৰ কাৰণে তেওঁৰ গুৰুত্ব ৰাখিছিল l এয়েই হৈছে মানৱ সভ্যতাৰ প্ৰথমটো চিন l
আজিৰ দিনত উৰুৰ হাড় ভঙাৰ চিকিত্সা নিয়মীয়া কিন্তু ভালকৈ চিকিৎসা নহলে মানুহ জনে খোজ কাঢ়িব নোৱাৰে l
ইয়াতে দেখুওৱা ১৭ বছৰ বয়সৰ লৰা জনৰ দুৰ্ঘটনাত উৰু আৰু আঠুৰ হাড় ভাঙি গৈছিল আৰু তেওঁৰ অপাৰেচন কৰি চিকিৎসা কৰা হয় l তেওৰ হাড় জোৰা লাগে আৰু চিকিৎসাৰ অন্তত তেওঁ ভালকৈ খোজ কাঢ়িব পৰা হয় l

৬২ বছৰ বয়সৰ মহিলা গৰাকী পৰাৰ পিছত হাতৰ কিলাকুটিৰ গাঁঠিটো ভাঙি যায় l এই ইনজুৰি তোৰ নাম হল "Terrible Triad" অৰ্থাৎ ভয়ানক...
26/04/2025

৬২ বছৰ বয়সৰ মহিলা গৰাকী পৰাৰ পিছত হাতৰ কিলাকুটিৰ গাঁঠিটো ভাঙি যায় l এই ইনজুৰি তোৰ নাম হল "Terrible Triad" অৰ্থাৎ ভয়ানক ত্ৰয়ী, কাৰণ এইটো চিকিত্সা কৰা অতি জটিল l তেখেতৰ অপাৰেচন কৰা হয় ( Coronoid fixation with suture, radial head replacement & soft tissue repair) আৰু কিলাকুটিৰ গাঁঠিটো পুনৰ সঞ্চয় কৰা হয়

21/04/2025

৬৭ বছৰ বয়সৰ মানুহ জনৰ দুৰ্ঘটনাত বাওঁ আঠুত এটা বিশেষ ফ্ৰেক্সাৰ হয় (যত ভঙাৰ লগত গাঁঠিৰ ফালৰ হাড়ৰ পৃষ্ঠত গাঁত হৈ পৰে) l এনে ধৰণৰ ফ্ৰেক্সাৰৰ চিকিত্সা সাধাৰণতে জটিলতাৰ লগত জড়িত থাকে l
তেখেতৰ অপাৰেচন কৰা হয় (Titanium Buttress plate & screw fixation) আৰু চাৰি মাহৰ অন্তত তেখেতে খোজ কাঢ়িব পৰা হয় l

৬ বছৰ বয়সৰ লৰা জনৰ পৰাৰ পিছত বাওঁ হাতৰ কিলাকুটি গাঁঠিটো ভাঙি যায় l তেওঁৰ হাতৰ অপাৰেচন কৰা হয় আৰু  চিকিৎসাৰ দুমাহ পিছত ...
19/04/2025

৬ বছৰ বয়সৰ লৰা জনৰ পৰাৰ পিছত বাওঁ হাতৰ কিলাকুটি গাঁঠিটো ভাঙি যায় l তেওঁৰ হাতৰ অপাৰেচন কৰা হয় আৰু চিকিৎসাৰ দুমাহ পিছত হাত খন ভাল হয় l

মানুহৰ (বিশেষকৈ মহিলাৰ) বেছি বয়সৰ লগত হাড়ৰ মজ্জা পাতল হৈ পৰে আৰু হাড় ভাঙিলে অপাৰেচনত ব্যৱহাৰ কৰা ইমপ্লাণ্ট বোৰে ভঙা হ...
18/04/2025

মানুহৰ (বিশেষকৈ মহিলাৰ) বেছি বয়সৰ লগত হাড়ৰ মজ্জা পাতল হৈ পৰে আৰু হাড় ভাঙিলে অপাৰেচনত ব্যৱহাৰ কৰা ইমপ্লাণ্ট বোৰে ভঙা হাড়ৰ টুকুৰা বোৰ ধৰি ৰাখিব নোৱাৰে l তেনে স্থিতিত 'যি বন' নামৰ কৃত্ৰিম হাড়ৰ বিকল্প ব্যৱহাৰ কৰি অপাৰেচন কৰা হয় আৰু অতিৰিক্ত ভাৱে বিশেষ সুতাৰ সহায়ত চিলাই কৰি থোৱা হয় l
৮৪ বছৰ বয়সৰ মহিলা গৰাকীৰ চিকিৎসাৰ ছবি ইয়াতে দেখুওৱা হৈছে l

15/04/2025
৪৯ বছৰ বয়সৰ মানুহ জনৰ পথ দুৰ্ঘটনাত ভৰিৰ হাড় চাৰি টুকুৰা হৈ ভাঙি গৈছিল আৰু লগতে ভৰি খনত বহুতো ঘাঁ আছিল l এই অৱস্থাত প্ৰ...
11/04/2025

৪৯ বছৰ বয়সৰ মানুহ জনৰ পথ দুৰ্ঘটনাত ভৰিৰ হাড় চাৰি টুকুৰা হৈ ভাঙি গৈছিল আৰু লগতে ভৰি খনত বহুতো ঘাঁ আছিল l এই অৱস্থাত প্ৰথম অস্ত্ৰোপচাৰত তেখেতৰ হাড়ৰ ভিতৰত ইমপ্লাণ্ট লগাই দিয়া হয় l এমাহৰ পিছত যেতিয়া ভৰিৰ ঘাঁ ভাল হয় তেতিয়া দ্বিতীয় অস্ত্ৰোপচাৰ কৰি হাড়ৰ বাহিৰত ইমপ্লাণ্ট লগাই দিয়া হয় (Augmentation plating) l চিকিৎসাৰ ৪ - ৫ মাহৰ আন্তত মানুহ জনৰ হাড় যোৰা লাগে আৰু তেখেতে আকৌ খোজ কাঢ়িব পৰা হয় l

Address

NH 31, Opp. DTO
Nalbari
781337

Telephone

+919678711665

Website

Alerts

Be the first to know and let us send you an email when Advanced Ortho Care - Dr. Sourav Patowary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category